সাক্ষাৎকাৰ: ড° অনিল শইকীয়া

লোকসংস্কৃতিৰ বিশিষ্ট গৱেষক, মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° অনিল শইকীয়াদেৱৰ সৈতে সাহিত্য ডট অৰ্গৰ সাক্ষাৎকাৰ।
সাক্ষাৎ গ্ৰহণ – ড° অভিজিৎ দত্ত, কলচুম বিবি, বিকাশ দত্ত আৰু ড°শিৰোমণি ভূঞা।
(শিক্ষাবিদ ড° অনিল শইকীয়াই এইবাৰৰ সাহিত্য ডট অৰ্গৰ অন্যতম মূল বিষয় ভাওনা সংস্কৃতিৰ বিভিন্ন দিশসমূহ তেখেতৰ আশৈশৱ অভিজ্ঞতা আৰু পৰৱৰ্তী সময়ৰ গৱেষণামূলক সঞ্চয়নৰ জৰিয়তে প্ৰাপ্ত কথাবোৰ এই সাক্ষাৎকাৰত প্ৰকাশ কৰিছে। তেখেতৰ বৰ্ণময় শৈশৱ, কৰ্মময় জীৱন তথা অভিভাৱক হিচাপে তেওঁৰ অনুভৱসমূহেও এই সাক্ষাৎকাৰত ঠাই পাইছে। উল্লেখ্য যে তেওঁৰ একমাত্ৰ সন্তান অনুৰাগ শইকীয়াই এগৰাকী প্ৰতিভাশালী সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজলাবলৈ সক্ষম হৈছে। এনে সকলো কথা সামৰি এই সংখ্যাৰ সাক্ষাৎকাৰৰ সম্পাদিত অংশ তলত উল্লেখ কৰা হ’ল। সাক্ষাৎকাৰটোৰ বাণীৱদ্ধ ৰূপো ইয়াত সংযোগ কৰা হ’ল।)

সাহিত্য ডট অৰ্গঃ ছাৰ, নমস্কাৰ। আমি এই সংখ্যাৰ সাহিত্য ডট অৰ্গৰ বাবে এক অন্যতম প্ৰধান বিষয় হিচাপে ভাওনা সংস্কৃতিৰ কথা সামৰি লৈছোঁ। সেই অনুসাৰে আপোনাক এগৰাকী সংস্কৃতিৰ গৱেষক ব্যক্তি হিচাপে কিছু কথা সুধিম। তদুপৰি আপোনাৰ বিষয়েও আমি কিছু জানিবলৈ চেষ্টা কৰিম। ছাৰ বিষয়বস্তুৰ গভীৰলৈ যোৱাৰ আগতে এটা কথা সুধিব বিচাৰিছোঁ যে ভাওনা তথা অন্যান্য কলা সংস্কৃতিৰ দিশটোৰ প্ৰতি কেনেকৈ আপুনি আকৰ্ষিত হ’ল। এই কলা সংস্কৃতিৰ সৈতে ওতপ্ৰোত সম্পৰ্কৰ ক্ষেত্ৰৰ শৈশৱৰ কোনো কথা জড়িত আছে নেকি বা বিশেষ কোনো অভিজ্ঞতা আমাক ব্যক্ত কৰিব নেকি?

ড° অনিল শইকীয়াঃ মোৰ যিখন গাঁ‌ৱত জন্ম, সেই গাওঁখনৰ নাম ৰংদৈ দগাঁও। এই গাঁওখন যোৰহাটৰ নিমাতিৰ ওচৰত। আমি ওপজাৰ সময়খিনিত আমাৰ গাঁওখন দুটা সংস্কৃতিৰ কাৰণে বৰ বিখ্যাত বুলি নকৈয়ো কওঁ যে দুটা সংস্কৃতিয়ে ৰজনজনাই থাকে। তাৰে এটা সংস্কৃতি হৈছে বিহু আৰু আনটো হৈছে বৈষ্ণৱ সংস্কৃতি বা শ্ৰীমন্ত শংকৰদেৱৰ সংস্কৃতি। এনেকুৱাও হয়, কোনো কোনো বাৰ আমাৰ গাঁ‌ৱত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱত ১৫ খনলৈকে ভাওনা হোৱাৰ উদাহৰণ আছে। অৱশ্যে সেয়া মই যি সময়ৰ কথা কৈছোঁ, সেয়া ঠিক ১৯৬০ চনৰ পৰা ১৯৭৫ চন মানলৈকে সময়ছোৱাৰ কথা কৈছোঁ। সেই সময়ছোৱাত এই দুটা সংস্কৃতিয়েই যেতিয়া ৰজনজনাই থাকে। আমি সেই বিহু আৰু বৈষ্ণৱ সংস্কৃতিৰ মাজতেই ডাঙৰ হ’লোঁ। গতিকে ভাওনাৰ যিটো মূল শৈলী, সত্ৰীয়া শৈলী বা অংকীয়া ভাওনাৰ যি শৈলী, সেই শৈলীটো শাস্ত্ৰসন্মত, শৃংখলাৱদ্ধ। কিন্তু আমি গাঁ‌ৱত থাকোঁতে ইমান শৃংখলাবদ্ধভাৱে শিকিবলৈ পোৱা নাছিলোঁ। কিন্তু গাঁ‌ৱত যেনেকৈ এইখিনি কৰিছিল, তেনেকৈয়ে শিকিছিলোঁ। গাঁ‌ৱৰ আমাৰ সেই মহানসকলে যাৰ অসাধাৰণ মেধা শক্তি আছিল, প্ৰখৰ স্মৃতিশক্তি আছিল, তেখেতসকলে এটা অভিনৱ ধৰণে আমাক খোলৰ বোল বিলাক শিকাইছিল, অভিনৱধৰণে ভাওনাত গোৱা গীত-মাত শিকাইছিল আৰু ৰাগৰ পাৰ্থক্যবোৰ শিকাইছিল। সেই অভিনৱ ধৰণটো ইমান মনোগ্ৰাহী যে আমি সৰুতেই তালবিলাক যেনে একতাল, যতিতাল, পৰিতাল, ৰূপক তাল, সৰু বিষম, বৰ বিষম এইবিলাক আমি বিশিষ্ট ধৰণে শিকিবলৈ পাইছিলোঁ। সেই ধৰণবিলাকৰ বিষয়ে যদি আপুনি কথা পাতে, কেনেকৈনো শিকিছিলোঁ, সেই কথাবোৰ আমি পাতিব পাৰিম। আচলতে আপোনালোকে সোধাৰ ধৰণে মোৰ শিকাৰ গতি এই অৱস্থাৰ পৰা আৰম্ভ হৈছিল বুলি ক’ব পাৰি। 

সাহিত্য ডট অৰ্গঃ সেইখিনি সময়ত ছাৰ, সেই মহানসকলৰ পৰা আপুনি যেতিয়া এই বিষয়বোৰ শিকা আৰম্ভ কৰিলে। তেনে সময়ত বিশেষধৰণে কোনো সত্ৰীয়া সংস্কৃতিৰ সাধকৰ পৰা আপুনি বোধকৰো বিশেষভাৱে উপকৃত হৈছিল। তেওঁলোকৰ কথা ক’ব নেকি?

ড° অনিল শইকীয়াঃ আমি তেনেসকলক বায়ন বুলি কওঁ। আমাৰ বায়নসকলৰ পৰা শিকা হৈছিল। 

সাহিত্য ডট অৰ্গঃ কিবা স্মৰণীয় ঘটনা আছিল নেকি ছাৰ বায়নসকলৰ সৈতে শিকি থকা সময়ত?

ড° অনিল শইকীয়াঃ স্মৰণীয় মানে প্ৰত্যেকটো দিনেই স্মৰণীয়। আচলতে আমাৰ যে সেই শিক্ষণ পদ্ধতি, সেই পদ্ধতিয়েই স্মৰণীয়। প্ৰত্যেকদিনাই কিবা এটা এটা নতুন শিকাই আমাক। ধৰি লওক এটা তাল শিকাইছে। ধৰি ল’লোঁ- পৰিতাল। ৰাগ শিকাইছে, আসোৱাৰ শিকাইছে বা কানাড়া শিকাইছে। ভাওনাত এই দুটা ৰাগো। বৰগীততো লাগে। এই শিকোৱাৰ যিটো শৈলী, যেনে পৰিতাল, একতাল, এইসমূহ একেবাৰে শাস্ত্ৰসন্মত তাল। ঢোলৰ তাল এটা যেনে তাঘিণ ঘেনিটাক, ঘেন ঘেন ঘেনিটাক আদি তালবোৰ বেলেগ বেলেগ জেগাত বেলেগ ধৰণে বজাই বা মাত্ৰা বিভাজন কৰিব পাৰে কিন্তু খোলৰ তালটো সত্ৰভেদে দুই এক মাত্ৰাৰ পাৰ্থক্য থাকিব পাৰে, ধৰক পৰিতালটো কমলাবাৰীত একৈশ মাত্ৰা, আন কিছুমান সত্ৰত চৈধ্য মাত্ৰা। হ’লেও লক্ষ্য কৰিব, সাত সাতকৈ এই মাত্ৰাবোৰ গৈছে। তাৰ মূল কথাটো হৈছে চাপৰিটো ক’ত বজায়। খোল এক শাস্ত্ৰীয় বাদ্য। সেয়ে তালবোৰ ধৰা বন্ধা। কিন্তু আমি যেতিয়া সৰুতে শিকিছিলোঁ, তেতিয়া আমাক একেবাৰে লোকসংস্কৃতি শিকোৱাৰ দৰে শিকাইছিল। সেইটো কিন্তু বিশেষভাবে স্মৰণীয়। কেনেকৈ শিকাইছিল জানানে। ধৰি ল’লোঁ এইটো পৰিতাল। তাত আমাক কৈছিল দুচাপৰি দুচাপৰি বুলি। বোলে এইটো যতি তাল, এইটো এচাপৰি দুচাপৰি, এইটো খৰমান, তাত এচাপৰি লগত জঁপিওৱা তিনি চাপৰি। কথাটো মন কৰিছানে? কেনেকুৱা ভাল লাগিছে! সৰলকৈ শিকাইছিল। কেতিয়াবা পৰিতাল আৰু ৰূপক তাল শিকাওঁতে এনেকৈ শিকাইছিল। এইটো পৰিতাল দুচাপৰি দুচাপৰি। এইটো ৰূপক তাল, এইটোও দুচাপৰি দুচাপৰি। পৰিতালৰ দুচাপৰি দুচাপৰি বজাই মাজত যিকণ সময় হাতৰ তলুৱাখন আঁতৰাই দিয়া যায় যেনে এচাপৰি দুচাপৰি, আ বুলি যে কৰে সেইটো আকৌ ৰূপক তালত কৰে কি, চাপৰিটো বজাওঁতে যিমান সময় লাগে, হাতখন ওলোটাই দিওঁতেও সিমান সময় লাগে। যেনে, এক-দুই এক-দুই তিনি-চাৰি। এক-দুই-এক দুই-তিনি-চাৰি। এনেকুৱা। কিন্তু তেতিয়া মোক শিকোৱাসকলে এই সংখ্যাৰ হিচাপবোৰ একো কোৱা নাছিল। পৰিতালত দুচাপৰি দুচাপৰিটো এক দুই-এক দুই-এক দুই তিনি, এই খালী জেগাটোত তলুৱা আঁতৰাই নিয়া জেগাটোত এক মাত্ৰা বেছিকৈ যায়। শিকাৰ ধৰণটো বৰ ৰসাল আছিল। সেই যে কৈছোঁ আগত এচাপৰি আৰু জপিওৱা তিনি চাপৰি, সেইখিনি বাৰু কেনেকুৱা লাগিব? বৰদেউতা এইটো শিকাওক বুলি যেতিয়া বায়ন বৰদেউতাহঁ‌তক কওঁ তেতিয়া অভিনৱ উপায়েৰে শিকাইছিল। যেনে,— এচাপৰি, জঁপিওৱা তিনি চাপৰি, তেনেক্ষেত্ৰত – এচাপৰি তাক তাক তাক, এইকণ তিনি চাপৰিত পেলাই। তাকে খোলত ফুটাই ৰা ধেই ধেই ধেই ধেই দাও খিতি ৰা তা তাও। এইবোৰ কথা শিকাওঁতে আমাক একেবাৰে লোককলাৰ পৰ্যায়লৈ লৈ গৈ শিকাইছিল। যাক আমি লোকশৈলীত শিকাইছিল বুলি ক’ব পাৰোঁ। যেতিয়া আমি অকল এচাপৰি এচাপৰি বজোৱা হয়। একতালৰ ধৰণে। কিন্তু ইয়াতে আমাক শিকাওঁতে সৰু বিষম আৰু বৰ বিষমৰ ধাৰণাটো শিকাইছিল। এইবোৰ কথা শিকাওঁতে লোককলাৰ আৰ্হিত আমাক শিকাইছিল সৰু কথা সৰু সৰু, এনেকৈ। কিন্তু কথাটো হৈছে। মুখেৰে আমি বুজাবলৈ এনেকৈ সহজ কৰি লওঁ যদিও বজোৱাজনৰ কাৰণে কথাটো ঠিকে থাকে, কিন্তু তাত শিকি থকাজনৰ বাবে আন বহুত কথা জড়িত হৈ পৰে। গতিকে এই লোকশৈলীৰ শিকণটোৰ প্ৰতিটো কথাই ইমান স্মৰণীয়, বুজাই শেষ কৰিব নোৱাৰো। সেই যে মুখেৰে ‘ধিনা খিতি দাও’ শিকালে, বিভিন্ন তালৰ সাপেক্ষে শিকা সেই কথাবোৰ বৰ বেলেগকৈ মনত থাকি গ’ল। এই যে ভাওনাৰ বিলাপবোৰ, সেইবোৰৰ সাপেক্ষে আমি কথাবোৰ গানৰ ধৰণে গাই শুনাওঁতেই শিকা। তালটো গান কৰি দিয়ে, আমি সহজে লৈ লওঁ। কিন্তু ধৰি লোৱা আঠাইছ মাত্ৰাৰ তাল এটা সাংখ্যিকভাৱে ভঙাই লৈ আমি পাছত শিকিছোঁ। প্ৰথমে একেবাৰে সহজকৈ শিকাইছিল সেই গাঁ‌ৱৰ মহান বায়নসকলে। আমাৰ ইমান সেইসময়ত ভাওনাই আৱৰি আছিল যে, ৰাতি ভাওনা কৰি, চাই পিছদিনা চোতালে চোতালে ভাওনাৰ আলোচনা, আমি সৰুবোৰে ৰাতি চাই অহা ভাওনা আকৌ চোতালত কথা পাতি পাতি কৰা, এইবোৰ কথা স্মৰণ নকৰাকৈ কেনেকৈ থাকিম। আগদিনা সিন্ধুৰা গালে যে ভাওনাত- শ্যাম মুৰুতি পীত অম্বৰু…, সেয়া পিছদিনা ৰাস্তা, চোতাল সকলোতে আমাৰ সকলোৰে মুখে মুখে। ধেই ধিন নানাও খিত। একতাল। তাও তা তা খিত। আকৌ গীতত, আৰে শ্যাম মুৰুতি, এই এনেকুৱাবোৰ গাওঁ। আকৌ সূত্ৰ ওলাও আমি। ৰাগ টানে যে, সাৰেং ৰাগ। সূত্ৰই ওলাই নচা আৰম্ভ কৰে, সেই তাৰ পৰা আমাৰ ঘৰে ঘৰে সেইখিনি আহি অভ্যাস আৰম্ভ হয়। আকৌ ভাওনাৰ গায়ন বায়নৰ কথাবোৰ। কোনো কোনো ঠাইত আধাঘণ্টা সময়, কোনো ঠাইত এঘণ্টা সময় গায়ন বায়ন গায়। সৰু ধেমালি, বৰ ধেমালি, গুৰু ঘাত আদিবোৰ। এইবোৰ কথা আমাৰ অংগে অংগে সোমাই আছে। 

সাহিত্য ডট অৰ্গঃ এইখিনিতে এটা কথা সংযোগ কৰিব খুজিছোঁ ছাৰ। ভাওনা সংস্কৃতিৰ কথা কোৱাৰ লগে পূৰ্বৰংগৰ বিশেষ ভূমিকাৰ কথা ক’বই লাগিব। সেই পূৰ্বৰংগই দৰ্শকৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰতেই হওক ভক্তি ৰস নমাই অনাৰ পৰা আৰম্ভ কৰি দৰ্শক এজনে পোৱা আমোদলৈকে, এই কথাখিনি বৰ দৰকাৰী। ছাৰ এইখিনি এবাৰ ক’লে আমি উপকৃত হ’ম। 

ড° অনিল শইকীয়াঃ মই সেইটোকে ক’ব বিচাৰিছিলোঁ। পূৰ্বৰংগই বিশেষকৈ গায়ন বায়ন বজোৱা গোটেই শৈলীটোৱেই দৰ্শকক আগজাননী বা ভাওনাখনৰ প্ৰতি মনে প্ৰাণে নিৱিষ্ট হোৱাৰ বাবে আহ্বান জনাই দৰ্শকক সেইখন পৃথিৱীৰ সৈতে সংযোগ কৰি দিয়া যায়, যিখন ভক্তিৰ পৃথিৱী। সেই ভক্তিৰ পৃথিৱীত যিখিনি গীত মাত হ’ব, সেই গীত-মাতৰ লগত আধ্যাত্মিকতাৰ কথাখিনি জড়িত আছে। খোলৰ সৰু ধেমালি, বৰ ধেমালি আদিবোৰৰ লগে লগে দৰ্শকক ভক্তিমাৰ্গলৈ লৈ যায়। পূৰ্বৰংগৰ এই সময়ছোৱাতেই দৰ্শকৰ মানসিক প্ৰস্তুতি জগাই তোলা হয়। তাৰ পিছতে সূত্ৰধাৰৰ ভূমিকা। সূত্ৰধাৰ হৈছে যোগসূত্ৰ। দুটা দৃশ্যৰ মাজৰ যোগসূত্ৰ, দুটা চৰিত্ৰৰ মাজৰ যোগসূত্ৰ, গোটেই মহাকাব্যিক চেতনাৰ এক অংশ। সূত্ৰধাৰৰ প্ৰৱেশটোৱেই অতি নান্দনিক ৰূপৰ। সেই সূত্ৰধাৰৰ প্ৰৱেশৰ লগত গীত-বাদ্য-নাচৰ মাধ্যমত দৰ্শকৰ প্ৰতি এক ভক্তিমূলক নিবেদনৰ  মাজেৰে আগবাঢ়ে। সাৰেং ৰাগৰ কথা কৈছোঁৱেই। গাই শুনাই দিছোঁ। সূত্ৰধাৰৰ মুখত গীতৰ মাধ্যমেৰে নাটকৰ কাহিনীৰ সাৰাংশ প্ৰকাশ পায়। ভাওনাৰ এই সূত্ৰধাৰৰ প্ৰাৰম্ভ নান্দীৰে হয়। এইখিনিতে শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত নাটকখিনিৰ কিছু কথা ক’ব বিচাৰিছোঁ। গুৰুজনাৰ নাটকৰ কাহিনী নিৰ্বাচনটো মন কৰিবছোন। পাৰিজাত হৰণ, পত্নীপ্ৰসাদ, ৰাম বিজয়, কেলিগোপাল আদি কৰি সকলোবোৰ উদাহৰণ ল’ব পাৰে। সেই নাটকখিনিৰ মাজত কেতবোৰ চৰিত্ৰ আছে তাৰকা ৰাক্ষসী, আকৌ ‘কালীয় দমন’ত কালী সৰ্প আছে, এনেকৈ কিছু খলনায়কৰ উপস্থিতি দেখা যায়। শুনিলে আচৰিত লাগে ‘পাৰিজাত হৰণ’ নাটকৰ নৰকাসুৰৰ মুখত এটাও সংলাপ নাই। এই যে আমি ভাবোঁ সংলাপ নোহোৱা ভাও এটা দিলে মোক, কিন্তু কথাটো তেনেকুৱা নহয়। চাব নৰকাসুৰ সেই নাটকখনত একেটা গীতত প্ৰৱেশ কৰিছে। সেই একেটা গীততে কৃষ্ণৰ লগত নৰকাসুৰৰ যুদ্ধ হৈছে, সেই একেটা গীততে নৰকাসুৰৰ মৃত্যু হৈছে। একেদৰে কালীয় দমন নাটকত কালীৰ মুখত দুটা তিনিটা সংলাপহে আছে। ‘ৰাম বিজয়’ত তাৰকা ৰাক্ষসীগৰাকীৰ মুখতো সংলাপ খুব কম। দুষ্টক দমন আৰু সন্তক পালন – এই কথাটো শ্ৰীমন্ত শংকৰদেৱৰ নাটক তথা ভাওনা সংস্কৃতিৰ গুৰুত্বপূৰ্ণ বাৰ্তা। ভগৱান অৰ্চন বন্দনৰ জৰিয়তে পোৱা ভক্তি সুখ আদি কথাবোৰো এক প্ৰধান বাৰ্তা। এতিয়া আহোঁ আক’ সূত্ৰধাৰৰ কথালৈ, সেইযে ভাওনাত গায়ন বায়ন সূত্ৰধাৰ চলি থাকে। তাৰ মাজতে সূত্ৰধাৰৰ সংলাপটো চাবচোন। ‘আহে সংগী কি বাদ্য বাজল।’ সংগী বোলল- ‘দেৱ বাদ্য বাজল।’ সূত্ৰধাৰে তাৰ পিছতে পৰমেশ্বৰক নিবেদন কৰে। ইয়াৰ পিছত পুনৰ নিৰন্তৰে হৰি বোল হৰি হৰি বুলি কৈহে আগবাঢ়ে। 

সাহিত্য ডট অৰ্গঃ ছাৰ, হয় ভাওনা এখন আৰম্ভ হোৱাৰ প্ৰথম পৰ্যায়টোতে ভক্তিৰ ধাৰা বা ভগৱানৰ অৰ্চন বন্দনৰ প্ৰণালীটো প্ৰতিফলিত হয়। এইখিনিতে আগৰ কথাখিনিলৈ আকৌ যাব বিচাৰিছোঁ। ছাৰৰ সেই গাঁ‌ওখনৰ পৰিৱেশটো ছাৰৰ নিশ্চয় ঘৰতো আছিল। মানে ছাৰৰ পিতৃদেৱতা বা আনসকলে কেনেকৈ ছাৰক অনুপ্ৰেৰণা যোগাইছিল এইক্ষেত্ৰখনৰ সৈতেই হওক বা আপোনাৰ জীৱনটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰতেই হওক। 

ড° অনিল শইকীয়াঃ মোৰ দেউতা এজন শিক্ষক আছিল। তেওঁ এজন স্বাধীনতা সংগ্ৰামীও আছিল তাৰো আগতে। পৰৱৰ্তী পৰ্যায়ত তেওঁলৈ আগবঢ়োৱা মুক্তি যোদ্ধাৰ পেঞ্চন গ্ৰহণ নকৰি শিক্ষকতা বৃত্তি গ্ৰহণ কৰিছিল। তেওঁ সংশ্লিষ্ট পক্ষক এনেকৈ কৈছিল যে মোক এনে এটুকুৰা ঠাইত নিযুক্ত কৰা যাতে য’ত সমাজৰ একেবাৰে দুখীয়া নিছলা মানুহখিনি য’ত শিক্ষাৰ পোহৰ দৰকাৰ, তাতে মোক দিয়ক। দেউতাই এই অনুসাৰে অনুসূচিত জাতিপ্ৰধান এখন গাঁ‌ৱত শিক্ষকতা কৰিছিল। দেউতাৰ নাম আছিল কালিৰাম শইকীয়া। তেওঁ ঘৰৰ সদায় নাম কীৰ্তন কৰিছিল। দেউতাৰ কীৰ্তনৰ সুৰ শুনি আমি ডাঙৰ হৈছিলোঁ। আমাৰ ঘৰত এখন হাৰমণিয়াম আৰু এখন বেহেলা আছিল। অ’ সেই কীৰ্তনৰ সুৰ – কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম, অনন্ত অচ্যুত সনাতন নাৰায়ণ ৰাম, গোবিন্দ ৰাম মুৰাৰী, যাদৱানন্দন আদিবোৰেৰে আমাৰ শৈশৱ ভৰি আছিল। মোৰ মা তগৰী শইকীয়া। তেৱোঁ নামতী আছিল। গতিকে তেনে এখন ঘৰৰ পৰা মই আহিছোঁ। মই মাৰ পৰা বিয়া নামৰ সুৰ, আই নামৰ সুৰ, বনঘোষা আদিবোৰ শিকিছিলোঁ। দেউতাৰ পৰা শিকিছিলোঁ কীৰ্তন, নামঘোষাৰ সেই অমৃত সুৰ আৰু কথাবোৰ। আমাৰ কাষতে এখন গাঁও আছিল পহুছোৱা গাঁও বুলি। তাতে আমাৰ এগৰাকী বাই আছিল। তেওঁৰ পৰা বহুত গীতৰ সুৰ শিকিছিলোঁ। তদুপৰি যাত্ৰা পালাৰ সুৰ শিকিছিলোঁ। এতিয়া সেই যাত্ৰাবোৰ ক’ৰবাত পাই নেকি, সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছোঁ। আমি তিনিখন যাত্ৰাৰ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ। এইক্ষেত্ৰত আৰ জি বৰুৱা কলেজৰ ড° দীপেন দাসৰ নাম ল’ব লাগিব। এইখিনিতে মই ভাওনাৰ আংগিকৰ কথা ক’ব বিচাৰিছোঁ। ভাওনা চাৰিটা বস্তুৰ সংমিশ্ৰণ। এক গীত আছে, সংলাপ, ৰাগ আৰু বাদ্যছন্দ আছে। বাদ্যছন্দটো বিশেষকৈ কৈছোঁ। এইযে যুদ্ধৰ দৃশ্য থাকে, সেই যুদ্ধ কেনেকৈ কৰিব তাৰো নিৰ্দিষ্ট বাদ্যছন্দ আছে। প্ৰৱেশৰ ছন্দ বেলেগ, চৰিত্ৰভেদে ভাওনাত ছন্দ, ঘাতবোৰ বেলেগ বেলেগ। দৈত্যৰ প্ৰৱেশটো যে তাখ তাও তাখ ধেই ধিন তাখ ধেই। সৱৰে বেলেগ বেলেগ। এইবোৰে ভাওনাক অনন্য ৰূপ দি থৈছে। ৰজাৰ প্ৰৱেশ হ’লে- ধেই তাখ তাও ধিনতাক ধেই, সেই যে গহীন গহীনকৈ ছন্দ এটা লয়। কিমান ভাললগা! একেদৰে যুদ্ধ কৰাৰ বিভিন্ন চাপৰ আছে। খোলৰ শব্দৰ সেই কথাবোৰ ভাওনাৰ অনন্য উপাদান। তদুপৰি ভাওনাত নাচৰ ভূমিকাৰ কথা ক’বই লাগিব। আমি যদি অংকীয়া নাটক কেইখন চাওঁ, শংকৰদেৱৰ ছয়খন, মাধৱদেৱৰ নাট সমূহ যদি চাওঁ, তেওঁৰ নখন তাৰে ছখন বুলি ধৰে। কিছু কিছু পাৰ্থক্য দেখা যায়। যি হওক মাধৱদেৱে বাচি লৈছিল শিশু কৃষ্ণক আৰু শংকৰদেৱে বাছি লৈছিল পূৰ্ণাংগ কৃষ্ণক। শিশুকৃষ্ণৰ যি বাৎসল্য দিশ, যশোদাৰ লগত শিশু কৃষ্ণৰ যিখিনি কথা আৰু শিশু কৃষ্ণক ভগৱানৰূপে প্ৰমাণ কৰিবৰ কাৰণে মাধৱদেৱে কিন্তু কোনো ঐশ্বৰিকতা জাপি নিদি ধেমালিৰ মাজেৰে ঐশ্বৰিকতা প্ৰকাশ কৰিছে। এটা উদাহৰণ সেই যে কৃষ্ণই গাখীৰ চুৰ কৰি খোৱা দৃশ্যটো, মাকে বান্ধিব খুজিলে, বান্ধিব খোজে আঙুলে নাটে, দুআঙুল কমি যায়, বান্ধিবই নোৱাৰে। ইয়াত এক ঐশ্বৰিকতাক দেখুৱাইছে কিন্তু তাত এটা কৃষ্ণৰ মুখত এটা সংলাপ আছে— মোৰ মায়ে বৰ কষ্ট পাইছে, গতিকে মাক আৰু ইমান কষ্ট দিয়া উচিত নহয়, সেইবুলি নিজে বান্ধ খাই দিছে। অৰ্জুন ভঞ্জনৰ সেই দৃশ্যৱলী, তাৰ পিছত যে গছ জোপা ভাগি দুজন দিব্য পুৰুষ ওলাই আহে, ৰূপকথাৰ দৰে অথচ বহুত অতুলনীয় ৰূপত সেই নাট্যৰূপটো সজাইছে। সেয়া মাধৱদেৱৰ শ্ৰীকৃষ্ণ। তেওঁৰ নাটকৰ সেই যে নাচ— তাক তাক থেনি, এনেকৈ যে একেবাৰে সৰলকৈ নিৰ্দিষ্ট ছন্দত বজাই, শিশুলীলা ইয়াতকৈ বেছি মনোগ্ৰাহী কৰাটো ইমান সহজ নহয়। আনহাতে শংকৰদেৱৰ পূৰ্ণাংগ কৃষ্ণৰ লগত নাট্যধাৰাটো ইয়াতকৈ এখোজ বেলেগ। বাৰু, অকণমান তুলনাত্মক কথা এটাহে কৈছোঁ ভাওনা বুলি ক’লে আমি অংকীয়া ভাওনাৰ কথাই প্ৰথম আলোচনা কৰিব লাগিব। গোটেই কথাবোৰ শাস্ত্ৰীয় ৰূপৰ। সকলো বস্তু জোখ মাখ আছে। পদচালনাৰ জোখ-মাখ আছে, হস্ত বিনিয়োগৰ জোখ-মাখ আছে, সূত্ৰ আৰু ভংগিমাৰ জোখ-মাখ আছে। ভাওনাৰ নাটকত গীতেৰে বহুত কথা কোৱা হৈছে। অংকীয়া নাটকত গীতৰ প্ৰাধান্যই বেছি। সংলাপো আছিল। আনহাতে মাধৱ গুৰুজনাই তেওঁৰ নাটকসমূহ চুটি কৰিছিল। তেওঁ একেবাৰে সৰু নাটকখন তিনি পৃষ্ঠাৰ আৰু ডাঙৰখন বাৰ পৃষ্ঠাৰ মানৰহে আছিল। এইসমূহ শিশুৰ কাৰণে লিখিছিল। প্ৰণিধানযোগ্য কথা যে ভাৰতবৰ্ষত সেই সময়তে শিশু নাটৰ চৰ্চা নাছিলেই, বহুত পণ্ডিতে এতিয়া কৈছে, মাধৱদেৱেই প্ৰথম শিশু নাট লিখিছিল বুলি। শংকৰদেৱ আৰু মাধৱদেৱ দুয়োজনাই আমাৰ গুৰু। দিহানামতো কৈছে সেয়ে -‘শংকৰে খান্দিলে নামৰে পুখুৰী, মাধৱে বান্ধিলে পাৰ’- এই নাম ভাৱনাত অসমীয়া জাতি নিৰ্মাণৰ কথাখিনিও সোমাই আছে। শংকৰদেৱ আছিল এগৰাকী হোতা কিন্তু এইখিনি বিস্তাৰ কৰাটো বৰ ডাঙৰ কথা। মাধৱদেৱক এই ভাগ দিবই লাগিব। শংকৰদেৱক মাধৱদেৱে পলমকৈহে লগ পাইছে, কিন্তু তাৰ পিছত দুয়োজনাই মিলি সাংস্কৃতিক আন্দোলন এটাক কিমান ধুনীয়াকৈ আগবঢ়াই লৈ গ’ল ভাবিবলগীয়া। শংকৰদেৱৰ কামখিনি এক বিশাল আয়োজন। নৃত্য, গীত সাহিত্য আদিৰে শংকৰদেৱৰ এই আয়োজনত ৫২ টালৈকে তালৰ সংযোগ আছে। এইবোৰ তাল একক। আন ক’তো নাই। এইবোৰৰ ষ্টাইলটোৱেই বেলেগ। 

সাহিত্য ডট অৰ্গঃ সেই অনুসাৰে ক’ব পাৰি যে শংকৰদেৱে এক সাংগীতিক ধাৰাকো সমানে আগবঢ়াই নিছিল। 

ড° অনিল শইকীয়াঃ চাবা দেই। এই যে হাত চাপৰিটো তাৰ পৰাই গুৰুজনাই সৃষ্টিশীলতাৰ বাট কাটিছে। ইমানবোৰ তাল মান লয়ৰ চিন্তা ইমান সহজ নহয়। এতিয়া হিন্দুস্তানী একতাল আছে। এইবোৰ বজাই শুনাবলৈ পালে ভাল। আনহাতেদি শংকৰদেৱৰ হাত চাপৰিটো য’ত পৰে, সেই কথাটো বৰ গুৰুত্বপূৰ্ণ। 

সাহিত্য ডট অৰ্গঃ প্ৰতিটো তালত এক ধৰণৰ সংযোগ আছে নিশ্চয়। 

ড° অনিল শইকীয়াঃ অ হাত চাপৰি বজোৱা জেগাটো যেতিয়া সলনি হৈ যায়। ধৰি লোৱা ছয় মাত্ৰাৰ তাল এটা। এক দুই তিনি চাৰি পাঁ‌চ ছয়, এক দুই তিনি চাৰি পাঁ‌চ ছয়। এনেকুৱা সাংখ্যিক ৰূপত চাবচোন সেই যে একৰ জেগাত যদি চাপৰিটো নপৰে, দুইত পৰে তাৰ ৰসটোও বেলেগ হৈ যাব। আৱেগটো বেলেগ হৈ যায়। শ্ৰীমন্ত শংকৰদেৱে তালছন্দৰ জৰিয়তে এক বিশাল আয়োজন কৰিছে। এইখিনি সৃষ্টি আৰু বহু কথাৰ আৰম্ভণি হৈ যোৱা পাছত মাধৱদেৱ তেওঁৰ সৈতে সংযোগ হৈছিল। কিন্তু মাধৱ পুৰুষে বৰ সহজে কথাবোৰ বুজি পাইছিল। প্ৰতিভাধৰ মাধৱদেৱৰ সৈতে এই সংযোগক মণিকাঞ্চন সংযোগ বোলা হৈছিল। প্ৰথম অৱস্থাত পন্থৰ সৈতে জড়িত কিছু কথাৰ যুক্তিৰ আদান-প্ৰদানো হৈছিল। পাছত শংকৰদেৱৰ কথাৰ মৰ্ম মাধৱ গুৰুজনাই বুজি পাইছিল। শংকৰদেৱে মাধৱদেৱক গছৰ গুৰিত পানী দিয়াৰ উপমাটো একাত্ম ভক্তি আৰু এক ঈশ্বৰৰ প্ৰাৰ্থনাৰ তত্ত্ব বুজাই দিয়াৰ এক সাৰকথা আছিল। পৰৱৰ্তী সময়ত মাধৱদেৱে নিজৰ ফালৰ পৰা বহু কাম কৰিছে। চালি নাচ, ঝুমুৰা নাচ আদিবোৰ মাধৱদেৱে নিজে আগবঢ়াই নিয়া উপাদান। সেই চালি নাচটো হাজোৰ নটি নাচ যিটো তাৰ পৰা সংগ্ৰহণ কৰা বুলি পণ্ডিতসকলে মতপোষণ কৰে। সেয়ে চালি নাচত হাজোৱলীয়া, কলাকটীয়া, ৰামদানি আদি শব্দ কিছুমানৰ সংযোগ দেখা যায়। এইবোৰৰ সাংঘাতিক ইতিহাস আছে। গতিকে অসমৰ কাৰণে এই দুয়োজন ব্যক্তিৰ অৱদান সদাস্মৰণীয়। আমি শংকৰদেৱ সম্পৰ্কত যিমান দীঘল কথা নকওঁ লাগে, মাধৱদেৱে মাত্ৰ দুটা পংক্তিত সকলো কৈ থৈ গৈছে। সেয়া হৈছে 

‘জয় গুৰু শংকৰ, সৰ্ব গুণাকৰযাকেৰি নাহিকে উপামতোহাৰি চৰণে ৰেণু শতকোটি বাৰেক কৰোহো প্ৰণাম’৷ আকৌ তেওঁ কৈছে— ‘শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই আমাৰ পৰম গুৰু।’

ইমান সুন্দৰ গুৰু বন্দনা। এই দুজনা গুৰুৱে আমাক ভাওনা দিলে, আধ্যাত্মিকতা দিলে, গীত মাত দিলে, সাহিত্য দিলে। এই ভাওনাসমূহত যুদ্ধৰ নাচ আছে, গীত আছে, সুৰ আছে, মুঠতে সংগীতখিনি আকৌ ৰসবোধ ইত্যাদিবোৰে ভাওনাৰ এটা মহীয়ান ৰূপ প্ৰদান কৰিছে। 

সাহিত্য ডট অৰ্গঃ এইখিনিতে এটা প্ৰশ্ন মনলৈ আহে। ছাৰ শংকৰ-মাধৱৰ নাটসমূহৰ পিছত ভাওনাৰ নাটক যিমানবোৰ ৰচনা হ’ল, সেইবোৰত বিশেষকৈ আধুনিক সময়ত ক্ৰমাৎ বীৰ ৰসৰ প্ৰাধান্য বৃদ্ধি পাইছে নেকি?

ড° অনিল শইকীয়াঃ হয়, আপুনি ঠিকেই কৈছে। একদম পোনচাটে সেইটো নকওঁ। ঐতিহাসিক দৃষ্টিৰে যদি চাওঁ, লাহে লাহে যেতিয়া ভাওনা সংস্কৃতিত আহোম স্বৰ্গদেউসকলে পৃষ্ঠপোষকতা কৰিলে তেতিয়া মণিপুৰৰ ৰজাৰ সন্তুষ্টিৰ অৰ্থে এবাৰ নাটক হৈছিল। ‘ৰাবণ বধ’ বোধহয়। নামটো সঠিককৈ মনলৈ অহা নাই। সেই সময়ত নতুনকৈ নাটক ৰচনা কৰাৰ কথা শুনা যায়। একধৰণৰ পৰম্পৰাই আৰম্ভ হৈছিল বুলি ক’ব পাৰি। তদুপৰি বহু ভাওনা নাটক নাট্যকাৰৰ নাম অবিহনে চলিয়েই আছো এতিয়াও। প্ৰথম অৱস্থাত নাটকবোৰত ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয় এক প্ৰধান বাৰ্তা আছিল। ৰাম বনবাস, সীতা হৰণ, অভিমন্যু আদি কথাবস্তু আছিল। পাছত কিছুমান নাটক যেনে জয়দ্ৰথ বধ, গণেশ গগৈৰ শকুনিৰ প্ৰতিশোধ, অতুল চন্দ্ৰ হাজৰিকাৰ নাটক আদিবোৰ যেতিয়া ৰচনা হ’ল, তেতিয়া কিছু পৰিৱৰ্তন হ’ল। এতিয়া আপুনি কোৱা কথাটো। যেতিয়া মহাভাৰতৰ আলমত নাট্য ৰচনা হ’বলৈ ল’লে, তাৰ পিছত পুৰাণৰ কাহিনীবোৰলৈ যাবলৈ ল’লে। একেবাৰে কাল্পনিক কাহিনীৰেও নাটক ৰচিত হ’ল। 

সাহিত্য ডট অৰ্গঃ মানে ছাৰ মহাকাব্যিক কাহিনীৰ পৰা কল্পিত কাহিনীলৈ একধৰণৰ গতি হ’ল বুলি ক’ব পাৰি?

ড° অনিল শইকীয়াঃ কল্পিত কাহিনীও যথেষ্ট হৈছে। বাৰু আপোনাৰ আগৰ প্ৰশ্নটোৰ পৰা আঁতৰি নাযাও। বীৰ ৰসৰ প্ৰাধান্য কিছু দেখা যায়। হ’লেও তাতো কিন্তু দুষ্টক পতন দেখুৱা হৈছে। বীৰক প্ৰক্ষেপণ কৰিলেও কিন্তু নাটকবোৰত দুষ্টক দমন সন্তক পালনৰ মূল কথাটোৰ পৰা আঁতৰি যোৱা নাই। মহাভাৰতৰ নাটকবোৰত দুষ্টৰ পতনেই প্ৰতিষ্ঠা হৈছে। এনেবোৰত বীৰ ৰসতো উপেক্ষনীয় নহয়। ভাওনাৰ নৱৰসক প্ৰতিফলন ঘটোৱা হয়। শ্ৰীমন্ত শংকৰদেৱৰ আৰু মাধৱদেৱৰ নাটকত মূলতঃ ভক্তিৰস। কাৰুণ্য, হাস্যৰস আদিবোৰো আছে। পাৰিজাত হৰণত দুই নাৰীৰ শচী আৰু সত্যভামাৰ মাজৰ কথাৰ তৰ্কাতৰ্কিত কিন্তু হাস্যৰসে স্থান পাইছে। সীতা সয়ম্বৰত সীতাৰ ৰূপত মুনিজন মূৰ্ছা যোৱাটোত এক হাস্যৰসেহে ক্ৰিয়া কৰিছে। নিৰ্মল হাস্যৰস আছে।

সাহিত্য ডট অৰ্গঃ ছাৰ, সংস্কৃত নাটকৰ চৰিত্ৰৰ উপাদান শংকৰদেৱ-মাধৱদেৱৰ নাটক কিমান প্ৰতিফলিত হৈছে বুলি আপুনি ক’ব খোজে?

ড° অনিল শইকীয়াঃ সূত্ৰধাৰৰ চৰিত্ৰটো সংস্কৃত নাটকত আছে। শংকৰদেৱে সূত্ৰধাৰ লৈছে। কিন্তু এই সূত্ৰধাৰজন বিদুষক বা তেনেকুৱা নহয়, নাচে গীতে দুটা পৰিৱেশৰ মাজত অন্য এক ভূমিকা পালন কৰে। অৱশ্যে সূত্ৰধাৰ শব্দটো সংস্কৃত নাটকৰ পৰা সংগ্ৰহণ কৰা বুলিয়েই ক’ব পাৰি। যিহেতু তীৰ্থ ভ্ৰমণ কৰি শংকৰদেৱে বহু তেনে সমলৰ বিষয়ে ধাৰণা লৈ আহিছিল নিশ্চয়। কিন্তু বহু আলংকাৰিকে শংকৰদেৱৰ নাটকৰ সূত্ৰধাৰজন পৃতক বুলি বহু আলংকাৰিকে কয়। 

সাহিত্য ডট অৰ্গঃ ছাৰ ব্ৰজাৱলী ভাষাৰ নাটকৰ পৰা আহি আহি আমাৰ বৰ্তমানৰ অসমীয়া মাতৃভাষাৰ নাটক লিখাৰ ধৰণটো কোনটো পৰ্যায়ত বেছিকৈ হ’ল বুলি আপুনি ভাবে? 

ড° অনিল শইকীয়াঃ কৈছোঁ ইতিমধ্যে যে আহোম ৰজাসকলৰ দিনতেই এই মাতৃভাষাত ৰচনা আৰম্ভ হৈছে। সত্ৰবিলাকত একো একোজন অধিকাৰ অধিষ্ঠিত হোৱাৰ লগে লগে তেওঁলোকেও বহু নাটক ৰচনা কৰা আৰম্ভ কৰিছিল। বেছিকৈ আহিল ইংৰাজসকল অহাৰ পাছৰ সময়ছোৱাত। শিক্ষাৰ প্ৰসাৰ বঢ়াটোও এক অন্যতম কাৰণ সাহিত্য ৰচনা বৃদ্ধি পোৱাটোত। বিশেষকৈ লিখিত সাহিত্য। লোকসাহিত্যৰ কথাটো বাৰু বহু পুৰণি। সেই সাঁ‌চিপাতৰ সময়ত শংকৰদেৱ মাধৱদেৱ বা সমসাময়িক লেখকসকলে লিখিছিল। তেতিয়া বহুত কষ্ট কৰিছিল। সেই কথাও কিন্তু কম কথা নহয়। কাগজ কলম সুলভ হোৱাৰ পিছত সাহিত্য ৰচনাৰ দিশটোত প্ৰথমে ভক্তিমাৰ্গ তথা মহাকাব্যিক কাহিনী, পুৰাণ আদিয়ে প্ৰধান ঠাই পালে প্ৰথম অৱস্থাটোত। এতিয়াৰ কথাখিনি বেলেগেই বাৰু। কিন্তু আপুনি সোধাৰ দৰে ব্ৰজাৱলী ভাষাৰ নাটকৰ পৰা গৈ অসমীয়া মাতৃভাষাৰ নাটক লিখাৰ গতি বৃদ্ধি পাইছে প্ৰায় ১৮২৬ চনৰ পাছৰ পৰা। ইংৰাজে আহি শিক্ষাবিস্তাৰ কৰা তথা কাগজ কলম সুলভ হোৱাৰ পাছৰ সময়টোক সেইকাৰণে চিহ্নিত কৰিব পাৰি। 

সাহিত্য ডট অৰ্গঃ ভাওনা সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰভাৱ মধ্য অসম তথা উজনি অসমৰ তুলনাত নামনি অসমত ইমানখিনি দেখা নাপাওঁ। বৰদোৱাৰ পৰা মাজুলী হৈ এই অঞ্চলবোৰত বেছি ভালকৈ দেখা পাওঁ। কিন্তু নামনিৰ ফালে এই প্ৰভাৱ বেছিকৈ নপৰাৰ কাৰণ কি বুলি ভাবে? 

ড° অনিল শইকীয়াঃ মাধৱদেৱে ৰঙিয়াল গৃহ কৰিছিল বৰপেটাত, য’ত নামঘৰ আৰু থিয়েটাৰ দুয়োটাৰ সুবিধা হোৱাকৈ ভাবিছিল। তেতিয়া ল’ৰাবোৰক চালি, ঝুমুৰা আদি নাচবোৰ শিকাইছিল। ঝুমুৰা নাচটোত গোপীসকলে নিজকে কৃষ্ণ ৰূপ পৰিগ্ৰহণ কৰিছে। ল’ৰাকে ছোৱালী কৰি সজাইছিল তেতিয়া। সেইসময়ত ছোৱালী চৰিত্ৰ ৰূপায়ণৰ বহু সামাজিক অসুবিধাও আছিল। কিন্তু বহুতে ৰজাক লগালে যে মাধৱদেৱ এনেকৈ ছোৱালীক নচুৱাইছে। কিন্তু মাধৱদেৱে ৰজাক কথাটো প্ৰমাণ কৰিও দেখালে এয়া ল’ৰাকহে সজাইছে। কিন্তু সেই সময়ত এটা বিৰূপ প্ৰতিক্ৰিয়া হ’ল। নাচ নাচিবলৈ বহুতে অনীহা কৰিবলৈ ল’লে। সেইসময়ত মাধৱদেৱে বদলা আতাক উজনিলৈ প্ৰেৰণ কৰিছিল। বদলা আতাই মাজুলী কমলাবাৰীত এই নাচ আৰম্ভ কৰি দিছিল। তাৰ পিছতে চাৰিসত্ৰও স্থাপন হ’ল মাজুলীতে। এই কথাবোৰ বৰ ধুনীয়াকে ডম্বৰুধৰ নাথে লিখিছে। মাজুলী এক সাংস্কৃতিক ক্ষেত্ৰলৈ পৰিণত হ’ল। ডাঙৰ কথা যে শ্ৰীমন্ত শংকৰদেৱ বাৰ বছৰ এই অঞ্চলটোতে আছিল। নাৰায়ণপুৰৰ পৰা গাংমৌলৈকে। এইবোৰ মাধৱদেৱক লগ পোৱাৰ আগৰে কথা। আপোনালোকে এই সকলোবোৰ জানে। ভোটৰ আক্ৰমণত আক্ৰান্ত হৈ শংকৰদেৱ উজনিৰ ফালে গৈছিল। এই অঞ্চলটোত বেছিকৈ সেই সংস্কৃতিয়ে চৰ্চা লাভ কৰিলে। গতিকে আগৰে পৰাই ইয়াত প্ৰচাৰ প্ৰসাৰ বাঢ়িছিল। শংকৰদেৱে পৰৱৰ্তী সময়ত নামনিৰ ফালে আগবাঢ়ি গৈ আছিল। ধৰ্ম প্ৰচাৰ কৰিছিল। কিন্তু শংকৰদেৱ দীৰ্ঘসময় বৰদোৱাৰ পৰা গাংমৌ হৈ ধুৱাহাট আদি অঞ্চলবোৰত আছিল। 

আনহাতেদি সেই যে কৈছিলোঁ নাচক লৈ ৰজাৰ লগত মাধৱদেৱৰ বিষয়টো। সেই বিষয়টো এটা কাৰণ, য’ত নিৰ্দিষ্ট সেই সময়ৰ নিৰ্দিষ্ট ঠাইভিত্তিক অনীহা এটা যে সামাজিক কাৰণত যে ৰৈ গৈছিল। এই কথাটো আকৌ মই কোৱা কথা নহয়। এই সম্পৰ্কত জগন্নাথ মহন্তদেৱে উনুকিয়াই থৈ গৈছে। কিতাপখন আছিল ‘Satriya Dance of Assam’। 

সাহিত্য ডট অৰ্গঃ একেবাৰে ঐতিহাসিক দিশৰ পৰা চাবলৈ গ’লে তেতিয়াই যিটো অঞ্চলভিত্তিক প্ৰভাৱ পৰিছিল, তাৰ এটা ছাপ থাকি গ’ল নেকি? 

ড° অনিল শইকীয়াঃ আপোনালোকে উজনি নামনিৰ কথাটো যে কৈছিল, আচলতে নামনিত প্ৰভাৱ নপৰাকৈ থকা নাই। নামনিতো পৰিছে কিন্তু উজনিতো প্ৰভাৱ পৰিছে। মই সেইটোৱেই কৈছোঁ। নামনিত কেৱল সেই ৰজাঘৰীয়া বিষয়টো এটা কাৰণ হিচাপে কোৱা হৈছে। কিন্তু শংকৰদেৱ মাধৱদেৱৰ সময়ৰ পৰা আতাসকলে এই আধ্যাত্মিক আৰু সাংস্কৃতিক কামখিনি সমানে আগবঢ়াই নিছিল সকলো অঞ্চলভেদে। উজনি নামনি বুলি কোনো কথা নাই। প্ৰভাৱৰ তাৰতম্য অলপ কৰবাত আছে, কিন্তু এটা কথা শংকৰ-মাধৱ গুৰু দুজনা নামনিৰ ফালেও যথেষ্ট সময় আছিল। সেইখিনি সময়ো কম সময় বুলি ক’ব নোৱাৰি। এইবোৰ একো একোটা ইতিহাস। এতিয়া এই সাক্ষাৎ দিওঁতে কিতাপ পত্ৰবোৰ গোটাই লোৱা হ’লে আৰু ক’ব পাৰিলোঁহেঁতেন। বাৰু যি কি নহওক মনত থকা কথাৰ পৰাই কিছুমান ক’বলৈ চেষ্টা কৰিছোঁ। 

সাহিত্য ডট অৰ্গঃ ছাৰ, মধ্য-উজনিৰ ফালে ভাওনাৰ প্ৰভাৱ বেছি দেখাৰ সমান্তৰালভাবে নামনিৰ ফালে ওজা পালিৰ দৰে অৰ্ধনাটকীয় পৰিৱেশ্য কলাৰ প্ৰভাৱ দেখা যায়। এই দুয়োবিধ কলাৰ পৰিৱেশ্য ৰূপৰ মাজত কেনেধৰণৰ সাদৃশ্য আছে বুলি আপুনি ভাবে? 

ড° অনিল শইকীয়াঃ এটা কথা আকৌ কওঁ দেই। নামনি উজনি বুলি কথা নাই। কিয়নো বৰপেটা দৰে অঞ্চলৰ শংকৰদেৱৰ সংস্কৃতি তথা সত্ৰীয়া সংস্কৃতিৰ যি পৰিৱেশন শৈলী, যেনে বৰগীতৰ শৈলী, খোলৰ বাজনাৰ শৈলী, সেইটো উজনিতকৈ বেছি গ্ৰহণযোগ্য বুলি কোনো কোনো পণ্ডিতে কৈ গৈছে। বিপৰীতে নাটৰ ক্ষেত্ৰত কমলাবাৰী বা মাজুলীৰ সত্ৰবোৰত নাচত গুৰুত্ব দিয়া হৈছিল। গতিকে তেনে কথাবোৰ আছে। আপোনাৰ ওজা পালিৰ প্ৰশ্নটোলৈ যাম। মই ইতিমধ্যে হাজো অঞ্চলৰ দেৱদাসী নৃত্যৰ সংগ্ৰহণৰ কথাও কৈছোঁ আপোনালোকক। গতিকে কথাবোৰ তেনেকুৱা। এতিয়া ওজাপালিলৈ আহোঁ। ওজাপালিৰ ৰাগখিনি যে তান’ হুৰে ৰিতা বা যিখিনি গোৱা পদ্ধতি আছে, হস্ত আৰু পদ সঞ্চালন আছে। এনে বহু সমল শংকৰদেৱে সংগ্ৰহণ কৰিছে বুলি বহু পণ্ডিতে কৈছে। এনে বহু উদাহৰণ আমি ক’ব পাৰোঁ। এই যে সূত্ৰধাৰী নাচত এটা হাতৰ ওপৰত আনটো দি যে হাত দুটা লৰাই দিয়ে, সেইটো আমাৰ মিছিং জনগোষ্ঠীয় নৃত্যৰ সৈতে মিলে। গতিকে যথেষ্টখিনি লোক সাংস্কৃতিক উপাদান আমি শংকৰদেৱৰ সৃষ্টিত বিচাৰিব পাৰোঁ। নবীন চন্দ্ৰ শৰ্মাই কৈছে যে ওজা পালি বহুত পুৰণা। প্ৰায় আঢ়ৈ হাজাৰ বছৰ হৈ গৈছে বুলি কৈছে। গতিকে এনেবোৰ লোকসাংস্কৃতিক সমল শংকৰদেৱে সংগ্ৰহণ কৰিছিল বুলি পণ্ডিতসকলে কৈছে। বৰপেটাত থাকোঁতে গুৰু দুজনাই ঢুলীয়া ভাওনা, খুলীয়া ভাওনা আদিৰ সমল সংগ্ৰহণ কৰিছে। আকৌ তেওঁলোকে আগৰ সময়ছোৱাত বৰদোৱাৰ পৰা আৰম্ভ কৰি আগৰ ফালে অঞ্চলবোৰত থাকোঁতে বহুত ধুনীয়া ধুনীয়া সুৰ সংগ্ৰহণ কৰিছে। মই এটা বজায়ে শুনাইছোঁ ৰ’ব। এই বজোৱা সুৰটো আইনাম, বিয়ানাম, বনগীতৰ সুৰ যেন লগা নাইনে? এই সুৰটোকে অলপ বেলেগ কৰি চাওঁ। সেইটো সুৰত আমি কৃষ্ণ এক দেৱ দুখহাৰী, কাল মায়াদিৰো অধিকাৰী ঘোষাফাকি আমি গাওঁ। আকৌ আমি গাওঁ – ‘কিমতে ভকতি কৰিবো তোমাত হৰি এ’। এই যে প্ৰাণ টানি ধৰা সুৰটো অলপ বেলেগকৈ শুনিলে ‘আমাৰে মইনা শুব এ’ শীৰ্ষক নিচুকণি গীতৰ লগত মিলিব। গতিকে এই কথাবোৰত থলুৱা সুবাস আছে। গুৰু দুজনাৰ সৃষ্টিত এই বস্তুবোৰ আছে। লোকসাংস্কৃতিক উপাদান আছে। এনেকুৱা অজস্ৰ উদাহৰণ দিব পৰা যায়। খোলৰ বোলতো দেখা পাব এনেবোৰ দিশ। ঢোলত যিটো আমি বজাওঁ ‘ঘেন ঘিঘেন তাক ঘিঘেন’ বুলি যে, সেইটো আকৌ খোলত একেধৰণৰ এটা বোল আছে – ‘ধেই খিতি তাক খিতি, ধেই খিতি তাক খিতি’, এনেকৈ এটা ব্যৱহৃত বাজনা আছে। আকৌ নামনিৰ ফালে, বৰপেটাৰ পিনে বজাই আছিলে তুলু তুলুকৈ বাজনাটো। সেইটো খোলত বজালে ‘তাতাস্তাও ধেনাক ধেনাখিতি ধেই’। সেইটোও একধৰণৰ সংযোগ। একেদৰে ওজা পালিৰ কথাখিনিও সংগ্ৰহণ হৈছে। আটাইটকৈ ডাঙৰ কথা হাজোৰ দেৱদাসী নৃত্যৰ পৰা চালি নাচৰ সংগ্ৰহণ হৈছে বুলি কোৱা হৈছে। এই কথা মই পুনৰ দোহাৰিছোঁ। মন কৰিছেনে? লোকমন, লোককথা আৰু লোকসংস্কৃতি, এই সকলোবোৰ কথাই এই সাংস্কৃতিক আন্দোলনত জড়িত আছিল আৰু আছে। গুৰু দুজনাই এইবোৰ মন্থন কৰি বিলাই দিছিল। তেতিয়া মানুহে দেখিছিল যে এইখিনি দেখোন আমাৰেই বস্তু। তেওঁলোকৰ গ্ৰহণযোগ্যতা বাঢ়িল তেনেকৈয়ে। আমাৰ যে সেই প্ৰাচীন ঢুলীয়া ভাওনা, খুলীয়া ভাওনা আদিবোৰৰ পৰা তেওঁ সংগ্ৰহণ কৰিছে, সংশ্লেষণ কৰিছে, এই সংশ্লেষণৰ জৰিয়তে ভাল লগাখিনি লৈছে। তাৰ পৰা এক নান্দনিক সমল থুপ খাইছে। মানুহ সন্মোহিত হৈছে এনেকৈয়ে। এইবোৰৰ পৰা দেৱত্ব গুণ লাভ হৈছে। দেৱবাদ্য, দেৱনৃত্য অভিধা লাভ কৰে। কল্পনাবৃত্তৰ পৰিধি পাৰ হৈ এয়া এক শাস্ত্ৰীয় পৰিধিলৈ আগবাঢ়িছে। 

আপোনালোকে লক্ষ্য কৰিবচোন খোলৰ ছেওবোৰ সহজৰ পৰা লাহে লাহে গভীৰতালৈ গৈ থাকে। মই বজাই শুনাইছোৱেই আপোনালোকক। এক চাপৰ দুই চাপৰকৈ এই খোলৰ তালবোৰ দি বাজনাবোৰ বিস্তৃতভাৱে আগবাঢ়ি যায়। যথেষ্ট পৰীক্ষণৰ মাজেৰে এইবোৰ আহিছে। এইবোৰ হয়তো নবজোৱাজনৰ বাবে টান যেন লাগে। গাঁ‌ৱত ঢোল খোল বজোৱা মানুহজনৰ বাবে এইখিনি সহজ হৈ পৰে। ‘খিতিকি না ঘিনি খিতিকি না ঘিনি চেও’ বজাই থকা ঢুলীয়াজনে খোলৰ এটা বাজনা সহজে বজাই দিব পাৰে। তেওঁ ‘ধেই তাক ধেই, ধেই তাক ধেই’ সহজে বজাব। সেই সহজে অভিযোজন কৰি ল’ব পৰা সুবিধাটো এই ভাওনা সংস্কৃতি, খোল বাদ্য আদিত আছিল। মানুহে সহজে গ্ৰহণো কৰিছিল। নামঘোষাৰ নামখিনিলৈকে চাওকচোন। মানুহে অসুবিধা পাই বুলি ‘কৃষ্ণ হৰি ৰাম হৰি, হৰি এ ৰাম হৰি ৰাম ৰাম’। তাতে ধুনীয়াকে সজাইছে। খোলৰ চেও বোৰ চাবচোন। নাচৰ সৈতে অভিযোজিত। ‘ধিন ধেই ধিনতাক ধেই, তাখতাও ধিন ধেই ধিনতাক ধেই।’ মুখত ফুটালেও কিবা এটা বাজনা ফুটি উঠে। যুদ্ধ গীতৰ সৈতে থকা বাজনাবোৰো এনেকৈয়ে সজাই তোলা হৈছে। মানুহক আনন্দ প্ৰদান কৰিছে। সেয়ে সেই যে পুৰণি ঢুলীয়া ভাওনা, খুলীয়া ভাওনা আদিৰ সৈতে কামবোৰ খাপখোৱা বিধৰ। যিসময়ত শংকৰ-মাধৱে জন্মগ্ৰহণ কৰিছিল সেই সময়ত অসমৰ জনগাঁ‌থনি আজিৰ দৰে নাছিল। বিভিন্ন জনগোষ্ঠীৰ পৰিৱেশটো আছিলেই বাৰু। সেয়ে বিভিন্ন সংস্কাৰবোৰ ৰাইজৰ নিজা নিজা ধৰণে সজাই লোৱাৰ সুযোগ আছিল। মাধৱদেৱৰ শিষ্য গোপালদেৱে উজনিৰ ফালে এইবোৰ জনগোষ্ঠীয় পৰিকাঠামোৰ মাজত খাপ খুৱাই দিছিল। মৰাণসকলৰ মাজতো একেদৰে তেওঁলোকৰ পৰম্পৰাটো ৰাখি সাংস্কৃতিক তথা আধ্যাত্মিক দিশবোৰ সজাই ল’বলৈ দিছিল। শংকৰদেৱৰ জাপি দিয়াৰ নীতি নাছিল। সংস্কাৰ শিকাইছিল সঁ‌চা, কিন্তু সকলোৰে পৰম্পৰাগত দিশবোৰৰ সৈতে অভিযোজিত হৈ চলাৰ সুবিধা আছিল তেওঁৰ সাংস্কৃতিক কাম কাজবোৰত। স্বয়ং কামবোৰেই আছিল লোকসংস্কৃতিৰ সৈতে সম্পৰ্কিত। ‘কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম’ – এই নামষাৰ নিজৰ জনগোষ্ঠীয় সংস্কৃতিত থাকিও গাব পাৰি। তেনেই সহজ আছিল কথাবোৰ। 

সাহিত্য ডট অৰ্গঃ বৈষ্ণৱ সংস্কৃতিৰ প্ৰসাৰণটো তেনেকৈয়ে হৈছিল! 

ড° অনিল শইকীয়াঃ অ’ কাকো জাপি দিয়া নাছিল গুৰু দুজনাই। মই গোপালদেৱৰ কথা কৈছোঁ, চতুৰ্ভুজ অষ্টভুজৰ কথা কৈছোঁ, তেওঁলোকেও এই জাগৰণটো তেনেকৈয়ে আগবঢ়াই লৈ গৈছিল। মৰাণসকলৰ কথা কৈছোঁ, মোৱামৰীয়াসকলৰ কথা কৈছোঁ। সকলোতে চাব, তেওঁলোকে নিজা নিজা ধৰণকৰণবোৰ সুন্দৰকৈ প্ৰতিপালন কৰিও গুৰুজনাৰ বৈষ্ণৱী সত্তা তথা আধ্যাত্মিকতাৰ দিশবোৰ আগবাঢ়ি গৈ আছে। সামাজিক নিয়ম, সংস্কাৰবোৰ সকলোৰে সুন্দৰকৈ জীয়াই আছে এনেকৈয়ে। শংকৰ-মাধৱ তথা পৰৱৰ্তী লোকসকলেও এই মহত্ত্ব বুজি চলিছিল বুলি মোৰ মনে কয়। 

সাহিত্য ডট অৰ্গঃ এই কথাখিনিৰ মাজলৈ যিমানে আমি সোমাই গৈছোঁ এই সাক্ষাৎ কালত সিমানে আমি এখন ডাঙৰ কিতাপ পঢ়ি যোৱাৰ দৰে অনুভৱ হৈছে। যি কি নহওক ছাৰ, আন এটা কথা সোধো। বৰ্তমানৰ জনপ্ৰিয় সংস্কৃতিৰ ভিৰত ভাওনা সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰত কি কি প্ৰত্যাহ্বান আহিছে বুলি আপুনি ক’ব বিচাৰে। আমি কি কৰা উচিত?

ড° অনিল শইকীয়াঃ এতিয়া আমি বিহু সংস্কৃতি জীয়াই ৰাখিবলৈ নতুন পুৰুষসকলে বিভিন্ন প্ৰচেষ্টা কৰিছে, কৰ্মশালা কৰিছে। অসমত কমেও ৫-৬ হাজাৰ এনে কৰ্মশালা হয়, এই ক’ভিদ হোৱাৰ আগলৈকে। বিহু প্ৰতিযোগিতা হয়। এইবোৰে বিহুক বহুতখিনি আগবঢ়াই লৈ গৈছে। একেদৰে ভাওনা সংস্কৃতিৰ যিটো প্ৰসাৰ তাৰ বাবে ভাওনা কৰ্মশালা কৰিব লাগিব। পদ চালনা, হস্ত চালনা, গীত আদিবোৰ গোটেই অসমতে শিকাব লাগিব। কৰ্মশালা মানে সাতদিন শিকি গুছি গ’ল, এনেকুৱা নহয় কিন্তু। অংশগ্ৰহণকাৰীসকলে নিজে কৰিবলৈ পাৰিব লাগিব। Action oriented হ’ব লাগিব। ভাওনা এখন কৰিবলৈ পাৰিব লাগিব। চাওক এখন অংকীয়া ভাওনা কৰিবলৈ এঘণ্টা সময়হে লাগে। বহুত বেছি দীঘলীয়া নহয়। মন কৰিবছোন। প্ৰত্যাহ্বান গ্ৰহণ কৰি নতুন পুৰুষসকলে গোটেই অসমত এইখিনি কৰাৰ প্ৰয়োজন আছে। ময়ো নতুন পুৰুষ দেই। এই কৰ্মশালাবোৰ কৰিবলৈ বহুখিনি চৰকাৰী ব্যৱস্থাও আছে। সেইবোৰ ব্যৱস্থা গ্ৰহণ কৰি আগবাঢ়ক। সংগীত নাটক একাডেমীৰো কিছুমান সুবিধা আছে। তেওঁলোকে কিছুমান ভাল কৰ্মশালা কৰি থাকে। এইটো এক জাগৰণৰ ৰূপ লোৱা প্ৰয়োজন আছে। আজি গুৱাহাটী কংক্ৰিটৰ মহানগৰীত বহু অনুষ্ঠান উপলব্ধ হৈছে। সত্ৰীয়া সংস্কৃতি চৰ্চাৰ বিদ্যালয় হৈছে। সেইবোৰ আন আন ঠাইলৈও আগবঢ়াই লৈ যাব লাগে। বহু মানুহ এই শিক্ষণৰ লগত জড়িত হৈ প্ৰতিষ্ঠা তথা সুন্দৰ উপাৰ্জন কৰি আছে। যদি অসমৰ চুকে কোণে এইবোৰৰ প্ৰচাৰ প্ৰসাৰ হয় তেন্তে বহু মানুহৰ উপাৰ্জনো হ’ব। ভাওনা প্ৰতিযোগিতাবোৰ হ’বলৈ লৈছে। নৈষ্ঠিক আৰু প্ৰণালীবদ্ধ চৰ্চাৰ পৰিৱেশ এটা আগবাঢ়ি গৈছে। এইবোৰ বৰ ডাঙৰ কথা। আজি খোল বজোৱা লোক বহুতেই প্ৰতিষ্ঠা লাভ কৰিছে। বৰপেটাৰ মনোজ তালুকদাৰ দৰে ব্যক্তিৰ কথা আমি ক’ব পাৰো। মাজুলীৰ সত্ৰসমূহৰ কথা ক’বই নালাগে। বৰপেটা সত্ৰৰ পৰা আৰম্ভ কৰি কিমানে যে কিমান ভাল ভাল কাম কৰি আছে, সেইবোৰ চৰ্চা হ’ব লাগে। ভালবোৰ আগবঢ়াই নিব লাগে। হীৰকজ্যোতি শৰ্মাহঁ‌তৰ দৰে বহু লোকৰ কথা ক’ব পাৰিম। আমাৰ সোমনাথ বড়া, ৰঞ্জিত গগৈহঁ‌তৰ কথা সকলোৱে জানেই। তেওঁলোকে ঢোলে খোলে ইমানবোৰ ভাল কাম কৰি আছে। 

সাহিত্য ডট অৰ্গঃ আপুনি প্ৰথমতেই কৈছে যে আপুনি ঘৰুৱাভাবে এক সুন্দৰ সাংস্কৃতিক পৰিৱেশ পাইছিল। যি আপোনাক এই কথাবোৰৰ প্ৰতি সমৰ্পিত কৰি তুলিছে। এতিয়া আমাৰ নামঘৰ বা সত্ৰসমূহে এনেধৰণৰ পৰিৱেশ নিৰ্মাণ তথা সংস্কৃতি চৰ্চাৰ দিশটো আগবঢ়াই নিয়াত ক’ৰবাত বাধাপ্ৰাপ্ত হৈছে বুলি আপুনি ভাবে নেকি? 

ড° অনিল শইকীয়াঃ সত্ৰসমূহে এতিয়াও কৰি আছে। বহু সত্ৰলৈ এতিয়াও ল’ৰাবোৰ আহি আছে, সত্ৰীয়া পৰিৱেশৰ সৈতে জিন গৈ নতুন নতুন কথা শিকিয়েই আছে। মই ভাবো তেওঁলোকে ধ্বজাবহন কৰি আছে আৰু ৰাখিব। বাকী নামঘৰসমূহত গাঁৱে-ভুয়ে, চহৰে নগৰে অন্ততঃ গুৰু জয়ন্তী বা বাৰ্ষিক বৰসবাহ ভাওনা আদি কাৰ্যসূচীবোৰ আগৰ ধৰণেই চলাই আহিছে। সাধাৰণতে পাতে। ৰাস পাতি আহিছে বহুতে। গুৱাহাটীৰ দৰে মহানগৰতো এই পৰিৱেশ আছে আৰু থাকিবই লাগিব। গুৱাহাটী বিছিন্ন হৈ নাযায়। 

সাহিত্য ডট অৰ্গঃ ৰাসৰ পয়োভৰ বাঢ়িছে। একেবাৰে মূৰ্তি ৰাসৰ পৰা আৰম্ভ কৰি অভিনয় ৰাসলৈকে। 

ড° অনিল শইকীয়াঃ ৰাস মানেও সেই শংকৰদেৱ গুৰুজনাৰ অৱদানৰ সৈতেই সম্পৰ্কিত। শংকৰদেৱৰ কেলি গোপাল নাটকৰ আধাৰটোৰ কথা আমি ক’ব পাৰো। শিশুলীলা খণ্ডটো চোৰধৰা, পিম্পৰা গুছোৱা, অৰ্জুন ভঞ্জন আদি মাধৱদেৱৰ নাটকৰ আধাৰত সজোৱা হয়। আনফালে কালীয় দমন অংশটোৰ ক্ষেত্ৰত শংকৰদেৱৰ ‘কালি-দমন’ নাটকখনৰ কথা ক’ব পাৰো। এইবোৰ সংবহন হৈছে। গতিকে ৰাসো এক সম্পৰ্কিত বিষয় ভাওনা সংস্কৃতিৰ সৈতে। 

সাহিত্য ডট অৰ্গঃ এতিয়া এটা ব্যক্তিগত কথা সোধো। আপুনি নিজে লোকসংস্কৃতিৰ নিজে গৱেষণা কৰাৰ উপৰিও নিজৰ ঘৰটো সেই ধাৰা বৰ্তাই ৰাখিছে। আপোনাৰ সন্তান অনুৰাগ শইকীয়াই এই ক্ষেত্ৰখনত প্ৰৱেশ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী সংগীত পৰিচালক হিচাপে সৱল খোজ পেলাইছে। এইক্ষেত্ৰত আপোনাৰ ভূমিকা আন দহজনৰ বাবে অনুপ্ৰেৰণাদায়ক। আপোনাৰ অনুভৱখিনি কওকচোন। 

ড° অনিল শইকীয়াঃ মই এটাই কওঁ যে মোৰ এজনেই সন্তান। ইত্যাদি আদি পাছলৈ একো নাই। সি পঢ়াতো বৰ বেয়া নাছিল। কটনত ছিটটো পাব পৰাকৈ মেট্ৰিকত পাছ কৰিছে। আকৌ সেইমতে উচ্চতৰ মাধ্যমিক ভালকৈ তাতে পঢ়িছে। মই তেওঁক ডাক্তৰ ইঞ্জিনিয়াৰ হওক বা তেনে কথা ভবা নহ’ল। মই ভাবিলোঁ যে কোনোবাই নহয় কোনোবাই এই আমাৰ ধাৰাটো ৰক্ষাৰ কাৰণে গোটেই জীৱনটো সংগীত সাধনা কৰিবলৈ এৰি দিব লাগিব। মই এইটোহে অনুভৱ কৰোঁ যে আমাৰ যিসকলৰ এনেকুৱা সংগীতৰ ব্যুৎপত্তি আছে বা জন্মগতভাবে সংগীতটো কণ্ঠত বা হৃদয়ত লৈ আহিছে, আমাৰ নতুন প্ৰজন্মৰ বহুত প্ৰতিভা আছে। ফেচবুক, ইউটিউবৰ পৰা আৰম্ভ কৰি সকলোতে দেখিছোঁ। বহুত সুন্দৰ গায়কী তেওঁলোকৰ। এজনৰ নাম নকওঁ। বহুতৰ নাম ক’ব পাৰিম। এটাই অনুৰোধ যদি তেওঁলোকে পাৰে ফুল টাইম জীৱনযোৰা সাধনা তেওঁলোকে কৰক। মই সকলোৰে কথা নকওঁ। আজি হিমা দাসহঁ‌ত খেলত গৈছে, সেইটোত তেওঁলোকৰ ব্যুৎপত্তি। তাতো সাধনা কৰক। সকলোৰে বেলেগ বেলেগ দক্ষতা আছে। ময়ো সেই ভাবিয়েই ল’ৰায়ো কৰক বুলি এৰি দিছোঁ -তুমি কৰাগৈ যোৱা। কৰি আছে। 

সাহিত্য ডট অৰ্গঃ এইটো বহুত অনুপ্ৰেৰণামূলক। যুৱসমাজৰ বাবে এই বাৰ্তা বহু গুৰুত্বপূৰ্ণ। ছাৰ আপুনি নিজে বহুত প্ৰকল্পৰ লগত জড়িত আছে। ভাওনা সংস্কৃতি বা সত্ৰীয়া আদি কৰি কোনো বিশেষ প্ৰকল্পত আপুনি বৰ্তমান জড়িত আছে নেকি? 

ড° অনিল শইকীয়াঃ কিছুমান কাম মই নিজে নিজেহে কৰি আছো। খোলৰ সম্পৰ্কত কিছু বেলেগ বেলেগ কথা লিখা হ’ল। অসমীয়া সংগীতৰ ক্ৰমবিকাশ বুলি এখন কিতাপ ওলাল ইতিমধ্যে। ১৮৪ পৃষ্ঠাৰ এই কিতাপখন আৰম্ভণি পৰ্বৰ পৰা আৰম্ভ কৰি গোটেই কথাখিনি লিখিবলৈ চেষ্টা কৰিছোঁ। বাকী যিবোৰ প্ৰকল্প অসমত হৈ আছে, তাৰ বহু কামৰ ফ্ৰেমৱৰ্কটো মই কৰাত জড়িত হৈ আছো। লগতে সেইসকল মানুহৰ প্ৰচেষ্টাক আদৰণি জনাইছোঁ। ক’ত কেনেকৈ কৰিছোঁ সেইখিনি ক’বলৈ নাযাওঁ। কোনো কোনো ঠাইত সংগীত নাটক একাডেমীৰ পৰা সহায় পাবৰ বাবে বাটো দেখুৱাই দিছোঁ। হাউলীৰ ফালে মাজতে তেনে অলপ সহায়তা কৰিছোঁ। হোলীগীত সম্পৰ্কীয় কিছু কাম-কাজ তেওঁলোকে কৰিছে। তদুপৰি আমাৰ জনগোষ্ঠীয় সংস্কৃতিৰ প্ৰসাৰৰ বাবে কিছু কাম কৰি আছোঁ। ৰাভাসকলৰ নৃত্যৰ ওপৰত কিছু কাম কৰিলোঁ। সংগীত নাটক একাডেমীৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুবিধা আমাৰ ল’ৰাবোৰে পাবৰ বাবেও কিছু চেষ্টা অব্যাহত ৰাখিছোঁ। মই নিজেও এটা সংগীত নাটকৰ একাডেমীৰ প্ৰকল্প কৰিলোঁ। সেই বৰপেটাৰ কিছু ভলণ্টিয়াৰ গীতৰ ওপৰত। আমাৰ জ্যোতিপ্ৰসাদৰো আছিল তেনে কিছু। এই কামটো বৰপেটাৰ শিল্পীৰ দ্বাৰাই ৰেকৰ্ড কৰি ইতিমধ্যে ভিডিঅ অ’ডিঅ সৱ কৰা হৈছে। ১৭ আগষ্টৰ দিনা মুকলি কৰা হৈছে। এইটো ইউটিউবত আছে। 

সাহিত্য ডট অৰ্গঃ আমি আমাৰ ই মেগাজিন সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা এনে কিছু প্ৰচেষ্টা ল’ব পাৰিম নেকি? আপুনি অলপ পৰামৰ্শ দিব পাৰিব নেকি?

ড° অনিল শইকীয়াঃ সংগীত নাটক একাডেমীয়ে যিবোৰ অনুদান দিয়ে তাত সংগীত নাটক সম্পৰ্কীয় বিশেষজ্ঞসকলৰ কিতাপসমূহ তেওঁলোকে প্ৰকাশ কৰে। এনে কিছু গুৰুত্বপূৰ্ণ বিষয়ত যদি সংগীত নাটকত আবেদন কৰা যায় তেন্তে কিছু প্ৰকাশনৰ সহযোগ তেওঁলোকৰ পৰা পোৱা যাব পাৰে। ড° জগন্নাথ মহন্তৰ সত্ৰীয়া নৃত্যৰ কিতাপখন সংগীত নাটক একাডেমীয়ে প্ৰকাশ কৰিছে। পোনা মহন্তৰ শংকৰদেৱৰ ওপৰত লিখা এখন কিতাপ তেওঁলোকে প্ৰকাশ কৰিছে। অলপ খবৰ কৰিলে এই কথাবোৰ ভালদৰে সহায় পাব যেন বোধ হয়। অ এইখন সাহিত্য একাডেমীয়ে কৰিছে বোধহয়। ই-মেগাজিন হিচাপে বেছি খৰচ নহয় আপোনালোকৰ। কিছুমান বছা বছা কাম কৰাৰ বাবে আগবাঢ়ক। মোৰ সহযোগ সদায় থাকিব ভাল ভাল কামত। 

সাহিত্য ডট অৰ্গঃ ছাৰ হাজোৰ কথা কৈছিল আপুনি আপোনাৰ কথাৰ মাজত। হাজোত ধুপৰগুৰি সত্ৰ আছে। ১৫০৯ শকত মাধৱদেৱে প্ৰতিষ্ঠা কৰা সত্ৰখন। ইয়াতে শংকৰদেৱৰ পদচিহ্নও আছে। এইখিনি কথাও ক’ব মন গ’ল।

 (আমাৰ মাজতে হাজোৰ এজন সদস্যও আছে।তেখেতে এইখিনি কথা লগত সংযোগ কৰিছে।)

ড° অনিল শইকীয়াঃ অ হাজোৰ হাজোৱলীয়া বুলি চালি নাচৰ অংশটোৰ কথা মই কৈছোঁ। ধুপৰগুৰি সত্ৰৰ কথাখিনি সংযোগ কৰা বাবে ধন্যবাদ আপোনালোকক। 

সাহিত্য ডট অৰ্গঃ আমি ইতিমধ্যে প্ৰায় ডেৰ ঘণ্টা সময় কথা পাতিলোঁ। বহু নজনা কথা ইমান কম সময়তে শিকাৰ সুযোগ পালোঁ। সদৌশেষত সাহিত্য ডট অৰ্গৰ তৰফৰ পৰা আপোনাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিম। আপোনাৰ পৰা বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা বিচাৰিম ছাৰ। 

ড° অনিল শইকীয়াঃ নিশ্চয় নিশ্চয়।

সাহিত্য ডট অৰ্গঃ আমাৰ বহুকেইটা সাক্ষাৎকাৰৰ মাজত এইটো এটা অন্যতম সাক্ষাৎকাৰ হিচাপে পৰিগণিত হ’ব। পুনৰ আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি সামৰিছোঁ। 

ড° অনিল শইকীয়াঃ ধন্যবাদ আপোনালোক সকলোকে। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!