শলাগ লওঁতে লওঁতে

লেখক-তৃষ্ণা নেওগ বৰুৱা

শলাগনি গাঁঠি লাগে কেতিয়াবা
কথাতো কবিতাতো
প্ৰজাই শলাগে ৰজাক
ৰজাই প্ৰজাক
তোষামোদৰ পানচৈত উভয়ে কৰে জলবিহাৰ
কেতিয়াবা পানচৈ ডুবিব খোজে
অথাউনি পানীত প্ৰজা ককবকাই মৰে
ৰজাৰ মাতত প্ৰবচনে চালি ধৰে
‘সাঁতুৰিব নাজানিলে যা ৰসাতলে’
মোৰ পো লনি
মোৰ পো ধনী
মোৰ পো বণিজলৈ যায়
উঁয়ে খোৱা বৰখুটা সলাবলৈ পিতাকৰ ককালত শকতি নাই
শলাগ লওঁতে আয়তী হেৰায়
নামতীয়ে পাহৰে নাম
নিঃপালি দিয়ে পুৱা-গধূলিৰ ডবাৰ মাত
পোহৰৰ ৰেঙনি ডেউকাত সামৰি
সেয়া কি চৰাই উৰে
মাতত ঘৰমুখী বাট
আকাশ দেখা মূধচ
অথচ কবিৰ কলমত মূষলধাৰ বাৰিষা
শলাগনিৰ হাতচাপৰিয়ে পাহৰায় পঁচা নাওৰাৰ কথা
জীৱননো কি
শব্দৰ দীঘ-বাণী
এন্ধাৰত নমনি পানীপোতাৰ পানী
কেৱল খলকনি
শলাগনিৰ ওলগনিত
অহংকাৰে পাটী পাৰি বহে
মাগুৰবৰণীয়া ধুনীয়া ছোৱালী এজনীৰ দৰে
সংগোপনে।।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!