ক’ৰণা কালৰ মানৱসমাজ আৰু সুস্বাস্থ্যৰ প্ৰাসংগিকতা

লেখক- তন্ময়ী শৰ্মা

‘‘You’ve tested positive!” বৰ্তমান মানৱ সমাজক ভীতিগ্ৰস্ত কৰি ৰখা এটা শব্দ হৈছেকোভিড১৯ভেল কৰণা ভাইৰাছৰ ফলত সংক্ৰমিত হোৱা এই ৰোগত বৰ্তমানলৈ বিশ্বৰ ১৭ কোটিতকৈও অধিক লোক আক্ৰান্ত হৈছে আৰু এই সংখ্যা দিনে দিনে বাঢ়ি আছে। এতিয়া প্ৰশ্ন হয় কৰণা ভাইৰাছনো কি? আন আন ভাইৰাছৰ দৰে ইও জীৱিত অথবা মৃত পদাৰ্থৰ মাজৰ অৱস্থা যিয়েহোষ্টৰ শৰীৰত প্ৰৱেশ কৰিলে জীৱন পায়। মানৱ দেহত সংক্ৰমণ ঘটোৱাত ইয়াক সহায় কৰে ইয়াৰ দেহত থকাস্পাইক প্ৰটিনসমূহে। তিনি প্ৰকাৰৰ প্ৰটিনেৰে ই গঠিত। প্ৰথমে ইয়াৰ জেনেটিক মেটেৰীয়েলক আৱৰি থাকে প্ৰটিন এনভেলপ, যাৰ বাহিৰত থাকে মেম্বৰেণ প্ৰটিন আৰু শেষত থাকে স্পাইক প্ৰটিনসমূহ। ইয়াৰ জেনেটিক মেটেৰিয়েল হৈছে RNA আৰু ই “retrovirus” গ্ৰুপৰ অন্তৰ্গত। ইয়াৰস্পাইক প্ৰটিনসমূহে ইয়াক এটি মুকুট(crown)ৰ আকৃতি দিয়ে যাৰ বাবে ইয়াকৰণা(corona)” নাম দিয়া হৈছে। ২০০২ চনত প্ৰথমবাৰৰ বাবে চীনত ইয়াৰ সংক্ৰমণ ধৰা পৰিছিল আৰু ইয়াৰ দ্ৰুত সংক্ৰমণ হৈছিল যদিও অতি সোনকালে ইয়াৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰা হৈছিল। ইয়াক নাম দিয়া হৈছিল ‘SARS-Cov’ এতিয়াৰ ভাইৰাছটিও এই ভাইৰাছৰ এটা ৰূপ বাবে ইয়াক নাম দিয়া হৈছে ‘SARS-Cov2’ অথবা ‘Covid19’ যিহেতু ই ২০১৯চনত প্ৰথমবাৰৰ বাবে ধৰা পৰে। বৰ্তমানলৈ ইয়াৰ মিউটেচন ফলত ইয়াৰ ৬টা ভেৰিয়েণ্ট ধৰা পৰিছে। মিউটেচন হৈছে ভাইৰাছেহোষ্টকোষত নিজৰ লেখীয়া আৰু ভাইৰাছ বনাওতে অৰ্থাৎৰেপ্লিকেতকৰোঁতে RNA sequencingত হোৱা সাধাৰণ ভুল কিছুমান। ভাইৰাছে নিজৰ RNA sequence কপি কৰোঁতে কৰা সাধাৰণ ভুলৰ বাবে মূল ভাইৰাছতকৈ অলপ বেলেগ ধৰণৰ ভাইৰাছ এটি গঠন হয়, যাকভেৰিয়েণ্টবুলি কোৱা হয়। সাধাৰণতে মিউটেচনৰ ফলত উৎপন্ন ভাইৰাছৰ শক্তি মূল ভাইৰাছতকৈ কম হয় যদিও কিছু ক্ষেত্ৰত ই অধিক শক্তিশালী হৈ পৰে। ভাৰতৰ কৰণাৰ দ্বিতীয় ঢৌত ধৰা পৰাডেল্টাভেৰিয়েণ্ট ইয়াৰ উদাহৰণ। বৰ্তমানলৈ ইয়াৰ ৪টা অতি মাৰাত্মক ভেৰিয়েণ্টক চিনাক্ত কৰা হৈছিল যাকএলফা’, ‘বিটা’, ‘গামাআৰুডেল্টানাম দিয়া হৈছিল। বৰ্তমানলৈডেল্টাভেৰিয়েণ্টক অতি বেছি মাৰাত্মক বুলি কোৱা হৈছিল আৰু ইয়াক ২০২০ৰ অক্টোবৰ মাহত প্ৰথমবাৰৰ বাবে ভাৰতত চিনাক্ত কৰা হৈছিল। কিন্তু বৰ্তমান ইয়াৰ আৰু এটি মাৰাত্মক ভেৰিয়েণ্ট ধৰা পৰে যাৰ নাম দিয়া হৈছেডেল্টা+’ এইডেল্টা+’ ভেৰিয়েণ্টটো অতি বেছি ভয়ানক বুলি এইকাৰণেই কোৱা হৈছে কাৰণ কৰণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ চিকিৎসাত যি ‘monoclonal antibody’ ব্যৱহাৰ কৰা হৈছিল এই ভেৰিয়েণ্টবিধৰ বাবে সেইয়া প্ৰযোজ্য নহব। অতি দ্ৰুতভাৱে সংক্ৰমণ ঘটোৱা এই ভেৰিয়েণ্টটো কৰণাৰ তৃতীয় ঢৌৰ কাৰণ হব পাৰে বুলি আশংকা কৰা হৈছে। কৰণাৰ সংক্ৰমণ সংক্ৰমিত ব্যক্তিৰ হাঁচি, কাহ অথবা কথা কওঁতে ওলোৱা দ্ৰপলেটৰ পৰা সুস্থ ব্যক্তি এজনৰ দেহলৈ বিয়পে। ২০১৯চনৰ ডিচেম্বৰ মাহত চীনৰ উহান চহৰত প্ৰথমবাৰৰ বাবে ‘SARS-Cov2’ৰ উপস্থিতি মানৱ শৰীৰত ধৰা পৰে আৰু আৰু অতি কম সময়ৰ ভিতৰতে বিশ্বৰ প্ৰায় ভাগ দেশত সংক্ৰমণ ঘটোৱা বাবে ২০২০ৰ ১১মাৰ্চত WHO এ ইয়াকঅতিমাৰীবুলি ঘোষণা কৰে। 

কোভিড শ্বাসনলীৰ লগত জড়িত বেমাৰ। এই ৰোগৰ লক্ষণসমূহ সাধাৰণতে চৰ্দি, জ্বৰ, মূৰৰ বিষ, গোন্ধ আৰু স্বাদ নোপোৱা হোৱা, গাৰ বিষ ইত্যাদিতে সীমিত যদিও ইয়াৰ অত্যধিক সংক্ৰমণে হাওঁফাওঁ পৰ্যন্ত বিকল কৰি মানুহৰ মৃত্যু ঘটায়। বৰ্তমান এই ৰোগৰ সতে মোকাবিলা কৰিবলৈ সমগ্ৰ বিশ্বতে ভেকচিন প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই বেমাৰবিধ তীব্ৰভাৱে সংক্ৰমিত হৈছে যদিও কিছু সাধাৰণ সাৱধানতা অৱলম্বন কৰি এই বেমাৰবিধৰ পৰা হাত সাৰিব পাৰি। মাস্ক, চেনিটাইজাৰৰ ব্যৱহাৰ আৰু ২ফুট দূৰত্ব অৱলম্বন সতে আমি ইতিমধ্যেই জ্ঞাত। তদুপৰি বাহিৰৰ যিকোনো বস্তু ঘৰত সোমোৱাৰ আগত তাক চেনিটাইজ কৰা, চকু, নাক আৰু মুখ বাৰে বাৰে স্পৰ্শ নকৰা আদি এই ভাইৰাছৰ পৰা হাত সৰাৰ মূল উপায়৷ কাৰণ এই ভাইৰাছবিধ কেৱল এই তিনিটা ঠাইৰেহে আমাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে। বৰ্তমান সময়ত দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিয়া হৈছে। ইয়াৰ বাবে ব্যায়াম, আসন, যোগ আদি আমাৰ দৈনন্দিন জীৱনৰ অংগ কৰি তোলা উচিত। খোজ কঢ়াটো এটা অতি উপকাৰী আৰু স্বাস্থ্যকৰ উপায়। ৰাতিপুৱা অথবা গধূলি খোজ কঢ়া কাৰ্যই দেহটোক নিৰোগী তথা স্বাস্থ্যবান কৰি ৰখাত সহায় কৰে। তদুপৰি ভিটামিন C য়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত অৰিহণা যোগায়, গতিকে ভিটামিন C থকা আহাৰ গ্ৰহণ কৰিব লাগে। সুষম আহাৰ সেৱন আৰু নিয়মিত ব্যায়াম কৰিলে শৰীৰ সুস্থ হৈ থাকে।এটি সুস্থ শৰীৰতহে এটি সুস্থ মনে বাস কৰেএনে ধৰণৰ কথা আমি সৰুৰে পৰাই শুনি আহিছোঁ। গতিকে নিজৰ শৰীৰটোক নিৰোগী তথা সুস্থ, সবল কৰি ৰখাটো আমাৰ দায়িত্ব। অত্যধিক ভোজন সেৱনৰ পৰা দূৰত থাকিব লাগে কাৰণ অত্যধিক ভোজনে এলাহ বঢ়ায়। ইয়াৰ উপৰি আমি থকা ঘৰখনৰ কিছু কথাত আমি গুৰুত্ব দিব লাগে। নিজে বাস কৰা ৰুমটোত পৰ্যাপ্ত দুৱাৰ খিৰিকী থাকিব লাগে যাতে বাহিৰৰ বতাহ অহা যোৱা কৰিব পাৰে। কিছুমান উদ্ভিদে ৰুমৰ বতাহ পৰিষ্কাৰ কৰাত সহায় কৰে।স্নেক প্লাণ্ট’, ‘মানি প্লাণ্টৰ দৰে সৰু সৰু উদ্ভিদ ৰুমৰ একোণত লগাব পৰা যায়। ৰাতিপুৱাৰ ৰদত পৰ্যাপ্ত পৰিমাণে ভিটামিন D থাকে। সেইবাবে প্ৰতিজন মানুহে অন্তত আধা ঘণ্টা হলেও ৰাতিপুৱাৰ ৰদ গাত লগোৱা উচিত। সাধাৰণতে বৰ্তমান মানুহ প্ৰকৃতিৰ পৰা আঁতৰি যোৱা পৰিলক্ষিত হৈছিল যদিও এই অতিমাৰীয়ে মানুহক যথেষ্ট শিক্ষা দিলে। প্ৰকৃতিৰ অবিহনে যে জীয়াই থকা অসম্ভৱ, কেনেদৰে নিজক নিৰোগী কৰি ৰাখিব লাগে, সুস্বাস্থ্য কিমান প্ৰয়োজন আমাৰ বাবে, কেনেদৰে ভাইৰাছ, ভেঁকুৰ আদিৰ পৰা হাত সাৰিব পাৰে এই সকলো শিক্ষা মানৱ জাতিক দিলে এই অতিমাৰীয়ে। আশা কৰোঁ ভাল দিন অহাৰ পিছতো মানুহে এই সুস্থ অভ্যাসবোৰ বাদ নিদি জীৱনৰ অভিন্ন অংগ কৰি লব। বৰ্তমান এই সুস্থ অভ্যাসবোৰৰ উপৰি আটায়ে ভেকচিন গ্ৰহণ কৰিব লাগে কাৰণ ভেকচিনেহে এই দুৰ্যোগৰ সময়ত আমাক বচাব পাৰিব। কিন্তু ভেকচিন গ্ৰহণ কৰা মানে এইটো নহয় যে আৰু কোনোদিন আপোনাৰ কোভিড হোৱাৰ সম্ভাৱনা নাই। ভেকচিনে আপোনাৰ শৰীৰক ভাইৰাছটোৰ সতে যুঁজাৰ শক্তিহে দিব। গতিকে ভেকচিন লোৱাৰ পাছতো মাস্ক, চেনিটাইজাৰৰ ব্যৱহাৰ অপৰিহাৰ্য। কোনো লোকে কোভিড১৯ত আক্ৰান্ত হৈ সুস্থ হৈ উঠিলে তেওঁৰ দেহৰ এণ্টিবডি গঠন হয় ঠিকেই কিন্তু ভালহোৱাৰ৩০দিনৰ পৰা ৬মাহলৈ তেওঁৰ মৃত্যুৰ হাৰ সুস্থ মানুহৰ তুলনাত ৬০% বাঢ়ি যায়। গতিকে পোষ্ট কোভিডৰ সময়খিনিত নিজৰ বেছি যত্ন লোৱাটো আৱশ্যক। চাফচিকুণতা বজাই ৰাখক যাতে আন বেমাৰ যেনে ভেঁকুৰ আদিয়ে আপোনাৰ শৰীৰক আক্ৰমণ কৰিব নোৱাৰে। নিজৰ খুব বেছি যত্ন লওক কিন্তু ভয় নাখাব কাৰণ ভয়ে মানুহক মানসিকভাৱে দুৰ্বল কৰি তোলে আৰু তেতিয়া শৰীৰ দুৰ্বল হোৱাটো স্বাভাৱিক। যেতিয়ালৈকে কৰণা ভাইৰাছ থাকিব তেতিয়ালৈ ইয়াৰ মিউটেচন হৈয়ে থাকিব আৰু নতুন ভেৰিয়েণ্ট আহিয়ে থাকিব। গতিকে হতাশ নহৈ সুস্থ অভ্যাসবোৰক আঁকোৱালি লওক, প্ৰকৃতিৰ সংস্পৰ্শত থাকক, মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু ভিৰৰ পৰা আঁতৰি থাকক। 

ॐ सर्वे भवन्तु सुखिनः। 

सर्वे सन्तु निरामयाः। 

सर्वे भद्राणि पश्यन्तु। 

मा कश्चित् दुःख भाग्भवेत्॥

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!