হুমায়ূন আহমেদৰ 'চিকাৰ' আৰু মহিম বৰাৰ 'মাছ আৰু মানুহ' ৰ তুলনামূলক আলোচনা

লেখক- কলচুম বিবি


তুলনামূলক সাহিত্য হৈছে সাহিত্য অধ্যয়নৰ এক সুকীয়া ধাৰা আৰু এই ধাৰাটোৰ তুলনাই হৈছে একমাত্ৰ আধাৰ।অৱশ্যে একমাত্ৰ তুলনাই ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য নহয় তুলনামূলক সাহিত্যই সমগ্ৰ বিশ্বৰ সাহিত্যক এটি একক ৰূপত গ্ৰহণ কৰি তাৰ বিস্তৃত আৰু গভীৰ অধ্যয়ন আগবঢ়ায় যিয়ে সাহিত্যক ভৌগোলিক, ভাষিক আৰু ৰাষ্ট্ৰীয় সীমাৰ পৰিধি ভাঙি এক বিস্তৃত পৰিসৰ লাভত সহায় কৰে। ইয়াৰ বাবে তুলনামূলক সাহিত্যৰ ধাৰাটিত বিভিন্ন ভাষাৰ সাহিত্যৰ লগতে একে ভাষাৰ বিভিন্ন জনগোষ্ঠীৰ সাহিত্যৰো অধ্যয়ন কৰা সম্ভৱ হৈ উঠিছে যাৰ বাবে বিশ্বৰ বিভিন্ন সাহিত্যৰ বিষয়ে জ্ঞান লাভত  সহায় হৈছে। বাংলাদেশৰ প্ৰখ্যাত সাহিত্যিক হুমায়ূন আহমেদৰ গল্পচিকাৰআৰু অসমৰ এজন খ্যাতিমান সাহিত্যিক মহিম বৰাৰমাছ আৰু মানুহশীৰ্ষক গল্প দুটিৰ এটি তুলনামূলক আলোচনা দাঙি ধৰিবলৈ প্ৰয়াস কৰা হল। চিকাৰগল্পটিৰ গল্পকাৰ বাংলা লেখক হুমায়ূন আহমেদ একেধাৰে এগৰাকী গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ, গীতিকাৰ, বোলছবি নিৰ্মাতাৰ লগতে এগৰাকী অধ্যাপকো আছিল। তেওঁৰ ১৯৪৮ চনৰ ১৩ নবেম্বৰত জন্ম হয় আৰু মৃত্যু হয় ২০১২ চনৰ ১৯ জুলাইত। তেওঁৰ তিনিশৰো অধিক গ্ৰন্থ প্ৰকাশ পায়। তেওঁৰ ৰচিত প্ৰথমখন উপন্যাস হৈছেনন্দিত নৰকেতেওঁৰ সৃষ্টিৰ হিমু আৰু মিচিৰ আলি চৰিত্ৰ যুৱকসকলৰ মাজত বৰ জনপ্ৰিয় হৈছিল। তেওঁৰ বাংলা সাহিত্যৰ উপন্যাসৰ শাখাত অসামান্য অৱদানৰ বাবে বাংলা একাডেমী সাহিত্য পুৰস্কাৰ আৰু বাংলাদেশৰ দ্বিতীয় অসামৰিক সন্মানএকুশে পদকেবিভূষিত কৰা হয় তেখেতে গল্পকাৰ হিচাপেও খ্যাতি লাভ কৰিছিল। তেখেত বাংলাদেশৰ আধুনিক বাংলা বৈজ্ঞানিক কল্পকাহিনীৰ বাটকটীয়া। তেখেতৰ কেইবাটাও গল্প বিজ্ঞানভিত্তিক কল্পকাহিনী যেনেযন্ত্ৰ অতিলৌকিক ঘটনাক কেন্দ্ৰ কৰি ৰচিত গল্পৰ ভিতৰতনিউটনৰ সূত্ৰ‘, ‘নিজামুদ্দিনৰ ভূতআদি উল্লেখযোগ্য। ইয়াৰ লগতে কিছুসংখ্যক গল্প জীৱজন্তুক কেন্দ্ৰ কৰি ৰচিত। চিকাৰ, বেবী ৰুথ আদি তেনে ধৰণৰ গল্প। তেওঁৰচিকাৰ নামৰ গল্পটি বক চৰাইৰ চিকাৰক কেন্দ্ৰ কৰি ৰচিত এটি উল্লেখযোগ্য চুটিগল্প। চিকাৰগল্পটিৰ পৰিবেশ চিত্ৰণত গল্পকাৰৰ কৌশল মন কৰিবলগীয়া আজৰফ নামৰ এটি লৰাই বক চৰাই চিকাৰ কৰিবলৈ যাওঁতে মতি নামৰ অন্ধ বুঢ়া এজনে তাক চৰাই চিকাৰ কৰিবলৈ বাধা দি কয় যে বক চৰাইৰ চিকাৰীৰ চকু ভালে নাথাকে। বক চৰায়ে চিকাৰীৰ চকুত খোট মাৰে যাৰ ফলত ওৰে জীৱন অন্ধ হবলগীয়া হয়। বুঢ়াৰ সেই বাধাক আওকাণ কৰি সি চিকাৰলৈ যায় আৰু লগত লৈ যায় পোহনীয়া বক পক্ষী অনুফাক ৷ অনুফাৰ জৰিয়তেই সি বক চৰাইবোৰ ধৰে আৰু বজাৰত বিক্ৰী কৰে ৷ চৰাইবোৰ ধৰিবৰ বাবে বিশেষ কৌশলেৰে চতাই পাতে আৰু কাষত অনুফাক দেখাকৈ বান্ধি থয়। অনুফাক দেখি চৰাইবোৰ যেতিয়া তললৈ নামি আহিবলৈ ধৰে তেতিয়া অতি ক্ষিপ্ৰতাৰে সি ধৰি পেলায়। কিন্তু সেইদিনাখন চৰাই ধৰিবলৈ গৈ আজৰফৰ মানসিক জগতত এটা বিশেষ পৰিৱৰ্তন ঘটে। সি আগত এবাৰ চৰাই চিকাৰ কৰিবলৈ এৰি দিছিল, যদিও কিছুদিনৰ মূৰত পুনৰ চিকাৰ কৰিবলৈ ধৰে। আগতে অনুফাৰ সলনি অন্তু নামৰ এটা বক আছিল যদিও তাক সিয়ে মুকলি কৰি দিছিল। কিন্তু মনে নামানিলত পুনৰ আন এটি বক চৰাই অনুফাক পুহিবলৈ আনে। অনুফাৰ জৰিয়তে সি চৰাই ধৰিবলৈ আৰম্ভ কৰে। এতিয়া অনুফাকো তাৰ এৰি দিবলৈ মন গল৷  বক চৰাইৰ খোট মাৰিলে যে তাৰ ৰক্ষা নাই সেইকথা সি উপলব্ধি কৰে। হয়তো এই পৰিৱৰ্তন মতি বুঢ়াৰ পৰামৰ্শৰ বাবে হৈছে। সিহঁতৰ গাঁৱৰ মতি বুঢ়াৰ লগতে কেইবাজনকো ইতিমধ্যে বক চৰায়ে অন্ধ কৰিছে আৰু সি নিজেই দেখিছে সফদৰ আলিৰ মৃত্যু এনেকৈয়ে হৈছে আৰু এই একেদৰে আজৰফৰো যে এদিন চকু যাব সেয়া খাটাং। মৃত্যু চেতনাই তাক অনুতপ্ত কৰি তোলে৷ সেয়ে বহুত ভবাচিন্তা কৰি সি চিকাৰ নকৰিবলৈ তথা অনুফাক এৰি দিবলৈ সিদ্ধান্ত লয় আৰু অনুফাক মুকলি কৰি দিয়ে যদিও অনুফা আতৰি নাযায়, তাতেই থাকে। বক চৰাইবোৰ আকাশত উৰিবলৈ ধৰে।

মাছ আৰু মানুহশীৰ্ষক গল্পটোৰ গল্পকাৰ হৈছে মহিম বৰা। তেওঁৰ জন্ম হয় ১৯২৪ চনৰ ৯ জুলাইত। তেওঁ ১৯৮৯ চনত ডুমডুমাত অনুষ্ঠিত অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰিছিল। তেখেত ৰঙা জিঞাৰ কবি নামে জনাজাত। তেওঁ একেধাৰে কবি, ঔপন্যাসিক আৰু গল্পকাৰ আছিল। তেখেতককাঠনিবাৰী ঘাটনামৰ গল্প আৰুএধানি মাহীৰ হাঁহি নামৰ উপন্যাসখনৰ বাবেও জনা যায়৷  তেখেতৰ কেইবাটাও কবিতা আৰু গল্পত জলজীৱনৰ সৈতে থকা তেওঁৰ সম্পৰ্কবোৰক প্ৰতিফলিত কৰে। তেখেতৰ এটি অন্যতম গল্পমাছ আৰু মানুহত এটি জলজ পৰিবেশৰ চিত্ৰ সুন্দৰকৈ ফুটাই তোলা হৈছে। গল্পটোত ফুটি উঠিছে গল্পটোৰ কেন্দ্ৰীয় চৰিত্ৰ জীৱকান্তৰ মনস্তাত্বিক দিশ। জীৱকান্তই মাঘৰ বিহুত ৰাইজৰ সৈতে মাছ মাৰিবলৈ যায়। চাৰিবছৰ ধৰি ঘৈনীয়েকক ডাঙৰ মাছ আনি দেখুওৱাব পৰা নাই বুলি মনত আক্ষেপ লৈ ৰৌ বা বাহু মাছ এটা আনি চোতালত পেলাই দিয়াৰ আকাংক্ষা এটা বুকুত পুহি মহখুঁটি বিললৈ ঢাপলি মেলে। বিলৰ পানীত নমাৰ পিছতো জীৱকান্তৰ ডাঙৰ মাছ এটি ধৰাৰ আশাই জলমলাই আছিল। বহু সময়ৰ মূৰত জীৱকান্তৰ জালত এটি ডাঙৰ মাছ পৰে। কাষৰ বুঢ়াজনে জীৱকান্তৰ পলৰ কাষলৈ আহি মাছটো ৰছীৰে বান্ধিবলৈ চেষ্টা কৰে যদিও বিফল হয়। বুঢ়াই কালিকালগা মাছ বুলি সেইটো এৰি দিবলৈ কয়। আগতেও গাঁৱৰ মানুহ এজনে এই মাছটো ধৰিবলৈ চেষ্টা কৰিছিল যদিও নোৱাৰিলে। মানুহজন এসপ্তাহৰ ভিতৰতে বেমাৰত পৰি ঢুকাই থাকিল। জীৱকান্তই এই কথা জানে যদিও মনত সাহস বান্ধি মাছটো ধৰাৰ মানসেৰে আগবাঢ়িল। মাছে পলৰে সৈতে টানি লৈ গৈ বিলৰ মাজ পালে৷  ভালদৰে সাতুৰিবলৈ জানে বাবে জীৱকান্তও এখন হাতেৰে সাঁতুৰি গৈ থাকিল। সেইসময়তে জীৱকান্তৰ ভাবৰ পৰিৱৰ্তন ঘটে। জীৱকান্তই মৃত্যুক কাষৰ পৰাই দেখিলে। পলটোৰ ওপৰত জীৱকান্ত আৰু তলত মাছটো। দুয়োৰে মাজত যেন মৃত্যুৰ ভয়াবহতা বিচৰণ কৰি আছে। মাছটোই যিদৰে নিজক বচাবলৈ প্ৰাণপণে যুঁজিছে ঠিক তেনেদৰে জীৱকান্তই যুঁজিছে। এটাৰ বিজয় হলেই আনটোৰ পৰাজয় নিশ্চিত। ভাবৰ সাগৰত বিচৰণ কৰি থাকোঁতেই জীৱকান্তক মাছটোৱে সিটো পাৰলৈ টানি লৈ যায়। এইবাৰ জীৱকান্তৰ বিজয় নিশ্চিত। হঠাতে কিয় জানো জীৱকান্তৰ মাছটোক আত্মীয় যেন অনুভৱ হল আৰু হৃদয়ৰ পৰা মাছটোক এৰি দিবলৈ এক তাড়না অনুভব কৰিলে আৰু ক্ষন্তেক পিছতেই ডম্বৰু আহি মাছটো ধৰিব এই ভাবে ক্ৰিয়া কৰাত দুখ পাব বুলি ভাবি মাছটো জীবকান্তই লাহে লাহে টানিব ধৰিলে। ডম্বৰু মাছটো ধৰিবলৈ পলত হাত দিয়াৰ লগে লগেই মাছটো ৰছী ছিঙি তিনিহাতমান জাপ মাৰি দ পানীত পৰিল। জীৱকান্তই যে এই কামটো ইচ্ছা কৰিয়েই কৰিছে সেই কথা ডম্বৰুই ভালদৰে বুজিলে। বুকুৰ পৰা গধূৰ বোজা এটা আঁতৰি গলে যিদৰে বুকুখন পাতল লাগে ঠিক তেনে ভাবেৰে জীৱকান্ত পানী ভাঙি পাৰ পালে। এয়াইমাছ আৰু মানুহগল্পটোৰ মূল কথা। 

চুটিগল্পৰ বৈশিষ্ট্য ফুটি উঠাচিকাৰআৰুমাছ আৰু মানুহদুয়োটাই সাৰ্থক গল্প। চুটিগল্পত এটা পূৰ্ণ কাহিনী পোৱা নাযায়। ইয়াত জীৱনৰ খণ্ডিত ৰূপৰহে প্ৰতিফলন ঘটে৷ আমাৰ আলোচ্য গল্প হুমায়ূন আহমেদৰচিকাৰত মানুহৰ লগত বক চৰাইৰ সংগ্ৰাম আৰু মহিম বৰাৰমাছ আৰু মানুহত মানুহৰ লগত এটি ডাঙৰ মাছৰ সংগ্ৰামৰ নিভাঁজ ছবি এখন ফুটি উঠিছে। দুয়োটা গল্পৰেই কেন্দ্ৰীয় চৰিত্ৰ দুটিক শেষলৈ সেই নিৰীহ প্ৰাণী দুটিৰ সৈতে একাত্ম হোৱা দেখা গৈছে। আজৰফে বক চৰাই চিকাৰ কৰি বজাৰত বিক্ৰী কৰি লাভ কৰে। সেয়া তাৰ নিচা। অৱশ্যে বক চৰাই চিকাৰ কৰিবলৈ গলে সাৱধান হোৱাটো অতি প্ৰয়োজন কাৰণ বক চৰাইয়ে চকু খোটে যাৰ বাবে অন্ধ হোৱাৰ সম্ভাৱনা বেছি। সিহঁতৰ গাঁওখনত কেইবাজনো ভুক্তভোগী আছে। মতি বুঢ়ায়ো তাক কেইবাবাৰো সাৱধান কৰি থৈছে। কিন্তু আজৰফ গুৰুত্ব নিদিলে। চৰাই চিকাৰ কৰিবলৈ গৈ আজৰফৰ নিজৰ বিপদ যেন নিজ চকুৰে দেখিলে। মৃত্যুক চকুৰ সন্মুখত দেখি তাৰ মনৰ পৰিৱৰ্তন হয় আৰু তাৰ পোহনীয়া অনুফা নামৰ বক চৰাইটিক আৰু চিকাৰ কৰিবলৈ এৰি দিয়াৰ সিদ্ধান্ত লয়। ঠিক তেনেদৰে মহিম বৰাৰ গল্পটিত মাছ ধৰিবলৈ যোৱা জীৱকান্তৰ মূল লক্ষ্য আছিল এটি ডাঙৰ মাছ ধৰা। ৰাতিপুৱাই মাছলৈ ওলাওঁতে তেওঁৰ তিনিবছৰীয়া লৰাটোৱে কৈছিলইমান ডাঙল মাছ পাবি। সেয়ে ডাঙৰ মাছ এটি পোৱাৰ আশাত জীৱকান্ত পানীত নামিছিল৷ কিন্তু যিটো ডাঙৰ মাছ তাৰ পলত লাগিল সেইটো ৰছীৰে বান্ধিবলৈ গৈ মাছ বন্ধাত অভিজ্ঞ বুঢ়া এজনে মাছটো কালিকা লগা বুলি এৰি দিবলৈ কলে৷ কিন্তু জীৱকান্তই বুঢ়াৰ কথা নুশুনিলে আৰু মাছটোৱে সৈতে বিলৰ মাজ পালেগৈ। সেই মূহুৰ্তত মাছটোৰ সৈতে হোৱা সংগ্ৰামৰ ফলত জীৱকান্তৰ মনত মৃত্যুচেতনাৰ জাগ্ৰত হয়। মাছটোৰ সৈতে একাত্ম অনুভব কৰে আৰু সৰ্বশেষত মাছটো এৰি দিবলৈ সিদ্ধান্ত লয়। দুয়োটা গল্পৰে একে ধৰণে সমাপ্তি ঘটিছে। দুয়োটা গল্পৰে শেষ পৰিণতি অতি উৎকণ্ঠাৰে ভৰা। চিকাৰগল্পত যিদৰে বক পক্ষীক ভয়ানক বুলি অংকন কৰা হৈছে ঠিক তেনেদৰেমাছ আৰু মানুহত ডাঙৰ মাছটোক কালিকালগা বুলি কোৱা হৈছে, যি এজন ব্যক্তিৰ মৃত্যুৰ কাৰণ হব পাৰে৷ আকৌচিকাৰগল্পটোত মতি বুঢ়াৰ চৰিত্ৰটিৰ জৰিয়তে আজৰফক সাৱধান কৰা হৈছে। একেদৰেমাছ আৰু মানুহগল্পটোত গাঁৱৰ অভিজ্ঞ বুঢ়া এজনে জীৱকান্তক সাৱধান কৰি দিছিল। চিকাৰগল্পটিত আজৰফে বক পক্ষী অনুফাৰ প্ৰতি আৰুমাছ আৰু মানুহগল্পটিত জীৱকান্তই মাছটোৰ প্ৰতি সদয় হোৱা দেখা গৈছে৷ দুয়োটা গল্পই গ্ৰাম্য অঞ্চলৰ পটভূমিত ৰচিত। প্ৰথম গল্পটোত চৰাই ধৰিবলৈ চটাই নামৰ এবিধ সঁজুলি আৰু দ্বিতীয় গল্পটোত মাছ ধৰিবলৈ পলৰ সহায় লোৱা হৈছে। চুটিগল্পৰ এটা বৈশিষ্ট্য হৈছে ইয়াৰ লক্ষ্য আৰু পৰিণতিৰ একময়তা। আমাৰ আলোচ্য দুয়োটা গল্পতেই গল্পকাৰে বিষয়বস্তুক এটা নিৰ্দিষ্ট গতিৰে আগবঢ়াই লৈ গৈছে, মূল লক্ষ্য পৰা তিলমানো আঁতৰি যোৱা নাই। গল্পটোৰ শেষত গল্পটিৰ মূল চৰিত্ৰ দুটিৰ মানসিক জগতখনৰ অভাৱনীয়ভাৱে পৰিৱৰ্তন ঘটা দেখা গৈছে অৰ্থাৎ চৰিত্ৰ দুটিৰ উত্তৰণ ঘটিছে। দুয়োটা গল্পৰে কাহিনীভাগ বিচাৰ কৰিলে মানুহৰ লগত প্ৰকৃতিত থকা আন আন প্ৰাণীৰ সংঘাট সুস্পষ্ট। অৱশ্যে মানুহে ইচ্ছা কৰিলে এই সংঘাত ৰোধ কৰিব পাৰে। দুজন ভিন্ন ঠাইৰ গল্পকাৰে ভিন্ন ভাষাত দুটি ভিন্ন গল্প ৰচনা কৰিছে যদিও দুয়োটা গল্পৰ মাজত মানুহৰ সাৰ্বজনীন মানৱীয় ভাবঅনুভূতিৰ প্ৰকাশ মনকৰিবলগীয়া। মানুহ আৰু জীৱজন্তুৰ মাজত অতীতৰে পৰা সংঘাত চলি আহিছে যদিও জীৱজন্তুৰ সৈতে আত্মীয়তাৰ নিদৰ্শনো পোৱা যায়। এই আত্মীয়তাই আমাৰ আলোচ্য গল্প দুটিত প্ৰকাশ ঘটিছে যাক আমি সাৰ্বজনীন মানৱীয় ভাবঅনুভূতি বুলি কব পাৰোঁ। 

| গল্প সমগ্ৰহুমায়ূন আহমেদ 

| গল্প সমগ্ৰমহিম বৰা, সম্পাদনা হীৰেন গোহাঁই 

|তুলনামূলক সাহিত্যঃ তত্ত্ব আৰু প্ৰয়োগপ্ৰফুল্ল কুমাৰ নাথ

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!