৭৪২ চন, কমলনগৰ

লেখক- নাজিফ হাজৰিকা

৭৪২ চন, কমলনগৰ।
কোঠাটোলৈ সোমায়েই দেখিলোঁ গহীন, দৃঢ় মুখ এখন লৈ সন্মুখলৈ চাই বহি আছে গৌৰী। গৌৰীৰ কাষতে বহি নবৌ উমাই তাইক কিবা বুজাই আছে।
আৰু ওচৰতে আঢ়ৈ বছৰীয়া মণি আৰু চাৰি বছৰীয়া আৰতিয়ে কাপোৰৰ পুতলা এটা খেলি আছে।
মোক সোমাই অহা দেখিয়েই আৰতি আৰু মণি জঁপিয়াই উঠিল। মণিয়ে চিঞৰিলে –
:মামা তুমি আহিলা।
:আহিলোঁ মণি, কি কৰি আছিলা তোমালোকে?
:আমি যে চন্দ্ৰমুখীৰ লগত খেলি আছিলোঁ জানা মামা, আজি তাইৰ ইমান জ্বৰ উঠিছে।
:কোন চন্দ্ৰমুখী মণি?
:এইয়া আকৌ….
মণিয়ে পুতলাটো মোলৈ আগবঢ়াই দিলে। মই মণিক কোলাত লৈ চকী এখনত বহিলোঁ। উমাই মোলৈ চাই চকুৰে ইংগিত এটা দিলে। বুজাই দিলে মোক যে আজি গৌৰীৰ লগত লাগি লাভ নাই, তাই মুখেৰে একো নকয়।
চিনাকি হোৱাৰ দিন ধৰি আজিলৈকে গৌৰী আৰু মই এষাৰো কথা পতা নাই। কিন্তু কিবা নহয় কিবা বিষয় এটাক লৈ আমি ইটোৱে সিটোৰ লগত লাগিয়েই থাকোঁ। অৱশ্যে পোনপটীয়াকৈ নহয়, আওপকীয়াকৈহে।
:মামা তুমি চন্দ্ৰমুখীৰ জ্বৰ ভাল কৰি দিয়া না।
মণিয়ে মোৰ কোলাত বহিয়েই কুটুৰিলে।
:চন্দ্ৰমুখীক কোনে বনাইছিল মণি?
:গৌৰী পেহীয়ে, বৰ ভাল হৈছে নহয়নে মামা?
:হ’বইতো ভাল, কাৰণ দেখিবলৈও প্ৰায় একেই হৈ পৰিছে যে। ন’হলেনো বাৰু গাল-মুখ বিচাৰি ফুৰিব লগা হয় নে!
কথাখিনি কৈ কেৰাহিকৈ গৌৰীলৈ চালোঁ। খঙত তাইৰ নাকৰ পাহি ফুলি উঠিল, কিন্তু একো নক’লে। উমাই কপালখন কোচাই মোলৈ চাই মনে মনে থাকিবলৈ ধমকিৰে ইংগিত দিলে। মণিয়ে আকৌ সুধিলে-
:মামা কি তুমি চন্দ্ৰমুখীক ধুনীয়া নেদেখা?
:ইমানো ধুনীয়া নেদেখোঁ মণি।
:তেন্তে তুমি কাকনো ধুনীয়া দেখা মামা?
:মই? মই ধুনীয়া দেখোঁ শুকুলাক মণি। সকলোতকৈ ধুনীয়া…..
প্ৰথমবাৰৰ বাবে গৌৰীয়ে এইবাৰ মোলৈ চাই উঠিল। মণি-আৰতিয়েও চালে আচৰিতভাবে।
:শুকুলা কি গৌৰীপেহীতকৈও ধুনীয়া মামা?
:নাজানো মণি, মই শুকুলাক আজিলৈকে কাৰো লগত তুলনা কৰা নাই…
ইমান সময় মনে মনে থকা গৌৰীয়ে আমাৰ ওচৰৰ পৰা উচাৎ মাৰি উঠি গৈ অলপ দূৰত বহিলেগৈ। মণিয়ে আগ্ৰহেৰে সুধিলে-
:শুকুলাৰ কি ধুনীয়া দেখা বাৰু তুমি মামা?
:শুকুলাৰ? শুকুলাৰ চকুহাল মই আটাইতকৈ ধুনীয়া দেখোঁ মণি। যেন শিল্পীয়ে কুণ্ডত কটা….
এইবাৰ মণিয়ে গৌৰীক সুধিলে –
:তুমিনো আটাইতকৈ কাৰ চকু ধুনীয়া দেখা গৌৰীপেহী?
মুখ ফুলাই আঁতৰি যোৱা গৌৰীয়ে অলপ সময় মনে মনে ৰ’ল। তাৰ পিছত লাহে লাহে উত্তৰ দিলে-
:মই আটাইতকৈ ধুনীয়া দেখোঁ উমা বৌৰ চকুহাল মণি। সেইহাল চকুত মই আশীৰ্বাদৰ ৰং দেখোঁ….
উমা- মই আমি সকলোৱে আচৰিত হৈ গৌৰীলৈ চাই ৰলো। নীৰৱতা ভংগ কৰি এইবাৰ আৰতিয়ে কলে-
:নোচোৱাকৈ আঁকিব পাৰিবা তুমি মাৰ চকুহাল গৌৰীপেহী?
:নাজানো মণি, চেষ্টা কৰি চাম।
আৰতিয়ে কাগজ পেঞ্চিল আনি দিলে। গৌৰীয়ে লাহে লাহে আঁকিবলৈ আৰম্ভ কৰিলে।
* * *
২০২১ চন।
গধূলি ঘৰ সোমাই বিছনাত পৰিছোঁ মাত্ৰ। হঠাৎ ফোনটো বাজি উঠিল, দেখিলো প্ৰণামিকাৰ ফোন।
: হেল্ল’
: WhatsAppটো on কৰচোন। কিবা এটা দিছোঁ।
গহীন হৈ তাই কলে।
: ৰ, এক মিনিট।
WhatsAppটো খুলি দেখিলো, প্ৰণামিকাই screenshot এটা পঠিয়ইছে। দীপলিনা ডেকাৰ পেজত গৈ মই দিয়া কমেণ্ট “মাইনা তুমি জুই“ বুলি। screenshotটো দেখি বুকু কঁপি উঠিল মোৰ, বুলিলোঁ মহাভাৰত এখন হব এতিয়া।
:তোক মই তাইৰ photo চাবলৈ, তাইৰ পেজত যাবলৈ মানা কৰিছিলোঁ নে নাই?
:নহয় মানে শুনচোন।
:চুপ থাক তই, কথা নকবি। কি ভাল দেখ হা তাইক? কি ভাল দেখ? ইমান এক্কেবাৰে তাইৰ কাৰণে বলিয়া হবলৈ কি আছে হা?
:নহয় মানে, মই অকল চকু কেইটাহে ধুনীয়া দেখোঁ…
:কি? থাক তই সেইজনীৰ লগতে, ভাবি থাক তাইৰ কথা। ফোন নকৰিবি আৰু মোক। বাই….
প্ৰণামিকাই ফোন কাটি দিলে। মই আকৌ ফোন কৰিলোঁ, ৰিচিভ নকৰিলে। পাঁচ-ছবাৰ মান কৰাৰ পিছত ৰিচিভ কৰিলে তাই।
:শুনচোন
:কি হ’ল? ( প্ৰণামিকা গহীন এতিয়া)
:নহয় মানে sorry হা।
: next time যদি আকৌ তাইক চাৱ তোৰ চকু উলিয়াই আনিম, আৰু তাইৰো চকু উলিয়াই মই। হুহ, চকু ধুনীয়া দেখে সি, কথা কবলৈ আহে…
:নহয় মানে..
:চুপ থাক তই, কথাই নকবি।
:হব, Sorry না।
:চুপ তই। তাইতকৈ ধুনীয়া চকুৰ মানুহ ঢেৰ আছে, বৰ একেবাৰে দীপলিনা। চকু ধুনীয়া দেখে সি…..
প্ৰণামিকাই ভোৰভোৰাই বকিয়েই থাকিল, মই Sorry Sorry কৈয়েই থাকিলোঁ। লাহে লাহে তাই ঠাণ্ডা হ’ল, খং কমিল।
মই লাহেকৈ কলো –
:বাৰু ঠিক আছে, তয়েই কচোন দীপলিনাৰ চকুকেইটাই কি বেয়ানো?
:বেয়া বুলি মই কোৱা নাই, কিন্তু তাইতকৈ ধুনীয়া চকু আৰু আছে।
:আৰু কাৰ আছে?
:আছে আৰু…
:কচোন
:মাজে মাজে যে মই কওঁ, ৰাতি সপোনত নাৰী এগৰাকীক দেখোঁ বুলি…
:উম, প্ৰায়েই সপোনত দেখ বুলি যে কৱ তই, তেওঁৰ? তোলৈ যে বৰ মৰমেৰে চাই!
:উম, তেওঁৰ চকুহালত মই আশীৰ্বাদৰ ৰং দেখোঁ….
”আশীৰ্বাদৰ ৰং”.. শব্দটো যেন মই ক’ৰবাত শুনিছোঁ। অলপ সময় কথা পতাৰ পিছত ফোনটো ৰাখিলো। পিছে মোৰ মনটো যেন ক’ৰবালৈ উৰি যাব বিচাৰিছে…..
* * *
৭৪২ চন, কমলনগৰ।
গৌৰীৰ ছবিখন ইতিমধ্যে আধা অঁকা হৈছিল। মই উমাৰ পাকঘৰত সোমাই নাৰিকলৰ লাড়ু এটাৰ পিছত এটাকৈ মুখত ভৰাই আছিলোঁ।
তেনেকুৱাতে খুব জোৰত চেঁকুৰাই আহি থকা ঘোঁৰাৰ খোজৰ শব্দ শুনিলোঁ। বাহিৰলৈ চাই দেখিলো অশোক সোমাই আহিছে ঢাহি-মুহি। মোক দেখি অশোকে চিঞৰি উঠিল।
:চন্দন তই ইয়াত? ইফালে লক্ষ্মীনাৰায়ণ ডাঙৰীয়াই তোক বিচাৰি ফুৰিছে। শত্ৰু আহিছে আমাৰ কমলনগৰ আক্ৰমণ কৰিবলৈ। সোনকাল কৰ, ৰঙাটিলা পোৱাৰ আগতেই সিহঁতক ভেটিব লাগিব।
:কি? কি কৈছ তই অশোক?
:ঠিকেই কৈছোঁ চন্দন, সোনকাল কৰ তই।
মোৰ মুখখন কঠিন হৈ পৰিল। বহাৰ পৰা জঁপিয়াই উঠিলোঁ। অশোকক নিৰ্দেশ দিলোঁ-
:অশোক, তোৰ তৰোৱালখন দে মোক। আৰু শুন, তই নবৌ, গৌৰী আৰু মণি-আৰতিহঁতক লৈ এতিয়াই ৰূপালীপাম যা গৈ। মই তোৰ ঘোঁৰাটোও নিম এতিয়া।
:কিন্তু তই অকলে….
:মই যি কৈছোঁ তাকে কৰ, পিছৰ কথা পিছত।
দৌৰা দৌৰিকৈ উমা, গৌৰী, আৰতি, মণিক বাগীখনত উঠালোঁ। অশোকে ঘোঁৰাটোৰ পিঠিত কোব দিব লওঁতেই মণিয়ে চিঞৰি উঠিল-
:মামা মোৰ চন্দ্ৰমুখী থাকি আহিল, আনি দিয়া না।
:ৰ’বা মণি।
দৌৰি গলো ভিতৰলৈ। মণিৰ চন্দ্ৰমুখীক হাতত লওঁতেই চকুত পৰিল গৌৰীয়ে আধা অঁকা উমাৰ ছবিখন। সেইখনো হাতত লৈ ওলাই আহিলোঁ।
মণিৰ হাতত চন্দ্ৰমুখীক দি গৌৰীৰ ফালে চালোঁ। প্ৰথমবাৰলৈ তায়ো মোৰ চকুলৈ চালে। গৌৰীৰ ফালে ছবিখন আগুৱাই দি কলো-
:উমাবৌৰ এই ছবিখন তুমি সম্পূৰ্ণ কৰি দিবা, লোৱা।
মোৰ চকুত চকু থৈয়েই গৌৰীয়ে ছবিখন ললে। হঠাৎ আমাৰ দুয়োৰে দুখন হাত উমাই দুহাতেৰে ধৰিলে।
আমি উমাৰ চকুলৈ চালোঁ। উমাৰ চলচলীয়া চকুত আছিল তেতিয়া “আশীৰ্বাদৰ ৰং।”
”চন্দন ভালকৈ যাবা”
উমাই থুকাথুকি মাতেৰে কলে। গৌৰীয়ে মোৰ হাতত ধৰি কিবা এটা ক’বলৈ লৈছিল! কিন্তু অশোকে ঘোঁৰা চেকুৰাই দিলে। লাহে লাহে দুযোৰ চকু মোৰ পৰা আঁতৰি গৈ থাকিল। এযোৰ গৌৰীৰ অভিমানী মৰমৰ। আনযোৰ উমাৰ, “আশীৰ্বাদৰ ৰঙৰ।”
* * *
২০২১ চন।
ৰাতিপুৱা ৫ বজাতেই ফোনটো বাজি উঠিল। টোপনিৰ পৰা সাৰ পাই দেখিলো প্ৰণামিকাৰ ফোন।
:হেল্ল’!
:মোৰ টোপনি নাহিল আজি (প্ৰণামিকাই অভিমান কৰি কলে)
:কিয়? মোক ফোন নকৰিলি কিয়?
:এনেই নকৰিলো। টোপনি আহিছিল, কিন্তু সপোন দেখি সাৰ পাই গলো। আকৌ সপোনত আহিছিল সেই নাৰী গৰাকী।
:তাৰ পিছত?
:তাৰ পিছত একো নাই, টোপনি নাহিল। আজি পাছবেলা অলপ লগ কৰিব পৰিবি নেকি?
:আজি? ক’ত?
:নিকৰিঘাটৰ ফালে যাম।
:বাৰু হব দে।
পাছবেলা প্ৰণামিকাক লৈ নিকৰিঘাটলৈ গলো। গাড়ীৰ পৰা নামি তাই বহুসময় নদীখনলৈ চাই ৰৈ থাকিল। ময়ো নীৰৱে থাকিলোঁ। কিছু সময়ৰ পিছত তাই কৈ উঠিল-
:সপোনত যে প্ৰায়েই সেই নাৰীগৰাকী আহে!
:উম, কচোন।
:সেই নাৰীগৰাকীয়ে যেন মোক কিবা এটা ক’ব বিচাৰে, সদায়েই একেই মৰম সনা চাৱনিৰে চাই মোলৈ। যেন “আশীৰ্বাদৰ ৰং।” তেওঁ যেন কিবা এটা সম্পূৰ্ণ হোৱাটো বিচাৰে।
:বুজিছোঁ, তাৰপিছত?
:কালি মই টোপনিৰ পৰা সাৰ পোৱাৰ পিছত টোপনি অহা নাছিল। গতিকে উঠি গৈ তেওঁৰ মুখখম আঁকি পেলালোঁ।
:আঁকি দিলি? সঁচা?
:উম সঁচা। এইয়া চা।
প্ৰণামিকাই বেগৰ পৰা কাগজ এখন উলিয়াই তাই মোৰ হাতত দিলে। কাগজখন খুলি মই ছবিখন চালোঁ। কিছুসময়ৰ পিছত মোৰ বুকুখন ধপধপাবলৈ ধৰিলে, মূৰটো ঘূৰাই উঠিল। এইহাল চকু যেন মই ক’ৰবাত দেখিছোঁ……..আশীৰ্বাদৰ ৰং ….।
হঠাৎ যেন মোৰ মনটো উৰা মাৰিলে তেৰশ বছৰ আগলৈ।
মুখেৰে আপোনা-আপুনি ওলাই আহিল
”উমা বৌ।”
প্ৰণামিকাই আচৰিত হৈ মোলৈ চালে। তায়ো যেন বুজি উঠিল কথাবোৰ।
হঠাৎ ফাগুনৰ বতাহে মোৰ হাতৰ পৰা কাগজখন উৰুৱাই লৈ গ’ল। প্ৰণামিকাই মোৰ হাতত খামুচি ধৰিলে। বতাহত উৰি উৰিয়েই যেন উমাবৌৱে আমাক আশীৰ্বাদ দি গুচি গ’ল।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments