পাঠ্যক্ৰমত খেল-ধেমালি অলিম্পিক যাত্ৰাৰ প্ৰথম খোজ

লেখক- প্ৰণামিকা অধিকাৰী

ভাবিবলগীয়া কথা যে, শিৱ থাপা, হিমা দাস, লাভলীনা বৰগোহাঞি আদি আৰু অন্যান্য অসমৰ বহু প্ৰতিভাবান খেলুৱৈৰ কোনো এগৰাকীয়েও স্কুলীয়া পাঠ্যক্ৰমৰ মাজেৰে খেলুৱৈ জীৱনৰ বুনিয়াদ গঢ়া নাই। তেওঁলোকে যি কৰিছে, নিজৰ অদম্য হেঁপাহ আৰু একাগ্ৰতাৰে কৰিছে। সেয়ে, তেওঁলোকে সাধ্যানুসাৰে কৰা প্ৰদৰ্শনত সুখ অনুভৱ কৰোঁ। অলিম্পিকত অন্তৰ্ভুক্ত হোৱাটোৱেই এক বিৰল সাধনাৰ প্ৰতীক। তাত মেডেল পোৱাটোতো গৌৰৱৰ কথা হয়েই। কিন্তু এশ ত্ৰিশ কোটি জনগণৰ মাজৰ পৰা মাত্ৰ এশ পোন্ধৰজন খেলুৱৈয়েহে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰাটো আমাৰ বাবে লজ্জাজনক। ইয়াৰ বিপৰীতে চীন আমেৰিকা আদি দেশবোৰৰ কেইবাশতাধিক খেলুৱৈয়ে অলিম্পিকত অংশ গ্ৰহণ কৰাৰ সুযোগ পায়।

”অন্যান্য দেশবোৰে যদি অলিম্পিকত শই শই যোগদান কৰিব পাৰে, মেডেল কঢ়িয়াব পাৰে, আমাৰ দেশে নোৱাৰে কিয়?”

স্কুলীয়া পাঠ্যক্ৰমত খেল-ধেমালিক গুৰুত্বপূৰ্ণ বিষয় হিচাপে কাহিনীও লোৱা হোৱা নাই। আমাৰ ছাত্ৰাৱস্থাতো মাত্ৰ সপ্তাহত এটা পিৰিয়ডহে খেল-ধেমালিৰ বাবে ৰখা হৈছিল, যাৰ সময় মাত্ৰ ৪০ বা ৪৫ মিনিট। এতিয়াও তাৰ ব্যতিক্ৰম নহয়। আমাৰ ৰাজ্যিক বিদ্যালয়বোৰত বা ৰাজ্যৰ শিক্ষা ব্যৱস্থাত কেন্দ্ৰীয় বিদ্যালয় সমূহৰ সমপৰিমাণৰ সুবিধাও খেলৰ ক্ষেত্ৰত দিয়া নহয়গৈ। আমাৰ বিদ্যালয়বোৰত খেল-ধেমালিৰ বাবে প্ৰতি বছৰে একোটা Sports Week পতা হয়। তাৰ আগতে মাত্ৰ দুই বা তিনিদিন অনুশীলনৰ বাবে সময় দিয়া হয়। শিক্ষাৰ্থী জীৱন পাৰ কৰাৰ পিছত ২১ বছৰে শিক্ষা বৃত্তিৰ লগত জড়িত হৈ সেই sports week বোৰতে দেখিছোঁ, বহু প্ৰতিভাবান ছাত্ৰ-ছাত্ৰী আমাৰ মাজত আছে; মাত্ৰ উপযুক্ত পৰিৱেশৰ অভাৱত তেওঁলোক জঁই পৰি যায়। ইয়াৰ বাবে ভাবিবলৈ কিন্তু কাৰো আহৰি নাই।

নম্বৰকেন্দ্ৰিক পৰীক্ষা ব্যৱস্থাত খেল-ধেমালিক এটা বিষয় হিচাপে লোৱা নহয়। খেল-ধেমালিত উন্নত ফল দেখুওৱা ল’ৰা-ছোৱালীক বেলেগে নম্বৰ দিয়াৰ ব্যৱস্থা নাই। ফলত, অভিভাৱকেও নম্বৰকেন্দ্ৰিক পৰীক্ষা ব্যৱস্থাত অধিক নম্বৰ আহৰণ কৰাৰ বাবে পঢ়াত বেছি গুৰুত্ব দিয়ে। ব্যৱস্থাটোৱেই এনেকুৱা যে, এইক্ষেত্ৰত অভিভাৱকক দোষাৰোপ কৰিব পৰা নাযায়। সামাজিক ক্ষেত্ৰতো দেখা যায়, কেৱল বিদ্যায়তনিক দিশত ভাল ফলাফল দেখুওৱা শিক্ষাৰ্থীক সমাজে সন্মানৰ দৃষ্টিৰে চায়। খেল-ধেমালি কৰা ছাত্ৰ-ছাত্ৰীৰ যিহেতু পঢ়াশুনা কম হয় আৰু পাঠ্যপুথিভিত্তিক পৰীক্ষাত নম্বৰ কমকৈ পায়।
সেইবোৰ ছাত্ৰ-ছাত্ৰী সমাজৰ চকুত “গুচিল।” অৰ্থাৎ সি বা তাই বৰ উদণ্ড। পঢ়াশুনাত মন-কাণ নাই।

এই মানসিকতা সলাব পাৰিব কেৱল চৰকাৰীভাৱে বিদ্যালয়বোৰত খেল-ধেমালিক অধিক সন্মান প্ৰদানেহে। খেল-ধেমালি বা আন যিকোনো বিষয়ত সৰ্বোচ্চ সন্মানৰ অধিকাৰী হবলৈ একান্ত সাধনাৰ প্ৰয়োজন। সেই সাধনাৰ বাট তৈয়াৰ কৰি দিব লাগিব। তাৰবাবে প্ৰতিখন বিদ্যালয়ত আন্তঃগাঁথনি উন্নত কৰিব লাগিব। সপ্তাহত লাগিলে এদিনেই হওক, মাত্ৰ খেলৰ সময় বঢ়াব লাগিব। চৰকাৰলৈ অনুৰোধ, প্ৰতি সপ্তাহত এদিন এটাকৈ শ্ৰেণীৰ খেল-ধেমালি লেজাৰ পিৰিয়ডৰ পৰা ছুটী হোৱালৈকে অন্তত দুই-আঢ়ৈ ঘণ্টা কৰি দিয়ক। যিবোৰ বিদ্যালয়ত মুকলি খেলপথাৰ নাই, সেইবোৰ বিদ্যালয়ৰ ছাত্ৰছাত্ৰীক ওচৰৰ যিকোনো খেলপথাৰ বা ষ্টেডিয়ামলৈ নি খেলোৱাৰ ব্যৱস্থা কৰক।

ক্ৰীড়াসুলভ মনোবৃত্তি গঢ়াৰ লগতে যিকোনো খেল-ধেমালিৰেই যে জীৱন গঢ়িব পাৰি আৰু পঢ়াশুনাৰ দৰেই খেল-ধেমালিও যে সমানেই সন্মানীয় বিষয়, এই মনোভাৱ শিক্ষাৰ্থী, অভিভাৱক আৰু সমাজৰ প্ৰতিগৰাকী মানুহৰ মনত সোমাই গ’লে বহুকেইজন লাভলীনা, হিমা, শিৱ আমাৰ ৰাজ্যত দুই তিনিবছৰতে আত্মপ্ৰকাশ যে কৰিব, সি ধুৰূপ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments