অস্তিত্ব

লেখক- প্ৰাঞ্জলি ভট্ট

বগলী বগা ফোট দি যা

বগলী বগা ফোট দি যা

গৰু ঘৰ সোমোৱা পৰত আকাশ ফালি উৰি থকা এজাক বগলীৰ পিছে পিছে ধপলিয়াই ফুৰে আইমনীয়ে। 

এবাৰ যদি বগলী কেইটা আৰু এবাৰ নিজৰ নখ কেইটা চাই লৰি থাকোঁতে কোনোবা এপাকত উজুটি খাই পৰে তাই। চেহ, গোটেই নখ বখালি তেজৰ নৈ এখন ববলৈ ধৰে। সদাই এনেকুৱা হয়। কিবা এটা কৰিব খুজিলেই হুৰমুৰকৈ আহি ওলায়হি বিপদৰ ঘণ্টা। 

, ছোৱালী তই এনেকৈ জাপৰীজনী হৈ থাক যে। চুলিবোৰ, মুখ হাত বোৰ চফাকৈ ৰাখিব নোৱাৰ নেকি তই?” 

ঘৰৰ ওচৰৰে লৰা প্ৰদীপৰ কথাকেইটা এখন কাণেৰে শুনি ইখন কাণেৰে উলিয়াই পঠিয়াই তাই। নিজৰ মুখ, হাত, চুলি চাই থাকিলেই নহব নহয়। গধূলিৰ এই জোনাক নামিবলৈ লোৱা সময় খিনিত কিমান যে মায়া লাগি থাকে সকলোতে। 

তাই নৈৰ কাষতে থকা লেংলেঙীয়া খেজুৰ গছডালৰ তলত খেজুৰ এমখা বুটলি ফ্ৰকটো মোনা এখনৰ দৰে দাঙি তাত ভৰাই লয়। কেঁচা হৈ থকা খেজুৰখিনি ঘৰলৈ নি নিমখ পানীত তিয়াই থব লাগিব। তেহে কোমল হৈ ৰপৰপীয়া মিঠা হৈ পৰিব। 

খেজুৰ কেইটা লৈ আহি থাকোঁতে গৰখীয়া লৰা কেইটাই গৰু চপাই ঘৰলৈ গৈ থকা দেখি এপাকত গৈ সেই জাকটোৰ মাজতে সোমাই পৰে তাই। ধূলিয়ে বগা কৰি পেলোৱা মুখখন আৰু ফ্ৰকটো দাঙি কঢ়িয়াই নিয়া খেজুৰ কেইটা লৈ তাই চিঞৰি চিঞৰি গান গায়, “পৰদেশী পৰদেশী জানা নেহী মুজে চোৰ কে মুজে চোৰ কে—-”

সিহঁতৰ খোজত খোজ মিলাই ঘৰ পোৱালৈকে এচোতাল জোনাকি পৰুৱাই পোহৰ বিলাই ফুৰিছে। তাই এইবাৰ জোনাকী পৰুৱাৰ সতে উৰি ফুৰে। 

আইমনীয়ে যেতিয়া পঢ়া টেবুলৰ ওচৰ পায় তেতিয়ালৈ পাকঘৰৰ ধোঁৱা চুবুৰীয়াৰ ঘৰ পায়গৈ। 

পঢ়া টেবুলখনত বহিলেই ভাগৰে হেঁচা মাৰি ধৰা ছোৱালীজনীয়ে বিৰবিৰাই পঢ়ে কিতাপৰ আখৰবোৰ। আখৰবোৰে জঁপিয়াই জঁপিয়াই সোমাই আহে তাইৰ চকুলৈ। তাই মোহাৰি পেলায় চকু। তাৰ পিছত টেবুল খনতেই বেকাকৈ পেলায় মূৰটো। চকু কেইটা জাপ খাই আহে। কি যে প্ৰশান্তি। 

আইমনী ঘৰখনৰ আটাইতকৈ সৰু ছোৱালী। তাইৰ ওপৰত দুজনী বায়েক। পঢ়াত চোকা সিহঁত। মাক দেউতাকৰ হেঁপাহৰ। 

 ইমান বাধ্য। তাই আকৌ একেবাৰে ওলোটা। 

দুজনী ছোৱালীৰ পিছত আকৌ এজনী ছোৱালী মাক দেউতাকৰ হেঁপাহৰ হব নোৱাৰে কেতিয়াও। তাতে আকৌ তাইৰ শৰীৰৰ বৰণটো কোনো পিনৰ পৰাই সেইখন ঘৰৰ লগত নিমিলে। ছাই বৰণীয়া তাইৰ মুখখনত মাকে হালধিৰ লেপন লগায়। গাখীৰৰ সৰ লগায়। তাই মোহাৰি পেলায় সকলো। নিজৰ বৰণটো তাই বেয়া নাপায়। 

আচলতে আইমনীৰ কোনে কি ভাল পায় নাইবা কি বেয়া পায় সেইবোৰ কথালৈ অকনো ভ্ৰূক্ষেপ নাই। তাই পাহাৰৰ জুৰীৰ দৰে চঞ্চল। তাইৰ মনটো কৃষ্ণচূড়াৰ দৰে ৰঙা। তাই আকাশ চাই ভাল পায়। তাই তৰাবোৰৰ লগত মিতিৰালি পাতে। গছবোৰৰ লগত কথা পাতে। তাই সম্পূৰ্ণ। তাই একক। 

আইমনী টোপনিৰ পৰা উঠিয়েই চোতাললৈ লৰ মাৰে। দেউতাকে উলিয়াই নিয়া গৰু কেইটাৰ পিছে পিছে বাৰীডাল লৈ তায়ো যাবলৈ ওলায়। সদাই তেনেদৰেই যায়। 

হঠাৎ মাকে পিছপিনৰ পৰা আহি আইমনীৰ হাতত ধৰি ঘৰলৈ টানি নিয়ে। তাইক মাটিতে জোৰকৈ ঠেকেঁচা মাৰি বহুৱাই দিয়ে আৰু চিঞৰি চিঞৰি কয়, “ মোৰ মূৰটো চোবাই খাব এইজনীয়ে। কি কুক্ষণত জন্ম ললে ও।আইজনীয়ে একো বুজি নাপায়। মাকলৈ পেন্দোৱাকৈ চায়। মাকে উচুপি উচুপি কান্দে। আইজনীয়ে মাটিতে বহি আঙুলি চিকুটি থাকে। 

বায়েক কেইজনীয়ে আইমনীলৈ চাই ফেলেক ফেলেক কৈ হাঁহে। আইমনীৰ খং উঠে। এনেও সেইকেইজনীয়ে তাইক হাঁহিবলৈ চল বিচাৰি থাকে। 

আইমনী উচপ খাই উঠে। তাই বহি থকা ঠাইখিনিত এডোঙা তেজ। তাই নুবুজে একো। তাই ভয় খায়। তাই কান্দে। 

মুকলিমূৰীয়া আইমনী গৃহবন্দী হয়। 

বন্ধ কোঠাৰ ভিতৰত আইমনীৰ উচপিচনি বোৰ বাঢ়ি যায়। বন্ধ খিৰিকীৰ ৰড কেইডালত ধৰি তাই উচুপি থাকে। 

 তাই চিঞৰি চিঞৰি কয়, “মোৰ ভোক লাগিছে ও। কিবা খাবলৈ দে। 

তাই চিঞৰি চিঞৰি কয়, “ মই মাটিত শুব নোৱাৰো। অকলে থাকিব ভয় লাগে ও। 

তাই চিঞৰি চিঞৰি কয়, “ মোক বাহিৰলৈ যাব দে। মই এনেকৈ আন্ধাৰ কোঠাত সোমাই থাকিব নোৱাৰো। 

নুশুনে কোনেও। 

নুবুজে কোনেও। 

নিয়মৰ কথাৰে বান্ধি পেলোৱা হয় তাইক। 

খালি পেটত টোপনি নাহে আইমনীৰ। তাই বিৰবিৰাই থাকে। তাই অৱশ হৈ পৰে। 

খালি পেটৰ শব্দ, বুকুৰ হাহাকাৰ, তল পেটৰ বিষ, অদ্ভুত কিছুমান শাৰীৰিক পৰিবৰ্তন সকলোৱে জুমুৰি দি ধৰে আইমনীক। 

ৰাতি খাই বৈ সকলো শোৱাৰ পিছত আইমনী খোজ গণি গণি পাকঘৰলৈ যায়। কিবা এটা নাখালে নোৱাৰে তাই। নিজে কেতিয়াও এপদ বস্তু তুলি নোখোৱা ছোৱালীজনীয়ে আলমাৰী খুলি খোৱা বস্তু বিচাৰি লয়। বিস্কুটৰ টেমাটোত বিস্কুট কেইখনমান পায়। তাই লুকাই লুকাই তৃপ্তিৰে খায়। পেটৰ এটা অংশ হলেও যে ভৰিছে। তাতেই সকাহ। 

চাৰিদিনৰ দিনা তাইক কলপুলি এটাৰ কাষত গা ধুৱাই ছোৱালী, তিৰোতাবোৰে খুব ফুৰ্তি কৰে। তাইহে অকণো সুখী নহয়। 

নতুন মেখেলা চাদৰ, নতুন গহনাই আৱৰি ধৰে তাইৰ কণমানি শৰীৰ। কপালৰ সমাজত ৰঙা তকটকীয়া ফোটটো আৰু চুলিকেইডাল টানি টানি বন্ধা খোপাটোৱে সলাই পেলায় তাইৰ ৰূপ। তাই আইনাখনত চাই আচৰিত হয়, এইজনী কোন। একেবাৰেই অচিনাকি। অলপো ধুনীয়া নহয়। 

সলনি হয় সকলো। 

জোৰকৈ সলাবলৈ চেষ্টা কৰা হয়। 

তাইৰ ওচৰলৈ লৰাবোৰ আগৰ দৰে নাহে। সিহঁতে তাইক খেলিবলৈ নামাতে। আবেলি তাইক ঘৰৰ বাহিৰলৈ অকলে যাব দিয়া নহয়। 

নিজৰ চৰিওপিনে এখন অদৃশ্য বেৰ অনুভৱ কৰি শূন্য হৈ পৰে তাই। 

খেজুৰ গছ ডালে তাইক সপোনতে আমনি কৰে। চোতালৰ পৰাই তাই দেখে বগলীৰ জাকটো উৰি গৈ আছে। তাই হাতখন মেলিব খুজিও ৰৈ যায়। তাইৰ হাতত আহিন মহীয়া নিয়ৰৰ দৰে চকুলোৰ টোপাল। 

তাইৰ কষ্টবোৰ বাঢ়ি আহে। 

তাই ওলাই যাব খোজে। 

নুশুনে কোনেও। 

জোনাক নমা পৰত এদিন সি মনে মনে আহে। সি তাইৰ একমাত্ৰ বন্ধু যাৰ ওচৰত তাই মুকলিকৈ সকলো কব পাৰে। দূৰৰ পৰাই সি তাইৰ লগত চকুৰে কথা পাতে। ওচৰলৈ আহিবলৈ তাক মনা কৰা হৈছে। সি তাইৰ কষ্টখিনি ঠিকেই বুজে। তাইলৈ অনা কেঁচা খেজুৰ কেইটা সি তাই দেখাকৈ পদূলিৰ বকুল জোপাৰ তলত থৈ আঁতৰি যায়। 

তাই উলাহতে লৰি যায়। খেজুৰ কেইটা নাকৰ ওচৰলৈ নি উশাহত সামৰি লয়। কিমান দিন যে পোৱা নাই এই সুগন্ধি। 

আইমনীক লক্ষ্মী ছোৱালী হবলৈ শিকোৱা হয়। কথাত, খোজত, কামত সকলো লক্ষ্মী ৰ দৰে হব লাগিব। লক্ষ্মী ছোৱালীয়ে লক্ষ্মণ ৰেখাৰ মাজত ককবকাই থাকে। 

মনৰ মাজত বাঢ়ি আহে শূন্যতা। ৰৈ থকা অকাশখনলৈ মুৰ তুলি চাবলৈও ভয় কৰে লক্ষ্মী ছোৱালীয়ে। 

তাই চোতালৰ মাজত অকলে অকলে জঁপিয়াই থাকে, “একাঠু পানী —-গংগা ৰাণী

, এবুকু পানী——-গঙ্গা ৰাণী। 

 তাই চকুলো মচি মচি বহি থাকে। সচাকৈ সেই হাঁহি ধেমালিৰ দিনবোৰ উটুৱাই নিলে নেকি গংগাই? তেন্তে তাই কেনেকৈ জী থাকিব এই লক্ষ্মণ ৰেখাৰ মাজত? 

আইমনীৰ গহীন ৰূপটো দেখি সকাহ পায় মাকে। দেউতাকে কয়, “ কৈছিলোঁ নহয়, গাভৰু হলেই সকলো ঠিক হৈ যাব। দেখিলা,  লক্ষ্মী ছোৱালী মোৰ। 

তাই খিৰিকী মুখত বহি জোনাক চাই থাকে। লাহে লাহে জোনাকৰ মাজত সোমাই আহে এখন হেঁপাহৰ মুখ। তাৰ মুখ। তাইৰ আশৈশব বন্ধু। সি আলফুলে তাইৰ মুখত জোনাক সানি দিয়ে। লাহে লাহে ডুব যায় খিৰিকীখন। ডুব যায় শূন্যতা। 

কষ্টবোৰ কঢ়িয়াই ফুৰিব নোৱাৰি। 

আইমনীয়ে পোনে পোনে আকাশলৈ চায়। 

জীৱনটো আপুৰুগীয়া। 

এদিন আইমনীৰ পিঠিত গজি উঠিল এযোৰ ডেউকা। সেই ডেউকাৰ ভৰত আইমনীয়ে হেলাৰঙে পাৰ কৰিলে লক্ষ্মণ ৰেখা। 

তাই পুনৰ মুকলি হৈ ঘূৰি ফুৰিবলৈ ললে। হেঁপাহৰ সময়বোৰ বিচাৰি ললে। কেতিয়াবা যদি খেজুৰ তলত, কেতিয়াবা আকৌ বগলী জাকৰ মাজত। তাইক কোৱা হল নষ্ট চৰিত্ৰৰ ছোৱালী। বিজতৰিয়া ছোৱালী।  

নাই, আইমনীৰ অকনো দুখ নাই। 

মাক দেউতাকৰ উচুপনি অগ্ৰাহ্য কৰি আইমনীয়ে নিজক বিচাৰি ললে। নিজৰ সতে, নিজৰ মতে, নিজৰ বাবে জী উঠিবলৈ শিকিলে। 

ডেউকা মেলি আইমনীয়ে গুণগুণাবলৈ ধৰিলে, “জীৱনটোৰ সমান পানী, গংগা ৰাণী

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments