ডকাইতৰ কাণ্ড

লেখক- সুবোধ পাঠক

১৯৭৫ চনৰ কথা। মই তেতিয়া বিলাসীপাৰা থানাৰ অন্তৰ্গত মহামায়া চকীত কৰ্মৰত। চকীৰ ইনছাৰ্জ আছিল এচ আই ইনামুল হক লস্কৰ। তেওঁ মোতকৈ চাকৰিত চাৰি বছৰ মানৰ চিনিয়ৰ। সেই সময়ত উক্ত চকী এলেকাত অতি বেছিকৈ ডকাইতিৰ ঘটনাবোৰ হৈ থকাৰ বাবে ডকাইত ধৰাৰ অভিযানত সহায় কৰিবলৈ এচ পি চাহাবে মোক তালৈ পঠাইছিল। চকী এলেকাটোৰ হাইৱেৰ উত্তৰ ফালটো ফৰেষ্টেৰে আগুৰা আৰু দক্ষিণ ফালটো ব্ৰহ্মপুত্ৰৰ পাৰলৈ দহবাৰ কিলোমিটাৰ বিস্তৃৰ্ণ অঞ্চল চৰ চাপৰিৰে ভৰা। বাৰিষা গোটই অঞ্চলটোৱেই পানীৰ তলত থাকে বাবে যাতায়তৰ এক মাত্ৰ উপায় হৈছে নাও আৰু নাৱৰীয়া। ইনছাৰ্জ লস্কৰ চাহাবে নাও আৰু নাৱৰীয়া ঠিক কৰি থয় আৰু পৰীয়াৰ পৰা ডকাইতৰ সম্ভেদ পালেই সন্ধিয়া পৰত আমি পাৰ্টি লৈ যাওঁ আৰু ডকাইত ধৰোঁগৈ। তেনেকৈ বহুকেইজন ডকাইত ধৰা পৰাত পিছলৈ যেনিবা ডকাইতৰ উপদ্ৰব কিছু পৰিমাণে কম হৈছিলগৈ। কথা বতৰাৰ মাজতে এদিন লস্কৰে মোক কৈছিল যে সাধুভাষা নামৰ গাঁৱত নছেৰ নামৰ এজন দুৰ্ধৰ্ষ ডকাইত আছে। বহুত মানুহ লগায়ো তাক ধৰিব পৰা নাই। তাক ধৰিব পাৰিলেই এলেকাত ডকাইতি প্ৰায় শেষ ব। কিছুদিনৰ পিচত এদিন নছেৰৰ সম্ভেদ অহাত আগৰ দৰেই নাওনাৱৰীয়া লৈ পাণবাৰীৰ মীৰজুমলা মছজিদৰ দান পাত্ৰত পইছা দি সেৱা জনাই যাত্ৰা কৰিলোঁ। যাত্ৰা সফল ল। নছেৰ ধৰা পৰিল। সোধপোছ কৰাত নছেৰে কেইবাটাও ডকাইতিহত্যাৰ গোচৰত জড়িত বুলি স্বীকাৰ কৰিলে। আমাক আচৰিত কৰি নছেৰে লে, সি বোলে আঠ দহ বছৰ মান বয়সতে দেউতাকৰ পাৰ্টিৰ লগত নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ লক্ষ্মীমপুৰত এঘৰত ডকাইতি কৰিবলৈ গৈছিল। সেয়াই আছিল তাৰ ডকাইত জীৱনৰ আৰম্ভণি। সিদিনাৰ ডকাইতি কৰোঁতে গৃহস্থ দুজনক মৰাপাট দমাই থোৱা বাঁহৰ চাং এখনত বান্ধি কাপোৰৰমশালজ্বলাই গাত জুই লগাই দিয়াৰ ভয় দেখুৱাই পইচা দাবী কৰি থাকোঁতেই হঠাৎ চাংখন ভাঙি তলত থকা কেৰাচিন তেলৰ টিন বাগৰি পৰি ঘৰত জুই লগাত গৃহস্থ দুয়োজনৰে মৃত্যু হয়। সেই গোচৰত ধৰা পৰি দেউতাক আৰু লগৰকেইজনৰ জেল হয়। কিন্তু, নাবালক বাবে তেওঁ সাৰি যায়। ডাঙৰ হৈ পিতৃৰ পথকে লৈ দল এটা গঠন কৰি সুবিধা পালেই সি ডকাইতি কৰি থাকে। কেতিয়াবা সাৰি যায়, কেতিয়াবা জেল খাতে। ঘৰ আৰু জেলৰ মাজত তেওঁৰ কাৰণে কোনো তফাৎ নাই। স্থানীয় লোকে কোৱামতে নছেৰৰ সন্ত্ৰাসৰ বাবে স্থানীয় লোক উপায়হীন। ভয়তে কোনেও একো নকয়। 

আন এটা কথাইহে আমাক বৰ আমোদ দিলে। নছেৰৰ পুতেকৰ পোন্ধৰ ষোল্ল বছৰমান হওঁতেই বিয়া পাতি দিলে। পিছত বিয়ৈৰ ঘৰত এবাৰ আলহী খাবলৈ গৈ বিয়নীক ধুনীয়া দেখি নছেৰে জোৰ কৰি লগতে লৈ আনি নিজেই বিয়া কৰালে। বেচেৰা বিয়ৈ ডকাইত নছেৰৰ ভয়তে চুপ হৈ থাকিল। যা হওক, কেইবাটাও গোচৰত ছাৰ্জশ্বিট দি আৰু আগৰ ৰৈ থকা গ্ৰেপ্তাৰী পৰোৱানা যোগে এইবাৰ এক দীঘলীয়া সময়ৰ বাবে নছেৰক জেললৈ পঠিওৱা ল। ইয়াৰে কেইদিনমান পিছত এদিন আগবেলা এজন বগা পায়জামা কুৰ্টা পিন্ধা বয়সিয়াল লোক চকীলৈ আহি লস্কৰ বাবুক বিচাৰিলে। মানুহজনৰ বয়স আনুমানিক ষাঠি বছৰমান ব। শুভ্ৰ দীঘল দাড়িৰে হাঁহি থকা মুখ, চকুত দয়াভৰা চাৱনি, পকা থেকেৰা যেন গাৰ বৰণৰ মানুহজন প্ৰথম দৃষ্টিতে এজন ধৰ্মীয় গুৰু মৌলানা বা কোনোবা আলেম যেন লাগিল। লস্কৰে কিবা ধৰ্মীয় কামৰ বাবে মাতি অনা যেন লাগিল। মানুহজনক বহিবলৈ দি ৰপৰা আহিছে সোধাত গৌৰীপুৰৰ পৰা অহা বুলি লে। সেই সময়ত লস্কৰ চকীত নাছিল। কিবা কামত বজাৰৰ ফালে গৈছিল। অলপ পিছতে লস্কৰ আহিল আৰু মানুহজনক তেওঁৰ ৰূমলৈ মাতি লৈ গৈ কিবা কথা পাতিলে। ময়ো নিজৰ কামত ব্যস্ত থাকিলোঁ। এটা সময়ত মানুহজন ল। লস্কৰে মোক মানুহজন চিনি পালোঁ নেকি বুলি সোধাত মই নাই পোৱা বুলি লোঁ। তেতিয়া তেওঁ লে, এইজনেই গৌৰীপুৰৰ কুখ্যাত গোলাপ ডকাইত। জিলাৰ এজন প্ৰথম শ্ৰেণীৰ দাগী অপৰাধী। আইনৰ ভাষাত যাক ক্লাছ বি ছি বোলা হয়। 

ডকাইতিহত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাবাস খাটি আহিছে। চকীলৈ কিয় আহিল বুলি সোধাত লে যে এচ পি চাহাবে তাক জিলাত গোপনে ডকাইতৰ খাখবৰ লৈ থানাবোৰত বা চাহাবক জনাব দিয়া মতে সি কাম কৰি থাকে। মানুহজনৰ ছবিটোলৈ মনত পেলালোঁ আৰু ভাবিলোঁ ইমান সুন্দৰ চেহেৰাৰ মানুহ এজনো ডকাইত পাৰেনে? এনেতে এটা কথা মনলৈ আহিছিল যে মানুহজনে প্ৰতিটো কথাৰ জবাব দিওঁতে অপ্ৰয়োজনতো হাঁহিছিল। কোনোবা এখন কিতাপৰ কাহিনীত এনে লোক ভয়ানক পাৰে বুলি পঢ়াও মনত পৰে। 

এসপ্তাহমানৰ পাচতে গৌৰীপুৰ এলেকাৰ আচাৰীকান্দি গাঁৱত জামাই ষষ্ঠীৰ ৰাতি এজন ব্যৱসায়ীৰ ঘৰত ডকাইতি কৰিবলৈ গৈ সমুখৰ ৰূমতে পাই শহুৰৰ সমুখতে জোৱায়েকক ডেগাৰেৰে খুচি হত্যা কৰা ল। বুঢ়া শহুৰেককো মাৰধৰ কৰি টকাপইচা লুটি লৈ ল। গোচৰটোৰ তদন্তত ডকাইতৰ দলটো গৌৰীপুৰ আৰক্ষীয়ে ধৰিলে। এইটোও জানিলে যে ডেগাৰ মৰাজন গোলাপ শেখেই আছিল। গোলাপ আৰু তাৰ পাৰ্টী পুনৰ জেললৈ ল। আমাৰ বুঢ়ামেঠাসকলৰ মুখত শুনা আপ্তবাক্যটি, “চোৰে নেৰে চোৰ প্ৰবৃত্তি কুকুৰে নেৰে ছাই, যাৰ যি প্ৰবৃত্তি সি মৰিলেও লগত যায়কথাষাৰ সঁচা বুলি প্ৰমাণ পালোঁ আৰু জীৱনলৈ এটা শিকনিও ললোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments