সুখী ফিনলেণ্ডৰ আঁত বিচাৰি

লেখক- সঞ্জীৱ কলিতা

প্ৰত্যেক মানুহেই সুখৰ পিছে পিছে দৌৰে সুখ ধৰি বান্ধি আনি ভঁৰালত সাঁচি থৈ উপভোগ কৰাৰ হেঁপাহত। কিন্তু সেয়া জানো হয়? সুখ সন্ধানী ভৰিৰ পতাত প্ৰতিটো খোজতেই কাঁইটে বিন্ধে। সেয়েহে কবি আনন্দ চন্দ্ৰ আগৰৱালাই লিখিছে –

সুখ সুখ বুলি মানুহ বলিয়া

নেদেখে সুখৰ মুখ

সুখ বিচাৰোঁতে পাই সংসাৰত

দুখৰ উপৰি দুখ।

অথচ সুখ হেনো আমাৰ হাতৰ মুঠিত আছে। অনুভৱ কৰিব পৰাটোহে আচল কথা। কবিয়ে পুনৰ লিখিছে-

দেখিও নেদেখা কিয় দিন কণা

সুখ যে হাততে আছে

যিটো দিব পাৰে স্বাৰ্থ বলিদান

সুখ ফুৰে পদে পদে।

যি কি নহওক আমি কোনো ব্যক্তিৰ সুখৰ বিষয়ে আলোচনা কৰিব বিচৰা নাই। আমি আলোচনা কৰিব বিচাৰিছোঁ বিশ্বৰ সুখী দেশৰ কথাহে। কোনো ব্যক্তিৰ সুখৰ পৰিমাণ জুখি উলিওৱাৰ মাপকাঠি নাই যদিও বৰ্তমানৰ বিশ্বত বিভিন্ন দেশৰ সুখৰ পৰিমাণ জুখি উলিওৱা কিছুমান সূচক নিৰ্ধাৰণ কৰি কোন দেশ কিমান সুখী সেইটো চাবলৈ প্ৰয়াস কৰা হয়। সেই প্ৰয়াসৰ অংশ স্বৰূপে United Nations Sustainable development Solution Network য়ে ২০১২ চনৰ পৰা World Happiness Report প্ৰকাশ কৰি আহিছে। ২০২১ চনৰ শেহতীয়া World Happiness Report অনুযায়ী ফিনলেণ্ডে বিশ্বৰ আটাইতকৈ সুখী দেশৰ মৰ্যাদা লাভ কৰিছে। এই দেশখনে ক্ৰমাগতভাৱে চতুৰ্থবাৰলৈ এই মৰ্যাদা লাভ কৰিছে। World Happiness Report 2021 প্ৰতিবেদন মতে বিশ্বৰ সুখী দেশ হিচাপে ভাৰতবৰ্ষৰ স্থান ১৩৯। ভাৰতীয় হিচাপে আপুনি নিজকে সুখী দেশৰ নাগৰিক বুলি ভাবেনে?

ফিনলেণ্ড ইউৰোপ মহাদেশৰ উত্তৰ প্ৰান্তৰ প্ৰাকৃতিকভাৱে মনোমোহা এখন দেশ। দেশখনৰ মাটি-কালি ৩,৩৮,৪৫৫ বৰ্গকিলোমিটাৰ আৰু জনসংখ্যা প্ৰায় ৫৫ লাখ। এই ৫৫ লাখ আবাসীৰ সুখী জীৱনৰ কাৰণবোৰ জানো আহকচোন।

ফিনিছবাসীৰ সুখী জীৱনৰ মূল মন্ত্ৰ হ’ল তেওঁলোকৰ অনন্য দৰ্শন ‘sisu’। যিদৰে ভাৰতীয় মানুহে ভাৰতীয় দৰ্শন মানি চলে তেনেদৰে ফিনিছ সকলেও sisu দৰ্শন মানি চলে। sisu দৰ্শন এক অতি উচ্চ খাপৰ দৰ্শন। নিৰ্বিকাৰ কষ্টসহিষ্ণুতা, উদ্দেশ্য সিদ্ধিৰ প্ৰতি ধৈৰ্য্যশীলতা, দৃঢ়তা, সাহসিকতা, স্থিতিস্থাপকতা আদি হ’ল এই দৰ্শনৰ ভেটি যি ৰাষ্ট্ৰীয় চৰিত্ৰ আৰু সংস্কৃতিৰ লগত একাকাৰ। কথাতে কোৱা হয় sisu হ’ল সেই শব্দ যিয়ে ফিনলেণ্ডক সূচায় আৰু ফিনিছবাসীৰ প্ৰিয় শব্দ। ফিনিছ লিখক তথা সাংবাদিক ৰোমান ছাট্জৰ মতে sisu য়ে কোনো এটা কামক দক্ষতা আৰু সফলতাৰে সমাপ্ত কৰাকে সূচায়। সফলতা বা প্ৰকৃত সুখ তেতিয়াহে পোৱা যায় যেতিয়া কোনো এটা কাম অশেষ প্ৰতিবন্ধকতা পাৰ কৰি শেষ কৰিব পাৰি। ফিনলেণ্ডৰ মানুহে আৰু চৰকাৰে তাকেই কৰে।

বৃত্তিগত জীৱনে মানুহৰ সুখী জীৱনত বহু পৰিমাণে প্ৰভাৱান্বিত কৰে। আমি প্ৰায়েই দেখো যে বেছি সংখ্যক মানুহেই নিজৰ বৃত্তিগত জীৱনটো লৈ সুখী নহয়। ওপৰত মহলৰ বিষয়াৰ পৰা সঘনে পোৱা চাপ আৰু স্বতন্ত্ৰহীন কৰ্ম জীৱনে বৃত্তিগত জীৱনটো উপভোগ্য কৰি তোলাত প্ৰাচীৰ হিচাপে থিয় দিয়ে। কিন্তু ফিনলেণ্ডৰ নাগৰিকৰ বৃত্তিগত জীৱন আন দেশৰ নাগৰিকৰ বৃত্তিগত জীৱনতকৈ পৃথক। ফিনলেণ্ডে সমতলীয় কৰ্ম আৰ্হি (Flat Working Model) অনুসৰণ কৰে। এই আৰ্হি অনুসৰি কাৰ্যালয় বা উদ্যোগত পৰিচালনা আৰু কৰ্মচাৰীৰ মাজত নগন্য সংখ্যক বিষয়া বা পদবীধাৰী থাকে। কোনো কোনো ক্ষেত্ৰত মধ্যৱৰ্তী পদবীধাৰী নাথাকে। প্ৰায়বোৰ কৰ্মচাৰী সমপৰ্যায়ৰ ৰেংকত নিয়োজিত হয়। কৰ্মচাৰী সকলক কৰ্মক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতা দিয়া হয় যাতে নিজ ইচ্ছা, বুদ্ধিমত্তা, কৌশল আদি প্ৰয়োগ কৰি নিজকে কৰ্মদক্ষ কৰি তুলি কাৰ্য্য সম্পাদন কৰিব পাৰে। কৰ্মচাৰীসকলে কাম কৰাৰ সময় নিজে নিৰ্ধাৰণ কৰিব পাৰে। এই বাবে তেওঁলোকৰ উৎপাদনশীলতা বৃদ্ধি পায় আৰু কৰ্মক্ষেত্ৰৰ স্বাধীনতাই সুখী কৰি তোলে। এই কথা উল্লেখ কৰা ভাল যে ফিনিছবাসীয়ে কৰ্মক্ষেত্ৰত স্বাধীনতা লাভ কৰা বুলি পালমৰা বিধৰ কাম নকৰে।

ভূপেন হাজৰিকা গাইছে-

“মই দেখিছোঁ অনেক গগনচুম্বী অট্টালিকাৰ শাৰী

তাৰ ছাঁতেই দেখিছোঁ কতনা গৃহহীন নৰ-নাৰী।।”

গৃহহীন লোকৰ সমস্যাটো এটা বিশ্বজনীন সমস্যা। এবাৰ ভাবকচোন, কোনো থাকে সুউচ্চ অট্টালিকাত শুই, কোনো থাকে ফুটপাথত ৰৈ।

কিন্তু তাৎপৰ্যপূৰ্ণভাৱে ফিনলেণ্ডৰ চৰকাৰৰ আছে Housing First নীতি। এই নীতিৰ আধাৰত ফিনলেণ্ডৰ গৃহহীন লোকক চৰকাৰীভাৱে housing facility প্ৰদান কৰি আহিছে। উক্ত নীতিৰ বাবেই বিশ্বৰ ভিতৰতেই ফিনলেণ্ডত গৃহহীন লোকৰ সংখ্যা আটাইতকৈ কম।

ফিনলেণ্ডে লিংগ সমতাত অধিক গুৰুত্ব দিয়ে। কৰ্মক্ষেত্ৰতেই হওক বা সামাজিক ক্ষেত্ৰতেই হওক, পুৰুষ আৰু মহিলা উভয়েই সমান মৰ্যাদা লাভ কৰে। দৰমহা বা মজুৰিৰ ক্ষেত্ৰত লিংগ বৈষম্য প্ৰায় শূণ্য। ফিনলেণ্ডৰ আন এক ব্যতিক্ৰমী সামাজিক পৰিচয় এই যে বিশ্বৰ উন্নত দেশবোৰৰ ভিতৰত এই দেশতেই স্কুলীয়া সন্তানৰ লগত মাতৃতকৈ পিতৃয়ে বেছি সময় খৰচ কৰে।

ফিনলেণ্ড পৃথিৱীৰ ভিতৰতেই এখন আটাইতকৈ সুৰক্ষিত দেশ হিচাপে বিবেচিত হৈ আহিছে। এই দেশৰ নাগৰিকে চৰকাৰ তথা প্ৰশাসনৰ দ্বাৰা নিজকে সুৰক্ষিত অনুভৱ কৰে। আৰক্ষী প্ৰশাসনৰ ওপৰত নাগৰিকৰ অগাধ বিশ্বাস আছে।

ব্যাপক জনকল্যাণমূলক ব্যৱস্থাপনা, অতি নিম্ন মাত্ৰাৰ দুৰ্নীতি, সু-কাৰ্যক্ষম গণতান্ত্ৰিক ব্যৱস্থা, প্ৰগতিশীল কৰ ব্যৱস্থা, সম্পদৰ সুবিতৰণ, সাৰ্বজনীন স্বাস্থ্যসেৱা আৰু উচ্চ মানৰ শিক্ষা ব্যৱস্থা আদিৰ জৰিয়তে ফিনলেণ্ডে নিজকে বিশ্বত এখন ব্যতিক্ৰমী দেশ হিচাপে চিনাকি দি আহিছে। আৰু এইবোৰেই হ’ল সুখী ফিনলেণ্ডৰ আধাৰ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!