দ্য বয় হু হাৰনেছদ্ দ্য উইণ্ড

লেখক- ভাৰ্গৱ প্ৰতিম খাৰঘৰীয়া

আফ্ৰিকাৰ দক্ষিণপূব প্ৰান্তত অৱস্থিত মালাৱি নামৰ দৰিদ্ৰ দেশখনৰ ৱিম্বে নামৰ অঞ্চলটোৰ বাসিন্দা উইলিয়াম কামকোৱাম্বা নামৰ কিশোৰজন। কৃষিজীৱি পৰিয়ালৰ সদস্য উইলিয়াম এটা উদ্ভাৱনী মনৰ অধিকাৰী। উইলিয়ামৰ পিতৃমাতৃ দুয়োজনেই এক প্ৰগতিশীল মনৰ অধিকাৰী আৰু নিজ সন্তানক শিক্ষিত কৰি তোলাৰ ক্ষেত্ৰত সচেতন। কিন্তু ২০০১ চনত মালাৱিৰ কৃষিজীৱি মানুহসকলৰ জীৱনলৈ নামি আহে এক ভয়ানক সংকট। প্ৰচুৰ বৰষুণে প্ৰথমে কৃষিকাৰ্য ধ্বংস কৰাৰ পাছত পুনৰ আৰম্ভ কৰিব বিচৰাৰ সময়তেই সৃষ্টি হয় ভয়ংকৰ খৰাঙৰ। এই অকল্পনীয় খৰাঙৰ ফলত মালাৱিত দুৰ্ভিক্ষৰ সৃষ্টি হয়। এই সময়ত চৰকাৰৰ ফালৰ পৰাও পৰ্যাপ্ত সাহায্য নোপোৱাত মালাৱিত সৃষ্টি হয় এক সমাজৰাজনৈতিক অস্থিৰতা। ভোকৰ প্ৰতাপত মানুহৰ মৃত্যু হয়, ভোকৰ তাড়নাত সংঘটিত হয় বহু অনৈতিক কাৰ্যকলাপ। চৌপাশৰ এই জটিল পৰিস্থিতিৰ সময়ত উইলিয়ামকো মাচুল পৰিশোধ কৰিব নোৱাৰাৰ বাবে বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হয়। কিন্তু অধ্যয়নপিপাসু উইলিয়ামে নিজৰ জ্যেষ্ঠ ভগ্নী আৰু বিদ্যালয়ৰ বিজ্ঞান শিক্ষকৰ মাজৰ গোপন সম্পৰ্কৰ কথাটো ব্যৱহাৰ কৰি বিদ্যালয়ৰ পুথিভঁড়ালত আছুতীয়াকৈ পঢ়াৰ সুবিধা কৰি লয়। তাতে চৈধ্য বছৰীয়া কিশোৰজনে আৱিষ্কাৰ কৰে শক্তি সম্বন্ধীয় কিছু কিতাপ। এনেধৰণৰ কিতাপৰ সংস্পৰ্শলৈ আহি উইলিয়ামৰ উদ্ভাৱনী মনত জাগ্ৰত হয় বতাহৰ পৰা বৈদ্যুতিক শক্তি উৎপন্ন কৰি কৃষিক্ষেত্ৰত পানী যোগান ধৰাৰ অদম্য হেঁপাহৰ। ইয়াৰ বাবে উইলিয়ামক প্ৰয়োজন হয় দেউতাকৰ যাতায়তৰ একমাত্ৰ সম্বল চাইকেলখন। উইলিয়ামে নিজৰ সপোনৰ কথা দেউতাকক অৱগত কৰে যদিও দেউতাকে তেওঁক চাইকেলখন দিবলৈ মান্তি নহয়। উইলিয়ামৰ সপোনটোক আকাশত চাং পতা এটা ধাৰণা হিচাপে নস্যাৎ কৰা আকোৰগোঁজ দেউতাকক অনুৰোধ কৰি ভাগৰি পৰাৰ সময়তে উইলিয়ামৰ মৰমৰ কুকুৰটোৰ ভোকতেই মৃত্যু হয়। এই ঘটনাই উইলিয়ামক ব্যথিত কৰি তোলে। হতাশগ্ৰস্ত উইলিয়ামৰ সপোনটোক পুনৰ জীয়াই তুলিবলৈ মাকে দেউতাকক অনুৰোধ কৰাত দেউতাক অৱশেষত মান্তি হয়। শেষত সকলোৰে সহযোগত আৰু নিজৰ অদম্য ইচ্ছাশক্তিৰ বলত উইলিয়াম কামকোৱাম্বাই নিজৰ লক্ষ্যত উপনীত হৈ এটা বতাহ মিল সাজি উলিয়াবলৈ সক্ষম হয়। উইলিয়ামৰ সেই সুদৃঢ় আত্মবিশ্বাসৰ ফলতেই ৱিম্বেৰ কৃষিভূমিয়ে পানীৰ পৰশ পায় আৰু অঞ্চলবাসীয়ে কিছু সকাহ লাভ কৰিবলৈ সক্ষম হয়। 

ওপৰৰ দফাটো‌দ্য বয় হু হাৰনেছদ্ দ্য উইণ্ডনামৰ অনুপ্ৰেৰণাদায়ক চিনেমাখনৰ এক পৰিচয়মূলক বিৱৰণ। ২০০৯ চনত প্ৰকাশিত উইলিয়াম কামকোৱাম্বাৰ একে নামৰ গ্ৰন্থখনৰ আধাৰত নিৰ্মিত চিনেমাখনৰ পৰিচালক ছিউইটেল এজিঅৰ। এজিঅৰ বিশ্ব চলচ্চিত্ৰৰ এখন চিনাকি মুখ।  টুৱেলভ ইয়েৰছ এ শ্লেভ”, “ইনচাইড মেনআদিৰ দৰে বহু চৰ্চিত চিনেমাত অভিনয় কৰি খ্যাতি অৰ্জন কৰা এজিঅৰৰ পৰিচালক হিচাপে এইখন প্ৰথম চিনেমা। 

চিনেমাখনত নিৰ্মাতাই প্ৰধানকৈ দুটা দিশ প্ৰতিফলিত কৰিছে বুলি কব পৰা যায়। প্ৰথমটো হউইলিয়ামৰ তীব্ৰ ইচ্ছাশক্তি, প্ৰবল আত্মবিশ্বাস, তেওঁৰ পৰিয়ালৰ চৰিত্ৰগত দিশ আৰু পৰিয়ালৰ সদস্যসকলৰ মাজৰ আৱেগিক বান্ধোনৰ ছবিখন। দ্বিতীয়টো হউইলিয়ামৰ কৈশোৰ কালৰ মালাৱিৰ সমাজৰাজনৈতিক অস্থিৰতা, বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন আৰু দৰিদ্ৰতাই কোঙা কৰাৰ ফলত মানুহে ভোকত হাহাকাৰ কৰাৰ ছবিখন। 

উল্লিখিত প্ৰথম দিশটো চিনেমাখনৰ বাবে অপৰিহাৰ্য আছিল। কিন্তু ছবিখনৰ দ্বিতীয় দিশটো চিনেমাখনৰ বাবে অপৰিহাৰ্য বুলি দৰ্শকে হয়তো নাভাবিব পাৰে। চিনেমাখনৰ নামটোৱে কাহিনীটো যে কেৱল মাত্ৰ এজন লৰা বা কিশোৰৰহে যে সফলতাৰ কাহিনী সেই কথাটো প্ৰতিফলিত কৰে। তেন্তে উল্লিখিত দ্বিতীয় দিশটো চিনেমাখনত প্ৰয়োজনীয় হয়নে? হয়। কাৰণ উইলিয়াম নামৰ কিশোৰজনৰ সেই সমস্ত সংগ্ৰামৰ কাহিনীত অনুঘটক হিচাপে কাম কৰিছে সেই সময়ৰ মালাৱিৰ সেই কৰুণ ছবিখনে। অতিমাত্ৰা বৰষুণৰ ফলত ধ্বংস হোৱা কৃষিকৰ্ম পুনৰাই আৰম্ভ কৰিব বিচৰা সময়তে সৃষ্টি হোৱা তীব্ৰ খৰাঙৰ ফলত উদ্ভৱ হোৱা অবৰ্ণনীয় পৰিস্থিতিৰ প্ৰত্যক্ষদৰ্শী আছিল উইলিয়াম। তীব্ৰ খৰাঙৰ ফলত নিজৰ কৃষিজীৱি পৰিয়ালৰ অসহায় অৱস্থা আৰু চাৰিওফালে ভোকত সৃষ্টি হোৱা হাহাকাৰ অৱস্থা দেখিয়েই উইলিয়ামৰ উদ্ভাৱনী মনত জাগ্ৰত হৈছিল নিজ ঠাই, নিজ পৰিয়ালৰ বাবে কিবা এটা কৰাৰ অদম্য হেঁপাহৰ। এই খৰাঙক প্ৰতিৰোধ কৰাৰ উদ্দেশ্যেৰেই উইলিয়ামে বতাহ শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰাৰ সপোন দেখিছিল। সেয়েহে হয়তো নিৰ্মাতাই উইলিয়ামৰ সেই তীব্ৰ ইচ্ছাশক্তিৰ দিশটো শক্তিশালী ৰূপত চিত্ৰিত কৰিবলৈ আমি উল্লেখ কৰা দ্বিতীয়টো দিশৰ বিকাশ ঘটোৱাৰ প্ৰয়োজনবোধ কৰিলে। কিন্তু এই দ্বিতীয় দিশটোত গুৰুত্ব দিওঁতে চিনেমাখনৰ কিছু কিছু অংশত প্ৰয়োজন সত্ত্বেও পৰিয়ালৰ সদস্যসকলৰ আৱেগিক বান্ধোনৰ দিশটো পূৰ্ণাংগ ৰূপত উপস্থাপন কৰাত নতুন পৰিচালক ব্যৰ্থ হৈছে বুলি কব খোজোঁ। অৱশ্যে এই কথাটো দেউতাক ট্ৰাইৱেল আৰু উইলিয়ামৰ সম্পৰ্কটোৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। 

চিনেমাখনৰ কেইটামান অংশত দৃশ্যমান হয় মুখা আৰু অপৰম্পৰাগত শৈলীৰ সাজপাৰ পৰিধান কৰা এদল অঘৰী মানুহ। কিন্তু এই মানুহখিনি কোন; চিনেমাৰ কাহিনীত তেওঁলোকৰ বিশেষত্ব কি, সেই দিশটোত নিৰ্মাতাই কোনো গুৰুত্ব দিয়া নাই। এইটো এটা উদাহৰণ। সমগ্ৰ চিনেমাখনত আন কিছুমান ছাবপ্লটৰো বিকাশ ঘটাইছে যদিও তাৰ প্ৰয়োজনৰ বিষয়ে দৰ্শকৰ মনত স্পষ্ট ধাৰণা জন্মোৱাত নিৰ্মাতা বিফল হৈছে বুলি কব পাৰি। অৱশ্যে সময়ৰ প্ৰতি লক্ষ্য ৰাখিয়েই লেখক তথা পৰিচালক এজিঅৰে এইক্ষেত্ৰত গুৰুত্ব দিয়া নাছিল বুলি ভাবি লব পৰা যায়। 

চিনেমাখনৰ আটাইতকৈ শক্তিশালী দিশকেইটা হৈছেসংলাপৰ বাস্তৱধৰ্মিতা আৰু সুদক্ষ অভিনয়। দেউতাকে উইলিয়ামক সহযোগ কৰাৰ সিদ্ধান্ত লোৱাৰ আগমুহূৰ্তত দেউতাক ট্ৰাইৱেল আৰু মাক এগনেছৰ মাজৰ আৱেগিক দৃশ্যটো নিৰ্মাতাই অত্যধিক আৱেগিক সংলাপৰ ব্যৱহাৰ কৰি অতিৰঞ্জিত নকৰাটোক সংলাপৰ ক্ষেত্ৰত এটা উদাহৰণ হিচাপে লব পাৰি। পৰিমিত আৰু বাস্তৱিক সংলাপৰ প্ৰয়োগেৰে উক্ত দৃশ্যটোত অভিনয়ৰ দ্বাৰাহে সেই হতাশা আৰু আশা মিশ্ৰিত আৱেগিক দৃশ্যটো ফুটাই তোলাৰ প্ৰয়াস কৰিছে। অভিনয়ৰ কথা কবলৈ গলে প্ৰথমেই নাম লব লাগিব উইলিয়াম কামকোৱাম্বাৰ চৰিত্ৰত অভিনয় কৰা মেক্সৱেল চিম্বাৰ। চিম্বাৰ হৃদয়স্পৰ্শী অভিনয়েই চিনেমাখনৰ প্ৰধান চালিকাশক্তি বুলি কলেও ভুল কৰা নহয়। চকুত জিলিকিবলগীয়া আশা, শাৰীৰিক ভাষাত ফুটি উঠিবলগীয়া প্ৰবল আত্মবিশ্বাস, চাৰিওফালৰ পৰিৱেশ দেখি হতাশগ্ৰস্ত হোৱা দেউতাকক নিজৰ সপোনৰ কথা কোৱাৰ সময়ত ফুটি উঠিবলগীয়া উৎসাহ ইত্যাদি সকলোবোৰ দিশত কিশোৰ অভিনেতা চিম্বাই বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ মনত চাপ বহুৱাই উইলিয়ামৰ অনুপ্ৰেৰণামূলক কাহিনীটোক লৈ নিৰ্মাণ কৰা চলচ্চিত্ৰখনৰ মূল উদ্দেশ্যক নাৰ্য্যতা প্ৰদান কৰিছে বুলি কব পাৰি। চিম্বাৰ সমান্তৰালকৈ অভিজ্ঞ অভিনেতা তথা এই চিনেমাৰ পৰিচালক আৰু চিত্ৰনাট্য লেখক চিউৱেটেল এজিঅৰেও দেউতাক ট্ৰাইৱেলৰ চৰিত্ৰত শক্তিশালী অভিনয় কৰিছে। 

অভাৱেই উদ্ভাৱনৰ (আৱিষ্কাৰৰ) মূল”- এই আপ্তবাক্যশাৰী উইলিয়াম কামকোৱাম্বাৰ কাহিনীটোৰ ক্ষেত্ৰত খাপ খাই পৰে। বতাহৰ গতিশক্তিক বতাহ মিলৰ দ্বাৰা বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰি উইলিয়ামে আফ্ৰিকাৰ উষ্ম হৃদয় (দ্য ৱাৰ্ম হাৰ্ট অৱ আফ্ৰিকা) মালাৱিৰ ৱিম্বে নামৰ ঠাইৰ মানুহৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছিল। এই শক্তি ৰূপান্তৰৰ কথাটোৰ ক্ষেত্ৰত জ্যোতিপ্ৰসাদৰৰূপান্তৰেহে জগত ধুনীয়া কৰেবাক্যশাৰীও খাপ খাই পৰে। ২০০৬ চনৰ নৱেম্বৰত মালাৱিৰ এখন দৈনিক বাতৰি কাকতত উইলিয়াম কামকোৱাম্বাৰ কাহিনীটো প্ৰকাশ হোৱাৰ পাছতেই ই বহুচৰ্চিত হৈ পৰে। ২০০৭ চনত টাঞ্জানিয়াত অনুষ্ঠিত হোৱা টেড্ গ্লোবেলত বক্তৃতা দিবলৈ টেডৰ অধ্যক্ষ এমেকা অকাফৰে উইলিয়ামক আমন্ত্ৰণ কৰিছিল। পৰৱৰ্তী সময়ত আফ্ৰিকান লিডাৰশ্বিপ একাডেমীৰ জলপানি লাভ কৰি উইলিয়ামে ২০১৪ চনত আমেৰিকাৰ ডাৰ্টমাউথ কলেজৰ পৰা পৰিৱেশ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইফালে ২০১৩ চনত প্ৰখ্যাত টাইম আলোচনীয়ে পৃথিৱী সলনি কৰা ৩০ বছৰ অনূৰ্ধ্ব ৩০জন ব্যক্তিৰ তালিকাত উইলিয়ামক অন্তৰ্ভুক্ত কৰিছিল। সেই একেটা বছৰতে বেন নবৰছে উইলিয়ামৰ অনুপ্ৰেৰণামূলক কাহিনীটোক লৈ নিৰ্মাণ কৰাউইলিয়াম এণ্ড দ্য উইণ্ডমিলনামৰ তথ্যচিত্ৰ খনেও মুক্তি লাভ কৰিছিল। তাৰ পৰা প্ৰায় ছবছৰ পাছত অৰ্থাৎ ২০১৯ চনত উইলিয়ামৰ আত্মজীৱনীমূলক গ্ৰন্থৰ আধাৰত নিৰ্মাণ কৰাদ্য বয় হু হাৰনেছদ্ দ্য উইণ্ডনামৰ পূৰ্ণদৈৰ্ঘ্যৰ ছবিখনে মুক্তি লাভ কৰে। 

আলোচনা কৰা চিনেমাখনৰ বহুখিনি ত্ৰুতি থাকিলেও ১১৩ মিনিট দৈৰ্ঘ্যৰ এই চিনেমাখন চাবলগীয়া বুলিয়েই আমি কব বিচাৰিম। ইয়াৰ এটা কাৰণ হৃদয়স্পৰ্শী অভিনয়। আনটো কাৰণ হকাহিনীৰ দ্বাৰা দৰ্শকক অনুপ্ৰাণিত কৰাৰ নিৰ্মাতাৰ যি মূল উদ্দেশ্য, সেই উদ্দেশ্যৰ সফল উপস্থাপনৰ ক্ষেত্ৰত নিৰ্মাতা সফল হৈছে বুলিয়েই আমাৰ ধাৰণা। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!