পাখিলগা জোতা

লেখক- উজ্জ্বল দিপ্লু গগৈ

বছৰটিৰ লকডাউন পৰ্য্যায়ক্ৰমে খোলা আৰম্ভ হৈছে। দোকান-পোহাৰ, যাতায়তৰ ব্যৱস্থাসমূহ নীতি-নিৰ্দেশনাসমূহ শিথিল হৈ আহিছে। চৰকাৰৰ অনুমতি সাপেক্ষে ৰৈ যোৱা বিয়াবোৰ পুনৰ পাতিবলৈ আৰম্ভ হৈছে। হঠাৎ এদিন মোৰ বান্ধৱী এগৰাকীৰ ফোন আহিল, ক’লে “দোস্তি তোমাৰ ঘৰলৈ গৈ আছোঁ আজি, মোৰ বিয়া পালেহি, নিমন্ত্ৰণটো দি আহোঁ বুলি ওলাইছোঁ।” খবৰটো শুনি অত্যন্ত ভাল পালোঁ। কাৰণ তাইৰ বিয়াখনৰ প্ৰথমবাৰ তাৰিখ ঠিক কৰাৰ সময়ত লকডাউন হৈছিল। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী তাই, সকলো জা-যোগাৰৰ আগধন দিয়াৰ পাছত হঠাৎ হোৱা বন্ধই তাইক কেনেকুৱা আহুকালত পেলাইছিল, সেই কথা এদিন ফোন কৰি মোৰ আগত কান্দি কান্দি বৰ্ণাইছিল। যথাসময়ত তাই আৰু মাক আমাৰ ঘৰলৈ আহি বিয়াৰ নিমন্ত্ৰণী পত্ৰখন দি গ’লহি। বিয়া আছিল গণেশগুৰিৰ ওচৰৰে বিবাহ ভৱন এটাত। মোৰ ঘৰৰ ওচৰতে হোৱা বাবে ভালেই পালোঁ, কমচেকম বিয়াখনত সময় লৈ উপস্থিত থাকিব পৰা যাব।

যথাসময়ত বিয়াৰ দিন আহি পালেহি। জোৰণৰ দিনাখন তাই ৰাতিপুৱাই ফোন কৰিলে, “জোৰণৰ সময়ত থাকিবি কিন্তু।” জোৰণলৈ যাবলৈ মন নাছিল যদিও অগত্যা কথা পেলাব নোৱাৰি গ’লো। জোৰণ এফালে চলিল, আনফালে খোৱা-বিলোৱা কামবোৰ মই তাইৰ কাজিন দুটাৰ লগলাগি তদাৰক কৰি দিলোঁ। কামবিলাক তাই অৱশ্যে পূৰা চিষ্টেমেটিক কৰি ৰাখিছিলে। ওপৰতে কামত হাত দিছিলোঁ যদিও বিশেষ একো কষ্ট নহ’ল। জোৰণৰ মানুহ গ’ল। ফ্ৰিতে দিবলগীয়া দুটামান পৰামৰ্শ দি ময়ো তাইৰপৰা বিদায় লৈ আহিলো। তাই দহাই দহাই ক’লে সন্ধিয়া সোনকালে গৈ পাবলৈ। ময়ো কথা দিলোঁ পাই যামগৈ বুলি।

দিনটো পাৰ হ’ল। সন্ধিয়া বিয়া ঘৰলৈ পিন্ধি যাবলৈ মনতে কাপোৰ ভাবি থ’লো। কিন্তু অসুবিধাটো হ’ল তেতিয়াহে। যিকেইটা কাপোৰ ভাবি থৈছিলোঁ গোটেইবোৰ সোঁতমোচ খাই সোমাই আছিল। ইস্ত্ৰী কৰিবলৈ লৈও কোনো এটা কাপোৰৰে ভাঁজবিলাক আঁতৰাব নোৱাৰিলো। লংপেণ্ট কেইটা বাৰু কিবাকৈ ইস্ত্ৰীৰে হেঁচি হেঁচি মিলালো কিন্তু চাৰ্টকেইটাই কেটকূটেই নকৰিলে। সময় গৈ আছে, দেৰিকৈ গ’লে বান্ধৱীৰপৰা গালি শুনাৰ ভয়, এফালে কাপোৰৰপৰা পোৱা জ্বলা-কলা। হঠাৎ মনত পৰিল মোৰ নিজৰ বিয়াত পিন্ধা চ্যুটযোৰৰ কথা। ভালকৈ জাপি-কুঁচি থোৱা আছিল। মাকৰ ঘৰলৈ যোৱা পত্নীক ফোন কৰি সুধিলোঁ সেইযোৰ পিন্ধিলে বেয়া হ’ব নেকি বুলি। নহয় বুলি আশ্বাস পোৱাৰ পাছত কাপোৰযোৰ উলিয়াই ল’লো। সযতনে থোৱা আছিল বাবে পিন্ধাৰ পাছতো একো অসুবিধা নহ’ল। মাত্ৰ এটা সৰু সমস্যা আছিল, চ্যুটযোৰৰ লগত পিন্ধিবলগীয়া জোতাযোৰক লৈ। বিয়াত পিন্ধা জোতাযোৰ সেই অভ্যৰ্থনাৰ দিনাই পিন্ধাৰ পাছত কাগজৰ বাকচটোত সুমুৱাই থোৱা আছিল। খুঁচৰি-মেলি উলিয়াই আনিলোঁ জোতাযোৰ। ধূলিৰ তৰপ পৰিছিল, ঠিকচে পলিচ কৰি চিকচিকিয়া কৰি ল’লো। সকলোবোৰ পিন্ধি সাজু হোৱাৰ পাছত নিজকে আইনাত চালোঁ, “উহো: আগৰ সেই দৰা দৰা লগা চাৰ্মটো নাই আৰু এতিয়া!”

বিয়াঘৰ পালোঁগৈ। অসম্ভৱ ভীৰ। ক’ভিড চ’ভিড গোটেইবোৰ কিটচেনৰ জুইত পুৰি নাইকিয়া কৰি দিয়া গৈছে। কিচিম কিচিম অতিথি ৰভাতলত; মাস্ক পিন্ধা, মাস্ক নিপিন্ধা, থুঁতৰিত পিন্ধা, কোনোবাই দুখনকৈ মৰা, মুঠৰ ওপৰত বহুত ধৰণৰ। উপহাৰটো হাতত তুলি দিয়াৰ পাছত বান্ধৱীৰ খং উঠা চকুৰ পাক দেৰিকৈ গৈ পোৱাৰ বাবে। অলপমান সময় ধেমালি কৰাৰ পাছত চুক এটাত পুৰণি লগৰ দুজনমানক বহি থকা দেখা পালোঁ। আড্ডা জমিল, আড্ডাৰ বিষয় বুলিনো কি আৰু! কলেজত কোনে কাক চাইছিল, অমুক ক’ত আছে, তমুক অমুকত আছে ইত্যাদিবোৰ। খোৱাৰ সময় হৈ আহিছিল। আটাইকেইটাই একেলগে খাবলৈ উঠি গ’লো। প্লেট একোখন হাতত লৈ শাৰী পাতি থিয় হ’লো। বান্ধৱীৰ বিয়া কাঁহী ভৰ্তি নকৰাৰ কথাই নাহে, ঠিকচে এসোপা খোৱা বস্তু লৈ গোটেইকেইটাই খাদ্যভক্ষণ আৰম্ভ কৰিলোঁ। খোৱা বস্তুৰো জনাই নজনাই নামবোৰ, মুঠতে এফালৰপৰা মহতিয়াই গ’লো। চিকেনৰ লেগপিচ এটা মুখত কামোৰ দিছোঁহে মাত্ৰ, লগৰ এটাই মোৰ ভৰিলৈ আঙুলিয়ালে, “ঐ গোবৰ ক’ত গচকিলি?” থতমত খাই মই পিন্ধি থকা জোতাযোৰলৈ চালোঁ। সোঁফালৰ জোতাপাতৰ তলত ক’লা কিবা এটুকুৰা লাগি আছে। মূৰটো গৰম উঠি আহিল, বিয়াঘৰলৈ আহি গোবৰহে গচকিবলগীয়া হ’ল। মনটোৱে আন এটা কথাও সোঁৱৰালে, “অথনিৰে পৰাটো এনেকেই গোবৰ কঢ়িয়াই লৈ ফুৰিছোঁ।” লগৰকেইটাক ৰ’চোন বুলি কৈ মই উঠি আহিলোঁ। গোবৰখিনি ক’তনো মচো বুলি ভাবি ইফালে সিফালে চালোঁ। সোঁফালে চকুত পৰিল ৰভাতলৰ কাৰ্পেটখন, বাওঁফালে চকু গ’ল বাহিৰত থকা নামমাত্ৰ ঘাঁহনিখিনিলৈ। মনটোক ধিক্কাৰ দিলোঁ বোলো ধুইত কাৰ্পেটখনৰ কথা কিয় ভাবিছ ঐ, নাপায় নহয়। লাহেকৈ মই প্লেটখন হাতত থৈয়ে বাহিৰলৈ গ’লো। ভৰিখন ঘাঁহনিখনৰ ওপৰত ঘঁহিলো। কিন্তু গোবৰ এৰক চাৰি মোৰ ভৰিটোহে পতককৈ চুটি হৈ পৰিল। কথাৰ গুৰি ধৰিব নোৱাৰি আকৌ এবাৰ ঘঁহালো জোতাপাত, এইবাৰ জোতাপাত একেবাৰে ফ্লেট হৈ থাকিল। অৱস্থাটো এনেকুৱা হ’লগৈ যে মোৰ এটা ভৰি দীঘল আনটো চুটি হৈ পৰিল। খোজ দুটা দি চাওঁতেহে ৰহস্যটো ধৰা পৰিল, জোতাৰ চুলটো সুলুকি ভাঙি থাকিল। নিজৰ বিয়াৰ জোতা বুলি কনফিডেঞ্চ লৈ ভৰাই থোৱাহে হৈছিল দুবছৰমান ধৰি, কিন্তু জোতাৰ আত্মাই যে কোন কাহিনীবাতেই স্বৰ্গলৈ গতি লৈছিল তাৰবিষয়ে মই অজ্ঞ আছিলোঁ। দুই-এজনে মোক লক্ষ্য কৰি আছিল কাৰবাৰবিলাক। ওচৰলৈ আহি সুধিছিলহি কিবা দিগদাৰ পাইছোঁ নেকি বুলি। নাই নাই বুলি মূৰ জোকাৰিলো। সমস্যাটো মোৰ বাবে ডাঙৰ হৈ পৰিল, কি বুলি এতিয়া কইনা আৰু

লগৰকেইটাৰপৰা বিদায় লৈ মাত দি যাওঁ! দুটামান খোজ দি চাইছিলো কিন্তু সেয়াও হ’লগৈ লেকেচিয়াই যোৱা ধৰণৰ। অৱশেষত সিদ্ধান্ত ল’লো, প্লেটখন মাটিতে থৈ ওচৰতে থকা চকী এখন টানি লৈ বহি ল’লো। আনপাট জোতা খুলি হাতত লৈ চুলটো উৰাই-ঘূৰাই মাটিত ঘঁহাব ধৰিলোঁ। মানুহ দুই-এজনে কাণ্ড দেখি আঁতৰৰপৰাই জুমা-জুমি কৰিবলৈ ধৰিলে। মনতে বোলো, বাদ দে অচিনাকি মানুহৰ আগত ইজ্জত, চিনাকি কেইটাৰ আগত বাচিলেই হ’ব। প্ৰায় পাঁচমিনিট সময় নেৰানেপেৰা চেষ্টাৰ অন্তত সেইপাটৰো চুলটো এৰিল। এৰিল মানে, গোটেই তলিখন সুলকি থাকিল। কাণ-মূৰ গৰম হৈ আহিল। বিয়াঘৰৰপৰা ওলাই যাবলৈ দ্বিতীয় এটা ৰাস্তা আছে নেকি চকু ফুৰালো। জাবৰ নিয়া ট্ৰাক এখন ৰাস্তাৰ আনটো মূৰত ৰৈ আছিল, চাফাই কৰা কোনোবা মানুহ এজনে টেংকিটোৰ কাষেৰে দাষ্টবিন এটা নি আছিল। তাৰ পাছে পাছে তলমূৰকৈ ওলাই দিলোঁ, এপাট জোতা ভৰিত আনপাত হাতত। ৱালখনৰ কাষেৰে থকা সৰু গেটখনেৰে বাহিৰলৈ ওলাই লৈ এভৰিয়া জোতাৰে মই ভিৰাই লৰ দিলোঁ নিজৰ গাড়ীলৈ বুলি। সোনকালে ঘৰত জোতা সলনি কৰি আকৌ বিয়াঘৰ পাবহি লগা আছিল। দৌৰি যাওঁতে মনলৈ ভাব আহিছিল, এপাট জোতাত আজি পাখি লাগিছে, বল্টতকৈও স্পীডৰ পাখি।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments