বাঁহগাজৰ আগেৰে ৰন্ধা মাছৰ মূৰৰ ভাজি

লেখক- পিংকি বৰুৱা

বাঁহগাজৰ আগেৰে ৰন্ধা মাছৰ মূৰৰ ভাজি
উপকৰণঃ

বাঁহগাজ এটা (ভলুকা বাঁহ)
মাছৰ মূৰ এটা (বৰালি মাছ)
মানধনিয়া পাত এমুঠি
মিঠাতেল প্ৰয়োজনমতে
পানী প্ৰয়োজনমতে
কেঁচা জলকীয়া প্ৰয়োজনমতে
পিয়াঁজ এটা (ডাঙৰ)
আদা-নহৰুৰ পেষ্ট এক চামুচ
নিমখ প্ৰয়োজনমতে
হালধি প্ৰয়োজনমতে

প্ৰণালীঃ

বাঁহগাজটোৰ বাহিৰৰ বাকলিবোৰ গুচাই ল’ব লাগিব। তাৰপিছত বাঁহগাজটোৰ ওপৰৰ কোমল অংশ আৰু তলৰ টান অংশৰ মাজতে কাটি ল’ব লাগিব। ওপৰৰ কোমল অংশটো ভালদৰে ধুই মিহি মিহিকৈ কুটি আকৌ এবাৰ ধুই পানী নিগৰাই ল’ব। (তলৰ অংশটোৰে খৰিচা বনাব পাৰিব) বৰালি মাছৰ মূৰটো ডাঙৰ আছিল বাবে সৰু সৰুকে টুকুৰা কৰি লোৱা হৈছে। মাছৰ মূৰটো ধুই নিমখ আৰু হালধি সানি ল’ব। পিয়াঁজ আৰু জলকীয়া জোখত কুটি ল’ব। কেৰাহীত প্ৰয়োজনমতে তেল গৰম কৰি মাছৰ মূৰৰ টুকুৰাবোৰ ভাজি ল’ব। মাছৰ মূৰৰ টুকুৰাবোৰ ভজা হ’লে প্লেটত নমাই থ’ব। বাকী থকা তেলখিনিত কুটি লোৱা পিয়াঁজ, কেঁচা জলকীয়া আৰু আদা-নহৰুৰ পেষ্টখিনি দি অলপ সময় ভাজিব। আদা-নহৰুৰ কেঁচা গোন্ধটো মাৰ গৈ পিয়াঁজৰ বৰণ সলনি হ’লে বাঁহগাজখিনি দি প্ৰয়োজনমতে হালধি আৰু নিমখ দি ভালদৰে লৰাই ঢাকি দিব। বাঁহগাজখিনি মাজে মাজে লৰাই প্ৰায় দহ মিনিটমান সময় ভজাৰ পিছত ভাজি থোৱা মাছৰ মূৰখিনি দি লৰাই দিব। তাৰপিছত প্ৰয়োজনমতে পানী দি ঢাকোনখন লগাই উতলিবলৈ দিব। বাঁহগাজখিনি প্ৰায় বিশ মিনিটমান সময় উতলোৱাৰ পিছত বাঁহগাজত দিয়া পানীখিনি শুকাই আধাতকৈ কম হৈ পৰিব। এতিয়া কুটি লোৱা মানধনিয়া পাতখিনি দি আকৌ প্ৰায় পাঁচ মিনিটমান সময় উতলিবলৈ দিব। তাৰপিছত কেৰাহীখন জুইৰ ওপৰৰ পৰা নমাই থ’ব। গৰমে গৰমে ভাতৰ লগত বাঁহগাজৰ আগৰ লগত ৰন্ধা বৰালি মাছৰ মূৰৰ ভাজিৰ জুতি লওক। এই ভাজিখন খাবলৈ বৰ সোৱাদ হয়।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!