মোৰ দেশ, মোৰ আই আৰু মোৰ মাতৃভাষা

লেখক- মণ্টু কুমাৰ বৰঠাকুৰ

‘মোৰ দেশ, মোৰ আই আৰু মোৰ মাতৃভাষা’ বুলি এক আৱেগ আমাৰ মনত সহজাতভাৱেই থাকে৷ স্বদেশ, স্বজাতি আৰু মাতৃভাষাৰ প্ৰতি আমাৰ অন্তৰত গঢ় লৈ উঠা এই প্ৰেম আৰু আৱেগেহে আমাক সজীৱ কৰি ৰাখে৷ লগতে এই কথাও অনস্বীকাৰ্য্য যে জাতি এটাৰ এই সজীৱতাৰ পৰিচয় পোৱা যায় তেওঁলোকে চৰ্চা কৰা সাহিত্য, সংগীত আৰু কলাৰ যোগেদিহে৷ এতিয়া দেখা যায়, সংগীতৰ যেনেকৈ আছে এক নিজা সুৰ, ঠিক তেনেকৈয়ে কলাৰো আছে এক নিজা ভাষা৷ আৰু ডাঙৰ কথাটো হৈছে এয়ে যে এই ভাষা আৰু এই সুৰ বুজি পাবৰ বাবে আমাৰ মগজুৰ নহয়, অন্তৰৰহে প্ৰয়োজন৷ মানে, এক অনুভূতিৰহে প্ৰয়োজন৷ এক সুক্ষ্ম অনুভূতি৷ কিন্তু, সাহিত্য, প্ৰধানকৈ লিখিত সাহিত্যৰ ক্ষেত্ৰত এক সীমাবদ্ধতা দেখা যায় ভাষাক লৈ৷ মানে, কোনো আঞ্চলিক ভাষাত ৰচনা কৰা সাহিত্য যিমানেই উচ্চ মানৰ নহওক কিয়, আঞ্চলিক পৰিধি অতিক্ৰম কৰি বাহিৰৰ জগতখনত প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰাটো সহজসাধ্য কথা নহয়৷ অৱশ্যে, ইয়াৰ সমাধানো একেবাৰে নোহোৱা নহয়৷ সমাধান আছে৷ সেয়া হৈছে, অনুবাদৰ সহায় লোৱা৷ কিন্তু, এই ক্ষেত্ৰত দেখা দিয়া প্ৰধান সমস্যাটোৱেই হৈছে আমাৰ কাম্য ভাষাটো নিৰ্বাচন কৰাটো কাৰণ এশ এটা ভাষাৰ মাজৰ পৰা আমাৰ বাবে সুবিধাজনক ভাষা এটা নিৰ্বাচন কৰাৰ লগতে সেই ভাষালৈ লেখাটিৰ যথাযথ অনুবাদ কৰিব পৰা অনুবাদকৰ সন্ধান কৰাটো যথেষ্টই জটিল এক প্ৰক্ৰিয়া৷ আন্তৰ্জাতিক ক্ষেত্ৰখনৰ কথা সদ্যহতে পিছলৈ ৰাখি আমি যদি আমাৰ নিজৰ দেশখনৰ কথাই বিবেচনালৈ আনো, তেন্তে দেখিম যে ২০১১ চনৰ লোক-পিয়ল মতে ভাৰতত হিন্দীভাষীৰ সংখ্যা হৈছে প্ৰায় ৫২ কোটি, বাংলাভাষীৰ সংখ্যা হৈছে প্ৰায় ৯৭ নিযুত, মাৰাঠীভাষীৰ সংখ্যা হৈছে প্ৰায় ৮৩ নিযুত, তেলেগুভাষীৰ সংখ্যা হৈছে প্ৰায় ৮১ নিযুত, তামিলভাষীৰ সংখ্যা হৈছে প্ৰায় ৬৯ নিযুত, উৰ্দুভাষীৰ সংখ্যা হৈছে প্ৰায় ৬৬ নিযুত, নেপালীভাষীৰ সংখ্যা হৈছে প্ৰায় ১৭ নিযুত আৰু অসমীয়াভাষীৰ সংখ্যা হৈছে প্ৰায় ১৫ নিযুতহে৷ অৰ্থাৎ, সৰ্বভাৰতীয়ৰ হিচাপত অসমীয়াভাষীৰ সংখ্যা হৈছে মোটামুটি ১.৩১ শতাংশ। ইমানৰ মাজতো কিন্তু শিক্ষিত লোকৰ সংখ্যা আৰু কম৷ সেইখিনি শিক্ষিতৰ মাজতো আকৌ অসমীয়া ভাষা-সাহিত্যত ৰুচি ৰখা লোকৰ সংখ্যা আৰু কম হ’ব৷ মানে, হ’লেও বৰ বেছি ১ লাখ মানহে হ’ব পাৰে৷ এতিয়া, এই ১ লাখ লোকক লৈয়ে যদি আমি অসমীয়া ভাষা-সাহিত্যৰ পথাৰখন শইচ-সোণালী কৰি ৰাখিবলৈ আশা কৰোঁ আৰু লগতে চেষ্টাও কৰোঁ তেন্তে ই আমাৰ বাবে নিশ্চয়কৈ এক ডাঙৰ প্ৰত্যাহ্বানেই হ’ব৷ হ’লেওতো আমি ৰণক্ষেত্ৰ এৰি ছত্ৰভংগ দিব নোৱাৰোঁ৷ কিবা এটাতো কৰিবই লাগিব৷ এতিয়া, আমি এই ক্ষেত্ৰত প্ৰধানকৈ কি কৰিব পাৰোঁ বুলি প্ৰশ্ন উত্থাপিত হ’লেই আমাৰ উত্তৰ এটাই হ’বঃ অসমীয়া ভাষাটোৰ চৰ্চা কৰা৷ মানে, কবিতা, গল্প, উপন্যাস, প্ৰবন্ধ আদি সাহিত্যৰ প্ৰায় প্ৰতিটো দিশৰে চৰ্চা আমাৰ মাতৃভাষা অসমীয়াতে কৰা৷ যেতিয়ালৈকে কেৱল ছপা মাধ্যমতহে লেখা-মেলা কৰাৰ সুবিধা আছিল, সাহিত্য চৰ্চাৰ বিষয়টো যথেষ্ট জটিলেই আছিল বুলিব পাৰি কাৰণ সীমিত সংখ্যক আলোচনীৰ সম্পাদনা কক্ষৰ চালনীৰ মাজেৰে সৰকি গৈ পঢ়ুৱৈৰ হাতত পৰিবলৈ লেখা একোটা এক নিৰ্ধাৰিত মানসম্পন্ন হ’বই লাগিছিল৷ তদুপৰি, কিছু কিছু ক্ষেত্ৰত লবি-কেন্দ্ৰিক কথা কিছুমানো আহি পৰিছিল বুলি প্ৰায়ে অভিযোগ একোটা উত্থাপিত হৈছিল৷ গতিকে, হয়তো বহুসংখ্যক লেখক-লেখিকাই চেষ্টা কৰিলেও সফল হোৱাৰ বাটটো বিচাৰি পোৱা নাছিল৷ বৰ্তমান সময়ত কিন্তু এই জাতীয় অসুবিধাবোৰ বহু পৰিমাণে আঁতৰি গৈছে বুলি ক’ব পাৰি কাৰণ ডিজিটেল মাধ্যমে আমাৰ হাতত তুলি দিছেহি ‘ফেইচবুক’ৰ লগতে ই-আলোচনী আৰু নিজা নিজা ব্লগ খোলাৰ সুবিধাসমূহ৷ এতিয়া চাবলৈ গ’লে যাৰ যি ইচ্ছা লিখিব পাৰে আৰু লগতে সেইখিনি প্ৰকাশো কৰিব পাৰে৷ কিন্তু, বাহ্যিক দৃষ্টিত কথাটো যিমান সহজ যেন দেখা গৈছে, প্ৰকৃততে কিন্তু কথাটো ইমান সহজ নহয় কাৰণ এই ডিজিটেল মাধ্যমত লেখকজন নিজেই প্ৰকাশকো হোৱাৰ বাবে তেওঁৰ দায়িত্ব পূৰ্বতকৈ বহুগুণে বাঢ়িল৷ মানে, তেওঁ নিজৰ লেখাটিৰ বৰ্ণাশুদ্ধিৰ পৰা আদি কৰি অসমীয়া ব্যাকৰণৰ নীতি-নিয়মখিনি পালন কৰাৰো সম্পূৰ্ণ দায়-দায়িত্ব নিজেই মূৰ পাতি ল’বলগীয়া হ’ল৷ এই প্ৰসঙ্গত আমি হীৰেণ ভট্টাচাৰ্য্যদেৱৰ এটি সোণসেৰীয়া বক্তব্য উল্লেখ কৰিব পাৰোঁ৷ তেখেতে কৈছিল,

‘তুমি ইংৰাজী ভালেই লিখা বা বেয়াই লিখা তাত ইংৰাজী ভাষাটোৰ একো নাহে, নাযায়৷ তুমি বা আন ইংৰাজী ভাষাত লিখাসকলে জাৱৰ লিখিলেও ইংৰাজী ভাষাৰ মৰ্য্যদাৰ হীন-ডেঢ়ি নঘটে৷ কিন্তু, আমি এটা কথা উপলব্ধি কৰা উচিত যে যিসকলে অসমীয়া ভাষাত অৰ্থাৎ আমাৰ মাতৃভাষাত লিখা-পঢ়া কৰে তেওঁলোকে যদি ভুল অসমীয়া লিখে তেতিয়া কিন্তু অসমীয়া ভাষাটোৰ প্ৰচুৰ ক্ষতি হ’ব৷’

সেয়ে আমি অসমীয়াত লিখা-মেলা কৰোঁতে যথেষ্ট সাৱধান হ’ব লাগিব৷ এই ক্ষেত্ৰত আমি এক প্ৰকাৰে নিজৰ লগতে এক চুক্তি কৰিব লাগিব যাতে কোনো পৰিস্থিতিতে আমি অসমীয়া ব্যাকৰণ আৰু অসমীয়া অভিধানৰ গণ্ডীৰ বাহিৰলৈ গৈ অশুদ্ধভাৱে একো এটা নিলিখোঁ৷ ইয়াৰ বাবে আমাৰ লিখা-পঢ়া কৰা টেবুলখনত হাত মেলিলেই পোৱাকৈ ৰাখিব লাগিব একোখন অসমীয়া অভিধান আৰু অসমীয়া ব্যাকৰণৰ পুথি৷ এই প্ৰসঙ্গতে আমি নিশ্চয় আমাৰ আলোচনাৰ মাজলৈ আনিব পাৰোঁ আমাৰ দেশখনত শেহতীয়াকৈ দেখা দিয়া ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰিবলগীয়া হোৱা অনলাইন পাঠদানৰ বিষয়টি৷ দেখা গৈছে, এই অনলাইন পদ্ধতিৰে পাঠ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে মুখামুখিকৈ ভাব বিনিময়ৰ যোগেদি নিজৰ শিক্ষা লাভ কৰিব পৰা নাই আৰু লগতে তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈয়ে উত্তীৰ্ণও হৈছে৷ এনে পৰিস্থিতিত তেওঁলোকে নিজৰ মাতৃভাষাটোৰো কিমান কি আয়ত্ব কৰিব পাৰিছে, সেইটো এক সন্দেহৰে বিষয়৷ সেয়ে, তেওঁলোকক নিজৰ মাতৃ-ভাষাটি শুদ্ধকৈ লিখা-পঢ়া কৰিব পৰাকৈ প্ৰস্তুত কৰি তুলিবৰ বাবে অভিভাৱকসকলৰো দায়িত্ব বাঢ়িল৷ তেওঁলোকে নিজৰ সন্তানসকলৰ লগত শুদ্ধ অসমীয়া ভাষাত কথা-বাৰ্তা পতাৰ লগতে ভাষাটো শুদ্ধকৈ লিখিবৰ বাবেও উৎসাহিত আৰু অনুপ্ৰাণিত কৰিব লাগিব৷ মাতৃভাষাৰ চৰ্চাৰ পিছতে এইবাৰ আহোঁ আমাৰ মাতৃভূমিক বিশ্বৰ সমুখত গৌৰৱেৰে পৰিচয় কৰাই দিব পৰা আন এখনি ক্ষেত্ৰ, ক্ৰীড়াৰ জগতখনলৈ৷ দেখা গৈছে, বৌদ্ধিক চৰ্চাৰ লগতে আমাৰ জাতিটোক বিশ্বৰ সমুখত মূৰ তুলি থিয় হ’বলৈ সুবিধা দিব পৰা আন এখনি ক্ষেত্ৰ হৈছে ক্ৰীড়া৷ এই ক্ষেত্ৰত এতিয়া আমি অতি গৌৰৱেৰে সৈতে উল্লেখ কৰিব পৰা এটি নাম হৈছে লাভলীনা বৰগোহাঞি৷ ‘টকীয় অলিম্পিক ২০২০’ত বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি তেওঁ কেৱল আমাৰ ৰাজ্যৰে নহয়, সমগ্ৰ দেশৰে গৌৰৱ বৃদ্ধি কৰিলে৷ আশা কৰিছোঁ, আগন্তুক ‘পেৰিচ অলিম্পিক, ২০২৪’ত তেওঁ স্বৰ্ণ পদক লাভ কৰি আমাৰ দেশৰ নাম অধিক উজ্জ্বল কৰি তুলিবলৈ সক্ষম হ’ব৷ লাভলীনা বৰগোহাঞিৰ লগতে আমি নিশ্চয়কৈ নাম ল’ব লাগিব হিমা দাসৰো যিগৰাকী খেলুৱৈ হৈছে বিশ্ব এথলেটিক্সত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা৷ লগতে অৱশ্যে আমি মনত ৰাখিব লাগিব ‘অৰ্জুন বঁটা’ বিজয়ী এথলেট ভোগেশ্বৰ বৰুৱাদেৱকো যিগৰাকী অসম-সন্তানে ১৯৬৬ চনৰ ‘এছিয়ান গেমচ’ত ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত সোণৰ মেডেল লাভ কৰি অসমৰ লগতে সমগ্ৰ দেশৰো গৌৰৱ বৃদ্ধি কৰিছিল৷ এইবাৰ আহকচোন, আমি আলোচনা কৰোঁ সংগীত আৰু কলাৰ ক্ষেত্ৰখনৰ বিষয়ে৷ দেখা গৈছে, আমাৰ মন, মগজু উভয়কে সক্ৰিয় কৰি তুলিব পৰাকৈ সাহিত্য, সংগীত আৰু কলা, এই আটাইকেইটা বিষয়েই সামৰি লোৱা ক্ষেত্ৰখনেই হৈছে চিনেমা বা চলচ্চিত্ৰ৷ যি ভাষাতেই নিৰ্মাণ কৰা নহওক কিয়, আনকি ‘চাইলেণ্ট মভি’ হিচাপে নিৰ্মাণ কৰিলেও চলচ্চিত্ৰ এখন বুজি পোৱাত আমাৰ বিশেষ কোনো অসুবিধা নহয় কাৰণ চলচ্চিত্ৰ এখন বুজি পাবৰ বাবে যি ধৰণৰ অনুভূতিৰ প্ৰয়োজন সেইখিনি প্ৰায়সকল দৰ্শকৰে মোটামুটি থাকেই৷ এইবোৰ দিশ চালি-জাৰি চায়ে হয়তো কবিতা, নাটক, উপন্যাস, প্ৰবন্ধ, জীৱনী সাহিত্য, ভ্ৰমণ কাহিনী, শিশু সাহিত্য আদিৰ সমান্তৰালকৈ চলচ্চিত্ৰ প্ৰযোজনাৰ ক্ষেত্ৰখনতো এদিন খোজ পেলালে নুৰুল চুলতান নামৰ উদ্যমী যুৱকজনে আৰু আজি তেওঁ হৈ পৰিছেহি নৱ-প্ৰজন্মৰ বাবে এক উদাহৰণ৷ ‘বেলকণিত ভগৱান’ — এই চিনেমাখনৰ বিষয়ে নজনা, নুশুনা মানুহ বৰ্তমান আমাৰ দেশত হয়তো বহু কমেইহে ওলাব৷ একাধিক আন্তৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে পুৰস্কাৰো বুটলিবলৈ সক্ষম হোৱা এই চিনেমাখনে ইতিমধ্যে দেশৰ সাধাৰণ দৰ্শক ৰাইজৰ মাজত এক বিশেষ সমাদৰ লাভ কৰাৰ উপৰিও অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে কিছু নতুন সম্ভাৱনীয়তাৰ দুৱাৰো মুকলি কৰিছে৷ ২০২১ বৰ্ষৰ লণ্ডন ৰেইনব’ ফিল্ম ফেষ্টিভেলত ‘গড অন দা বেলকনি’য়ে লাভ কৰিছে ‘স্পেচিয়েল মেনচন এৱাৰ্ড’৷ ‘ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল, মেলবৰ্ণ, ২০২১’ লৈয়ো নিৰ্বাচিত হৈছে ‘গড অন দা বেলকনি’৷ চীনৰ চাংহাই মহোৎসৱলৈয়ো নিৰ্বাচিত হৈছে এইখনি কথাছবি৷ লগতে নিৰ্বাচিত হৈছে জাৰ্মানিৰ ১৮ তম ইণ্ডিয়ান ফিল্ম ফেষ্টিভেললৈয়ো৷ অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেললৈয়ো নিমন্ত্ৰণ লাভ কৰিছে এইখনি কথাছবিয়ে৷ ইয়াৰ আগতেও অৱশ্যে ১৯৮৮ চনৰ আগষ্টত চুইজাৰলেণ্ডৰ ‘লোকাৰ্ণ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ত ইন্দ্ৰ বণিয়া অভিনীত জাহ্নু বৰুৱাদেৱৰ ‘হালধীয়া চৰায়ে বাওধান খায়’ ছবিখনে শ্ৰেষ্ঠ কথাছবিৰ পুৰস্কাৰ লাভ কৰাৰ লগতে ইন্দ্ৰ বণিয়াদেৱে লাভ কৰিছিল শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ৷ ঠিক তেনেদৰে, ১৯৯৫ চনত ৩১তম ‘চিকাগো আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ত গেটজ্‌ বিশ্বশান্তি বঁটা লাভ কৰিছিল জাহ্নু বৰুৱাদেৱৰ ‘সাগৰলৈ বহু দূৰ’ ছবিখনে৷ ‘চিংগাপুৰ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’তো  এই ছবিখন সমাদৃত হোৱাৰ লগতে সত্য বৰুৱাদেৱে লাভ কৰে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা৷ ২০০০ চনৰ ঢাকা আন্তৰাষ্ট্ৰীয় চলচ্ছিত্ৰ মহোৎসৱ’ত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে ‘বৈভৱ’ কথাছবিখনে৷ এতিয়া আমি দেখিছোঁ যে ‘মোৰ দেশ, মোৰ আই আৰু মোৰ মাতৃভাষা’ক সমৃদ্ধিশালী কৰি বিশ্বৰ সমুখত গৌৰৱেৰে চিনাকি কৰাই দিব পৰাকৈ আমাৰ হাতত যথেষ্টখিনিয়েই সমল আছে৷ এই প্ৰসঙ্গতে আমি নিশ্চয়কৈ উল্লেখ কৰিব পাৰোঁ ২০১৬ বৰ্ষত ‘সাহিত্য অঁকাডেমি বঁটা’ লাভ কৰা গীতা উপাধ্যায় বাইদেউৰ উপন্যাসখনিও, ‘মোৰ দেশ মোৰ স্বদেশ’ যিখনি উপন্যাস পিছত ২০১৭ চনত ‘মোৰ আই মোৰ জন্মভূমি’ শিৰোনামেৰে লয়াৰ্ছ বুক ষ্টলে অসমীয়াত প্ৰকাশ কৰে৷ চাবলৈ গ’লে, এইখনি উপন্যাসৰ দৰে ৰচনা কৰা সাহিত্যৰাজিয়েও আমাৰ অন্তৰত জগাই তোলেহি দেশপ্ৰেমৰ লগতে এক তীব্ৰ জাতিপ্ৰেমো৷ এতিয়া প্ৰয়োজন মাথোঁ এই ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে আমাৰ ঐকান্তিক চেষ্টাৰ লগতে মনত এশ শতাংশই সততা৷৷

এই সংখ্যাটোৰ আঁৰত-

‘সাহিত্য ডট অৰ্গ’ৰ একাদশ বৰ্ষৰ প্ৰথম সংখ্যাটিৰ আঁৰত থাকি সহায়-সহযোগিতা আগবঢ়াই যোৱা সকলো সদাশয় ব্যক্তিলৈকে সম্পাদকৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷

এই সংখ্যাটিৰ বাবে সাক্ষাৎকাৰটি গ্ৰহণ কৰাত মোৰ লগত বিশেষভাৱে সহযোগিতা আগবঢ়ালে অভিজিত দত্ত আৰু বিকাশ দত্তই৷ লগতে, উক্ত সাক্ষাৎকাৰটি লিপিবদ্ধ কৰাত বিশেষ সহযোগিতা আগবঢ়ালে অভিজিত দত্ত আৰু ৰূপম ৰিদিপে৷

লেখাসমূহৰ বৰ্ণাশুদ্ধিৰ বিষয়ত সহযোগিতা আগবঢ়ালে মৃদুল কুমাৰ শৰ্মা, ড° মৃণাল জ্যোতি গোস্বামী, কলচুম বিবি, উৎপলা কৌৰ আৰু উজ্জ্বল দিপ্লু গগৈয়ে৷

কাৰিকৰী দিশত সহায়-সহযোগিতা আগবঢ়ালে ক্ৰমে মৃদুল কুমাৰ শৰ্মা, অভিজিত দত্ত, ড° দ্বীপজ্যোতি বৰা আৰু  ড° মনোজ মন কলিতাই৷

সৰ্বোপৰি বিশেষ কৃতজ্ঞতাৰ পাত্ৰ হৈছে ‘অসমীয়াত কথা বতৰা’ গোটৰ আমাৰ শ্ৰদ্ধেয় লেখক-লেখিকাসকল যাৰ সহায়-সমৰ্থন অবিহনে এই ই-আলোচনীখনি নিৰ্ধাৰিত সময়ত পঢ়ুৱৈ ৰাইজৰ সমুখলৈ আমি উলিয়াই দিব নোৱাৰিলোঁহেঁতেন৷
ধন্যবাদ৷৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments