পুৰণিকলীয়া অসমৰ গ্ৰাম্য জীৱন প্ৰণালীৰ ইতিবাচক দিশ

লেখক- চন্দামিতা শৰ্মা

মানুহে জীয়াই থাকিবলৈ কোনবোৰ কাম কৰে,  কেনে ধৰণৰ খাদ্য,  বস্ত্ৰ, সাসজুঁলি ব্যৱহাৰ কৰে,  কেনে ধৰণৰ আচাৰব্যৱহাৰ আদিৰ দ্বাৰা তেওঁলোকৰ জীৱন পৰিচালিত হয় সেই সকলোবোৰকে একলগে জীৱন ধাৰণৰ প্ৰণালী বোলে। 

অসম এখন বৈচিত্ৰ্যময় ৰাজ্য। বিভিন্ন জাতি, জনগোষ্ঠী আৰু বিভিন্ন ধৰ্মৰ লোকৰ সংমিশ্ৰণত গঢ়ি উঠা এখন বাৰে বৰণীয়া সংস্কৃতিৰে ভৰপুৰ ৰাজ্য। ৰীতিনীতি,  আচাৰব্যৱহাৰ, পিন্ধনউৰণ আদি ঠাইভেদে ভিন ভিন হলেও অসম এক সংহতি তথা সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিব পৰা প্ৰদেশ।  

পুৰণিকলীয়া অসমৰ গাঁও এখনৰ নিভাঁজ প্ৰতিচ্ছবি বুলিলে আমাৰ মনলৈ আহে একোখন চোতালসহ এটা আলিবাটৰ দুয়োকাষে পৰিপাটি কৈ তথা চিকুণকৈ ৰখা ঘৰৰ শাৰী।  চোতালৰ একাষে ধান থোৱা ভঁৰাল আনকাষে শাকনি বাৰী, পিছফালৰ বাৰী তামোল পাণ আদিৰে ভৰি থকা ঘৰ। মাধৈমালতী,  কাঞ্চন, তগৰ আদিৰ গোন্ধেৰে মলমলাই থকা পদূলি,  প্ৰতিনিয়ত ভাঁহি অহা শালৰ খিট্ খিট্ শব্দ,  ঢেকীৰ শব্দ, আছিল এখন গাঁৱৰ সহজলভ্য দৃশ্য। ভঁৰালত ধান, পুখুৰীৰ মাছ, পাচলি আৰু শাকনি বাৰী আৰু বুকু ভৰাই লব পৰা মুক্ত বতাহ। 

অসমৰ পুৰণিকলীয়া গ্ৰাম্য জীৱন বুলি কলে আমি উভতি যাব লাগিব আজিৰ পৰা প্ৰায় পাঁচছয় দশকৰ আগৰ দিনবোৰলৈ আৰু পুৰণিকলীয়া গ্ৰাম্য জীৱন প্ৰণালী বুলি কলে আমি বুজিব লাগিব সেই সময়ৰ লোকৰ অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থা,  বিভিন্ন লোকাচাৰ ইত্যাদি। সেই সময়ত বেছি ভাগ মানুহ আছিল অৰ্থনৈতিকভাৱে মোটামুটি সাৱলম্বী। অৰ্থনৈতিক দিশটো প্ৰধানত: জড়িত আছিল কৃষিকৰ্মৰ লগত। পৰমুখাপেক্ষী স্বভাৱৰ বিপৰীতে প্ৰায় সকলো লোক আছিল নিজ কৰ্মত বিশ্বাসী। প্ৰচুৰ শাৰীৰিক শ্ৰম কৰি খেতি কাৰ্য সমাপন কৰিছল। শাৰীৰিক শ্ৰম কৰিব পৰা ক্ষমতাই দিছিল আত্মনিৰ্ভশীলতাৰ পাঠ। এতিয়া আমাৰ জৈৱিক খেতি বুলিলে যি ধাৰণা মনলৈ আহে সেই ধাৰণা কিন্তু আজিৰ পৰা ছয় সাত দশকৰ আগৰ ফচল। খেতিত নাছিল কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ তথা সাৰৰ প্ৰয়োগ তথা ব্যৱহাৰ। গৰুৰ গোবৰ আৰু পচন সাৰ আছিল খেতিৰ শ্ৰী বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা অন্যতম উপাদান। খেতিত হব পৰা অনিষ্টকাৰী পোক পৰুৱাৰ ধ্বংসৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছিল কীটনাশক পদাৰ্থ। এই পৰিৱেশ অনুকূল তথা মাটিৰ কোনো ধৰণৰ অনিষ্ট সাধন নকৰা পদাৰ্থ বিধ প্ৰস্তুত কৰা হৈছিল নিমপাতৰ ৰস বা গুৰি, কৰচ গছৰ পাতৰ গুড়ি, গোমূত্ৰ আদিৰ সংমিশ্ৰণত।  মাটিৰ আম্লিক গুণ বেছি হলে কিছুমান খাদ্য শস্যৰ উৎপাদন যথেষ্ট কম হয়। তেনেকুৱা পৰিস্থিতিত উপায় আছিল শুকান মেটেকাৰ গুৰি পথাৰত ছটিয়াই দিয়া। ইয়ে মাটিৰ আম্লিক গুণ হ্ৰাস কৰি মাটিৰ গুণাগুণ বৃদ্ধি কৰি খেতিৰ উপযোগী কৰি তুলিছিল। ধানত হোৱা এবিধ বিশেষ ৰোগ যাকবগা পৰা ৰোগবুলি জনা যায়, তাৰ পৰা নিৰাময় পাবলৈ ৰৱাব টেঙাৰ বাকলি কাটি পথাৰত ছটিয়াই দিয়া হয়। ইয়াৰ কাৰণ হল ৰৱাব টেঙাৰ বাকলিত থকা লিমনিন( limonene), যি  পোক ধ্বংস কৰিবলৈ উৎকৃষ্ট। 

গুটি চটিওৱাৰ পৰা শস্য চপোৱালৈ সকলো কৰা হৈছিল কেৱল শাৰীৰিক আৰু মানসিক শ্ৰমৰ বিনিময়ত। এই কাৰ্যৰ ফলত দেহ আৰু মনক যথেষ্ট পৰিমাণে সবল আৰু সুস্থ কৰি ৰখাত অভূতপূৰ্ব সহায়ক হৈছিল। আচলতে সেই সময়ৰ প্ৰতিটো কামেই আছিল প্ৰকৃতিৰ লগত একাত্ম হৈ কাম কৰা পদ্ধতি।  সূৰ্যোদয়ৰ লগে লগে শোৱা পাটি এৰাটো আছিল সেই সময়ৰ অঘোষিত নিয়ম। সোনকালে শোৱা পাটি এৰা কাৰ্য্যই প্ৰভুত প্ৰভাৱ পেলাইছিল সুন্দৰ সুস্বাস্থ্যত। দক্ষিণ কোৰিয়া দেশতবোকাৰ উৎসৱ’’ বুলি এটা উৎসৱ আছে যত বছৰৰ এটা দিনত মানুহে সমূহীয়াকৈ বোকাত লেটিপেটি হয় কাৰণ মাটি হৈছে বিভিন্ন খনিজ পদাৰ্থৰ ভাণ্ডাৰ। কিন্তু সেই একে প্ৰক্ৰিয়া আমাৰ অসমৰ পুৰণিকলীয়া গ্ৰাম্য জীৱনৰ এক অবিচ্ছেদ্য অংগ। 

আচলতে খাদ্যাভাস জীৱন প্ৰণালীৰ এক অন্যতম আৰু অবিচ্ছেদ্য অংশ।  খাদ্যাভাসে এটা জাতিৰ বা কোনো এটা বিশেষ জনগোষ্ঠীৰ সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়ে। পুৰণিকলীয়া অসমীয়া খাদ্যৰ বৈশিষ্ট্য আছিল শাকপাতৰ অধিক ব্যৱহাৰ,  টেঙাৰ বহুল ব্যৱহাৰ,  খাৰৰ ব্যৱহাৰ,  মাছপুঠিৰ অধিক ব্যৱহাৰ,  শুকান মচলাৰ পৰিৱৰ্তে সুগন্ধিযুক্ত পাত যেনে গনচনা, নেফাফু আদিৰ ব্যৱহাৰ আৰু সবাতোকৈ উল্লেখযোগ্যভাৱে ঔষধি গুণ সম্পন্ন শাকপাচলিৰ ৰন্ধন কাৰ্য্যত প্ৰয়োগ।  কঠিন মাংসৰ পৰিৱৰ্তে আছিল মাছৰ অধিক ব্যৱহাৰ তথা চৰাই জাতীয় মাংসৰ পয়োভৰ। পুৰণি দিনৰ অসমীয়া গাঁও এখনৰ ঘৰত মূল খাদ্য আছিল ভাত আৰু তাৰ লগত সম্পৰ্কিত অন্যান্য খাদ্য সামগ্ৰী। টেঙা উপকৰণবোৰৰ বহুল ব্যৱহাৰ আৰু ঔষধি উপকৰণবোৰ সুলভতা সেই সময়ৰ মন কৰিবলগীয়া কথা। ভেদাইলতা, নৰসিংহ,  মানিমুনি,  মছন্দৰী,  মধুসোলোং,  টেঙেচি,  কলমৌশাক, ঢেকীয়া আদিৰে প্ৰস্তুত কৰা ব্যঞ্জনসমূহ আছিল সুস্বাদু তথা পৰিপাক প্ৰণালীক সুস্থ কৰি ৰখা খাদ্য। প্ৰচুৰ আইৰণেৰে ভৰপূৰ কলডিল, কলপচলা, লা কচু আদিৰ আছিল অধিক ব্যৱহাৰ। পোৱতিসকলক সুস্থ আৰু সবল কৰাৰ বাবে সেই সময়তকচুৰ জ্বালখোৱাৰ নিয়ম আছিল। আচলতে নিয়মৰ দোহাই দি আইৰণ জাতীয় খাদ্যৰ উপাদানসমূহ বিশেষভাৱে প্ৰস্তুত কৰা হৈছিল যাতে তেওঁলোক ৰক্তহীনতাত নোভোগে। ধান আৰু চাউলৰ পৰা তৈয়াৰী মুড়ি, চিৰা, আখৈ,  সান্দহ গুৰি, হৰুম আদি আছিল জলপানৰ অবিচ্ছেদ্য অংশ। বিভিন্ন ধৰণৰ পিঠা পনাৰ কথা উল্লেখ নকৰিলে সেই সময়ৰ কথা আধৰুৱা হৈ ৰব। এবিধ দুবিধ পিঠাৰ বাদে প্ৰায় ভাগ পিঠা আছিল জুইত সেকি বা ভাপত দি প্ৰস্তুত কৰা। বিহুৰ সময়তে হওক বা আলহী অতিথিক সোধপোছ কৰিবৰ বাবেই হওক লাৰু, পিঠা আছিল অবিচ্ছেদ্য অংগ। নাৰিকলৰ লাৰু,  তিলৰ লাড়ু,  আখৈৰ লাড়ু, চিৰাৰ লাড়ু,  মুড়ীৰ লাৰু আৰু কৈ শেষ কৰিব নোৱাৰা পিঠা পনাৰে আখল ঘৰৰ কলহ আছিল ভৰ্তি হৈ। এই পিঠাপনা তথা লাৰুবোৰৰ প্ৰস্তুত প্ৰণালী তথা যিবোৰ উপাদানেৰে এইবোৰ প্ৰস্তুত কৰা হয় সেইসমূহও সম্পূৰ্ণ স্বাস্থ্যকৰ।  কুহিয়াঁৰৰ খেতিৰ পৰা উৎপাদিত গুড় আছিল চেনিৰ বিকল্প।

উৎকট গৰমত দেহ শীতল কৰি ৰাখিবলৈ পান কৰিছিল থেকেৰা টেঙা,  তেতেলি টেঙা,  লতাবেল, নেমু টেঙাৰ চৰবত। যিবোৰ এতিয়া বৈজ্ঞানিকভাৱে প্ৰমাণিত হৈছে যে এতিয়াৰ দিনত বজাৰত সহজলভ্য তথাকথিত শীতল পানীয়তকৈ বহু বেছি গুণে স্বাস্থ্যকৰ। সৰু লৰা ছোৱালীক ঘৰতে তৈয়াৰ কৰা খাদ্য যেনে চাউলৰ পৰা তৈয়াৰীলুথুৰী”, আঠীয়া কলেৰে তৈয়াৰ কৰা বিশেষ জলপান আদি খুওৱা হৈছিল৷ এইসমূহ  এতিয়া বজাৰত অতি উচ্চ দামত বিক্ৰী হোৱা শিশু খাদ্যতকৈ বহু উপকাৰী। 

আঠীয়া কলৰ বাকলি, মধুনা আদি শুকুৱাই পিছত সেইবোৰ পুৰি তাৰ ছাইৰ পৰা প্ৰস্তুত কৰাখাৰআৰু সেই খাৰ পানীৰ লগত মিহলাই তৈয়াৰ কৰাখাৰণি’’ আছিল পুৰণিকলীয়া অসমৰ গাঁও এখনৰ লোকৰ খাদ্যৰ মুখ্য উপাদান।  বহু সময়ত এই খাৰৰ দ্বাৰাই নিমখৰ অভাৱ পুৰণ কৰা হৈছিল। 

বাৰীত উভৈনদী থলুৱা ফলমূলসমূহ আছিল সেই সময়ৰ লোকৰ দৈনন্দিন খাদ্যৰ তালিকাৰ অনত্যম অংশ। থলুৱা ফলমূলসমূহ আমাৰ স্বাস্থ্যৰ পক্ষে যে কিমান ভাল আৰু উপকাৰী সেয়া অনস্বীকাৰ্য। উল্লেখযোগ্য যে বৰ্তমান কৃত্ৰিমভাৱে বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ যেনে কাৰ্বাইড আদি ব্যৱহাৰ কৰি ফল পকোৱা পদ্ধতিতকৈ বহু গুণে শ্ৰেষ্ঠ প্ৰাকৃতিক পদ্ধতিৰ দ্বাৰা সেই কাৰ্য্য সমাধা কৰা হৈছিল,  উদাহৰণস্বৰূপে সোণাৰু গছৰ পাত ব্যৱহাৰ কৰি কল পকোৱা পদ্ধতি পুৰণি দিনৰ গ্ৰাম্য জীৱনৰ প্ৰায় এক সুকীয়া তথা সুন্দৰ পদ্ধতি আছিল, ত কলৰ গুণাগুণ সম্পূৰ্ণৰূপে অটুট থাকে।  

উৎপাদিত শস্যৰ সংৰক্ষণৰ প্ৰণালীও হল কোনো এক জাতি বা জনগোষ্ঠীৰ জীৱন প্ৰণালীৰ অংগ। পুৰণিকলীয়া অসমৰ গাঁও এখনত মুখ্য উৎপাদিত খাদ্য শস্য আছিল ধান। কিন্তু তাৰ সমান্তৰালভাবে মাটি মাহৰ দালি, আলু, ৰঙালাউ, নহৰু ইত্যাদি বিভিন্ন ধৰণৰ খাদ্য আদিও উৎপাদন কৰা হৈছিল। উৎপাদিত খাদ্য শস্যৰ সংৰক্ষণত ব্যৱহাৰ হৈছিল সম্পূৰ্ণ ৰূপে থলুৱা প্ৰযুক্তি।  সংৰক্ষণৰ হেতু ব্যৱহাৰ হোৱা পাত্ৰ বা আহিলাসমূহ আছিল সম্পূৰ্ণ ৰূপে থলুৱা প্ৰযুক্তি তথা প্ৰাকৃতিক সামগ্ৰীৰ দ্বাৰা তৈয়াৰী। ধান সংৰক্ষণ কৰিবলৈ মাটিৰে বিশেষভাৱে নিৰ্মিত ভঁৰাল ঘৰ তথা বাঁহেৰে নিৰ্মিতটোপাআদি ব্যৱহাৰ কৰা হৈছিল।  খাদ্য শস্যক এন্দুৰ জাতীয় আদিৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ নিম গছৰ পাত আদি ব্যৱহাৰ কৰা হৈছিল। পূৰঠ হোৱা পানীলাওৰ শুকান খোলাত নিমখ, শিলৰ পাত্ৰত শুকান থেকেৰা টেঙা,  মাটিৰ কলহত পিঠা পনা, দালি আদি মজুতকৰণৰ সুবিধা আছিল। জলীয় বাষ্প সোমাব নোৱাৰাকৈ সেইবোৰ তুলি থোৱা হৈছিল বিশেষভাৱে নিৰ্মিত ধোৱাচাঙত।  আলু বহু দিনলৈকে সুৰক্ষিত তথা সংৰক্ষণ কৰি ৰাখিবলৈ আখলৰ চৌকাৰ ওপৰত চাঙী সাজি তাত ৰখাৰ ব্যৱস্থা কৰা হৈছিল লগতে ৰখা হৈছিল ৰঙালাউ,  নহৰু, জলকীয়া আদি। এই ব্যৱস্থাৰ দ্বাৰা বহু দিনলৈকে এইবোৰ সামগ্ৰী সুৰক্ষিত কৰি ৰাখিব পৰা গৈছিল কাৰণ এই ব্যৱস্থাৰ দ্বাৰা জলীয় বাষ্পৰ পৰা বহু দিনলৈ এই সামগ্ৰীসমূহ ৰক্ষা কৰিবলৈ সহায়ক হৈছিল। কুহিয়াঁৰ বহু দিনলৈকে ব্যৱহাৰ কৰিব পৰাকৈ মাটিত দগাঁত খান্দি পুতি থোৱাৰ ব্যৱস্থা আছিল।  কচু, মুলা আদি কিছুমান পাচলিৰ সৰুবৰ সৰুবৰ টুকুৰা কৰি ৰদত ভালদৰে শুকাই সেয়া ভৱিষ্যতে ব্যৱহাৰ কৰিবৰ অৰ্থে সংৰক্ষণ কৰা হৈছিল। অসমীয়া সমাজৰ মানৰ প্ৰতীক তামোলো গাতত বিশেষ ধৰণেৰে পুতি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল।  

পুৰণি কালৰ অসমীয়া গাঁও এখনৰ ঘৰৰ চৌপাশে ভৰপূৰ আছিল বিভিন্ন ধৰণৰ ঔষধি তথা পৰিৱেশ স্বাস্থ্যৰ পক্ষে অনুকূল কৰি ৰখা বিভিন্ন গছ গছনিৰে ভৰা।  কবিয়েও সেয়ে কৈ গৈছেশুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছৰে ভৰা।  ডাল ভৰি ভৰি ফল ফুল লাগে কতনো পাওঁ তলসৰা।নিম গছ, বকুল গছ আদিয়ে যে পৰিৱেশত অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, সেয়া এতিয়া সৰ্বজনবিদিত। গুটিৰ পৰা তেল উৎপাদন কৰিব পৰা নাহৰ গছ,  চুলিৰ অকলপক্বতা ৰোধ কৰিব পৰা ৰঙা জবা ফুলৰ গছ,  পেটৰ বাবেই হওক বা চুলিৰ সুস্বাস্থ্যৰ বাবেই হওক এজোপা আমলখিৰ গছ সেই সময়ৰ প্ৰায় প্ৰতি ঘৰ মানুহৰ ঘৰত সুলভ আছিল। এনেকুৱা বহু লেখ কৰিব নোৱাৰা অসংখ্য,  অজস্ৰ উদাহৰণ আছে।  মুখশুদ্ধি তথা মান ধৰিবলৈ ব্যৱহাৰ হোৱা তামোলপাণ অসমীয়া জনজীৱনৰ এক অবিচ্ছেদ্য অংগ।  সম্পূৰ্ণ বৈজ্ঞানিক পৰীক্ষাৰৰ দ্বাৰা প্ৰমাণিত হৈছে যে পাণত ভিটামিন C, ৰিবফ্লেভিন, নিয়াচিন আদি থাকে। পাণ চোবালে ই তেজত গ্লুকজৰ মাত্ৰা হ্ৰাস কৰে,  আমাৰ মুখৰ ভিতৰত থকা লালটিত এচকৰবিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে যিয়ে মুখৰ কৰ্কট ৰোগ হোৱাত বাধা দিয়ে তদুপৰি পাণে মাইগ্ৰেন নিৰাময়ত সহায় কৰে।  

পুৰণিকলীয়া অসমৰ গাঁও এখনত সাধাৰণতে মানুহ বিলাক আছিল সুস্বাস্থ্যৰ। আমি বৰ্তমান যুগত ব্যৱহাৰ কৰা প্লাষ্টিকৰ দ্বাৰা তৈয়াৰ কৰাটুথব্ৰাছৰপৰিৱৰ্তে ব্যৱহাৰ হৈছিল নিম গছৰ ঠানিৰ দাতোন, যি সম্পূৰ্ণৰূপে আছিল স্বাস্থ্যসন্মত। মুৰ ধুবলৈ ঔ টেঙাৰ বীজ,  মণিছালৰ গুটি,  কলাখাৰ আদিৰ বহুল প্ৰয়োগ আছিল,  যিবোৰ বৰ্তমান বজাৰত সহজলভ্য ৰাসায়নিক পদাৰ্থৰ সংমিশ্ৰণত কৃত্ৰিমভাৱে উৎপাদন কৰাচেম্পুআদিতকৈ শতগুণে উন্নত তথা কোনো ধৰণৰ হানি নকৰা বস্তু।  খাটি মিঠাতেল তথা ঘৰুৱাভাৱে প্ৰস্তুত কৰা নাৰিকল তেল আছিল প্ৰসাধন সামগ্ৰী।  মহিলাসকলে ওঠত ৰঙ বুলাবলৈ লিপ্‌ষ্টিকৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিছিল বৰহমথুৰি,  চকুত তথা সৰু সৰু লৰা ছোৱালীৰ কপালৰ ফোট হিচাপে ব্যৱহাৰ কৰিছিল কলপাতত তেল লগাই মাটিৰ চাকিৰ শিখাৰ সহায়ত প্ৰস্তুত কৰা কাজল।  আচলতে সেই সময়ত প্ৰায় সকলো বস্তু আছিল কৃত্ৰিমতাৰ পৰশৰ পৰা শতযোজন দূৰৈত আৰু শৰীৰক কোনো ধৰণৰ অনিষ্ট সাধন নকৰা পদাৰ্থ। 

বিখ্যাত ভূতত্ত্ববিদ ৰিচাৰ্ড ডিক্সন অল্ডহামে কৈ গৈছিল যে অসমৰ জলবায়ু আচলতে অসম আৰ্হিৰ ঘৰৰ বাবেহে উপযোগী। সেইসময়ত ঘৰ বন্ধা হৈছিল বাঁহ, ইকৰা, মাটি আদিৰ সহায়ত। চালত আছিল খেৰ। কিছু কিছু ঘৰ আছিল চালত টিনপাট দিয়া।  আহোম ৰাজত্ব কালত হাঁহৰ কণী,  মাহৰ দালি আদিৰ সংমিশ্ৰণত প্ৰস্তুত কৰা মিশ্ৰণৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল মজবুত বেৰ। ইন্ধন হিচাপে ব্যৱহাৰ হৈছিল সেই সময়ত উভৈনদী হৈ থকা খেৰ, বাঁহ,  গছ আদি কিন্তু গোবৰৰ দ্বাৰা তৈয়াৰ কৰাগোবৰ পিঠাও ব্যৱহাৰ হৈছিল ইন্ধন ৰূপে৷ প্ৰমাণিত হৈছে যে গোবৰৰ পৰা তৈয়াৰ কৰা এই জৈৱ ইন্ধনত পৰিৱেশ দূষিত কৰিব পৰা কাৰকৰ প্ৰাৰ্দুভাব অত্যন্ত কম।  জৈৱ গেছৰ উপাদান হল প্ৰধানত: মিথেন,  যি এবিধ সংপৃক্ত হাইড্ৰকাৰ্বন আৰু দহনত যথেষ্ট কম পৰিমাণৰ প্ৰদূষণ হয়। জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ আছিল অতি সীমিত।  

আচলতে সেই সময়ত সকলোৰে আছিল প্ৰকৃতিৰ লগত একাত্ম হৈ জীয়াই থকাৰ হেঁপাহ।  বিভিন্ন ভক্তিমূলক উৎসৱ,  বিভিন্ন পাৰ্বণ তথা বিয়া বাৰুত প্ৰসাদেই হওক কিম্বা জাজলপানেই হওক,  ব্যৱহাৰ কৰা হৈছিল কলপাত, কলগছৰ গাগছ কাটি তৈয়াৰ কৰা দোনা আদি।  এই ব্যৱস্থাৰ দ্বাৰা পৰিবেশ দূষিত হোৱাৰ পৰা ৰক্ষা পৰিছিল তথা খাদ্য পৰিৱেশন কৰা ব্যবস্থা আছিল স্বাস্থ্য ৰক্ষাত সহায়ক।  যদিও গা গছ কাটিছিল কিন্তু সমান্তৰাল ভাৱে তাৰ কেবাগুণো বেছি হৈছিল ৰোপণ।এক বৃক্ষ, দশ পুত্ৰৰ সমান’’ এই বাক্য সততে মানি চলিছিল। 

বৰ্তমান যুগত চকু আদিৰ ক্ষতি সাধন কৰা উপাদানসমূহ যেনে কম্পিউটাৰ, মোবাইল সেই সময়ত সম্পূৰ্ণ ৰূপে অপ্ৰচলিত আছিল। সৰু সৰু লৰা ছোৱালীৰ অৱসৰ বিনোদনৰ বাবে আছিল বিভিন্ন থলুৱা খেলধেমালি যেনে হাই গুডু ইত্যাদি। মানসিক শান্তিৰ বাবে আয়োজন কৰিছল নামপ্ৰসংগ। এই নাম প্ৰসংগত ভক্তিমূলক দিশটোৰ লগত আৰু এটা দিশ জড়িত হৈ আছিল। সেয়া হৈছে শাৰীৰিক কচৰৎ আৰু মনক সুস্থিৰ কৰা ৰখা।  নেদেখাজনৰ লগত একাত্ম হৈ পৰা কাৰ্যই মানসিক শক্তি বঢ়াই তুলিছিল আৰু হস্তৰ প্ৰয়োগৰ আচিলাৰে মাংসপেশী সবল হৈছিল। জোৰে জোৰে নাম তথা স্ততিসমূহ গোৱাৰ ফলত হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি পাইছিল।  ঢেকীত চাউল খুন্দা,  মৰণা মৰা,  জাল মৰা, বিভিন্ন ধৰণৰ থলুৱা বস্তু যেনে ডলা,  চালনি তৈয়াৰ কৰা, কঠীয়া তোলা,  ভুই ৰোৱা, ধান দাই ঘৰত অনা ইত্যাদিৰ প্ৰভাৱত পুৰুষ কিম্বা এখন ঘৰৰ চালিকা শক্তি মহিলা সকলো সুস্বাস্থ্যৰ অধিকাৰী আছিল। 

ৰোগ আদিৰ নিৰ্মুলকৰণত প্ৰধানত: প্ৰাকৃতিক উপাদানৰ প্ৰয়োগ আছিল বহুল।  সাধাৰণ কটা ছিঙাত গেন্ধাই ফুলৰ পাত মোহাৰি লগোৱা,  কাহ চৰ্দিত আদা,  জালুক আদি মৌজলৰ লগত প্ৰস্তুত কৰা মিশ্ৰণ,  দকৈ কাটিলে কলাকচুৰ ৰস,  ঘাঁ, খৰ খজুৱতি আদিত নিম পাতৰ ৰস,  আৰৈ চাউলৰ গুৰিৰ লগত দূবৰি বন মিহলাই তৈয়াৰ কৰা মিশ্ৰণ ব্যৱহাৰ হৈছিল মুৰৰ বিষ নিৰাময় কৰাত।  অজীৰ্ণ অবস্থাত পেটক সুৰক্ষিত কৰি ৰখাৰ বাবে প্ৰয়োগ কৰা হৈছিল কলা খাৰ, চূণৰ পানী ইত্যাদি। কুহিয়াঁৰ পেৰাৰ সময়ত ওপৰত উঠা ফেনখিনি বটলত সোমাই মাটিত পুতি থোৱা হৈছিল,  পিছত সেইখিনি উলিয়াই কেঁচুৱাৰ পেটৰ অসুখত ব্যৱহাৰ কৰা হৈছিল,  যি আছিল অত্যন্ত সুফলদায়ক। এনেকুৱা শত সহস্ৰ উদাহৰণ আমাৰ বাবে সুলভ।  কিন্তু এইটোও সঁচা যে সেই সময়ত সহজ সৰল মনৰ সুবিধা গ্ৰহণ কৰি এচাম লোকে নিজৰ ব্যক্তিগত অৰ্থনৈতিক লাভালাভৰ বাবে বেজ বেজালি আদিৰে আভুৱা তৰি বহু লোকক বিপথে চালিত কৰিছল। 

সেই সময়ৰ সাজপাৰৰ কথা উল্লেখ নকৰিলে অসমৰ পুৰণিকলীয়া গ্ৰাম্য জীৱন প্ৰণালীৰ বিষয়ে আধৰুৱা হৈ ৰব। কপাহৰ পৰা আহৰণ কৰা কপাহী সূতা, পাট পলুৰ পৰা পোৱা পাট সূতা,  মুগা পলুৰ পৰা পোৱা সোণালী মুগা সূতা,  এৰী পলুৰ পৰা এৰী সূতা আদি আছিল সেই সময়ৰ লোকৰ সাজপাৰ প্ৰস্তুত কৰাৰ উপাদান।  কিন্তু এই বোৰ প্ৰস্তুত প্ৰণালীৰ লগত সকলোৱে ওতপ্ৰোতভাৱে জড়িত আছিল। ইয়াৰ কাৰণ এই সূতাবিলাক মানুহে নিজ হাতে আহৰণ কৰিছিল।  যঁতৰত সূতা কাটি,  শালত বৈ উলিয়াইছিল পিন্ধা কাপোৰ। সেই কাপোৰ আছিল সম্পূৰ্ণৰূপে শৰীৰৰ বাবে সুৰক্ষিত।  সেই সময়ত গাঁৱৰ জীয়ৰী,  বোৱৰীৰ বাবে শালখন আছিল স্বাভিমানৰ প্ৰতীক। মহাত্মা গান্ধীয়ে এনেয়ে কোৱা নাছিলঅসমৰ শিপিনী য়ে কাপোৰত সৰগ ৰচে।’’ এই প্ৰক্ৰিয়াত জড়িত অন্যতম অংশ।  কাপোৰত ৰং কৰিবলৈ ব্যৱহাৰ হৈছিল বিভিন্ন প্ৰকৃতি পোৱা উপাদান। কেহেৰাজ,  শিলিখা, হালধি,  পুৰৈ শাক আছিল এই প্ৰক্ৰিয়াৰ মুখ্য উপাদান।  

পুৰণিকলীয়া অসমৰ গাঁও এখনৰ জীৱন প্ৰণালীৰ কথা কবলৈ গলে ডাকৰ বচন উল্লেখ নকৰিলে আধৰুৱা হৈ ৰব।  সেই সময়ৰ অসমীয়া গ্ৰাম্য জীৱনৰ অবিচ্ছেদ্য অংগ আছিল ডাকৰ বচন,  যাৰ প্ৰাসংগিকতা আজিও বিদ্যমান। ড° লীলা গগৈ দেৱৰ ভাষাত— ‘‘ডাকৰ বচন অসমীয়াজন জীৱনৰ ব্যৱহাৰিক জ্ঞানৰ এখন মৌখিক বিশ্বকোষ।  জনজীৱনৰ বিভিন্ন ক্ষেত্ৰত এই ডাকৰ বচনে সঁচা অৰ্থত ব্যৱহাৰিক জ্ঞানৰ উপদেশ দিছিল। উদাহৰণস্বৰূপে শৰীৰ সুস্থ ৰাখিবলৈসাতে তিতা, নাভিত তেলইত্যাদি প্ৰবচন আছিল। অৰ্থাৎ প্ৰতি সাত দিনৰ মুৰে মূৰে তিতা জাতীয় বস্তু খালে পৰিপাক প্ৰণালী থিকে থাকে আৰু নাভিত খাটি সৰিয়হৰ তেল লগালে স্বাস্থ্যৰ পক্ষে অনুকূল। খেতিৰ ক্ষেত্ৰতপুহত আহু, জেঠত শালি। তেবেহে জানিবা গৃহস্থালি।অৰ্থাৎ পুহমাহ আহু ধানৰ খেতিৰ বাবে আৰু জেঠ মাহ শালিৰ খেতিৰ বাবে অনুকূল,  তেনেকৈ ৰুলেহে খেতিৰ উৎপাদন বৃদ্ধি হব আৰু গৃহস্থালি নদনবদন হব। এনেকুৱা অজস্ৰ বচন আমাৰ অসমীয়া সমাজৰজন জীৱনৰ অংশ হৈ আছে। সেই সময়ত এনে বহুতো বচনৰ দ্বাৰা সামাজিক তথা অৰ্থনৈতিক জীৱন পৰিচালিত হৈছিল।  

সেই সময়তনেপায়শব্দৰ যোগেদিও বহু বৈজ্ঞানিক ভিত্তি থকা কথাজন জীৱনৰ অংশ আছিল। যদিও তাকনিয়মবানেপায়ৰ অভিহিত কৰি থোৱা আছিল, কিন্তু দেখা গৈছে যে তেনে বহু কথাৰ ভিত্তি কিন্তু বিজ্ঞান। উদাহৰণস্বৰূপে ৰাতি শাক খাব নাপায়,  এই কথাটোত যদি আমি ভালদৰে গমি পিতি চাওঁ তেন্তে বুজিব পাৰিমনাপায়ৰ অন্তৰালৰ আচল কথা। শাক জাতীয়বোৰ আহ জাতীয় পদাৰ্থ চেলুলজেৰে গঠিত যাক পাচন হোৱাত বহু সময় লাগে, যিহেতু ৰাতি বিশেষ শাৰীৰিক কচৰৎ নহয় গতিকে পাচনত সময় লাগে তদুপৰি শাক আদি ভালদৰে কাটি বাছি ধুই খোৱা হয় সেয়ে ৰাতিৰ কম পোহৰত কিবা নাখাবলগীয়াও বাছোতে চকুত নপৰিব পাৰে। আকৌ এষাৰ সততে শুনানেপায়কথা হল ৰাতি ডাঙৰ গছৰ তলত থাকিব নাপায়। ইয়াৰ কাৰণো যদি বিশ্লেষণ কৰি চাওঁ তেন্তে বুজিব পাৰিম যে ৰাতি সালোকসংশ্লেষণ প্ৰক্ৰিয়া বন্ধ থাকে সূৰ্যৰ পোহৰ নাথাকে বাবে কিন্তু ৰাতি কোষীয় শ্বসন কাৰ্যত যথেষ্ট পৰিমাণে কাৰ্বনৰ মাত্ৰা বাঢ়ি যায়। যিমানেই ডাঙৰ গছ হব সিমানেই কোষীয় শ্বসন বেছি হব তদুপৰি উশাহ লোৱা কাৰ্যত যথেষ্ট পৰিমাণে অক্সিজেন গেছৰ প্ৰয়োজন হব যাক গছজোপাই গ্ৰহণ কৰে তাৰ ওচৰ পাজৰৰ বায়ুৰ পৰা। যিহেতু আমাক আৰু গছজোপাক উভয়ৰ বাবে অক্সিজেন প্ৰয়োজন গতিকে গছজোপাৰ চাৰিওপিনে অক্সিজেনৰ মাত্ৰা কমি গৈ কাৰ্বনডাইঅক্সাইডৰ মাত্ৰা বাঢ়ি যায় আৰু ফলত মানুহ এজন অচেতন হৈ যায়। গোবৰ পানীৰে শুচি কৰা কাৰ্যৰ লগত ও গোবৰৰ এণ্টিবায়টিক গুণটোহে আচলতে জড়িত হৈ আছে। এনেকুৱা অলেখ উদাহৰণ পাওঁ। কিন্তু বহুক্ষেত্ৰত এই

নাপায়আৰঁৰ কথা আৰঁতে লুকাই ৰাখি প্ৰকৃত বিশ্লেষণ নকৰিজাপি দিয়াকাৰ্য্য সংঘটিত হৈছিল। কিন্তু তাৰ কাৰণে দায়ী আমাৰ মানসিকতা। 

সকলো বস্তুৰে ভাল বেয়া দুয়োটা দিশ এ থাকে। কিন্তু ভালখিনি বুটলি লৈ সঠিক পদক্ষেপ গ্ৰহণ কৰাৰ দায়িত্ব আমাৰ। এই অতিমাৰীৰ সময়ত আমি প্ৰত্যেকেই বুজি উঠিছো আমাৰ বাবে ভিতৰৰ পৰা সুস্থ হৈ থকাটো কিমান প্ৰয়োজনীয়। বৰ্তমান যুগৰ আধুনিকতাৰ দোহাই দি আমি কিন্তু হাত সাৰিব নোৱাৰো প্ৰকৃত সত্যৰ পৰা। পুৰণিকলীয়া অসমৰ গ্ৰাম্য জীৱনৰ জীৱন ধাৰণৰ প্ৰণালীৰ ইতিবাচক দিশ সমূহৰ বিষয়ে হৃদয়ংগম কৰি আধুনিক প্ৰযুক্তিৰ লগত তাৰ সঠিক সংমিশ্ৰণ ঘটাই এক সুন্দৰ তথা সুস্বাস্থ্যৰ অধিকাৰী হৈ নিজৰ, দেশৰ তথা দহৰ উৎকৰ্ষ সাধনৰ বাবে যত্নপৰ হোৱাতো হে বৰ্তমান যুগত সঠিক পদক্ষেপ। 

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
শ্বাহ নৱাজ আহমেদ
10 days ago

বহুত ভাল লাগিল