চাৰ্ছ ইঞ্জিনত শংকৰদেৱ

লেখক- ড°শিৰোমণি ভূঞা

অসমীয়া কলা-সংস্কৃতি তথা আৱেগ-অনুভৱ সদায়েই জড়িত হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাৰেৰহণীয়া সৃষ্টিশীলতাত। পিছে পৰিতাপৰ কথা এই যে শ্ৰীমন্ত শংকৰদেৱক সততে ধৰ্মপ্ৰচাৰকৰ গণ্ডীত আবদ্ধ কৰি ৰখাৰ এক সংকীৰ্ণ প্ৰয়াস কৰা যায় । পিছে সাম্প্ৰতিক পৰিস্থিতিত এগৰাকী সংস্কাৰক, জীৱন বীক্ষা প্ৰচাৰক তথা সাংস্কৃতিক জাগৰণৰ অগ্ৰদূত হিচাপে তেখেতক অধিক প্ৰক্ষেপন কৰাৰ সময় সমাগত । তেখেতৰ লগতে মাধৱদেৱ তথা সমসাময়িক লেখকসকলৰ সাহিত্য কীৰ্তিক মূলসূতিৰ পৰা নিলগত নাৰাখি প্ৰকাশ আৰু সাহিত্য মানৰ দিশেৰে বিবেচনা কৰাৰ প্ৰয়োজন আছে । প্ৰাচীন বৈষ্ণৱ সাহিত্যৰ অকল আছুতীয়া কক্ষত এই সাহিত্য থৈ দিয়া অনুচিত। এয়া কেৱল সাহিত্য অধ্যয়ন কৰা ছাত্ৰ বা নিচেই কমসংখ্যক সম্পৰ্কিত ব্যক্তিৰ বিষয়ো নহয় । একেদৰে সমাজ বৈজ্ঞানিক দৃষ্টিকোণেৰেও তেখেতৰ অৱদানক আমি গভীৰ অন্তৰ্দৃষ্টিৰে অনুভৱ কৰি গ্ৰহণ কৰাটো বিশেষকৈ অসমবাসী ৰাইজৰ বাবে আজিৰ তাৰিখত বেছি গুৰুত্বপূৰ্ণ বুলিও আমি অনুভৱ কৰোঁ । সেয়েহে শ্ৰীমন্ত শংকৰদেৱৰ সামগ্ৰিক কৰ্মক সামৰি এক অধ্যয়ন বিপ্লৱৰ সূচনা কৰাটো অসমীয়া জাতিৰ বাবেই এক গুৰুত্বপূৰ্ণ বিষয় হিচাপেও আমি অভিহিত কৰিব পাৰোঁ।

অস্তিত্ব বিপন্নৰ সন্ধিক্ষণত শ্ৰীমন্ত শংকৰদেৱৰ সৈতে সম্পৰ্কিত উপযুক্ত সমলসমূহৰ প্ৰচাৰ প্ৰসাৰ কৰি জাতি সত্বাৰ বিকাশ আৰু প্ৰসাৰ কৰাটো আমাৰ এক পবিত্ৰ কৰ্তব্য বুলি গণ্য কৰি এই কৰ্তব্যক সাকাৰ ৰূপ দিয়াটো হয়তো আজি আমাৰ নিতান্তই আৱশ্যকীয়‌। আজিৰ ‘গুগল’ৰ পৃথিৱীত কথাবোৰ অধিক নতুন ৰূপত তুলি ধৰাৰ প্ৰয়োজন হৈছে । তেনে অৱস্থাত চাৰ্ছ ইঞ্জিনত বিচাৰিলেই পোৱাকৈ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, ভট্টদেৱ আদিৰ সম্পৰ্কে হাজাৰ হাজাৰ উপযুক্ত লেখা আমি প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগে । শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সাহিত্য কীৰ্তি, ভাওনা সংস্কৃতি, গীত মাত, সুৰ তাল লয়, দৰ্শন আদিৰ সম্পৰ্কে বিভিন্ন মাধ্যমত চৰ্চা হৈ আছে । লেখা মেলা হৈ আছে। দৃশ্য শ্ৰাব্য সমলো যথেষ্ট হৈছে । তৎস্বত্বেও গুগলৰ বিশাল পৰিধিত এয়া তেনেই নগন্য । উদাহৰণস্বৰূপে শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য সৃষ্টি ভাওনা সংস্কৃতিৰ বিষয়ে গুগলৰ দৰে চাৰ্ছ ইঞ্জিনত আমি বিচাৰিলেই সকলো সমল হাততে পোৱাকৈ উপলব্ধ কৰাটো প্ৰয়োজন হৈছে । আমাৰ মাতৃভাষা আৰু অন্যান্য ভাষাত সমানে এই সমলবোৰৰ উপলব্ধতা বৃদ্ধি কৰিব লাগিব । কিন্তু ভাওনাৰ লগত জড়িত প্ৰতিটো কী-ৱৰ্ড তথা ইয়াৰে সম্পৰ্কিত লেখাৰ সংখ্যা এতিয়াও বহু কম । তেনে অৱস্থাত ভাওনাৰ বিষয়েই হওক বা শংকৰদেৱৰ অন্যান্য অৱদানৰ বিষয়েই হওক আমি বহু কাম কৰিব লগা আছে। তেনে এক প্ৰেক্ষাপটৰ প্ৰতি লক্ষ্য কৰিয়েই এই সংখ্যা ‘সাহিত্য ডট অৰ্গ’ত নিয়মীয়া শিতানসমূহৰ লগতে শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি ভাওনাৰ বিষয়ে কিছু সামৰি লোৱা হৈছে।

এতিয়া আহো শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কীয় অন্যান্য বিষয়লৈ । একশৰণ নাম ধৰ্ম বা একশৰণ বৈষ্ণৱ ধৰ্ম বা অন্যান্য যি অভিধাৰে নকও লাগে, তেখেতে অসমৰ মানুহক আধ্যাত্মিকতা উপলব্ধি কৰিবলৈ শিকাইছিল, নিস্কাম ভক্তিৰ পথ দেখুৱাইছিল । ইয়াত জাপি দিয়াৰ নীতি নাছিল । বিশাল সনাতনী পৰম্পৰাৰ এক অংশীদাৰত্ব ৰাখি সংস্কাৰী তথা সাংস্কৃতিক মূল্যবোধেৰে উত্তোলন কৰাৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ নিশ্চয়কৈ বৃহৎ অৱদান আছে । সেয়া অৱজ্ঞা কৰাৰ প্ৰশ্ন নুঠে । কিন্তু পন্থ পাৰ্থক্যৰ দোদুল্যমান অৱস্থাটোৰ বাবে কিছু সংখ্যক লোকৰ মাজত ‘শ্ৰীমন্ত শংকৰদেৱ কেন্দ্ৰীক চেতনা’ৰ প্ৰতি এক অনাদৰ পৰিলক্ষিত হৈছে। আনফালে শংকৰদেৱৰ ওপৰত দেৱত্ব আৰোপ কৰি তেখেতক বা তেখেতৰ সৃষ্টিক থাপনাৰ ভিতৰতে আৱদ্ধ কৰি ৰখাৰ প্ৰৱণতাও অনুভূত হৈছে। সেয়েহে শংকৰদেৱ চৰ্চাৰ গতিধাৰাৰ বিশেষ কেতবোৰ বিষয় স্পষ্ট কৰি দিয়াৰ প্ৰয়োজন আছে। আশৈশৱ কিছুসংখ্যক বাৰ্তালোচনী যেনে মণিকাঞ্চন, চিন্তামণি আদিৰ জৰিয়তে শংকৰদেৱ সম্পৰ্কত নিয়মীয়াকৈ পঢ়াৰ এক সুযোগ আমাৰ বহুতেই পাইছে । শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কীয় শতাধিক গ্ৰন্থ ইতিমধ্যে ৰচনা কৰা হৈছে। তাৰে এক বুজন সংখ্যক গ্ৰন্থ গৱেষণামূলক দৃষ্টিকোণেৰে প্ৰণয়ন কৰি এইসমূহ গ্ৰন্থত তেখেতৰ সৃষ্টিৰ মূল্যায়ন তথা সমগ্ৰ সত্ৰীয়া তথা শংকৰী সংস্কৃতিক বিজ্ঞানসন্মত ভাবে অধ্যয়ন কৰা হৈছে । তাৰ পিছতো কিছুসংখ্যকৰ মাজত শংকৰদেৱক উপেক্ষা কৰাৰ ধাৰণাটো ক’ৰবাত ক’ৰবাত কেনেকৈ জন্ম হয় সেয়া ভাবি চাবলগীয়া । প্ৰশ্ন হয়, অসমৰ ঠাইভেদে থকা পন্থ পাৰ্থক্য, জনগোষ্ঠীয় সাংস্কৃতিক পাৰ্থক্য তথা সামাজিক-ৰাজনৈতিক মেৰুকৰণৰ চেপাত শংকৰী দৰ্শন এটা সৰু বাকচৰ মাজত চেপা খাই আছে যেন আমাৰ ভাব হৈছে।

শান্তিৰ জীৱন এটা বিচাৰিবলৈ, চাপমুক্ত জীৱন এটা যাপন কৰিবলৈ, অহিংস সংযোগ প্ৰতিষ্ঠা কৰিবলৈ আৰু মূল্যবোধ পৰিগ্ৰহণ কৰিবলৈ শংকৰদেৱ নামৰ ব্যক্তিজনক আমি এই মুলুকতে পাইছো। প্ৰকৃতি তথা সমতুল পাৰিপাৰ্শ্বিক অৱস্থা এটা বৰ্তাই ৰাখিবলৈও শংকৰদেৱে আমাক শিকাই থৈ গৈছে । বিশ্ব দৰবাৰ নামৰ আপাত ধাৰণাটো বিশ্বায়নৰ যুগত সদা উচ্চাৰিত। কিন্তু শ্ৰীমন্ত শংকৰদেৱক বিশ্ব দৰবাৰলৈ নিম বুলি ভাবি থাকোতে ঘুৰি ঘুৰি দেখা পোৱা যায় যে অসম মুলুকতে শংকৰদেৱ অধ্যয়ন সম্পৰ্কীয় কিবা এটা যেন এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই । একধৰণৰ অন্তঃ ঔপনিৱেশিক চাপেও এই দশাক অৰিহণা যোগাই আহিছে । মহেশ্বৰ নেওগ, সত্যেন্দ্ৰনাথ শৰ্মা, বিৰিঞ্চি কুমাৰ বৰুৱা,ডিম্বেশ্বৰ নেওগ, লক্ষ্মীনাথ বেজবৰুৱা, ভূপেন হাজৰিকাকে আদি কৰি সকলোৱে শংকৰদেৱক মুক্ত ৰূপত তুলি ধৰাত কাৰ্পণ্য কৰা নাছিল । উদাহৰণস্বৰূপে সত্যেন্দ্ৰ নাথ শৰ্মাৰ ‘The Neo Vaishnavite Movement and the Satra Institution of Assam’ ত বৈষ্ণৱ আন্দোলনৰ পাৰ্শ্বপট, সাংস্কৃতিক জাগৰণ, সত্ৰৰ ভূমিকা আদি সম্পৰ্কে নিৰপেক্ষ ৰূপত বিচাৰ কৰা হৈছে । সকলোখিনি পঢ়ি চালে অথবা চৰিত পুথিবোৰৰ কথাবোৰ ফহিয়াই চালে সমগ্ৰ ইতিহাসে শ্ৰীমন্ত শংকৰদেৱক আৱদ্ধ চেতনাৰ পৰিধিত প্ৰক্ষেপ কৰিছে বুলিও ক’ব নোৱাৰি। তথাপি ক’ৰবাত অলপ কষ্ট কৰিব লগা আছে।

কোনোবাই ক’ব পাৰে যে এইখিনি নহ’লেও আমিটো জীয়াই থাকিব পাৰো। অৰ্থনীতি আৰু প্ৰযুক্তিক সম্বল কৰিয়েই আমিটো জীৱন যুজত নামিছো । কিন্তু আমাৰ চিন্তাৰ জগতখনক যে বিভিন্ন শক্তিয়ে প্ৰভাৱিত কৰি আছে, সেই কথা আমি পাহৰি যোৱা উচিত নে? মনুষ্য মনৰ জটিলতাত পংকিলতাই বাহৰ পাতি পাতি আমাক কোন মূহুৰ্তত অমানৱীয় কৰি তোলে সেয়া আমি বিচাৰ কৰিবলৈ এজন যোগ্য অসম সন্তানক পাইছো। অসংখ্য দাৰ্শনিক চেতনাৰ মাজত একক হৈ শংকৰদেৱৰ দৰ্শনে আমাক এটা সঠিক পথ দেখুৱাব পাৰে। তেন্তে শংকৰদেৱক অৱজ্ঞা কৰো কেনেকৈ! সেয়ে শ্ৰীমন্ত শংকৰদেৱ জাগৰণৰ প্ৰয়োজনীয়তা আছে । প্ৰথমে অসমখনত এই পৰিপূৰ্ণতা আহিব লাগিব । সমান্তৰাল ভাবে বিশ্বমুখী প্ৰচাৰ অব্যাহত ৰাখিব লাগিব। কেৱল ধৰ্মৰ পৰিধিতে নহয়, জীৱন দৰ্শনৰ ব্যাপকতাৰে তেওঁক বুজাৰ বাবে প্ৰজন্মক উৎসাহিত কৰা দৰকাৰ। আমাৰ উপাসনাৰ পন্থ যিয়েই নহওক, সকলোকে উদ্দেশ্য কৰি শংকৰদেৱ অধ্যয়ন সম্পৰ্কীয় দুৱাৰখন খুলি দিব পাৰি । শংকৰদেৱে সহজবোধ্য সাহিত্য দিছে, গীত মাত দিছে, নাট্যকলা দিছে, প্ৰকৃতি জ্ঞান দিছে, মানৱ প্ৰেমৰ পথ দিছে ।

এই অৱদানসমূহৰ ভিতৰত তেখেতৰ বিশেষ নাট্যৰীতি ভাওনাক সমগ্ৰ সাংস্কৃতিক আন্দোলনটোৰ এক মহান বৈভৱ বুলি অভিহিত কৰিব পৰা যায়। গীত মাত,বাদ্য, সুৰ তাল লয়, নৃত্য আদি সকলো উপাদান এই ভাওনা পৰম্পৰাত প্ৰতিফলিত হয় । অংকীয়া নাট ভাওনাৰে আৰম্ভ হোৱা এই মহাজাগৰণ আজি পত্ৰে -পুস্পে বিকশিত হৈ মাতৃভাষাৰ ভাওনাৰ পৰ্যায় পাইছেহি । বিভিন্ন অঞ্চলত বৰ্তমানেও পূৰ্বৰ ধৰণে ব্ৰজাৱলী ভাষাৰ ভাওনা অনুষ্ঠিত হৈ আহিছে । শংকৰ-মাধৱ গুৰু দুজনাৰ দ্বাৰা ৰচিত ব্ৰজাৱলী ভাষাৰ নাটসমূহৰ উপৰিও বিভিন্ন সময়ত বিভিন্ন নাট্যকাৰসকলে লিখি উলিওৱা মাতৃভাষাৰ নাটসমূহৰ ভিত্তিত বৰ্তমান ভাওনা অনুষ্ঠিত হৈ আহিছে। এই মাতৃভাষা ভাওনাৰ নাটসমূহতো কিন্তু এতিয়াও প্ৰাচীন সাহিত্যৰ ভাব ভাষা সঞ্চাৰিত হৈ আছে । আচলতে ভাওনা সম্পৰ্কীয় বহু লেখা মেলা প্ৰান্তে প্ৰান্তে বিভিন্ন মাধ্যমত হৈ আছে, দৃশ্য শ্ৰাৱ্য মাধ্যমতো বহু সমল এতিয়া উপলব্ধ। কিন্তু ‘গুগল’ৰ বিশাল সাম্ৰাজ্যৰ বাবে এয়া নগণ্য । নিজৰ ভাষাটোতে এই সমলৰ অভাৱ বাৰুকৈয়েই পৰিলক্ষিত হয় । আন্তৰ্জাতিক ভাষাত অধিক প্ৰসাৰণৰ প্ৰয়োজনটো আছেই।

আনহাতেদি ভাওনা সংস্কৃতিৰ দৰে পৰিৱেশ্য কলাৰ আয়োজন গোটেই অসমজুৰি হোৱাটো বাঞ্চনীয়। এটা কথা দেখা যায় যে আমাৰ অসমৰ বহু সাংস্কৃতিক সমল অঞ্চল বিশেষে সীমাবদ্ধ হৈ আছে । অসমৰ এটা প্ৰান্তৰ মানুহে আন এটা প্ৰান্তত নিৱিষ্ট হৈ থকা লোককলা বা অন্যান্য পৰিৱেশ্য কলাসমূহ আয়ত্ত কৰা,বিনিময় কৰাৰ এক আন্দোলন হোৱাৰ দৰকাৰ । কেৱল ভাওনাৰ প্ৰসাৰেই নহয়, অসমৰ সকলো নাট্য পৰম্পৰা যেনে ওজা পালি,যাত্ৰা আদিৰ পৰা আৰম্ভ কৰি লোক উৎসৱসমূহ অন্তঃকৰণেৰে ল’ব পাৰিব লাগিব । পৰাপক্ষত এইসমূহৰ পৰিৱেশন ৰীতি শিকিব লাগে সকলোৱে । কোনো পৰিস্থিতিতেই অসম পৰিচয়টো আঞ্চলিক বৈষম্যৰে ঢাকি পেলাব নালাগে । শ্ৰীমন্ত শংকৰদেৱ এই সমন্বয়ৰ এগৰাকী অগ্ৰদূত আছিল, আছে আৰু থাকিব । সেই মহাপুৰুষক সুৱৰি আমিও নিশ্চিত কৰিব পাৰো আমাৰ আৰু ভবিষ্যত প্ৰজন্মৰ বাবে সংস্কৃতি তথা গৰিমাৰ বহুল প্ৰসাৰ । শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ সৃষ্টি আৰু আদৰ্শৰ মণিকূট থাপিব লাগিব বিশ্ববাসীৰ বুকুত আৰু সেইয়া কৰিবলৈ হলে ‘গুগল’ অথবা অন্যান্য মাধ্যমত আমি বিকশিত কৰিব লাগিব গুৰুজনাৰ আদৰ্শ আৰু সাংস্কৃতিক সৃষ্টিক।

ডঃ শিৰোমণি ভূঞা

সম্পাদক

সাহিত্য ডট অৰ্গ

একাদশ বৰ্ষ, পঞ্চম সংখ্যা

 

এই সংখ্যাটোৰ আঁৰত-

‘সাহিত্য ডট অৰ্গ’ৰ একাদশ বৰ্ষৰ তৃতীয় সংখ্যাটিৰ আঁৰত থাকি সহায়-সহযোগিতা আগবঢ়াই যোৱা সকলো সদাশয় ব্যক্তিলৈকে সম্পাদকৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷

সাক্ষাৎকাৰ গ্ৰহণৰ সময়ত উপস্থিত থাকি সহায় কৰিলে কলচুম বিবি, শ্ৰীবিকাশ দত্ত আৰু শ্ৰীঅভিজিত দত্তই।

লেখাসমূহৰ বৰ্ণাশুদ্ধি নিবাৰণ কৰি সহযোগিতা আগবঢ়ালে শ্ৰীমৃদুল কুমাৰ শৰ্মা, শ্ৰীউজ্জল দিপ্লু গগৈ, কলচুম বিবি, শ্ৰীবিকাশ দত্ত, শ্ৰীমণ্টু কুমাৰ বৰঠাকুৰ, শ্ৰীমাধুৰ্য্য গোস্বামী, ডঃ মণ্টু কুমাৰ বৰা আৰু শ্ৰীমিণ্টু বৰাই।

লেখা সংগ্ৰহ কৰাত সহযোগ কৰিলে শ্ৰীৰেৱত মহন্তই৷

কাৰিকৰী দিশত সহায়-সহযোগিতা আগবঢ়ালে ক্ৰমে শ্ৰীমৃদুল কুমাৰ শৰ্মা, ড° দ্বীপজ্যোতি বৰা আৰু ড° মনোজ মন কলিতাই৷

‘অসমীয়াত কথা বতৰা’ গোটৰ আমাৰ শ্ৰদ্ধেয় লেখক-লেখিকাসকল আৰু সদস্য-সদস্যাসকললৈও আমি বিশেষ কৃতজ্ঞতা জনালোঁ।
ধন্যবাদ৷

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
MANIRUL ISLAM
1 month ago

ভাল লাগিল পঢ়ি

Arup Roychoudhury
12 days ago

ভাল লাগিছে।