হেকিং, আপোনাৰ ফেচবুক আইডিটোক কেনেকৈ সুৰক্ষিত ৰাখিব?

লেখক- পুলক সভাপণ্ডিত

আজি কিছুদিন আগতে ফেচবুকটো খুলি দেখিলোঁ আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে এটা পষ্ট দিছে। তাত তেওঁ লিখিছে তেওঁৰ ফেচবুক একাউণ্টটো কোনো দুষ্টলোকে হেক কৰিছে আৰু তেওঁৰ মেচেঞ্জাৰৰ পৰা বহুলোকলৈ পইচা বিচাৰি মেচেজ কৰিছে। দুষ্কৃতিকাৰীয়ে নিজৰ বেংক একাউণ্টটো দি চিকিৎসাজনিত কাৰণ দেখুৱাই তাত খুব জৰুৰীভাৱে পইচা সুমুৱাই দিবলৈ অনুৰোধ কৰিছে। অধ্যক্ষজনৰ দুই এজন ঘনিষ্ঠ ব্যক্তিলৈ তেনে ধৰণৰ অনুৰোধ যোৱাত সন্দেহ প্ৰকাশ কৰি তেওঁলোকে অধ্যক্ষ গৰাকীক ফন যোগে কথাটো সোধাতহে প্ৰকৃত সত্য পোহৰলৈ আহে। তেওঁলোকে মেচেঞ্জাৰত অধ্যক্ষজনে তেওঁলোকক টকা জমা দিবলৈ দিয়া মেছেজৰ স্ক্ৰীনশ্বট মাৰি তেওঁলৈ পঠিয়াই দিছে যিখিনি অধ্যক্ষগৰাকীয়ে ফেচবুকত দিয়া পষ্টটোত সন্নিৱিষ্ট কৰি দিছে। তাৰ ঠিক কেইদিনমান পিছত বিশ্বনাথ জিলাৰ উপায়ুক্তৰ ক্ষেত্ৰতো ঠিক অনুৰূপ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গল। খবৰকেইটাই সঁচাকৈ মনমগজুক জোকাৰি গল। যদি এনে ব্যক্তিৰ ক্ষেত্ৰতেই এই দুষ্কাৰ্য সংঘটিত হব পাৰে তেনে সাধাৰণ মানুহ কেনেকৈ সাৰি যাব? এবাৰ কল্পনা কৰকচোন আপোনাৰ একাউণ্টটোৰ পৰা যদি কোনোবাই যিকোনো লোকলৈ যিকোনো মেচেজ পঠিয়ায়, আৰু তেনে মেচেজ লাভ কৰা লোকসকলে সেয়া আপুনি পঠিয়াইছে বুলিয়েই নিশ্চিত হয় তেতিয়া আপোনাৰ প্ৰতি তেওঁলোকৰ মনত কেনে ধাৰণাৰ সৃষ্টি হব! আপুনি যদি কেনেবাকৈ কথাটো গম পায় তেন্তে আপুনি বাৰু স্পষ্টীকৰণ দিব পাৰিব। কিন্তু যদি এনেকুৱা হয় যে আপুনি কথাটো গম নোপোৱাকৈয়ে থাকি গল, তেন্তে বাৰু কথাটো কিমান ভয়াবহ হব এবাৰ ভাবকচোন! 

বৰ্তমান বিশ্বৰ সকলোতকৈ জনপ্ৰিয় যোগাযোগ মাধ্যম কোনটো? যি কোনো ব্যক্তিকেই এই প্ৰশ্ন কৰিলে নিঃসন্দেহে ফেচবুকৰ কথাই কব। ২০০৪ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে নিজৰ যাত্ৰা আৰম্ভ কৰি মাত্ৰ ১৭ বছৰত জনপ্ৰিয়তাৰ শিখৰলৈ উঠিছে এই সামাজিক যোগাযোগ মাধ্যমটো। ২০২১চনৰ জানুৱাৰীত হোৱা এক সমীক্ষা অনুসৰি দেখা গৈছে, পৃথিৱীৰ প্ৰায় ২.৮০ বিলিয়ন লোকে সক্ৰিয়ভাবে ফেচবুক ব্যৱহাৰ কৰে। ফেচবুক ব্যৱহাৰ কৰা দেশবোৰৰ ভিতৰত ২৫১ মিলিয়ন ব্যৱহাৰকাৰীৰে ভাৰত পৃথিৱীৰ ভিতৰত প্ৰথম স্থানত আছে। ব্যক্তিগত আলাপ আলোচনাৰ পৰা ধৰি গ্ৰুপ পৰ্যায়ৰ আড্ডা বা আলোচনালৈকে বহু তথ্য থাকে ফেচবুকত। কিন্তু দিনে দিনে এই জনপ্ৰিয় মাধ্যমটোত বাঢ়িছে নিৰাপত্তাহীনতা। ক্ৰমান্বয়ে ফেচবুকত হেকাৰৰ আধিপত্য বাঢ়িছে। অলপ অসচেতন হলেই ব্যক্তিগত সকলো তথ্য আৰু ছবি হেকাৰৰ হাতলৈ গুচি যাব পাৰে। এই লেখাটোৰ জৰিয়তে আমি জানিবলৈ চেষ্টা কৰিম কেনেকৈ হেকাৰৰ আমাৰ ফেচবুক আইডিটো সুৰক্ষিত কৰি ৰাখিব পাৰোঁ। হেকাৰৰ হাতৰ পৰা বাচিবলৈ হলে আপুনি প্ৰথম জানিব লাগিব আপোনাৰ ফেচবুক একাউণ্টটো আপোনাৰ বাহিৰেও আন কোনোবাই ব্যৱহাৰ কৰিছে নেকি? বহুতৰে এটা ধাৰণা আছে যে হেকাৰক চিনাক্ত কৰা কঠিন। কিন্তু বিশেষজ্ঞসকলে এই কথাটো জনাৰ বাবে সহজ কৌশল উল্লেখ কৰিছে। 

ইয়াৰ বাবে আপুনি কৰিব লগীয়াখিনি হল

. ফেচবুক অপেন কৰক

. থ্ৰিলাইন মেনুলৈ যাওক। 

. ‘চেটিংছ এণ্ড প্ৰাইভেচি অপচনত ক্লিক কৰক। 

. ‘চেটিংছ অপচন চিলেক্ট কৰক। 

. তল ফালে স্ক্ৰল কৰিচিকিউৰিটি এণ্ড লগইন অপচন চিলেক্ট কৰক। 

. এতিয়া আপুনি দেখিব, ‘হোয়েৰ ইউ আৰ লগডইন লেখাটো। 

সোঁফালে থকাচিঅল মেনুত ক্লিক কৰিলে আপোনাৰ একাউণ্ট ব্যৱহাৰৰ ইতিহাস আপুনি দেখিবলৈ পাব। অৰ্থাৎ যিবিলাক ডিভাইচ ব্যৱহাৰ কৰি ইতিমধ্যে আপোনাৰ ফেচবুক একাউণ্টটো লগইন কৰা হৈছে সেই সকলোবোৰ আপোনাৰ চকুত পৰিব। লগইন হিষ্টৰি দেখাৰ সময়ত যদি কোনো অচিন ডিভাইচ আপোনাৰ চকুত পৰে, তেনেহলে আপুনি বুজক যে আপোনাৰ একাউণ্টটো ইতিমধ্যেই হেক হৈ গৈছে। অৰ্থাৎ আপোনাৰ ফেচবুক একাউণ্টটো বেলেগ কাৰোবাৰ নিয়ন্ত্ৰণত আছে। বিশেষজ্ঞসকলে এনে ঘটনা ঘটাৰ দুটা কাৰণ থাকিব পাৰে বুলি উল্লেখ কৰিছে। প্ৰথমটো হ, আপুনি হয়তো কেতিয়াবা কোনো চিনাকি ব্যক্তিৰ ডিভাইচত আপোনাৰ ফেচবুক লগইন কৰিছিল, কিন্তু তাৰ পিছত লগআউট কৰিবলৈ পাহৰি গল। আপোনাৰ সেই চিনাকি লোকজনে হয়তো তাৰ সুযোগ গ্ৰহণ কৰিছে। আৰু দ্বিতীয়টো হল কোনো হেকাৰে কোনো অসৎ উদ্দেশ্যেৰে আপোনাৰ ফেচবুক হেক কৰিছে। এতিয়া কথা হল আপোনাৰ একাউণ্টটোৰ ক্ষেত্ৰত যদি তেনে কিবা নঘটিবলগীয়া ঘটে তেন্তে আপুনি কি কৰিব? অৰ্থাৎ আপোনাৰ ফেচবুক একাউণ্টটোত যদি কাৰোবাৰ কুদৃষ্টি পৰে অৰ্থাৎ হেক হৈ যায়, তেনেহলে লগইন হিষ্টৰিত যিটো ডিভাইচ আপোনাৰ অচিন যেন ধাৰণা হয়, সেইটো লগআউট কৰি দিয়ক। সেয়া কেনেকৈ কৰিব চাও আহক। ডিভাইচটোৰ সোফালে থকা থ্ৰিডট মেনুত ক্লিক কৰক। তেনে কৰিলে তলৰ ফালে দুটা অপচন আহিব। এটা ছিকিউৰ লগইন, আনটো লগআউট। আপুনিলগআউটঅপচন চিলেক্ট কৰি দিয়ক। ইয়াৰ ফলত যিটো ডিভাইচত আপোনাৰ একাউণ্টটো লগইন কৰা আছে, তাৰ পৰা একাউণ্টটো লগআউট হৈ যাব। এইবাৰ একেবাৰে তলৰ ফালেলগআউট অব অল চেছনচ অপচনটো দেখিবলৈ পাব। ইয়াত ক্লিক কৰিলে আপোনাৰ একাউণ্টটো যত যত লগইন কৰা আছে, সেই সকলো ডিভাইচৰ পৰা লগআউট হৈ যাব। এতিয়া প্ৰয়োজন অনুযায়ী আপুনি বিভিন্ন ডিভাইচত লগইন কৰি লব পাৰিব। 

ওপৰত উল্লেখ কৰা উপায়খিনি হল প্ৰতিকাৰ মাত্ৰ। কিন্তু আমি সকলোৱে জানো প্ৰতিকাৰতকৈ প্ৰতিৰোধ হল উত্তম উপায়। আপোনাৰ একাউণ্টটো হেক কৰি একাউণ্টটোৰ দ্বাৰা সাংঘাতিক কিবা বেয়া কাম এটা কৰাৰ আগতেই আপুনি সতৰ্ক হৈ থকা উচিত। অৰ্থাৎ কোনো দুষ্কৃতিকাৰীয়ে আপোনৰ একাউণ্টটো হেক কৰিবলৈ যিমানেই চেষ্টা নকৰক কিয় তেওঁ যাতে সেই কাৰ্যত সফল নহয় তাৰ বাবে আপুনি কিছুমান কাম আগতীয়াকৈ কৰি থব পাৰে। তেনেহলে চাওঁ আহক কেনেকৈ সুৰক্ষিত কৰি ৰাখিব আপোনাৰ একাউণ্টটো? থ্ৰিলাইন মেনুত ক্লিক কৰক। এইবাৰ স্ক্ৰল কৰিছেটিংছ এণ্ড প্ৰাইভেচিত ক্লিক কৰক আৰুছেটিংছঅপচনটো ছিলেক্ট কৰক। ছিকিউৰিটি এণ্ড লগইন অপচনলৈ যাওক। তাত গৈ স্ক্ৰল কৰিলেগেট এলাৰ্টচ এবাউট আনৰিকগনাইজড লগইনচঅপচন দেখিবলৈ পাব। তাত ক্লিক কৰক। এইবাৰ আপুনি নটিফিকেচনচ, মেছেজেছ আৰু ইমেইল এড্ৰেছএই তিনটা অপচন পাব। ইয়াৰে যি কোনো এটা আপুনি বাছি লব পাৰে। কিন্তু বিশেষজ্ঞসকলে পৰামৰ্শ দিছে, এই আটাইকেইটা অপচনেই অন কৰি ৰখাটো বেছি নিৰাপদ। যেতিয়া কোনো হেকাৰে আপোনাৰ একাউণ্টটো হেক কৰিবলৈ বিচাৰিব, তেতিয়া তৎক্ষণাত আপোনাক সেই কথা জনাই দিয়া হব। ফেচবুকত আপোনাৰ ইমেইল এড্ৰেছ যোগ কৰা নাথাকিলে ওপৰৰএড ইমেইল এড্ৰেছ’-ত ক্লিক কৰি আপুনি যোগ কৰি লব পাৰে। হেকিঙৰ পৰা নিজক সুৰক্ষা দিবলৈটুফেক্টৰ অথেনটিকেচনল সকলোতকৈ কাৰ্যকৰী চেটিংছ।চিকিউৰিটি এণ্ড লগইনঅপচনলৈ গলে আপুনি অথেনটিকেচন এপ, টেক্সট মেছেজ (এচএমএচ) আৰু চিকিউৰিটি কিএই তিনিটা চেটিংছ দেখিবলৈ পাব। ইয়াৰ ভিতৰত সকলোতকৈ সহজ তথা কাৰ্যকৰী অপচনটো হল টেক্সট মেছেজ। গতিকেটেক্সট মেছেজ (এচএমএচ)’ অপচন চিলেক্ট কৰি তলত থকাকণ্টিনিউবাটনত ক্লিক কৰিব লাগিব। এতিয়া আপুনি তাত এটা ফন নাম্বাৰ দিব লাগিব। মাত্ৰ এটা কথা লক্ষ্য ৰাখিব যে তাত দিয়া ফন নাম্বাৰটো যাতে সক্ৰিয় হৈ থাকে। এই নাম্বাৰলৈ ফেচবুকে আপোনাক ভেৰিফিকেচন কড পঠিয়াব। ফেচবুকত ফন নাম্বাৰ দিয়া নাথাকিলে তলফালে থকাএড্ ফন নাম্বাৰ অপচনত ক্লিক কৰি যোগ কৰি লওক। তাৰ পিছতকণ্টিনিউবাটনত ক্লিক কৰক। তেনে কৰাৰ পিছত ফেচবুকৰ পৰা আপোনাৰ নম্বৰলৈ এটা কড পঠিওৱা হব। সেই কডটোৰ জৰিয়তে কাৰ্যক্ষম কৰক আপোনাৰ একাউণ্টৰটুফেক্টৰ অথেনটিকেচন টুফেক্টৰ অথেনটিকেচনকৰা থাকিলে হেকাৰে আপোনাৰ পাছৱৰ্ড জানিলেও লগইন কৰাত সফল নহব। আপোনাৰ নম্বৰলৈ এটা কড পঠিয়াই মাত্ৰ ফেচবুকে আপোনাক জনাই দিব যে কোনোবাই আপোনাৰ একাউণ্ট হেক কৰাৰ চেষ্টা কৰিছে। 

আহক অকণমান সাৱধানতা অৱলম্বন কৰি নিজৰ ফেচবুক একাউণ্টটো সুৰক্ষিত কৰি লওঁ। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!