‘ৰজত কমল বঁটা’ প্ৰাপক শ্ৰদ্ধেয় নুৰুল চুলতান ডাঙৰীয়াৰ সৈতে সাক্ষাৎকাৰ

লেখক- মণ্টু কুমাৰ বৰঠাকুৰ, অভিজিত দত্ত, বিকাশ দত্ত, ৰূপম ৰিদীপ

‘সাহিত্য ডট অৰ্গ’ৰ এই সংখ্যাৰ ‘সাক্ষাৎকাৰ’ শিতানটিৰ বাবে এইবাৰ সাক্ষাৎ কৰা হৈছিল অসমৰ প্ৰখ্যাত চিনেমা প্ৰযোজক তথা ‘ৰজত কমল বঁটা’ প্ৰাপক শ্ৰদ্ধেয় নুৰুল চুলতান ডাঙৰীয়াৰ। কথাছবি জগতলৈ বিশেষ অৱদান আগবঢ়োৱা শ্ৰদ্ধেয় চুলতান ডাঙৰীয়াই অসমৰ সাহিত্য-সংস্কৃতিৰ জগতখনলৈয়ো প্ৰভুত বৰঙনি আগবঢ়াইছে। তেখেতৰ কৰ্মক্ষেত্ৰ তথা কথাছবি আৰু সাহিত্যৰ স’তে থকা নীৰৱচ্ছিন্ন সম্পৰ্কৰ বিভিন্ন দিশ উদ্ভাসিত হৈছে এই সাক্ষাৎকাৰটিত। ‘সাহিত্য ডট অৰ্গ’ৰ হৈ উক্ত সাক্ষাৎকাৰ গ্ৰহণ কৰিছে ই-আলোচনীখনৰ এই মাহৰ সম্পাদক শ্ৰীমণ্টু কুমাৰ বৰঠাকুৰ তথা ‘অসমীয়াত কথা বতৰা’ গোটৰ সদস্য ক্ৰমে বিকাশ দত্ত আৰু অভিজিত দত্তই। সাক্ষাৎকাৰটিৰ অনুলেখন কৰিছে শ্ৰীমণ্টু কুমাৰ বৰঠাকুৰ, শ্ৰীৰূপম ৰিদীপ আৰু শ্ৰীঅভিজিত দত্তই। ইয়াক বাণীবদ্ধ ৰূপত প্ৰকাশ কৰিছে শ্ৰীবিকাশ দত্তই। সাক্ষাৎকাৰটিৰ সংশোধিত ৰূপ প্ৰস্তুত কৰি তুলিছে শ্ৰীমৃদুল কুমাৰ শৰ্মাই।

সাহিত্য ডট অৰ্গ:

কলা- সংস্কৃতিৰ জগতখনৰ সৈতে জড়িত হোৱাৰ ক্ষেত্ৰত আপুনি আপোনাৰ পিতৃ-মাতৃ বা পৰিয়ালৰ অন্যান্য সদস্যসকলৰ পৰা কেনেধৰণৰ অনুপ্ৰেৰণা লাভ কৰিছিল?

নুৰুল চুলতান:

মোৰ পিতৃ চমিৰুদ্দিন আহমেদ এজন দক্ষ ফুটবল খেলুৱৈ আছিল। আকৌ, যি সময়ত ছোৱালীসকলক হাইস্কুলত পঢ়িবলৈ অনুমতি দিয়া হোৱা নাছিল, সেই সময়তেই মোৰ মাতৃ এলিজা বেগমে নাহৰণি গাঁৱৰ উচ্চ মাধ্যমিক বিদ্যালয়খনত পঢ়া-শুনা কৰিছিল। মোৰ পিতৃ জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদৰ জিকিৰ দলৰ এগৰাকী সদস্যও আছিল। মোৰ পত্নী মনোৱাৰা খানমে আকৌ ৰেকিবুদ্দিন আহমেদ ছাৰৰ সতে গুৱাহাটীলৈ গৈ জিকিৰ পৰিবেশনো কৰিছিল। একেদৰে, মোৰ ছোৱালী দুজনী ক্ৰমে নাজৰানা নাছৰিন চুলতানা আৰু পৰিনান্ধি জিমা চুলতানাও সৰুৰে পৰাই সাংস্কৃতিক ক্ষেত্ৰখনৰ সতে জড়িত হৈ আছে। গতিকে, সেই সৰুকালিৰ পৰা আজিলৈকে আমাৰ ঘৰখনত এক সাংস্কৃতিক পৰিবেশেই বিৰাজ কৰি আছে।

সাহিত্য ডট অৰ্গ:

আপোনাৰ পৰিয়ালটোত লেখা-মেলা তথা সাংস্কৃতিক পৰিবেশ এটা সৌ তাহানিৰ পৰাই গঢ় লৈ উঠিছিল বুলি আমি জানিব পাৰিছোঁ। আপোনাৰ ভাতৃ আবেদুল চুলতান প্ৰবন্ধ লেখক হিচাপে বিখ্যাত। একেদৰে আপোনাৰ দুহিতাও সংস্কৃতিৰ জগতখনৰ লগত জড়িত হৈ আছে। আপোনাৰ পৰিয়ালত প্ৰৱহমান হৈ থকা এই সাংস্কৃতিক পৰিক্ৰমা সম্পৰ্কে অনুগ্ৰহ কৰি আমাক অলপ জনাবনে?

নুৰুল চুলতান:

আবেদুল চুলতান মোৰ দ্বিতীয়জন ভাতৃ। তেওঁ নিয়মীয়াকৈ কাকতত প্ৰবন্ধৰ লগতে চুটিগল্পও লিখে। মোৰ ছোৱালী দুজনীও সংস্কৃতিৰ ক্ষেত্ৰখনৰ সতে জড়িত হৈ আছে। মোৰ পত্নীয়েও মই প্ৰযোজনা কৰা কথাছবিত সাজ-সজ্জাৰ দিশটোৰ ওপৰত চকু ৰাখি মোক সহায় কৰিছে।

সাহিত্য ডট অৰ্গ:

আপুনি দেৰগাঁৱৰ কমল দুৱৰা মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। দেৰগাঁও তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ এক বৌদ্ধিক কেন্দ্ৰ হিচাপে খ্যাতি লাভ কৰা এই মহাবিদ্যালয়খনৰ শিক্ষকসকলৰ পৰা সাংস্কৃতিক জগতখনত কাম কৰাৰ ক্ষেত্ৰত আপুনি কেনে ধৰণৰ সঁহাৰি লাভ কৰিছিল?

নুৰুল চুলতান:

আচলতে সাহিত্য আৰু সংস্কৃতিৰ জগতখনত আমাৰ মহাবিদ্যালয়ৰ শিক্ষকসকল যথেষ্ট সমৃদ্ধিশালী আছিল। তেখেতসকলে মোক সদায়েই সঁহাৰি জনাইছিল।

সাহিত্য ডট অৰ্গ:

আপুনি বিভিন্ন সামাজিক-সাংস্কৃতিক কামত সৌ তাহানিৰ পৰাই জড়িত হৈ আছে। এনেধৰণৰ দিশসমূহৰ প্ৰতি আপুনি কেনেদৰে আকৰ্ষিত হৈ পৰিল সেই সম্পৰ্কে আমাক অলপ জনাবনে?

নুৰুল চুলতান:

নৱম শ্ৰেণীত পঢ়ি থকাৰ পৰাই মই আমাৰ বিদ্যালয় তথা আমাৰ অঞ্চলত নাটক কৰিছিলোঁ। নাহৰণি গাঁৱত নাটক কৰিবলৈ আৰম্ভ কৰাৰ পিছতেই মই ‘মহাজনৰ আঙুঠি’ বুলি নাটক এখনো লিখিছিলোঁ। লাহে লাহে নাটক, চলচ্চিত্ৰ আদিৰ প্ৰতি মোৰ আকৰ্ষণ বাঢ়ি আহিল। মই দেৰগাঁৱত চিনেমা চাবলৈয়ো আৰম্ভ কৰিলোঁ। সেই সময়তেই আমাৰ মামা চামচুল হকে গুৱাহাটীৰ পৰিবহণ নিগমত চাকৰি কৰিছিল। সেই সূত্ৰে মই গুৱাহাটীলৈ প্ৰায়ে যাবলগীয়া হৈছিল। সেই সময়ত মই আকৌ ‘সদৌ অসম ছাত্ৰ সন্থা’ আৰু পিছলৈ ‘অসম গণ পৰিষদ’ৰ সৈতেও জড়িত হৈ পৰিছিলোঁ। সেই সময়ত মই গুৱাহাটীলৈ গ’লেই চিনেমা চাওঁ। ঘৰলৈ ঘূৰি অহাৰ আগেয়ে এখন চিনেমা চোৱাটো মোৰ অভ্যাসতে পৰিণত হৈছিল। সেইসময়তে অসমত ‘ভি চি ডি’ চিনেমাবোৰ জনপ্ৰিয় হৈ পৰিছিল। ২০০৬ চনত ময়ো এনেধৰণৰ ছবিত অভিনয় কৰিছিলোঁ। ‘আইমণি’ আৰু ‘মইনাজান’ নামৰ দুখন ভি চি ডি চিনেমাও মই ২০০৭ চনত নিৰ্মাণ কৰিছিলোঁ। সেই সময়ত এই ছবিসমূহ বৰ জনপ্ৰিয় হৈছিল। সেই ছবি দুখনৰ পৰিচালক আছিল যদুমণি দত্ত। ৰবি শৰ্মা, আইমী বৰুৱা আদিক লৈ সেইসমূহ চিনেমা নিৰ্মাণ কৰা হৈছিল। সঙ্গীত পৰিচালক আছিল মানস ৰবীন। তাৰ মাজতেই কথাছবি নিৰ্মাণৰ বাবে মই গুণাগঁথা কৰিছিলোঁ। সেই তেতিয়াৰ পৰাই মই বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সতে জড়িত হৈ আছোঁ। আনহাতে, অসমৰ বাহিৰলৈ গ’লেও মই কথাছবিসমূহ উপভোগ কৰিছিলোঁ। এনেদৰে লাহে লাহে পূৰ্ণদৈৰ্ঘ্যৰ কথাছবি এখন নিৰ্মাণ কৰাৰ বাবে মোৰ মনত এক আগ্ৰহ জন্মিল। এইখিনিতে মোৰ আন এটা কথা মনত পৰিছে। এসময়ত গ্ৰাম্যাঞ্চলত ভি চি ডি আনি চিনেমাৰ দৰে টেলিভিছনত দেখুওৱাৰ ব্যৱস্থা এটাই গা কৰি উঠিছিল। ময়ো আমাৰ গাঁৱত ৰাইজক এনেদৰে বহুকেইখন ছবি উপভোগ কৰাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা লৈছিলোঁ। এনেদৰে লাহে লাহে আমি কথাছবি নিৰ্মাণ কৰিবলৈ আগ্ৰহী হলোঁ। এই উদ্যোগটোৰ সতে জড়িত বিভিন্নজনৰ মই সাক্ষাতো লাভ কৰিলোঁ।

সাহিত্য ডট অৰ্গ:

আপোনাৰ গাঁও নাহৰণি সম্পৰ্কে আমি সকলোৱেই জ্ঞাত। বিখ্যাত সাহিত্যিক ছৈয়দ আব্দুল মালিক আৰু জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ জন্মস্থান সেই নাহৰণি গাঁৱেই। সেইসকল বিখ্যাত ব্যক্তিৰ সান্নিধ্য হয়তো আপুনি লাভ কৰিছে আৰু সেই সান্নিধ্যই হয়তো আপোনাৰ ব্যক্তিত্বত এক যোগাত্মক প্ৰভাৱো পেলাইছে। এই সম্পৰ্কে অনুগ্ৰহ কৰি আমাক অলপ জনাবনে?

নুৰুল চুলতান:

হয়, মই তেখেতসকলৰ সান্নিধ্য লাভ কৰিছিলোঁ। বিভিন্ন সময়ত মই মালিক ছাৰৰ বাসগৃহলৈয়ো গৈ তেওঁক লগ ধৰিছিলোঁগৈ। তেখেতৰ সৈতে আমি বিভিন্ন অনুষ্ঠানো কৰিছিলোঁ। কেতিয়াবা একেখন গাড়ীৰে মালিক ছাৰৰ সতে ভ্ৰমণো কৰিছোঁ। একেদৰে, জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াকো মই ওচৰৰ পৰা লগ পাইছোঁ। তেখেতসকলৰ সৈতে আমাৰ পৰিয়ালৰো আহযাহ আছিল।

সাহিত্য ডট অৰ্গ:

আপোনাৰ দ্বাৰা প্ৰযোজিত ‘জেতুকা পাতৰ দৰে’ কথাছবিখনৰ কাহিনীটো মালিকদেৱৰ এখনি উপন্যাসৰ পৰা লোৱা হৈছিল। এই সম্পৰ্কে আমাক অলপ জনাবনে?

নুৰুল চুলতান:

হয়। সেই সময়ত চলচ্চিত্ৰ এখন নিৰ্মাণৰ বাবে কাহিনী বিচাৰি আমি হাবাথুৰি খাইছিলোঁ। সেই সময়তে স্বনামধন্য চিত্ৰনাট্যকাৰ, যশস্বী পৰিচালক শ্ৰদ্ধাৰ মুনীন বৰুৱাদেৱে আমাক মালিকদেৱৰ ‘জেতুকা পাতৰ দৰে’ নামৰ উপন্যাসখনৰ কথা ক’লে। তেখেতৰ কথামতেই মই মালিক ছাৰৰ কিতাপখন সংগ্ৰহ কৰিলোঁ। কাহিনীটো মোৰ পচন্দ হ’ল। পৰিচালকেও কাহিনীটো বৰ ভাল পালে। এনেদৰেই আমি সেই কামটোত হাত দিলোঁ আৰু আমাৰ সমগ্ৰ প্ৰকল্পটোক স্বীকৃতি দিয়া হ’ল। অৱশ্যে, সেই সময়ত মালিক ছাৰ জীৱিত নাছিল। সেয়ে আমি তেওঁৰ পুত্ৰৰ পৰাই কথাছবিখন নিৰ্মাণ কৰাৰ বাবে অনুমতি ল’লোঁ।

সাহিত্য ডট অৰ্গ:

‘ৰজত কমল বঁটা’ প্ৰাপক হিচাপে লাভ কৰা অভিজ্ঞতা সম্পৰ্কে অনুগ্ৰহ কৰি আমাক অলপ জনাবনে?

নুৰুল চুলতান:

হয়, সেইয়া মোৰ বাবে এক চিৰ স্মৰণীয় অভিজ্ঞতা। অৱশ্যে, তাৰ সৈতে আন দুটামান কথাও মোৰ মনত পৰে। সেই কথাবোৰ ভাবি মাজে মাজে মনত অলপ বেয়াও লাগে। মানে, ‘ৰজত কমল বঁটা’ ঘোষণা কৰাৰ কেইদিনমানৰ আগতে অসমত ‘চিনেমা এৱাৰ্ড’ৰ প্ৰতিযোগিতা এটি অনুষ্ঠিত হৈছিল। সেই প্ৰতিযোগিতাখনত আমাৰ চিনেমাখনো আছিল। আমাৰ চিনেমাখনৰ গীতিকাৰ আদিকৰি দুজনমানে বঁটা পাইছিল যদিও আমাৰ চিনেমাখন কিন্তু বিবেচিত নহ’ল। কিন্তু, তাৰ এমাহমানৰ পিছতে আমাৰ চিনেমাখনে ‘ৰজত কমল বঁটা’ই পালে। উক্ত বঁটাটি ঘোষণা কৰাৰ সময়ত মই এঠাইত বহি আছিলোঁ। টি.ভি.ত দি আছিল নিউজটো। এজনে ফোন কৰি কথাটো মোক জনালে। মই লগে-লগে টিভিত চালোঁ। মনটো ভাল লাগিছিল সেই সময়ত। সেইয়া ২০১১ চনৰ কথা। তাৰ পিছত আমাক নিমন্ত্ৰণ জনোৱা হৈছিল। ২০১১ চনৰ ছেপ্তেম্বৰ মাহত বঁটাটো প্ৰদান কৰা হৈছিল। এই ক্ষেত্ৰত আমাৰ এক নতুন অভিজ্ঞতা হ’ল। আমি দুদিনমান আগতেই সেইখন সভালৈ বুলি ওলালোঁ। সভা আৰম্ভ হোৱাৰ আগদিনা আমাক প্ৰশিক্ষণ দিয়া হ’ল। বঁটাটো কেনেদৰে আমি ৰাষ্ট্ৰপতিৰ হাতৰ পৰা গ্ৰহণ কৰিম, কেনেদৰে তেওঁক নমস্কাৰ জনাম, আমি কোনফালে আৰু কেনেদৰে বাট বুলিম, বঁটাটো লৈ কেনেদৰে ঘূৰি আহিম ইত্যাদি বিভিন্ন কথা আমাক প্ৰশিক্ষণত শিকোৱা হ’ল। সেই অনুষ্ঠানত আমি বিভিন্ন বিখ্যাত অভিনেতা-অভিনেত্ৰী যেনে কংগনা ৰাণাৱৎ, মালাইকা আৰোৰা খান, আৰবাজ খান আদিক লগ পাইছিলোঁ। তেওঁলোকৰ সৈতে চাহ-মেলত আমি কথা পাতিছিলোঁ। দক্ষিণৰ চিনেমা নিৰ্মাতাসকলকো আমি সেই অনুষ্ঠানত লগ পাইছিলোঁ। ‘ৰজত কমল বঁটা’ গ্ৰহণ কৰাৰ সময়ত মোৰ আন এক ডাঙৰ অভিজ্ঞতাও হৈছিল। আমাৰ ইয়াত গামোচাখন অথবা পদকটি কোনো এগৰাকী মহিলাই আগবঢ়াই দিয়ে। পিছে, সেই অনুষ্ঠানটোত সেই সময়ৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰী অম্বিকা শ্বোনীয়েহে বঁটাটো ৰাষ্ট্ৰপতিলৈ আগবঢ়াই দিছিল। সেইয়া আমাৰ বাবে এক অনন্য অভিজ্ঞতা আছিল।

সাহিত্য ডট অৰ্গ:

আপুনি ‘ৰজত কমল বঁটা’ পোৱাৰ পিছত হয়তো অসমতো এই খবৰটিয়ে আলোড়নৰ সৃষ্টি কৰিছিল। সেই সম্পৰ্কে আমাক অলপ জনাবনে?

নুৰুল চুলতান:

হৈছিল। পিছে খবৰটোৱে বিশেষ ধৰণৰ আলোড়নৰ সৃষ্টি কৰা নাছিল। মানে, যেনে ধৰণেৰ আলোড়নৰ সৃষ্টি হ’ব লাগিছিল, তেনে ধৰণেৰে নহ’ল। এতিয়া, মোৰ ঘৰ দেৰগাঁৱত নহৈ যদি গুৱাহাটীত হ’লহেঁতেন, হয়তো কথাবোৰ অলপমান বেলেগ হ’লহেঁতেন। সেই সময়ৰ আপেক্ষিকভাৱে কম জনপ্ৰিয় টি ভি চেনেল এটাতহে পৰিচালক আৰু মোৰ সাক্ষাৎকাৰ এটি লোৱা হ’ল। এই যে আমাক বৰ এটা গুৰুত্ব দিয়া নহ’ল, সেই কথাটো অৱশ্যে ‘অগ্ৰদূত’ কাকতত জনৈক লেখকে উল্লেখ কৰিছিল।

সাহিত্য ডট অৰ্গ:

‘জেতুকা পাতৰ দৰে’ কথাছবিখনৰ দৰেই জনপ্ৰিয় হৈছিল কথাছবিখনত থকা ‘পুৱাৰ হাঁহিৰ চেঁচা বতাহজাকে’ শীৰ্ষক গানটো। জুবিন গাৰ্গ আৰু শান্তা উজিৰৰ কণ্ঠত সেই গানটোৱে আমাৰ দৰে বহু শ্ৰোতাকে আকৰ্ষিত কৰিছিল। এই গানটো সম্পৰ্কে অথবা এই গানটোৰ সতে জড়িত কিবা স্মৰণীয় ঘটনা বা কাহিনী যদি আছে, সেইবিষয়ে আমাক অলপ জনাবনে?

নুৰুল চুলতান:

হয়। এই গীতটো বৰ জনপ্ৰিয় হৈছিল। আমি, মানে পৰিচালক যদুমণি দত্ত, আইমী বৰুৱা আদিয়ে আলোচনা কৰিছিলোঁ যে কথাছবিখনত এনে এটা গীতৰ সংযোজন কৰা হওক যাতে সেই গীতটো জনপ্ৰিয় হয় আৰু চিনেমাখনৰ কাহিনীটোৰ লগতো জড়িত হৈ থাকে। একেদৰে সেই গীতটোত মাটিৰ গোন্ধ এটাও থকা উচিত বুলি আমি মত পোষণ কৰিছিলোঁ। আমাৰ সংগীত পৰিচালক পলাশজ্যোতি গগৈক গোটেইখিনি কথা বুজাই দিছিলোঁ। তেওঁ গান এটা কৰিছিল। দিগন্ত ভাৰতীয়ে লিখিছিল গানটো। কিন্তু, গানটো আমাৰ পচন্দ নহ’ল। গানটো ঠিক-ঠাক কৰোঁতে আমাৰ অৰ্থব্যয়ো হ’ল। পিছে, শেষলৈ সেই গানটো বাতিল কৰি দিলোঁ। তাৰ পিছত আমি ঠিক কৰিলোঁ যে আমাক এটা নতুন গান লাগিব। খৰচ যি লাগে, দিম। এই পিছৰটো মানে আপোনালোকে উল্লেখ কৰা এই গানটো শুনি আমি বৰ ভাল পালোঁ। আজিও এই গানটো বহুজনে শুনি এক তৃপ্তি লাভ কৰে বুলি মোৰ বিশ্বাস।

সাহিত্য ডট অৰ্গ:

‘জেতুকা পাতৰ দৰে’ কথাছবিখনৰ নিৰ্মাণ কৰাৰ সময়ত আপোনাৰ কিবা স্মৰণীয় অথবা আমোদজনক অভিজ্ঞতা হৈছিল নেকি?

নুৰুল চুলতান:

হয়। বহুধৰণৰ স্মৰণীয় অভিজ্ঞতাই আছে। কথাছবিখন নিৰ্মাণ কৰাৰ সময়ত আমি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ। এবাৰ দৃশ্যগ্ৰহণৰ সময়ত আমাক বানপানীৰ দৃশ্য এটা লগা হ’ল। ‘স্পট’ বিচাৰি আমি বুঢ়া পাহাৰলৈকে গৈছিলোঁ। পিছে, তেনেধৰণৰ বানপানীৰ দৃশ্য এটা ‘কেমেৰা’ত ধৰি আনিবলৈ আমি বিচাৰি নাপালোঁ। পিছে, আমাৰ ভাগ্য হয়তো সুপ্ৰসন্ন আছিল। দৃশ্যগ্ৰহণৰ দুদিন আগেয়ে বৰ বৰষুণ হ’ল। ইমানেই বৰষুণ হ’ল যে দেৰগাঁৱৰ গেলাবিল অঞ্চলত আমি দৃশ্যগ্ৰহণ কৰিবলৈ সমৰ্থ হ’লো। এই কথাছবিখন নিৰ্মাণ কৰাৰ সময়ৰ আন এক স্মৰণীয় তথা আমোদজনক কাহিনীও আছে। আমাৰ চিনেমাখনৰ অভিনেতা-অভিনেত্ৰী ক্ৰমে ৰাগ ঐনিতম আৰু আইমী বৰুৱাই অভিনয় কৰিবলগীয়া এক দৃশ্যৰ বাবে আমি নিমাতীঘাটলৈ গৈছিলোঁ। ৰাগ ঐনিতম আৰু আইমী বৰুৱাৰ চেহেৰা-পাতি আৰু পোছাক- পৰিচ্ছদৰ বাবে তেওঁলোকক ঘৰৰ পৰা পলাই অহা বুলি ঘাটত থকা নাৱৰীয়াসকলে ভাবিছিল। এই কথাটোৱে আমাক হাঁহিৰ খোৰাক যোগাইছিল। আচলতে, মই বিভিন্ন ঠাইত অভিনয়, শ্বুটিংস্থলী আদিৰ সতে ওতপ্ৰোতভাবে জড়িত হৈ থাকোঁ। চলচ্চিত্ৰৰ বাবে মই যেতিয়া গ্ৰাম্যাঞ্চললৈ যাওঁ, সেই অঞ্চলৰ লোকে মোক প্ৰযোজক বুলি তলকিবই নোৱাৰে। চলচ্চিত্ৰ এখন যেতিয়া নিৰ্মাণ কৰা হয়, মই তেতিয়া ছবিখনৰ সকলো কামতেই জড়িত হৈ থাকোঁ। এই কথাটো মই প্ৰায়েই উপভোগ কৰোঁ। কেতিয়াবা দুই এজনে আকৌ চলচ্চিত্ৰৰ কলা-কুশলী অথবা অন্যান্য বিষয়বোৰ আলোচনা কৰে। মই এইবোৰ শুনি থাকোঁ আৰু ইয়েই মোক মাজে মাজে আমোদ যোগায়।

সাহিত্য ডট অৰ্গ:

আৰু ধৰক আজিৰ পৰা আৰু চল্লিশ বছৰ মানৰ পিছত এই ‘জেতুকা পাতৰ দৰে’ কথাছবিখনৰো সংৰক্ষণৰ কথাটো এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে স্বীকৃত হ’ব। এনেস্থলত এই সংৰক্ষণৰ কামবোৰ হয়তো এতিয়াৰ পৰাই আৰম্ভ কৰিলে কথাছবি সংৰক্ষণ আচল অৰ্থত সম্ভৱপৰ হ’ব।

নুৰুল চুলতান:

হয়, আপোনালোকে ঠিক কথাকেই কৈছে।

সাহিত্য ডট অৰ্গ:

আপোনাৰ ছবিত অসমীয়া অভিনেতা-অভিনেত্ৰীৰ উপৰিও বাহিৰৰ অভিনেতায়ো অভিনয় কৰিছে। আপোনাৰ দ্বাৰা প্ৰযোজিত ‘বেলকনীত ভগৱান’ নামৰ ছবিখনত অভিনয় কৰিছে হিন্দী কথাছবিৰ জনপ্ৰিয় অভিনেতা হৰিশ খান্নাই। এতিয়া, অসমীয়া বা অসমৰ যিখিনি অভিনেতা-অভিনেত্ৰী আছে আৰু অসমৰ বাহিৰৰ যিখিনি অভিনেতা-অভিনেত্ৰী আছে, তেওঁলোকৰ পেছাদাৰী দিশটোৰ ক্ষেত্ৰত আপুনি কিবা পাৰ্থক্য লক্ষ্য কৰিছেনে?

নুৰুল চুলতান:

পাৰ্থক্য বহুতেই দেখিছোঁ। আমাৰ অসমৰ অভিনেতা-অভিনেত্ৰীৰ এই পেছাদাৰী ভাবটো অলপ কম। অৱশ্যে, তাৰ মাজতো বহুকেইজন অভিনেতা-অভিনেত্ৰী কামটোৰ প্ৰতি সজাগ। হৰিশ খান্নাৰ নিচিনা অভিনেতা পিছে কামৰ ক্ষেত্ৰত ইমানেই ‘ছিৰিয়াছ’ যে তেওঁ দৃশ্যগ্ৰহণৰ দুদিনৰ আগতেই আহি দেৰগাঁৱত থাকি লৈছিলহি। তেওঁ আনকি আমাক আগতীয়াকৈ চাইকেল এখনো সাজু কৰিবলৈ কৈ থৈছিল। আচলতে, ছবিখনত চাইকেল চলোৱাৰ দৃশ্য এটা আছিল। তেওঁৰ আকৌ চাইকেল চলোৱা অভ্যাস নাছিল। গতিকে, তেওঁ ইয়ালৈ আহি দৃশ্যগ্ৰহণৰ আগেয়ে চাইকেল চলোৱাৰ অভ্যাসটো কৰি লৈছিল। তেখেতে কথাছবিখনত উচ্চাৰণ কৰিবলগীয়া অসমীয়া শব্দবোৰো ইয়ালৈ অহাৰ আগেয়ে শিকি লৈছিল।

সাহিত্য ডট অৰ্গ:

কথাছবি প্ৰযোজনা কৰাৰ উপৰি আপুনি নাটক বা কথাছবিত অভিনয়ো কৰিছে নেকি?

নুৰুল চুলতান:

হয়। মই নাটকত অভিনয় কৰিছোঁ। একেদৰে, মই ‘ফেচবুক সংবাদ’ নামৰ এখন নাটকো লিখিছোঁ। অৱশ্যে, অভিনয়ৰ ক্ষেত্ৰখনত মোৰ বিশেষ দক্ষতা নাই বুলিয়েই মই বিশ্বাস কৰোঁ।

সাহিত্য ডট অৰ্গ:

বৰ্তমান আপুনি ‘উত্তৰ পূব থিয়েটাৰ অকাডেমী’ৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। এই অকাডেমীৰ কাম-কাজ সম্পৰ্কে আমাক অলপ জনাবনে?

নুৰুল চুলতান:

আমাৰ ‘উত্তৰ-পূব থিয়েটাৰ অকাডেমী’খন দেৰগাঁৱত আছে। ২০০৬ চনতে প্ৰতিষ্ঠা কৰা এই অকাডেমীৰ মই তৃতীয়গৰাকী সভাপতি। ইয়াৰ সঞ্চালক হিচাপে আছে আমাৰ সকলোৰে পৰিচিত নাট পৰিচালক সীমান্ত ফুকন। ইয়াৰ পৰা গৈ বহুজনে অসমীয়া চিনেমা আৰু চিৰিয়েলত অভিনয় কৰিছে। বিভিন্ন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিদ্যালয়তো আমাৰ ল’ৰা-ছোৱালীয়ে এই অকাডেমীৰ পৰা গৈ স্থান লাভ কৰিছে। শিৱসাগৰৰ পৰা আৰম্ভ কৰি দেৰগাঁৱলৈকে বিভিন্ন ঠাইৰ ল’ৰা-ছোৱালীয়ে ইয়াত শিক্ষা গ্ৰহণ কৰি আছে। ‘নেশ্যনেল স্কুল অৱ ড্ৰামা’ৰ আৰ্হিত আমাৰ অকাডেমীখন গঢ় দি তোলা হৈছে। এই অকাডেমীৰ পৰা আমি মুম্বাইৰ ‘থিয়েটাৰ অলিম্পিক’তো অংশগ্ৰহণ কৰিছোঁ। আনহাতে, ড॰ পৰমানন্দ ৰাজবংশীদেৱৰ ‘কমলাকুঁৱৰী’ নাটকখন ভাৰতৰ বিভিন্ন ঠাইত মঞ্চস্থ কৰা হৈছে। এই নাটকখন ভাৰতৰ বিভিন্ন ঠাইত মঞ্চস্থ কৰাৰ ক্ষেত্ৰত আগভাগ লৈছে এই অকাডেমীয়ে।

সাহিত্য ডট অৰ্গ:

‘অসম সাহিত্য সভা’ৰ লগত আপুনি ওতপ্ৰোতভাৱে জড়িত হৈ আছে আৰু ‘অসম সাহিত্য সভা’ৰ আন্তঃৰাষ্ট্ৰীয় যিখন সমিতি আছে সেইখনৰো আপুনি প্ৰথমজন আহ্বায়ক আছিল। এগৰাকী সাহিত্যিক হিচাপেও আপুনি প্ৰসিদ্ধি লাভ কৰিছে। একেদৰে এগৰাকী লিখক হিচাপেও অসমৰ সাহিত্য ক্ষেত্ৰলৈ আপুনি বৰঙনি আগবঢ়াইছে। সাহিত্য সভাৰ সতে থকা আপোনাৰ সম্পৰ্ক তথা লিখক হিচাপে আপুনি লাভ কৰা অভিজ্ঞতা সম্পৰ্কে আমাক অলপ জনাবনে?

নুৰুল চুলতান:

মূলতে মই এজন সংগঠকহে। নাহৰণি অঞ্চলৰ বিখ্যাত ভলীবল প্ৰতিযোগিতাখনিৰ কেইবাবছৰো ধৰি সভাপতি হৈ ডাঙৰ ডাঙৰ খেল অনুষ্ঠিত কৰি আহিছোঁ। দেৰগাঁও অঞ্চলতো অনুষ্ঠান, সংগঠন কৰিছোঁ। এতিয়া, সাহিত্য সভাৰ সাংগঠনিক কাম-কাজত মই জড়িত হৈ আছোঁ। মই নিজে লিখা-মেলাও কৰোঁ। নাটক মই সৰুতেই লিখিছোঁ। ১৯৮৫ চনতে ছপা আখৰত মোৰ প্ৰথম প্ৰবন্ধ ওলাইছিল। যেতিয়াই যি পাৰোঁ, লিখা-মেলা কৰোঁ। কবিতা, গল্প, উপন্যাস, সকলো লিখিছোঁ। অসমৰ বিভিন্ন কাকত-আলোচনীত মোৰ লেখা ওলাইছে। ৪১০ পৃষ্ঠাৰ ‘নদীৰ দৰেই’ বুলি মই এখন উপন্যাস লিখিছোঁ। এইখন ‘প্ৰতিদিন’ৰ দেওবৰীয়া সংখ্যাত ধাৰাবাহিক ৰূপে ওলাইছিল। আনহাতে, ‘চন্দ্ৰ প্ৰকাশ’ৰ লেখিয়া অভিজাত প্ৰতিষ্ঠানে মোৰ গ্ৰন্থ প্ৰকাশ কৰিছে। সময় পালেই মই লিখা-মেলাৰ চৰ্চা কৰি আছোঁ। মই কম বয়সতেই দেৰগাঁও শাখা সাহিত্য সভাৰ সভাপতিৰ দায়িত্বও গ্ৰহণ কৰিছিলোঁ। ‘অসম সাহিত্য সভা’ৰ সৰ্বাধিক হিতৈষী আৰু আজীৱন সদস্য থকা শাখাটো আমাৰ দেৰগাঁও সাহিত্য সভাই। এই ক্ষেত্ৰতো আমি এই সভাৰ সদস্য হ’বলৈ বিভিন্নজনক অনুপ্ৰেৰণা যোগাইছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ‘অসম সাহিত্য সভা’ৰ বিদেশ আৰু আন্তঃৰাজ্যিক সমিতিখনৰ প্ৰথম শাখাটিৰ আহ্বায়কৰ দায়িত্ব মই গ্ৰহণ কৰিছিলোঁ। আমি ছিংগাপুৰৰ লেখিয়া ঠাইলৈ গৈ ‘অসম সাহিত্য সভা’ৰ শাখা খুলিছোঁ। তাত অসমীয়া কিতাপৰ পুথিভঁৰাল এটাও স্থাপন কৰিছোঁ। একেদৰে দেশ-বিদেশৰ বিভিন্ন ঠাইত আমি সাহিত্য সভাৰ শাখা খোলাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ চুবুৰীয়া ৰাজ্য মিজোৰামতো আমি সভাৰ এক শাখা খুলিছোঁ। কলিকতা, মহাৰাষ্ট্ৰ ঝাৰখণ্ড আদিতো অসম সাহিত্য সভাৰ শাখা খোলাৰ ক্ষেত্ৰত মই হাত উজান দিছিলোঁ। আচলতে আমি বিশ্বৰ বিভিন্ন দেশৰ মানুহৰ লগত এক যোগসূত্ৰ স্থাপন কৰিব বিচাৰিছিলোঁ আৰু এনে কৰাৰ ক্ষেত্ৰত আমি সফলো হৈছোঁ।

সাহিত্য ডট অৰ্গ:

‘অসম সাহিত্য সভা’ৰ তৰফৰ পৰা সাংস্কৃতিক ক্ষেত্ৰখনৰ উন্নতিৰ হকে কিবা বিশেষ পদক্ষেপ লোৱা হৈছে নেকি?

নুৰুল চুলতান:

আচলতে কথাটো এনে ধৰণৰ যে সাহিত্য সভাখনৰ পৰিসৰ যথেষ্ট বিশাল। তাতে আকৌ প্ৰাক্তন সভাপতি- সম্পাদকে হাতত লোৱা আঁচনিসমূহ পিছৰ কাৰ্যনিৰ্বাহকে ধাৰাবাহিকভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট কৰণীয় থাকে। তাতে আকৌ সাহিত্য সভাত কাম কৰি থকা মানুহৰ সংখ্যাও নগণ্য। আনহাতে সাহিত্য সভাৰ অধিৱেশন পাতিবলৈ মানুহে দান-বৰঙনি দিয়ে যদিও এনেধৰণৰ সাংস্কৃতিক কথাবোৰ বাবে যথেষ্ট ধনৰো অভাৱ হয়। অসমত বহু বিজ্ঞ মানুহ আছে কিন্তু সাংগঠনিক কামবোৰ কৰিবলৈ তেওঁলোক ওলাই নাহে।

সাহিত্য ডট অৰ্গ:

আমাৰ মানুহবোৰে প্ৰযোজকৰ বিষয়ে বা ভূমিকা সম্পৰ্কে বিশেষ নাজানে। এই সম্পৰ্কে আপোনাৰ মতামত কি সেয়া আমাক জনাবনে?

নুৰুল চুলতান:

আচলতে প্ৰযোজক নহ’লে কথাছবি এখনৰ নিৰ্মাণ কৰিব নোৱাৰি। প্ৰযোজকজনক সেয়েহে সকলোৱে জনা ভাল। হিন্দী চিনেমাত প্ৰযোজকক যি গুৰুত্ব দিয়া হয়, সেইয়া গুৰুত্ব অসমত দিয়া নহয়। আজি শৈলধৰ ৰাজখোৱাৰ দৰে প্ৰযোজকো অসমত আছে। মই কাহিনী নিৰ্বাচন, গীত নিৰ্বাচন আদি সকলো কামত জড়িত হৈ থাকোঁ। সেয়েহে, প্ৰযোজক হিচাপে মই কিছু পৰিমাণে জনপ্ৰিয়তা অৰ্জন কৰিছোঁ। পিছে, অসমৰ প্ৰযোজকসকলক আজিকোপতি দৰ্শকৰ সতে পৰিচয় কৰি দিয়া হোৱা নাই। প্ৰযোজকসকলক দৰ্শকে জানিলেহে তেওঁলোকেও কাম কৰিবলৈ উৎসাহিত হ’ব।

সাহিত্য ডট অৰ্গ:

আমাৰ অসমৰ ছবিগৃহসমূহ আজি দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে। বৰ্তমান অসমৰ ছবিঘৰসমূহ একেবাৰে নচলা হৈছে। তৎসত্ত্বেও আপুনি দুখনকৈ পূৰ্ণ-দৈৰ্ঘ্যৰ কথাছবি নিৰ্মাণ কৰিলে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিও আপুনি লাভ কৰিলে। ছবিঘৰসমূহ নচলা এই পৰিবেশৰ মাজত আপুনি কেনেদৰে ছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিল সেই সম্পৰ্কে আমাক অলপ জনাবনে?

নুৰুল চুলতান:

চাওক, মানুহ সদায়ে আশাবাদী। আমিও আশা কৰিছিলোঁ যে আমি নিৰ্মাণ কৰা কথাছবিসমূহ চলিব। আনহাতে, সেই সময়ত ক’ভিডৰ পৰিস্থিতি নাছিল। যদিও ‘জেতুকা পাতৰ দৰে’ চিনেমাখন চাবলৈ হললৈ ইমান মানুহ যোৱা নাছিল, তথাপি আমি আশা কৰিছিলোঁ যে যদি ৰাষ্ট্ৰীয় পুৰস্কাৰ আদি পাওঁ তেন্তে আমি অন্ততঃ মূলধনটোকে ঘূৰাই পাম। আনহাতে, কথাছবিখনত থকা ‘পুৱাৰ হাঁহি’ শীৰ্ষক গানটোৰ বাবেও ছবিখন দৰ্শকে আদৰি ল’ব বুলি আমি আশা কৰিছিলোঁ। একেদৰে, আন কিছুমান কথাছবি সেই সময়ত চলিছিল। এইসমূহ ছবিৰ দৰে আমাৰ ছবিখনো চলিব বুলি আমি ভাবিছিলোঁ। পিছে, আমি ভবাৰ দৰে কথাবোৰ নহ’ল। আমাৰ হাতলৈ মূলধন ঘূৰি নাহিল। ‘কা’ আন্দোলন, ক’ভিড আদিৰ বাবেও আমি ব্যৱসায়িক ভাবে ক্ষতিৰ সন্মুখীন হ’লোঁ। তাৰ মাজতো অৱশ্যে বিভিন্ন পুৰস্কাৰ পাই থকাৰ বাবে আমাৰ মনোবল অটুট আছে।

সাহিত্য ডট অৰ্গ:

অতিমাৰী তথা বিভিন্ন সমস্যাৰ বাবে অসমৰ চিনেমা হলবোৰৰ এই শোচনীয় অৱস্থাৰ বাবে হয়তো অসমীয়া চলচ্চিত্ৰসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে। এই সম্পৰ্কে আপোনাৰ মতামত কি সেইবিষয়ে অনুগ্ৰহ কৰি আমাক অলপ জনাবনে?

নুৰুল চুলতান:

কথাটো হয়। আচলতে বাস্তৱ কথাটো হ’ল এয়ে যে যদিও অসমত তিনি কোটিৰ অধিক জনসংখ্যা আছে, তাৰ মাজত অসমীয়া ভাষীৰ সংখ্যা এতিয়া উদ্বেগজনকভাবে কমি যাবলৈ ধৰিছে। অসমীয়া ভাষী আছে কিমান! আধাও নাই। তাতে আকৌ আমাৰ এক তৃতীয়াংশ অসমীয়া মানুহেহে চিনেমা চোৱা, লেখা-পঢ়া কৰা বা বাতৰি কাকত পঢ়ি ৰস আস্বাদন কৰা আদি কামবোৰ কৰে। অসমত চৌধ্যটা লোকসভা সমষ্টি আছে। এই সমষ্টিসমূহত অসমীয়া ভাষীৰ সংখ্যা একেবাৰে নগণ্য। এই সীমিত সংখ্যক মানুহৰ মাজত কথাছবিসমূহ চলিবলৈ হ’লে উদ্যোগটোৰ বহু কৰণীয় আছে। একেদৰে, অসমত বাস কৰা অসমীয়া তথা অন্যান্য সকলেও অসমীয়া চলচ্চিত্ৰ চাবলৈ মন কৰিব লাগিব। এই ক্ষেত্ৰত আপোনালোকক আৰু এটা কথা জনাই থওঁ, অসমত যে প্ৰায় ২৩৪টা ব্লক আছে, এই ব্লকসমূহত কনফেৰেন্স হলৰ লেখীয়া একোটা মিনি চিনেমা হল পাতিও অসমীয়া কথাছবি উদ্যোগটোৰ বিকাশ কিছুপৰিমাণে কৰিব পৰা যায়।

সাহিত্য ডট অৰ্গ:

হলসমূহৰ এই নাজল-নাথল অৱস্থাৰ মাজতেই এই যে ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি বা পুৰস্কাৰ কথাছবিসমূহে লাভ কৰিছে, অসমীয়া কথাছবি উদ্যোগটি জীয়াই ৰাখিবৰ বাবে এইখিনিয়েই যথেষ্ট বুলি আপুনি ভাবে নেকি?

নুৰুল চুলতান:

নাই, মই তেনেদৰে নাভাবোঁ। অৱশ্যে, আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত যেতিয়া আমাৰ কথাছবিসমূহ জিলিকি উঠিব, তেতিয়া এই ছবিসমূহে আন্তৰ্জাতিক ক্ষেত্ৰত সমাদৰ লাভ কৰিব। তেনেস্থলত যদি আমাৰ ছবিসমূহ ক্ৰয় কৰা হয়, তেতিয়া এই উদ্যোগটো ঠন ধৰি উঠিব। পিছে, অসমত চিনেমাহলবোৰ আকৌ চলিবলৈ আৰম্ভ কৰিব বুলি মই নাভাবোঁ। এনেস্থলত হিন্দী অথবা দক্ষিণৰ ছবিসমূহৰ ক্ষেত্ৰত ‘প্লেটফৰ্ম’ বুলি যি এটা ব্যৱস্থা আছে, সেইয়া অসমতো চলিত হ’ব বুলি ভাবিব পৰা নাযায়। আনহাতে, একেবাৰে কম বাজেটেৰে আমাৰ অসমত চিনেমা কৰিবলগীয়া হয়। আৰু বিনোদনমূলক চিনেমাও কৰিব লাগিব। তথাপিও, আমি ভাবিছোঁ যে ক’ভিডৰ পৰিস্থিতি ভাল হোৱাৰ পিছত লাহে লাহে পৰিস্থিতি উন্নত হ’ব। চৰকাৰী সাহায্য লাভ কৰিলেও এই উদ্যোগটোৰ উন্নতি সম্ভৱ হ’ব।

সাহিত্য ডট অৰ্গ:

কথাছবি নিৰ্মাণৰ সময়ছোৱাত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ আদি বিভাগৰ পৰা আপোনালোকে কিবা সহায় পাইছেনে?

নুৰুল চুলতান:

নাই। তেনেধৰণৰ একো সহায় লাভ কৰা নাই। আচলতে বেছিভাগ ক্ষেত্ৰত চলচ্চিত্ৰৰ সৈতে জড়িত হৈ থকা যিসকল লোক ওলাই গ’লে মানুহ আকৰ্ষিত হৈ পৰে, তেনেধৰণৰ লোকসকলক লৈ কথা-বতৰা পতা হয়। চলচ্চিত্ৰৰ সামগ্ৰিক উন্নতিৰ বাবে এনেধৰণৰ কথাবোৰ পিছে বাদ দিব লাগিব। চলচ্চিত্ৰৰ সামগ্ৰিক উন্নতিৰ বাবে চৰকাৰৰ বিভিন্ন মন্ত্ৰী তথা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ দৃষ্টি আকৰ্ষণ কৰিব লাগিব। চৰকাৰখনে চলচ্চিত্ৰ নীতিত কিছু সুবিধা কৰিছে যদিও সুবিধাটো সাউৎকৈ ল’ব পৰাসকলৰ বাবেহে হৈ আছে। আনহাতে, এতিয়া অসমৰ কোনোবাই যদি ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে, তেওঁলোকক চৰকাৰৰ তৰফৰ পৰাও নতুন নতুন কামৰ বাবে উৎসাহ যোগাব লাগিব। এতিয়া আমাৰ “জেতুকা পাতৰ দৰে” চিনেমাখনে ২০১১ চনত ‘ৰজত কমল’ পালে। এতিয়া, এনেধৰণৰ কথাছবিবোৰক আমোদকৰ ৰেহাই দি অথবা অন্যান্য ক্ষেত্ৰত চৰকাৰে সহায় কৰিলে কথাছবি নিৰ্মাণৰ বাবে নতুন লোকসকলো আকৰ্ষিত হৈ পৰিব।

সাহিত্য ডট অৰ্গ:

চলচ্চিত্ৰ প্ৰযোজনা মানে টকা-সিকা খৰচ কৰা ব্যক্তি বুলিহে মানুহে সাধাৰণতে ভাবে। অসমত এতিয়াও প্ৰযোজক মানে টকাৰ যোগান ধৰা মানুহজন বুলিহে গণ্য কৰা হয়। এই সম্পৰ্কে আপোনাৰ মতামত আমাক জনাবনে?

নুৰুল চুলতান:

মই এই ক্ষেত্ৰত দুটা কথা ক’বলৈ বিচাৰোঁ। যেতিয়া অসমীয়া চিনেমাৰ জয়জয়-ময়ময় অৱস্থা আছিল, সেই সময়ত মূলধন বিনিয়োগ কৰিলে লাভ আহিছিল। তেতিয়া বহু ব্যৱসায়ীয়ে চিনেমাত ‘ফাইনেন্স’ কৰিছিল। সেইবাবে মানুহে প্ৰযোজক বুলিলে অৰ্থ খৰচ লোক বুলিহে ভাবিবলৈ আৰম্ভ কৰিলে। দ্বিতীয় কাৰণটো হৈছে, একাংশ পৰিচালকেও এনেধৰণৰ ধাৰণা এটাৰ জন্ম দিলে। আনহাতে, প্ৰযোজক মানে আচলতে কি, সেই বিষয়ে চিত্ৰ সমালোচকসকলেও বিশেষ গুৰুত্ব আৰোপ নকৰিলে। মোৰ ক্ষেত্ৰত অৱশ্যে এনে হোৱা নাই। মই কামটোত লাগি থাকোঁ কাৰণে কেতিয়াবা পৰিচালককেইজনে বাতৰিৰ বাবে নামটো দিওঁতে মোৰ নামটো আগতেহে দিয়ে। তেওঁলোকেও অনুভৱ কৰিছে যে এইয়া মোৰ প্ৰাপ্য। আচলতে প্ৰযোজকজনক গুৰুত্ব দি অলপমান আগুৱাই দিব লাগে। আচলতে, অসমীয়া চলচ্চিত্ৰৰ বিকাশৰ বাবে কলা-কুশলীসকল আৰু পৰিচালকসকলৰ দৰেই প্ৰযোজকেও গুৰুত্ব পাব লাগিব।

সাহিত্য ডট অৰ্গ:

দৰ্শক হিচাপে আমি মাজে মাজে লক্ষ্য কৰোঁ যে চলচ্চিত্ৰ এখনৰ কাহিনী বিন্যাসৰ শেষৰ ফালে যেন কিবা এক যতি পৰে। অৰ্থাৎ, চলচ্চিত্ৰখনৰ শেষৰ ফালে যেন কাহিনীটোৰ সমাপ্তি ঘটিও কিবা অলপ কথা আধৰুৱা হৈ ৰয়। এই সম্পৰ্কে আপোনাৰ মতামত অনুগ্ৰহ কৰি আমাক জনাবনে?

নুৰুল চুলতান:

আচলতে দৰ্শক তিনি প্ৰকাৰৰ থাকে। এবিধ বিনোদনধৰ্মী চিনেমাৰ বাবে থাকে। এবিধ কলাসুলভ চিনেমাৰ বাবে থাকে আৰু আনবিধে দুয়োটা প্ৰকাৰেই ভাল পায়। মানে, কথাটো এনেকুৱা বুলি মই ভাবোঁ, আপুনি ক’লা লংপেণ্ট এটা আৰু বগা চাৰ্ট এটা পিন্ধি গৈছে। সততে একাংশ মানুহৰ চকুত পৰিব। এক সুন্দৰ ভাব আহিব। এনেধৰণৰ কথা এটা কলাত্মক কথাছবিৰ ক্ষেত্ৰত খাটে। আপুনি আকৌ হালধীয়া বা ৰঙা স্পৰ্টিং এটা পিন্ধিছে, জিন্স এটা পিন্ধিছে, সেইয়া বেছি চকুত পৰিব মানুহৰ। বেছিভাগ মানুহে এনেধৰণৰ বেশভূষা কৰা মানুহজনক লক্ষ্য কৰিব। এই দ্বিতীয় কথাটো ধৰক বিনোদনমূলক কথাছবিৰ উদাহৰণ। এনেধৰণৰ কথাছবি চাবলৈ বিভিন্ন বয়সৰ দৰ্শক পোৱা যায়। কলাত্মক কথাছবিৰ এখন চাবলৈ আকৌ এক সীমিত সংখ্যক দৰ্শক থাকিব। এতিয়া, দৰ্শকসকলৰ কথা ভাবিয়েই চলচ্চিত্ৰ নিৰ্মাণ কৰিব লাগিব আৰু ইয়াতেই নিহিত হৈ থাকিব জনপ্ৰিয়তাৰ কথাটো। অৰ্থাৎ, দৰ্শকসকলক উদ্দেশ্য কৰি কথাছবি নিৰ্মাণ কৰিলেহে উপাৰ্জন হব। অসমীয়া যিকেইখন কথাছবিয়ে দৰ্শক অহাৰ ব্যৱস্থা কৰিছিল তেনেধৰণৰ কথাছবিয়ে আচলতে দৰ্শকক আকৰ্ষিত কৰিছিল।

সাহিত্য ডট অৰ্গ:

যদিহে আমি ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কথাছবিসমূহ মন কৰোঁ, তেতিয়াহলে আমাৰ ৰাজ্যৰ কথাছবিসমূহ প্ৰযুক্তিগত তথা ব্যৱসায়িক দিশত পিছ পৰি থকা কথাটো আমি প্ৰায়েই লক্ষ্য কৰোঁ। এগৰাকী সফল প্ৰযোজক হিচাপে এই ক্ষেত্ৰত আপুনি কি ভাবে?

নুৰুল চুলতান:

আচলতে কথাটো হৈছে এয়ে যে আমাৰ দৰ্শকৰ সংখ্যাটো তেনেই নগণ্য। দৰ্শকৰ ৰুচিবোধৰ কথা-বতৰাবোৰো আছে। একেদৰে অসমীয়াভাষী লোকৰ সংখ্যাও কমি আহিছে। অসমত অসমীয়া কথা কোৱা মানুহ এক তৃতীয়াংশও নাই। কৰ্ণাটকৰ কানাড়ী ভাষা, কেৰেলাত মালায়ালম আৰু তামিলনাদুত তামিল ভাষা কোৱা জনসংখ্যা বহুত বেছি। তেওঁলোকৰ ৰুচিবোধো আমাতকৈ উন্নত মানৰ। অসমীয়াত কথা কোৱা আমাৰ সীমিতসংখ্যক মানুহক অসমীয়া চলচ্চিত্ৰ চাবলৈ আকৰ্ষণ কৰিব পাৰিব লাগিব। আমাৰ ভৱিষ্যত প্ৰজন্মকো অসমীয়া চলচ্চিত্ৰ চাবলৈ উৎসাহিত কৰিব লাগিব।

সাহিত্য ডট অৰ্গ:

আজিকালি প্ৰায়েই দেখা যায় যে টেলিভিছনৰ পৰ্দাত ভীম, হনুমান আদি চৰিত্ৰৰ ওপৰত সৰু ল’ৰা -ছোৱালীৰ বাবে বিভিন্ন ধাৰাবাহিক প্ৰস্তুত কৰি তোলা হৈছে। আমাৰ অসমতো ‘বুঢ়ী আইৰ সাধু’ বা তেনেধৰণৰ গ্ৰন্থৰ চৰিত্ৰসমূহৰ ওপৰত নিৰ্ভৰ কৰি এনেধৰণৰ ধাৰাবাহিক নিৰ্মাণ কৰি আমাৰ শিশুসকলক অসমীয়া সাহিত্য অথবা সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিব পৰা যায়। এই ক্ষেত্ৰত আপোনাৰ মতামত আমাক জনাবনে?

নুৰুল চুলতান:

সেইটো অৱশ্যে কৰিব পাৰি। এই ‘ছেটেলাইট’ চেনেলবোৰ যে আছে, তেওঁলোক আগবাঢ়ি আহিলে কথাটো সহজ হৈ পৰিব। চোৱাৰ মাধ্যম বুলিবলৈ এতিয়া সেইটোহে আছেগৈ। বেলেগতো নাই।

সাহিত্য ডট অৰ্গ:

আজিৰ প্ৰজন্মৰ মাজত কিতাপ পঢ়াৰ আগ্ৰহ প্ৰায় নোহোৱাৰ দৰেই হৈছে। তৎসত্ত্বেও অসমীয়া গ্ৰন্থৰ বজাৰখনলৈ আপুনি কেইবাখনো উল্লেখযোগ্য গ্ৰন্থ আগবঢ়াইছে। অসমীয়া কিতাপৰ বজাৰখনক লৈ আপুনি কিমান দূৰ আশাবাদী?

নুৰুল চুলতান:

অসমীয়া কিতাপৰ বজাৰখনক লৈ মই আশাবাদী। মানে, কথাটো এনেকুৱা যে কিছুমান কিতাপ ভাল বুলি গণ্য কৰা হৈছে। একেদৰে দুই-এজন নতুন লেখকৰো কিতাপৰ বিক্ৰী হৈ আছে। বজাৰক লৈ আশাবাদী হ’বলৈ আমি অসমীয়া মানুহে বাতৰিকাকত, আলোচনী আদি পঢ়াৰ এক মানসিকতা গঢ় দিব লাগিব। অভিভাৱকসকলেও সন্তানক বাতৰিকাকত, আলোচনী আদি পঢ়িবলৈ উৎসাহ যোগাব লাগিব। এইক্ষেত্ৰত মই নিজৰ সৰু উদাহৰণ এটা দাঙি ধৰিব খুজিছোঁ। মোৰ ঘৰত এটা পুথিভঁৰাল আছে। মই আজিৰ তাৰিখলৈকে পাঁচখন অসমীয়া বাতৰিকাকত লওঁ। ‘প্ৰান্তিক’, ‘গৰিয়সী’কে ধৰি আলোচনীসমূহৰো মই নিয়মীয়া গ্ৰাহক। এইসমূহ বাতৰিকাকত আৰু আলোচনী লোৱাৰ পৰা মোৰ দুটা লাভ হৈছে। এইবোৰ মই পঢ়াৰ উপৰিও মোৰ ডাঙৰ ছোৱালীজনীৰ এইসমূহ বাতৰিকাকত, আলোচনী আদি পঢ়াৰ এক অভ্যাস গঢ় লৈ উঠিছে। তাই আজিকালি লিখাত ধৰিছে। ‘সাদিন’ৰ লগতে অন্য আলোচনী, বাতৰিকাকত আদিতো তাইৰ বহুকেইটা প্ৰবন্ধ প্ৰকাশ পাইছে। একেদৰে মোৰ সৰুজনী ছোৱালীও পুথিভঁৰালটোৰ গ্ৰন্থসমূহৰ প্ৰতি লাহে লাহে আকৰ্ষিত হৈ পৰিছে।

সাহিত্য ডট অৰ্গ:

আপোনাৰ কিতাপ পঢ়াৰ যি অভ্যাস গঢ়ি লৈ উঠিল, সেইয়া কেনেদৰে আৰম্ভ হ’ল সেই সম্পৰ্কে আমাক অলপ জনাবনে?

নুৰুল চুলতান:

কিতাপ পঢ়া অভ্যাসটো আচলতে মোৰ সৰুৰে পৰাই আছিল। আপোনালোকক ইতিমধ্যে মই অৱগত কৰিছোঁ যে মোৰ মামা চামচুল হকে অসম ৰাজ্যিক পৰিবহণ নিগমত চাকৰি কৰিছিল। এসময়ত নিগমৰ ষ্টেণ্ডবোৰত কিতাপৰ দোকান আছিল। মামাই গুৱাহাটীৰ পল্টন বজাৰ ষ্টেণ্ডত চাকৰি কৰিছিল আৰু সপ্তাহটোৰ শেষত ঘৰলৈ অহাৰ সময়ত সপ্তাহটোৰ আলোচনী, কিতাপ আদি লৈ আনিছিল। মই সেইবোৰ গোগ্ৰাসে পঢ়িছিলোঁ। এনেকৈ সৰুকালৰ পৰাই মোৰ পঢ়াৰ অভ্যাস এটা হৈছিল। আমাৰ দেৰগাঁৱৰ সাহিত্য সভা ভৱনতো পুথিভঁৰাল এটা আছিল। কলেজলৈ যোৱাৰ আগতে সেই সাহিত্য সভাৰ পুথিভঁৰালৰ পৰা কিতাপ আনি মই পঢ়িছিলোঁ। তাৰ পিছত ডি. কে. ডি. কলেজৰ পুথিভঁৰাল তো মই বহু কিতাপ পঢ়িলোঁ। সেই সময়ত গ্ৰন্থাগাৰিক আছিল খৰ্গেশ্বৰ বৰা ছাৰ। তেওঁ মহাবিদ্যালয়ৰ পুথিভঁৰালটো বৰ পৰিপাটিকৈ ৰাখিছিল। মই বেছিকৈ পঢ়িছিলোঁ উপন্যাস, গল্প আদি। “অসীমত যাৰ হেৰাল সীমা’, হিতেশ ডেকাৰ ভাৰাঘৰ’, ‘মাটিৰ মানুহ’, মালিক ছাৰৰ লেখা যেনে ‘সূৰুযমুখীৰ স্বপ্ন’, ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘অন্তৰীপ’, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ ‘অনুৰাধাৰ দেশ’ আদি গ্ৰন্থ মোৰ প্ৰিয় আছিল।

সাহিত্য ডট অৰ্গ:

তেনেধৰণৰ কোনোবাখন গ্ৰন্থৰ ওপৰত কথাছবি নিৰ্মাণ কৰাৰ পৰিকল্পনা আপোনাৰ মনত আছে নে?

নুৰুল চুলতান:

আচলতে এইবোৰ কথাত যথেষ্ট অৰ্থৰ আৱশ্যক হ’ব। এতিয়া যিবোৰ ধৰক, ‘বাহুবলী’ টাইপৰ চিনেমা আছে, ‘অসীমত যাৰ হেৰাল সীমা’খনৰ ওপৰতো তেনেধৰণৰ চিনেমা এখন নিৰ্মাণ কৰিব পাৰি যায়। পিছে সেইয়া অসমত কৰাটো সম্ভৱ নহয়। বহু ধনৰ আৱশ্যক হ’ব।

সাহিত্য ডট অৰ্গ:

আপোনাৰ কথাছবি ‘বেলকনিত ভগৱান’ সম্পৰ্কে অনুগ্ৰহ কৰি আমাক অলপ জনাবনে?

নুৰুল চুলতান:

নিশ্চয়। আমাৰ অসমৰেই ভিতৰুৱা অঞ্চলৰ বহু কথা লৈ এক সঁচা কাহিনীৰ আলমতে আমি এই কথাছবিখনৰ নিৰ্মাণৰ কামত লাগিছিলোঁ। আপোনালোকে জানেই যে কথাছবিখনত বিখ্যাত অভিনেতা হৰিশ খান্নাই অভিনয় কৰিছে।

সাহিত্য ডট অৰ্গ:

কথাছবি প্ৰযোজনাৰ ক্ষেত্ৰত আপোনাৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে আমাক অলপ জনাবনে?

নুৰুল চুলতান:

নিশ্চয়। এতিয়া আৰু এখন বিনোদনমূলক চিনেমা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। পিছে, এতিয়া ক’ভিডৰ এই যি পৰিস্থিতিত কামটো কেনেদৰে আগবঢ়াই নিম, সেইটোহে ঠাৱৰ কৰিব পৰা নাই। বৰ্তমান মুনিন বৰুৱাদেৱৰ চিত্ৰনাট্য এখন অৱশ্যে মোৰ লগত আছে। পিছে, এতিয়াৰ পৰিস্থিতিত কি কৰিব পাৰোঁ, সেইয়াহে অনিশ্চিত হৈ পৰিছে। অৱশ্যে, এনেবোৰ কামত মূলধনৰ কথা আছে। মূলধন ঘূৰি আহিলে কামটো অৱশ্যে কৰিব পৰা যাব। পিছে, ইয়াতো এটা সমস্যাও আছে। বহু ক্ষেত্ৰত আমি মূলধনখিনি ঘূৰাই নাপাওঁ। দৰ্শকৰ সঁহাৰিৰ অভাৱৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হয়।

সাহিত্য ডট অৰ্গ:

আপোনাৰ ভাল লগা অসমীয়া চিনেমা এখন সম্পৰ্কে আমাক অলপ জনাবনে?

নুৰুল চুলতান:

চিনেমা কেইবাখনো ভাল পাওঁ। পিছে মোৰমতে বাৰেপতি চাব পৰা চিনেমা নাই। অৱশ্যে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰকে ধৰি বহুজনে বহু অমূল্য কথাছবি নিৰ্মাণ কৰিলে। এই কথাছবিবোৰ সংৰক্ষণ কৰাটো অতি আৱশ্যকীয়। বিশেষজ্ঞসকলক লৈ এই সংৰক্ষণৰ বিষয়টো সম্পৰ্কে চিন্তা-চৰ্চা কৰিব লাগিব। এই ক্ষেত্ৰত চৰকাৰেও চিন্তা-চৰ্চা কৰা উচিত। আনহাতে, ‘সন্ধ্যাৰাগ’ আদি কথাছবিবোৰ দৰ্শকক দেখুওৱাৰ ব্যৱস্থা এটাও চৰকাৰে কৰিব পাৰে। এনেধৰণৰ এক ব্যৱস্থাই এইসমূহ কথাছবিক দৰ্শকৰ মাজত অধিক জনপ্ৰিয় কৰি তুলিব।

সাহিত্য ডট অৰ্গ:

ভৱিষ্যত প্ৰজন্মৰ বাবে আপুনি কেনেধৰণৰ উপদেশ দিব বিচাৰে?

নুৰুল চুলতান:

আমাৰ সমাজখনত বাস কৰা লোকসকলৰ মন আৰু মগজুৰ বিকাশৰ হকে সাহিত্য, সংস্কৃতি, সংগীত, নাটক আদি বিষয়বোৰৰ অধ্যয়নৰ প্ৰয়োজন আছে। গতিকে, মই উঠি অহা চামক জীৱনটোত অকল সংস্থাপন পোৱা শিক্ষাই অৰ্জন নকৰি নিজৰ মন বিকশিত কৰা, প্ৰতিযোগিতামূলক এই পৃথিৱীখনত কৃতকাৰ্য হৈ এটা আনন্দময় জীৱন গঢ় লোৱাৰ কাৰণে সকলো ক্ষেত্ৰতে অভিজ্ঞতা অৰ্জন কৰিবলৈ উপদেশ দিবলৈ ভাল পাম। সকলো ক্ষেত্ৰতে কলা-সংস্কৃতিৰ বিকাশ সম্ভৱ হ’লেহে সমাজৰ বিকাশ সম্ভৱপৰ হয়। এনেবোৰ দিশত বিকাশ সাধন কৰিবলৈ তথা সততা আৰু নিষ্ঠাৰে আগবাঢ়ি যাবলৈ মই ভৱিষ্যত প্ৰজন্মক আহ্বান জনাও।

সাহিত্য ডট অৰ্গ:

সাহিত্য ডট অৰ্গৰ পঢ়ুৱৈসকলৰ প্ৰতি, অসমীয়া চলচ্চিত্ৰ জগতত এটি বিপ্লৱৰ সূচনা কৰাৰ কাৰণে বা আপোনালোকে যিখিনি সমস্যা পাই আহিছে সেইখিনিৰ সমাধানৰ বাবে কেনে ধৰণৰ কাম কৰিব লাগে, সেই বিষয়ে এক পৰামৰ্শ আগবঢ়াব নেকি?

নুৰুল চুলতান:

মই ভাবিছোঁ যে অসমীয়া চলচ্চিত্ৰ উদ্যোগটো সজীৱ কৰিবৰ কাৰণে আপোনালোকৰো এটা ভূমিকা আছে। পঢ়ুৱৈসকলক চচিয়েল মিডিয়াৰ মাধ্যমেৰেই এই চিনেমাবোৰ চোৱাৰ বাবে এক আহ্বান জনাব লাগে যাতে অসমীয়া চিনেমাবোৰ সকলোৱে চায় আৰু ভাল-বেয়া যি পায় তাৰ এক গঠনমূলক চৰ্চা কৰে বা সমালোচনা কৰে। সাহিত্য ডট অৰ্গ তথা অন্যান্য আলোচনী আৰু কথাছবিৰ মাজত এক সমন্বয়ে এনেধৰণৰ কামবোৰ ক্ষেত্ৰত দহজনক উৎসাহিত কৰিব পাৰিব। আমাৰ কোনবোৰ কথাছবিয়ে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছে বা আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি পাইছে বা যিখিনি কলাসূলভ চিনেমা আছে, এইবোৰ কথা এনেধৰণৰ আলোচনীসমূহে আলোকপাত কৰি এই সমন্বয় সৃষ্টি কৰিব পাৰিব।

সাহিত্য ডট অৰ্গ:

আপোনাৰ বহুত সময়েই ল’লোঁ। আমাক ইমানখিনি সময় দিয়া বাবে আপোনাক ধন্যবাদ জনাইছোঁ।

নুৰুল চুলতান:

ময়ো আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments