শতিকা প্ৰাচীন বাৰেচহৰীয়া ভাওনাৰ কথাৰে...

লেখক- বিষ্ণু শইকীয়া

১৭৯৭খ্ৰীষ্টাব্দ, মানে ইয়াণ্ডাবু সন্ধিৰ প্ৰায় ডেৰ কুৰি বছৰৰ আগতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ জামুগুৰিহাটৰ ৰঘুদলনি পথাৰত এপাহ পদুম ফুলিছিল যিপাহ পদুমত মন্থন হৈছিল অমৃত।
লগে লগে, মহাপুৰুষীয়া সংস্কৃতিৰ ইতিহাসত সংযোগ ঘটিছিল এটি নতুন অধ্যায়ৰ।
মানে, বাৰেচৰহীয়া ভাওনাৰ কথা ক’ব বিচাৰিছোঁ।
আহোম ৰাজতন্ত্ৰৰ গৌৰৱময় শাসনকালতে জামুগুৰিহাটত সৃষ্টি হৈছিল বাৰেচহৰীয়া ভাওনাৰ।
একতা আৰু উদাৰতাৰ অন্য এটি নাম জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা।
অসমীয়া জাতিৰ ই সম্পদ।
পিছে, বাৰেচৰহীয়া ভাওনা বুলি কোৱা হয় কিয়?
ইয়াৰ অৰ্থ হৈছে এনে ধৰণৰঃ ‘বাৰে’ মানে অনেক আৰু ‘চহৰীয়া’ মানে ৰাইজ।
গতিকে, কেইবাখনো গাঁৱৰ ৰাইজ একগোট হৈ এই ভাওনা উদযাপন কৰা বাবে ইয়াৰ নাম হ’ল বাৰেচহৰীয়া ভাওনা।
প্ৰায় ২১৬ বছৰ ধৰি উত্তৰ পাৰৰ সামাজিক, সাংস্কৃতিক ক্ষেত্ৰখনৰ ঐতিহ্য বহন কৰি আহিছে এই বাৰেচহৰীয়া ভাওনাই।
গুৰুজনাৰ অনুপম সৃষ্টি নামঘৰৰ মজিয়াৰ পৰা মুকলি পথাৰলৈ অহা ভাওনাই ইয়াতে ৰূপ ল’লেহি এক বিশাল পদ্মৰ।
সাধাৰণতে ৫–৭ বছৰৰ মূৰত অনুষ্ঠিত হয় বাৰেচহৰীয়া ভাওনা। ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা হয় এই বাৰেচহৰীয়া ভাওনা।
ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায়, মহাপুৰুষ গুৰুজনাৰ কালজয়ী চিন্তা, চেতনাৰ প্ৰকাশ ঘটিছে জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাত।
কেইবাশ বছৰ পূৰ্বে গুৰুজনাৰ সৃষ্টি ভাওনাক লৈ সৃষ্টি হৈছিল এক ইতিহাস।
অষ্টদশ শতিকাৰ শেষৰফালে জামুগুৰিহাটৰ কেইগৰাকীমান সংস্কৃতিৱান আৰু বিদ্বান লোকৰ প্ৰচেষ্টাত অঞ্চলটোৰ বহুকেইখন গাঁৱৰ ৰাইজক সংগঠিত কৰি গুৰুজনাৰ সৃষ্টিৰাজিৰ আলমত ভাওনা সংস্কৃতিক বিশাল পৰিসৰলৈ নিয়াৰ চিন্তাৰে আৰম্ভ হৈছিল বাৰেচহৰীয়া ভাওনা।
ঐক্য আৰু সম্প্ৰীতিৰ এনাজৰীডাল খামুচি ধৰি জন্ম হৈছিল ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা।
প্ৰথম অৱস্থাত জামুগুৰিহাট অঞ্চলৰ ৮খন গাঁৱৰ ৰাইজ একত্ৰিত হোৱাত বাৰেচহৰীয়া ভাওনা নামেৰে পোখা মেলে অসমীয়া জাতিৰ বাবে গৌৰৱস্বৰূপ এই মহৎ অনুষ্ঠানভাগে।
এপাহ প্ৰস্ফুটিত পদ্মৰ আকৃতিৰে মূল মণ্ডপটি নিৰ্মাণ কৰি তাৰ পৰিধিৰ ভিতৰত একোখনকৈ খলা নিৰ্মাণ কৰি অনুষ্ঠিত কৰে এই ভাওনা।
মূল মণ্ডপত স্থাপন কৰা হয় এখন বৃহৎ আকাৰৰ গুৰু-আসন।
আঠখন খলাৰ পৰা আৰম্ভ হোৱা বাৰেচহৰীয়া ভাওনাৰ খলা পৰৱৰ্তী সময়ত ২১খনলৈ বৃদ্ধি পায়।
অৱশ্যে, সময়ে সময়ে এই সংখ্যাৰ তাৰতম্য ঘটিছে।
যি কি নহওক, খলাৰ কথা আহিল যেতিয়া সেই বিষয়েও জনাটো প্ৰয়োজন।
খলা মানে হৈছে একো একোখন মণ্ডপ য’ত বহি ৰাইজে ভাওনা উপভোগ কৰে।
মুল মণ্ডপৰ সৈতে সংলগ্ন কৰি নিৰ্মাণ কৰা প্ৰতিখন খলাই গাঁৱৰ সংখ্যাকে সূচায়।
অৰ্থাত, ২১খন খলাত ২১খন গাঁৱৰ ৰাইজে ভাওনা পাতে।
আৰু, প্ৰতিখন খলাৰ সন্মুখ ভাগত থাকে একোটাকৈ বাটচ’ৰা আৰু ছোঁ–ঘৰ।
খলা যিমান হয়, বাটচ’ৰাও সিমান হয়।
প্ৰতিখন গাঁৱৰে নিজ নিজ খলা থকাৰ উপৰিও ৰন্ধা বঢ়া কৰিবলৈ আৰু ভাৱৰীয়াক সজাবলৈয়ো একোটাকৈ বিশেষ গৃহ নিৰ্মাণ কৰা হয়।
আকৌ, বাৰেচহৰীয়া ভাওনাত একেলগে ২১টা ডবা বাজি উঠাৰ লগে লগে পুৱাৰ প্ৰসংগৰ গায়ন বায়নৰ যোৰাৰ পৰা পূৰ্বৰংগলৈকে একেসময়তে সকলো অনুষ্ঠান আৰম্ভ হোৱাটো বাৰেচহৰীয়া ভাওনাৰ এক বৈশিষ্ট্য।
এইখিনিতে এটা কথা উল্লেখ নকৰিলে নহ’ব যে বাৰেচহৰীয়া ভাওনাৰ প্ৰতি থকা আন্তৰিকতা, হেঁপাহ আৰু সহযোগিতাৰ বাবে কেতিয়াবা একেটা খলাকে দুই তিনিখন গাঁৱৰ মাজত ভগাই লোৱাও দেখা যায়।
দুখন বা তিনিখন গাঁৱৰ ৰাইজে মিলি একেখন খলাতে একেখন নাটককে মিলাপ্ৰীতিৰে প্ৰদৰ্শন কৰে।
আটাইতকৈ ডাঙৰ কথাটো হৈছে এয়ে যে এনেধৰণে খলাৰ ভাগ কৰি প্ৰতিখন গাঁৱৰ ভাৱৰীয়াসকল লগ লাগি কৰা ভাওনাখন আকৰ্ষণীয় হৈ পৰে।
তাৰমানে এইটো নহয় যে বাকীসমূহ খলাৰ ভাওনা আকৰ্ষণীয় নহয়।
ষাঠিৰ দশকৰ পিছৰ পৰা বাৰেচহৰীয়া ভাওনাই পিছে এক নতুন গতি লয়।
প্ৰায় ২১৬বছৰ ধৰি গুৰুজনাৰ সৃষ্টিৰাজিক লৈ সুবাস বিলোৱা বাৰেচহৰীয়া ভাওনাই শোণিতকোঁৱৰ গজেন বৰুৱা দেৱৰ প্ৰচেষ্টাত বিশেষভাৱে এক পৰিচিতি লাভ কৰে।
শোণিতকোঁৱৰ গজেন বৰুৱাই বাৰেচহৰীয়া ভাওনা সম্পৰ্কত বিশেষভাবে লেখা মেলা কৰাৰ উপৰিও ভাৰতৰ লগতে বিশ্বৰ আন আন প্ৰান্ততো ইয়াৰ গৰিমা বিলাই দিছিল যাৰ জৰিয়তে বাৰেচহৰীয়া ভাওনাই লাভ কৰিছিল এক বিশেষ স্বীকৃতি।
আকৌ, গাঁৱলীয়া স্থাপত্য-ভাস্কৰ্য্যৰ শৈলীৰে নিৰ্মাণ কৰা পদুমাকৃতিৰ মণ্ডপ আৰু ইয়াৰ সৈতে সংলগ্ন ছোঁ–ঘৰ, বাটচ’ৰাত আদিত দেখিবলৈ পোৱা যায় সেই সময়ৰ চিন্তাৰ এক প্ৰতিফলনো।
২১৬বছৰীয়া ইতিহাস বুকুত বান্ধি সগৌৰৱে সুবাস বিলোৱা বাৰেচহৰীয়া ভাওনাই কালক্ৰমত কেইবাখনো পথাৰ বগাই আহি আহি শোষত স্থিতি ল’লেহি বৰ্তমানৰ পকামূৰা পথাৰত।
চাৰিটা শতিকা ধৰি গুৰুজনাৰ ভাওনা সংস্কৃতিক জাতিষ্কাৰ কৰি অহা বাৰেচহৰীয়া ভাওনাৰ কথা কৈ শেষ কৰিব নোৱাৰি।
বাৰেচহৰীয়া ভাওনাই প্ৰকাশ কৰি আহিছে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সদ্ভাৱ-সম্প্ৰীতি, ঐক্য-সংহতিৰ লগতে বৰ অসমৰ আন এক বতৰাও।
ভেদাভেদ পৰিহাৰ কৰি, সংঘাত আৰু ৰাজনীতিয়ে কলুষিত কৰা সমাজখনক নিকা কৰি লুইতৰ দুয়োপাৰে মৰম-চেনেহ, আন্তৰিকতা আৰু সমন্বয়ৰ নিভাজ সাঁকো গঢ়িছে জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাই।
আঠটা খেলে আৰম্ভ কৰা সেই সময়ৰ ভাওনাভাগে লাহে লাহে এটা বৃহৎ অনুষ্ঠানৰ ৰূপেই ল’লেহি।
শোণিতকোঁৱৰ গজেন বৰুৱাৰ প্ৰচেষ্টাত বিভিন্ন জাতি–জনগোষ্ঠীও ইয়াৰ অংশীদাৰ হ’লহি।
আজি বাৰেচহৰীয়া মানে ২১খন খলা বা ২১খন গাঁও হৈ থকা নাই।
ই এতিয়া অসমীয়া জাতিৰ এটা হৃদয়ৰ অনুষ্ঠান হৈ পৰিছে।
বৃহত্তৰ জামুগুৰিহাট অঞ্চলৰ ৰাইজে নিখুঁতভাৱে অনুষ্ঠিত কৰি অহা বাৰেচহৰীয়া ভাওনাই কালক্ৰমত এটা বৃহৎ অনুষ্ঠানতে পৰিণত হ’লহি।
২১৬বছৰীয়া এই ভাওনাভাগত ১৯ শতিকাত কিমান সংখ্যক ভাওনা পাতিছিল তাৰ নিৰ্দিষ্ট তথ্য পোৱা নগ’লেও কুৰি শতিকাৰ সময়ছোৱাত ১৭ৰ পৰা ১৮খন ভাওনা পতাৰ তথ্য পোৱা যায়।
শংকৰী সংস্কৃতিৰ অন্যতম চৰ্চাথলী বাৰেচহৰীয়া ভাওনাথলীত একেলগে ২১খন নাটৰ ভাৱৰীয়াসকলে প্ৰদৰ্শন কৰা ভাওনা নাচালে এইবোৰ কথা অনুভৱ কৰিব নোৱাৰে।
নিজৰ খলাত প্ৰৱেশ কৰাৰ পিচত প্ৰতিখন খলাৰ ভাৱৰীয়াসকলে বাকী খলাসমূহতো প্ৰৱেশ কৰি আহি নিজৰ খলাত বচন মাতে।
সঁচাই, ই এক অপূৰ্ব পৰিৱেশ।
আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক সমন্বয়ৰে বান্ধ খায় থকা বাৰেচহৰীয়া ভাওনাত বিভিন্ন সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰিছে।
শংকৰদেৱ গুৰুজনাৰ বৃহত্তৰ সমাজ গঠন প্ৰক্ৰিয়াত সাৰ পানী যোগাইছে এই বাৰেচহৰীয়া ভাওনাই।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!