‘আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ দিৱসৰ তাৎপৰ্য’

লেখক- উৎপল বাদল বৰুৱা

১৯৯৪ চনৰ পৰা ৭ ডিচেম্বৰৰ দিনটো ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ দিৱস হিচাপে পালন কৰি আহিছে।
বৰ্তমান সময়ত কম বেছি পৰিমাণে বিমান পৰিবহণে আমাৰ সকলোৰে জীৱনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে।
সেয়ে, আজিৰ দিনটোত অসামৰিক বিমান পৰিবহণৰ উত্থান আৰু ৭ ডিচেম্বৰ তাৰিখটোৰ তাৎপৰ্য মনত পেলোৱাটো প্ৰাসংগিক বুলি ভাব হয়।
অসামৰিক বিমান পৰিবহণ বা “চিভিল এভিয়েচন” আৰম্ভ হৈছিল ১৯৮৩ চনৰ পৰা।
মণ্ট গল্ফিয়াৰ ভাতৃদ্বয় বুলি কোৱা দুজন ককায়-ভায়ে বায়ুতকৈ পাতল উৰিব পৰা জাহাজ এখন আৱিষ্কাৰ কৰি প্ৰদৰ্শন কৰা ঘটনাটোকেই ইয়াৰ আৰম্ভণি বুলি ধৰা হয়।
তাৰ দুবছৰ পিছত জিন পেৰী ব্লাংকাৰ্ড নামৰ মানুহজনে সেই উৰাজাহাজখন লৈয়ে ইংলিছ প্ৰণালী পাৰ হৈ মানুহ উৰিব পৰাৰ এক প্ৰমাণ দেখুৱাইছিল।
তথাপিও কিন্তু বায়ুতকৈ গধূৰ বস্তুৰ উৰণটো সম্ভৱ হোৱা নাছিল।
বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত সেই প্ৰথম প্ৰদৰ্শনৰ প্ৰায় ১২০ বছৰৰ পাছত,  ১৯০৩ চনত আমেৰিকাৰ ৰাইট ভাতৃদ্বয়ে যিটো প্ৰযুক্তিৰে উৰাজাহাজ এখন উৰাই দেখুৱাবলৈ সক্ষম হৈছিল সেইটোকে উৰাজাহাজৰ আৱিষ্কাৰ বুলি পৃথিৱীয়ে স্বীকৃতি দিলে।
দিনটো আছিল ১৯০৩ চনৰ ১৭ ডিচেম্বৰ, বৃহস্পতিবাৰ।
উৰাজাহাজ আৱিষ্কাৰৰ কেইবছৰমান পিছতে ১৯১৪ চনৰ পৰা প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হ’ল।
যুদ্ধৰ সময়ত সৈন্যবাহিনীৰ বাবে বহু বিমানৰ প্ৰয়োজন হৈছিল।
গতিকে, আমেৰিকা আৰু ইউৰোপত বহু কোম্পানীয়ে সৰু সৰু বিমান নিৰ্মাণৰ কাম হাতত ল’লে।
তেনে বিমান পৰিচালনা কৰিবৰ বাবেও বহুতকে প্ৰশিক্ষণ দি পাইলট হিচাপে সাজু কৰি লোৱা হৈছিল।
যুদ্ধৰ কামত ওপৰৰ পৰা শত্ৰুৰ গতিবিধি পৰ্যৱেক্ষণ কৰা, দুৰ্গম ঠাইত খাদ্য সামগ্ৰীৰ যোগান ধৰা আৰু ওপৰৰ পৰা বোমা নিক্ষেপ কৰা আদি কামত সেই সৰু সৰু পাংখা থকা বিমানবোৰ ব্যৱহাৰ কৰা হৈছিল।
যুদ্ধ যেতিয়া শেষ হ’ল, তেনে বহু বিমানৰ কাম নোহোৱা হ’ল। পাইলটসকলো কৰ্মহীন হৈ বহি থাকিবলৈ বাধ্য হ’ল।
সেই সময়তে, এই বিমানবোৰ ডাক সেৱাৰ কামত লগোৱা নিয়মটোৰে প্ৰচলন কৰা হ’ল।
পিছলৈ, ১৯২৫ চনত, আমেৰিকাত ‘এয়াৰ মেইল এক্ট’ বা ‘কেলিজ এক্ট’ৰ প্ৰৱৰ্তন হোৱাত ডাক বিভাগৰ মুখ্য বিষয়াই (পোষ্ট মাষ্টৰ জেনেৰেল) এনে বিমান পৰিচালনা কৰা সংস্থাটিৰ লগত পোনে পোনে চুক্তি কৰাৰ এক সুবিধা পালে।
আমোদজনক কথাটো এয়ে যে অসামৰিক বিমান পৰিবহণে প্ৰথমতে চিঠি বিতৰণ সেৱাৰেহে আত্ম-প্ৰকাশ কৰিছিল।
বিমান পৰিবহণৰ আটাইতকৈ প্ৰয়োজনীয় কথাটোৱেই হৈছে উৰণ আৰু অৱতৰণৰ সময়ত সুষম নিয়ম-নীতিৰ প্ৰয়োগ।
যুদ্ধ শেষ হোৱাৰ পাছত ১৯১৯ চনত ২৬খন দেশে পেৰিছত লগ হৈ বিমান পৰিবহণৰ বাবে কিছুমান নিয়ম বান্ধি ল’লে।
এই বিখ্যাত সভাখনক ‘১৯১৯ চনৰ পেৰিছ কভেনচন’ বুলি কোৱা হয়।
অসামৰিক বিমান পৰিবহণৰ এই এই নিয়ম-কানুনবোৰ চোৱা-চিতা কৰিবৰ বাবে তেওঁলোকে যিটো প্ৰতিষ্ঠানৰ জন্ম দিলে তাৰ নাম হৈছে ‘ICAN- International Commission for Air Navigation’.
অনাগত দিনত যে বিমান একোখন মহাসাগৰ পাৰ হৈ যাবগ পাৰিব, সেই কথা তেতিয়া অনুমান কৰাটোৱেই বৰ কঠিন আছিল।
আমেৰিকা আৰু ইউৰোপৰ সৰু সৰু দেশবোৰৰ মাজতেই এইবোৰ নিয়ম-কানুন মাজে-মধ্যে প্ৰচলিত হৈ থাকিল।
তাৰপিছত ১৯৩৯ চনৰ পৰা আৰম্ভ হ’ল দ্বিতীয় বিশ্বযুদ্ধ।
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিমান নিৰ্মাণৰ কামটোৱে ভীষণ অগ্ৰাধিকাৰ লাভ কৰিলে।
নতুন নতুন প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ আৰম্ভ হ’ল।
সেই সময়তে আৱিষ্কাৰ হোৱা দুটা নতুন আৱিষ্কাৰে বিমান পৰিবহণলৈ আমূল পৰিৱৰ্তন আনি দিলে।
এটা হৈছে, শক্তিশালী জেট ইঞ্জিনৰ আৱিষ্কাৰ।
জেট ইঞ্জিনে আগৰ তুলনাত বহুত বেছি ওজনৰ বিমান এখন চলাই লৈ যাব পৰা হ’ল।
দ্বিতীয় আৱিষ্কাৰটো হৈছে এটা মিশ্ৰ ধাতুৰ উদ্ভাৱন যিটো লোৰ দৰে কঠিন কিন্তু ওজন লোতকৈ যথেষ্ট কম।
এই দুই আৱিষ্কাৰে ডাঙৰ ডাঙৰ শক্তিশালী বিমান নিৰ্মাণৰ কামটো সম্ভৱ কৰি তুলিলে।
বিমানৰ আকাৰ আৰু শক্তি আগতকৈ বহুত বেছি হ’বলৈ আৰম্ভ কৰিলে।
সেই সময়তে প্ৰস্তুত হোৱা, ‘ইনলা গে’ নামে জনাজাত বয়িং-২৯ নম্বৰ এনে এখন বিমানেই প্ৰায় ৪৪০০ কিলোগ্ৰাম ওজনৰ এটা এটম বোমা লৈ গৈ জাপানৰ হিৰোছিমা নামৰ চহৰখনৰ ওপৰত নিক্ষেপ কৰিলেগৈ।
দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কিন্তু এখন দেশৰ পৰা আন এখন দেশলৈ বিমান পৰিবহণ আৰম্ভ হ’ল।
সুচল পৰিবহণ ব্যৱস্থাৰ বাবে দেশ বিলাকে বিমান পৰিবহনৰ ক্ষেত্ৰত কিছুমান নীতি-নিয়ম বান্ধি লোৱাটো আকৌ প্ৰয়োজনীয় হৈ পৰিল।
তেতিয়ালৈকে চলি থকা ICAN-ৰ নিয়মাৱলী পুৰণি হৈছিল।
সেয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ৰুছভেল্টৰ উদ্যোগত ৫২খন দেশ আমেৰিকাৰ শ্বিকাগো চহৰত লগ হৈ এখন চুক্তিপত্ৰত স্বাক্ষৰ কৰিলে।
সেই চুক্তিপত্ৰৰ বেছিভাগ নীতি-নিয়মেই অৱশ্যে ১৯১৯ চনৰ ICAN পৰাই লোৱা হৈছিল।
এই সভাখনৰ নামেই হৈছে ‘শ্বিকাগো কনভেনচন।’
এইখন সভাই যিটো প্ৰতিষ্ঠানৰ জন্ম দিলেই সেইটোৱেই হৈছে আজিৰ ‘ICAO-International Civil Aviation Organization’ বা ‘আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থা।’
সুৰক্ষাকে ধৰি বিমান পৰিবহণৰ বাবে প্ৰয়োজনীয় সকলো দিশৰ মূল নীতি-নিয়মবোৰ এই প্ৰতিষ্ঠানটোৱেই নিৰ্ধাৰণ কৰে।
তেওঁলোকৰ এই নিয়মবোৰৰ ভিত্তিতেই প্ৰতিখন দেশে তেওঁলোকৰ নিজৰ ঠাইত বিমান পৰিবহণৰ সুবিধা আৰু নিয়মৰ সৃষ্টি কৰি ল’ব পাৰে।
ৰাষ্ট্ৰসংঘৰ ১৯৩খন সদস্য দেশে এই প্ৰতিষ্ঠানে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিয়ম মানিয়েই নিজ নিজ দেশত অসামৰিক বিমান পৰিবহণ পৰিচালনা কৰি আহিছে।
শ্বিকাগো কনভেনশ্বনৰ সেই বিখ্যাত দিনটোৱেই আছিল ১৯৪৪ চনৰ ৭ ডিচেম্বৰ।
এই ঐতিহাসিক দিনটোৰ সোণালী জয়ন্তী বৰ্ষ পাৰ হৈ গ’ল ১৯৯৪ চনত।
ৰাষ্ট্ৰসংঘই ঠিক কৰিলে, এই সেই বছৰৰ পৰাই এই দিনটো অসামৰিক বিমান পৰিবহণ দিৱস হিচাপে সমগ্ৰ বিশ্বই পালন কৰিব।
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments