গণিত, বিজ্ঞান আৰু কবিতা

লেখক- বিপুলজ্যোতি শইকীয়া

(১)
পল আন্দ্রে ম’ৰিচ ডিৰাক কুৰি শতিকাৰ একেবাৰে আগশাৰীৰ পদার্থবিজ্ঞানীসকলৰ এগৰাকী। বহুতেই ডিৰাকক আধুনিক পদার্থবিজ্ঞানৰ ‘প’য়েট ল’ৰিয়েট’(poet laureate) বা ‘ৰাজকবি’ বুলি ক’বলৈ ভাল পায়। ডিৰাক আধুনিক পদার্থবিজ্ঞানৰ ভালেকেইটি বুনিয়াদী সমীকৰণৰ ৰচয়িতা, যিবোৰ সমীকৰণক ‘বিজ্ঞানৰ কবিতা’ হিচাপে আখ্যা দিব পাৰি আৰু সেই কাৰণেই ডিৰাকক পদার্থবিজ্ঞানৰ ৰাজকবি বুলি কোৱা হয়। ডিৰাকৰ সবাতোকৈ বিখ্যাত সমীকৰণটোৱে (বা কবিতাটোৱে) প্রতিপদাৰ্থৰ (antimatter) অস্তিত্বৰ ভৱিষ্যদ্বাণী কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্রৰ ব’ষ্টনৰ নর্থইষ্টার্ন বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু বিজ্ঞান-লেখক গ্রাহাম ফার্মেল’ৰ এটা ধেমেলিয়া ‘সমীকৰণ’ অনুসৰি পদার্থবিজ্ঞান + ডিৰাক = কবিতা!

ডিৰাকে দৃঢ়ভাৱে বিশ্বাস কৰিছিল যে পদার্থবিজ্ঞানৰ বুনিয়াদী বিধি আৰু তত্ত্ববোৰৰ অপূর্ব গাণিতিক সৌন্দর্য আছে। ডিৰাক ধার্মিক নাছিল, কিন্তু গাণিতিক সৌন্দৰ্য্য সম্পর্কে থকা তেওঁৰ বিশ্বাস প্রায় ধর্মীয় বিশ্বাসৰ সমপৰ্য্যায়ৰ আছিল। সংখ্যা সম্পর্কে থকা পাইথাগোৰাছৰ চিত্তবৈকল্য-সদৃশ গোঁড়ামিৰ সৈতেহে হয়তো ইয়াৰ তুলনা কৰিব পাৰি। পাইথাগোৰাছে কৈছিল, “all things are numbers”, অৰ্থাৎ “জগৎ-সংসাৰ সংখ্যাময়”। ডিৰাকে কৈছিল, “It seems to be one of the fundamental features of nature that fundamental physical laws are described in terms of a mathematical theory of great beauty and power.”

ডিৰাকে নান্দনিকতাক তাত্ত্বিক পদার্থবিজ্ঞানৰ গৱেষণাৰ আহিলা হিচাপেই গঢ়ি তুলিছিল বুলি ক’ব পাৰি, সমস্যা একোটা সমাধান কৰাৰ পৰিৱর্তে তেওঁ বিশ্বব্রহ্মাণ্ডৰ আঁৰত কাম কৰি থকা “ধুনীয়া গণিতৰ সন্ধান কৰি ফুৰিছিল। নিজৰ বৈজ্ঞানিক কাম-কাজৰ বিষয়ে লিখা এটা আলোচনাত তেওঁ এবাৰ লিখিছিল যে তেওঁ “simply examining mathematical quantities that physicists use and trying to fit them together in an interesting way, regardless of any application the work may have.” কথাটো আকর্ষণীয় ৰূপত ধুনীয়া-ধুনীয়া শব্দ গোটাই লৈ কবিতা হৈছেনে নাই পৰীক্ষা কৰি চোৱাৰ দৰে! সেয়েহে বোধহয় এলবার্ট আইষ্টাইনে ডিৰাকৰ বিষয়ে এইদৰে কৈছিলঃ “This balancing on the dizzying path between genius and madness is awful.”

১৯৭৪ চনত হার্ভার্ড বিশ্ববিদ্যালয়ৰ এদল গৱেষক ছাত্র-ছাত্রীৰ উদ্দেশ্যে দিয়া এটা ভাষণত ডিৰাকে তেওঁলোকক এইবুলি পৰামৰ্শ আগবঢ়াইছিল যে তেওঁলোকে সমীকৰণবোৰৰ স্বর্গীয় সৌন্দর্য্য সম্পর্কেহে সচেতন হ’ব লাগে, সেইবোৰৰ অর্থ সম্পর্কে নহয়। ডিৰাকৰ দৰে বিজ্ঞানীৰ এনে পৰামৰ্শত সেই ছাত্র-ছাত্রীসকলৰ গৱেষণাৰ গাইডসকল বেছ বিবুদ্ধিত পৰিছিল! কোনো সন্দেহ নাই যে বিজ্ঞানৰ গৱেষণাৰ দৰ্শন বা পদ্ধতি হিচাপে ডিৰাকৰ নান্দনিক প্রয়াস অতি সন্দেহজনক পথ, কিয়নো তাৰ বাবে প্রয়োজন ডিৰাকৰ দৰে দুর্লভ স্বজ্ঞা আৰু প্রতিভা। স্বজ্ঞা আৰু প্রতিভা আন এজনক শিকাবও নোৱাৰি, হস্তান্তৰো কৰিব নোৱাৰি; কবিতাৰ ক্ষেত্ৰতো এইটো অসম্ভৱ।

ওপৰত উল্লেখ কৰা ডিৰাকৰ আটাইতকৈ বিখ্যাত আৰু আটাইতকৈ ধুনীয়া সমীকৰণটো বা ‘কবিতা’টো তেওঁ আৱিষ্কাৰ কৰিছিল ১৯২৭ চনত, তেতিয়া তেওঁ কেম্‌ব্রিজৰ ছেইণ্ট জ’নছ কলেজৰ পঁচিছ বছৰীয়া ফেলো। সেই সময়ৰ পদার্থবিজ্ঞানৰ আগশাৰীৰ দুটা তত্ত্ব — কোৱাণ্টাম বলবিজ্ঞান আৰু আপেক্ষিকতাৰ বিশেষ তত্ত্ব,—লগ লগাই তেওঁ আৱিষ্কাৰ কৰা সমীকৰণটোৱে ইলেক্ট্রনৰ স্পিন (সেই সময়ৰ দুবছৰৰ আগতে পৰীক্ষামূলকভাৱে যিটো ধৰা পৰিছিল) আৰু চুম্বকত্বৰ ব্যাখ্যা আগবঢ়াইছিল।
কেৱল সেয়েই নহয়, সমীকৰণটোৰ আস্তীনত আৰু এটা কথা লুকাই আছিল।
তিনি বছৰৰো অধিক কাল ধৰি সমীকৰণটোৰ নানান ৰহস্যময় ধৰ্মৰ বিষয়ে বিস্তৃতভাৱে অধ্যয়ন কৰি ১৯৩১ চনত ডিৰাকে ঘোষণা কৰিলে যে তেওঁৰ সমীকৰণটোৱে এটা নতুন কণিকাৰ ভৱিষ্যদ্বাণী কৰিব পাৰে,— এই নতুন কণিকাটোৰ ভৰ ইলেক্ট্রনৰ সমানেই, কিন্তু ই ধনাত্মক আধানযুক্ত (ইলেক্ট্রন ঋণাত্মক আধানযুক্ত কণিকা)। ইয়াৰ ঠিক পিছৰ বছৰতে কেলিফর্নিয়া বিশ্ববিদ্যালয়ৰ কার্ল এণ্ডাৰছনে বহির্বিশ্বৰ পৰা অহা মহাজাগতিক ৰশ্মিত এনে ধর্মসম্পন্ন এটা কণিকা ধৰা পেলালে।

ডিৰাক আৰু এণ্ডাৰছনে তেওঁলোকৰ পৰস্পৰৰ গৱেষণাৰ বিষয়ে একো নাজানিছিল। কিন্তু এণ্ডাৰছনৰ গৱেষণাৰ ফলাফল যেতিয়া প্রকাশ পালে, তেতিয়া কাৰো বুজিবলৈ বাকী নাথাকিল যে এণ্ডাৰছনে আৱিষ্কাৰ কৰা কণিকাটো ডিৰাকে তেওঁৰ সমীকৰণটোৰ ওপৰত ভেটি কৰি ভৱিষ্যদ্বাণী কৰা কণিকাটোৰ বাদে আন একো নহয়। এই সময়ৰপৰাই আহিল প্রতিপদার্থৰ ধাৰণা। এই কণিকাটোৰ নাম হ’লগৈ প্রতি-ইলেক্ট্রন বা পজিট্রন (anti-electron বা positron)। এই আৱিষ্কাৰৰ বাবেই ১৯৩৩ চনত ৩১ বছৰীয়া ডিৰাকে পদার্থবিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

আধুনিক বিশ্বতত্ত্বৰ মত অনুসৰি বিগ বেং বা মহানাদৰ আৰম্ভণিৰ সময়ত পদার্থ যিমান পৰিমাণৰ আছিল, প্রতি-পদার্থও সিমান পৰিমাণৰেই আছিল। কোনোবা এটা মুহূর্তত এই সুসাম্যৰ পতন ঘটি বর্তমানৰ ব্ৰহ্মাণ্ডখন হৈছে— য’ত পদাৰ্থৰ প্রাধান্য বেছি। নিজেই ৰচনা কৰা ধুনীয়া এটা সমীকৰণৰ সহায়েৰে গোপন এই সত্যটো প্রত্যক্ষ কৰা ডিৰাকেই আছিল পৃথিৱীৰ প্রথম মানুহ।

ডিৰাকে তেওঁৰ নান্দনিক কৌশলেৰে ১৯৩১ চনত আৰু এটা ভৱিষ্যদ্বাণী কৰি গৈছে। গাণিতিকভাৱে ধুনীয়া আন কেতবোৰ সমীকৰণৰ সমাধান কৰি তেওঁ এটা মেৰুৰ চুম্বকত্বৰ (unipolar magnetism) ভৱিষ্যদ্বাণী কৰি গৈছে। চুম্বকৰ কথা ক’লে একেলগে উত্তৰ আৰু দক্ষিণ দুয়োটা মেৰুযুক্ত চুম্বকৰ কথাই আমাৰ মনলৈ আহে। কিন্তু ডিৰাকৰ ধুনীয়া সমীকৰণৰ মতে এটা মেৰুৰ চুম্বকো থাকিব পাৰে। এতিয়ালৈকে এইটো আৱিষ্কাৰ হোৱা নাই৷ কোনে জানে কেতিয়া হয়? হ’লে, ডিৰাকক হয়তো আমি ক’ব লাগিব ‘মহা ৰাজকবি’!

তাত্ত্বিক পদার্থবিজ্ঞানলৈ ডিৰাকে আগবঢ়াই যোৱা অৱদান আৰু তেওঁৰ শৈলী আৰু কৌশলে আধুনিক ৰজ্জু তত্ত্বক (string theory) গভীৰভাৱে প্ৰভাৱিত কৰিছে। ৰজ্জু তত্ত্ব অনুসৰি সকলো বস্তু বুনিয়াদী স্তৰত কিছুমান ৰজ্জুৰ দ্বাৰা গঠিত,—এই ৰজ্জুবোৰৰ দৈর্ঘ্য এক চেণ্টিমিটাৰৰ এশ কোটি ভাগৰ এশ কোটি ভাগৰ এশ কোটি ভাগৰ দহ লাখ ভাগৰ এভাগ (১০^(-৩৩) চেঃমিঃ)। ৰজ্জু তত্ত্ব অনুসৰি ইলেক্ট্রন বা কোৱাৰ্কৰ দৰে বুনিয়াদী কণিকাবোৰ কিছুমান স্পন্দিত ৰজ্জুৰ সমষ্টি। এতিয়ালৈকে কোনো এটা পৰীক্ষাই এই তত্ত্বৰ দাবী প্রমাণ কৰিব পৰা নাই, কিন্তু ৰজ্জু তাত্ত্বিকসকলে এই তত্ত্বৰ সৈতে জড়িত সমীকৰণবোৰৰ সৌন্দৰ্য্যত গভীৰভাৱে বিশ্বাস কৰেঃ ইমান ধুনীয়া সমীকৰণবোৰ কেতিয়াও মিছা হ’ব নোৱাৰে! এনে কথা শুনিবলৈ পোৱা হ’লে ডিৰাকৰ অন্তৰ জুৰ পৰি গ’লহেঁতেন।

পদার্থবিজ্ঞানৰ ৰাজকবি ডিৰাকৰ নান্দনিক সংবেদনশীলতাই পিছে সাহিত্যৰ কবিতা সামৰি লোৱা নাছিল। গণিতৰ কবিতাৰ কবিজনে সাহিত্যৰ কবিতাক কেতিয়াও ভাল চকুৰে চোৱা নাছিল। যেতিয়া তেওঁ জানিব পাৰিছিল যে দ্বিতীয় মহাযুদ্ধৰ সময়ত আণবিক বোমা নির্মাণৰ বাবে হৈ থকা বিখ্যাত মানহাটন প্রকল্পৰ সঞ্চালক ৰবাৰ্ট অপেনহাইমাৰে কবিতা লিখে, তেতিয়া তেওঁ কৈছিল এইদৰেঃ “I do not see how a man can work at the frontiers of physics and write poetry at the same time. They are in opposition. In science you want to say something nobody knew before, in words which everyone can understand. In poetry you are bound to say something that everybody knows already in words that nobody can understand.”

বিজ্ঞানত আগতে কোনেও নজনা কথা এটা সকলোৱে বুজিব পৰা ভাষা এটাৰে কোৱা হয়, আৰু কবিতাত গোটেই ভাৰস্তখনে জনা কথা এটাকে কোনেও বুজি নোপোৱা ভাষা এটাৰে কোৱা হয়! একেজন মানুহেই এই দুয়োটা কাম কেনেকৈ কৰিব পাৰে! ঠিকেইতো!

(২)

কুৰি শতিকাৰ আন এগৰাকী আগশাৰীৰ পদার্থবিজ্ঞানী হ’ল ৰিচাৰ্ড ফাইনমেন, যাৰ নাম নুশুনা শিক্ষিত মানুহ নাই বুলিয়েই ক’ব পাৰি। পদার্থবিজ্ঞানী হিচাপে তেওঁ যিমান বিখ্যাত, সিমানেই বিখ্যাত এগৰাকী কৌতুকপ্রিয় ব্যক্তি, প্রেক্টিকেল জ’কাৰ, বিবসনা নাৰীৰ চিত্ৰকৰ, জনপ্রিয় বিজ্ঞান-লেখক আৰু ব্রাজিলৰ ছাম্বা নৃত্যৰ ঢুলীয়া হিচাপে; তেওঁৰ আগ্রহ নথকা বিষয় বোধহয় একোৱে নাছিল। তেওঁৰ Surely You Are Joking, Mr. Feynman!, What Do You Care What Other People Think?, The Meaning of It All, The Pleasure of Finding Things Out আদিৰ দৰে পুথিবোৰ জীৱন আৰু জগৎ সম্পর্কে কৌতূহলী যি কোনো মানুহৰ অৱশ্য পঠনীয় পুথি। পদার্থবিজ্ঞানলৈ তেওঁৰ আটাইতকৈ বিখ্যাত অৱদান হ’ল ‘ফাইনমেন ডায়েগ্রাম’,—যাৰ দ্বাৰা কোৱাণ্টাম বিদ্যুৎগতিবিজ্ঞানৰ সৈতে জড়িত গণিতৰ সমাধান পাব পাৰি তেনেই সহজে; যাৰ সমাধানৰ কাৰণে, ফাইনমেনৰ নিজৰ ভাষাতে, absolutely impossible to develop intuition for. ফাইনমেনে গভীৰভাৱে বিশ্বাস কৰিছিল যে বিজ্ঞান আৰু কলা দুয়োটাৰে সাধনাই জীৱন আৰু জগৎ সম্পর্কে মানুহৰ কৌতূহল আৰু সংবেদনশীলতাক উদ্দীপিত কৰি তোলে।

পদার্থবিজ্ঞানৰ সৈতে বিজ্ঞানৰ অন্যান্য বিষয়বোৰৰ সম্পৰ্কৰ বিষয়ে কৰা এটা আলোচনাত ফাইনমেনে কৈছিল, “A poet once said, The whole universe is in a glass of wine.’ We will probably never know in what sense he meant that, for poets do not write to be understood.” ফাইনমেনে তেওঁৰ বুদ্ধিদীপ্ত কৌতুক আৰু অন্তৰ্দৃষ্টিৰে আলোচনাটোত দেখুৱাইছে কেনেকৈ সঁচাকৈয়ে এপিয়লা সুৰাতে গোটেই বিশ্বব্রহ্মাণ্ডখনকে পাব পাৰি!

ফাইনমেনে যদিও কবিৰ ‘এপিয়লা সুৰাতে আছে গোটেই ব্রহ্মাণ্ডখন’ বোলা কথাষাৰ সঁচা বুলি প্ৰমাণ কৰিছে, তথাপি তেওঁ নিজে কোৱা কথাষাৰো প্রায় সমানেই সঁচাঃ poets do not write to be understood,—কবিয়ে কাহানিও বুজিবলৈ নিলিখে। কবিৰ দায়িত্ব হ’ল কথাটো বা কাহিনীটো অতি সুন্দৰ আৰু ৰোমাঞ্চকৰ ভাষাৰে পাঠকক কোৱাটো, পাৰিলে ভাষাই যিমান বলে পাৰে। তাতোকৈও বেছিকৈ কিবা এটা কোৱাটো। (‘শব্দৰ এই বাঢ়ি অহাকণেই হৈছে কবিৰ নিৰ্মাণ’—কবি হীৰেন ভট্টাচার্যই কৈছিল।) ভাব আৰু ভাষাই যদি পাঠকৰ মনত আগ্রহ আৰু উত্তেজনাৰ সৃষ্টি কৰে, তেতিয়া পাঠকে জানিব যে তেওঁ গুৰুত্বপূর্ণ কিবা এটা পঢ়িছে। এই ‘গুৰুত্বপূর্ণ কিবা’টো হয়তো কবিৰ কল্পনাতো নাছিল!

আন এগৰাকী স্বনামধন্য বিজ্ঞানী হান্স বেথেই ফাইনমেন সম্পর্কে কৈছিল, “There are two types of genius. Ordinary geniuses do great things, but they leave you room to believe that you could do the same if only you worked hard enough. Then there are magicians, and you can have no idea how they do it. Feynman was a magician.” আমাক মন্ত্রমুগ্ধ কৰি ৰখা সফল কবিসকলকো যাদুকৰ যেন নালাগেনে ?

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!