মাধৱদেৱৰ অনুপম সৃষ্টি- ঝুমুৰা

লেখক- তিলোত্তমা মহন্ত গোস্বামী

মহাপুৰুষ শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আছিল গুৰুজনাৰ দৰেই প্ৰতিভাধৰ এক পুৰুষ।
প্ৰতিটো দিশতে গুৰুজনাৰ পদানুসৰণ কৰি তেওঁৰ সৃষ্টিক পৰিপূৰ্ণ কৰি তোলাৰো প্ৰচেষ্টা তেওঁ চলাইছিল।
মহাপুৰুষ মাধৱদেৱে গুৰুজনাৰ আদৰ্শ গ্ৰহণ কৰি অন্য এক দৃষ্টিভংগীৰে তেৰাৰ সৃষ্টিৰাজি গঢ়ি তুলিছে।
উদাহৰণ স্বৰূপে, শংকৰদেৱৰ নাট্যাভিনয়ৰ অভূতপূৰ্ব সফলতাৰ পাছত গুৰুক অনুকৰণ কৰি মাধৱদেৱেও অসমীয়া নাট্য সাহিত্যক এক বিশিষ্ট মাত্ৰা প্ৰদান কৰিছিল।

শংকৰদেৱে ‘চিহ্নযাত্ৰা’ নাটৰ মাজেৰে অংকীয়া নাটৰ তেওঁ পাতনি মেলে আৰু ছখনকৈ পূৰ্ণাংগ নাট ৰচনা কৰি এটি নাট্যধাৰা প্ৰতিষ্ঠা কৰে।
শংকৰদেৱৰ নাট ৰচনাৰ আদৰ্শ গ্ৰহণ কৰি মাধৱদেৱে ৯খন নাট ৰচনা কৰে।
ইয়াৰে কেইখনমান নাট প্ৰক্ষিপ্ত বুলি ভাবিলেও বিভিন্ন ক্ষেত্ৰত চালি-জাৰি চাই মাধৱদেৱৰে বুলি পণ্ডিতসকলে মানি লৈছে ।

পণ্ডিত গৱেষক সত্যন্দ্ৰনাথ শৰ্মাই ‘অসমীয়া নাট্য সাহিত্য’ গ্ৰন্থত মাধৱদেৱৰ নাটসমূহক দুটা ভাগত ভাগ কৰি দেখুৱাইছে।

সন্দেহবিহীন নাটঃ
অৰ্জুন ভঞ্জন, চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা আদি।

সন্দেহজনক নাটঃ ভূষণ হৰণ, ৰাস ঝুমুৰা, কোটোৰা খেলা, ব্ৰহ্ম মোহন আদি।

শংকৰদেৱৰ আদৰ্শ গ্ৰহণ কৰিলেও মাধৱদেৱৰ নাট ৰচনাৰ ক্ষেত্ৰত স্বকীয় প্ৰতিভা আৰু ৰীতিৰ পৰিচয় প্ৰত্যক্ষ কৰা যায়।
বিশেষকৈ, শংকৰদেৱৰ নাটকেইখন দীৰ্ঘ অৱয়বৰ হোৱাৰ বিপৰীতে মাধৱদেৱৰ ‘অৰ্জুন ভঞ্জন’ নাটখনৰ বাদে বাকীকেইখনত স্বল্প অৱয়বৰ ৰূপটোহে দেখিবলৈ পোৱা যায়।
এই চুটি নাটকেইখনত মাধৱদেৱে এক নিজস্ব নাট্যৰূপ প্ৰদান কৰিছে।
মাধৱদেৱৰ নাটবোৰৰ এই বিশেষত্বৰ বাবে ‘অৰ্জুন ভঞ্জন’খনক বাদ দি বাকী নাটবোৰক নাট নুবুলি পাছৰ কালত ঝুমুৰা বোলা হৈছে।
অসমীয়া নাট্য সাহিত্যৰ ইতিহাসত ঝুমুৰা শ্ৰেণীৰ নাট ৰচনা কৰাৰ বাবেই মাধৱদেৱ বিখ্যাত।
‘সংগীত দামোদৰ’ গ্ৰন্থত ঝুমুৰী নামৰ শৃংগাৰ ৰসাত্মক ৰাগিণী বিশেষৰ উল্লেখ আছে।
চাওঁতালী নাৰীয়ে মণ্ডলাকাৰে বা শাৰী পাতি কৰা নৃত্য-গীতক ঝুমুইৰ নাচ বোলে।
ঝুমুৰ নামৰ এক প্ৰকাৰ গীত উত্তৰ ভাৰততো প্ৰচলিত আছে।
প্ৰাচীন অসমীয়াত ঝুমুৰী নাম‌ৰ এটা অষ্টাক্ষৰী ছন্দৰ প্ৰয়োগ হোৱা দেখা গৈছিল।
এই ছন্দৰ একোটা চৰণত আঠোটাকৈ আখৰ থাকে।
সম্ভৱতঃ মাধৱদেৱৰ নাতিদীৰ্ঘ সৰু সৰু নাটকেইখনক ঝুমুৰী ছন্দৰ খৰ্ব্বাকৃতিৰ সাদৃশ্যত ঝুমুৰা বোলা হৈছিল।
স্ত্ৰী চৰিত্ৰৰ বাহুল্যৰ কাৰণেও ঝুমুৰা আখ্যা দিয়াতো সম্ভৱ হব পাৰে।” ( অ.না.স.)
মাধৱদেৱৰ ঝুমুৰাসমূহ বহুক্ষেত্ৰত আধুনিক একাংক নাটকৰ লগতো তুলনা কৰিব পাৰি।
মাধৱদেৱৰ ঝুমুৰাসমূহৰ বিষয়বস্তু অত্যন্ত চুটি হোৱাৰ উপৰি নাৰী চৰিত্ৰৰ প্ৰয়োভৰ, নৃত্য-গীতৰ প্ৰাধান্য আৰু শিশু কৃষ্ণৰ উপস্থিতিয়ে শংকৰদেৱৰ নাটখিনিৰ পৰা পৃথক কৰিছে।
সাধাৰণতে ঝুমুৰাসমূহত এটি পূৰ্ণ বিষয়বস্তু বা আখ্যানৰ বিপৰীতে ঘটনা বিশেষৰ আংশিক ছবিহে ৰূপায়ণ কৰা হয়।
কি কাৰণে মাধৱদেৱে এক নতুন ধাৰাৰ প্ৰৱৰ্তনত মনোনিবেশ কৰিলে তাক অনুমান কৰিলে ভাব হয়, সমাজৰ বাস্তৱ প্ৰয়োজনীয়তা আৰু তেওঁৰ নিজস্ব ৰুচিয়েই এই ক্ষেত্ৰত প্ৰভাৱ পেলালে বুলি ভাবিবৰ স্থল আছে।
লক্ষণীয় যে সেই সময়ত মাধৱদেৱৰ হাতত প্ৰাণ পাই উঠা কৃষ্ণ চৰিত্ৰই সমাজখনক অধিক পৰিমাণে আকৰ্ষিত কৰিছিল।
সেই সময়ত শিশু কৃষ্ণৰ চৰিত্ৰৰে মাতৃসমাজৰ মন ভক্তিৰ প্ৰতি ধাবিত কৰাত মাধৱদেৱৰ নাটবোৰৰ গুৰুত্ব কম নাছিল।
তদুপৰি, মাধৱদেৱৰ নিজস্ব ৰুচিও আছিল বাল্য কৃষ্ণৰ চৰিত্ৰাংকণতহে।
গতিকে, এই দুই প্ৰৱণতাৰ বাবেই তেওঁ নাট্য ধাৰাক কিছু স্বকীয় ৰূপ প্ৰদান কৰিলে বুলি ভাবিবৰ থল আছে।

মাধৱদেৱৰ ঝুমুৰাবোৰ আছিল সহজ আৰু গীত মাতেৰে ভৰা।
সেইবোৰত ঘটনাৰ কোনো বৈশিষ্ট্য নাই যদিও তাৰ এক মন পৰশা অনুৰণন আছে যি সকলোকে সহজে আকৰ্ষিত কৰে।

মাধৱদেৱৰ ‘চোৰধৰা’ ঝুমুৰাত শিশু কৃষ্ণৰ চুৰি-চাতুৰী তথা দুষ্টালিৰ অতি সুন্দৰভাবে প্ৰকাশ ঘটিছে।
ঝুমুৰাখনিৰ মূল হ’ল বিল্বমংগলৰ কেইটামান শ্লাোকৰ লগত সন্নিবিষ্ট কৰা কৃষ্ণই লৱণু চুৰি কৰাৰ এক কাহিনী।
চুৰি-চাতুৰীত পাৰ্গত কৃষ্ণই গোৱালীৰ ঘৰত লৱণু চুৰি কৰি ধৰা পৰাত হাতৰ মাখন গোৱালীৰ মুখত সানি দি গোৱালীগৰাকীয়েহে চুৰ কৰি খোৱা বুলি ওলোটাই অভিযোগ তুলিছে আৰু মাক যশোদাক এই বিষয়ে অভিযোগ দিব বুলি ভীতি প্ৰদৰ্শনো কৰিছে।
গোপীয়ে তেতিয়া কাতৰভাবে ক’লে, ” হে কানাই, তুমি মোক এৰা। তোমাক মই লৱণু দিম।”
এই পৰিপ্ৰেক্ষিতত শংকিত গোপীগৰাকীয়ে কৃষ্ণক লৱণু দিহে শেষত ৰক্ষা পৰিছে।
লৱণু খাই কৃষ্ণই ‘গোপীসৱক মনোৰথ পুৰিয়ে’ আনন্দমনে নৃত্য কৰিবলৈ ধৰিলে।

ইফালে ৰাতিপুৱাতে ওলাই যোৱা প্ৰাণপুত্ৰ কৃষ্ণ আবেলি পৰলৈকে ঘৰলৈ ঘূৰি নহাত পুত্ৰ স্নেহত আকুল যশোদাই শোকত ব্যাকুল হৈ বিচাৰি ফুৰিবলৈ ধৰিলে।
এইদৰে বিচাৰি ফুৰোঁতে এজনী গোপীয়ে কৃষ্ণক গোৱালীপাৰাত নাচি থকা বুলি যশোদাক বাতৰি দিলেহি।
গোপীগৰাকীৰ লগত গৈ কৃষ্ণক দেখা পাই যশোদাৰ ব্যাকুল হৃদয় অৱশেষত শান্ত হ’ল‌।
মাকক দেখি কৃষ্ণই গোপীসকলৰ বিৰুদ্ধে কথা লগোৱাত যশোদাই তেওঁলোকক ককৰ্থনা কৰিলে।
শিশু কৃষ্ণৰ চৰিত্ৰ অংকনত সিদ্ধহস্ত মাধৱদেৱে এই ঝুমুৰাখনত কানাইৰ দুষ্টালিভৰা ছবিখন অতি সুন্দৰভাবে অংকন কৰিছে আৰু এইদৰেই অপত্য স্নেহৰ মৰ্মস্পৰ্শী ছবি এখন এই ঝুমুৰাখনত উদ্ভাসিত হৈ উঠিছে।
মাধৱদেৱৰ ‘পিম্পৰা গুচোৱা’ ঝুমুৰাখনতো শিশু কৃষ্ণৰ দুষ্টালিৰ মনোমোহা ৰূপ প্ৰস্ফুতিত হৈছে।
দুয়োখন ঝুমুৰাতে শিশু কৃষ্ণৰ প্ৰতি যশোদাৰ বেথা আৰু মাতৃৰ স্নেহৰ প্ৰতিফলন ঘটিছে।
‘চোৰধৰা’ ঝুমুৰাখনত মাক যশোদাৰ আদৰ পাই কৃষ্ণই গোপীসকলৰ বিৰুদ্ধে অভিযোগ দি অকাৰণে গালি খুৱাইছে।
‘পিম্পৰা গুচোৱা’ ঝুমুৰাখনত আকৌ গোপীসকলে কৃষ্ণৰ দুষ্টালিৰ বিষয়ে যশোদাক অৱগত কৰি কৃষ্ণক গালি খুউৱাৰ ফলত কৃষ্ণয়ো মাকৰ লগত ফেপেৰি পাতিছে।
গোপীসকলৰপৰা কানাইৰ দুষ্টালিৰ কথা শুনি অতিষ্ঠ হৈ যশোদাই যেতিয়া কৃষ্ণক সকীয়নি দিলে, তেতিয়া শিশু কৃষ্ণই মাক যশোদাক ক’লে – ‘হে’ মাই: তুহু বিস্তৰ নাহি বোলব: হামু তোহাৰি ভৰ্চনা সহি নাহি: কোন চাৰ পুৰাতন কলস ভাঙ্গল: কড়া দুইক ধন হানি কয়ল! আপন পুত্ৰক দায়া মানত: জপত ঢাকিয়ে লৱণু চোৰ নাম দেলহ’
মাতৃ যশোদাৰ প্ৰতি নিক্ষেপ কৰা এনে অন্তৰ্ভেদি বচনৰ মাজেদি ঝুমুৰাখনিৰ পৰিসমাপ্তি ঘটিছে আৰু এনেকৈয়ে কানাইৰ চাতুৰীয়ে চুড়ান্ত ৰূপ পৰিগ্ৰহ কৰিছে।
শিশু কৃষ্ণৰ চাতুৰীৰ অন্য এক মনোজ্ঞ ৰূপৰ প্ৰকাশ ঘটিছে মাধৱদেৱৰ ‘ভূমি লেটোৱা’ ঝুমুৰাখনতো।
গোপনে লৱণু চুৰ কৰি খোৱা কানায়ে নিজৰ ঘৰত লৱণু চুৰি কৰি খাওঁতে দূৰত মাকক দেখি মাটিত বাগৰি বাগৰি কান্দিবলৈ ধৰিলে।
মাক যশোদাক মিছা মাতি কানায়ে ক’বলৈ ধৰিলে তেওঁৰ লৱণুখিনি কোনোবাই খাই পেলালে আৰু তেওঁৰ বাঁহীটোও কোনোবাই লৈ গ’ল।
পুত্ৰৰ এনে বিষাদ বচন শুনি যশোদাৰ মনতো বেদনাৰ ঢৌ উঠিল।
তেওঁ পুত্ৰক সান্তনা দিবলৈ চেষ্টা কৰি যিমান লাগে সিমান লৱণু দিবলৈ অংগীকাৰ কৰিলে।
নিমিষতে কৃষ্ণ শান্ত হ’ল যদিও আকৌ মাতৃৰ ওচৰত জেদ ধৰি ক’লে তেওঁক তৎক্ষণাত লৱণু লাগেই।
উপায় নাপাই যশোদাই পূজাৰ বাবে ৰখা লৱণুকে তেওঁক দি দিলে।
লৱণু পাই কানাই শান্ত হ’ল আৰু আনন্দতে নাচিবলৈ ধৰিলে।
‘ভূমি লেটোৱা’ ঝুমুৰাখনিত কানাইৰ চাতুৰালি বুজিব নোৱাৰি যশোদাই পুত্ৰক সান্তনা দিবলৈ গৈ নিজেই পুতৌৰ পাত্ৰ হৈছে আৰু দৰ্শকৰ সহানুভূতি লাভ কৰিছে।
ঝুমুৰাখনিত মাধৱদেৱে শিশু মনস্তত্বৰ লগতে মাতৃ যশোদাৰ অসহায় ৰূপটিও অতি হৃদয়স্পৰ্শীভাবে উপস্থাপন কৰিছে।
যথাৰ্থতে ঝুমুৰাখনিত মাতৃ আৰু পুত্ৰৰ ছবিখন স্বাভাৱিক আৰু প্ৰাণৱন্ত হৈ উঠিছে‌।
মাধৱদেৱৰ সৃষ্ট ‘ভোজন বেহাৰ’ ঝুমুৰাখনো এখন অতি সৰু ঝুমুৰা।
এই ঝুমুৰাখনৰ বিষয়বস্তুৱে পূৰ্ণ পৰিণতি লাভ কৰা নাই। অসম্পূৰ্ণভাবে শেষ হোৱা যেন লাগে।
‘ভোজন বেহাৰত’ আৰম্ভ হোৱা ঘটনাই ‘বহ্মমোহন’তহে পূৰ্ণতা পাইছেগৈ।
শিশু কৃষ্ণই গৰখীয়াসকলৰ লগত গৰু চলাবলৈ গৈ নৈসৰ্গিক শোভাৰে সমৃদ্ধ যমুনা বালিত নৃত্য-গীত কৰি দধি-অন্ন ভোজন কৰিবলৈ ধৰোঁতে ব’ৰাগীৰ বেশত দেৱৰ্ষী নাৰদ উপস্থিত হ’লহি।
দেৱৰ্ষীয়েও গোপবালকসকলৰপৰা প্ৰসাদ গ্ৰহণ কৰি পৰম আহ্লাদিত হ’ল।
দেৱৰ্ষীয়ে মৰ্মে মৰ্মে অনুভৱ কৰিলে ত্ৰিজগতৰ ক’তো বিচাৰি নোপোৱা পৰম ব্ৰহ্ম বিৰাজমান হৈ আছে দেৱশিশুসকলৰ মাজতে।
“ভোজন বিহাৰ” ঝুমুৰাখনিত বিষয়বস্তুৱে পূৰ্ণতা লাভ কৰা নাই।
মানে, গো- বৎসসকলক নেদেখি কানায়ে তেওঁলোকক বিচাৰি চলাথ কৰিলে আৰু তেওঁলোকৰ কোনো শুংসুত্ৰ নাপাই চিন্তা কৰি অৱশেষত বিলাপ কৰিবলৈ ধৰিলে।
এনেদৰে কাহিনীয়ে পূৰ্ণতা লাভ নকৰোঁতেই আকস্মিকভাবে ঝুমুৰাখনিৰ সামৰণি পৰিছে।
“ভূষণ হৰণ” নাটত দেখুৱাইছে, যশোদাই মাৰে বুলি ভয়তে কৃষ্ণই ঘৰলৈ নাহি কদম গছৰ তলত শুই থাকোঁতে ৰাধাই পানী আনিবলৈ গৈ দেখা পায় আৰু শুই থকা কানাইৰ গাৰ অলংকাৰবোৰ চোৰে নিব পাৰে বুলি ভাবি ৰাধাই অলংকাৰবোৰ খুলি লুকুৱাই থয় আৰু তাৰ পাছত কৃষ্ণক জগাই অলংকাৰৰ কথা সোধে।
কৃষ্ণই একো উত্তৰ নিদি মনে মনে থাকে।
উত্তৰ নাপাই ৰাধা ঘৰলৈ আহি যশোদাক অলংকাৰখিনি দিয়ে আৰু কানাই কদমৰ তলত শুই থকাৰ কথাটো কয়।
কানাই ঘৰলৈ আহি মাকক ভূষণখিনি খুজি কৈফিয়ৎ দি কয় যে কোনোবা গোপীয়ে মিঠাইৰ লগত নিচা লগা বস্তু খুৱাই ভূষণসমূহ চুৰি কৰি নিলে।
ৰাধাই মাকক অলংকাৰ দিয়াৰ কথা জানিব পাৰি তেওঁ এইদৰে মন্তব্য দিলে যে ৰাধাইহে ধৰাপৰাৰ আশংকাত অলংকাৰখিনি মাকক অৰ্পণ কৰিলেহি।
ইয়াৰ পূৰ্বেও ৰাধাই কৃষ্ণৰ ভন্টাগুটি চুৰি কৰি নিছিল।
“লগৰীয়াবোৰে মোৰ হৈ সাক্ষী দিব। হে মাই, তুমি যদি ইয়াৰ প্ৰতিকাৰ নকৰা মই পিতাক সকলো কথা ক’ম।”
যশোদাই পুতেকৰ কথা বিশ্বাস কৰি ৰাধাক “দাসী ঢাণ্ডি গোৱালী” বুলি গালি পাৰি খেদি দিয়ে।
ৰণত জয়ী হৈ দুষ্ট হাঁহি মাৰি কৃষ্ণই মাকৰ সহায় লোৱাতে ঝুমুৰাখনিৰ পৰিসমাপ্তি ঘটিছে।
ঝুমুৰাখনত ৰাধা-কৃষ্ণক প্ৰেমিক-প্ৰেমিকা হিচাপে দেখুওৱা নাই, বায়েক ভায়েকৰ ৰূপতহে দেখুওৱা হৈছে।

“ব্ৰহ্মমোহন” নাটখনিৰ মূল বিষয়বস্তুভাগ ভাগৱত পুৰাণৰপৰা লৈছে।
নাটৰ কাহিনী অনুসৰি সৃষ্টিকৰ্তা ব্ৰহ্মাই কৃষ্ণৰ মহিমা পৰীক্ষা কৰিবলৈ বৃন্দাবনৰপৰা গোৰক্ষ, গাই-দামুৰি চুৰি কৰি নি পৰ্বতৰ গুহাত লুকুৱাই ৰাখিলে যদিও কৃষ্ণই সকলো জানি মায়াৰ বলেৰে গাই দামুৰি আৰু গো-পালকসকল পুনৰ সৃষ্টি কৰি লৈ আগৰদৰে সকলো স্বাভাৱিক কৰি তুলিলে।
এবছৰৰ মূৰত ব্ৰহ্মাই বৃন্দাবনলৈ আহি পূৰ্বৰ দৰেই গাই, দামুৰি, গোৰক্ষ আদি সকলোকে দেখি আচৰিত হ’ল আৰু উৎকণ্ঠা সামৰিব নোৱাৰি পুনৰ পৰ্বতৰ গুহালৈ গৈ গোৰক্ষ, গাই, দামুৰি সকলো দেখা পাই বিস্ময় মানি মূৰ্চ্ছা গ’ল।
জ্ঞান লাভৰ পাছত কৃষ্ণৰ ঐশ্বৰিক মহিমাৰ কথা বুজিব পাৰি কৃষ্ণক প্ৰাৰ্থনা কৰি তেওঁ শেষত নিজৰ দোষৰ বাবে ক্ষমা বিচাৰি কৃষ্ণৰ শৰণাপন্ন হৈছে।
ব্ৰহ্মাই জগতৰ পতি কৃষ্ণক মোহত পেলাবলৈ গৈ নিজেই মোহাবিষ্ট হোৱা ঘটনাটোতে নাটখনৰ যৱনিকা পৰিছেগৈ।

“ৰাস ঝুমুৰা” ৰ বিষয়বস্তু ভাগৱত পুৰাণ আৰু হৰি বংশৰপৰা লোৱা হৈছে।
শৃঙ্গাৰ ৰসৰ আধাৰত ৰচিত নাটখনিত শংকৰদেৱৰ ‘কেলিগোপাল’ নাটখনিৰ প্ৰভাৱ বিদ্যমান।
নাটখনৰ কাহিনী অনুযায়ী কৃষ্ণৰ প্ৰেমত মতলীয়া ৰাধাই এদিন কৃষ্ণৰ সঙ্গ সুখ বিচাৰি তেওঁৰ কান্ধ বগাবলৈ ধৃষ্টতা কৰে আৰু নিজক সকলো গোপীতকৈ সৌভাগ্যশালিনী বুলি অহংকাৰো কৰে।
সিমানতো ক্ষান্ত নহৈ ৰাধাই অকপটে শ্ৰীকৃষ্ণৰ প্ৰতি প্ৰেম নিবেদন কৰি অধৰ মধুপান কৰিবলৈ দিবৰ বাবে কাকূতি কৰাত শ্ৰীকৃষ্ণ সন্তুষ্ট হ’ল আৰু উভয়েই প্ৰেমত নিমগ্ন হৈ ৰাসকেলি কৰি প্ৰেমতৃষ্ণা নিবেদন কৰা ঘটনাৰেই ঝুমুৰাখনিৰ সামৰণি পৰিছে।
“কোটোৰা-খেলাই ” নাটখনত ৰাধা আৰু গোপীৰ লগত কানাই প্ৰমুখ্যে গোপবালকসকলৰ চুপতা-চুপতিয়েহে প্ৰাধান্য লাভ কৰিছে।
নাটৰ কাহিনী অনুযায়ী যমুনাৰ পাৰত শিশুকৃষ্ণ আৰু গৰখীয়াসকলে কোটোৰা খেলি থাকোঁতে ৰাধা আৰু কেইজনীমান গোপীয়ে দধি ভাণ্ড লৈ সেইফালেদি যমুনাৰ ঘাটলৈ যাওঁতে তেওঁলোকে আগছি ধৰে আৰু ঘাট পাৰ কৰোঁৱাই দিয়াৰ বাবে অৰিহণা বিচাৰে।
কৃষ্ণই নিজকে ঘাটৰ ঘাটুৱৈ বুলি পৰিচয় দি গোপীসকলৰ পৰা পঞ্চপাওন আৰু হাতৰ কংকন আদি ঘাটৰ মাচুল ৰূপে দাবী কৰে।
গোৱালীসকলে কয় যে তেওঁলোক সদায় সেই ঘাটেদি অহা-যোৱা কৰি আছে কিন্তু কোনো দিনে কানাইৰ ঘাটৰ কথা শুনা নাই।
কানাইৰ লগৰীয়াসকলে তেতিয়া গোপীকেইজনীক বেৰি ধৰি বাটটি বন্ধ কৰি দিলে।
এনে কাৰ্যত গোপীসকলে বাধা দি কৃষ্ণৰ নাম আৰু জাতিৰ বিষয়ে প্ৰশ্ন কৰিলে।
চতুৰ কানায়ে উত্তৰ নিদি ৰাধা আৰু গোপীসকলক গালি পাৰিলে-
” তুহু গুৱালি হামু গোৱালপৰ্বত বনত খপহোঁ কাল।
এনুৱা কত কত খাই আছোঁ কই।
 যি সোধ তোৰ মায়েৰ গৈ ।। “
কৃষ্ণৰ মুখত এনে অবাইচ কথা শুনি গোপীসকল উলতি যাব খুজিলে যদিও কৃষ্ণ আৰু গোপবালকসকলে তেওঁলোকক বাধা প্ৰদান কৰিলে।
গোপীয়ে জবৰা বাপৰ সহায় বিচৰাত গোপবালকসকলে তেওঁক নগুৰ-নাগতি কৰি খেদিহে পঠিয়ায়।
কংসক গোচৰ দিব বুলি ভীতি প্ৰদৰ্শন কৰিলে যদিও কৃষ্ণই উভতি ধৰিলে ক’লে, – “তোহাৰি কংস ৰাজা হামাৰি কে?”
উপায় নাপাই ৰাধাকে প্ৰমুখ্য কৰি গোপীসকলে কানাইয়ে নৃত্য কৰিলেহে দধি দুগ্ধ লৱণু দিব বুলি ক’লে।
লৱণুৰ আশাত কানায়ে
 ভূৱন-ভুলোৱা নৃত্যৰে কোটোৰা খেল পাতিহে অৱশেষত গোপীসকলৰ পৰা লৱণু আদায় কৰিবলৈ সক্ষম হ’ল।

“কথা-গুৰুচৰিত”ত ৰাস ঝুমুৰা আৰু কোটোৰা খেলা নাট দুখন মাধৱদেৱৰ ৰচনা বুলি উল্লেখ আছে।
মাধৱদেৱৰ ঝুমুৰা কেইখনত বাৎসল্য ভাবৰ প্ৰাধান্য আৰু লঘু বিষয়বস্তুৰ প্ৰয়োগ, এই দুটা প্ৰধান বিশেষত্বৰ উপৰি সৰল হাস্যৰস বিশেষো উপভোগ্য হৈছে।
শংকৰদেৱৰ অংকীয়া নাটকেইখনৰ দৰে ইয়াত আৰম্ভণি ভটিমা আৰু শেষত মুক্তিমঙ্গল ভটিমা নাই।
ঝুমুৰাৰ ভাষা ব্ৰজবুলি যদিও চৰিত্ৰৰ মুখত দিয়া দুই চাৰিটা গীতৰ ভাষা কিন্তু বিশুদ্ধ অসমীয়া।
শংকৰদেৱৰ নাট বা গীতত তেনে অসমীয়াৰ প্ৰয়োগ পিছে নাই।
মাধৱদেৱৰ নাট বা ঝুমুৰাত অসমীয়া ভাষা অতি সাৱলীল ৰূপতে উপস্থাপন কৰা হৈছে।
কৃষ্ণই সাধাৰণ দুষ্ট শিশু একোটিৰ দৰেই উদ্ভণ্ডালি চুৰি, চাতুৰী, ৰোষ আৰু অভিমান আদি কৰিছে যদিও আনক তেওঁৰ ঈশ্বৰত্ব সম্পৰ্কে সচেতন হ’বলৈ দিয়া নাই।
অৱশ্যে, দৰ্শকক কৃষ্ণৰ ঈশ্বৰত্ব সম্পৰ্কে নাট্যকাৰেহে সঘনে সকিয়াই আছে।
সেইবাবেই নাটসমূহত প্ৰবাহিত হৈ আছে এক ভক্তিৰস।
মাধৱদেৱৰ ঝুমুৰা কেইখনৰ আন বিশেষ আকৰ্ষণ হ’ল নৃত্য-গীতৰ প্ৰয়োভৰ।

মাধৱদেৱৰ এই নাটকেইখনত একোটা খণ্ড বা ক্ষুদ্ৰ ঘটনাহে আছে।
এনে ক্ষুদ্ৰ বা খণ্ড কথাবস্তু সংযুক্ত নাটকৰাজিকে পৰৱৰ্তী সময়ত ঝুমুৰা আখ্যা দিয়া হৈছে।
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments