বেঙেনা আৰু শুকান মাছৰ ভাজি

লেখক- পিংকি বৰুৱা

(লইট্টা শুটকি বেগুন ভোনা, বৰাকৰ পৰম্পৰাগত ব্যঞ্জন)

 

বসন্ত ঋতুৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে ন ৰূপ সলোৱাৰ লগতে কুলি কেতেকীৰ বিননিয়ে আগন্তুক ৰঙালী বিহুৰ বতৰা কঢ়িয়াই লৈ আনে৷ এনে সময়তে অসমত বসবাস কৰা ভিন্ন জাতি-জনগোষ্ঠীয়ে নিজস্ব ৰীতি-নীতি আৰু ভিন্ন নামেৰে ‘বিহু উৎসৱ’ পালন কৰি আহিছে৷ বিহু আমাৰ জাতীয় উৎসৱ৷ অসমীয়া চহা ৰাইজে অতীজৰে পৰা তিনিটা বিহু পালন কৰি আহিছে ৷ বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু৷ অসমৰ তিনিওটা বিহুৰ ভিতৰত ৰঙালী বিহুকে বেছি গুৰুত্ব দিয়া হয়৷ ৰঙালী বিহু বুলি ক’লেই বিহু নৃত্য-গীত, ৰং-তামাচা, বিবিধ পিঠা-পনা, লাৰু, জা-জলপান, বিহু বিশেষ এশ এবিধ শাক, বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জনেৰে ৰন্ধা তৰকাৰী আদিৰ কথাই মনলৈ আহে৷

অসমৰ অন্য ঠাইতকৈ উজনি অসমত ৰঙালী বিহুৰ প্ৰভাৱ বেছি৷ উজনিৰ তুলনাত নামনিত ইয়াৰ প্ৰভাৱ অলপ কম৷ আমি সাধাৰণতে উজনি আৰু নামনিৰ বিহুৰ বিষয়ে থূলমূলকৈ হ’লেও সকলোৱে জানোঁ৷ কিন্তু বৰাক উপত্যকাৰ বিষয়ে বৰ বিশেষ জনা নাযায়, যদিও বৰাকত ৰঙালী বিহু কেনেদৰে পালন কৰে আৰু তেওঁলোকৰ খাদ্যাভাষ কি সেই বিষয়ে আমাৰ সকলোৰে জানিবলৈ ইচ্ছা হয়৷ সেইবিষয়ে তলত থূলমূল আভাস এটা দিবলৈ ওলাইছোঁ৷ 

বৰাক উপত্যকাত বহাগৰ প্ৰথম দিনটো অতি ধুমধামেৰে উদযাপন কৰা হয়৷ বৰাক উপত্যকাৰ কিছুমান নিয়মৰ লগত আমাৰ নিয়মৰ সাদৃশ্য দেখা যায়৷ এই অঞ্চল বাঙালী অধ্যুষিত হোৱাৰ বাবে এই বিশেষ দিনটো “১লা বৈশাখ” হিচাপে পালন কৰে৷ বহাগৰ প্ৰথম দিনটোৰ পৰাই পয়লা বৈশাখ আৰম্ভ৷ পয়লা বৈশাখ মানে বাঙালী নৱবৰ্ষ আৰম্ভ৷ পয়লা বৈশাখ আৰম্ভ হোৱাৰ আগেয়ে ঘৰ-দুৱাৰ ভালদৰে পৰিস্কাৰ কৰি সুন্দৰকৈ সজাই আল্পনা অঁকা হয়৷ তেওঁলোকৰ মতে বছৰৰ প্ৰথম দিনতো ঘৰ দুৱাৰ পৰিস্কাৰ-পৰিচ্ছন্নকৈ ৰাখি, নতুন কাপোৰ পিন্ধি, সৰুৱে ডাঙৰৰ আশীৰ্বাদ লৈ সুমিষ্ট খাদ্য খাই ভালদৰে  উদযাপন কৰিলে গোটেই বছৰটো ভালদৰে পাৰ হ’ব৷ সেয়ে এই নিয়মবোৰ তেওঁলোকে পালন কৰিবলৈ ভাল পায়৷ এই দিনটোত তেওঁলোকে ভক্তিভাবেৰে পূজা পাতল কৰি বছৰটো সুন্দৰভাবে অতিবাহিত হ’বৰ বাবে কামনা কৰে৷ ইয়াৰ এক দিন আগত অৰ্থাৎ সংক্ৰান্তিৰ দিনা পুৰণি বছৰক বিদায় দি নতুন বছৰক আদৰাৰ প্ৰস্তুতি চলোৱা হয়৷ সেইমৰ্মে সংক্ৰান্তিৰ দিনাখন এই অঞ্চলত নিৰামিষ ভোজন কৰা হয়৷ ইয়াৰ ভিতৰত বসন্ত ঋতুৰ পাচলি যেনে- কঁঠালৰ মুচি, চজিনা, তিতা কেৰেলা, নিমপাত ভজা, কেঁচা আমৰ টেঙা দাইল আদিৰ নাম উল্লেখ কৰিব পাৰি৷ ইয়াৰ পিছৰ দিন অৰ্থাৎ পয়লা বৈশাখৰ (পহিলা বহাগ) দিনা প্ৰত্যেক ব্যৱসায়িক প্ৰতিষ্ঠানত গণেশ আৰু মা লক্ষ্মীৰ পূজা কৰা হয়৷ ইয়াৰ উপৰিও মানুহে ব্যক্তিগতভাবে নিজৰ ঘৰতো পূজা-পাতল কৰে৷ প্ৰথম বহাগৰ দিনা এই অঞ্চলৰ মানুহে নতুন কাপোৰ পিন্ধা আৰু মাছ-মাংসৰে উদৰ পুৰাই খোৱাৰ পৰম্পৰা আছে৷ মাছৰ ভিতৰত ইলিশ মাছ এই অঞ্চলত খুবেই প্ৰিয়৷ লগতে বিবিধ ব্যঞ্জনৰ লগত  ইলিশ মাছ ভজাৰে পান্তা ভাত (পঁইতা ভাত) খোৱাৰো প্ৰথা আছে৷ পুৰণি কালত এই দিনটোতে যোৰা ইলিশ অৰ্থাৎ এযোৰ ইলিশ মাছ খোৱা নিয়ম আছিল যদিও কালক্ৰমত এই নিয়ম বিলুপ্ত হয়৷ মাংসৰ ভিতৰত এই দিনটোত পঠা মাংসৰ চাহিদা বেছি৷ কিয়নো মূৰ্গী বা আন মাংসক জনমানসত শুভ বুলি ধৰা নহয়৷ ভোজনৰ পিছত এই দিনটোত দৈ আৰু মিঠাই খোৱাৰ পৰম্পৰা আছে, যিহেতু ইয়াক শুভ বুলি বিবেচনা কৰা হয়৷ বহাগৰ প্ৰথম দিনটোতে বন্ধু-বান্ধৱ নাইবা আত্মীয়-স্বজনক নিমন্ত্ৰণ কৰি তেওঁলোকে আপ্যায়িত কৰে আৰু নতুন বছৰৰ যাত্ৰা আৰম্ভ কৰে৷ ইলিশ আৰু পঠা মাংসৰ লগতে বৰাকত শুটকি মাছ আৰু চুঙাপিঠাও বেছ জনপ্ৰিয়৷ মই ইয়াত শুটকি মাছৰ ৰেচিপি এটাকে আগবঢ়ালোঁ৷ লইট্টা শুটকি বেগুন ভোনা অৰ্থাৎ বামলা মাছৰ লগত বেঙেনা ভাজি বৰাক উপত্যকাত খুউব জনপ্ৰিয়।

উপকৰণঃ

১৷ বেঙেনা দুটা

২৷ শুকান বামলা মাছ পাঁচটা

৩৷ পিয়াঁজ তিনিটা

৪৷ নহৰু ১৪ কোঁহমান

৫৷ জালুক ১/৩ চাহ চামুচ

৬৷ আদা-নহৰুৰ পেষ্ট ডেৰ চাহ চামুচ

৭৷ তেজপাত এখিলা

৮৷ জলকীয়াৰ গুৰি এক চাহ চামুচ

৯৷ হালধি এক চাহ চামুচ

১০৷ জিৰাগুৰি এক চাহ চামুচ

১১৷ নিমখ স্বাদ অনুযায়ী

১২৷ কেঁচা জলকীয়া চাৰি/পাঁচটামান

১৩৷ মিঠাতেল প্ৰয়োজনমতে

১৪৷ পানী ডেৰকাপ

প্ৰণালীঃ

শুকান বামলা মাছকেইটাৰ মূৰ আৰু ফিচা আতৰাই আধা আঙুল জোখত টুকুৰা কৰি গৰম পানীত প্ৰায় দহ মিনিটমান সময় তিয়াই কোমল কৰি ভালদৰে ধুই ল’ব৷ বেঙেনা দুটা আধা আঙুল জোখত মাজতে ফালি দীঘলীয়াকৈ কাটি ল’ব৷ নহৰুখিনি দুফালকৈ কাটি ল’ব৷ পিয়াঁজকেইটা অলপ ডাঙৰকৈ কাটি কেঁচা জলকীয়াকেইটা দুফাল কৰি ল’ব৷ কেৰাহীত প্ৰয়োজনমতে তেল গৰম কৰি (অলপ সৰহকৈ দিব) তেজপাত, পিয়াঁজ, জালুক আৰু নহৰুখিনি দি অলপ সময় ভাজিব৷ পিয়াঁজখিনিৰ বৰণ সলনি হৈ সামান্য ৰঙচুৱা হ’বলৈ ধৰিলে তাতে আদা-নহৰুৰ পেষ্টখিনি দি জিৰাগুৰি, হালধি আৰু জলকীয়া গুৰিখিনি দি প্ৰায় আধাকাপ পানী দি মচলাখিনি অলপ সময় ভাজিব৷ মচলাৰ পৰা তেল বিৰিঙি উঠিলে ধুই লোৱা বামলা মাছখিনি দি ভালদৰে লৰাই দিব৷ তাৰপিছত প্ৰায় একাপ পানী দি মাছখিনি উতলিবলৈ দিব৷ পানীখিনি শুকাই মাছৰ মিশ্ৰণটোৰ পৰা তেল ওলাবলৈ ধৰিলে বেঙেনাখিনি দি প্ৰয়োজনমতে নিমখ আৰু কেঁচা জলকীয়া দি ভালদৰে লৰাই ঢাকি দিব৷ মাজে মাজে লৰাই জুইৰ উত্তাপ সামান্য কম কৰি  বেঙেনাখিনি সিজিবলৈ দিব৷ বেঙেনাখিনি মৰহি তেল বিৰিঙি উঠালৈকে ভাজিব৷ তাৰপিছত গেছৰ জুই নুমুৱাই দিব৷ গৰমে গৰমে ভাতৰ লগত লইট্টা শুটকি বেগুন ভোনা পৰিবেশন কৰিব৷

(ওপৰৰ লেখাটি যুগুটোৱাত সহায় কৰা বাবে শ্ৰীযুত ৰঞ্জন নাথক ধন্যবাদ জ্ঞাপন কৰিছোঁ)
Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!