এটা দুৰ্ঘটনাৰ পম খেদি

লেখক- কমলেন্দ্ৰ শৰ্মা

প্ৰায় দুই দশকৰ আগৰ কথা। তেতিয়া গুৱাহাটীত আজিৰ দৰে ব্যক্তিগত গাড়ী মটৰ নাছিল। বেছিভাগ মানুহে চিটিবাছত অহাযোৱা কৰিছিল। ধনী মানুহৰ ঘৰত চাৰিচকীয়া বাহন বুলিবলৈ মাৰুতী কোম্পানীৰ গাড়ীয়েই বেছি আছিল আৰু মধ্যবিত্ত পৰিয়ালৰ মানুহে প্ৰয়োজন হলে অটোৰিক্সা ব্যৱহাৰ কৰিছিল। সেই সময়ত এতিয়াৰ দৰে ম’বাইল ফোনৰো প্ৰচলন নাছিল।

এদিনাখনৰ কথা। সময় তেতিয়া ৰাতিপুৱা প্ৰায় আঠ বাজিছে। মহানগৰীৰ শিলপুখুৰীৰ ৰাজপথত এটা দুৰ্ঘটনা হ’ল। গৈ থকা মাৰুতী গাড়ী এখনক পিছফালৰ পৰা আন এখন মাৰুতী গাড়ীয়ে খুন্দিয়াই দিলে। মুহূৰ্ততে হুলস্থূল লাগিল। দুইখন গাড়ীৰ চালক (গৰাকী ) দুজনে লগে লগে গাড়ীৰ পৰা নামি আহিল। আগৰ গাড়ীখনৰ পিছফালটো ঠেতেলা খাইছে আৰু বাম্পাৰটো খহিছে। কোনো কথাৰ অৱতাৰণা নকৰাকৈ আগফালৰ গাড়ীৰ গৰাকীজনে ইখন গাড়ীৰ গৰাকীজনক এটা প্ৰচণ্ড চৰ মাৰিলে আৰু যথেষ্ট উত্তেজিতভাৱে গালি-গালাজ পাৰিবলৈ ধৰিলে। ইতিমধ্যে আগৰ গাড়ীখনৰ পৰা এগৰাকী ছোৱালী নামি আহিল আৰু তেৱোঁ উত্তেজিত ভাৱে ক’ব ধৰিলে যে এতিয়া তেওঁ কলেজলৈ কেনেকৈ যাব, তেওঁৰ পৰীক্ষা আছে। বুঢ়া অভদ্ৰ চালকজনৰ কাৰণে এতিয়া পৰীক্ষা দিব নোৱাৰিব।

বয়সস্থ দোষী ব্যক্তিজনে একো নামাতি চৰখোৱা গালখন পিহি পিহি কিছুসময় মনে মনে কেৱল শুনি থাকিল। তাৰ পিছত মানুহজনক ক’লে,

-হোৱাটো হৈ গ’ল, প্ৰথমে এওঁক সময়মতে পৰীক্ষাত বহিবলৈ সুবিধা কৰি দিব লাগে। এওঁক এখন অটোত পঠিয়াই দিয়ক, ভাড়াটো মই দিম, তাৰ পিছত গাড়ীৰ কথা ভাবিম।

কথাখিনি কৈয়ে দোষী চালকজনে এখন খালী অটো ৰখাই ছোৱালীজনীক কলেজলৈ পঠোৱাৰ ব্যৱস্থা কৰি দিলে আৰু ভাড়াটো দিয়াৰ লগতে অতিৰিক্ত অলপ টকাও দিলে। ছোৱালীজনীয়ে দেউতাকৰ পৰা অনুমতি লৈ দোষী চালকজনৰ ফালে তীব্ৰ খং আৰু ক্ষোভ প্ৰকাশ কৰি অটোখনত উঠিল।

তুলনামূলকভাৱে বয়সত ডাঙৰ দোষী ব্যক্তিজনে এইবাৰ ক’লে,

-আগত গেৰেজ আছে, গাড়ীখন লাহে লাহে চলাই আনিব পাৰিবনে? ময়েই যিহেতু খুন্দিয়াইছো, ভুল মোৰেই, ঠিক কৰাই দিম বলক, পলম হলে আপোনাক মোৰ গাড়ীৰে আপোনাৰ গন্তব্য স্থানত থৈ আহিম।

ক্ষতি হোৱা গাড়ীখনৰ গৰাকীজনে খং-ৰাগ প্ৰশমিত কৰি গেৰেজলৈ গাড়ীখন লাহে লাহে লৈ গ’ল। গেৰেজত গাড়ীখন ঠিক কৰোঁতে পলম হব বুলি কোৱাত দোষী গৰাকীজনে ক’লে-

-পিছবেলা আপুনি গাড়ীখন লৈ যাব, যিমান খৰচ হয় ময়েই দিম। এতিয়া আপোনাক মই থৈ আহিম বলক, কলৈ যাব আপুনি?

-পানবজাৰ যাম,

গহীন ভাবে ক’লে তেওঁ।

-হ’ব, মই আগবঢ়াই থৈ আহিম আপোনাক।

আবেলি গাড়ীখন ঠিক হ’ল আৰু গৰাকীয়ে আহি লৈ গ’ল। সকলোখিনি খৰচ ইখন গাড়ীৰ গৰাকীয়ে বহন কৰিলে। ঘটনাটো সিমানতে অন্ত পৰিল, পিছত আৰু ইজনে সিজনক লগ নাপালে, হয়তো তেওঁলোকে চেহেৰা মনত ৰখা নাই।

প্ৰায় ছমাহ পিছৰ কথা। এদিন সন্ধিয়া কলিংবেলৰ শব্দ শুনি অৱসৰপ্ৰাপ্ত অধ্যাপক জনে দুৱাৰখন খুলি দিলে। এহাল দম্পতী আৰু এজনী ছোৱালী। আগন্তুকজনে তেখেতলৈ চাই সুধিলে-

-ছাৰ আমাক চিনি পাইছেনে?

-ৰ’ব, ঠিক ধৰিব পৰা নাই। আগতে ভিতৰলৈ আহকচোন, মাজনী আহা।

তেওঁলোক বহিল। অধ্যাপক জনে মনত পেলাবলৈ চেষ্টা কৰিলে-

-কত লগ পাইছিলোঁ বাৰু

-এৰা, মনত পৰিছে, ভালকৈ মনত পৰিছে। মাজনী সেইদিনা তুমি সময়ত পৰীক্ষা হল পাইছিলা নে! মোৰ কাৰণে তোমাৰ নিশ্চয় ক্ষতি হৈছিল, ভবা মতে পৰীক্ষাত নম্বৰ পালানে বাৰু।

চলচলীয়া চকুৰে ছোৱালীজনীৰ দেউতাকে ক’লে-

-আমাক ক্ষমা কৰি দিয়ক ছাৰ, আচলতে সিদিনা মই ইমান উত্তেজিত হ’ব নালাগিছিল। ভুল হয়তো মোৰো আছিল।

-ইছ ৰাম, সেইবোৰ পুৰণি কথা। মই পাহৰিয়ে গৈছিলোঁ।

তলমূৰ কৰি থকা ছোৱালজনীয়ে এইবাৰ উঠি আহি অধ্যাপক জনৰ ভৰি চুই সেৱা কৰিলে আৰু ক’লে,

-মোক ক্ষমা কৰি দিয়ক বৰদেউতা, সিদিনা পৰীক্ষা ভালেই হৈছিল মোৰ।

মিঠাইৰ টোপোলাটো আগবঢ়াই দি ছোৱালীজনীৰ মাকে ক’লে,

-তাইৰ ৰিজাল্ট ভালেই হৈছে ছাৰ, আশীৰ্বাদ কৰিব।

-অ হয়নে, বৰ ভাল পালোঁ শুনি। পিছে আপোনালোকে মোৰ ঘৰটো কেনেকৈ চিনি পালে?

-গাড়ীখন যে ভাল কৰালো, সেই গেৰেজটোৰ মালিকে হেনো আপোনাৰ ঘৰ চিনি পায়।

-ইমান দুৰলৈ মোক বিচাৰি আহিছে আপোনালোকে, ধন্যবাদ দেই। ৰ’ব পৰিবাৰক চিনাকি কৰাই দিও। একেলগে চাহ খাওঁ, হে ৰা- কোন আহিছে চোৱাহিচোন, সোনকালে আহা।

(সত্য ঘটনাৰ আধাৰত লিখা)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments