বাজেট, সংগ্ৰহালয় আৰু ঐতিহ্য সংৰক্ষণ

লেখক- পঙ্কজ প্ৰতিম বৰদলৈ

যোৱা ১২ জুলাই তাৰিখেআমাৰ অসমকাকতত জোৰ্তিময় চক্ৰৱৰ্তীদেৱৰপ্ৰসংগ: সংগ্ৰহালয়শীৰ্ষক এটা অতি প্ৰয়োজনীয় আৰু সময়োপযোগী লেখা পঢ়িবলৈ পালোঁ আৰু তাৰে জেৰ টানি কিছু কথা লিখাৰ প্ৰয়াস কৰিছোঁ। এইবাৰৰ বাজেটত বৰ্তমান চৰকাৰখনে সংগ্ৰহালয় আৰু ঐতিহ্য সংৰক্ষণৰ দিনটোত বিশেষ গুৰুত্ব দিছে আৰু কিছু ইতিবাচক সদিচ্ছা দেখুৱাইছে। বিত্তীয় দিশৰ পৰা যদিও পৰিমাণটো বিশেষ বৃহৎ নহয় কিন্তু এক গঠনমুখী প্ৰয়াস কৰাৰ চেষ্টা চৰকাৰে কৰিছে। বাজেটত ১০খন জিলাত সাংস্কৃতিক বিকাশ আৰু গৱেষণা কেন্দ্ৰ স্থাপন, তেজপুৰত সাংস্কৃতিক জগতৰ চাৰিজন পুৰোধা ব্যক্তিৰ নামত সংগ্ৰহালয় স্থাপনৰ প্ৰকল্প, শিৱসাগৰৰ টাই সংগ্ৰহালয়ৰ নৱীকৰণ আৰু আধুনিকীকৰণ তথা তেজপুৰৰজ্যোতিভাৰতীৰ আধুনিকীকৰণ আৰু শিৱসাগৰত এটা বৈশিষ্ট্যপূৰ্ণ ঐতিহ্যৰ সংগ্ৰহালয় স্থাপন তথা চৰাইদেউৰ প্ৰত্নতাত্বিক ক্ষেত্ৰক ইউনেস্কৰ ঐতিহ্য তালিকাত স্থান দিয়াৰ বাবে উদ্যোগ গ্ৰহণ কৰা আৰু দিল্লীত এটা অসম সাংস্কৃতিক প্ৰকল্প স্থাপন আদি গুৰুত্বপূৰ্ণ দিশে স্থান পাইছে। সংস্কৃতি, সংগ্ৰহালয়, ঐতিহ্য, পুৰাতত্ত্ব আদি বিষয় বোৰ যোগসূত্ৰ থকা আৰু বহু সময়ত পৰিপূৰক। চক্ৰৱৰ্তীদেৱে লেখাটোৰ জৰিয়তে সংগ্ৰহালয় আৰু আনুষঙ্গিক বহুদিশৰ কিছু গুৰুত্বপূৰ্ণ আলোচনা কৰিলে। সংগ্ৰহালয়ৰ লগত জড়িত এক গুৰুত্বপূৰ্ণ বিষয় হৈছে সংগ্ৰহালয়বিদ্যা, যাক ইংৰাজীত মিউজিঅলজী বা মিউজিয়াম ষ্টাডীজ নামে জনাজাত, ই ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত সংগ্ৰহালয়ৰ ভূমিকা, দায়িত্ব, তথা কৰ্ম পদ্ধতি সম্পৰ্কে এক প্ৰণালীবদ্ধ আৰু সংহত বৈজ্ঞানিক পদ্ধতিত শিক্ষা আগবঢ়ায়। এই বিষয়ত শিক্ষা আৰু অভিজ্ঞতা অৰ্জন কৰা লোকসকলে এই বিষয়টোৰ প্ৰায়োগিক আৰু তাত্বিক দুয়োটা দিশৰ ক্ষেত্ৰত প্ৰয়োজনীয় অৱদান আগবঢ়াব পাৰে। চক্ৰৱৰ্তীদেৱে উল্লেখ কৰাৰ দৰে সংগ্ৰাহক যদিও প্ৰতিজন ব্যক্তিয়েই হব পাৰে। কিন্তু সংৰক্ষণ আৰু সংগ্ৰহালয়বিদ্যাৰ মূল দিশকেইটাসংগ্ৰহ আৰু পঞ্জীয়ন, গৱেষণা, প্ৰদৰ্শনী, শিক্ষামূলক কাৰ্যসূচী আৰু প্ৰকাশন তথা সংৰক্ষণ আদিৰ সম্যক জ্ঞান থকা ব্যক্তিৰ বাবেহে এই বিষয়ত ফলপ্ৰসূ, বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধভাৱে এটা সংগ্ৰহালয় স্থাপন কৰা সম্ভৱ হৈ উঠে। পশ্চিমৰ দেশসমূহত সংগ্ৰহালয় আৰু ঐতিহ্য সংৰক্ষণৰ যি এক পৰিৱেশ আৰু গুৰুত্ব আছে, সেয়া আমাৰ দেশত বহুপৰিমাণে স্তিমিত আৰু নগণ্য। উপনিবেশিক শাসনৰ প্ৰভাৱতে ভাৰতত সংগ্ৰহালয় স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু কলিকতা চহৰৰ ভাৰতীয় সংগ্ৰহালয় দেশৰ প্ৰথমটো সংগ্ৰহালয়। অসমত বৰ্তমান সময়ত বিষয়টোৱে বিতৰ্ক আৰু কিছু প্ৰাধান্য লাভ কৰিছে যদিও প্ৰায়োগিক দিশত বৰ বিশেষ উল্লেখযোগ্য আঁচনি গ্ৰহণ কৰি কৰ্ম সম্পাদন কৰা হোৱা নাই। ৰাজ্যৰ কেইটামান জিলা সংগ্ৰহালয়ৰ নৱীকৰণ আৰু অসম ৰাজ্যিক সংগ্ৰহালয়ৰ আধুনিকীকৰণ আৰু নতুন গেলেৰী স্থাপন আদি ইতিবাচক কাম অৱশ্যেই সম্পাদন কৰা হৈছে। ইউৰোপৰ বিভিন্ন দেশত তথা ভাৰতৰো বহু ৰাজ্যত ব্যক্তিগত আৰু ন্যাস আদিৰ জৰিয়তে বহুতো সংগ্ৰহালয় স্থাপন কৰা হৈছে যদিও অসমত মূলতঃ চৰকাৰে স্থাপন কৰা সংগ্ৰহালয়সমূহেই প্ৰাধান্য লাভ কৰি আহিছে। প্ৰকৃততে সংগ্ৰহালয়ৰ ৰূপ পাবৰ বাবে তেনে প্ৰতিষ্ঠানে কিছু চৰ্তপূৰণ কৰিব পাৰিব লাগিব। পেৰিছস্থিত আন্তৰ্জাতিক সংগ্ৰহালয় পৰিষদে এই ক্ষেত্ৰত স্পষ্ট নীতিনিৰ্দেশনা দি থৈছে। কিছু আপুৰুগীয়া সম্পদ সংগ্ৰহ কৰি কোঠা এটাত সুন্দৰকৈ সজাই থলেই ই সংগ্ৰহালয়ৰ নাম লাভ নকৰে৷ অসমত ৰাজহুৱা সদিচ্ছা আৰু সচেতনতাৰ অভাৱৰ বাবেই সম্পদবোৰৰ প্ৰকৃত সংৰক্ষণ আৰু বিভিন্ন বিষয়কেন্দ্ৰিক সংগ্ৰহালয় স্থাপন সম্ভৱ হৈ উঠা নাই। চৰকাৰৰ লগতে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানেসমূহে বিশেষ গুৰুত্ব দিব পাৰে। বৰ্তমান সময়ত স্থানীয় ঐতিহ্য সংৰক্ষণে বিশেষ গুৰুত্ব লাভ কৰিছে। পশ্চিমৰ প্ৰায়বোৰ সৰু বৰ চহৰতে পৌৰনিগম আৰু নগৰ পৰিষদৰ অধীনত চহৰখনকলৈ একোটা সংগ্ৰহালয় থাকে, ত চহৰখন তথা চহৰখনৰ জনজীৱনৰ অতীত আৰু বৰ্তমানৰ এক সম্যক ধাৰণা পাব পাৰি। অসমতো স্থানীয় নিকায়নিগম তথা উচ্চশিক্ষাৰ স্থানীয় প্ৰতিষ্ঠান সমূহ যেনেকলেজ, উচ্চতৰ মাধ্যমিক বিদ্যালয় আদিয়ে গ্ৰন্থাগাৰ স্থাপনৰ সমান্তৰালকৈ একোটা ক্ষুদ্ৰ সংগ্ৰহালয় স্থাপনৰ দিশত গুৰুত্ব দিব পাৰে। এই লেখকে ব্যক্তিগত প্ৰচেষ্টাৰে উজনিৰ কেইবাখনো কলেজত স্থানীয় ইতিহাস সম্বলিত একোটা ক্ষুদ্ৰ বিভাগীয় সংগ্ৰহালয় স্থাপন কৰাত সফলতা লাভ কৰিছিলোঁ। স্কুলীয়া পাঠ্যক্ৰমত ঐতিহ্য সংৰক্ষণৰ প্ৰয়োজনীয়তা তথা সংগ্ৰহালয় আদি বিষয়বোৰৰ বিষয়ে প্ৰায়োগিক জ্ঞান দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিলে, নৱপ্ৰজন্মক এই বিষয় বোৰ সম্পৰ্কে সচেতন কৰিব পৰা যাব। সংগ্ৰহালয় দৰ্শন আদি বাধ্যতামূলক কৰিলেও বহু ছাত্ৰছাত্ৰীৰ উপকাৰ হব। সংগ্ৰহালয়ৰ লগত ওতপ্ৰোতভাৱে জড়িত থকা এটা বিষয় হৈছে সংৰক্ষণ। প্ৰতিটো কলাবস্তুৰে এক নিৰ্দিষ্ট জীৱদ্দশা থাকে আৰু উপযুক্ত ব্যবস্থা গ্ৰহণ নকৰিলে ইয়াৰ আয়ুস ক্ষয় হয়। গতিকে উচ্চ প্ৰযুক্তি সম্পন্ন সংৰক্ষণ লেবৰেটৰী স্থাপন অন্য এক প্ৰয়োজনীয় দিশ, যি এই সম্পদসমূহৰ আয়ুসবৃদ্ধিৰ বাবে যথাযোগ্য ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। উপযুক্ত আন্তগাঁথনি অবিহনে সম্পদসমূহৰ প্ৰকৃত সংৰক্ষণ সম্ভৱ নহব। বাজেটত এনে প্ৰায়োগিক, কম খৰচী আৰু ক্ষুদ্ৰ পৰ্যায়তে আৰম্ভ কৰিব পৰা কামৰ বিষয়েও ভৱিষ্যতে চিন্তাচৰ্চা কৰাৰ থল আছে। এই সকলোবোৰৰ উৰ্ধত অতিকৈ প্ৰয়োজনীয় দিশটো হৈছে যে এনেধৰণৰ নতুন আৰু গুৰুত্বপূৰ্ণ পাঠ্যক্ৰমসমূহ অসমৰ বিশ্ববিদ্যালয় সমূহত শিক্ষাদান আৰম্ভ কৰাটো। এদল দক্ষ, যোগ্য, প্ৰশিক্ষণপ্ৰাপ্ত বিষয় বিশেষজ্ঞৰ অতীৱ প্ৰয়োজন আছে। দক্ষলোকৰ অবিহনে এই প্ৰতিষ্ঠান সমূহ বগাহাতীত পৰিণতহোৱাৰে সম্ভাবনাই অধিক। অসমৰ কোনো এখন বিশ্ববিদ্যালয়তে পূৰ্ণ পৰ্যায়ত সংগ্ৰহালয়বিদ্যাৰ পাঠ্যক্ৰম নাই। কটন বিশ্ববিদ্যালয়ত মাত্ৰ কেইবছৰমান পূৰ্বে পুৰাতত্ত্ববিদ্যাৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে যদিও বহুখিনি আন্তগাঁথনি আৰু মানবসম্পদ অভাৱ আছে। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় বা নতুনকৈ স্থাপন হোৱা বিশ্ববিদ্যালয় কেইখনে গতানুগতিক বিষয়ৰ পাঠ্যক্ৰমতকৈ শেহতীয়া আৰু প্ৰয়োজনীয় প্ৰায়োগিক পাঠ্যক্ৰমৰ আৰম্ভণি কৰিব পাৰে যি বহু সংখ্যক আগ্ৰহী ছাত্ৰছাত্ৰীক উপকৃত কৰিব। এই লেখকে অসমৰ বহু আগ্ৰহী ছাত্ৰছাত্ৰীৰ পৰা সংগ্ৰহালয়বিদ্যা বা আনুষংগিক দিশৰ পাঠ্যক্ৰমৰ বিষয়ে বহু প্ৰশ্নৰ সম্মুখীন হয়, ৰাজ্যখনত সীমিত সাসুবিধা থকাৰ বাবে বহু ইচ্ছুক ছাত্ৰছাত্ৰীৰ এই বিষয় সমূহ অধ্যয়ন কৰাটো সম্ভৱ হৈ উঠা নাই। এই প্ৰবন্ধ লিখি থকা সময়তে গম পাইছোঁ যে ৰাজধানী দিল্লীস্থ কেইবাটাও আগশাৰীৰ কলা সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ শিক্ষানুষ্ঠানক একগোট কৰি কেন্দ্ৰীয় চৰকাৰে Indian Institute of Heritage(IIH), ৰাষ্ট্ৰীয় ঐতিহ্য সংস্থা স্থাপনৰ কথা ঘোষণা কৰিছে। ই অতি সময়োপযোগী আৰু দূৰদৰ্শী সিদ্ধান্ত। বাজেটত উত্থাপন কৰা কিছু দিশৰ প্ৰায়োগিক দিশ সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। তেজপুৰ, শিৱসাগৰ আদিত সংগ্ৰহালয়ৰ নৱীকৰণ আৰু নতুনকৈ স্থাপন কৰিব খোজাৰ প্ৰায়োগিক দিশটো অতি প্ৰয়োজনীয়। এটা কথা সততেই লক্ষ্য কৰি আহিছো যে, এনেধৰণৰ কাম কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা পুঁজি আৰু সদিচ্ছাৰ অভাৱ নাথাকে। কিন্তু সুচিন্তিত আৰু পৰিকল্পনাবিহীন আঁচনি, পুঁজিৰ অপব্যৱহাৰ, মানদণ্ড হীন কামৰ বাবে এনে প্ৰকল্পসমূহৰ মূল উদ্দেশ্য পূৰণ নহয়গৈ আৰু ৰাজহুৱা ধনৰ শৰাধ কৰাৰ হয়। উদাহৰণ স্বৰূপে চুকাফা সমন্বয় ক্ষেত্ৰৰ সংগ্ৰহালয়টোৰ পৰা চক্ৰৱৰ্তীদেৱে কিছু আশা কৰিছে। কিন্তু এই লেখকৰ সেই সংগ্ৰহালয়ৰ এক ব্যক্তিগত ভ্ৰমণে হতাশ কৰিছিল।এনেধৰণৰ প্ৰকল্প সমূহৰ পৰিকল্পনা আৰম্ভণিৰে পৰা নিখুঁত আৰু প্ৰায়োগিক হব লাগে। উদাহৰণস্বৰূপেজ্যোতিভাৰতীৰ নৱীকৰণ আৰু আধুনিকীকৰণ কৰিবলৈ যাওঁতে, ইয়াৰ ভৱনৰ উন্নয়ন সাধন, একেসময়তে জ্যোতিপ্ৰসাদ আগৰৱালাকেন্দ্ৰিক সম্পদসমূহৰ উপযুক্ত সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। প্ৰদৰ্শনৰ বাবে প্ৰয়োজনীয় নমুনা, নক্সা নিৰ্মাণ, কলা বস্তুৰ সুচিন্তিত নিৰ্বাচন, গৱেষণা তথা কলা কৃতিকেন্দ্ৰিক এক কাহিনী নিৰ্মাণ আদি দিশবোৰকলৈ পৰিকল্পিত ভাৱে কাম কৰিব লাগিব। ইয়াৰ পাছত ৰাজহুৱাভাৱে মুকলি কৰি দিয়া, দৰ্শনাৰ্থীৰ বাবে প্ৰয়োজনায় সাসুবিধা, স্কুলীয়া ছাত্ৰছাত্ৰী আৰু অন্যান্য দৰ্শকৰ বাবে বিভিন্ন শিক্ষামূলক কাৰ্যসূচী গ্ৰহণ আদিয়েও প্ৰাথমিক পৰ্যায়ৰ পৰিকল্পনাৰ পৰাই স্থান পাব। প্ৰতিটো পৰ্যায়ৰ কাম নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিব লাগিব। ভৱিষ্যত পৰ্যালোচনা আৰু সম্প্ৰসাৰণৰ বাবেও সুবিধা ৰখাৰ ব্যবস্থা কৰিব লাগিব। এই সকলোবোৰ এক ডিটেইল প্ৰজেক্ট ৰিপৰ্টৰ জৰিয়তে প্ৰণালীবদ্ধ ভাৱে কৰাৰ প্ৰয়াস কৰিব লাগিব। সংশ্লিষ্ট বিভাগে দক্ষ বিশেষজ্ঞ লোকৰ সমিতি গঠন কৰি এনে কাৰ্যসূচী ৰূপায়ণ কৰিব পাৰে। চক্ৰৱৰ্তীদেৱে উনুকিওৱা আন দুই এক দিশ আলোকপাত কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ। মাজুলী সত্ৰসমূহত থকা সম্পদসমূহৰ উপযুক্ত সংৰক্ষণ নোহোৱাৰ আনবোৰ কাৰণৰ লগতে এক অন্যতম কাৰণ হৈছে সত্ৰ সমূহৰ সম্পদসমূহক লৈ থকা ৰক্ষণশীল মনোভাৱ আৰু ধৰ্মীয় আবেগ। মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰাৰ বাবে প্ৰস্তুত কৰা প্ৰকল্প সমূহ দক্ষ, অভিজ্ঞ লোকৰ দ্বাৰা নিৰ্মাণ কৰোৱাৰ লগতে পুনৰ পৰ্যালোচনাৰ যথেষ্ট থল আছে। বহু সময়ত এই কামবোৰ গতানুগতিক ৰুটিন কামলৈ পৰ্যবসিত হয়। বাজেটত চৰাইদেউক ঐতিহ্য ক্ষেত্ৰ কৰাৰ প্ৰয়াসৰ বিষয়ে উল্লেখ কৰা হৈছে। মাজুলীৰ ক্ষেত্ৰত হোৱা ভুল বোৰৰ পৰা শিক্ষালাভ পুনৰাবৃত্তি নকৰি দায়বদ্ধ, সুস্থিৰ, নিখুঁত আৰু প্ৰণালীবদ্ধ গৱেষণাৰে অভিজ্ঞ লোকৰ দ্বাৰা প্ৰস্তুত কৰাৰ লাগে। প্ৰয়োজন অনুসাৰে আন্তৰাষ্ট্ৰীয় বিশেষজ্ঞৰো সহায় লব লাগে। চক্ৰৱৰ্তীদেৱে বৃন্দাবনী বস্ত্ৰৰ বিষয়ে লিখিছে। বৃন্দাবনী বস্ত্ৰক লৈ সময়ে সময়ে কিছু আৱেগ আমাৰ ৰাজ্যত সৃষ্টি কৰা দেখা যায়। নিজে চাই আহি অসমৰ ৰাইজক অনতিপলমে দৰ্শনৰ সুবিধা দিয়া হব বুলি কৈ ৰাজনীতিকে জনতাৰ বাহ বাহ লয়। শেহতীয়াকৈ হোৱা গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, ব্ৰিটিছ সংগ্ৰহালয়ত থকা শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা তৈয়াৰ কৰোৱা হোৱা বুলি ভৱা বৃন্দাবনী বস্ত্ৰৰ টুকুৰা কেইটা প্ৰকৃততে গুৰুজনাৰ লগত সংযোগ থকা বৃন্দাবনী বস্ত্ৰৰ নহয়।কথা গুৰুত্বপূৰ্ণ চৰিতবাগুৰু চৰিত কথাত বৃন্দাবনী বস্ত্ৰ শব্দটি পোন প্ৰথমবাৰৰ বাবে উল্লেখ আছিল আৰু এই গ্ৰন্থখন খ্ৰীষ্টীয় অষ্টাদশ শতিকাৰ পূৰ্বভাগত ৰচনা কৰা হৈছিল বুলি ঠাৱৰ কৰা হৈছে। এই গ্ৰন্থখন গুৰুজনাৰ সমকালীন সময়ৰ নহয়, তেখেতৰ জন্মৰ বহুকাল পাছৰ হে। গতিকে বস্ত্ৰভাগি পাছৰ কালতো তৈয়াৰ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আনহাতে শ্ৰীকৃষ্ণৰ জীৱনৰ বিভিন্ন দিশ ইয়াত প্ৰকাশ কৰা হৈছে। কিন্তু লাম্পা পদ্ধতিত বোৱা বস্ত্ৰত চিত্ৰাংশৰ পাছত চিত্ৰাংশ বস্ত্ৰত বোৱা নহয়, গতিকে বৃটিছ সংগ্ৰহালয়ত থকা বৃন্দাবনী বস্ত্ৰৰ টুকুৰাসমূহ কাহিনী বৰ্ণনা কৰিবৰ বাবে নহয় আন লোকাচাৰৰ বাবেও ব্যৱহাৰ হব পাৰে। এই টুকুৰাসমূহ একেসময়তে একেঠাইতে বোৱা হৈছিল বুলিও কব নোৱাৰি। আমি মাত্ৰ এই টুকুৰাসমূহ চিলাই কৰি পোৱা বস্ত্ৰভাগি তিব্বতৰ পৰা পোৱাৰ বিষয়ে জানো। বৃন্দাবনী বস্ত্ৰৰ বিস্থাপিত ইতিহাস, অসমৰ সত্ৰানুষ্ঠানত এই পৰম্পৰাৰ অৱস্থিতিৰ অভাৱ, মানৰ আক্ৰমণৰ প্ৰভাৱ আদি বহুবোৰ দিশ পৰ্যালোচনাৰ বিষয়। কেৱল নেতা আৰু মন্ত্ৰীৰ ঘোষণাতেই এই বস্ত্ৰখন অসমৰ মানুহে দৰ্শন কৰিবলৈ নাপায়। বৃন্দাবনী বস্ত্ৰ অসমত অমসৰ ৰাইজৰ বাবে অন্ততঃ কিছুদিনৰ বাবে প্ৰদৰ্শন কৰাটো বিশেষ অসম্ভৱ কাম নহয়। ইয়াৰ বাবে অসমৰ সংগ্ৰহালয় বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ নীতি নিৰ্দেশনা আৰু ব্যৱস্থাৱলী আছে, এনেধৰণৰ কলাকৃতিক ঋণ হিচাপে প্ৰদৰ্শনৰ বাবে ৰাষ্ট্ৰীয় সংগ্ৰহালয়ে নডেল সংস্থা হিচাপে কাম কৰে। ইয়াৰ লগতে ব্ৰিটিছ সংগ্ৰহালয়ৰ চৰ্ত, বীমা আৰু নীতিনিৰ্দেশনা সমূহ পূৰণ কৰাৰ প্ৰয়োজনীয়তা আছে। সদিচ্ছা থাকিলে এই কাম সম্ভৱ। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!