হানচেৰং আৰু শুকান মাছৰ আঞ্জা (কাৰ্বি জনজাতীয় ব্যঞ্জন)

লেখক- পিংকি বৰুৱা

হানচেৰং আৰু শুকান মাছৰ আঞ্জা
উপকৰণঃ

হানচেৰং/ টেঙামৰা/ মেচকা টেঙা পাত দুমুঠি
তিল চাৰি টেবুল চামুচ
পানী প্ৰয়োজনমতে
শুকান মাছ ১৫ টা
আদা-নহৰুৰ পেষ্ট এক চাহ চামুচ
কেঁচা জলকীয়া ১০ টামান (প্ৰয়োজনমতে)
নিমখ প্ৰয়োজনমতে

প্ৰণালীঃ

তিলখিনি গৰম কেৰাহীত দুই মিনিটমান সময় ভাজিব। তিলৰ ভজা গোন্ধ ওলাই ফুটিবলৈ ধৰিলে তিলখিনি প্লেট এখনত নমাই ঠাণ্ডা কৰি মিক্সীত পিচি ল’ব। শুকান মাছখিনি ধুই ল’ব। মই ঘৰত জুইৰ ওপৰত শুকোৱা শুকান মাছ লৈছোঁ। টেঙামৰা পাতখিনি ধুই কুটি ল’ব। কেৰাহীত প্ৰায় এগিলাচমান পানী দি তাতে শুকান মাছ, আদা-নহৰুৰ পেষ্ট, দুফাল কৰি লোৱা কেঁচা জলকীয়া আৰু টেঙামৰা পাতখিনি দি লৰাই দিব। তাৰপাছত প্ৰয়োজনমতে নিমখ দি ঢাকি আঞ্জাখন উতলিবলৈ দিব। প্ৰায় দহ মিনিটমান সময় আঞ্জাখন উতলিবলৈ দিয়াৰ পিছত তিলৰ গুৰিখিনি দি ভালদৰে লৰাই তিনি মিনিটমান সময় আঞ্জাখন জুইৰ ওপৰত ৰাখি নমাই থ’ব। এতিয়া ভাতৰ লগত কাৰ্বিসকলৰ জনপ্ৰিয় ব্যঞ্জন হানচেৰং আৰু শুকান মাছৰ আঞ্জাৰ জুতি লওক। নতুন সোৱাদৰ এই আঞ্জাখন অতিপাত গৰমত খাবলৈ বৰ ভাল লাগে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!