ঘূণে ধৰা চকী

লেখক- চিত্তৰঞ্জন ওঝা

কাৰ্যালয় কক্ষত প্ৰৱেশ কৰিয়েই চন্দ্ৰমোহন চিৰস্তাদাৰে নিজৰ চকীখনত পৰম শান্তিত বহি ল’লে ৷ তেওঁৰ বৰ মৰমৰ চকী সেইখন ৷ পোন্ধৰটা বছৰ এই চকীখনত তেওঁ বিভাগটোৰ মূৰব্বী হিচাপে অতিবাহিত কৰিলে ৷ এই চকীখনত বহি দিয়া নিৰ্দেশনাতে শত শত জন তলতীয়া কৰ্মচাৰী ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ দৌৰিবলগীয়া হ’ল। কিমানজনৰ ওপৰত শাস্তিমূলক ব্যৱস্থা লোৱা হ’ল, কিমানজনক চাকৰিৰ পৰা নিলম্বন কৰা হ’ল তাৰ লেখ- জোখ নাই ৷ একেবাৰে তলৰ পৰা ওপৰলৈ বিভাগৰ সকলো চাকৰিয়াল তেওঁৰ সন্মুখত থৰহৰি কম্পমান হৈ থাকে ৷ আজি শেষবাৰৰ বাবে এই চকীখনত বহিছে তেওঁ ৷ সুদীৰ্ঘ ৩৫ বছৰ এই বিভাগটোত কৰ্মৰত হৈ অৱসৰ ল’বলৈ ওলাইছে আজি ৷

শেষৰ দিনাখন অফিচলৈ অলপ সোনকালেই আহিল ৷ সাধাৰণতে তেওঁ আবেলিহে অফিচলৈ আহে যদিও ১০ বজাতে অফিচ খোলা সময় ৷ তেনেকৈ নিশাও আঠ বা দহ বজাতহে অফিচ এৰে ৷ বিভাগটোৰ মূৰব্বী তেওঁ। গতিকে তেওঁ যি কয়, যি কৰে, সেয়াই নিয়ম ৷ সাধাৰণ কৰ্মচাৰীসকল সঠিক সময়ত অফিচলৈ আহিলেও বিভাগৰ মূৰব্বী থকালৈকে অফিচত বোন্দাপৰ দি থাকিব লাগে ৷ ঘৰ-সংসাৰ, ল’ৰা-ছোৱালী বা নিজৰ স্বাস্থ্যৰ কথা ভাবিবলৈ তেওঁলোকৰ আহৰিয়ে নাথাকে ৷ চিৰস্তাদাৰে তলতীয়া কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সুখ-দুখৰ কথা চিন্তা কৰিবলৈ প্ৰয়োজনবোধ নকৰে ৷

কলিংবেলৰ চুইচটো তেওঁ এবাৰ বজাই দিলে ৷ লগে লগে পিয়ন থানেশ্বৰ হাজিৰ ৷
“কফি একাপ লৈ আহ !’”
“হ’ব চাৰ”- থানেশ্বৰে কথাষাৰ কৈয়ে ৰূমৰ পৰা বেগেৰে ওলাই যায় ৷
চিৰস্তাদাৰৰ অতি বিশ্বস্ত কৰ্মচাৰী এই থানেশ্বৰ ৷
সুদীৰ্ঘ সময় তেওঁ চাৰৰ অধীনত পিয়ন হিচাপে অতিবাহিত কৰিলে ৷ চিৰস্তাদাৰৰ চকুৰ ঠাৰতে বুজি পায় কি আদেশ দিলে, কি কৰিব লাগে। মুখেৰে কোৱাৰ প্ৰয়োজন নাথাকে ৷ প্ৰতিটো আদেশ আখৰে আখৰে পালন কৰা এনে এজন বিশ্বাসী মানুহ পাই তেওঁ নিজকে সৌভাগ্যৱান বুলি ভাবে ৷কফিকাপত চুমুক দি থানেশ্বৰক সুধিলে, “মই অৱসৰ লোৱাৰ পিছত তই কি কৰিবি ? মোৰ ঠাইত নতুনকৈ আহিবলগাজনে তোক শান্তিত চাকৰি কৰিবলৈ দিব জানো ?”

তেওঁৰ স্থলাভিষিক্ত হ’বলৈ সাজু হৈ থকা নাৰায়ন সিঙৰ কথাকে আহিবলগাজন বুলি তেওঁ ক’লে ৷
“চাৰ, মই স্বেচ্ছাই অৱসৰ ল’ম। এই সিঙৰ অধীনত কাম নকৰোঁ।”
“ঠিক কথা কৈছ থানেশ্বৰ। এই জধা মূৰ্খ অফিচাৰজনে মোৰ চকীত বহিব, মোৰ সহ্য হোৱা নাই ৷”
“চাৰ, আপোনাৰ ভৰিধোৱা পানী খোৱাৰো যোগ্য নহয় এওঁলোক ৷”

হয়, এই থানেশ্বৰে বাৰু কাৰ সাহসত চিৰস্তাদাৰ যোৱাৰ পিছত এই অফিচত চাকৰি কৰিব ৷ চাহাবৰ নিজৰ মানুহ বুলিয়ে তাৰ ওপৰৱালা এজনকো সন্মান নজনাই ভেঙুচালি মাৰি সি কথা কয় ৷ কাইলৈ অফিচাৰ হৈ আহিলে তাৰ কি অৱস্থা কৰিব সি ভালকৈয়ে জানে । ভাৰতবৰ্ষৰ লেখত ল’বলগীয়া বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ যেতিয়া এই বিভাগত সোমায়, চিৰস্তাদাৰক তেতিয়া স্বয়ং দিশপুৰৰ বৰমূৰীয়াই মাতি সম্ভাষণ জনাইছিল ৷ জ্ঞান আৰু ন্যায়ৰ প্ৰতিমূৰ্তি আছিল এইজন চাকৰিয়াল ৷
অন্যায়ৰ বিৰূদ্ধে সঘনে মাত মতা এইজনক বিভাগৰ সাধাৰণ চাকৰিয়ালসকলে ভগৱান জ্ঞান কৰিছিল ৷ দুৰ্নীতিক তীব্ৰ ভাষাৰে তেওঁ সমালোচনা কৰিছিল। আনকি কোনোবাই তেওঁক ঘোচ দিয়াৰ কথা কল্পনাও কৰিব নোৱাৰিছিল ৷ অকল নিজৰ বিভাগতে নহয় দিশপুৰৰ বৰমূৰীয়াসকলেও তেওঁক সন্মানৰ চকুৰে চাইছিল ৷ সেয়ে তেওঁ নিজৰ অধ্যৱসায় আৰু কৰ্তব্যনিষ্ঠাৰ বাবে অতি কম সময়তে পদোন্নতি লাভ কৰিছিল আৰু মাত্ৰ ৪৫ বছৰ বয়সতে বিভাগৰ মুৰব্বী পদত অধিষ্ঠিত হয় ৷

দিন সদায় একেদৰে নাযায় ৷ নিউটনৰ তৃতীয় গতিৰ সূত্ৰ সকলো ক্ষেত্ৰতে প্ৰযোজ্য ৷ প্ৰতিটো ক্ৰিয়াৰ এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে ৷ চিৰস্তাদাৰৰ ক্ষেত্ৰতো এই পদোন্নতিৰ বিপৰীতমুখী প্ৰতিক্ৰিয়া কিছুদিনৰ পিছতে আৰম্ভ হল ৷ মূৰব্বীৰ আসনত বহাৰ দিনাই পত্নীৰ আশা আকাঙ্ক্ষা যেন আকাশলঙ্ঘী হ’ল ৷
“হেৰা আমাৰ বেয়াদিনবোৰ পাৰ হল ৷ এতিয়া আৰু নতুন নতুন কাপোৰ, প্ৰসাধন কিনিবলৈ, যিকোনো হোটেলত গৈ নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ চিন্তা কৰিব নালাগে ৷ টকা নাই বুলি নক’বা!”
“নাই নাই, মই দুৰ্নীতিক প্ৰশ্ৰয় নিদিওঁ, দৰমহাৰ টকাৰে চলিম ৷ এইবোৰত মই টকা খৰচ কৰিব নোৱাৰোঁ ৷”
চিৰস্তাদাৰ সঁচা অৰ্থত নীতি-আদৰ্শ মানি চলা মানুহ। দেউতাকে তেওঁক শিকাইছিল ৷
মৃত্যুৰ পিছতো পিতাকৰ উপদেশ আখৰে আখৰে পালন কৰিবৰ বাবে তেওঁ দেউতাকৰ সন্মুখত প্ৰতিজ্ঞাবদ্ধ হৈছিল ৷ কিন্তু সময়ৰ সোঁতত সেই উপদেশ, সেই প্ৰতিজ্ঞা ক্ৰমান্বয়ে ধূসৰিত হ’বলৈ ধৰিলে ৷ মূৰব্বী হোৱাৰ কিছুদিন পিছত বন্ধু-বান্ধৱক মাতি এক ভোজমেলৰ আয়োজন কৰিবলগীয়া হ’ল ৷ মনে নিবিচাৰিলেও তেওঁ নাম নুশুনা ব্ৰেণ্ডৰ বিদেশী সুৰাৰ দামী বটল কেইটামান ঠিকাদাৰৰ পৰা ল’বলগীয়া হ’ল ৷ ইয়াৰ এবছৰ পিছত তেওঁৰ জীয়াৰী উচ্চ শিক্ষাৰ বাবে প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ দিল্লীত প্ৰায় এমাহ থাকিবলগীয়া হ’ল ৷ ইচ্ছা নাথাকিলেও পত্নীৰ হেঁচাত এটা আন্তৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ বিলাসী অতিথিশালাত পৰিয়ালৰ সৈতে দিল্লীত থকা সময়খিনি অতিবাহিত কৰিলে ৷ সেই প্ৰতিষ্ঠানৰ এখন বিলাসী গাড়ীও তেওঁ ব্যৱহাৰ কৰিলে প্ৰায় এমাহ ৷ দিল্লীৰ পৰা উভতি আহি প্ৰতিদান স্বৰূপে সেই প্ৰতিষ্ঠানক নিয়মৰ বাহিৰলৈ গৈ সুবিধা কৰি দিব লগীয়া হ’ল৷ এয়াই যেন আৰম্ভণি ৷

তাৰ পিছত চিৰস্তাদাৰ এটাৰ পিছত আন এটা দুৰ্নীতিৰ লগত নিজেই জড়িত হৈ পৰিল ৷ তেওঁৰ এই দুৰ্নীতি দেখি কোনেও যাতে হকা বধা নকৰে বা হেঙাৰ হৈ নপৰে তাৰ বাবে লাহে লাহে শাসনৰ বাঘজৰীডাল টানকৈ ধৰিবলগীয়া হ’ল ৷ শাসন আৰু শোষন তেওঁৰ বাবে এক খেলা হৈ গ’ল ৷ তাত তেওঁ এক বিশেষ আনন্দ উপভোগ কৰিবলৈ ল’লে ৷ তলতীয়া কৰ্মচাৰীসকলে তেওঁক যে ভয় কৰিবলৈ আৰম্ভ কৰিছে সেইটো আনকি তেওঁৰ বন্ধু-বান্ধৱক দেখুৱাবলৈ চেষ্টা কৰা হ’ল ৷ সমাজত নিজৰ প্ৰতিপত্তি জাহিৰ কৰিবলৈ মানুহে বহুত কিবা কিবি কৰিব লাগে ৷ ধুনীয়া ব্ৰেণ্ডেদ কাপোৰ, ব্যয়বহুল পান্থশালাত আহাৰ গ্ৰহণ কৰা, আনন্দোৎসৱত যোগদান কৰা, নিজেও মাজে মাজে আনন্দোৎসৱৰ আয়োজন কৰিবলগীয়া হোৱা, দেশৰ ভিতৰতে বছৰেকত অন্ততঃ দুবাৰকৈ ফুৰিবলৈ যোৱা ইত্যাদি শিতানবোৰত কৰিবলগীয়া খৰচৰ যেন লেখ -জোখ নাই ৷ বিভাগীয় মূৰব্বী হ’লেও তেওঁ সীমিত দৰমহাৰহে গৰাকী ৷ অন্যহাতে ল’ৰা ছোৱালীৰ পঢ়া-শুনাৰ খৰচ আছেই ৷

“হেৰা শুনিছানে, ভৱিষ্যতে থাকিবলৈ আমাক এটা ফ্লেট লাগে দিল্লীত ৷ ইহঁতনো আকৌ যে গুৱাহাটীলৈ উভতি আহিব সেই আশা নাই ৷”
চিৰস্তাদাৰৰ পত্নীৰ দাবী ক্ৰমান্বয়ে বাঢ়ি গৈছিল ৷
“হয় দিল্লীত ফ্লেট এটা লাগে। কিন্তু ইমান টকা ক’ৰ পৰা পাম?”
অসহায়তাৰে উত্তৰ দিছিল চিৰস্তাদাৰে ৷
“সেইবোৰ মই নাজানো। তুমি ইমান ডাঙৰ চাকৰিয়াল। বিভাগৰ চাৰিহাজাৰ মানুহ তোমাৰ তলত কাম কৰে। এই সৰু কামটোও কৰিব নোৱাৰানে ? ধিক তোমাৰ চাকৰি ।”
পত্নীৰ কথাত চিৰস্তাদাৰৰ দেহ বেজবেজাই গ’ল ৷
“হয়, মই ধন গোটাবলৈ সক্ষম হ’ব লাগিব ৷ শাসনৰ বাঘজৰী আৰু টানকৈ ধৰিব লাগিব ৷ মোৰ চকুলৈ চাবলৈ কোনেও সাহস দেখুৱাব নোৱাৰিব ৷ ইয়াৰ অন্যথা বিভাগীয় শাস্তি মূৰ পাতি ল’ব লাগিব।”
পত্নীৰ উচতনিত চিৰস্তাদাৰে মনতে ভাবিলে ৷

অফিচত কূটনীতিবিদৰো অভাৱ নাথাকে ৷ দিল্লীৰ ফ্লেটৰ নামত লোৱা ধাৰ প্ৰতি মাহে বেঙ্কত কেনেকৈ বিভাগৰ নামত আবণ্টিত ধনৰ পৰা পৰিশোধ কৰিব পাৰি সেই পথ বৰবাবুৱে দেখুৱাই দিলে ৷ চৰকাৰী খৰচত দিল্লীত ফ্লেট হ’ল। গুৱাহাটীতো থাকিবলৈ ঘৰ এটা হ’ল ৷ ল’ৰা-ছোৱালী বাহিৰত থাকি পঢ়াৰ বাবদ প্ৰয়োজন হোৱা খৰচো উলিয়াব পৰা হ’ল ৷ কিহৰ চিন্তা চিৰস্তাদাৰৰ ৷ নিশা প্ৰায়ে তেওঁ চৰকাৰী আৱাসৰ বেলকনিত বহি চিগাৰেট হুপি এক তৃপ্তি অনুভৱ কৰে ৷

ৰজাৰ সমান সুখ তেওঁৰ ৷ আদেশ দিবলৈ সন্মুখত থাকেই কেইবাজনো ৷ যি খাবলৈ মন, যি পাবলৈ মন, সকলো হাজিৰ হয় মাত্ৰ এটা আদেশতে ৷ অকল চিৰস্তাদাৰৰে নহয়, তেওঁৰ পত্নীয়েও সমানে প্ৰভুত্ব দেখুৱাব খোজে এই নিৰীহ চাকৰিয়ালসকলৰ ওপৰত ৷
হাজাৰ হওঁক অৰ্ধাঙ্গিনী তেওঁৰ ৷ বিভাগৰ ওপৰত, তলতীয়া চাকৰিয়ালসকলৰ ওপৰত কিছু অধিকাৰ তেওঁৰো আছে ৷ এনেকৈয়ে দিনবোৰ পাৰ হ’বলৈ ধৰিলে ৷

সকলো কথাৰে যেনেদৰে আৰম্ভণি থাকে, তাৰ শেষো থাকে ৷ বিভাগটোৰ এই বিয়াগোম মূৰব্বীজনৰো চাকৰি কাল চিৰদিনলৈ নাথাকে ৷ আজি এই বিভাগৰ পৰা তেওঁৰ বিদায় সমাগত ৷ পাৰিব জানো তেওঁ কোনোবা দিনা এই অফিচলৈ আহিব ? তেওঁৰ প্ৰতি দেখুওৱা ভয়, শ্ৰদ্ধা, অৱসৰৰ পিছতো থাকিবনে ? পাবলগীয়া ন্যূনতম সন্মানকণো দেখুৱাবনে ?

“নাই নাই মই কেতিয়াও নাহোঁ এই অফিচলৈ ৷ মই যোৱাৰ পিছত এই বিভাগটোৰ অস্তিত্বই নোহোৱা হ’ব।”

অৱসৰৰ পিছত কি অৱস্থা হ’ব সেই কথা ভাবি তেওঁৰ ৰাতি টোপনি নোহোৱা হ’ল ৷ বিভাগৰ পাঁচখনকৈ গাড়ী ব্যৱহাৰ কৰিছিল তেওঁ নিজৰ বাবে আৰু পৰিয়ালৰ আন সদস্যৰ বাবে ৷ পেট্ৰলৰ মূল্য কিমান তেওঁ নাজানে ৷ হুপি থকা চিগাৰেটৰ দাম, বিলাতী সুৰাৰ মূল্য তেওঁ নাজানে। ঘৰত নিত্য ব্যৱহাৰ্য সামগ্ৰীবোৰৰ মূল্যও তেওঁ নাজানে কাৰণ নিজে কেতিয়াও কিনি পোৱা নাই !
এতিয়া কি হ’ব ? কোনে এইবোৰৰ যোগান ধৰিব ? কি কৰি দিনটো কটাব ? প্ৰশ্নবোৰৰ যেন কোনো উত্তৰ নাই ৷

ইতিমধ্যে তেওঁ চৰকাৰী আৱাস এৰি নিজৰ ঘৰত থাকিবলৈ সিদ্ধান্ত লৈছে ৷ ঘৰটো ঠিকঠাক কৰা, লাইট, ফেন, বাতানুকূল যন্ত্ৰ, আচ-বাব পত্ৰ বিভাগৰ ধনেৰে গোটোৱা কাম প্ৰায় শেষ হৈ আহিছে ৷
পত্নীয়ে কৈ থৈছে, “যি পাৰা সকলো গোটোৱা। ইয়াৰ পিছত কিবা পাবা বুলি ভাবিছা নেকি ? তলতীয়া চাকৰিয়ালসকলে তোমাক ঘূৰিও নাচাব অৱসৰৰ পিছত ৷”

চিৰস্তাদাৰে চাকৰি জীৱনত অন্তিমবাৰলৈ বিভাগীয় মুৰব্বী হিচাপে অফিচৰ কাগজবোৰত চহী কৰিলে ৷ মনলৈ এটা অহংকাৰৰ ভাব আহিল ৷ কিমান কাম কৰিলোঁ এই চকীখনত বহি ৷পাৰিব জানো কৰিব কোনোবাই ভৱিষ্যতে ! আধা কামেই কৰি দেখুৱাওকচোন ইহঁতে ! অফিচ এৰিবৰ হ’ল ৷

চিৰস্তাদাৰৰ হঠাতে মনত পৰিল সেই প্ৰথম দিনটোৰ কথা যিদিনা এই বিভাগৰ চাকৰিত যোগদান কৰিবলৈ আহিছিল ৷ সদ্যপ্ৰয়াত পিতৃৰ ফটোখন টেবুলত থৈ সেৱা লৈ প্ৰতিজ্ঞা কৰিছিল পিতৃৰ আদৰ্শ লৈ চাকৰি জীৱন পাৰ কৰিব বুলি ৷ নিজকে সান্ত্বনা দিলে যে বাস্তৱ জীৱনত নীতি-আদৰ্শৰ স্থান নাই ৷ আগৰ সেই দিন আৰু নাই ৷ মানুহ বাস্তৱবাদী হ’ব লাগে ৷ হয় তেওঁ বাস্তৱবাদী মানুহ, এজন বীৰ পুৰুষ ৷ তথাপি দেখোন পিতৃৰ মুখখন বাৰে বাৰে মনলৈ আহি আছে ৷
কিয় বাৰু আজি এনে অনুভৱ হৈছে ?
থানেশ্বৰ কন্দনামুৱা হৈ তেওঁৰ সন্মুখত হাজিৰ হ’ল ৷
“ছাৰ, বাহিৰত আপোনাক বিদায় দিবলৈ সকলো ৰৈ আছে ৷”
“সিহঁতে মোক বিদায় দি দুখত ভাগি পৰিব নে আনন্দত উত্ৰাৱল হ’ব!”
“ছাৰ দু:খ পোৱা যেন দেখুৱাই অভিনয়হে কৰিব বুলি মনত ভাব হৈছে ৷”
“সকলো বস্তু গাড়ীত উঠাই দিলিনে ?”
“দিলোঁ ছাৰ সকলো বস্তু – কলম, কিতাপ, চাহৰ কাপ, প্লেইট, বাথৰূমৰ চাবোন, হাৰ্পিক, টয়লেট ব্ৰাছ সকলো, একো বাকী ৰখা নাই ৷”
থানেশ্বৰে ক’লে ৷
“অফিচৰ লেপটপটো, পেন ড্ৰাইভকেইটা, মডেম, চিডি, সকলো দিলিনে?”
“দিলোঁ ছাৰ, কোনেও নেদেখাকৈ উঠাই দিলো সকলো ৷”
“সেইকাৰণে তোক ইমান দিন মোৰ লগতে ৰাখিলোঁ। তোৰ নিচিনা প্ৰভুভক্ত জীৱনত অন্য এজন দেখা নাই ৷”
চিৰস্তাদাৰ বহাৰ পৰা উঠিল ৷ চকীখনলৈ শেষবাৰৰ বাবে চালে ৷
এটা হুমুনিয়াহ কাঢ়ি ৰূমৰ পৰা বাহিৰ ওলাবলৈ প্ৰস্তুত হ’ল ৷ দুৱাৰখন খুলি এবাৰ উভতি চালে চকীখনলৈ ৷ নাই, নাই, অসম্ভৱ ! এই চকীখনত সিং বোলাজনক বহিবলৈ দিব নোৱাৰি ৷
“থানেশ্বৰ ক’ত মৰিলি তই ?”
চিৰস্তাদাৰৰ বিকট চিঞৰ শুনি থানেশ্বৰ দৌৰি আহিল ৷
“মোৰ লগত এই চকীখনো যাব ৷ ইয়াত বহাৰ অধিকাৰ কেৱল মোৰ ৷”
চিৰস্তাদাৰ ৰুমৰ পৰা ওলাই গ’ল ৷পিছে পিছে দুইহাতেৰে চকীখন দাঙি থানেশ্বৰো ওলাল ৷
চকীখনত ইতিমধ্যে ঘুণে ধৰিছিল ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!