এক অনুভৱ

লেখক- দেৱীকা বৰপূজাৰী

গুলজাৰৰ ‘एक आकाश’ ৰ ভাবানুবাদ

ভাবিছোঁ বন্ধুবৰ্গৰ ওপৰত এক
মোকৰ্দমাই কৰি দিওঁ
সেই সুযোগতে তাৰিখ মতে
দেখাদেখিতো হ’ব !
বয়সৰ লগে লগে বৰ বেছি
একো সলনি হোৱা নাই।
কেৱল শৈশৱৰ জেদবোৰহে
বুজাপৰালৈ সলনি হৈ পৰিছে।
আমি যিমানেই সুন্দৰ নহওঁ কিয়
এই জীৱন মনে মিলা
বন্ধুৰ বিনে নহয় অলপো মধুৰ।
মই যি লিখোঁ, কেৱে হয়তো
বুজি নাপায়, কিয়নো মইতো
কেৱল মোৰ ‘অনুভৱ’হে
প্ৰকাশ কৰোঁ সদায়, আনেতো
‘শব্দ’ হে পঢ়ে !
শব্দৰো এক সুকীয়া আমেজ, সুকীয়া আনন্দ আছে।
দুঃচিন্তাৰ আগেয়ে সকলোৱে
নিজে নিজৰ ‘চখ’
পুৰাবও জানিব লাগে ।
সেই দীপে প্ৰায়েই হাত
জ্বলাই দিয়ে যি বতাহক আমি
সততে বাধা দিওঁ দীপৰ
কাষ নাচাপিবলৈ।
যেতিয়াই মন যায় মই বহি যাওঁ
মাটিৰ গোন্ধ লবলৈ, কিয়নো মই
মোৰ সামৰ্থ্যক সন্মান কৰোঁ,
সকলো বিপদকে চুমি যাওঁ
সকলো ঋতুকে নিজৰ বুলি
মনেৰে আঁকোৱালি লওঁ।
জীৱন যেনেকুৱাই নহওক, কিন্তু এই জীৱনটো মোৰ নিজৰেই।
পুৰণি স্মৃতিয়ে খেলা
কৰেহি যেতিয়া, জীৱন ৰঙীন
হৈ পৰে তেতিয়া ;
কোনোবাই মোক ক’বনে বাৰু
জীৱনৰ বিয়লি বেলাত কি দৰে
হাঁহি হাঁহি জীয়াই থাকিব পাৰোঁ !
হাতৰ বান্ধোন ঢিলা হ’ব পাৰে,
সম্বন্ধত ঘূণে নধৰিলেই হয়,
সময়ৰ লগে লগে পল পলকৈ
অনুভৱো সলনি হৈ পৰে।
সন্ধিয়াৰ আৱৰণে কিয় জানো অনুভৱ কৰায় কাৰোবাৰ অভাৱ
সেয়েহে বন্ধু, নিজৰ ভিতৰত
শুই থকা শিশুটিক
সদায় জীয়াই ৰাখিবলৈ শিকা, জোখতকৈ ‘অধিক’ জ্ঞানে জীৱনৰ ৰঙেই দেখোন
সলনি কৰি পেলায় !

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!