ঝোপৰপট্টি ফুটবল আৰু নিচাসক্ত এক কিশোৰ অপৰাধী ‘ডনৰ ফুটবল প্ৰেমে সলনি কৰা জীৱন কাহিনী

লেখক- ৰঞ্জনা দত্ত

ঝোপৰপট্টি বা শ্লাম এলেকাসমূহৰ দৃশ্য ভাৰতৰ সকলো ঠাইতে সাধাৰণতে একেই হয়। মুম্বাইৰ ধাৰাবীয়েই হওক বা দিল্লীৰ ৰেল আলিৰ কাষত দেখা পোৱা নীলা ত্ৰিপালৰ চালিৰে কেইবা মাইলো জুৰি থকা শ্লাম এলেকা বোৰেই হওক। গুৱাহাটীৰ মহানগৰীৰ ২১৭টা শ্লাম এলেকাত আছে প্ৰায় ২৬, ০০০টা পৰিয়াল। প্ৰতিটো পৰিয়ালৰ ২ টাকৈ লৰাছোৱালী আছে বুলি ধৰিলেও প্ৰায় ৫০,০০০ শিশু আৰু কিশোৰ কিশোৰী। অপৰিষ্কাৰ আৰু অস্বাস্থ্যকৰ পৰিৱেশত ডাঙৰ দীঘল হোৱা বেছিভাগ কিশোৰ কম বয়সৰ পৰাই নিচাযুক্ত বস্তু সেৱন আৰু আন অপৰাধজনিত কামত লিপ্ত হৈ পৰে। কিছুমান ল’ৰা ছোৱালীয়ে স্কুলত নাম লগাই আধাতে স্কুল যোৱা বন্ধ কৰে। নাগপুৰৰ চহৰৰ গাতে লগা আজনি অঞ্চলতো বহুতো সৰু সৰু এইধৰণৰ বস্তি আছে।
নব্বৈৰ দশকত এই বস্তিবিলাকৰ অৱস্থা আছিল অবৰ্ণনীয়। বস্তিৰ কিশোৰ চামৰ সৰহ সংখ্যকেই পঢ়া শুনা নকৰিছিল আৰু ৰাস্তাই ঘাটে বিড়ি চিগাৰেট হুপি বা ভাং বা অন্যান্য নিচা জাতীয় বস্তু সেৱন কৰি তাছ বা জুৱা খেলি সময় অতিবাহিত কৰিছিল।

সেই অঞ্চলৰে এটা সৰু লৰা অখিলেশৰ বয়স তেতিয়া আঠ বছৰ। তাৰ দেউতাক এখন চৰকাৰী হস্পিতালৰ পিয়ন আছিল। অপৰিষ্কাৰ পৰিৱেশৰ মাজৰ একোঠলীয়া এটা সৰু ঘৰত অখিলেশে তাৰ মাক দেউতাক আৰু দুজনী বায়েকৰ সতে বাস কৰিছিল। স্কুললৈ যোৱাৰ বাটত তাৰ সমবয়সী বা তাতকৈ কিছু ডাঙৰ বস্তিৰ ল’ৰাবোৰক আড্ডা মাৰি জুৱা খেলি থকা দেখি ভাবিছিল কিমান আৰাম সিহঁতৰ! ভাবিছিল এইদৰে মস্তি কৰিবৰ বাবে সিহঁতে পইচা কত পায় বাৰু?

এদিন কৌতূহল বশতঃ সিহঁতৰ আড্ডাত গৈ বহিছিল অখিলেশ। কথাই কথাই জানিব পাৰিছিল যে বস্তিৰ বেছিভাগ ল’ৰা-ছোৱালী বিভিন্ন ধৰণৰ অসামাজিক কাম কাজত লিপ্ত আৰু এইধৰণৰ কাম কাজৰ পৰাই সিহঁতৰ হাতলৈ মৌজ মস্তি কৰিবৰ বাবে টকাৰ যোগান ঘটে। ক্লাছ চিক্স পাছ কৰাৰ পিছত স্কুললৈ যোৱা বাদ দি অখিলেশ নিচাত আসক্ত এদল কিশোৰৰ দলত যুক্ত হৈ পৰিল। নিজে গম নোপোৱাকৈ জীৱনৰ এটা ভয়ঙ্কৰ ক’লা অধ্যায়ৰ মাজত লাহে লাহে সি সোমাই পৰিছিল। সিহঁতৰ লগত থাকি তাৰ লাহে লাহে সকলো ধৰণৰ নিচা জাতীয় বস্তু খোৱাৰ অভ্যাস গঢ় লৈ উঠিছিল। পইছাৰ বাবে যুক্ত হৈ পৰিছিল অপৰাধ জগতৰ সতে। বয়সতকৈ ওখ পাখ স্বাস্থ্যৱান অখিলেশৰ নিজৰ কিশোৰ গেং এটা গঢ় লৈ উঠিছিল। ওখ পাখ মাৰপিট কৰাত ওস্তাদ অখিলেশক বহুত ৰাজনৈতিক দল আৰু ৰিয়েল এষ্টেট ব্যৱসায়ীৰ প্ৰয়োজন হৈছিল। সামান্য টকাৰ বিনিময়ত অখিলেশৰ গেঙ মাৰপিট কৰি ঘৰ খালী কৰোৱা, বিৰোধী পাৰ্টিৰ মানুহক মাৰধৰ কৰা, ধমকি দি ভাৰা আদায় কৰা ইত্যাদি কামত সিদ্ধ হস্ত হৈ পৰিছিল। টকাৰ বাবে দৰকাৰ হলে সৰু সুৰা চুৰি চিনতাইৰ কামো কৰিবলৈ লৈছিল। নিচাৰ যোগাৰ সুন্দৰ ভাৱে হৈ গৈছিল। অপৰাধৰ বিনিময়ত পোৱা এশ দেৰশ টকা দুদিনমান নিচা কৰা আৰু জুৱা খেলাৰ পিছতেই শেষ হৈ যায়। নিচা কাটি গলে নিচাৰ তাগিদাতেই আকৌ অপৰাধৰ বজাৰখনত সোমাই পৰে।
সেইসময়ত তাৰ সপোন আছিল চিনেমা বোৰত দেখাৰ দৰে এটা ডাঙৰ ‘ডন’ হোৱাৰ।

মাত্ৰ পাঁচ টকা আৰু ফুটবল খেলৰ অপৰিসীম শক্তিয়ে সলনি কৰা জীৱন:

এদিন আবেলি সময়ত নিজৰ গেং লৈ অখিলেশ নাগপুৰৰ হিলচপ কলেজৰ সমুখৰ ৰাস্তাটোৰ আনটো পাৰে জুৱা খেলাত ব্যস্ত আছিল। ৰাস্তাৰ সিপাৰৰ পৰা এজন ব্যক্তিয়ে সিহঁতক হাত বাউল দি মাতিছিল। চুলি চুটিকৈ কটা মানুহজনক পুলিচ বুলি ভাবি কিছু ভয় খাইছিল যদিও সিহঁত তেওঁৰ ওচৰলৈ আগুৱাই গৈছিল।

‘ফুটবল খেলিবা?- মানুহজনে অখিলেশক সুধিছিল।’

‘কি হ’ব ফুটবল খেলি? পইছা দিব?’- তাঁহাতে সুধিছিল।

সিহঁতক অবাক কৰি মানুহজনে কৈছিল, “তোমালোকে দুঘণ্টাকৈ ফুটবল খেলা যদি প্ৰত্যেককে পাঁচ টকাকৈ দিম।”

সিহঁত আচৰিত হৈছিল যদিও টকা পোৱাৰ লোভত সিহঁত সন্মত হৈছিল। নব্বৈৰ দশকত সিহঁতৰ বাবে পাঁচ টকাৰ মূল্য কম নাছিল। সিহঁত থকা আজনি অঞ্চলৰ ষ্টেচনৰ কাষৰ সৰু সৰু দোকান কিছুমানত পাঁচ টকাত এগিলাচ দেশী মদ পোৱা গৈছিল। গতিকে প্ৰস্তাৱটো সিহঁতৰ বেয়া লগা নাছিল। সিহঁত সদায় ফুটবল খেলিবলৈ আহিবলৈ ললে। দুঘণ্টা খেলাৰ অন্তত সিহঁতে মানুহজনৰ পৰা গাইপতি পাঁচ টকাকৈ লৈ গধূলি নিচাত উৰুৱাই দিছিল। এইভাবেই পোন্ধৰটা দিন পাৰ হৈ গৈছিল।

ইতিমধ্যে সিহঁতক ফুটবলৰ নিচাই পাইছিল। সিহঁতে কাপোৰেৰে ফুটবল এটা বনাই লৈ অন্য সময়তো খেলিছিল যদিও ক’লা-বগা চামৰাৰ ফুটবলটোৰ আকৰ্ষণ একেবাৰে বেলেগ আছিল। অখিলেশে মন কৰিছিল যে এই খেলি থকাৰ সময়খিনিত সিহঁতৰ নিচা কৰা বা অন্য কোনো বেয়া কামৰ কথা মনলৈ নাহিছিল। সিহঁতে ভাবিছিল খেলাৰ বিনিময়ত সিহঁতক পইচা দিয়া মানুহজন মানসিক ভাবে সুস্থনে?

এজন দেৱদূত আৰু তেওঁৰ প্ৰজেক্ট ঝোপৰপট্টি:

নাগপুৰৰ খ্যাতনামা হিচলপ কলেজৰ স্পৰ্টছৰ শিক্ষক আঠিল বিজুয় বাৰ্ছে। এদিনাখন বৰষুণত তিতিবুৰি প্লাষ্টিকৰ সৰু বাল্টি এটাৰে ফুটবল খেলি থকা বস্তিৰ লৰা কিছুমানক দেখি তেওঁৰ মনলৈ সিহঁতক লৈ কিবা এটা কৰাৰ চিন্তাটো গঢ় লৈছিল। সিহঁতে ইমান আত্মহাৰা হৈ খেলিছিল যে প্ৰফেচৰজন সিহঁতৰ কাষত ৰৈ খেলা চাই থকাৰ কথা সিহঁতে একেবাৰে গম পোৱা নাছিল। অৱসৰৰ পিছত পোৱা ১৮ লাখ টকাৰে তেওঁ নাগপুৰৰ সমীপত কেইবা একৰো মাটি ক্ৰয় কৰে আৰু তাত দুখীয়া গৃহহীন ল’ৰা-ছোৱালীবোৰৰ বাবে ফুটবল একাডেমী এখন গঢ়ি তোলে। তাত তেওঁ ফুটবল খেলাৰ সকলো সুবিধা দি সিহঁতক ভৱিষ্যতে জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্তৰত খেলিবৰ বাবে উপযুক্ত কৰি তুলিছিল।

ড্ৰাগছ আসক্ত কিশোৰ অখিলেশৰ গেং ফুটবলৰ নিচাত সোমাই পৰিছিল:

পোন্ধৰ দিনৰ অন্তত ফুটবল খেলিবলৈ গৈ প্ৰফেচাৰ বাৰ্চেৰ কথাত সিহঁত অবাক হৈছিল।

তেওঁ অখিলেশক কৈছিল, “আজিৰ পৰা তোমালোকে আৰু ফুটবল খেলিব নালাগে। মোৰ হাতত আৰু পইচা নাই।”

কথাটো শুনাৰ পাছত ল’ৰাজাকে কৈছিল, “আমাক আৰু পইছা দিব নালাগে। অকল ফুটবলটো দিয়ক।”

প্ৰফেচাৰে বলটো কিশোৰজনৰ হাতত দি সিহঁতে নেদেখাকৈ ওপৰলৈ হাত তুলি নেদেখা জনক প্ৰণাম কৰিছিল। নিচাসক্ত কিশোৰবোৰ ফুটবলৰ নিচাত আসক্ত হৈ পৰক। ইয়াকে মনেপ্ৰাণে বিচাৰিছিল তেওঁ। ডন অখিলেশ আৰু তাৰ কিশোৰ গেংটো প্ৰফেচাৰ বাৰ্চেৰ ঝোপৰপট্টি ক্লাবৰ নিয়মিত সদস্য হৈ পৰিছিল। এই ফুটবল ক্লাবটো বস্তিৰ ল’ৰা-ছোৱালীবোৰ লগত লৈ কিছুদিন পূৰ্বে আৰম্ভ কৰিছিল আৰু সিহঁতৰ মাজত নানা ধৰণৰ টুৰ্ণামেণ্ট আৰম্ভ কৰিছিল। অখিলেশৰ ফুটবলৰ নিচা ভালকৈয়ে লাগিছিল। দিনটো ফুটবল লৈ ব্যস্ত থাকিলেও আন্ধাৰ হৈ অহাৰ লগে লগে পুৰণি অভ্যাসবোৰে তাক হাত বাউল দি মাতিছিল। এদিন কৰোবাৰ ঘৰ খালী কৰাবলৈ যাওঁতে বিপক্ষৰ গুণ্ডা দলে তাক খুব বেয়াকৈ মাৰ ধৰ কৰে। কোনোমতে এখন চলন্ত বাছত জঁপিয়াই উঠি সি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। কেৱল ১৬ বছৰ বয়সতে অখিলেশৰ বিৰুদ্ধে নাগপুৰ থানাত ৰজু হৈছিল ৪৬টা গোচৰ।
অখিলেশক বিচাৰি পিয়াপি দিছিল পুলিচৰ দল। অখিলেশৰ কাণলৈ খবৰ আহিছিল যে অখিলেশক বিচাৰি পালে ভুৱা এনকাউণ্টাৰত তাক মাৰি পেলাবও পাৰে।

১৬ বছৰীয়া কিশোৰ অখিলেশ এদিন ৰাতিৰ অন্ধকাৰত বস্তিৰ পৰা অন্তৰ্ধান হৈ পৰিছিল। পুলিচ আৰু প্ৰতিপক্ষৰ গুণ্ডা বাহিনীৰ পৰা হাত সাৰিবলৈ অখিলেশে ঘন জঙ্ঘলৰ মাজত থকা এখন কবৰ স্থানত আশ্ৰয় লৈছিল। দিনটো মহ ডাঁহৰ কামোৰ খাই গাত ঘাঁ হবলৈ আৰম্ভ কৰিছিল। ৰাতিৰ আন্ধাৰত সি কবৰ স্থানৰ পৰা ওলাই আহি মন্দিৰৰ বাৰাণ্ডাত থকা ভিক্ষাৰীবোৰৰ লগত এচুকত শুই পৰিছিল। ভিক্ষাৰীবোৰৰ পৰা ডকাহকা দি সিহঁতৰ পৰা এখন ৰুটি পাইছিল। নহ’লে কেতিয়াবা আধাখোৱা ৰুটি এটুকুৰাহে যোগাৰ কৰিবলৈ সক্ষম হৈছিল। শুই থকা ভিক্ষাৰীৰ জোলোঙাৰ পৰা চুৰ কৰি উলিয়াই কেতিয়াবা পুৰণা মলঙি যোৱা পাউৰুটী এটুকুৰাকে খাই ৰাতিটো পাৰ কৰিছিল। ৰাতিপুৱাৰ লগে লগে আকৌ কবৰস্থানত সোমাইছিলগৈ। এইদৰে প্ৰায় ২০ দিন মান পাৰ হৈ গৈছিল। তাৰ শৰীৰত ঘাঁ আৰম্ভ হৈছিল। নিদ্ৰাহীনতাৰ বাবে কোটৰগত সোমোৱা চকু আৰু হাড় ছাল ওলোৱা শুকান চেহেৰা।
পৰিয়ালৰ লোক আৰু এজন বন্ধুৰ পৰামৰ্শ মতে অৱশেষত অখিলেশে পুলিচৰ ওচৰত আত্মসমৰ্পণ কৰে। আদালতত বিচাৰকৰ আগত অখিলেশে প্ৰতিজ্ঞা কৰিছিল এইবাৰ তেওঁ পুৰণি অভ্যাস সকলো বাদ দি নতুনকৈ জীৱন আৰম্ভ কৰিব। তেওঁ জামিনত মুক্তি পাইছিল।

নতুন জীৱনৰ আৰম্ভণি ’ৰেড ৰোজ’ বাৰৰ পৰা আকৌ ফুটবললৈ:

ক্লাছ চিক্সলৈকে পঢ়া আৰু পুৰণি ক্ৰিমিনেল ৰেকৰ্ড থকা ল’ৰাজনৰ বাবে নতুনকৈ জীৱন আৰম্ভ কৰা ইমান সহজ নাছিল। পুলিচে তাক পোহৰ হোৱাৰ পাচতেই নিজৰ এলেকাটো ত্যাগ কৰিবলৈ আৰু আন্ধাৰ হোৱাৰ পিছতহে নিজৰ ঠাইলৈ ঘূৰি আহিবলৈ অনুমতি দিছিল। অৱশেষত নাগপুৰৰ মানকপুৰ এলেকাত থকা ‘ৰেড ৰোজ বাৰত এটা চাকৰি যোগাৰ কৰিবলৈ অখিলেশ সক্ষম হয়। বাৰৰ মালিকজনে ভাবিছিল যে বাৰলৈ অহা গ্ৰাহকবোৰ চম্ভালিবৰ বাবে অখিলেশৰ দৰে ডন এজনৰ হে প্ৰয়োজন। দিনটো বাৰৰ মেনেজাৰৰ চকীত বহি ৰাতি বাৰৰ মেনেজাৰক টকা পইচা জমা দি ৰাতি ঘৰলৈ উভতি আহে।

বাৰ বন্ধ থকা এদিন সি বন্ধ বাৰখনৰ বাহিৰতে বহি আছিল।
হঠাতে অখিলেশে সৰু ল’ৰা কেইটা মানক হাতত ফুটবল এটা লৈ চাইকেলত উঠি হাঁহি খিকিন্দালি কৰি আহি থকা দেখিলে। অখিলেশে সিহঁত কলৈ গৈ আছে সোধাত সিহঁতে ওচৰৰ খেলপথাৰ খনত ফুটবল খেলিবলৈ যাওঁ বুলি কলে। অখিলেশৰ ফুটবল খেলা পুৰণি কথাবোৰ মনলৈ আহিল আৰু সিহঁতৰ খেলা চাবৰ বাবে খেল পথাৰখন পালেগৈ। সংযোগ বশতঃ অখিলেশে তাতে তেওঁৰ ফুটবলৰ চাৰ বিজয় বাৰ্চেক লগ পায়। বিজয় বাৰ্চেই তাৰ সকলোবোৰ কথা শুনাৰ পাছত তাক ল’ৰাজাকৰ সৈতে পুৱা গধূলি ফুটবল প্ৰেকটিছ কৰি থাকিবলৈ ক’লে। সৰু সৰু কেইবাখনো টুৰ্ণামেণ্টত ভাগ লোৱাৰ পিছত বিজয় বাৰ্চেৰ অনুৰোধত এদিন অখিলেশে পুনৰ ঝোপৰপট্টি ফুটবল ক্লাবত যোগ দিয়ে। নিজৰ অদম্য হেঁপাহ আৰু কঠোৰ অনুশীলনৰ ফলত লাহে লাহে জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ফুটবলৰ বিভিন্ন টুৰ্ণামেণ্টবোৰত টিমৰ পৰা ভাগ লৈ নিজৰ অদ্ভুত পাৰদৰ্শিতাৰ পৰিচয় দিবলৈ আৰম্ভ কৰিছিল অখিলেশে।

আজনি ঝোপৰপট্টিৰ পৰা ব্ৰাজিলৰ ৱৰ্ল্ড কাপলৈ:

বিশ্বৰ গৃহহীন যুৱকসকলৰ বাবে প্ৰতিবছৰে অনুষ্ঠিত হোৱা ‘হমলেছ ৱৰ্ল্ড কাপ ২০১০ চনত ব্ৰাজিলৰ ৰিও ডি জেনেৰিওত অনুষ্ঠিত হৈছিল। বিজয় বাৰ্চেই ইণ্টাৰনেট যোগে খবৰটো গম পাই ভাৰতৰ অন্তৰ্ভুক্তিৰ বাবে আবেদন জনায়। ভাৰতীয় দলত অখিলেশে সুযোগ পাই আনন্দত আত্মহাৰা হৈছিল। বাৰৰ মালিক আৰু পৰিয়ালৰ সদস্যসকলে বাতৰি কাকতত খবৰটো পাই যিমান আচৰিত আৰু আনন্দিত হৈছিল সিমান গৰ্বিত হৈ পৰিছিল। কিন্তু পাছপৰ্ট কৰাবলৈ গৈ অখিলেশ চুড়ান্ত হতাশাত ভাঙি পৰিছিল। অখিলেশৰ ক্ৰিমিনেল ৰেকৰ্ড চাই তেওঁক পাছপৰ্ট দিবলৈ অস্বীকাৰ কৰিছিল। অখিলেশৰ উকীল, বাৰৰ মালিক আৰু দুজনমান সহৃদয় লোকৰ অশেষ চেষ্টাৰ অন্তত তেওঁ পাছপৰ্ট লাভ কৰিছিল। ব্ৰাজিল যোৱাৰ আগে আগে হোৱা এখন সাংবাদিক মেলত খেলুৱৈসকলক নিজৰ নিজৰ অতীতৰ কথা কবলৈ অনুৰোধ কৰিছিল। সকলোৱে নিজৰ কষ্টকৰ দুখভৰা জীৱনৰ কথা কৈ গৈছিল। অখিলেশে নিজৰ কথা কোৱাৰ আগতে জ্বৰে ঘমাদি ঘামিছিল,
“কেনেকৈ ক’ব তেওঁৰ কলঙ্কিত অতীতৰ কথা?”

শেষত অকণো লুক ঢাক নোহোৱাকৈ তেওঁ নিজৰ জীৱনৰ ক’লা অধ্যায়ৰ কথা সকলোৰে আগত অকপটে কৈ গৈছিল।
তেওঁৰ বাগৰি অহা চকুলোৰ লগতে সভাগৃহৰ সকলোৰে চকু সেমেকি আহিছিল।

প্ৰৱল হৰ্ষধ্বনিৰ মাজত সেইখন সভাতে অখিলেশৰ নামটো দলপতি হিচাপে ঘোষণা কৰা হৈছিল। ফুটবলাৰ নে কোচ?:

ৰিও ডি জেনেৰিওত অখিলেশৰ প্ৰেকটিছ আৰু খেল দেখি মুগ্ধ হৈ পৰিছিল মানচষ্টাৰ ইউনাইটেডৰ কোচ ডেভিড ময়েচ। স্কটলেণ্ডৰ প্ৰাক্তন ফুটবলাৰ ময়েচে অখিলেশক ভৱিষ্যত পৰিকল্পনাৰ কথা সোধাত তেওঁ ভৱিষ্যতে ফুটবলাৰ হোৱাৰ ইচ্ছা ব্যক্ত কৰিছিল। ময়েচে একে আষাৰে কৈছিল,
“তুমি ভুল সিদ্ধান্ত লৈছা। মই তোমাৰ গাত এজন ভাল কোচৰ সকলো গুণ দেখিছোঁ। তুমি এজন ভাল কোচ হ’ব পাৰিবা।”

বিশ্বৰ নামকৰা কোচজনৰ কথা আশীৰ্বাদ হিচাপে লৈ অখিলেশে ভাৰতলৈ আহি ফুটবলৰ এটা এটাকৈ সকলোবোৰ কৰ্চ লৈছিল। এসময়ৰ বস্তি অঞ্চলৰ ডন এতিয়া সকলোৰে ‘চাৰ আৰু আন বহুতৰে ‘বাবা’| বিজয় বাৰ্চেৰ শ্লাম চচাৰ ক্লাবৰ চিনিয়ৰ কোচ অখিলেশ এতিয়া ৰেড লাইট এৰিয়া আৰু শ্লাম এলেকাবোৰৰ কিশোৰ কিশোৰী বোৰৰ মৰম আৰু শ্ৰদ্ধাৰ ‘চাৰ।’ শ্লাম চচাৰৰ নিয়মীয়া কোচ অখিলেশে সময় উলিয়াই ‘ লিভিং হপ ‘ নামৰ এন জি অ এটাৰ লগত যুক্ত হৈ ৰেড লাইট এলেকাবোৰত থকা ল’ৰা-ছোৱালীবোৰক ফুটবল শিকায়। অকল সেয়ে নহয় সিহঁত নিয়মিত স্কুললৈ যোৱাৰ ওপৰতো চকু ৰাখে তেওঁ। নিজৰ স্কুলীয়া পঢ়া আধাতে এৰা অখিলেশে সিহঁতক পঢ়াশুনা নকৰিলে অভিভাৱকৰ দৰে ডাবি ধমকি দিয়ে। শিক্ষকৰ পৰা সিহঁতৰ পঢ়া শুনাৰ খবৰ লয়। আৰম্ভণিতে এই কাম তেওঁৰ বাবে ইমান সহজ নাছিল। মাকবোৰে নিজৰ ল’ৰাক ফুটবল খেলিবলৈ যাবলৈ দিয়া নাছিল। নিজৰ ল’ৰাই গ্ৰাহক এলেকাটোত সোমোৱা দেখিলেই দৌৰি গৈ মাকক খবৰ দিয়েগৈ। গতিকে সিহঁত খেলিবলৈ গ’লে মাকৰ গ্ৰাহক পোৱা কষ্ট হব বুলি ভাবিছিল। এই ল’ৰা-ছোৱালীবোৰে কৈছিল,
“পেৰেণ্ট টিচাৰ মিটিঙত মাকবোৰে অচিনাকি মানুহবোৰক দেউতাক সজাই লৈ যায়।”

সিহঁতৰ দেউতাক কোন সিহঁতে নেজানে। পিছলৈ অখিলেশ নিজে সিহঁতৰ অভিভাৱক হৈ সিহঁতৰ স্কুললৈ যাবলৈ ল’লে। তেওঁ মনে প্ৰাণে বিচাৰিছিল যে তেওঁৰ নিচিনা বেয়া ফান্দত যাতে ল’ৰা-ছোৱালীবোৰ নপৰে। এতিয়া তেওঁ ৰেড লাইট এলেকাৰ প্ৰতিটো ল’ৰা-ছোৱালীৰ বাবে ‘বাবা আৰু তেওঁলোকৰ ফুটবলৰ গুৰু ‘চাৰ।’
তেওঁৰ ছাত্ৰসমূহৰ বহুতেই এতিয়া বিভিন্ন ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় খেলত খেলি নাম কৰিছে। ৰেড লাইট এলেকাৰ পৰা ওলাই গৈ সন্মান সহকাৰে জীৱন যাপন কৰিছে। অখিলেশ পালৰ নাগপুৰ বজাৰত এখন জোতাৰ দোকান আছে। নিজৰ স্ত্ৰী আৰু সন্তানক লৈ অভাৱৰ যদিও এক সুখৰ জীৱন কটাইছে।
২০১৫ চনত অখিলেশে আমিৰ খানৰ ‘সত্যমেৱ জয়তে’ টেলিভিছন শ্বৰ বাবে আমন্ত্ৰণ পায়। গোটেই ভাৰতৰ মানুহে স্তব্ধ হৈ শুনিছিল অখিলেশৰ ‘ডনৰ পৰা দেৱদূত হৈ পৰা কাহিনী। ২০১৯ চনত অখিলেশৰ জীৱন কাহিনীৰ ওপৰত নিৰ্মাণ কৰা তামিল বোলছবি ‘বিগিল’ মুক্তি পাইছে। অনেক লোকৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে তেওঁৰ জীৱন কাহিনী।

আৰু বিজয় বাৰ্চে?

অখিলেশৰ জীৱনলৈ ভগৱানৰ ৰূপত অহা শ্লাম চচাৰৰ প্ৰতিষ্ঠাপক আৰু বস্তি এলেকাৰ ল’ৰাছোৱালীৰ বাবে জীৱন উছৰ্গা কৰা বিজয় বাৰ্চে আৰু তেওঁৰ ঝোপৰপট্টি ফুটবল লৈ ‘ঝুণ্ড’ নামৰ এখন বোলছবি তৈয়াৰ কৰা হৈছে। চিনেমাখনত বিজয় বাৰ্চেৰ চৰিত্ৰটোত অভিনয় কৰিছে অমিতাভ বচ্চনে। ২০২০ চনত মুক্তি পাবলগীয়া ঝুণ্ড কৰোনাৰ বাবে মুক্তি দিব পৰা নগ’ল যদিও অচিৰেই মুক্তি পোৱাৰ সম্ভাৱনা আছে। এইখন চিনেমাতো এক বৃহৎ অংশ অখিলেশৰ কাহিনীয়ে অধিকাৰ কৰি আছে। চৰম অভাৱ আৰু নিজৰ কুখ্যাত অতীতে বাৰে বাৰে আঘাত কৰিছিল যদিও মানসিক ভাবে অখিলেশ ভাঙি পৰা নাছিল। ফুটবল কোচিঙৰ অদম্য নিচা আৰু নিজৰ আদৰ্শ খামোচ মাৰি ধৰি তেওঁ সুন্দৰভাবে আগুৱাই গৈছে জীৱনত। তেওঁৰ অন্ধকাৰ অতীতৰ ওপৰত এতিয়া ধূলিৰ চামনি। অখিলেশৰ জীৱন কাহিনী আমাৰ উঠি অহা যুৱক-যুৱতী সকলৰ বাবে এক সুন্দৰ অনুপ্ৰেৰণাৰ উৎস।

আশাকৰো আৰু অনেক অখিলেশ পাল আৰু বিজয় বাৰ্চেৰ জন্ম হওক আৰু সকলো শ্লাম আৰু ৰেড লাইট এলেকা নিচা আৰু অপৰাধ মুক্ত হৈ শিক্ষাৰ পোহৰেৰে জিলিকি উঠক।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments