টকিঅ’ অলিম্পিকৰ মেডেলৰ আঁৰৰ কাহিনী

লেখক- পংকজ কুমাৰ নেওগ

জাপানত হৈ যোৱা ২০২০ অলিম্পিকত পৃথিৱীৰ ২০৬খন দেশৰ ১০,৩০৫ গৰাকী খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছিল। সকলোৰে এটাই আশা আছিল যাতে তেওঁলোকে যেন নিজৰ দেশৰ হৈ মেডেল লাভ কৰিব পাৰে। খেলুৱৈ সকলৰ বাবে এই আশা সাকাৰ হৈ উঠে যেতিয়া তেওঁলোকে পডিয়ামত থিয় হৈ নিজৰ ডিঙিত সোণ, ৰূপ বা ব্ৰঞ্জৰ মেডেল ওলোমাই লোৱাৰ যোগ্যতা অৰ্জন কৰে।

এই সকলো বিজয়ীৰ সৈতে নেপথ্যত এনে কিছু লোক আছে যিসকল এই মেডেলবোৰক লৈ সমানে গৰ্বিত। এই সকল লোক টকিঅ’ মেডেল প্ৰজেক্টৰ সৈতে জড়িত বিষয়া আৰু কৰ্মচাৰীসকলৰ বাহিৰে আন কোনো নহয়। টকিঅ’ মেডেল প্ৰজেক্টৰ অধীনত অলিম্পিকৰ বিজয়ী সকলক প্ৰদান কৰা সকলো মেডেলৰ আৱশ্যকীয় ধাতু আৰু ধাতৱ পদাৰ্থ পুৰণি স্মাৰ্টফোন আৰু লেপটপ কম্পিউটাৰ সমূহৰ পুনঃচক্ৰণৰ (Recycling) জৰিয়তে নিষ্কাশন কৰা হৈছে। জাপানৰ নাগৰিক সকলো এই মেডেল প্ৰজেক্টৰ জৰিয়তে অলিম্পকখনৰ অংশীদাৰ হোৱাৰ এক বিৰল কৃতিত্বৰে গৰ্বিত। টকিঅ’ ২০২০ মেডেল প্ৰজেক্টে নাগৰিক সকলৰ পৰা পুৰণি আৰু কামত নহা ইলেকট্ৰনিক সামগ্ৰী সমূহ বিচাৰি এক প্ৰচাৰ অভিযান চলায়। সকলোৰে পৰা লাভ কৰা সহাঁৰি আৰু সহযোগিতাৰ বাবে তেওঁলোক ৰাইজৰ ওচৰত কৃতজ্ঞ।

গোটেই পৃথিৱীত বছৰি কোটি কোটি টকাৰ ইলেকট্ৰনিক সামগ্ৰী আৱৰ্জনা হিচাপে বিসৰ্জন দিয়া হয় বা পুৰি পেলোৱা হয়। এই সামগ্ৰী সমূহৰ বিভিন্নাংশত সোণ, ৰূপ আৰু তামৰ দৰে বহুমূলীয়া ধাতু থাকে। এই ই-আৱৰ্জনাবোৰ ভালকৈ পুনঃচক্ৰণ কৰাৰ পাছত মূল্যৱান ধাতুসমূহ নিষ্কাশন কৰি অন্য কামত ব্যৱহাৰ কৰিব পাৰি। এই ধাৰণাকে মূলমন্ত্ৰ হিচাপে লৈ টকিঅ’ মেডেল কমিটিয়ে তেওঁলোকৰ প্ৰজেক্ট আৰম্ভ কৰে। ২০২০ টকিঅ’ অলিম্পিকৰ বাবে গোটেই জাপানত ই-আৱৰ্জনা সংগ্ৰহ আৰু পুনঃচক্ৰণৰ দুবছৰীয়া আঁচনি এখন চলে। অলিম্পিকৰ বাবে যাতে প্ৰায় ৫০০০ ব্ৰঞ্জ, ৰূপ আৰু সোণৰ পদক নিৰ্মাণ কৰিব পৰা যায় তালৈ লক্ষ্য কৰি যথেষ্ট ই-আৱৰ্জনা সংগ্ৰহ কৰা হৈছিল।

এই ৫০০০ পদকত ২৪ আগষ্টৰ পৰা ৫ চেপ্তেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া পেৰালিম্পিকচৰ পদকবোৰো গণ্য কৰা হৈছে। জাপানৰ ৯০% নগৰ, চহৰ আৰু গাওঁবোৰে অলিম্পিক মেডেল কমিটিৰ আহ্বানলৈ সঁহাৰি জনাই ঠাইয়ে ঠাইয়ে ই-আৱৰ্জনা সংগ্ৰহৰ বাবে বুথ বা কেন্দ্ৰ স্থাপন কৰে আৰু হাজাৰ হাজাৰ নাগৰিকে তেওঁলোকৰ পুৰণি ইলেকট্ৰনিক সামগ্ৰীসমূহ স্বতঃফূৰ্তভাৱে দান দিয়ে। প্ৰায় ৮০,০০০ টন ই-আৱৰ্জনাৰ পৰা ৭০ পাউণ্ড (৩২ কিলো) সোণ, ৭৭০০ পাউণ্ড ৰূপ আৰু ৪৮৫০ পাউণ্ড ব্ৰঞ্জ লাভ কৰা হৈছিল। এই ই-আৱৰ্জনাবোৰৰ ভিতৰত পুৰণা লেপটপ আৰু মোবাইল ফোনেই আছিল প্ৰধান।

এই প্ৰচাৰ অভিযানৰ সময়ত ব্যৱহাৰ হোৱা এশাৰী বাক্যই “Be better, together – for the planet and the people” জাপানৰ ১৩০০খন শিক্ষানুষ্ঠান আৰু ২১০০খন খুচুৰা ইলেকট্ৰনিক সামগ্ৰী বিক্ৰী কৰা দোকানক তেওঁলোকৰ অব্যৱহৃত পুৰণি ই-সামগ্ৰীসমূহ দান দিবলৈ উদ্বুদ্ধ কৰে। ডাক-ঘৰ আৰু বাটৰ আশে-পাশে গোটেই দেশখনতে প্ৰায় ২৪০০টা হালধীয়া ৰঙৰ বৰঙনি বাকচ নিৰ্মাণ কৰি ৰাইজক পুৰণি ফোনবোৰ দান দিবলৈ অনুৰোধ কৰা হৈছিল।
পুনঃচক্ৰণ পদ্ধতিৰে পুৰণি ই-সামগ্ৰীবোৰৰ পৰা সোণ, ৰূপ ইত্যাদি ধাতু নিষ্কাষণৰ কাৰ্য সহজ যেন লাগিলেও টকিঅ’ মেডেল কমিটিৰ বাবে ই বৰ সহজ কাম নাছিল। তেওঁলোকে এই কামৰ বাবে দেশৰ চৰকাৰৰ উপৰি অসংখ্য পৌৰসভা, কোম্পানী, স্কুল আৰু স্থানীয় জনসাধাৰণৰ সহায় ল’ব লগা হয়।

প্ৰজেক্টৰ অগ্ৰণী ভূমিকা লোৱা কোম্পানীবোৰৰ ভিতৰত ‘ৰেনেট জাপান গ্ৰুপ’ৰ নাম উল্লেখযোগ্য। এই গ্ৰুপৰ সঞ্চালক টছিঅ’ কামাকুৰাৰ মতে তেওঁলোকে অলিম্পিক মেডেল প্ৰজেক্টটোৰ বাবে ই-আৱৰ্জনা ব্যৱস্থাপনাৰ এটা আন্দোলন গঢ়ি তুলিব লগা হয় আৰু এই আন্দোলনলৈ কোম্পানীৰ অংশীদাৰসকল, চৰকাৰ আৰু জনসাধাৰণে অকুণ্ঠচিত্তে সহায়-সহযোগিতা আগবঢ়ায়। ২০১৭ চনৰ এপ্ৰিলত প্ৰজেক্ট আৰম্ভ কৰাৰ সময়ত সমিতিত মাত্ৰ ৬০০খন পৌৰসভা আছিল আৰু ২০১৯ চনৰ মাৰ্চত প্ৰজেক্ট শেষ হোৱাৰ সময়ত এই সংখ্যা বাঢ়ি ১৬০০ৰো অধিক হয়। এক বৃহৎ জনসংযোগ প্ৰচাৰৰ মাধ্যমেৰে ৰাইজে পুৰণি ই-সামগ্ৰীবোৰ সহজে দান দিব পৰাকৈ সংগ্ৰহ কেন্দ্ৰবোৰ খোলা হৈছিল।

ই-আৱৰ্জনাবোৰৰ সংগ্ৰহ আছিল আঁচনিখনৰ প্ৰথম পদক্ষেপ। ই-আৱৰ্জনা চক্ৰকৰণৰ ঠিকা পোৱা কোম্পানীবোৰে গোটেই সামগ্ৰী চূৰ্ণীকৃত কৰি আৰু প্ৰয়োজনীয় ধাতুবোৰ নিষ্কাশন আৰু শোধনৰ পাছত জুনিছি কাৱানিছিৰ নক্সাৰ ঠাঁচত গোটেই ধাতুখিনিৰ সাঁচ দিয়া হয়। অলিম্পিক মেডেলৰ নক্সা বাচি উলিয়াবলৈ পেচাদাৰী ডিজাইনাৰ আৰু ডিজাইনিঙৰ ছাত্ৰসকলৰ মাজত এখন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। এখন বিশেষ নিৰ্বাচনী কমিটিয়ে চাৰিশতকৈয়ো অধিক ডিজাইন বা নক্সাৰ ভিতৰত জাপানৰ ‘চাইন ডিজাইন এছোচিয়েশ্যন আৰু ওচাকা ডিজাইন ছোচাইটি’ৰ সঞ্চালক জুনিছি কাৱানিছিৰ নক্সাখন গ্ৰহণ কৰে। তেওঁৰ অলিম্পিক মেডেলৰ নক্সাই খেলুৱৈ সকলৰ প্ৰচেষ্টা আৰু তেওঁলোকৰ গৰিমাৰ সৈতে বৈচিত্ৰ্য আৰু বিশ্বমৈত্ৰীক শ্ৰদ্ধা জ্ঞাপন কৰিছে।

জাপানেই হ’ল বিশ্ব অলিম্পিকত আটাইবোৰ মেডেল ইলেকট্ৰনিক বা ই-আৱৰ্জনাৰ পুনঃচক্ৰণৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰথমখন দেশ। অৱশ্যে ই-সামগ্ৰীৰ পুনঃচক্ৰণৰ দ্বাৰা মেডেল তৈয়াৰ কৰা ধাৰণাটো নতুন নহয়। ২০১৬ চনৰ ৰিঅ’ অলিম্পিক খেলত সোণ আৰু বূপৰ মেডেল নিৰ্মাণৰ বাবে আৱশ্যক হোৱা ষ্টাৰলিং ৰূপৰ ৩০% গাড়ীৰ পাৰ্টচ আৰু আইনাৰ পুনঃচক্ৰণৰ জৰিয়তে লাভ কৰা সামগ্ৰীৰে প্ৰস্তুত কৰা হৈছিল। ২০২৪ চনত পেৰিচত হ’বলগীয়া অলিম্পিক খেলখনৰ “থিম্” বা মুখ্য বিষয়বস্তু হ’ল “সামাজিক পৰিৱৰ্তন আৰু পৰিৱেশৰ শ্ৰীবৃদ্ধি।” আশা কৰা যায় যে ‘২০২০ টকিঅ’ মেডেল প্ৰজেক্ট’ পেৰিচ অলিম্পিকৰ বাবেও অনুকৰণীয় হৈ ৰ’ব।

‘ইউনাইটেড নেশ্যনচ্’ বা ৰাষ্ট্ৰসংঘৰ মতে ২০১৯ চনত গোটেই পৃথিৱীতে এক অভিলেখ পৰিমাণৰ ই-আৱৰ্জনাৰ সৃষ্টি হয়। এই আৱৰ্জনাৰ পৰিমাণ হ’ল ৫৩.৬ নিযুত টন বা ৩৫০খন ‘কুইন মেৰী-২’ জাহাজৰ সমতুল্য। যোৱা ৫ বছৰত নাতিদীৰ্ঘ জীৱনচক্ৰৰ ইলেকট্ৰনিক গেজেট বা সামগ্ৰীবোৰৰ চাহিদা যিভাৱে বাঢ়িব ধৰিছে তাৰ প্ৰায় এক পঞ্চমাংশ বা তাতকৈ বেছি পৰিমাণে ই-আৱৰ্জনাৰ পৰিমাণ সমানুপাতে বাঢ়িব ধৰিছে। এই আৱৰ্জনাৰ এক পঞ্চমাংশৰো কম অংশ সঠিকভাৱে সংগ্ৰহ কৰি পুনঃচক্ৰণৰ বাবে ব্যৱহাৰ কৰা হয়। ই-আৱৰ্জনাৰ সঠিক পুনঃচক্ৰণ আৰু বিসৰ্জনৰ সজাগতাৰ অভাৱে পৰিৱেশ তথা পাৰিপাৰ্শ্বিকতালৈ আৰু মানুহৰ জীৱনলৈকো ভাবুকি নমাই আনিছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments