আৰাধনা, এন ইভিনিং ইণ পেৰিছ, অৰণ্যেৰ দিনৰাত্ৰি

লেখক- ড° দীপশিখা ভাগৱতী

(১)

শৰ্মিলা ঠাকুৰ, ৰাজেশ খান্না অভিনীত আৰু শক্তি সামন্তৰ দ্বাৰা পৰিচালিতআৰাধনা”(১৯৬৯) ছবিখন নোচাৱা মানুহ ছাগৈ খুব কম আছে। মেৰে চপনো কী ৰাণী, ৰূপ তেৰা মস্তানা, কোৰা কাগজ থা য়ে মন মেৰা আদি চুপাৰহিট মেলডী আজিও শ্ৰোতাৰ মাজত সমানেই জনপ্ৰিয়। ফিল্মখন ১৯৪৬ চনত মুক্তিলাভ কৰা আমেৰিকান চিনেমাটু ইচ্ছ হিজ অওনৰ আলমত নিৰ্মিত হৈছিল।টু ইচ্ছ হিজ অওনব্লকবাষ্টাৰ ফিল্ম আছিল আৰু একাডেমী বঁটাৰে সন্মানিত হৈছিল। পৰিচালক আছিল মিট্চেল লেইচেন। 

দৃষ্টি নামৰ এখন উপন্যাস পঢ়িছিলো। লেখকজনৰ নামটো মোৰ তৰুণ ভাদুড়ী বুলি মনত পৰে, কিন্তু খোকোজা লাগি আছে হয়নে নহয়। উপন্যাসখনৰ বেটুপাতটোত এটা চকু অঁকা আছিল, কাহিনীটো আৰাধনাৰ দৰে বহুখিনি একে। সন্তানটোৰ নাম কৰ্ণ আছিল বুলি ভালদৰেই মনত আছে আৰু যিটো চৰিত্ৰৰ শৰ্মিলা ঠাকুৰৰ প্ৰেমিক ৰাজেশ খান্নাৰ চৰিত্ৰৰ সৈতে মিল আছে, তেওঁ উপন্যাসখনত চিকিৎসক আছিল। 

কথাটো মোৰ মনলৈ আহি আছে বাবে লিখিলো। 

আৰাধনাত যেতিয়া প্ৰেমিক ৰাজেশ খান্না আৰু শৰ্মিলা ঠাকুৰৰ পিতৃৰ অগা পিছাকৈ মৃত্যু হয় আৰু শৰ্মিলা ঠাকুৰ অন্তঃসত্ত্বা অৱস্থাত থাকে, তেতিয়া বেকগ্ৰাউণ্ডত শচীন দেৱবৰ্মণৰ কণ্ঠত এটা গীত বাজে

কাহেকো ৰোয়ে/

চফল হোগী তেৰী আৰাধনা/ কাহেকো ৰোয়ে। 

দিয়া টুটে তো হে মাটি/ জ্বলে তো য়ে জ্যোতি বনে/

বহে আঁসু তো হে পানী/ ৰুকে তো য়ে মোতী বনে। 

কাহেকো ৰোয়ে। 

এই গীতটি আটাইতকৈ প্ৰিয়। বহু কাৰণত। 

(২)

অত্যন্ত ক্লাচী, সুন্দৰী শৰ্মিলা ঠাকুৰ আছিল ভাৰতীয় চলচ্চিত্ৰত অন স্ক্ৰীন টু পিছ বিকিনি পিন্ধা প্ৰথমগৰাকী অভিনেত্ৰী, যিয়ে ১৯৬৬ ত এখন আলোচনীৰ ফটো শ্বুটৰ বাবে প্ৰথম বাৰ এই সাজ পিন্ধিছিল। ১৯৬৭ চনত মুক্তিপ্ৰাপ্তএন ইভনিং ইন প্যেৰিছতো তেওঁ বিকিনি পিন্ধা দৃশ্য আছে। কিন্তু আচৰিভাৱে তাত কোনো অশ্লীলতা নাছিল। বৰঞ্চ ভাৰতীয় চিনেমাৰ ইতিহাসত সেই সুন্দৰ বল্ড অৱতাৰে এক অভূতপূৰ্ব গ্লেমাৰ আনি দিছিল। 

অকল গ্লেমাৰাছ চৰিত্ৰতে নহয়, সত্যজিৎ ৰায়ৰ অৰণ্যেৰ দিন ৰাত্ৰি আৰু অপুৰ সংসাৰতো শৰ্মিলা ঠাকুৰৰ অভিনয় বাংলা চিনেমাৰ এক উদযাপিত মাইলষ্টন। 

(৩)

অৰণ্যেৰদিনৰাত্ৰিআৰু কিছু কথা 

সুনীল গঙ্গোপাধ্যায়ৰ একে নামৰ উপন্যাসৰ আধাৰত, ১৯৭০ চনত সত্যজিত ৰায়ৰ হাতেৰে নিৰ্মিত হৈছিল এখন সৰ্বকালৰ মাষ্টাৰপিছ– “অৰণ্যেৰ দিন ৰাত্ৰি।বাংলা চিনেমাৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবেকাৰ্ণিভেলেস্কটেকনিকৰ ব্যৱহাৰৰ যোগেৰে ৰায়ে এক নতুন সাহিত্যিক প্ৰযুক্তিৰ সূচনা কৰিছিল। কাৰ্ণিভেলেস্ক ৰ অৰ্থ হৈছে হাস্য আৰু বিশৃংখল পৰিবেশৰ চিত্ৰায়ণৰ মাজেৰে প্ৰকৃত সত্যত আলোকপাত কৰা। ই প্ৰভাৱশালী পৰিবেশ আৰু ধাৰণাৰ পাৰম্পৰিক আনুমানিক সত্যৰ বিৰূদ্ধে দ্ৰোহ ঘোষণা কৰিছিল, অৰ্ধসত্যক মুক্তি দিছিল আৰু কাহিনীৰ সত্যতাক এই বিশৃংখলাৰ মাজেৰেই এক শৃংখল সত্যৰ ৰূপ দিবলৈ প্ৰয়াস কৰিছিল। এই কাৰ্ণিভেলেস্ক প্ৰযুক্তিৰ বিষয়ে ৰুছ দাৰ্শনিক, লেখক মিখাইল বাখটিনে তেওঁৰপ্ৰব্লেমছ অব দস্ভয়েভস্কিজ পয়েটিকছ”‌(১৯২৯) শীৰ্ষক গ্ৰন্থত, থিয়ডৰ দস্তয়েভস্কিৰ সুবিখ্যাত উপন্যাসসমূহত এই বিশেষ প্ৰযুক্তিৰ ওপৰত তেখেতৰ ব্যৱহাৰিক দক্ষতাৰ ওপৰত সূক্ষ্মভাৱে আলোকপাত কৰিছিল।অৰণ্যেৰ দিন ৰাত্ৰিয়ে‌ ৫১ বছৰ পূৰ্ণ কৰিলে। 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments