ভাল মানুহ আছে

লেখক- ঈশ্বৰ প্ৰসন্ন

“দেউতা, আজি ৰিক্সা নিলে কিবা এটা আনিবা দেই”—
“কি কিবা লাগে অ”, — বলোৰামে খঙেৰে ক’লে।
“নহয় অ দেউতা, মোৰ খুব মাছ খাবলে মন গৈ আছে, কিমান দিন খোৱা নাই। আৰু মম এডালো লৈ আনিবা—পঢ়িবলে। “
—বলোৰামৰ বুকুখন গধূৰ হৈ আহিল। সি অসহায়। ৰিক্সাচালক বলোৰামৰ দুচকু ভৰি আহিল। চৰকাৰে ঘৰতে সুৰক্ষিত থাকিব কৈছে। চাউল কেইটা পাইছে বাৰু—বাকী একো নাই। এই কেইদিন কিছু ৰেহাই দিয়াত মাজে মাজে ৰিক্সাখন লৈ গৈছে যদিও মানুহ নুঠেই—
সি কি ক’ব কণমানি ল’ৰাটোক, মাছটো বাদেই, মাকৰ পেচাৰৰ দৰৱ কিটা কিনিবলৈও তাৰ হাতত আজি টকা নাই। তথাপিও সি এইবাৰ কিছু কোমল সুৰত ক’লে—”ঠিক আছে বাবা, বজাৰত ওলালে আনিম বাৰু দেই।”
গ’ল, বলোৰাম ওলাই গল। আজি দুটামান ভাড়া পালেই হল প্ৰভু—সি নেদেখা জনক খাটিলে।
আইএচবিটি পাওঁতেই এজনী ছোৱালীয়ে তাক টাউন যাব নেকি সুধিলে। সি যাম বুলি কোৱাত ছোৱালীজনীয়ে বেগৰ পৰা “স্প্ৰে” এটা উলিয়াই ৰিক্সাৰ ছিটত “স্প্ৰে” কৰি বহিল। সি চলাবলে আৰম্ভ কৰিলে।
“ক’ত ঘৰ তোমাৰ?”
কিছুদুৰ যোৱাৰ পাছত ছোৱালীজনীৰ মৰম লগা প্ৰশ্ন। “এই কেইদিন তোমাৰ অসুবিধা হোৱা নাইনে?”
-অসুবিধা? ভাল কথা সুধিছা মাজনী– বলোৰামে ক’লে, তাৰ দুখৰ সকলো কথা ছোৱালী জনীক বিবৰি ক’লে। ইমান মৰমলগাকৈ আৰু আন্তৰিকতাৰে ছোৱালীজনীয়ে সুধিছে, আজিলৈকে তাক কোনেও এনেকৈ সোধাই নাই— গতিকে সি নোকোৱাকে নোৱাৰিলে, সকলো বিৱৰি ক’লে, তাৰ অসহায় অৱস্থাৰ কথা।
“চিন্তা নকৰিবা, মানুহৰ বেয়া দিন আহেই, পিছে তাৰ পাছতে ভাল দিনো আহে, গতিকে চিন্তা নকৰিবা, সকলো অকে হৈ যাব।” –তাই বলোৰামক যেন সাহসহে দিলে।
আজি তাইৰ স্কুটিখন ষ্টাৰ্ট নহ’ল—হয়তো বহুত দিন নচলোৱাৰ বাবে। সেয়ে তাই এনেকৈ ওলাই আহিল— দেউতাকৰ বাবে দৰৱ নিকিনিলে নহয়—এই দৰৱ আকৌ ওচৰৰ ফাৰ্মাচীবিলাকত প্ৰায়েই নাপায়। তাই ক’লে—”মই গাড়ী চলাবও জানো জানা —কিন্ত, জানিলে কি হ’ব, লাইচেঞ্চেই নাই। এইবাৰ সকলো ঠিক হলে উলিয়াম বুজিছা। এনেই একো নাছিল—দেউতাৰ গা বেয়া হৈহে গোটেইখন খেলি খেলিমেলি হৈ গ’ল, তাতে আকৌ কৰ’ণা আহিল। এতিয়া দেউতাই অলপ ভাল পাইছে বাৰু—দাদাও আকৌ মুম্বাইত থাকে নহয়—তাক লৈও চিন্তা। আমি তাক অসুবিধা নহ’লে আহিবলে মানা কৰিছোঁ বুজিছা— সি যোৱা বেছি দিন হোৱাই নাই—তাতে মানুহৰ যিহে কথা।” – বলোৰামে একো নোসোধাকৈয়ে তাই অনৰ্গল কৈ গ’ল। দেউতাকৰ পেৰেলাইচিচ হোৱাৰ কথা, ককায়েকে মুম্বাইত চাকৰি পোৱাৰ কথা, তাইৰ পঢ়াৰ কথা—সকলো। বলোৰামে মুৰ দুপিয়াই মাথোঁ শলাগি গ’ল।
টাউন পাই নিৰ্দিষ্ট ফাৰ্মাচীখনৰ সন্মুখত তাই ৰিক্সা ৰখাবলৈ ক’লে। “ ৰ’বা, খুচুৰা কৰি আনিছো”—তাই নামি গৈ ফাৰ্মাচীৰ পৰাই বলোৰামৰ ফালে চাই চিঞৰি ক’লে—”তুমিও দৰৱ লৈ ল’ব পাৰা, তোমাৰ মানুহজনীলৈ। পইচা মই দিম, লৈ লোৱা। আৰু শুনা, যদি আধাঘণ্টামান এই খিনিতে ৰ’ব পাৰা – -মই তোমাৰ লগতে ঘূৰি যাব পাৰিম।” বলোৰামে ৰ’ম বুলি ক’লে। আজি যেন তাৰ কিবা ভাগ্যহে ভাল।
এক বেগ ফল-মূল লৈ ছোৱালীজনী ঘূৰি আহিল। ফাৰ্মাচীৰ পৰা দেউতাকৰ দৰৱখিনি লৈ ছোৱালীজনীয়ে বলোৰামক তাৰ দৰৱ ল’লেনে নাই চিঞৰি সুধিলে। বলোৰামে মুৰ দুপিয়াই শলাগি মনতে ভাবিলে— ইমান ভাল ছোৱালীজনী, আচৰিত। তাই পইচা দি আহি ৰিক্সাত বহি ক’লে—”এইবাৰ চিধা ঘৰ, ক’তো নোসোমাও। তুমি থাকিলা ভালেই হল একেখনতে যাব পাৰিলো, নহলে বেলগ বেলেগত উঠিবলে ভয়েই লাগে- ক’ব নোৱাৰি নহয়।”
উভতি অহাৰ বাটত ছোৱালীজনীয়ে তাৰ ল’ৰাটোৰ পঢ়াৰ পৰা আৰম্ভ কৰি পৰিবাৰৰ অসুখলৈকে সকলো সুধিলে। কথা পাতি পাতি আহি ধনী মানুহ থাকে বুলি নাম থকা “লখিমী” নগৰৰ গলিয়েইদি সোমাই আহি এটা দুমহলীয়া ঘৰৰ সমুখত তাই তাক ৰখাবলে ক’লে। ছোৱালীজনী বেগটোৰে সৈতে নামি গেট খুলি সোমাই গ’ল। বলোৰামক অলপ ৰ’বলে ক’লে। দুৱাৰ মুখতে তাই বেগটোত “স্প্ৰে” কৰি বাহিৰতে থৈ পিছফালেদি ঘৰলৈ সোমাই গ’ল। অলপ সময়ৰ পাছত কাপোৰ সলনি কৰি তাই ওলাই আহিল—এইবাৰ বলোৰামে তাইৰ মুখখন ভালদৰে দেখিলে—দেখাত যেনেকুৱা, কথা বতৰাও তেনে। তাই বলোৰামক এবেগ শাক পাচলিৰ লগতে কেৰি বেগ এটা দি ক’লে—এয়া ৰাখা, ইয়াত অলপ চাউল আছে, ভাল দৰে খাই বৈ থাকিবা। এইটো “চেনিটাইজাৰ” বুলি কয়, সৰু বটল এটা দি ছোৱালীজনীয়ে পুনৰ তাক ক’লে —”বাহিৰলে আহি কিবা কিবি চুলে ইয়াৰ অকণমান লৈ হাতখন মোহাৰি লগাই দিবা, আৰু এইখন চোৱা, গামোচাৰ মুখা— ঘৰৰ পৰা বাহিৰলে আহিলে মাৰি আহিবা। কিবা দিগদাৰ হ’লেও আহিবা।” তেনেতে এগৰাকী মহিলা বাৰাণ্ডালে ওলাই আহিল—হয়তো ছোৱালীজনীৰ মাক। বলোৰামে নমস্কাৰ দিলে। তাৰ দুগালেৰ ইতিমধ্যেই বাধাহীন ভাবে লোতক বাগৰিবলে আৰম্ভ কৰিছিল। মানুহগৰাকীয়ে তাক বৰ মৰমেৰে ক’লে, “কিয় কান্দিছা—নাকান্দিবা, চব ঠিক হৈ যাব।“
বলোৰামে মাকক নমস্কাৰ দি যাবলে লওঁতেই ছোৱালীজনীয়ে পুনৰ মাত লগালে—এঃ, পাহৰিছিলোয়েই ময়ো যে আৰু দেই, ৰ’বা ৰ’বা। এই টকা এহেজাৰ লৈ যোৱা। মাছ পালে ল’ৰাটোলে লৈ যাবা—কিন্তু বিছাৰি নুফুৰিবা। এইটো বিছাৰি বিছাৰি মাছ- মাংস খোৱাৰ সময় নহয়, তাক বুজাবা আৰু। কিন্তু মম এপেকেট নিবাই নিবা। তাক পঢ়িবলে লাগে বুলি কৈছিলে বুলি কৈছিলা নহয়- বুজিছা।”
বলোৰামে টকা কেইটা লৈ তাইৰ ফালে চাব নোৱাৰিলে—–তললে মুৰ কৰি থোকাথুকি মাতেৰে কলে— “তোমাৰ ভাল হওক মাজনী, ভগবানে তোমাৰ যাতে কেতিয়াও বিপদ নঘটায়।”
চকু মচি মচি বলোৰামে ৰিক্সাখন কিছুদূৰ ঠেলি ঠেলি আগবাঢ়িল। সি ঘূৰি চালে—ছোৱালীজনীয়ে তেতিয়াও তাৰ ফালে চাই আছে।
-প্ৰভু, আজি মোৰ ভুল ভাগিল। কোনো দিন কোনেও ভালদৰে মাত এষাৰ নিদিয়া বাবে মই পৃথিবীত ভাল মানুহ নাই বুলিয়েই ভাবিছিলো। ছোৱালী জনীক ভালে ৰাখিবা প্ৰভু। – বলোৰামে ওপৰলে চাই ভগবানক খাটনি ধৰিলে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!