অসমীয়া সাহিত্যৰ বুৰঞ্জী​

লেখক- মৃণাল জ্যোতি গোস্বামী

অষ্টম অধ্যায়: ৰামধেনু যুগৰ অসমীয়া সাহিত্য

৮.২ কবিতা
কুৰি শতিকাৰ চতুৰ্থ দশকটোৰ শেষৰ ফালে আৰম্ভ হোৱা দ্বিতীয় মহাযুদ্ধই সাহিত্যৰ সকলো ঠাললৈকে নতুন যুগৰ বাৰ্তা, নতুন চেতনা কঢ়িয়াই আনে৷ ১৯৪৩ চনত ‘জয়ন্তী’ কাকতখন কমলনাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যৰ সম্পাদনাত ন-ৰূপেৰে প্ৰকাশিত হয়৷ এই কাকতখনকে আধাৰ হিচাপে লৈ ভবানন্দ দত্ত, অমূল্য কাকতি আদি কবিয়ে ৰোমাণ্টিক কবিতাৰ কল্পনা আৰু ভাব বিলাসৰ আতিশয্য পৰিহাৰ কৰি বাস্তৱতাৰ ভেটিত কবিতাক নতুন যুগৰ বাহক কৰাৰ চেষ্টা আৰম্ভ কৰে৷ এই সময়তে কবিতাৰ আঙ্গিক আৰু বিষয়বস্তুৰ আমূল পৰিৱৰ্তন সাধিত হ’ল আৰু অসমীয়া কবিতাৰ দিগন্ত বহুধা বিস্তৃত হৈ পৰিল৷

এই সময়ৰ কবিসকলে তেওঁলোকৰ মনৰ পৰিধি বহল কৰি জগতৰ উন্মুক্ত বায়ু লগাকৈ মনৰ সকলো দুৱাৰ-খিৰিকী খুলি দিয়ে৷ সেইবাবেই এই যুগৰ কবিতাত বিচিত্ৰ অনুভূতিৰ প্ৰকাশ ঘটিবলৈ ধৰে৷ সেইবাবেই এই যুগৰ কবিতাত খিৰিকীৰ ফাঁকেদি ভূমুকি মৰা শৰতৰ জোন, অখ্যাত গলিৰ দাষ্টবিন, নূপুৰৰ নিক্কণ, চটিজোতাৰ চত্‌ চত্‌ শব্দ, কাণ্ট-হেগ্‌লেৰ দৰ্শন, মাৰ্ক্সীয় চিন্তাধাৰা, ফ্ৰয়েদীয় যৌনতত্ত্ব, এপিয়লা ফিকা চাহ, আনবিক বোমাৰ বিস্ফোৰণ আদি বিচিত্ৰ অনুভূতিৰ প্ৰকাশ ঘটিবলৈ ধৰে৷চন্দ্ৰ কটকীৰ ভাষাৰে – ‘‘চতুৰ্থ দশকৰ তৰুণ অসমীয়া কবিসকলে তেওঁলোকৰ অন্তৰৰ স্নেহ বিস্তৃত কৰি কয়লাখনিৰ বনুৱা, অন্ধগলিৰ নিভৃতত থকা বেশ্যা, অৱস দেহৰ ৰিস্কাৱালা, সমাজৰ কুঃসংস্কাৰৰ বলি হোৱা ষোড়শী বিধৱা, ডাষ্টবিনত পৰি থকা এটুকুৰা মাটিৰ বাবে কুকুৰৰ স’তে যুঁজ কৰা, সমাজৰ আৱৰ্জনা বুলি পৰিগণিত হোৱা মগনীয়া ল’ৰা আদিকো সামৰি ল’লে৷’’

ৰামধেনু যুগৰ কবিতাৰ বিষয়বস্তু, শব্দচয়ন, বাক্য বিন্যাসৰ লগতে কবিতাত ব্যৱহৃত প্ৰতীক, চিত্ৰকল্প, ছন্দ সজ্জা আদি সকলো নতুনত্বৰ পৰশেৰে ৰঞ্জিত হৈ উঠে৷ এই সময়ৰ কবিতা অধিকতৰভাৱে গদ্যৰ ওচৰ চাপি আহিল৷ শব্দচয়নত ইংৰাজী, সংস্কৃত, বাংলা, হিন্দী আদি ভাৰতীয় ভাষাৰ প্ৰভাৱ চৰিল৷ শব্দ প্ৰয়োগৰ কৃপণালিৰ বাবেও নতুন কবিকুলৰ কবিতাসমূহ দুৰ্বোধ্য হৈ পৰিল৷ কবিসকলে নতুন কবিতাৰ দৈহিক গঠনৰ আদৰ্শ বিচাৰি বিশ্বৰ বিভিন্ন কবিতাৰ উৰ্বৰ ক্ষেত্ৰখনো আঁকোৱালি ল’লে, কবিতাত প্ৰতীক আৰু চিত্ৰকল্পৰো বৈশিষ্ট্যপূৰ্ণ সংযোজন ঘটিল৷ উদাহৰণস্বৰূপে তেওঁলোকে জাপানী কবিতাৰ জনপ্ৰিয় আৰ্হি ‘টংক’ আৰু ‘হাইকু’ক গ্ৰহণ কৰিলে৷অৱশ্যে মন কৰিবলগীয়া যে প্ৰতীক আৰু চিত্ৰকল্পৰ ব্যাপক প্ৰয়োগে কবিতাৰ জটিলতা বৃদ্ধি কৰিলে, ফলস্বৰূপে সৰ্বসাধাৰণ পাঠকে এই কবিতা দুৰ্বোধ্য বুলিও ক’বলৈ ধৰিলে৷ এনেদৰে নতুন নতুন ভাব, অভিজ্ঞতা আৰু বাস্তৱ দৃষ্টিভংগীৰ নব্য প্ৰকাশ, আঙ্গিকৰ অভিনৱত্বৰে অসমীয়া কবিতা কুঁৱৰীয়ে নতুন ৰূপ পৰিগ্ৰহ কৰাৰ লগতে অসমীয়া কাব্যাকাশলৈ এটা নতুন যুগ আহ্বান কৰি আনে৷ অসমীয়া কবিতাত এই যি নব্য ৰূপ ফুটি উঠিল সেই ৰূপৰ নামেই ৰামধেনু যুগৰ কবিতা৷

ৰামধেনু যুগৰ প্ৰাৰম্ভিক পৰ্বৰ কবিসকলৰ ভিতৰত অমূল্য বৰুৱা (১৯২২-১৯৪৬)ৰ নাম উল্লেখযোগ্য৷ মাৰ্ক্সীয় দৰ্শনত বিশ্বাসী অমূল্য বৰুৱাই ‘কয়লা’, ‘কুকুৰ’, ‘বেশ্যা’ আদি কবিতাৰে অসমীয়া কাব্যমোদীৰ মন আলোড়িত কৰিছিল৷ অৱশ্যে অতি কম বয়সতে কলিকতাৰ সাম্প্ৰদায়িক সংঘৰ্ষত প্ৰাণ হেৰুওৱা এইগৰাকী কবিৰ একমাত্ৰ কাব্যপুথি ‘অচিনা’ (১৯৬৪, নন্দ তালুকদাৰৰ দ্বাৰা সম্পাদিত) মৰণোত্তৰভাৱেহে প্ৰকাশ পায়৷ অমূল্য বৰুৱাই আৰম্ভ কৰা প্ৰগতিবাদী ধাৰাটো পৰৱৰ্তী সময়ত গুৰি ধৰে ভৱানন্দ দত্তই (১৯১৯-১৯৫৯) ‘ৰাজপথ’, ‘পূবেৰুণ’ আদি কবিতাৰ যোগেদি৷ একেদৰে চক্ৰেশ্বৰ ভট্টাচাৰ্যই (১৯১৬-১৯৬৯) ‘মাথোঁ এখন নোট’ আদি কবিতাৰ যোগেদি পৰৱৰ্তী কেইবাজনো কবিক সাম্যবাদী ভাৱনাৰে উদ্বুদ্ধ কৰিবলৈ সক্ষম হয়৷ অৱশ্যে ঐতিহাসিক দৃষ্টিকোণেৰে লক্ষ্য কৰিলে দেখা যায় যে এনে প্ৰগতিশীল দৃষ্টিভঙ্গীযুক্ত আৰু বৈপ্লৱিক অসমীয়া কবিতাৰ প্ৰথম ৰচয়িতা আছিল ধীৰেন দত্তহে (১৯১০)৷ তেওঁৰ ১৯৪৫ চনত প্ৰকাশিত ‘অভিযান’ নামৰ কাব্য সংকলনটিয়েই ইয়াৰ স্বাক্ষৰ৷ এই কবিতা পুথিখনৰ পাতনিত দত্তই ঘোষণা কৰিছে– ‘‘মোৰ অভিযান সকলো প্ৰকাৰ জড়তা, দীনতা, হীনতাৰ বিৰুদ্ধে; সমাজৰ কঠোৰ বান্ধোনৰ বিৰুদ্ধে৷’’

অমূল্য বৰুৱাৰ পাছৰ উল্লেখযোগ্য কবিগৰাকী হ’ল– হেম বৰুৱা৷ অসমীয়া কবিতাৰ বহু সমালোচকে হেম বৰুৱাকে আধুনিক কাব্য ৰীতিৰ প্ৰৱৰ্তক বুলি চিহ্নিত কৰিব বিচাৰে৷ ১৯২৯ চনৰ পৰা দীননাথ শৰ্মাৰ সম্পাদনাত প্ৰকাশিত ‘আৱাহন’ কাকতৰ পাততে প্ৰকাশ পোৱা এওঁৰ ‘বান্দৰ’ নামৰ কবিতাটো আছিল আধুনিক কবিতাৰ শক্তিশালী বাৰ্তাবাহক৷ হেম বৰুৱাৰ ‘বালিচন্দা’ (১৯৬২), ‘মনময়ূৰী’ (১৯৬৭)ৰ কবিতাবোৰৰ মাজত সাম্যবাদৰ ধবনি, নিষ্পেষিতাৰ প্ৰতি দৰদ বৰ প্ৰবল৷

ৰামধেনু যুগৰ কবিতা সম্পৰ্কে এতিয়ালৈকে কৰা আলোচনাত এটা কথা স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে যে ৰামধেনু যুগৰ অসমীয়া কবিতাৰ শুভাৰম্ভ ঘটিছিল প্ৰগতিবাদী ধাৰাৰ কবিতাৰ যোগেদি৷ পৰৱৰ্তী কালত এই ধাৰাটোক প্ৰতিনিধিত্ব কৰা কবিকুলৰ ভিতৰত হীৰেন গোহাঁই, হীৰেন ভট্টাচাৰ্য, অমলেন্দু গুহ, কেশৱ মহন্ত, ৰবীন্দ্ৰ সৰকাৰ, হেমাঙ্গ বিশ্বাস আদিৰ নাম উল্লেখযোগ্য৷ এই কবিসকলে যুগোচিত নতুন আঙ্গিকেৰে বাস্তৱতাৰ ভিত্তিত সমাজবাদী আদৰ্শটোকে প্ৰধান আদৰ্শ হিচাপে গণ্য কৰিয়েই তেওঁলোকৰ কাব্য ভাৱনাক সম্প্ৰসাৰিত কৰিছিল৷

ৰামধেনু যুগৰ কবিতাক নব্য ধাৰণাৰে সমৃদ্ধ কৰা আটাইতকৈ শক্তিশালী কবিগৰাকী হ’ল নৱকান্ত বৰুৱা৷ এওঁৰ কবিতাই আধুনিক কবিতাক সুপ্ৰতিষ্ঠিত কৰাৰ লগতে জনপ্ৰিয়তা বৃদ্ধিতো সহায় কৰিলে৷ অসমীয়া আধুনিক কবিতাৰ উত্তৰণৰ ক্ষেত্ৰত নৱকান্ত বৰুৱাৰ অৱদান অনস্বীকাৰ্য৷ তেওঁ অসমীয়া কবিতাত মুক্তক আৰু স্পন্দিত গদ্য ব্যৱহাৰত বৈচিত্ৰ্য্যৰ সৃষ্টি কৰিলে, শব্দৰ ধ্বনিগত ব্যঞ্জনাৰ যি অনন্ত সম্ভাৱনীয়তা আৰু নমনীয়তা সেয়া প্ৰতিপন্ন কৰিলে, অসমীয়া ভাষাক আধুনিক কবিতাৰ প্ৰকৃষ্ট ভাষা ৰূপে চিহ্নিত কৰিবলৈ তেওঁ যেনেদৰে কৃচ্ছ্ৰসাধনা কৰিলে তাৰ ফলত অসমীয়া আধুনিক কবিতাই এক নতুন ৰূপত উদ্ভাসিত হ’ল৷ বহু সমালোচকে সেইবাবে নৱকান্ত বৰুৱাই অসমীয়া কবিতাৰ ইতিহাসত এটা যুগৰ সৃষ্টি কৰিলে বুলিও মত পোষণ কৰে৷ তেওঁ বিংশ শতিকাৰ চল্লিশৰ শেষৰ ফালে কবি হিচাপে আত্মপ্ৰকাশ কৰি সত্তৰৰ দশকৰ শেষলৈকে ছখন কবিতাৰ পুথি ৰচনা কৰে, যথা– ‘হে অৰণ্য, হে মহানগৰ’ (১৯৫১), ‘এটি দুটি এঘাৰটা তৰা’ (১৯৫৭), ‘যতি আৰু স্কেচ’ (১৯৬১), ‘সম্ৰাট’ (১৯৬২), ‘ৰাৱণ’ (১৯৬৪), ‘মোৰ আৰু পৃথিৱীৰ’ (১৯৭০)৷ তেওঁৰ কবিতাত আধুনিক যান্ত্ৰিক তথা নাগৰিক সভ্যতাই সৃষ্টি কৰা সংকট, দ্বিধা, সংকোচ আৰু তাৰ প্ৰতি ঘৃণা, প্ৰাচীন ঐতিহ্যৰ প্ৰতি সচেতন দৃষ্টিভঙ্গী, মানৱতাবাদৰ মাজেদি এখন সুস্থ সমাজ গঢ়ি তোলাৰ আগ্ৰহ প্ৰকাশ পাইছে৷

নৱকান্ত বৰুৱাৰ হাততে অসমীয়া কবিতাত প্ৰতিবাদৰ বিপৰীতে আন এটা নব্য ধাৰাৰ সৃষ্টি হয়৷ নৱকান্ত বৰুৱাক এই ধাৰাটোৰ অগ্ৰগামী বুলি আখ্যা দিয়া হৈছে৷ এই ধাৰাৰ কবিসকলে ব্যক্তিসত্তাৰ স্বাধীনতাক স্বীকাৰ কৰিও সমাজবাদত নিজৰ আস্থা প্ৰকাশ কৰে৷ বহু সমালোচকে এই ধাৰাটোক বুদ্ধিনিষ্ঠ ধাৰা বুলিও অভিহিত কৰিব খোজে৷ পাশ্চাত্যৰ ইলিয়ট, অডেন, বোডলেয়াৰ, স্পেণ্ডাৰ, লুইচ, মায়াক’ভস্কি, ৰিল্কে আদি কবিৰ দ্বাৰা প্ৰভাৱিত হৈ এই ধাৰাৰ কবিসকলে কাব্য ৰচনাত মনোনিৱেশ কৰে৷ নৱকান্ত বৰুৱাৰ উপৰি এই ধাৰাটোৰ উল্লেখযোগ্য কবিসকল হ’ল নীলমণি ফুকন, ভৱেন বৰুৱা, মহেন্দ্ৰ বৰা, হীৰেন্দ্ৰনাথ দত্ত, হোমেন বৰগোহাঞি, মহিম বৰা, হৰি বৰকাকতি আদি৷

আলোচ্য সময়সীমাৰ ভিতৰত আৱিৰ্ভাৱ ঘটা কবিসকলৰ ভিতৰত এগৰাকী প্ৰধান কবি হ’ল চৈয়দ আব্দুল মালিক৷ মালিক মূলতঃ কথা-শিল্পী হিচাপে খ্যাত যদিও এই সময়ছোৱাতে ‘বেদুইন’ (১৯৪৮) আৰু ‘স্বাক্ষৰ’ (১৯৬৪) নামেৰে দুখন কবিতাপুথি ৰচনা কৰে৷ জ্ঞানপীঠ বঁটা বিজয়ী কথাশিল্পী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যয়ো এই সময়ৰ ‘জয়ন্তী’, ‘পছোৱা’ আৰু ‘ৰামধেনু’ কাকতত কবিতা লিখিছিল৷ সমাজবাদত বিশ্বাসী এইজনা কবিৰ ‘বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি’, ‘ফেঁচা’, ‘বৰ ভূঁইকঁপ’, ‘যাত্ৰাৰ শেষ হ’লে’ আদি উল্লেখযোগ্য কবিতা৷ এই ধাৰাত বিশ্বাসী আন এগৰাকী কবি হ’ল অমলেন্দু গুহ৷ তেওঁৰ ‘তোমালৈ’ (১৯৬০) কাব্যপুথিত শ্ৰমজীৱী কৃষক-বনুৱা মানুহৰ সংগ্ৰামৰ প্ৰতিচ্ছবি দেখা পোৱা যায়৷ ‘আমাৰ পৃথিৱী’ (১৯৪৬), ‘আগন্তুক’ (১৯৬৪) কাব্য পুথিৰে অসমীয়া কাব্য সাহিত্যক বাঁওপন্থী চিন্তা-চেতনাৰে সমৃদ্ধ কৰা এগৰাকী কবি তথা গীতিকাৰ হ’ল কেশৱ মহন্ত৷ এওঁলোকৰ উপৰি প্ৰগতিবাদী ধাৰাটোৰ আন এগৰাকী বিশিষ্ট কবি হ’ল পথাৰৰ কবি হিচাপে খ্যাত ৰাম গগৈ৷ আমাৰ আলোচ্য কালছোৱাত প্ৰকাশ পোৱা তেওঁৰ একমাত্ৰ কাব্যপুথিখনি হ’ল মাটিৰ ‘স্বপ্ন’ (১৯৬৪)৷

‘সুগন্ধি পখিলা’ৰ কবি হীৰেন ভট্টাচাৰ্যই ‘ৰৌদ্ৰ কামনা’ (১৯৬৪) আৰু ‘মোৰ দেশ মোৰ প্ৰেমৰ কবিতা’ (১৯৬৯) কাব্যপুথিৰে এই কালছোৱা সমৃদ্ধ কৰিছিল৷ প্ৰগতিশীল সমাজ চেতনা আছিল এওঁৰ এই সময়ৰ কবিতাসমূহৰ মূল উপজীব্য৷ এই সময়তে ‘কুল-খুৰাৰ চোতাল’ (১৯৭০) কাব্য পুথিৰে বিপ্লৱী চেতনা, বাস্তৱতাবোধ, মানৱতাবোধৰ কথা প্ৰকাশ কৰা আন এগৰাকী সমাজবাদী কবি হ’ল হেমাঙ্গ বিশ্বাস৷

হৰি বৰকাকতি হ’ল আলোচ্য সময়ছোৱাৰ পঞ্চম আৰু ষষ্ঠ দশকৰ এগৰাকী উল্লেখযোগ্য কবি৷ তেওঁৰ প্ৰকাশিত কাব্য-পুথিকেইখনি হ’ল– ‘কোনোবা শীতৰ এক বগা সন্ধিয়াত’ (১৯৭১), ‘হৰি বৰকাকতিৰ কবিতা’ (১৯৭৮) আৰু ‘সময় বালিৰ খোজ’ (১৯৮১)৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে তেওঁ ৰামধেনু যুগতে কাব্য চৰ্চাত লিপ্ত হৈছিল যদিও কবিতাখিনি পুথি আকাৰত প্ৰকাশ পায় পৰৱৰ্তী কালতহে৷ চতুৰ্থ দশকৰ শেষৰ ফালে কাব্য পৰিক্ৰমা আৰম্ভ কৰা মহেন্দ্ৰ বৰাৰ প্ৰথমখন কাব্যপুথি ‘জাতিষ্মৰ’ প্ৰকাশ পায় ১৯৬১ চনত৷ স্মৰণযোগ্য যে ৰামধেনু যুগৰ সময়ছোৱাতে মহেন্দ্ৰ বৰাৰ সম্পাদনাত প্ৰকাশ পোৱা ‘নতুন কবিতা’ (১৯৫৮)খন আধুনিক কবিতাৰ এক উল্লেখযোগ্য সংকলন৷

‘মন কুঁৱলী সময়’, ‘জেংৰাই’ আদি কবিতাৰে অসমীয়া কবিতাৰ ইতিহাসত এখন উল্লেখযোগ্য আসন লাভ কৰা অজিত বৰুৱাই চতুৰ্থ দশকতে আত্মপ্ৰকাশ কৰিছিল যদিও তেওঁৰ কবিতাসমূহ পুথি আকাৰে প্ৰকাশ পায় পৰৱৰ্তী কালতহে৷ প্ৰথমতে সমাজবাদী সংগ্ৰাম আৰু সৰ্বহাৰাৰ মুক্তিৰ প্ৰেৰণাৰে কবিতা লিখা এইগৰাকী কবিয়ে পাছলৈ প্ৰতীকবাদী কাব্য ধাৰণা গ্ৰহণ কৰিছিল৷ এওঁৰ কবিতাৰ সংকলনকেইটি হ’ল– ‘কিছুমান পদ্য আৰু গান’ (১৯৮২) আৰু ‘ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য’ (১৯৮৯)৷

ৰামধেনু যুগৰ এগৰাকী উল্লেখযোগ্য ৰমন্যাসিক কবি হ’ল নিৰ্মলপ্ৰভা বৰদলৈ৷ বৰদলৈৰ কবিতাত কাব্যিক অনুভূতিক অতি সংক্ষেপে অথচ সংবেদনশীলভাৱে আৰু মঞ্জুল ভাষাৰে, চিত্ৰধৰ্মী বৰ্ণনাৰে প্ৰকাশ হোৱা দেখা যায়৷ সত্তৰ দশকলৈকে তেওঁৰ প্ৰকাশিত কবিতাৰ একমাত্ৰ সংকলনখন হ’ল ‘বন ফৰিঙৰ ৰং’ (১৯৬৭)৷

আলোচ্য সময়ছোৱাৰ পৰা বৰ্তমানলৈকে অসমীয়া কবিতাক নব্য ৰূপেৰে সমৃদ্ধ কৰা কবিগৰাকী হ’ল নীলমণি ফুকন৷ প্ৰতীক আৰু চিত্ৰকল্প নিৰ্মাণত সিদ্ধহস্ত এইগৰাকী কবিয়ে জাপানী ‘হাইকু আৰু টংক’, স্পেনীজ কবি ফেডাৰিকা গাৰ্থিয়া লৰ্কা আৰু ফৰাচী প্ৰতীকবাদী আন্দোলনৰ প্ৰভাৱেৰে তেওঁৰ কবিতালানিক সমৃদ্ধ কৰিছে৷ সৌন্দৰ্যবোধ, প্ৰেম, দুঃস্বপ্ন, মৃত্যু-চেতনা, ল’ৰালিৰ ধূসৰ স্মৃতি আৰু প্ৰতীকী ব্যঞ্জনা এওঁৰ কবিতাৰ উল্লেখযোগ্য বৈশিষ্ট্য্য৷ কম শব্দৰে, প্ৰতীকাত্মকভাৱে, অসমীয়া ভাষাৰ কালিকাৰে এওঁৰ কবিতাৰ দেহ সজোৱা হৈছে৷ অৱশ্যে মন কৰিবলগীয়া যে নীলমণি ফুকনৰ কবিতাতেই ৰামধেনু যুগৰ কবিতাৰ জটিলতাৰ ৰূপটোও প্ৰতিভাত হয়৷ আমাৰ আলোচ্য কালছোৱাত তেওঁৰ প্ৰকাশিত কবিতাপুথিকেইখন হ’ল– ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’ (১৯৬৪), ‘নিৰ্জনতাৰ শব্দ’ (১৯৬৫), ‘আৰু কি নৈঃশব্দ’ (১৯৬৮)৷

হোমেন বৰগোহাঞিও ৰামধেনু যুগৰ আন এগৰাকী শক্তিশালী কবি৷ তেওঁৰ একমাত্ৰ প্ৰকাশিত কবিতাৰ পুথি হ’ল– ‘হৈমন্তী’৷ ‘ইতিহাস’, ‘ৰাতি’, ‘স্মৃতি’, ‘আশ্ৰয়’, ‘অফেলিয়া’, ‘সংগী’, ‘সাপ’, ‘বিকল্প’, ‘শাশ্বতী’ আদি তেওঁৰ উল্লেখযোগ্য কবিতা৷ মন কৰিবলগীয়া যে বৰগোহাঞিৰ কবিতাত জীৱনৰ ক্লেদ আৰু কদৰ্যতা, মানুহৰ জান্তৱ ৰূপ, অৱদমিত যৌনাকাংক্ষা আদিয়েই প্ৰধান বিষয়বস্তু হিচাপে ধৰা দিছে৷ অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ কাব্য চৰ্চাৰ পৰা আঁতৰি আহি কথাশিল্পত অধিক মনোযোগ দিয়ে৷ ৰামধেনু যুগৰ কবিকুলৰ ভিতৰত উল্লেখযোগ্য আন এগৰাকী কবি হ’ল বীৰেন বৰকটকী৷ এওঁৰ কবিতাত ৰমন্যাসবাদ, প্ৰতীকবাদ, প্ৰগতিবাদ আদি গোটেইকেইটা ধাৰাৰে প্ৰতিফলন লক্ষ্য কৰা যায়৷ বৰকটকীৰ ‘মন্বন্তৰ’ (১৯৫৯) নামৰ কাব্য পুথিখন ৰামধেনু যুগত প্ৰকাশ পাইছে৷ (ক্ৰমশঃ)

আমাৰ আলোচনাত অন্তভুৰ্ক্ত কবিসকলৰ উপৰি ১৯৪০ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত আবিৰ্ভাৱ হোৱা আন কবিসকলৰ ভিতৰত উল্লেখযোগ্য কেইগৰাকীমান হ’ল– বীৰেশ্বৰ বৰুৱা, দিলীপ বৰুৱা, হীৰেন্দ্ৰ নাথ দত্ত, ভৱেন বৰুৱা, হৰেকৃষ্ণ ডেকা, দীনেশ গোস্বামী, নলিনীধৰ ভট্টাচাৰ্য, ৰবীন্দ্ৰ সৰকাৰ, মহিম বৰা আদি৷ অৱশ্যে এইকেইগৰাকী কবিৰ কাব্যপ্ৰতিভা সপ্তম দশকৰ পাছতহে অধিক সমৃদ্ধ ৰূপত পৰিস্ফুট হয় বাবে ইয়াত আলোচনা কৰা নগ’ল৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!