অষ্টম অধ্যায়: ৰামধেনু যুগৰ অন্যান্য সাহিত্য

লেখক- মৃণাল জ্যোতি গোস্বামী

৮.৬ অন্যান্য সাহিত্য

ইতিমধ্যে আলোচনা কৰা সাহিত্যৰ ঠালসমূহৰ উপৰি ৰামধেনু যুগত অসমীয়া সাহিত্যৰ বিভিন্ন দিশ বা ঠালসমূহৰো সমৃদ্ধি হ’বলৈ ধৰে৷ স্বাধীনতা লাভৰ পাছত ডেৰ কুৰি বছৰৰ ভিতৰত অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ উপৰি ধৰ্ম, বিজ্ঞান, জীৱনী, ভ্ৰমণ, সমালোচনা সাহিত্য ইত্যাদি অনেক বিষয়ৰ গ্ৰন্থ প্ৰকাশ পাইছে৷ তদুপৰি অসমীয়া সাহিত্যৰ বিচাৰতো গতিশীলতা আৰু মননশীলতা প্ৰকাশ পাইছে, নতুন পদ্ধতি আৰু দৃষ্টিভঙ্গীৰে সাহিত্যৰ মূল্যায়ন কৰিব বিচৰা হৈছে৷ এই সকলো দিশ এই চুটি সাহিত্যৰ বুৰঞ্জীখনত দাঙি ধৰাটো সহজ নহয়৷ (পৰৱৰ্তী সময়ত সেয়া বহলাই আলোচনা কৰিবলৈ যত্ন কৰা হ’ব) সেয়ে এই লিখনিটোত তদানীন্তন সময়ৰ জীৱনী, প্ৰবন্ধ, ভ্ৰমণ আৰু সমালোচনা সাহিত্য সম্পৰ্কে চমুকৈ আলোচনা দাঙি ধৰা যাব৷

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছৰ তিনিটা দশকত যথেষ্ট সংখ্যক জীৱনী আৰু আত্মজীৱনী প্ৰকাশ পাইছে৷ অৱশ্যে এই সময়ছোৱাত প্ৰকাশিত এই শ্ৰেণীৰ জীৱনীত জীৱনী সাহিত্যৰ প্ৰকৃত বৈশিষ্ট্যসমূহ প্ৰকাশ পোৱা নাছিল৷ সত্যেন্দ্ৰনাথ শৰ্মাৰ ভাষাৰে– ‘‘সম্পূৰ্ণ বৈজ্ঞানিক ভিত্তিত, নিৰপেক্ষ দৃষ্টিৰে, বীৰপূজাৰ ভাবৰপৰা নিজকে আঁতৰাই ৰাখি চৰিত্ৰ বখানিবলৈ লোৱা নায়কজনৰ সকলো দিশ অনাসক্তভাৱে চালি জাৰি চাই ৰচনা কৰা জীৱনচৰিত আমাৰ সাহিত্যত নাই বুলিলেও বোধকৰো অত্যুক্তি কৰা নহ’ব৷’’ তথাপি এই সময়ছোৱাতে নলিনীবালা দেৱীয়ে পিতৃ নবীন চন্দ্ৰ বৰদলৈৰ ‘‘জীৱনী স্মৃতিতীৰ্থ’’ (১৯৪৮), ‘‘ছৰ্দাৰ বল্লভভাই পেটেল’’ (১৯৬০), শশী শৰ্মাৰ ‘‘ৰসৰাজ বেজবৰুৱা’’ (১৯৬৮), প্ৰফুল্ল দত্তগোস্বামীৰ ‘‘মাণিকচন্দ্ৰ বৰুৱা আৰু তেওঁৰ যুগ’’ (১৯৭০), সত্যেন বৰকটকীৰ ‘‘নেপ’লিয়ন বোনাপাৰ্ট’’ (১৯৬৭) আদি উল্লেখযোগ্য৷

এই সময়ছোৱাতে শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ আধাৰত মহেশ্বৰ নেওগে ৰচনা কৰে ‘‘শ্ৰীশ্ৰী শংকৰদেৱ’’ (১৯৪৯), ডিম্বেশ্বৰ নেওগে ‘‘যুগনায়ক শংকৰদেৱ’’ (১৯৬৭) আৰু বাপচন্দ্ৰ মহন্তই ‘‘মহাপুৰুষ শংকৰদেৱ’’ (১৯৬৫)৷ অসম সাহিত্য সভায়ো এই সময়ছোৱাতে নকুল চন্দ্ৰ ভূঞা (১৯৬৮), ৰঘুনাথ চৌধাৰী (১৯৬৮), ৰাধাকান্ত সন্দিকৈ (১৯৬৯), হেৰম্বপ্ৰসাদ বৰুৱা (১৯৬৮), প্ৰমথনাথ চক্ৰৱৰ্তী (১৯৬৮), বিশ্বনাথ ৰাজবংশী (১৯৬৬)ৰ জীৱনী প্ৰকাশ কৰে৷ আলোচ্য কালছোৱাত প্ৰকাশ পায় লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী ‘‘মোৰ জীৱন সোঁৱৰণ’’ (১৯৪৪)৷ উল্লেখযোগ্য যে এইখন আত্মজীৱনী প্ৰথমতে ‘‘বাঁহী’’ আলোচনীত ছোৱা ছোৱাকৈ প্ৰকাশ হৈছিল৷ ইয়াৰ উপৰি এই সময়ছোৱাতে ‘‘পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনী’’, বেণুধৰ ৰাজখোৱাৰ ‘‘মোৰ জীৱন-দাপোণ’’ (১৯৬৯), শৈলধৰ ৰাজখোৱাৰ ‘‘অতীতৰ সোঁৱৰণী’’ (১৯৬৯), পদ্মধৰ চলিহাৰ ‘‘জীৱন বীণাৰ সুৰে’’ (১৯৬৪), নজৰ আলিৰ ‘‘মোৰ জীৱনৰ কিছু কথা’’ (১৯৬৯), নন্দমোহন মজুমদাৰৰ ‘‘এৰি অহা দিনবোৰ’’ (১৯৬৯) প্ৰকাশ পায়৷ লগতে কেইবাজনো অসমীয়া লেখকে সৰু ল’ৰা-ছোৱালীৰ উপযোগীকে ৰচনা কৰিলে বিভিন্ন বিশিষ্ট ব্যক্তিৰ চমু জীৱনী৷ তদুপৰি বহু প্ৰতিষ্ঠিত লেখকে আত্মজীৱনীৰ কিছু কথা বিভিন্ন কাকত-আলোচনীত প্ৰকাশ কৰিলে৷

ৰামধেনু যুগত প্ৰবন্ধ ৰচনাৰ ক্ষেত্ৰত আমি দুই ধৰণৰ ধাৰা দেখিবলৈ পাওঁ– এক হ’ল হাস্য ৰসাত্মক নিবন্ধ আৰু দ্বিতীয় ভাগটো হ’ল দাৰ্শনিক, ঐতিহাসিক, ধাৰ্মিক বা আন তথ্যপূৰ্ণ প্ৰবন্ধ৷ এই সময়ছোৱাত ব্যক্তিনিষ্ঠ, লঘু ৰস-ৰচনা কিছু পৰিমাণে জনপ্ৰিয় হৈছিল৷ বিশেষকৈ ইংৰাজ লেখক চাৰ্লচ লেম্ব, ৰবাৰ্ট লিণ্ড, ষ্টিফেন লিকক, জি কে চেষ্টাৰ্টন আদিৰ প্ৰভাৱত অসমীয়া সাহিত্যিকসকলে ৰসঘন পৰিৱেশ, অনুভূতিৰ প্ৰাধান্যৰে এই শ্ৰেণীৰ ৰচনা লিখিবলৈ ল’লে৷ লক্ষ্মীনাথ বেজবৰুৱাই লিখা ‘ভাবৰ বুৰবুৰণি’, ‘কৃপাবৰ বৰুৱাৰ বুলনি’ আদিয়েই এই শ্ৰেণীৰ অসমীয়া ৰচনাৰ আদিতম নিদৰ্শন বুলি সত্যেন্দ্ৰনাথ শৰ্মাই মন্তব্য কৰিছে৷ ডাক্তৰ হেমচন্দ্ৰ বৰুৱাই ‘‘চপনীয়া’’, ‘‘মোৰ ঘৰখন’’, ‘‘নৱগ্ৰহ’’ লিখিছিল স্বাধীনতাৰ ঠিক পৰৱৰ্তী সময়তে৷ ইয়াৰ পাছতে কুমাৰ মধুসূদনে ‘‘কিমাশ্চৰ্যম’’ (১৯৫০), তিলক হাজৰিকাই ‘‘আড্ডা’’ (১৯৫৮), ‘‘ক’ত কথা’’ (১৯৬০), হেমচন্দ্ৰ শৰ্মাই ‘‘বাটৰ দূবৰীবন’’ (১৯৫৭), ‘‘স্বাগত’’ (১৯৬২); কীৰ্তিনাথ হাজৰিকাই ‘‘নাৰদৰ ডায়েৰী’’ (১৯৭০), কিৰণ শৰ্মাই ‘‘কিমিদং ব্যাহৃতং ময়া’’ (১৯৫৮), ভদ্ৰ বৰাই ‘‘অৰ্ধং ত্যজতি’’ (১৯৫৭) আৰু ‘‘মধুৰেণ’’ (১৯৬১), লীলা গগৈয়ে ‘‘কপলিং ছিগা ৰেল’’ (১৯৬১), প্ৰেমনাৰায়ণ দত্তই ‘‘ৰসমাধুৰী’’ (১৯৫৯) আদি লিখি এই ধাৰাটোক সমৃদ্ধ কৰিছিল৷

ইয়াৰ পাছতেই আহিল দাৰ্শনিক, ঐতিহাসিক, ধাৰ্মিক বা আন তথ্যপূৰ্ণ প্ৰবন্ধ৷ এই সময়ছোৱাত লিখা কেইখনমান উল্লেখযোগ্য তেনে প্ৰবন্ধ পুথিৰ নাম আৰু ৰচকৰ নাম তলত উল্লেখ কৰা হ’ল– বিৰিঞ্চি কুমাৰ বৰুৱাৰ ‘‘অসমীয়া ভাষা আৰু সংস্কৃতি’’ (১৯৫৭), ‘‘অসমৰ লোক-সংস্কৃতি’’ (১৯৬১); মহেশ্বৰ নেওগৰ ‘‘পুৰণি অসমৰ সমাজ আৰু সংস্কৃতি’’ (১৯৫৭); নকুলচন্দ্ৰ ভূঞাৰ ‘‘বাৰভূঞাৰ চমু বৰঞ্জী’’ (১৯৬০) আৰু ‘‘চাহ-বাগিচাৰ বনুৱা’’ (১৯৬০); লীলা গগৈৰ ‘‘বুৰঞ্জীয়ে পৰশা নগৰ’’ (১৯৫৮), ‘‘হেৰুৱা দিনৰ কথা’’ (১৯৫৮), ‘‘আহোম জাতি আৰু অসমীয়া সংস্কৃতি’’ (১৯৬১), ‘‘সীমান্তৰ মাটি আৰু মানুহ’’ (১৯৬৪); অসম সাহিত্য সভাৰ ‘‘পবিত্ৰ অসম’’ (১৯৬০), ‘‘অসমৰ জনজাতি’’ (১৯৬২); অতুলচন্দ্ৰ হাজৰিকাৰ ‘‘উছৱৰ ভোগজৰা’’ (১৯৬২), ‘‘উছৱৰ ৰংচৰা’’ (১৯৬২); বিশ্বনাৰায়ণ শাস্ত্ৰীৰ ‘‘ভাৰতীয় সভ্যতা আৰু সংস্কৃতি’’ (১৯৬০), ভুবন মোহন দাসে লিখা নৃতত্ত্ব বিষয়ক পুথি ‘‘মানৱৰ আদিকথা’’ (১৯৬০) আৰু ‘‘বিৱৰ্তনৰ পথত মানুহ’’ (১৯৬০); দৰ্শনৰ বিষয়ে লিখা ৰাধানাথ ফুকনৰ ‘‘বেদান্ত দৰ্শন’’ (১৯৫১), ‘‘সাংখ্য দৰ্শন’’ (১৯৪৯), ‘‘কথাৰে উপনিষদ’’ (১৯৫৪), ‘‘বিজ্ঞানৰ সিপাৰে’’ (১৯৫৭); ভবানন্দ দত্তৰ ‘‘দৃষ্টি আৰু দৰ্শন’’ (১৯৫৪) আদিৰ নাম লেখত ল’বলগীয়া৷ ইয়াৰ উপৰি আন বহু লেখকেও বিভিন্ন প্ৰবন্ধ পুথিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে৷

এই সময়ছোৱাতে ভালেমান ভ্ৰমণ কাহিনীও ৰচনা হৈছিল৷ তাৰে ভিতৰত বিৰিঞ্চি কুমাৰ বৰুৱাৰ ‘‘চুইজাৰলেণ্ড ভ্ৰমণ’’ (১৯৪৮) ইয়াৰে বাটকটীয়া বুলি মহেশ্বৰ নেওগে মত পোষণ কৰিছে৷ পৰৱৰ্তী সময়ত হেম বৰুৱাই ‘‘ৰঙা কৰবীৰ ফুল’’ (১৯৫৯), অমলেন্দু গুহই ‘‘চোভিয়েট দেশত এভূমুকি’’ (১৯৫৮), প্ৰফুল্ল দত্ত গোস্বামীয়ে ‘‘বিলাতত সাতমাহ’’ (১৯৫৮), আব্দুছ ছাত্তাৰে ‘‘বিদেশত দুদিনমান’’ (১৯৫৮) ৰচনা কৰি অসমীয়া সাহিত্যৰ এই ঠালটো সমৃদ্ধ কৰিছে৷

ৰামধেনু যুগত অসমীয়া সমালোচনা সাহিত্যই বিকাশ লাভ কৰে৷ এই ক্ষেত্ৰত আমি প্ৰথমেই নাম ল’ব লাগিব হেম বৰুৱাৰ৷ তেওঁৰ ‘‘আধুনিক সাহিত্য’’ (১৯৬২)খন লেখত ল’বলগীয়া৷ ভৱানন্দ দত্তই ‘‘অসমীয়া কবিতাৰ কাহিনী’’ (১৯৫৯) আৰু ‘‘ৰবীন্দ্ৰ প্ৰতিভা’’ (১৯৬১) ৰচনা কৰি প্ৰগতিবাদী চিন্তাৰে সাহিত্য সমালোচনা কৰাৰ নতুন ধাৰা এটাৰ পোষকতা কৰিছিল৷ পৰৱৰ্তী সময়ত তীৰ্থনাথ শৰ্মাই ‘‘পঞ্চপুষ্প’’ (১৯৬৮), ‘‘সাহিত্য বিদ্যা পৰিক্ৰমা’’ (১৯৬৪); মনোৰঞ্জন শাস্ত্ৰীয়ে ‘‘সাহিত্য দৰ্শন’’ (১৯৬২), ‘‘বৈষ্ণৱ দৰ্শনৰ ৰূপৰেখা’’ (১৯৬৫) ৰচনা কৰে৷ আলোচ্য সময়ছোৱাতে ত্ৰৈলোক্যনাথ গোস্বামীয়ে ‘‘সাহিত্য আৰু সমালোচনা’’ (১৯৫০), ‘‘আধুনিক গল্প সাহিত্য’’ (১৯৬৫), ‘‘ইংৰাজী সমালোচনাৰ ধাৰা আৰু অসমীয়া সাহিত্যত ইয়াৰ প্ৰভাৱ’’ (১৯৭০), ‘‘সমুদ্ৰ মন্থন’’ (১৯৬৮) ৰচনা কৰে৷

অসমীয়া সাহিত্যৰ বুৰঞ্জীকে ধৰি সাহিত্যৰ বিভিন্ন দিশৰ আলোচনামূলক গ্ৰন্থও এই কালছোৱাতে প্ৰকাশ হয়৷ ইয়াৰ গুৰি ধৰিছিল ডিম্বেশ্বৰ নেওগ, মহেশ্বৰ নেওগ আৰু সত্যেন্দ্ৰনাথ শৰ্মাই৷ ডিম্বেশ্বৰ নেওগে ‘‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’’ (১৯৬৭), মহেশ্বৰ নেওগে ‘‘অসমীয়া সাহিত্যৰ ৰূপৰেখা’’ (১৯৬২) আৰু সত্যেন্দ্ৰনাথ শৰ্মাই ‘‘অসমীয়া সাহিত্যৰ ইতিবৃত্ত’’ (১৯৫৯) প্ৰকাশ কৰিছিল৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে সত্যেন্দ্ৰনাথ শৰ্মাৰ ‘‘অসমীয়া সাহিত্যৰ ইতিবৃত্ত’’ (১৯৫৯)খন ১৯৮১ চনত ‘‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’’ নামেৰে পৰিৱৰ্ধিত ৰূপত প্ৰকাশ পায়৷ মহেশ্বৰ নেওগে অসমীয়া সাহিত্য, সংগীত, নৃত্য, ভাস্কৰ্য, চিত্ৰশিল্প, সমাজ আদি প্ৰায় সকলো দিশতে সমালোচনামূলক দৃষ্টিভঙ্গী প্ৰদৰ্শন কৰি কেইবাখনো গ্ৰন্থ সম্পাদনা কৰি প্ৰকাশ কৰিছে৷ তাৰে ভিতৰত উল্লেখযোগ্য কেইখনমান হ’ল– ‘‘কীৰ্ত্তন ঘোষা’’ (১৯৫৫), ‘‘নামঘোষা’’ (১৯৫৫), ‘‘সঞ্চয়ন’’ (১৯৫৯), ‘‘অসমীয়া প্ৰেম গাথা’’ (১৯৬০), ‘‘আধুনিক অসমীয়া সাহিত্য’’ (১৯৬৫), ‘‘অসমীয়া গীতি-সাহিত্য’’ (১৯৪৮), ‘‘পাঠ সমীক্ষা’’ আদি৷ সত্যেন্দ্ৰনাথ শৰ্মায়ো সাহিত্যৰ বুৰঞ্জীৰ লগতে ‘‘অসমীয়া নাট্য সাহিত্য’’ (১৯৬২), ‘‘অসমীয়া উপন্যাসৰ ভূমিকা’’ (১৯৫৫), ‘‘অসমীয়া কাহিনী কাব্যৰ প্ৰবাহ’’ (১৯৭০) এই সময়ছোৱাতে প্ৰকাশ কৰে৷

এই সময়ছোৱাত ৰচিত আন কেইখনমান উল্লেখযোগ্য সমালোচনামূলক পুথিৰ নাম হ’ল– অতুলচন্দ্ৰ বৰুৱাৰ ‘‘অসমীয়া কাব্যত প্ৰেমৰ বোৱঁতী সুঁতি’’ (১৯৭০), ‘‘সমালোচনা-সাহিত্য’’ (১৯৫৮), ‘‘সাহিত্যৰ ৰূপৰেখা’’ (১৯৪৭); বাপচন্দ্ৰ মহন্তৰ ‘‘জীৱন আৰু সাহিত্য’’ (১৯৬৪), ‘‘ভাৰতীয় ধৰ্ম সাধনা’’ (১৯৬৭), ‘‘নামঘোষাৰ তত্ত্ব দৰ্শন’’ (১৯৭৮); উমাকান্ত শৰ্মাৰ ‘‘কাব্যভূমি’’ (১৯৪৮); যোগীৰাজ বসুৰ ‘‘বেদৰ পৰিচয়’’ (১৯৭০); প্ৰফুল্ল দত্ত গোস্বামীৰ ‘‘সাহিত্য আৰু জীৱন’’ (১৯৫৬), ‘‘অসমীয়া জন-সাহিত্য’’ (১৯৪৮); বিৰিঞ্চি কুমাৰ বৰুৱাৰ ‘‘অসমীয়া কথা সাহিত্য’’ (১৯৫০); উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ ‘‘অসমীয়া ৰামায়ণী সাহিত্য’’ (১৯৪৮); উপেন্দ্ৰ নাথ গোস্বামীৰ ‘‘ভাষা আৰু সাহিত্য’’ (১৯৫৬); হেমন্ত কুমাৰ শৰ্মাৰ ‘‘অসমীয়া সাহিত্যত দৃষ্টিপাত’’ (১৯৬১); সত্যপ্ৰসাদ বৰুৱাৰ ‘‘নাটক আৰু অভিনয় প্ৰসঙ্গ’’ (১৯৬২); হৰিচন্দ্ৰ ভট্টাচাৰ্যৰ ‘‘অসমীয়া নাট্য সাহিত্যৰ জিলিঙনি’’ (১৯৬৮); ভুবনেশ্বৰী বৈশ্যৰ ‘‘বৈষ্ণৱ যুগৰ অসমীয়া সাহিত্য’’ (১৯৬৪); নন্দ তালুকদাৰৰ ‘‘কবি আৰু কবিতা’’ (১৯৬৯); মহেন্দ্ৰ বৰাৰ ‘‘অসমীয়া কবিতাৰ ছন্দ’’ (১৯৬২) আদি৷

এওঁলোকৰ উপৰি মহেশ চন্দ্ৰ দেৱ গোস্বামী, ৰজনীকান্ত দেৱশৰ্মা, মুকুন্দ মাধৱ শৰ্মা, প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, পৰাগ চলিহা, যতীন্দ্ৰ নাথ গোস্বামী, বীৰেন বৰকটকী, পৰীক্ষিত হাজৰিকা, ৰামমল ঠাকুৰীয়া, শশী শৰ্মা, হৰিনাথ শৰ্মা দলৈ, প্ৰফুল্ল কটকী, ভৱপ্ৰসাদ চলিহা আদি ভালেসংখ্যক লেখকে তেওঁলোকৰ নিজৰ নিজৰ বিষয় তথা এলেকাত সমালোচনামূলক গ্ৰন্থ প্ৰণয়নেৰে দক্ষতাৰ পৰিচয় দিছে৷ এই প্ৰসঙ্গত মুকুন্দ মাধৱ শৰ্মাৰ ‘‘উপমা কালিদাসস্য’’, বীৰেন বৰকটকীৰ ‘‘সাহিত্যৰ আভাস’’, পৰীক্ষিত হাজৰিকাৰ ‘‘চৰ্যাপদ’’, ৰামমল ঠাকুৰীয়াৰ ‘‘সাহিত্য বিচাৰ’’, প্ৰফুল্ল কটকীৰ ‘‘ক্ৰমবিকাশত অসমীয়া কথাশৈলী’’ আদি গ্ৰন্থৰ নাম ল’ব পাৰি৷

উপেন্দ্ৰ নাথ শৰ্মা, নলিনীধৰ ভট্টাচাৰ্য আৰু জ্ঞানানন্দ শৰ্মা পাঠকে অসমীয়া কবিতা সম্পৰ্কে কেইবাখনো মূল্যৱান সমালোচনাত্মক পুথিৰ সংযোজন আগবঢ়াইছে৷ একেদৰে ইমদাদ উল্লাহৰ ‘‘কবিতাৰ সবিশেষ’’ লেখত ল’বলগীয়া সমালোচনামূলক গ্ৰন্থ৷

আমাৰ আলোচ্য সময়ছোৱাতে হীৰেন গোহাঁই আৰু ভৱেন বৰুৱাই ইংগ-মাৰ্কিন নতুন সমালোচনাৰ আদৰ্শ আগত ৰাখি সাহিত্যৰ বিচাৰত অৱতীৰ্ণ হয়৷ সূক্ষ্ম অনুসন্ধান, মননশীলতা আৰু আধুনিক বিশ্লেষণৰ ক্ষেত্ৰত দুয়োগৰাকীয়ে কৃতিত্বৰ পৰিচয় দিছে৷ হীৰেন গোহাঁইৰ আদৰ্শ সমাজতাত্ত্বিক৷ শৈলেন ভৰালীৰ ভাষাৰে ক’ব পাৰি– মাৰ্ক্সীয় দৰ্শনৰ প্ৰেৰণাৰে সমাজ বাস্তৱতাৰ প্ৰতি সজাগ হৈ সাহিত্য কৰ্মৰ তাৎপৰ্য উপলব্ধি কৰাৰ চেষ্টা তেওঁৰ ৰচনাত আছে৷ কিন্তু মাৰ্ক্সীয় দৰ্শনৰ প্ৰভাৱে তেওঁৰ প্ৰথম স্তৰৰ সমালোচনামূলক ৰচনাসমূহত সমালোচকৰ নিৰপেক্ষতা আৰু উদাৰতা অপহৰণ কৰা নাই৷ সাহিত্য কৃতিৰ লগত জীৱনৰ সম্পৰ্ক, লেখকৰ সামাজিক দায়িত্ব আদি চিন্তাৰ আধাৰত গোহাঁইদেৱে সাহিত্যৰ বিচাৰ কৰিছে৷ এই সময়ছোৱাত তেওঁ ৰচনা কৰা ‘‘সাহিত্যৰ সত্য’’ (১৯৭০) এখন উল্লেখনীয় সমালোচনা-কৃতি৷ সমালোচক ভৱেন বৰুৱাই কবিতাৰ দেহ, ভাষা আদিৰ পুংখানুপুংখ আলোচনাৰ জৰিয়তে আলংকাৰিক পদ্ধতিৰ প্ৰৱৰ্তন কৰি অসমীয়া সমালোচনা সাহিত্যলৈ নতুনত্ব আনিছে৷ ভৱেন বৰুৱাৰ সমালোচনাৰ স্থায়ী কৃতিত্ব হ’ল– বিৰিঞ্চি কুমাৰ বৰুৱাৰ ‘জীৱনৰ বাটত’ উপন্যাস সম্পৰ্কে ইংৰাজীত লিখা সমালোচনা আৰু হোমেন বৰগোহাঞিৰ ‘সুবালা’ সম্পৰ্কে নৱ মূল্যায়নৰ প্ৰচেষ্টা৷ হীৰেন্দ্ৰনাথ দত্তৰ মতে হীৰেন গোহাঁই আৰু ভৱেন বৰুৱাৰ লেখাবোৰৰ বিশেষত্ব হ’ল– ‘‘গৱেষণামূলক পদ্ধতিৰ পৰা সংগৃহীত গুণ তথা প্ৰণালীবদ্ধতা, শৃংখলাবোধ, পৰিমিতিবোধ, বিষয়বস্তুৰ গভীৰলৈকে যোৱাৰ চেষ্টা– এইবোৰ গুণৰ উপৰিও গদ্যৰ ভাষা সঠিক আৰু পূৰ্ণ প্ৰকাশমান কৰি তুলিবৰ বাবে সদা সচেষ্ট উদ্যম৷’’

এই দুগৰাকীৰ উপৰি আৰু এগৰাকী সমালোচকে গভীৰ অধ্যয়নশীলতা আৰু স্বকীয় দৃষ্টিভঙ্গীৰ পৰিচয় বহন কৰে– তেওঁ হ’ল হোমেন বৰগোহাঞি৷ ‘‘বিশ্বাস আৰু সংশয়’’ (১৯৬৮), ‘‘ধূসৰ দিগন্ত’’ (১৯৭০) আমাৰ আলোচ্য কালছোৱাত ৰচিত তেওঁৰ উল্লেখযোগ্য সমালোচনাৰ চানেকি৷ তদুপৰি হোমেন বৰগোহাঞিৰ দ্বাৰা সম্পাদিত ‘‘অসমীয়া গল্প সংকলন’’ৰ পাতনিখনি অসমীয়া সমালোচনা সাহিত্যৰ এক উজ্জ্বল চানেকি৷ আনহাতে, ‘অৱস্থিতিবাদ’ দৰ্শন আৰু সাহিত্যত ইয়াৰ প্ৰয়োগ সম্পৰ্কেও বৰগোহাঞিয়ে সমালোচনা আগবঢ়াই সচেতন পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷

ৰামধেনু যুগৰ সাহিত্য সমালোচনা সম্পৰ্কে আলোচনা কৰিলে দেখা যায় যে ১৯৪০ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত এই দিশটোৱে যথেষ্টখিনি সমৃদ্ধি লাভ কৰিছে; লগতে আধুনিক সমালোচনাৰ দৃষ্টিভঙ্গী গ্ৰহণ কৰি অসমীয়া সাহিত্যত প্ৰয়োগ কৰাৰ প্ৰচেষ্টাও ষষ্ঠ-সপ্তম দশকৰ পৰা আৰম্ভ হ’বলৈ ধৰে৷

(ক্ৰমশঃ)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!