সাত সাগৰ তেৰ নদীৰ সিপাৰে

লেখক- আৰমান হাজৰিকা

ইচফাক ভিন্তি আৰু নমিবাই দিনদিয়েক আগতেহে লণ্ডনৰ পৰা আহি পাইছেহি। খাৰঘৰত দুয়োজন আমাৰ অসমীয়া পৰিয়াল সকলোৰে উমৈহতীয়া অভিভাৱকৰ দৰে। যোৱা ডিচেম্বৰ মাহতে লণ্ডনলৈ গৈছিল। তাৰে হেম্পশ্বায়াৰত জীয়েক-জোঁৱায়েক থাকে। মাঘৰ বিহুৰ দিনাই জীয়েকৰ যঁজা কেঁচুৱা এহাল জন্ম হ’ল। ইফালে কভিডৰ দ্বিতীয় লহৰে ইংলেণ্ড, ইউৰোপতো বহু বেমেজালিৰ সৃষ্টি কৰিলে। গতিকে আহোঁ বুলিও আহিব নোৱাৰা হ’ল। আনহাতে যঁজা কেঁচুৱাহালৰো এটাৰ বৰ জটিল অস্ত্ৰোপচাৰ কৰিব লগা হ’ল। পিছে, ভগৱন্তৰ কৃপাত ‘শেষ ভালেই সকলো ভাল’ৰ দৰে, সকলোবোৰ কামেই সুকলমে সমাধা হৈ যোৱাৰ পিছত, দুয়োজন যোৱা সপ্তাহত মুম্বাই পালেহি।

বৰ্তমান পৰিস্থিতিত, ঈদ বুলি সৰহলোক গোট খাবও নোৱাৰি! তথাপিও আমাৰে তিনিটা পৰিয়াল সন্ধিয়া সময়ত গোট খালোঁগৈ। জীয়েক-জোঁৱায়েক আৰু নাতি-নাতিনীসকলৰ কথা-বতৰাবোৰ পাতি থাকোঁতে, আমাৰো কথাৰ জেৰ নিচিগা হ’ল। প্ৰসঙ্গক্ৰমে তাৰ বৰ্তমান পৰিবেশটো বা লণ্ডনৰ সাধাৰণ চাহাববিলাকে বৰ্তমান পৰিস্থিতিটোৰ মোকাবিলা কৰিবলৈ কি কি কৰিছে, সেইবোৰ প্ৰসঙ্গও ওলাল।

ভিন্টিহঁতৰ জীয়ৰীৰ নাম তাচমিয়া। জোঁৱাইৰ নাম জাভেদ। দুয়োজনেই চাকৰিয়াল। তেওঁলোকৰ এই যঁজা সন্তানহালৰ লালন-পালনত যাতে কোনো ত্ৰুটি নহয় তাৰ কাৰণে চৰকাৰে সকলো ধৰণে সহায়-সহযোগ কৰে। আনকি, এইহাল যঁজা সন্তানৰ জন্মৰো প্ৰায় পাঁচবছৰমানৰ আগতেই তেওঁলোকৰ প্ৰথমটো সন্তান জন্মৰ সময়ত, চৰকাৰী মানুহে আহি, সন্তানৰ লালন-পালনৰ বাবে প্ৰতিটো কথাকে খৰচি মাৰি হ’বলগীয়া মাক-বাপেকহালক প্ৰশিক্ষণ দি গৈছিল। সন্তানৰ বুলিয়ে নহয়, সকলোৰে সম্পূৰ্ণ চিকিৎসাৰ ব্যয় চৰকাৰে বহন কৰে। আনকি, পিছৰ সন্তানহালৰ যিটো কেঁচুৱাৰ অতি জটিল ধৰণৰ অস্ত্ৰোপচাৰ হ’ল, তাৰ সম্পূৰ্ণ খা-খৰচৰ ভাৰ চৰকাৰে বহন কৰাৰ উপৰিও বৰ্তমানেও অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ মেডিকেল বিজ্ঞান বিভাগে এই অস্ত্ৰোপচাৰ আৰু তাৰ পিছৰ প্ৰগতিৰ বিষয়টো অধ্যয়ন কৰি আছে।আমাৰ ইয়াৰ দৰে, চিকিৎসাৰ ব্যয় আদি কথা লৈ, তাৰ নাগৰিকৰ কোনো মূৰ-কামোৰণি নাই। সকলো দায়-দায়িত্ব চৰকাৰৰ।

কভিডত কোনো কেনিও ওলাব নোৱাৰা কেইদিনতো তাৰ মানুহবোৰে পৰস্পৰে পৰস্পৰক লগ-সঙ্গ দিবলৈ বিভিন্ন অভিনৱ পন্থা হাতত লৈছিল। উদাহৰণ হিচাপে, ভালকৈ কী-বোৰ্ড বজাব জনা এজনে, সপ্তাহত দুদিন এটা নিৰ্দিষ্ট সময়ৰ বাবে, ঘৰৰ আগ চোতাললৈ কী-বোৰ্ড, চাউণ্ডবক্স আদি উলিয়াই লৈ বজাবলৈ আৰম্ভ কৰে। সকলোৱে নিজৰ নিজৰ চোতাললৈ চকী-মেজ উলিয়াই বহি লয়হি। বজাওতাজনে বজাই যায়, ৰাইজে উপভোগ কৰে। প্ৰতিটো সঙ্গীত শেষ হোৱাৰ পিছত চুবুৰিৰ ৰাইজে হাত-চাপৰি বজাই উৎসাহ দিয়ে। চুবুৰিটোৰ ৰাইজৰ ঘৰৰ ভিতৰৰ অকলশৰীয়া আমনিদায়ক সময়ৰ এটা আকৰ্ষণীয় সমাধান ওলায়।

তাচমিয়া-জাভেদ নতুন কেঁচুৱা লৈ হস্পিতালৰ পৰা ঘৰ পোৱাৰ পিছত, কভিড প্ৰটকলৰ বাবে, কোনো কাৰো ঘৰলৈ যাব নোৱাৰে। তথাপিও চুবুৰিৰ প্ৰতিঘৰ মানুহেই, দুয়োটা কেঁচুৱালৈ শুভেচ্ছাবাণী দি উপহাৰ আৰু গ্ৰিটিংকাৰ্ড ঘৰৰ চোতালত থৈ যায়। তেওঁলোকে তাৰ পৰা বুটলি আনি দিওঁতাজনৰ নাম পঢ়ি শলাগ জনায়।

এই সকলৰ ভিতৰত ‘লিলি’ নামৰ প্ৰৌঢ়াগৰাকীৰ কাহিনীটোৱে মোৰ মন চুই গ’ল। লিলি নামৰ স্বামীহাৰা মহিলাগৰাকী তাচমিয়াহঁতৰ নিচেই কাষৰে ঘৰটোত থাকে। বাইটী-ভিন্তিহঁত যোৱাবাৰ জীয়েক-জোঁৱায়েকৰ ঘৰলৈ যাওঁতেই তেওঁৰ লগত ভালকৈয়ে চা-চিনাকি হৈছিল। লিলিৰ গিৰিয়েক ঢুকোৱা কেইবাবছৰো হ’ল। নিজৰ ল’ৰা-ছোৱালীবোৰো খুটি খাব পৰা হ’লত, ইংলেণ্ডৰ নিয়ম অনুযায়ী তেওঁলোক অভিভাৱকৰ বোজা হৈ নাথাকি, নিজৰ নিজৰ সাধ্য-সামৰ্থ্য অনুযায়ী নিজ নিজ ভাগে থাকিবলৈ ল’লে। বৰ্তমান লিলিৰ বয়স প্ৰায় সত্তৰ-পয়সত্তৰ বছৰ মান হব। দেখাত যদিও নিয়মটো ভাল দেখি, তথাপিও অভিভাৱকসকল বৰ অকলশৰীয়া হৈ পৰে। আমাৰ ইয়াত হেনা-হুঁচা খাই হলেও, সন্তানবোৰে মাক-দেউতাকক এৰি নাযায়। কোনোবাই এৰি গ’লেও, সেইটো গল্পৰ কাহিনীৰ দৰে আলোচনা হয়। তাতে আজিকালি কিছুমান ল’ৰা-বোৱাৰী ওলোটাই বেছি চেঙাহে হয়। নিজৰ মাক দেউতাককে নিজে সজোৱা ঘৰৰ পৰা আঁতৰাই, ঘৰ-দুৱাৰ অধিকাৰ কৰি বা বিক্ৰী কৰি অভিভাৱকক বৃদ্ধাশ্ৰমত থৈ আহেগৈ। এইটোও বেয়া কথা, আনহাতে, সেইবোৰ উন্নতদেশত অভিভাৱক অকলশৰীয়াকৈ থকা কথাটোও এতিয়া তাৰ মানুহে বেয়া কথা বুলি বিবেচনা কৰিছে। তাৰ অভিভাৱকসকল মানসিক অৱসাদৰ চিকাৰ হৈছে। তথাপিও নিজৰ মনে মিলা মানুহৰ মাজত নিজাকৈ মিলামিছাকৈ থাকি, সামান্যভাৱে হলেও সমাজখনৰ লগত মিলিজুলি থাকে। কিন্তু, কভিডৰ সময়ত এনেকৈ ‘সামাজিক মিলামিছা’ চৰকাৰীভাৱে নিষেধ কৰা হ’ল। লিলিৰ দৰে অকলশৰীয়া মানুহবোৰৰ বাবে সময় কটোৱা এক সাংঘাতিক সমস্যা হৈ দেখা দিলে। পিছে, উন্নত দেশৰ লোকৰ উন্নত চিন্তা! প্ৰতিটো সামাজিক সমস্যাৰ সমাধান বিচাৰি উলিয়াবলৈ চৰকাৰে সমাজ বিজ্ঞানীসকলৰ পৰামৰ্শ মতে কাম কৰে। এনেধৰণৰ অকলশৰীয়া লোকে সৰহকৈ সামাজিক মিলামিছা নকৰাকৈ যাতে, সুন্দৰ ভাৱে সময় পাৰ কৰিব পাৰে, সেই হিচাপে এই সময়খিনিৰ বাবে কোনো এজন ব্যক্তি নিৰ্ণয় কৰি লবলৈ অনুমতি দিলে।

লিলিয়ে পুতেকৰ কথা চিন্তা কৰিলে। কিন্তু, পুতেকৰ যিহেতু নিজৰ পৰিয়াল আছে, গতিকে পুতেকৰ পৰা, বোৱাৰী বা নাতি-নাতিনীলৈ সংক্ৰমণ বিয়পিব বা আহিব পাৰে। গতিকে, মুকলিত (ঘৰৰ বাহিৰত) সপ্তাহত এদিনৰ বাবেহে লগ হব পাৰিব। এইটো প্ৰস্তাৱ লিলিৰ মনঃপুত নহল। যদি, সম্পূৰ্ণ অকলশৰীয়া কোনো লোক হয়, তেনে সপ্তাহত দুই-তিনিদিন বা তাতোকৈ বেছিকৈও মিলিব পাৰিব। তদুপৰি; সংক্ৰমণৰ ভয় নথকা বাবে ঘৰলৈও আহ-যাহ কৰিব পাৰিব। পিছে তাৰবাবে সম্পূৰ্ণ অকলশৰীয়া হোৱাটো বাঞ্চনীয়। ভালেমান চিন্তাৰ পিছত, লিলিৰ মনত পৰিল, লিলিহঁতৰ বহুত পুৰণি বন্ধু এজন বিপত্নীক হোৱা বহুত বছৰেই হ’ল। নামটো জৰ্জ। বয়সত লিলিতকৈও ভালে কেইবছৰ ডাঙৰ। প্ৰায় অশীতিপৰ ব্যক্তি। পিছে, মানুহজন জীৱিত অৱস্থাত আছেনে নাই, সেইটোও লিলিয়ে নেজানে। খবৰ লৈ গম পালে, জৰ্জেও দীৰ্ঘদিন ধৰি, লণ্ডনৰে কিছু আঁতৰৰ অঞ্চল এটাত অকলশৰীয়া জীৱন-যাপন কৰি আছে। লণ্ডনৰ চৰকাৰে নিৰ্ণয় কৰি দিয়া সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাই লিলিয়ে জৰ্জৰ নামটো বাচনি কৰিলে।

লিলিৰ বাচনি আৰু সিদ্ধান্তৰ কথা জৰ্জক জনোৱা হ’ল। অকলশৰীয়া জীৱনটো কভিড মহামাৰীয়ে আৰু অকলশৰীয়া কৰি তোলা মূহুৰ্তত বৃদ্ধ জৰ্জেও মানুহৰ সঙ্গ পাবলৈ বাচনি হৈ ভালেই পালে। জৰ্জ মাজে-সময়ে লিলিৰ ঘৰলৈ আহে। দুয়োগৰাকী অকলশৰীয়া বৃদ্ধা-বৃদ্ধই কথা পাতিবলৈ সঙ্গ পাই ভালেই পোৱা হ’ল। জৰ্জ আহিলেও লিলিয়ে ভাল পোৱা কিবাকিবি হাতত উপহাৰ হিচাপে লৈ অহা হ’ল। লিলিয়েও জৰ্জে খাই ভাল পাব পৰা, কেক বা পাই তৈয়াৰ কৰি জৰ্জলৈ অপেক্ষা কৰে। দুযোগৰাকী বৃদ্ধ-বৃদ্ধাই পাৰ হৈ যোৱা দিনবোৰৰ হিচাপ-নিকাচবোৰ পৰস্পৰৰ আগত দাঙি ধৰি ভাল পোৱা হ’ল। পুতেক, বোৱাৰীয়েক, নাতি, নাতিনীৰ কথাবোৰ কৈ কৈ, বহুত দিন তেওঁলোকক দেখা নোপোৱাৰ কথা কৈ কৈ চকুলো টুকিলে! আজীৱন পৰিশ্ৰমেৰে গঢ় দিয়া সংসাৰখনত এতিয়া একাকীত্বৰ যন্ত্ৰণা দুয়ো ভগাই-বটাই ললে।

লাহে লাহে জৰ্জ আৰু লিলিয়ে বেছ ঘন ঘনকৈ মিলিবলৈ ললে। এসময়ত দুয়ো অনুভৱ কৰিলে, জৰ্জ আৰু লিলিয়ে পৰস্পৰক ভাল পাবলৈ আৰম্ভ কৰিছে। দীৰ্ঘদিন অকলশৰীয়া জীৱন যাপন কৰা লিলিৰ ঘৰত এদিন হঠাতে জৰ্জ নিশাও থাকিল!

মই নমিবাইক সুধিলোঁ, “জৰ্জৰ গাড়ীখন লিলিৰ ঘৰত নিশা থকা দেখি বাকী চুবুৰীয়াসকলে কথাটো কেনে ধৰণে ললে?”
নমিবাইয়ে ক’লে, “তুমি বিশ্বাস নকৰিবা মৃদুল! সেইবোৰ উন্নত দেশৰ মানুহৰ মনৰ চিন্তা-চৰ্চ্চাবোৰো বহুত উন্নত! সকলো মানুহেই ইমান সুখী হৈছে! সমস্ত জীৱন নিজৰ পৰিয়ালক গঢ় দি দি সকলোকে সক্ষম কৰি তুলি, নিজৰ নিজৰ সংসাৰ তৰিবলৈ আজৰি কৰি দি, নিজে সম্পূৰ্ণ অকলশৰীয়া হৈ, দীৰ্ঘদিন মানসিক অৱসাদৰ বলি হৈ হৈ, দুয়ো এতিয়া জীৱনৰ শেষৰ দিন কেইটাৰ কাৰণে নিজৰ মনৰ সঙ্গী পাইছে।”

মই নমিবাইক কলোঁ, “তাচমিয়াক জনাই থবছোন, জৰ্জ আৰু লিলিৰ বিয়াৰ খবৰ মোকো জনাবলৈ। কেতিয়াও দেখা নাই যদিও, সাত সাগৰ তেৰ নদীৰ সিপাৰৰ এইহাল বৃদ্ধ বৃদ্ধালৈ মোৰো বৰ মৰম লাগিছে!”

আৰমান হাজৰিকা
নৱী-মুম্বাই, খাৰঘৰ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!