জানুৱাৰী, ১৮৪৬- অসমীয়া সাংবাদিকতাৰ আৰম্ভণি
লেখক- কৌস্তভ মণি
অসমৰ প্ৰথমখন বাৰ্তালোচনী অৰুনোদইয়ে ১৮৪৬ চনত অসমীয়া সাংবাদিকতাৰ সোণালী যুগৰ সূচনা কৰিছিল। ১৮৪৬ খ্ৰীঃৰ জানুৱাৰী মাহৰ পৰা প্ৰকাশ পোৱা বাৰ্তালোচনীখনে সেইসময়ত অসমৰ জাতীয় জীৱনত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শিৱসাগৰৰ ‘মিশ্যন প্ৰেছ’ৰ পৰা ওলোৱা বাতৰিকাকত তথা আলোচনীখনে অসমীয়া ভাষা, সাহিত্য আৰু সাংবাদিকতাৰ এক নতুন ধাৰাৰ সূচনা কৰাৰ লগতে অসম আৰু উত্তৰ–পূৰ্বাঞ্চলক বিশ্বৰ সৈতে সংযোগ কৰিবলৈ সক্ষম হৈছিল।
প্ৰাৰম্ভিক অৱস্থাত, অৰুনোদই কাকত খনৰ কোনো সম্পাদক নাছিল। পিছলৈ ১৮৫০ চনৰ মাৰ্চ মাহৰ পৰা নাথান ব্ৰাউনক সম্পাদক হিচাপে নিযুক্তি দিয়া হয়। বৰ্তালোচনীখন মাহিলী প্ৰকাশিত হৈছিল আৰু ইয়াৰ মুল্য বছৰি এটকা আছিল। বৰ্তালোচনীখন ধৰ্ম, বিজ্ঞান, সংবাদ আৰু সাধাৰণ বুদ্ধিমত্তাৰ প্ৰতি সমৰ্পিত আছিল।
আলোচনীখনৰ লিখকসকলক দুটা ভাগত পৃথক আছিল– খ্ৰীষ্টান আৰু অখ্ৰীষ্টান। খ্ৰীষ্টান লিখকসকল যেনে নাথান ব্ৰাউন, এলিজা ব্ৰাউন, মাইলচ ব্ৰনচন, অলিভাৰ কাটলাৰ, নিধিৰাম ফাৰোৱেল, এ কে গুৰ্নি আদি লেখকসকলে মুখ্যতঃ ধৰ্মীয় বিশ্বাস আৰু বিষয়ৰ ওপৰত তেওঁলোকৰ লেখা বোৰ প্ৰকাশ কৰিছিল।
অখ্ৰীষ্টায়ান লেখকসকলৰ মাজত আছিল, আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, লম্বোদৰ বৰা, ৰত্নেশ্বৰ মহন্ত আদি লেখকসকলে অসমীয়া ভাষা–সাহিত্যৰ বিকাশৰ দিশত তেওঁলোকৰ বহুমূলীয়া মতামত প্ৰকাশ কৰিছিল।
প্ৰথম সম্পাদক নাথান ব্ৰাউনৰ পিছত এ. এইচ. ডেনফৰ্থ, এছ.এম. হুইটিং, উইলিয়াম ৱাৰ্ড, ই.ডব্লিউ. ক্লাৰ্ক, চুজান আৰ ৱাৰ্ড, এ.কে. গাৰ্নিয়ে মাহেকীয়া বৰ্তালোচনীখন সম্পাদনা কৰিছিল।
অৰুনোদইৰ প্ৰকাশকে দ্য টাইমছ অৱ লংকা, দ্য লাহোৰ ক্ৰনিকল, দ্য টাইমছ অৱ লণ্ডন, সামাচাৰ দৰ্পন, ফ্ৰেণ্ডছ অৱ ইণ্ডিয়া, দ্য দিল্লী গেজেট, আগ্ৰা মেচেঞ্জাৰ আদি বাতৰি কাকতৰ পৰা তথ্য সংগ্ৰহ কৰি সেইবোৰ অসমীয়ালৈ অনুবাদ কৰি পাঠকলৈ আগবঢ়াইছিল। প্ৰথমখন অসমীয়া বাতৰিকাকত তথা আলোচনীখন শেষ বাৰৰ বাবে ১৮৮০ চনত প্ৰকাশিত হৈছিল।
উল্লেখ্য যে, ১৭৫ বছৰ পুৰণি বৰ্তালোচনীখনৰ প্ৰতিলিপি বৰ্তমান পানবজাৰৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰত প্ৰদৰ্শিত কৰি ৰখা হৈছে। তদুপৰি, কিছু প্ৰতিলিপি অক্সফৰ্ড বিশ্ববিদ্যালয় পুথিভঁৰাল, কলকাতাৰ ৰাষ্ট্ৰীয় পুথিভঁৰাল, ব্ৰিটিছ সংগ্ৰহালয় আৰু কেমব্ৰিজ বিশ্ববিদ্যালয় পুথিভঁৰালত সংৰক্ষণ কৰা আছে।