মাৰ আখলঃ কচু আৰু কচুশাকৰ আঞ্জা

লেখক- আৰমান হাজৰিকা

আমাৰ অসমৰ হাবিয়ে-বননিয়ে, খালে-দোঙে, পথৰ দাঁতিয়ে, বাৰীৰ চুকে, যেনিয়ে-তেনিয়ে গোটেই বাৰিষাৰ দিনকেইটা উভৈনদীকৈ থকা কচু, কচুৰ থোৰ, কচুৰ লতিয়ে অসমৰ আখলত অতি গুৰুত্বপূৰ্ণ স্থান গ্ৰহণ কৰি আহিছে। অসমত থাকোঁতে, কচুক আমি যিমান গুৰুত্ব দিব লাগিছিল সিমান গুৰুত্ব মুঠেই নিদিছিলোঁ। পিছে, ‘গুণীজনাই গুণীৰ গুণ বুজা’ৰ দৰেই হয়তো, সেই তাহানিতেই ‘কৃপাবৰ বৰবৰুৱা’ই তেখেতৰ ‘দেশীভাই অসমীয়া’সকলক ‘উইল’ বা ইচ্ছাপত্ৰ যোগে দিয়া বিভিন্ন ‘স্থাৱৰ আৰু অস্থাৱৰ’ সম্পত্তিৰ লগতে ‘জালুকীয়াকৈ আৰু ঔটেঙা দি থপ্‌থপীয়াকৈ ৰন্ধা কচুথোৰৰ আঞ্জা’কণকো ‘উইল’ কৰি দিয়ে!

আমি যদিও ‘দিন বেয়া চলিছে’ বুজাবলৈ, ‘শাকে-শোকোতা’ই খোৱা বুলি অলপ এঙাই দিয়াৰ দৰেই কওঁ, পিছে অসমৰ এই শাক-পাতবোৰৰ আচল মাহাত্ম্য, ‘প্ৰবাসী অসমীয়া’ৰ সমান আন কোনোৱে উপলব্ধি কৰিব নোৱাৰে। তাতে, আমাৰ শৈশৱৰ মাৰ আখলত এই বাটৰ কচুকেইডালেই মাৰ হাতত পৰি ‘অমৃত’ হোৱাদি হৈছিল। কচুশাককেইডালক লৈ গঞালোকে কোৱা বাক্য এষাৰি প্ৰায়ে শুনা পাওঁ, “কচু ওলাওঁতেও খাবা আৰু সোমাওঁতেও খাবা!” সেই হিচাপে ফাগুনৰ শেষত বা চ’তৰ ন-বৰষুণজাকে মাটিৰ তলত লুকাই থকা কচু-টেপুবোৰক তিয়াই দিয়াৰ লগে-লগেই কোমল কোমল কচুথোৰবোৰে বৰ কোমল সেউজ হাঁহি এটাৰে সেই তেতিয়াৰ দিনৰে পৰা মোৰদৰে ভোজন-বিলাসীকেইটাৰ মনতো সেউজ ৰঙ বোলাই দিয়েহি। মই পৰম আগ্ৰহেৰে মাৰ ওচৰত কচুথোৰৰ আঞ্জাৰ ফৰমাইচ দাখিল কৰি দিওঁ। মায়েও চাগৈ মোৰ ফৰমাইচটো বেয়া নুশুনে। সেয়ে, খৰাহি এটা আৰু কটাৰী এখন মোৰ হাতত গতাই দি কৈয়ে দিয়ে, “চাবি আকৌ, বেছি সাৰুৱা ঠাইৰ(!)পৰা নুবুটলিবি!”

আমাৰ ঘৰৰ ওচৰৰে হাবিখনলৈ সোমাই বুটলি আনিলে, কচুবোৰ সকলোৱে বিনা সঙ্কোচে খাব পাৰে। দহ মিনিট মানতে এখৰাহী কচুথোৰ বুটলি আনি মাক গতাই দিওঁ। লগতে কচুশাকৰ মাজে মাজে কেঁকুৰি-মেকুৰী ওলাই অহা ঢেকীয়াশাক দুডালমানো বুটলি আনো। পিছে, মায়ে কচু-ঢেকীয়াকেইডাল অলপ লেৰেলক বুলি, খৰাহিটো আজৰাই মোক আকৌ বাৰীলৈ পঠিয়ায়, কণ-বিলাহী দুটামানো সামৰি আনিবলৈ। বাৰীৰ ঢাপতে থকা ‘কণ-বিলাহী’ কেইজোপায়ো সেইদিনাৰ জুতিকণত উভৈনদীকে হাত উজান দিয়ে।

গৰমত ইচাট্-বিচাট্ লাগি থকা দুপৰীয়াটোত গাটো ধুই শাঁত পেলাই আহি ভাতৰ পাতত গুটিবিলাহী দিয়া কচুথোৰৰ লগতে ঢেকীয়াকেইডালো সেৰেঙাকৈ মেলি দিয়া আঞ্জাখনৰ লগত আলুপিটিকা অকণ হ’লেই যথেষ্ট। ব’হাগৰ ন-পানীৰ দিনতে উজানৰ সৰু সৰু মোৱা ডৰিকণা মাছ পালে, মায়ে নিজেই কচুথোৰ দুডালমান বুটলি আনে। লগতে, মায়ে কোৱামতেই মই বাৰীৰ চুকৰ আঠিয়া কলজোপাৰ পৰা ‘এ মাইজান, আঠিয়া কলৰে, চপাই নেকাটিবা পাত। চিটিকিনো পৰিব এঠা মাইজান’ বুলি বিহুনামষাৰ আওঁৰাই আওঁৰাই কলপাত এখিলাও কাটি আনি দিওঁ। তাৰপিছত মাৰ আখলৰ জুতি উঠাবলৈ খাচ্ অসমীয়া ৰন্ধনশৈলীৰ প্ৰদৰ্শনী আৰম্ভ হয়। কলপাতখিলা জুইত লেৰেলাই তাতে পোনামাছ কেইটাৰ লগতে কচুথোৰ আৰু কেঁচা জলকীয়া দি কলপাতখিলাৰে দুজাপকৈ মেৰিয়াই লয়। কলপাতৰ মাজৰ সিৰলুটোৰ পৰাই বাঁহৰ তমাল তোলাদি তমাল দুডাল উলিয়াই কলপাতৰ নুৰাটো আঁত খোৱাকৈ বান্ধে। তাৰপিছত অলপ জাহযোৱা অঙঠাত টুপলিটো পাতি দিয়ে। অঙঠা বেছি দগমগীয়া হলে, কলপাতখিলাহে মাজসিজাৰ আগতেই পোৰ খাব। কিছুপৰৰ মূৰে মূৰে টুপুলিটো আঙঠাৰ ওপৰতে দুবাৰ ইলুটি-সিলুটি কৰি দিয়ে। ভাতখোৱাৰ আগেয়ে টুপুলিটো খুলি লৈ কচুথোৰৰ লগত সিজি থকা পোণামাছকেইটা খাইতেল অকণ দি পিটিকি দিলেই অসমীয়া পিটিকাৰ জুতিনো কাক কয় বুলি সুকীয়াকৈ বুজাই ক’বৰ প্ৰয়োজন নেদেখোঁ।

কুঢ়ি মাছৰ ফিচা আৰু গা ছোৱাৰে মাছৰ টেঙা আদি খাই অঁতোৱাৰ পিছত থাকি যোৱা মাছৰ মূৰকেইটাৰ সদ্গতি লগাবলৈ কচুথোৰৰ লগত জালুকীয়াকৈ ৰন্ধা মাছৰ মূৰৰ আঞ্জাখনৰ সমান মোৰ মানত আন একোৱেই নাই। একেদৰেই ‘খেতিৰ দিনৰ কঠোৰ পৰিশ্ৰমৰ বাবে, শীতকালি গাৰ বিষে আমনি নিদিবলৈ’ বুলি মুছলমান গৃহস্থই ক’লা কুকুৰাৰ মাংসৰ লগত বাৰেমিহলি বনশাক দি ৰন্ধা কাতিমাহৰ নিশা খোৱা জালুকীয়া আঞ্জাখনৰ জুতি আচল পাগত উঠে, যদিহে তাত অইন বন শাকৰ লগতে ক’লা কচু দুডালমানো পৰে।

ভোট জলকীয়াৰে জ্বলাকৈ ৰন্ধা ‘কচুলতিৰ আঞ্জা’খনেও ভাতৰ পাতত নিজৰ দায়িত্ব ঠিকেই পালন কৰে। কচুৰ পাতশাক কেইখিলাই নিজৰ দায়িত্ব পালন কৰাৰ পিছত মাটিৰ তলৰ কচুকেইটাইও মাৰ আখলত বিভিন্ন ৰহণ সানেহি। আহিন সোমোৱাৰে পৰা আহিনা কচু, বনৰীয়া কচুৰ টেপু, পঞ্চমুখী কচু আদি তৰহে তৰহে কচুৱে তৰহে তৰহে জুতি লৈ আহে। মচুৰ বা অৰহৰ মাহৰ লগত বতৰৰ কচুকেইটা দুফাল চাৰিফালকৈ দিয়া দালিখনৰ সোৱাদ যিয়ে পাইছে, সিহে বুজিব। বছৰৰ ন খোৱাৰ দিনত শাহুমাৰ আখলত পঞ্চমুখী কচু ডাঙৰ ডাঙৰকৈ দি ৰন্ধা অৰহৰ মাহৰ আঞ্জাখনৰ সোৱাদ পাহৰিব পৰা নাই।

আখলৰ অঙঠাৰ তলত সিজিবলৈ সুমুৱাই থোৱা কচুকেইটাৰ পোৰখোৱা বাকলিকণ আঁতৰাই কেঁচা ভজলুক আৰু মেমেধুপাত দি কৰা কচু পিটিকাকণৰ সোৱাদ বোধহয় আমাৰ বয়সৰ সকলো অসমীয়ায়েই লৈ পাইছে। নলকচু নামৰ আন এবিধ কচুৰ পাতৰ পৰা শিপালৈকে গোটেই গছজোপাকে মায়ে তৰহে তৰহে জুতি তুলিছিল। নল কচু বা দহি কচুৰ পূৰঠ পাতৰ ঠাৰিকেইডালৰ লগত মচুৰমাহ দি খাৰ আঞ্জা ৰান্ধে। ইফালে আচল কচুডোখৰ বাকলি গুচাই এক ইঞ্চিমানকৈ ঘূৰণীয়া ঘূৰণীয়া কৰি কাটে। তাৰ প্ৰতিডোখৰকে কটাৰীৰে এফালৰ পৰা আধাতকৈ কিছু বেছি দবাই দবাই সমানে সমানে ঠাঁহি যায়। পিছত আকৌ সিলুটি দি, অলপ কোণীয়াকৈ অনুৰূপ ধৰণে ঠাঁহি লয়। পিছত খুদ চাউল পটাত বাটি, তাতে কাটি থোৱা কচুকেইডোখৰ লেটিয়াই লেটিয়াই তেলত ভাজে। ভাজোঁতে নেভাগিবৰ কাৰণে সেইকেইডোখৰ আগতীয়াকৈ চুনপানীত ডুবাই থয়। তাৰপৰা তুলি লৈ হাতেৰে টানকৈ চেপি লৈ চাউলৰ মিশ্ৰণত ডুবায়। গৰমে গৰমে ভজা সেই জালিকটা কচুৰ কাটলেটকেইটাৰ জুতি বোধহয় কেবাবছৰো লৈয়ে পোৱা নাই।

এই দুইধৰণে কচুজোপাৰ গত লগোৱাৰ উপৰিও কচুৰ শিপা আৰু পাতৰ মাজৰ অংশটো কেঁচা জলকীয়া আৰু বগা সৰিয়হৰ লগত পটাত পিচি কাজিনেমুৰ ৰস চেপি চাৰিদিন মানলৈকে খাব পৰা চাটনি এখনো কৰে। এইবোৰৰ উপৰিও তেলীকচু, শিলকচু বা এডলীয়া কচু আদি বনৰীয়া কচুৰ পাতবোৰৰে কিবা জুতি আছে নে মাৰ হাতৰে ‘কৰিশ্মা’ আছে নেজানো। কিন্তু, মাছ বা মাংসৰ আঞ্জাত মেলি দিয়াৰ লগে লগেই মাছ, মাংসৰ জুতি একেবাৰে ‘সপ্তম’ত উঠা যেন লাগে।

কেতিয়াবা দহিকচুৰ পাতত বেচনৰ লেও দি সূতাৰে মেৰিয়াই কিছুপৰ ভাপত দিয়ে। পিছত এই ভাপত দিয়া নূৰাকেইটা ঘূৰণীয়া ঘূৰণীয়াকৈ চকল চকল কৈ কাটি মা-মচলা, নৰসিংহ পাত আদিৰ লগত তেল মাৰি এখন ব্যঞ্জন তৈয়াৰ কৰে। সৰুতে প্ৰাথমিক বিদ্যালয়ত অ-ফলা শিকোঁতেই চিনি পোৱা ‘ও’ মানে ‘ওলকচু’টো সিজাই চালনিত চালি বছৰ দিন যোৱাকৈ বৰ বঢ়িয়া আচাৰ এখনো ৰাখে। মুঠৰ ওপৰত, ভগৱানে অসম মুলুকত যিমান উভৈনদীকৈ কচু, কচুশাকবোৰ দিছে, মাৰ দৰে অসমীয়া গৃহিণীৰ আখলত এইবোৰে তৰহে তৰহে ৰহণো চৰাইছে।

আৰমান হাজৰিকা
নৱী-মুম্বাই, খাৰঘৰ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!