একোকে লুকুৱাব নোৱাৰো মই

লেখক- অৱনী কুমাৰ ভাগৱতী

আকাশখনে চাই থাকে
মই ক’তো লুকাব নোৱাৰোঁ

বতাহে খবৰ লৈ থাকে
একোকে লুকুৱাব নোৱাৰোঁ মই

নৈখনে চিনি পায়
নাঙঠ শৰীৰটোক মোৰ
নৈখনে এদিন সাৱটি ধৰিছিল
মই একোকে লুকুৱাব নোৱাৰোঁ

গাঁৱৰ পুখুৰীটোৱে চিনি পায়
পাৰৰ বাটটোৰে অহা-যোৱা কৰোঁতে
পানীত সদায় ছাঁটো পৰে
একোকে লুকুৱাব নোৱাৰোঁ মই

সমনীয়াবোৰে ভালদৰে চিনি পায়
সিহঁতে মোৰ চুলিবোৰ টানিছিল
পিন্ধি থকা গামোচাখন খুলি দিছিল
বুকুত কাণ থৈ স্পন্দন শুনিছিল
মই একো লুকুৱাব নোৱাৰোঁ

মথাউৰিৰ গছজোপাই চিনি পায়
ফেনাত বহি আমি লগৰবোৰে
বেয়া কথা পাতিছিলোঁ
গামোচা পাৰি পাতৰ ছাঁত
দীঘল দি শুইছিলোঁ
একোকে লুকুৱাব নোৱাৰোঁ মই

সহপাঠীসকলে চিনি পায়
প্ৰেমৰ প্ৰথম শিহৰণ
সিহঁতৰ গালৈও বিয়পিছিল
’মোৰ মন যায়’ কবিতাটি
জোৰ কৰি সিহঁতক
বাৰে বাৰে শুনাইছিলোঁ
একোকে লুকুৱাব নোৱাৰোঁ মই

শিষ্যসকলে পেটলৈকে চিনি পায়
সিহঁতৰ চকুত মেপ আঁকিছিলোঁ
প্ৰকৃতি আৰু মানুহৰ গীত শুনাইছিলোঁ
মোক মহাশয় বুলিছিল
একোকে লুকুৱাব নোৱাৰোঁ মই

পদূলিত ৰোৱা ফুলজোপাই চিনি পায়
মোৰ মৰমতে ফুলে
পখিলা উৰে ফুলে ফুলে
তল সৰে
আকৌ ফুলে
মই একোকে লুকুৱাব নোৱাৰোঁ
একোকে লুকুৱাব নোৱাৰোঁ মই।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!