বোধৰ বেলিটো

লেখক- হিতেশ মেধি

আপেল সৰা দুপৰীয়াটো
যদি
নিউটনৰ প্ৰতীক্ষিত

তেনেহ’লে

পাকঘূৰণিত আবদাৰ বিচৰা সময়খিনি
নিৰ্জন দুপৰীয়াটোৰ খোঁচনিত সৰা

চকুৰ আগত দেওপাৰি
বেৰ ভাঙি সোমাই অহা পোহৰখিনি
বোধৰ ফচল

গন্তব্যত তলসৰাখিনি গৰল

মই পৰ দিয়া পৰত মূৰৰ ওপৰত হেলান দি
সাধু কোৱা বেলিটো
পাতত বহে আবেলি

স্বভাৱগত সময়বোৰে এনেকৈয়ে সোঁতত সাঁতোৰে
আন্ধাৰ গলা ৰাতিৰ ৰূপ কথাবোৰ
কোৱাৰি বাগৰে

বিয়লিত বিয়োগৰ নেওতা পঢ়া
এটা অধোমুখী পৰ
এটি দুটি তল বুটলা
চকু মেলি চাই থকা

ধেনুভেৰীয়া সাতৰঙীৰ কৰ্ষণত জলক তবক পোহৰ
বাট বৰ দীঘলীয়া

থাপিথুপি সামৰা মাটি বুকুৰ তান
ভৰত ভাৰ ভঙা
সোঁ বাঁও একাষৰীয়া

পাত সৰা এটা সুৰসুৰীয়া পৰে
ধূলি উৰা ক্ষণৰ কামিহাড় লেখি
মুখত গণিতৰ গদ্য আওঁৰায়

কি সুৰত বাগৰ সলাইছিল গৰখীয়া বাঁহীটোৱে!

মই ঠিকেই আন্দাজ কৰিছিলোঁ
অধোমুখী গতি এটাই খেদি ফুৰা দুপৰীয়াৰ আঁৰ লৈ
আপেলটো সৰি পৰিছিল
আজোককাৰ হাঁচটি সোলোকা পৰত

আপেক্ষিক তল সৰা ক্ষণত
দেওপাখি মেলা বতাহজাকৰ ডেউকাত
বোধৰ বুদ্ধ এটা পাৰভগা আপদীয়া সূত্ৰ

কৰ্ষণৰ অন্তিম বিন্দুত চলাথ কৰা মাটি খিনি
পৃথিৱীৰ
মোক আকোঁৱালি লোৱা
নিৰ্জনতাৰ পদ্য নিৰলে বৈ যোৱা

সূত্ৰৰে বন্ধোৱা সূত্ৰৰ কৱলত
ক্ৰিয়া প্ৰতিক্ৰিয়াৰ হেঁচাত খোজবোৰ চৰে
এখোজ গৈ দুখোজ পিছুৱাই পৰে

ঊধমুখী কবিতাত জীয়নিয়া ৰ’দ এজাক
প্ৰতি নিতে পুৱতি সৰে

নৈ বুকু বাটেৰে সৰকি এতিয়া
বিচাৰি যতি
দুপিয়াই আছে নিউটনৰ অশ্ব চেকুঁৰা গতি

আপেল সৰা দুপৰীয়াটো
সময়ে আজি
শিকলিৰে টানি থকা দেখিলোঁ

অইন পিনে
নিউটনলৈ পৰ দিছে বোধৰ বেলিটোৱে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments