উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ থলুৱা খাদ্যত মছলা আৰু খাৰৰ ব্যৱহাৰ

লেখক- ইলা লাচন

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খাদ্যত আন ভাৰতীয় ৰাজ্যৰ খাদ্যৰ তুলনাত মছলাৰ ব্যৱহাৰ যথেষ্ট পৰিমাণে কম হোৱা দেখা যায়। কম তেল আৰু মছলাযুক্ত খাদ্যৰ ব্যঞ্জন সমূহ স্বাস্থ্যৰ পক্ষে উপকাৰী হোৱাৰ উপৰিও যথেষ্ট সোৱাদযুক্ত।

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খাদ্য সম্ভাৰত মছলা হিচাপে বিশেষকৈ জালুক, জলকীয়া, আদা নহৰু আৰু বিভিন্ন সুগন্ধি বনশাক ব্যৱহাৰ কৰা হয়। প্ৰাকৃতিক উপাদানেৰে ভৰা আমাৰ বনাঞ্চলসমূহত পোৱা এই বনশাক সমূহ যথেষ্ট পৰিমাণে ঔষধি গুণেৰে ভৰা। তেজপাত, ডালচেনি জালুক, ইলাচী ইত্যাদি প্ৰায় সকলো মছলাৰ গছ আমাৰ বনাঞ্চলত আমি দেখা পাওঁ।

বিভিন্ন বনশাকসমূহৰ ব্যৱহাৰ বিভিন্ন খাদ্যত বিভিন্ন প্ৰকাৰে প্ৰয়োগ কৰা হয়। বিশেষকৈ জনজাতীয় খাদ্য সমূহত উহুৱা বা সিজোৱা ব্যঞ্জনত ধনীয়া, আদাপাত, শুহনী বন, কাঁচিদৰিয়া পাত আদি বিভিন্ন বনশাক মছলা হিচাপে ব্যৱহাৰ কৰি পৰিবেশন কৰা হয়।

মছলাৰ উপৰিও খাৰৰ এক উল্লেখযোগ্য ভূমিকা আছে আমাৰ খাদ্য প্ৰকৰণৰ তালিকাত। কলখাৰ, মাটি মাহৰ খাৰ আৰু দখৰা খাৰ ৰ প্ৰয়োগে আমাৰ থলুৱা খাদ্যৰ জুতি দুগুণে বঢ়াই তোলে।
কলখাৰ প্ৰস্তুত কৰিবলৈ ভীমকলৰ বাকলি বা মুধনা ব্যৱহাৰ কৰা হয়। ঠিক সেইদৰে মাটি মাহৰ খাৰ প্ৰস্তুত কৰিবলৈ মাটি মাহৰ বাকলি শুকুৱাই জ্বলাই খাৰ প্ৰস্তুত কৰা হয়। অসমৰ জনজাতি সকল বিশেষকৈ মিচিং জনগোষ্ঠীৰ মাজত এই মাটি মাহৰ খাৰৰ ব্যৱহাৰ দেখা পাওঁ। সেইদৰে শুকান মেটেকাৰে প্ৰস্তুত কৰা দখৰা খাৰৰ ব্যৱহাৰ আমাৰ নামনি অসমৰ বিভিন্ন অঞ্চলত জনপ্ৰিয়।

আমাৰ অসমৰ খাদ্য আজি ভাৰত তথা সমগ্ৰ বিশ্বতে এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে এই সুস্বাদু আৰু সুগন্ধি মা মছলাৰ ব্যৱহাৰৰ জৰিয়তে বুলি কব পাৰো। ঔষধি গুণসম্পন্ন মছলাৰ ব্যৱহাৰে ৰক্তহীনতা দুৰ্বলতা দূৰ কৰাৰ উপৰিও কাহ পানীলগা দৰে সৰু সুৰা ৰোগত নিমিষতে নিৰাময় লাভ কৰিব পাৰি। এই বন মছলা সমূহ লাহে লাহে বিলুপ্তি হব ধৰিছে। বনাঞ্চল সমূহ নিঃশেষ হৈ অহাৰ বাবে আমাৰ এই বহুমূলীয়া উদ্ভিদ সমূহ ও নোহোৱা হব ধৰিছে। চৰকাৰে এই ক্ষেত্ৰত প্ৰতিখন জিলাতে একোখনলৈ যদি উদ্যান প্ৰতিষ্ঠা কৰি এই বনশাক সমূহ সংৰক্ষণ কৰে তেতিয়া আমি যথেষ্ট পৰিমাণে উপকৃত হম আমি।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!