পানীচোৰ

লেখক- পাৰিজাত বৰুৱা

“কলখাৰ শুকুৱা ৰ’দৰ দৰে ভদীয়া ৰ’দটো পিঠিত লৈ পুখুৰী সিঁচা কি মুখৰ কথা!
সিহঁতে গম পোৱা নাই মই কেনেকুৱা!
উদ্ধাৰি পেলাম আজি, বাপেৰক চিনি পোৱা নাই?”
গালি এজাক বাৰিষাৰ মেঘৰ দৰে গুমগুমাই আহিল।
কি হ’ল আজি মঘাইৰ? সি কাক বলকি বলকি আহিছে বাৰু!
লাহনীখনত খালৈটো বেছিকৈ লৰি অহালৈ চাই এনে লাগিছে, মাছ নেপালে হ’বলা!
সেইবুলি অকলে অকলে বি-বিয়াই আহিব লাগেনে?
এইসময়ত মঘাই প্ৰায়ে পথাৰৰ টোকনী-পুখুৰী সিঁচি ঘৰলৈ ওভতে।
ৰতিকান্তই মনে মনে তাক চাই থাকে।
চাই থাকে মানে আৰু কি!
সি মানুহৰ চকুত পৰেই।
ভদীয়া ৰ’দ। অসহ্য গৰম আৰু চোকা।
চুবুৰীয়া প্ৰায়বোৰ মানুহ দুপৰীয়া ভাতসাঁজ খাই বহাৰ সময়।
পথাৰত কাম কৰি থকাবোৰৰ কথা বেলেগ।
তাৰ মতেতো মৰ এলেহুৱাইহে খেতি ভাদলৈ থয়।
তাৰ এপূৰা মাটি শাওণতে ৰুই হৈ যায়।
ভাদত সি আলিবোৰ কোনোবাই খুলি দিছে নেকি, তাকেহে চায়গৈ।
লগতে, টোকনী সিঁচিবলৈ লাহনীখন আৰু খালৈটোও লৈ যায়।
অকল মাছৰ আশাৰে সি পুখুৰী সিঁচা নাই।
বৰাকঠীয়া ৰোৱা মাটিডৰা শুকাই গৈছে।
পৰহিও সি টোকনী-পুখুৰী সিঁচি পথাৰলৈ পানী ভৰাই ভালকৈ লোৰবোৰ ভেটি আহিছিল।
মঘাই আজি বক্-বকাই বক্-বকাই অলপ সোনকালে উভতিছে।
“কি হ’ল, হেৰা মঘাই ককাই? কিবা অঘটন নেকি?”
ৰতিকান্তই মাতষাৰ মাতি দিলে।
“কিহৰ কিটো হ’বলৈ আছে, হুহ! কুকুৰৰ জাতবোৰে মই মানুহটো নমৰোঁতেই এনেকুৱা অনিয়াই কৰিছে।
মৰিলে যে কি কৰিব, বুজিবলৈ বাকী নাই।
মোৰ পথাৰ, মোৰ পুখুৰী, মোৰ কথা, মোৰ অধিকাৰ এয়া।
ইয়াত এই নিধক দুটামানে ওপৰতে লাভ খাবলৈ আহে।
কান্ধ ওখহাই পথাৰত গোবৰ দিছোঁগৈ।
সাৰমিহলি পানীখিনি খুলি লৈ‌ যায়।
নিজৰ পথাৰত সাৰপানীখিনি ভৰাই লৈ ওখ ওখ আলি দি ভেটি দিছে।
ইফালে মোৰ পথাৰ ৰাতিটোতে শুকাই কৰকৰীয়া মাৰিছে।
এইবোৰ মানুহে শান্তিৰে থাকিবলৈ নিদিয়ে মোক।”
ৰতিয়ে মুখেৰে নামাতিলে। মাতিবলৈ সাহস আছে জানো তাৰ!
কালি গধূলি সীমাৰ লোৰ খোলা মানুহটোতো সিয়েই।
মঘাইৰ মাটিৰ গাতে তাৰ মাটি লাগি থকা নাই জানো!
হলিৰ মাটিদুডৰা পাৰ হ’লেই তাৰ মাটি।
তাৰ পথাৰত চুক-কাণ কটাৰ নিয়ম নাই।
বনে-বাতে মাটি ঢকা মানুহ সি।
তাৰ কথানো নাজানে কোনে?
কোৰ নামাৰি, ভালকৈ মৈ নিদি সি তাৰ মাটি কেইডৰা বাম টিঙনা কৰি পেলালে।
আনৰ মাটি সজাল ধৰাৰ পিছত সি গৰুহাল পথাৰত নমায়গৈ।
গৰুৱে আনৰ সজাল ধৰা ৰোৱা দুপাৰি তিনিপাৰি ডিঙি মেলি মেলি খায়।
এই পুৰণি স্বভাৱটো তাৰ কাহিনীও নগ’ল। হালোৱা, পথৰুৱাই এই কথা নাজানিবলৈ বাকী নাই।
আজি মঘাইৰ যিটো খং উঠি আহিছে মানে হালোৱা এচাৰিৰে তাক দুচাটমান দিয়াৰ কথাই ভাবি আহিছে।
সিয়ে যে তাৰ লোৰ খুলিছে, সি ঠিক আন্দাজ কৰিছে।
মঘায়ে জপনাখন খুলি পোনচাটেই লাহনী আৰু খালৈটো জেওৰাতে আওজাই তামোলজোপাতে গাটোৰ ভৰটো থৈ ক’বলৈ ধৰিলে, “খেতি কৰিবলৈ মন থাকিলে ভালকৈ কৰিব লাগে। বৰষুণে সকলোকে সমান পানী দিছে। নিজৰ পথাৰত ক’ত কিমান পানী ৰাখিব লাগে নিজে চাব লাগে।
হুহ, খেতি কৰি দেখুৱাইছে!
কোনে মোৰ পথাৰৰ পানী চুৰ কৰিছে, হালোৱা এচাৰি উঠাই দিম বাপ্পেকে!
অমুকাক চিনি পোৱা নাই।”
ৰতিয়ে ভিতৰৰ ফালে মুখখন ঘূৰাই ঘৈণীয়েকক মাতিলে –“হেৰা নয়নী শুনিছানে? মঘাই ককাইদেউ আহিছে।
পথাৰত কাম কৰি আহি সোমাইছেহি বেচেৰাটো! চাহ এটোপা লৈ আনাচোন!
ঢেঁকীৰ নেজতে পকা কঁঠাল এটা বখলিয়াই ল’ৰাই আধা খাই থৈ দিছে। সেইডোখৰো লৈ আহিবা!
অ’ হেৰি নহয়, পিলেট এখনো আনিবা!”
জুহালত পানী উতলিয়ে আছিল হ’বলা।
নয়নীয়ে ওৰণিখন কাণলৈকে বোৱাই লৈ কাঁহৰ বাতি দুটা আৰু চাহ আধা মগ লৈ পালেহিয়েই।
মগৰ গৰম চাহৰ পৰা ওলোৱা ধোঁৱাবোৰৰ দৰেই মঘাইৰ মুখৰ গৰম কথাবোৰো ধোঁৱাই আছিল তেতিয়াও।
ৰতিয়ে ক’লে -“হয় ককাই, খং উঠে। বৰ খং উঠে। মানুহবোৰে নিজৰটোহে চিনি পায়। পথাৰখন নিজৰ কৰি পেলাব বিচাৰে।
হেৰৌ, ক’ৰ পথাৰ ক’ত পৰি থাকিব! দুদিনীয়া সংসাৰহে। তথাপিও যে‌ আকল নমৰে দেও।
ময়ো তলে-তলে মানুহৰ আকলবোৰ চাই থাকোঁ। নোজোৰে অ’! মানুহক নোজোৰে।
জীৱ-জন্তুবোৰ দেখিছানে?
এইবোৰ আকল নেদেখুৱায়। আহক, আহক, চাহ এটুপি খাই লওক!
যোৱাঁ, নয়নী ককাইদেউলৈ‌ কঁঠাল ডোখৰো লৈ আনাগৈ!”
নয়নীৰ পেটে-পেটে খং উঠিছে।
মানুহটো বাৰু নিজে উঠি যাব নোৱাৰেনে!
মৰ-কেলেপীয়া জীৱ ক’ৰবাৰ!
এইষাৰযে এতিয়া নয়নীয়ে মনতে কৈ আছে সেইকথা ৰতিয়েও জানে।
তাই ওৰণিৰ তলেৰেই নাকটো বেঁকা কৰি তাক যিটো চাৱনি দি থৈ গ’ল, সি কিবা বুজা নাইনে?
তাইৰ মেখেলাখনৰ পৰাও জাটৌপকে শব্দ এটা হ’ল।
খং উঠিলে তাইৰ খোজটো খৰ হৈ মেখেলাখন লাগি ধৰে।
মঘাই আহি বাৰাণ্ডাত উঠিলহি। ৰতিয়ে বেৰত আওজাই থোৱা পীৰা এখন আগবঢ়াই দিলে বহিবলৈ।
কান্ধৰ গামোচাখনেৰে মুখখন মোহাৰি মোহাৰি মঘাই বহি ল’লে।
নয়নী আহি কঁঠালডোখৰ মাটিতে থৈ হাতখন চাদৰখনতে মোহাৰ এটা মাৰি মগৰপৰা চাহ অলপ বাতিটোলৈ বাকি বাওঁখন হাতেৰে মঘাইৰ মুখৰ আগৰ মাটিকণ মোহাৰি আগবঢ়াই দি ক’লে– “খাওক ককাই।”
মঘায়ে বাতিটো মুখৰ ওচৰলৈ নি ভাবিলে – ৰতিৰ মানুহজনী লখিমী পালে। নহ’লে এই মৰ-এলেহুৱাই এনেকৈ চলিব পাৰেনে? ই মাইকীৰ মূৰত খোৱা মানুহ। আমাৰ কপালত নাই। কপালত লিখি থ’লেহে ভাল তিৰোতা পায়। আমাৰজনীয়ে আকৌ কথা এষাৰ হজম নকৰিলে। ইমান কষ্ট কৰি পথাৰে- ঘৰে কাম কৰিও তাইৰপৰা ভাল মাত এষাৰ নাপালোঁ।
সেই সাধাৰণ কথাটোতে ফিতাহি মাৰি মাকৰ ঘৰলৈ গুচিয়েই গ’ল। অমুকাই এতিয়া পথাৰত কাম কৰি আহি নিজে নাৰান্ধিলে খাবলৈকে নেপাওঁ।
এতিয়া খালেও খালোঁ, নাখালেও কওতা নাই।
খাইছেগৈ এতিয়া মাকৰ ঘৰত সুখত!
“ককাই চাহ ঠাণ্ডা হ’ল। খাওক। এয়া কঁঠালো উলিয়াই দিছোঁ। বৰ সোৱাদৰ কঁঠাল। ল’ৰাই মোমায়েকৰ ঘৰৰ পৰা আনিছিল।”
এইবুলি কৈ ৰতিয়ে নিজেও চাহ খাবলৈ‌ লাগিল। পথৰুৱা দেহাৰ পিয়াহ গুচাকৈ মঘায়ে খালে।
চাহটোপাও ভাল বনাইছে মানুহজনীয়ে।
ৰতিয়ে সুৰুঙা উলিয়াই মঘাইৰ মুখখনলৈ চালে।
অলপ আগত উতলি থকা মুখখন এতিয়া অলপ চেঁচা হ’ল।
মঘাইৰ চাহটোপা শেষ হ’লত নয়নীয়ে সুধিলে -“আৰু অকণ চাহ লাগিব নেকি, ককাই?
পিয়াহত আছে আপুনি। যিহে ৰ’দ আজি, পথাৰত থকা কম কথা নহয়! ৰ’ব মই আনোগৈ!”
এই বুলি মঘাইৰ উত্তৰলৈ মানুহজনীয়ে বাটকে নেচালে।
মঘাইৰ মনটো কিবা এটা ভাবে হেঁচি ধৰিলে।
তাৰ মনত পৰিল চাৰি বছৰমান আগৰ দিন এটালৈ।
ঘৰলৈ উভতি যোৱাজনীলৈ তাৰ মনত পৰিল।
খেতি-বাতি সামৰাৰ দিন।
বাৰাণ্ডাতে সি ভাগৰৰ গাৰে পথাৰত নিয়াৰি কৰি আহি গা নোধোৱাকৈ বাগৰ দিলেহি।
টোপনি এটাই তাক হেঁচা মাৰি ধৰিছিল। টোপনিত সি লালকাল দিলে।
মুখেৰে হেনো সি বু-বুৱাই আছিল — “ধনমনি, তোক মই চহৰৰ স্কুলতহে নাম লিখাম।
গাঁৱৰ হৰেশ্বৰৰ ল’ৰা-ছোৱালীহালৰ দৰে তয়ো আমাৰ মাৰুতি ভেনখনত উঠি স্কুললৈ যাবি।
যি লাগে তাকে আনি দিম। মাৰে প্ৰথম দুমাহমান বাৰু তোক স্কুলত থৈ আহিবগৈ।
নহ’লে ‌তই ভয় কৰিবি, মই জানো। মাৰজনীও অকণ মুকলিমূৰীয়া হ’ব।
চহৰলৈ যাবলৈনো পায় ক’ত! পূজা চাবলৈ দদায়েকৰ লগতে এদিন হেনো গৈছিল।
এবাৰ চিনেমা চাবলৈ যাবলৈ গাঁৱৰ পৰা পাৰ্টী এটা ওলাইছিল। পইছা-পাতিয়ো তুলিলে।
এদিন বোলে পইছা তোলাটোৱে পইছা ঘূৰাই দিবলৈ আহি ক’লেহি, চিনেমা চোৱা নহ’ব। হল দুটা বন্ধ কৰি দিলে।
মাৰৰ আৰু চিনেমা চোৱাও নহ’ল, চহৰ ফুৰাও নহ’ল।
তোক আমি তেনেকুৱা নকৰোঁ।
ভালকৈ পঢ়িবি, ঠাই চাবি, কথা শিকিবি ….”
এইখিনি কথা পিছত সেইজনীয়ে ক’লতহে সি গম পালে। সপোনৰ কথা কিবা সঁচানে?
ৰেলগাড়ীৰ দৰে কথাবোৰ তাৰ মনলৈ আহিবলৈ ধৰিলে। মানুহজনীয়ে তাক অকণো গুৰুত্ব নিদিলে।
ল’ৰা বা ছোৱালী এটা জন্ম দিয়াৰ কথাও নাভাবিলে। খালি মাত্ৰ তাৰ দোষকেহে দেখিলে।
সময়ত চাহ অকণ, ভাত এমুঠি মনেজানি কেতিয়াও নাযাচিলে তাক।
মঘাইৰ চকুৰ কাষ দুটা জলজলীয়া হৈ উঠিল। নিমিষতে বুকুৰ ভিতৰৰ পৰা পাৰভাঙি কিবা এটাই চকুৰে লোৰ দুটা যেন হৈ ভেটা ভাঙিহে সোঁ-সোঁৱাই ওলাই আহিব যেন কৰিলে।
কোনে চুৰ কৰিব এইবোৰ পানী … কোনে চুৰ কৰিব! সকলো নিজৰ। দুখ, সুখ সকলো। এতিয়া ভগাবলৈও নাই, পাতলাবলৈও নাই।
ছেদভেদ নোহোৱা কথাবোৰে তাক থুকুছি থাকোঁতেই নয়নী আহি আকৌ ক’লেহি, “ককাইদেউ, চাহ আৰু অকণ খাই লওক!তাৰ পিছত গা- পা ধুবলৈ ঘৰলৈ যায় যদিও, যাওক। নেযায় যদিও ইয়াতে গাটো ধুই আমাৰ এখেতৰে ধুতি এখন পিন্ধক। মোৰ ভাত উতলিলেই। টানকৈ জুই দি আহিছোঁ।
আজি কলপাততে কঁচুথোৰ আৰু নহৰু নুৰিয়াই চৌকাত ভৰাই থৈ আহিছোঁ। ভাতমুঠি ইয়াতে খাব!”
কি কাৰণে আজি তাৰ ইমানবোৰ আবদাৰ মিলিছে বাৰু!
সি চিন্তাতে পৰিলে। ৰতিৰে কিবা বুধি নহয়তো এইবোৰ!
নাই, নাই, মানুহক এনেকৈ সকলোকে বেয়াকৈ ভাবিব নাপায়।
ৰতিৰ কথা বাদ। এই মানুহজনী মতলবী নহয় যেন লাগিছে। ঘৰলৈ যাবলৈ তাৰ ভৰিদুখনে তাক বাধা দিলে।
এতিয়া গৈ ৰান্ধি খালেগৈহে হ’ব। কালিৰে পানী দিয়া ভাত চৰিয়া কঁঠালগুটি পুৰি খাই গ’ল বুলিহে। পইতা পালমৰাহে। কেতিয়াবাই হজম হ’ল।
কথাবোৰ ভাবি থাকোঁতেই নয়নীয়ে‌ মঘাইক ধুতি এখন উলিয়াই দিলে।
সি আৰু একো নভবাকৈ গা ধুবলৈ বুলি পিছফালৰ পুখুৰীৰ ওচৰ পালেগৈ।
গাটো ধুই থাকোঁতে তাৰ মনলৈ এখিনিমান খেলিমেলি লগা আগগুৰি নোহোৱা চিন্তা আহিবলৈ‌ ধৰিলে।
নাভাবোঁ বুলি এৰি দিয়া সেইজনীৰ কথা তাৰ মনলৈ‌ আহিল।
চকুকেইটা মেলি পানী দুমুঠিমান সি জোৰেৰে চকুদুটালৈ মাৰিও দিলে।
নাই, নহাকৈ ক’ত থাকিব! হাজাৰ হ’লেও তিনিবছৰ তাইৰ লগত সি সংসাৰ কৰিলে।
বিয়া পতাৰ আগত ছমাহমান আহযাহো কৰিলে‌।
এদিন যে সি ওচৰৰ নন্দ দাইটিৰ আগত ডাঙৰ লাজ এটা পাইছিল।
ইছ্ সেইদিনা তাৰ সঁচাই লাজ লাগিছিল।
চ’ত মাহৰ কথা। সেইজনীয়ে পুখুৰীৰ দলঙত উঠি হাকুটিত বাল্টিটো লগাই পানী তুলিব‌ নেজানে।
তাইৰ ভাত খাই উঠি আকৌ গা-ধুবৰ হ’ল।
তাই তাক শেষৰ ভাত দুগৰাহমান খাবলৈ থাকোঁতেই কাণৰ ওচৰত কৈ থৈ আহিল — “হে-ৰি, পুখুৰীলৈ আহিবচোন এতিয়াই। মই আহিলোঁ।”
ততাতৈয়াকৈ খাই তিতামুখেই সি পুখুৰী পালেগৈ আৰু সেইজনীক পানী তুলি দি পাৰতে বহি থাকিল।
নন্দ দাইটিয়ে দেখি ক’লে, “অ’ মঘাই, গা ধুওঁতেও ৰখিছ নেকি? থাকে, থাকে, এবছৰমানলৈ এইটো আঠা থাকে।”
তাৰ লাজতে তত নাইকিয়া হৈছিল।
কিনো কথাবোৰ মনলৈ আহিছে আজি!
তিয়নীখন সলাবলৈ‌ লওঁতেই সি দেখিলে ৰতিয়ে পিছফালৰ নগেনৰ মাটিৰ লোৰবোৰ খুলি আছে।
সেইখিনিতে তাৰ মাটি দুডৰা আছে।
তাৰমানে ৰতিয়ে নিজৰ কাম কৰিয়েই আছে।
সি ভাবিলে, মোৰো বুকুৰ দ মাটিডৰাৰ পৰা ঢপলিয়াই দুচকুৰে বৈ অহা লোৰ দুটাৰ পানীখিনি কোনে চুৰ কৰিছে, এতিয়া মই নাজানোনে!
মঘায়ে ৰতিক মাত লগালে, “আহ, আহ, মোৰ ভোক লাগিছে, ভাত খাওঁগৈ।”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!