আপোনাৰ বেংক একাউণ্ট কেনেদৰে সুৰক্ষিত কৰি ৰাখিব?

লেখক- জয়ন্ত প্ৰীতম

আজি দুদিনমানৰ আগতে ষাঠি ঊৰ্ধ্ব এজন ব্যক্তি চিন্তা ক্লিষ্টভাৱে বেংকলৈ সোমাই আহিল। তেওঁৰ হাতত এখন পুলিচ থানাৰ পৰা দিয়া কাগজ। কাগজখন বেংকৰ এজন কৰ্মচাৰীৰ হাতত দি সেইখনৰ এটা প্ৰাপ্তি স্বীকাৰ বিচাৰিলে। সেই মুহূৰ্তত মই সেই ঠাইতে কোনো এটা কামৰ বাবে ৰৈ আছিলোঁ। কৰ্মচাৰীজনে কাগজখন এবাৰ পঢ়ি মোলৈ আগবঢ়াই দি কি কৰা উচিত সুধিলে। মই এবাৰ কাগজখন ভালদৰে পঢ়ি বয়োজ্যেষ্ঠ ব্যক্তিজনক এটা প্ৰাপ্তি স্বীকাৰ দি বিদায় দিবলৈ কলো। থানাৰ পৰা দিয়া কাগজখন আচলতে এটা বেংক একাউণ্টত সংঘটিত জালিয়াতিৰ তদন্ত সম্পৰ্কে কিছুমান যাৱতীয় তথ্য বিচাৰি দিয়া এখন চিঠি আছিল। 

বয়োজ্যেষ্ঠ ব্যক্তিজন পুলিচ নহয় যেন লগাত মই কৌতূহলবশত সুধিলোঁআপোনাক পুলিচ যেন লগা নাই, কথাটো কি হৈছে অলপ জানিব পাৰিম নেকি? 

বয়োজ্যেষ্ঠ ব্যক্তিগৰাকীয়ে অলপ কন্দনামুৱা হৈ উত্তৰ দিলে— : কি কম বোপাই! যোৱা বছৰ চাকৰিৰ পৰা অৱসৰ ললো। অৱসৰৰ পিছত পোৱা টকাখিনি বেংকৰ একাউণ্টতে আছিল। ছোৱালীজনীৰ বিয়াৰ বাবে ৰাখিছিলোঁ। কিন্তু তিনিদিন আগতে মোলৈ ফোন এটা আহিল। তেওঁলোকে নিজকে বি এচ এন এলৰ পৰা কৰিছে বুলি কৈ মোৰ ফোন নম্বৰটোৰ কে ৱাই চি আপডেট কৰিবলৈ কলে অন্যথা মোৰ নম্বৰটো ডিএক্টিভ হৈ যাব বুলি কলে।  মই ভাবিলোঁ সঁচাই বি এচ এন এলৰ পৰা কৰিছে সেয়ে তেওঁলোকক দুদিনমান সময় দিবলৈ কলো। তেওঁলোকে হব বুলি কৈ মোৰ মোবাইলত পঠোৱা ছটা সংখ্যা বিচাৰিলে। মই দি দিলোঁ। ইয়াৰ পিছত মই কিবা বুজি পাওঁ মানে মোৰ একাউণ্টৰ টকাবোৰ সিহঁতে লৈ গল। 

কথাখিনি কৈ মানুহজনে কান্দি দিলে। অসহায় হৈ তেওঁৰ দুৰৱস্থাৰ বাবে সমবেদনা জনোৱাৰ বাদে মোৰ হাতত আন কোনো কৰিবলগীয়া নাছিল। 

ওপৰত উল্লেখ কৰা ঘটনাটো কেৱল মাত্ৰ এটা উদাহৰণ।  এনেদৰে প্ৰতিদিনে কিমান মানুহক প্ৰবঞ্চনা কৰি আছে তাৰ কোনো সীমা সংখ্যা নাই। 

বেংকসমূহে গ্ৰাহকৰ সুৰক্ষাৰ বাবে সদায় নতুন নতুন প্ৰযুক্তিৰ উদ্ভাৱন কৰিছে যদিও বেংক প্ৰবঞ্চকবোৰেও সাধাৰণ মানুহক প্ৰবঞ্চনা কৰাৰ নিত্য নতুন পদ্ধতি উদ্ভাৱন কৰিছে। এই প্ৰবঞ্চকবোৰৰ পৰা আপুনি আৰু মই বাছি থকাৰ একমাত্ৰ উপায় হ, নিজে যিমান পাৰি সতৰ্ক হৈ থকা। সেয়ে হয়তো কোৱা হয় সাৱধানৰ মৰণ নাই।  তলত সাধাৰণ মানুহে নিজৰ বেংক একাউণ্ট সুৰক্ষিত কৰি ৰাখিবলৈ লবলগীয়া কেতবোৰ সাৱধানতাৰ বিষয়ে উল্লেখ কৰিলোঁ। 

বৰ্তমান সময়ত আপুনি আপোনাৰ এ টি এম কাৰ্ডখন কোনো লোকৰ হাতত দি তাৰ পিন নম্বৰ নিদিলেও হয়তো আপোনাৰ একাউণ্টৰ পৰা বেলেগে টকাৰ হৰলুকি কৰিব পাৰে। হয়তো সেই কাৰণেই সততে অন্ততঃ সপ্তাহত এবাৰ হলেও আমালৈ এনে ধৰণৰ ফোন আহে যি আমাৰ পৰা পাকেপ্ৰকাৰে আমাৰ বেংকৰ একাউণ্টৰ তথ্য বিচাৰে। আমাক বিভিন্ন ছলাহী কথাৰে পতিয়ন নিয়াবলৈ চেষ্টা কৰে। আৰু যদি তাত সফল নহয় তেন্তে বিভিন্ন প্ৰকাৰে ভয় খুৱাবলৈ চেষ্টা কৰে, যেনে আপোনাৰ একাউণ্ট বন্ধ হৈ যাব, আপোনাৰ একাউণ্টত কে ৱাই চিৰ প্ৰয়োজন, আপোনাৰ মোবাইল নম্বৰৰ কে ৱাই চিৰ প্ৰয়োজন ইত্যাদি।  যদি এনেধৰণৰ কিবা ফোন আহে তেন্তে আপুনি সেই ফোনৰ কোনো ধৰণৰ উত্তৰ নিদিব। বেংকৰ পৰা কোনোবাই ফোন কৰিলেও কোনো ধৰণৰ তথ্য নিদিব কিয়নো আপোনাৰ তথ্য বেংকৰ হাতত ইতিমধ্যে আছেই গতিকে বেংকক কোনো ধৰণৰ আন তথ্যৰ প্ৰয়োজন নাই। প্ৰয়োজন হলে তেওঁলোকে ফোন কৰি আপোনাক বেংকলৈ মাতিব অথবা তেওঁলোকৰ কৰ্মচাৰীক আপোনাৰ ওচৰলৈ পঠাব। আপুনি কোনো ধৰণৰ গুৰুত্বপূৰ্ণ তথ্য আদানপ্ৰদান কৰাৰ আগতে বেংকৰ কৰ্মচাৰীৰ পৰিচয় পত্ৰ পৰীক্ষা কৰি লওক। সন্দেহজনক কিবা দেখিছে যদি পুলিচ নহলে বেংকৰ মেনেজাৰৰ কাষ চাপক। 

আপুনি অনলাইনত কিবা সামগ্ৰী কিনিব বিচাৰিছে আৰু আপুনি বিচৰা সামগ্ৰীটো অত্যন্ত কম মূল্যত আপুনি কেতিয়াও নাম নুশুনা ৱেবচাইট এটাত পাইছে। আপুনি আপোনাৰ একাউণ্টৰ সম্পূৰ্ণ তথ্য সেই ৱেবচাইটত দিছে উদ্দেশ্য সামগ্ৰীটো কম মূল্যত পাই অতি সোনকালে কিনাৰ। কিন্তু এয়া কি, আপুনি কিবা বুজি পোৱাৰ আগতে আপোনাৰ একাউণ্টৰ পৰা টকাবোৰ কৰবালৈ গৈ আছে দেখোন। এনেধৰণৰ পৰিস্থিতিৰ পৰা বাচি থকাৰ একমাত্ৰ উপায় হ, যিকোনো ৱেবচাইটৰ পৰা কোনো সামগ্ৰী কিনাৰ আগতে সেই ৱেবচাইটৰৰ নিৰ্ভৰযোগ্যতা প্ৰতিষ্ঠা কৰি লওক। সন্দেহযুক্ত কিবা দেখা যেন পালে কেতিয়াও কোনো অসুৰক্ষিত ৱেবচাইটত নিজৰ বেংক সম্বন্ধীয় কোনো তথ্য নিদিব। 

আপোনাৰ বেংক একাউণ্টৰ সৈতে আপুনি ব্যৱহাৰ কৰি থকা মোবাইল নম্বৰ সংযোগ কৰক আৰু এচ এম এচ এলাৰ্ট ব্যৱস্থা কাৰ্যক্ষম কৰি ৰাখক। তেতিয়া আপোনাৰ একাউণ্টৰ পৰা কোনো দুষ্কৃতিকাৰীয়ে টকা পইছাৰ হেৰ ফেৰ কৰিলে আপোনালৈ বেংকৰ পৰা এচ এম এছ আহিব আৰু আপুনি ক্ষিপ্ৰতাৰে পদক্ষেপ লব পাৰিব। যদি আপোনাৰ একাউণ্টত বা বেংকত এচ এম এছ এলাৰ্ট নাই তেন্তে মাজে মাজে আপোনাৰ বেংকৰ জমা খাটাখন উন্নীত কৰি ৰাখক। আৰু কিবা বিসংগতি দেখিলে বেংক মেনেজাৰ বা স্থানীয় থানাৰ কাষ চাপক। 

এ টি এমত টকা উঠাবলৈ গলে সদায় অধিক সতৰ্কতা অৱলম্বন কৰিব। ভালদৰে এ টি এমটো পৰীক্ষা কৰক। সন্দেহজনক কিবা দেখিলে সেই এ টি এমৰ পৰা টকা নুঠাব। এ টি এমত আপুনি টকা উঠাই থাকোঁতে কোনো লোকক সোমাব নিদিব। নিজৰ পিন নম্বৰ কেতিয়াও কাকো নিদিব। এ টি এমৰ লেনদেন প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈকে সেই স্থানৰ পৰা আ‍তৰি নাযাব। 

যদি আপুনি আপোনাৰ মবাইলত ইউ পি আই এপ ব্যৱহাৰ কৰে তেন্তে কেতিয়াও অসুৰক্ষিত আন কোনো এপ মোবাইলত ইনষ্টল নকৰিব। ইয়াৰ উপৰি কোনো ধৰণৰ অসুৰক্ষিত লিংকত ক্লিক নকৰিব। ইউ পি আই সংযোগী ফোন নম্বৰ অনাহকত যতে ততে শ্বেয়াৰ নকৰিব। 

আপুনি যদি অনলাইন বেংকিং ব্যৱহাৰ কৰে তেন্তে আপোনাৰ অনলাইন বেংকিংৰ পাছৱৰ্ড মাজে মাজে সলনি কৰি থাকক। যিমান পাৰে কঠিন পাছৱৰ্ড ব্যৱহাৰ কৰক। নিজৰ নাম বা পত্নী, প্ৰেয়সী বা নিজৰ সন্তান আদিৰ নামৰ সৈতে সংলগ্ন পাছৱৰ্ড ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। এনেবোৰ পাছৱৰ্ড সোনকালে হেক কৰাৰ সম্ভাৱনা থাকে। 

ইমানখিনি সতৰ্কতা অৱলম্বন কৰাৰ পিছতো যদি আপুনি আপোনাৰ একাউণ্টত কেনেবাকৈ কিবা সন্দেহজনক লেনদেন দেখা পাইছে তেন্তে অতিশীঘ্ৰে বেংকত খবৰ দিয়ক যাতে আপোনাৰ একাউণ্ট সোনকালে সুৰক্ষিত কৰিব পৰা যায়। 

এটা কথা মনত ৰাখিব যে যদি আপুনি কনো তৃতীয়পক্ষক কেতিয়াও আপোনাৰ একাউণ্টৰ তথ্য দিয়া নাই। আপোনাৰ এটি এম কাৰ্ড আপোনাৰ হাতত থাকোঁতে আন কোনোৱে আপোনাৰ এ টি এমৰ পৰা টকা উঠাইছে তেন্তে আপুনি বিশেষ চিন্তা নকৰিব। বেংকে এনেকুৱা পৰিস্থিতিত গ্ৰাহকৰ ধন সুৰক্ষিত কৰিবলৈ এটা ইঞ্চুৰেঞ্চ কৰি ৰাখে। আপুনি কেৱল যিমান পাৰে সোনকালে বেংকৰ কাষ চাপি আপোনাৰ একাউণ্টত সংঘটিত হোৱা জালিয়াতিৰ বিষয়ে জনাওক। যদি আপোনাৰ কোনো দোষ নথকাকৈ আপোনাৰ একাউণ্টৰ পৰা টকাৰ হৰলুকি হৈছে, তেন্তে এশ শতাংশ সম্ভাৱনা আছে যে টকাখিনি আপুনি ঘূৰাই পাব। কিন্তু যদি আপুনি ওপৰত উল্লেখ কৰা ভুলবোৰ নিজে কৰিছে বা মই লেখাৰ আৰম্ভণিতে দিয়া উদাহৰণটোৰ দৰে ছটা সংখ্যাৰ নম্বৰ কাৰোবাক শ্বেয়াৰ কৰিছে, তেন্তে আপোনাৰ একাউণ্টৰ পৰা হৰলুকি হোৱা টকা ঘূৰাই পোৱাৰ সম্ভাৱনা যথেষ্ট ক্ষীণ। সেয়ে সময় থাকোঁতেই সজাগ আৰু সচেতন হৈ নিজৰ বেংক একাউণ্ট সুৰক্ষিত কৰি ৰাখক। মনত ৰাখিব যে ওপৰত উল্লেখ কৰাৰ দৰে লবলগীয়া সতৰ্কতাই আপোনাৰ একাউণ্ট সদায় সুৰক্ষিত কৰি ৰাখিব। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!