সৰাফুলে চিৰকালে সাঁচি থ’ব মধু স্মৃতি

লেখক- কৰবী দত্ত

গাড়ীখন চলি থাকোঁতেই চকু লাগিছিল হ’বলা। ৰৈ যোৱাৰ লগে লগেই খকমকাই উঠিলোঁ। ঘৰৰ সমুখত গোপাল ৰৈয়েই আছিল। হস্পিটালৰ গাড়ীখন দেখি আগবাঢ়ি আহি সি গেটৰ সমুখ পালেহি। মোক হাতত ধৰি নমাব খোজা গোপাললৈ চাই ক’লো, মই পাৰিম। পাৰিলোঁ। নামি লাহে লাহে নিজেই ভিতৰলৈ গ’লোঁ।

গোপালে গীজাৰ অন কৰি ঘৰত পিন্ধা কাপোৰ এসাঁজ আৰু টাৱেল এখন যতনাই থৈছিলেই।পোনে পোনে শোৱনিকোঠা সংলগ্ন বাথৰূমলৈ গৈ গাটো ধুই ল’লোঁ। গাটো ধুই আহি বাৰাণ্ডাৰ আৰামী চকীখনতে বহি পৰিলোঁ। সামান্য ভাগৰ। তাৰ বাহিৰে একো নাই। আচলতে, মোৰ দৰে আশীৰ দেওনা পাৰ হোৱা মানুহৰ বাবে ক’ভিড ৰোগটো ভয়াবহই। সেইবাবেই মোৰ সকলো গুণমুগ্ধ যোৱা প্ৰায় ওঠৰটা দিনে বৰ উদ্বিগ্ন হৈ আছিল। আমাৰ ল’ৰা-ছোৱালীহাল, লয় আৰু ৰাগিনীয়েতো যোৱা দিনকেইটাৰ বেছিখিনি সময়েইতো হস্পিটালৰ বাহিৰৰ পাৰ্কিঙতে গাড়ীৰ ভিতৰতে বহি কটাইছিল। ডাক্তৰ, নাৰ্চ সকলোৱেই মোৰ বৰ যতন লৈছিল।
চিটি নাৰ্চিহোমৰ স্বত্ত্বাধিকাৰী ডাঃ মৃগাংক চলিহাই সাধাৰণতে কোনো ক’ভিড ৰোগীক চোৱাচিতা নকৰে বুলিয়েই শুনি আছিলোঁ। সেই বিখ্যাত চলিহা ডাক্তৰেও পি পি ই কিট পিন্ধি কেইবাদিনো মোৰ কোঠালৈ আহিছিল, মোক অভয় দি কৈছিল “আপুনি ভাল হ’বই লাগিব ছাৰ। আপোনাক ভালপোৱা অসংখ্য মানুহৰ শুভকামনা আপোনাৰ লগত আছে। আমি সকলো প্ৰকাৰে চেষ্টা কৰিম। কিন্তু আপুনি মনোবল নেহেৰুৱাব।”

হেৰুওৱা নাছিলোঁ। প্ৰচণ্ড মনোবল আৰু ইচ্ছাশক্তিয়েই মোক মৃত্যুৰ দুৱাৰদলিৰ পৰা ওভোটাই অনা বুলি ডাক্তৰসকলেও কোৱাকুই কৰিছিল।
“নহ’লে, ৮৬ বছৰ বয়সত অক্সিজেন লেভেল ফিফটি ফাইফ পাৰ্চেন্টলৈ নামি যোৱাৰ পাছত ইমান সোনকালে কোনো আৰোগ্য হ’ব নোৱাৰে বৰদেউতা! ইটছ ৰিয়েলি এ মিৰাকল!”
মোক চোৱাচিতা কৰা আন এজন চিকিৎসক ডাক্তৰ ভাৰ্গৱে হস্পিটালৰ পৰা ৰিলিজ দিয়াৰ আগে আগে মোৰ হাওঁফাওঁৰ চিটি স্কেন ৰিপ’ৰ্টটো চাই প্ৰায় চিঞৰিয়েই উঠিছিল। তজবজীয়া, কোমল বয়সীয়া ডাক্তৰ ভাৰ্গৱৰ কালিৰ প্ৰতিক্ৰিয়ালৈ মনত পৰি মোৰ ওঠৰ কাষেৰেও হাঁহি এটা বাগৰি গ’ল।

মিৰাকল ! সঁচাকৈয়ে মোৰ জীৱনটোৱেইচোন এক মিৰাকল !

নগৰৰ পৰা বহু দূৰৈৰ, বিজুলীবাটি নথকা গাঁও এখনৰ দুবেলা দুসাঁজ পেট ভৰাই খাবলৈ নোপোৱা ল’ৰা এটাই মেট্ৰিকত তৃতীয় স্থান পোৱাটো, মাত্ৰ ৰেলৰ ভাৰাটো যোগাৰ কৰি গুৱাহাটীলৈ আহি কিতাপৰ দোকানৰ চেলছমেনৰ কাম কৰা মোমায়েকৰ সহায়ত কটন কলেজত নাম লগাই পাঁচটা বছৰে টিউচন কৰি কৰি পঢ়াটো, স্নাতক পৰীক্ষাত অৰ্থনীতি বিষয়ত প্ৰথম স্থান লাভ কৰাটো মিৰাকল নহয়নো কি? ব‍্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি প্ৰাইভেটকৈ এম এ পাছ কৰি নিজে পঢ়ি অহা কলেজখনৰ অধ‍্যাপক হোৱাটোওটো মিৰাকলেই আছিল। কটন কলেজৰ সহপাঠী অপৰাজিতাক জীৱনসংগী হিচাপে পোৱাটোওটো জানো একপ্ৰকাৰ মিৰাকলেই নাছিল?

নামজ্বলা ব‍্যৱসায়ী মৃণাল বৰুৱাৰ ছোৱালী অপৰাজিতাৰ পৰা মই আঁতৰি থাকিব বিচাৰিছিলোঁ। অথচ অপৰাজিতাৰ আকুল চাৱনিয়ে মোক বিহ্বল কৰি তুলিছিল। অপৰাজিতাৰ নেৰানেপেৰা আব্দাৰৰ বাবেই আমি একেলগে তৰ্ক প্ৰতিযোগিতাত যোগ দিছিলোঁ, কবিতা আবৃত্তি কৰিছিলোঁ, নিজৰ ভাললগা লাইব্ৰেৰীৰ কিতাপ ইটোৱে-সিটোক পঢ়িবলৈ দিছিলোঁ। অপৰাজিতাৰ সুন্দৰ কবিতাবোৰৰ মই আছিলোঁ প্ৰথম পাঠক। কেইদিনমান বাতৰি কাকতত মোৰ লেখা নোলালেই তাই মোক তাগিদা দিবলৈ লৈছিল। আমি কেতিয়াবা দীঘলী পুখুৰীৰ পাৰে পাৰে একেলগে খোজ কাঢ়িছিলোঁ অথবা কাছাৰীঘাটৰ সূৰ্যাস্ত চাবলৈ গৈছিলোঁ। তেনেকৈ এদিন শুক্ৰেশ্বৰ ঘাটত বহি থাকোঁতেই অপৰাজিতাই মোৰ হাতখনত মুঠি মাৰি ধৰিছিল। আমি কোনেও একো কোৱা নাছিলোঁ। অথচ নোকোৱাকৈয়ে বহু কথা কোৱা হৈ গৈছিল।

তাৰ পাছৰ কাহিনী হিন্দী চিনেমাৰ দৰে। অপৰাজিতাৰ দেউতাকে কেনেবাকৈ আমাৰ কথা গম পাইছিল। অপৰাজিতাৰ ককায়েক খলনায়কৰ ৰূপত অৱতীৰ্ণ হৈছিল। অপৰাজিতা নিজৰ মতত অটল হৈ আছিল আৰু অৱশেষত মাত্ৰ কেইজনমান শুভাকাংক্ষী বন্ধুৰ শুভেচ্ছা আৰু কিতাপৰ দোকানত কাম কৰা মোমাইদেউৰ আশীৰ্বাদেৰে আমি আমাৰ তেনেই অনাড়ম্বৰ সংসাৰখন আৰম্ভ কৰিলোঁ। বিয়াৰ আগৰে পৰা মই এটা ব‍্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিবলৈ লৈছিলোঁৱেই। অপৰাজিতায়ো আমাৰ ভাৰাঘৰৰ নিচেই ওচৰৰে ছোৱালী হাইস্কুলখনত চাকৰি পালে। এসময়ত মই এম এ পাছ কৰিলোঁ, কলেজৰ চাকৰিত সোমালোঁ আৰু চাওতে চাওতে লয় আৰু ৰাগিনীয়ে আমাৰ সংসাৰখন ভৰাই তুলিলেহি।

এইখিনিলৈকে সকলো ঠিকেই চলি আছিল। মসৃণ, নিজঞ্জাল। অপৰাজিতা আৰু মোৰ সাহিত্যচৰ্চাও চলি আছিল। বাতৰি কাকতত মই লিখা আত্মজীৱনীমূলক লেখাবোৰে ইতিমধ্যেই পাঠকৰ সমাদৰ লাভ কৰিছিল। দৰিদ্ৰতাক নেওচি সফলতা লাভ কৰা লোকৰ উদাহৰণ হিচাপে মানুহে মোলৈ আঙুলিয়াবলৈ লৈছিল। এদিন অপৰাজিতায়েই মোক পৰামৰ্শ দিছিল, “তুমি এইখিনি কথাকেই আৰু অলপ বহলাই কিতাপ এখন নকৰা কিয়?” কৰিছিলোঁ। আশা কৰা ধৰণেই কিতাপখন অতি জনপ্ৰিয় হৈছিল। আচৰিত ধৰণে মোৰ প্ৰথম কিতাপখনেই দেশৰ সাহিত্য ক্ষেত্ৰৰ শ্ৰেষ্ঠ বঁটাটো লাভ কৰিবলৈ সক্ষম হৈছিল। মোতকৈও সেইদিনা সুখী হৈছিল অপৰাজিতা।

তাৰ পাছত কেৱল সাফল্য আৰু সাফল্য। ইখনৰ পিছত সিখন কিতাপ বেষ্ট চেলাৰ হৈছিল। মানুহে ক’বলৈ লৈছিল, “আপোনাৰ কলমত যাদু আছে!”

যাদু! যাদুৰ বলতেই বোধহয় মই বলীয়ান হৈ উঠিছিলোঁ।

অপৰাজিতাৰ সৈতে সকলো ফালৰ পৰাই সুখী মই। কোনো অদৃশ্য যাদুদণ্ডৰ পৰশত নিজে নজনাকৈয়ে মমতাৰ ফালে আগবাঢ়ি গৈ আছিলোঁ। গৈ গৈ তেওঁৰ নিচেই ওচৰ পাইছিলোঁ।
“ছাৰ, চুপখিনি খাই লওক!” — গোপালে চুপৰ কাপটো আনি হাতত তুলি দিলে। কাপটো নিচেই চিনাকি। ৰাগিনীয়ে মোৰ যোৱাটো জন্মদিনত উপহাৰ দিছে। তাত পুৰণি ক’লা-বগা ছবি এখন সুন্দৰকৈ প্ৰিণ্ট কৰা হৈছে। লয়ে মোৰ আঙুলিত ধৰি থিয় হৈ আছে। ৰাগিনী মোৰ কোলাত। অপৰাজিতা ছবিখনত নাই।

ছবিতেইনে?

ল’ৰা-ছোৱালীহাঁল তেনেই সৰু হৈ থাকোঁতেই অপৰাজিতা মোৰ জীৱনটোৰ পৰাই চোন আঁতৰি গ’ল ! আজি সকলো কথাই মনত পৰিছে। মমতা তেতিয়া নাম থকা লেখিকা। মোৰ গুণমুগ্ধসকলৰ অন‍্যতম। মোৰ ইখনৰ পাছত সিখনকৈ কিতাপ ওলাই থকাৰ সমান্তৰালভাৱে মমতাৰো কেইবাখনো কিতাপ তেতিয়া ওলাইছে। মমতাৰ পাঁচ বছৰীয়া ল’ৰাটো ৰাগিনীৰ সমনীয়া। তেওঁ ল’ৰাটো লৈ কেতিয়াবা ঘৰলৈও আহে। মমতা আহিলে লয় আৰু ৰাগিনীৰ দৰেই অপৰাজিতায়ো ভাল পায়। দুয়োজনী কেতিয়াবা ল’ৰা-ছোৱালীকেইটা মোৰ জিম্মাত এৰি থৈ ফাঁচীবজাৰলৈ, গনেশ মন্দিৰলৈ বা চিনেমা চাবলৈও যায়। অপৰাজিতাৰ পৰাহে মই মমতাৰ সংসাৰখনৰ কথা গম পাইছিলোঁ।

অতি মেধাৱী, গুণী ছোৱালীজনীয়ে সংসাৰৰ প্ৰতি নিৰ্বিকাৰ স্বামীৰ পৰা আঁতৰি অকলেই থাকিবলৈ লোৱাৰ কথা শুনি মমতালৈ মোৰো সহানুভূতি জাগিছিল। তাৰ কিছুদিন পাছত গোৱাত অনুষ্ঠিত হ’বলগা পাঁচদিনীয়া কৰ্মশালালৈ মোৰ আৰু মমতাৰ নিমন্ত্ৰণ পত্ৰ আহিল। অপৰাজিতাই আনন্দেৰে আমাক বিদায় দিলে। নিজেই গাড়ী চলাই এয়াৰপোৰ্টলৈ আমাক থ’বলৈ গ’ল। গোৱাৰ কৰ্মশালাৰ সেই আমন্ত্ৰণপত্ৰখনেই যেন আমাৰ জীৱনৰ সৰ্বনাশৰো আমন্ত্ৰণপত্ৰ আছিল!

সেই কেইদিনৰ প্ৰথম দুদিন মমতাই তাইৰ জীৱনৰ সকলো কথাই মোক খুলি ক’লে। মই মাজে মাজে তাইৰ চকুপানী মচি দিবলগীয়া হ’ল। অৱশেষত তৃতীয়টো নিশাত মমতাৰ কোঠাত ফেণীৰ নিচাত বিৱশ হৈ পৰাৰ পাছত অপৰাজিতাৰ সমস্ত বিশ্বাস, আস্থা আমি দুয়োটাই গোৱাৰ উত্তাল সাগৰত উটুৱাই দিলোঁ। এই কেইটামান মুহূৰ্তৰ অসাৱধানতা। অথচ সেই উত্তাল ঢৌৰ প্ৰচণ্ড আঘাতত আমি সকলোৱে কৰ্ফাল খাই পৰিলোঁ। আমাৰ সৰু, আটোমটোকাৰি সংসাৰখন সেই ঢৌত উটি-ভাঁহি গ’ল। কাৰোবাৰ পৰা ঘুনুক-ঘানাককৈ কথাবোৰ শুনিছিল অপৰাজিতাই।

তাৰ পাছত এদিন লয় আৰু ৰাগিনী শোৱাৰ পাছত মোৰ দুচকুলৈ পোনে পোনে চাই সুধিছিল, “মই শুনা কথাবোৰ সঁচানে?”
মই চকুহাল নমাই লৈছিলোঁ। অপৰাজিতাৰ চকুপানীৰে ভৰি উঠা চকুহালত অবাক বিস্ময়। মাত্ৰ এটা শব্দই উচ্চাৰণ কৰিছিল তেওঁ, বিশ্বাসঘাটক!

পিছদিনা সকলো স্বাভাৱিক যেনেই লাগিছিল। সদায় যোৱাৰ দৰে স্কুললৈ ওলাই গৈছিল অপৰাজিতা। সেইদিনা পানী এটোপাও নোখোৱাকৈ স্কুললৈ ওলোৱা অপৰাজিতাৰ ফালে মই চাব পৰা নাছিলোঁ। তথাপিও মোৰ মনটো ভাৰমুক্ত হোৱা যেন লাগিছিল।
ওহো, ভাৰমুক্ত হোৱা নাছিলোঁ মই। অপৰাজিতাই মোৰ মূৰত চিৰদিনৰ বাবে এটা গধুৰ বোজাৰ ভাৰ এৰি আঁতৰি গৈছিল। এটা বেলাৰ ভিতৰতে ভাৰাঘৰ এটা ঠিক কৰি, ল’ৰা-ছোৱালীহাল লৈ অপৰাজিতা ওলাই গৈছিল। মই বাধা দিব পৰা নাছিলোঁ।

তাৰ পাছৰে পৰা আমাৰ সকলোৰে মনৰ ভিতৰত একোখন যুদ্ধ আৰম্ভ হৈছিল। অপৰাজিতাৰ ককায়েক-বৌৱেক, মোৰ বৃদ্ধ মোমাইদেউ-মামীদেৱে ভিতৰুৱা কথাবোৰ নজনাকৈয়ে অপৰাজিতাক বুজাইছিল। দেউতাকৰ অবিহনে সন্তান দুটাৰ কিমান অসুবিধা হ’ব সেয়া সোঁৱৰাই দিছিল।

অপৰাজিতাই হেনো কৈছিল, “ময়েই সিহঁতৰ দেউতাকো হ’ম।”

আনকি মমতাও এবাৰ অপৰাজিতাৰ ভাৰাঘৰলৈ গৈছিল।
সেইদিনা অপৰাজিতাই হেনো কৈছিল, “বিশ্বাসঘাটকৰ ক্ষমা নাই।”

মমতাই মোৰ ওচৰত সকলো কথা কৈ বৰকৈ কান্দিছিল। মোৰ ভাব হৈছিল বাধাহীন চকুলোৰে মমতাই যেন এটা নিশাৰ, কেইটামান মুহূৰ্তৰ সকলো কালিমা ধুই পেলাবহে খুজিছে! তাৰ পাছৰ পৰা যোৱা ৪৫ বছৰে আমি একেখন নগৰৰে দুটা প্ৰান্তত আছোঁ। তেনেই ওচৰতে, অথচ বহু দূৰৈত। লয় আৰু ৰাগিনীৰ সৈতে মোৰ সম্পৰ্ক সহজ। সৰুৰে পৰা হোষ্টেলত থাকি পঢ়া-শুনা কৰা সিঁহতহালে মাক আৰু মোৰ এৰাএৰি হোৱাৰ আচল কাৰণটো আজিও নাজানে। অপৰাজিতাই একোৱেই জানিবলৈ নিদিলে সিহঁতক।

সেইবাবেই বন বিভাগৰ জ‍্যেষ্ঠ বিষয়া লয়ে মাক আৰু মোক অভয়াৰণ্যৰ মাজত থকা তাৰ কোৱাৰ্টাৰলৈ একেলগে যাবলৈ জোৰ কৰে। ৰাগিনীয়ে চুইজাৰলেণ্ডত হ’ব লগা তাইৰ নাচৰ অনুষ্ঠানলৈ মাক-দেউতাককো আয়োজকৰ খৰচতে নিব পাৰিব বুলি উল্লেখ থকা চিঠিখন দেখুৱায়।
আমি না কৰাৰ পাছত সিহঁতে কয়, “তোমালোক ইমান জেদী!”
আনকি হস্পিটালৰ পৰা ৰিলিজ লৈ অহাৰ পাছত সিহঁত দুটাই মোক ইয়ালৈ আহিবলৈ দিব বিচৰা নাছিল। আনকালৰ দৰেই মই নিজৰ মতত অটল হৈ আছিলোঁ আৰু দুয়োটাই মোক কৈছিল, “তুমি বৰ জেদী!”

জেদ ! জেদৰ বাবেই একেখন নগৰতে থাকিও আমি কিমান দূৰৈত!

আমি বেলেগে থাকিবলৈ লোৱাৰে পৰা অপৰাজিতাৰ মনতো হয়তো একপ্ৰকাৰ জেদৰেই জন্ম হৈছিল। ল’ৰা-ছোৱালীহালক অভিজাত শিক্ষানুষ্ঠানৰ হোষ্টেলত থোৱাৰ পাছত অপৰাজিতাৰ মাজৰ ফিনিক্স পখীয়ে যেন প্ৰাণ পাই উঠিছিল। অসমীয়া সাহিত্যৰ এগৰাকী আগশাৰীৰ লেখিকা অপৰাজিতায়ো মোৰ সমানে সমানে পাঠকলৈ আগবঢ়াই দিছিল ভালেমান আগশাৰীৰ গ্ৰন্থ। তেওঁৰ সফলতাত মই সুখী হৈছিলোঁ।

তেওঁ সুখী হৈছিলনে? সুধিবৰ বৰ মন গৈছিল।

টেলিভিছনৰ বাতৰিত দেখোঁতে, বাতৰি কাকতত তেওঁৰ বিষয়ে বাতৰিবোৰ পঢ়োতে, কোনো আলোচনীত তেওঁৰ সাক্ষাৎকাৰ ওলালে মনে মনে অপৰাজিতাক সুধিছিলোঁ– “কেনে আছা অপৰাজিতা?”

অথচ, এই কথাষাৰকে আজি ৪৫ বছৰে কাহানিও মুখ ফুটাই সোধা নহ’ল।
“কেনে আছা অপৰাজিতা”- শব্দকেইটাই মোৰ বুকুত সদায়েই খুন্দিয়াই থাকিল।

অথচ, মোৰ মনত থকা আত্মাভিমানে শব্দবোৰ ডিঙিৰ সিপাৰেই ৰখাই থ’লে। এতিয়া অপৰাজিতাও অসুখীয়া। আনৰ সহায় নল’লে চকীৰ পৰা উঠিবলৈকে অসুবিধা পায়। অথচ মোৰ এতিয়াও অপৰাজিতাৰ কথা মনত পৰিলে সেই কলেজীয়া দিনৰ অপৰাজিতাজনীহে মনলৈ আহে। শুক্ৰেশ্বৰ ঘাটত মোৰ হাতখন মুঠি মাৰি ধৰা অপৰাজিতাজনীলৈ মনত পৰিলে মোৰ বুকুখনত এতিয়াও তোলপাৰ লাগে।

অপৰাজিতাৰ স্মৃতিৰ বাহিৰেতো মোৰ এতিয়া একোৱেই নাই !
গোপালে বাৰাণ্ডাৰ লাইটটো জ্বলাই দি সুধিলে, “ভাত বাঢ়োনে ছাৰ?”
মই সন্মতিসূচকভাৱে মূৰ দুপিয়ালোঁ। সি আকৌ ভিতৰত সোমাল। লাইটৰ ক্ষীণ পোহৰত দেখিলোঁ, বাৰাণ্ডাৰ দাঁতিৰ খৰিকাজাইজোপা ফুলিছে। এই ঘৰটোলৈ অহাৰ পিছদিনাই বাৰাণ্ডাৰ দাঁতিতে খৰিকাজাইৰ অকণমানি পুলিটো ৰুই থৈছিল অপৰাজিতাই। আমি একেলগে থকালৈকে প্ৰতিটো বাৰিষাতে এইজোপা গছৰ বাবেই বাৰাণ্ডাত বহিছিলোঁ। শোৱনি কোঠাৰ খিৰিকী খুলি থৈছিলোঁ। কেতিয়াবা ৰাতি হাতৰ মুঠিত এপাহ ফুল আনি অপৰাজিতাই মোৰ হাতত দিছিলহি!
চিনাকি গোন্ধটোৱে লাহে লাহে মোক মেৰিয়াই ধৰিছেহি। তন্দ্ৰাচ্ছন্ন চকুহাল থমকি ৰৈছে তলসৰা খৰিকাজাইবোৰত। উঠিব খুজিও মই উঠিব পৰা নাই। ভাললগা গোন্ধটোৱে মোক অৱশ কৰি তুলিছে। লাহে লাহে দুচকুলৈ নামি আহিছে অন্ধকাৰ।

বুকুখনত অসহ‍্য বিষ অনুভৱ কৰিছোঁ।
অথচ তাৰ ভিতৰত উকমুকাই উঠিছে সেই পুৰাতন বাক‍্যশাৰী, “ভালপাওঁ তোমাক অপৰাজিতা!”

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Nazrin Rohman
8 months ago

বাইদেউ বহুত ভাল লাগিল।

Last edited 8 months ago by Nazrin Rohman