হিতাধিকাৰী

লেখক- জয়ন্ত দত্ত

বোলো হয়নে বাপু, কি কৰিছ আজিকালি?” 

এইকাৰণে মই আহিব নোখোজো, বুঢ়াটো বৰ কামোৰ। ভালে আছোনে নাই জনাতকৈ, কি কৰিছোঁ সেইটোহে আগতে জানিবলৈ লাগে। 

আছোঁ পেহাদেউ, মোটামুটিকৈ। 

মাৰ ওপৰতো খঙ উঠিল। আজি বিহুৰ দিনা ৰাতিপুৱাইযাচোন, পেহীয়েৰৰ ঘৰত বিহুৱানখন দি থৈ আহগৈ, বিহু যাবৰে হবুলি ইমোশ্যনেল অত্যাচাৰ কৰিবলৈ কিহে পাইছিল! 

আছতো দেখিছো, পিছে কৰিছ কি?” 

আগেপিছে পেহীহঁতৰ ঘৰলৈ আহিব লাগিলে মই ঠিক সন্ধিয়া হোৱাৰ আগে আগে আহি ওলাওঁ। সেইখিনি সময়ত পেহাদেউ ওচৰৰে বজাৰখনৰ ফালে ওলাই যায়। অলপদেৰি বহি পেহাদেউ ঘৰ নোসোমাওতেই মই ফৰিংছিটিকা দিওঁ। অনেক সময়ত দৌৰাদৌৰিৰ কোবত চাহে তালু পুৰি বখলিয়াই পেলায়। আজি সন্ধিয়া এফালে প্ৰগ্ৰেম আছে বুলিহে ৰাতিপুৱাৰ ভাগতে আহিবলগীয়া হল। 

এনেয়ে অলপ ইফালেসিফালে দুই এটা সৰুসুৰা কাম কৰি আছোঁ। 

বিয়াগোম ধপ্! আচলতে একো কামডাল নকৰো মই, কাম কৰিবলৈ ইচ্ছায়ে নহয়। সকলো সময়তে চাৰিআলিৰ আড্ডাটোৰ ফালে কিবা এডাল অদৃশ্য সূতাই মোক টানি থাকে। কাজেই সকলো কামকাজ কাতি কৰি মুহূৰ্ততে সেই ঠাই ওলাওগৈ। 

 সৰুসুৰা মানে, কিবা ঠিকাঠুকলি নে বেহাবেপাৰ কৰিছ?” 

এহ্, এইডালৰ আৰু শেষেই নহয়। ইমান বিতং তথ্য কিয়নো লাগে! মইহে জানো নিৰ্বাচনৰ সময়ত কিমান ব্যস্ত আছিলোঁ, ঘৰৰ মানুহে মোৰ টিকনিকে দেখা নাপাইছিল। ৰাতিপুৱাই নি বাইকখন লাইনত লগাব লাগে, হিচাপ কৰি তেলচেল ভৰাই দিয়াৰ পিছত দিনৰ দিনটোআকৌ এবাৰ আমাৰ চৰকাৰজাতীয় সংলাপ আওঁৰাই ইফালেসিফালে ঘূৰি ফুৰিব লাগে। কৰবাত কিবা খকাখুন্দা লাগিলেখিলঞ্জীয়া’, ‘আত্মনিৰ্ভৰ’, ‘গৰীবৰ বন্ধুজাতীয় শব্দ কিছুমান নিক্ষেপ কৰি প্ৰতিপক্ষক ধৰাশায়ী কৰি দিব লাগে। এইবিলাক কৰি ঘৰ সোমাওঁতে কেতিয়াবা ৰাতি দুপৰ হয়, পেহাদেৱে এইবিলাক কি বুজিব! 

মানে পেহাদেউ, ঠিক তেনেকুৱা নহয়। অলপ ছচিয়েল মানে সামাজিক কামকাজতহে লাগি আছো। 

নাই, আৰু নোৱাৰি। সৰুৰেপৰাই পেহাদেৱে কমখন কামুৰিছেনে! পঢ়াৰ কথা, পৰীক্ষাৰ কথা, ৰিজাল্টৰ কথা আৰু কতযে কি। মাথোঁ তলমূৰ কৰি বহি থাকো, ভিতৰৰ পৰা পেহীয়ে চাহভাত কিবা খাবলৈ নমতালৈকে। এতিয়া আৰু সেইবিলাক নহব, ডাঙৰ হৈছোঁ এতিয়া। চাৰিআলিৰ পাণদোকানৰ সন্মুখত চিগাৰেট হুপি আড্ডা মাৰিব পৰা হৈছোঁ। পাৰ্টিত ঘূৰোঁ আজিকালি, দুইএকক লপাথপাও দিছোঁ ৰাজহুৱাকৈ। এতিয়া আৰু পেহাদেউক পাত্তা দিবলৈ নাই। তলমূৰ হৈ বহি থকাতকৈ অলপ ওপৰৰ লেবেল দিয়া ভাল। 

সামাজিক কামকাজ বাৰু বুজিছোঁ, পিছে উপাৰ্জনৰ কিবা চিন্তাচৰ্চা কৰিছনে? বাপেৰেও বুঢ়া হৈ আহিছে, কিমানদিন আৰু তহঁতক কাম কৰি খুৱাব!” 

এহ্, চেলাপেটী জোক একেবাৰে, এৰিবই নোখোজে। উপাৰ্জনৰ চিন্তাত মূৰ ঘমোৱা মানুহ এই অমুকা নহয়। এনেয়ে লোকক দেখুৱাবলৈ পাৰ্টি কৰিছোঁ নেকি! আজিৰ দিনতঅৰুণোদয়’, ‘স্বয়ম’, ‘কৃষক’, ‘মাজনী’, ‘মামণিসকলোবোৰ আঁচনিৰে সুবিধা লৈ বহি আছোঁ। যিকেইটা পাৰি নিজৰ নামত কৰিছোঁ, বাকীবোৰত মা, দেউতা, ভণ্টি সকলোৰে নাম ভৰাই থৈছো। ইফালেজবকাৰ্ড’, ‘এনৰেগা’, ‘আমাৰ ঘৰ’, ‘দমকলএইবিলাকতো আছেই। মুঠতে আমাৰ চৰকাৰ থকালৈকে কোনো টেনশ্যন নাই, কেৱল খোৱা, শোৱা আৰু চাৰিআলিত আড্ডা মাৰা। 

নাই পেহাদেউ, উপাৰ্জনৰ কথা এতিয়াই ভবা নাই। আগতে অঞ্চলটোৰ দুখীয়া মানুহখিনিৰ কিবা এটা সুবিধা কৰিব পাৰি নেকি, তাৰেহে চিন্তাচৰ্চা কৰি আছো। আৰু হেৰি নহয় পেহাদেউ, দেউতাকো আজিকালি কামকাজ কৰাটো বন্ধ কৰি দিছোঁ। কি দৰকাৰ ইমান কষ্ট কৰি থকাৰ, আমাৰ চৰকাৰে দেখোন সকলোখিনি সুবিধা দিছেই বিনামূলীয়াকৈ। 

একেকোবে ছিক্সাৰ। প্ৰথম বলটো যেনেতেনে ডিফেণ্ড কৰি, দ্বিতীয় বলতে বেটখন ঘূৰাই দিলোঁ একেবাৰে। সকলোকে কি নিজৰ দৰে বুলি ভাবিছে বুঢ়াই! ধন দা আৰু মনি বায়ে পঢ়ি শুনি নিজে চাকৰি যোগাৰ কৰি ললে বুলিয়েই সকলোৱে কি চাকৰিৰ পিছত দৌৰি ফুৰিব! সামাজিক দায়বদ্ধতা বুলিওতো কথা এটা আছে। তাতে আমি উঠি অহা ডেকা, এতিয়াই সমাজৰ কাম নকৰিলে বুঢ়া বয়সতবাপু, কি কৰিছ আজিকালি…” বুলি লোকৰ লৰাছোৱালীক কামুৰি থাকোঁতেই যাব। উত্তৰটো দি নিজৰ বাক চাতুৰ্য্যত নিজে সন্তুষ্টি লাভ কৰিলোঁ। চাওঁ, পেহাদেৱে এইবাৰ কেনেকৈ নিজকে ডিফেণ্ড কৰে। 

ভাল কথা বাপু, সমাজৰ হকে কাম কৰিব পৰাতো কমখন গৌৰৱৰ কথানে! এই নিচাটো এৰি নিদিবি। পিছে পেছা হিচাপে মানুহৰ কিবা এটা থকাটোৱো কিন্তু জৰুৰী। অৱশ্যে আজিকালি নিচা আৰু পেছাৰ চিনচাব নোহোৱা হৈছে। সমাজৰ কাম কৰাটোও আজিকালি একধৰণৰ পেছাই, নে কি কৱ?” 

বুজিলোঁ, পেহাদেউ নাচোৰবান্দা। ময়ো ইমান সহজে হাৰমনা ভকত নহয়। যেনেতেনে আজি বুঢ়াক কাবু কৰিব নোৱাৰিলে, আগলৈ মোৰ কাৰণে এইফালে মুখ কৰাটো নেছেল। অলপ উচ্চস্বৰ প্ৰয়োগ কৰি হলেও বুঢ়াক দমাব লাগিব। এনেয়েও আজিকালি নিউজ চেনেলবোৰত ইচতিৰি কৰা চ্যুট পিন্ধি ইষ্টুডিঅত বহি কিছুমান সাংবাদিকে ইস্পনচৰড্ প্ৰগ্ৰেমবোৰত উচ্চস্বৰত চিঞৰবাখৰ কৰি নিজকে ইস্মাৰ্ট বুলি জাহিৰ কৰে। ময়ো সেই ফৰ্মূলা এপ্লাই কৰিলোঁ, অলপ উচ্চস্বৰতে কলোঁ

পেহাদেউ, আপোনালোকৰ এই মনোভাৱৰ বাবেইটো আজি ইমান বছৰে দেশখন ৰসাতলে গল। এতিয়া আমি অলপ অলপকৈ উদ্ধাৰ কৰাৰ প্ৰয়াস কৰিছোঁ বাবে আপোনালোকৰ গা জ্বলিছে। আপোনাৰ নিচিনা জনাশুনা অৱসৰপ্ৰাপ্ত শিক্ষক এজনৰ পৰা এইখিনি আশা কৰা নাছিলোঁ। 

কেনে দিলোঁভাৱত আঁৰচকুৰে পেহাদেউৰ ফালে চালোঁ। কিন্তু ই কি! বুঢ়াৰ চকুৱেমুখে দেখোন ব্যংগাত্মক হাঁহি। মোৰ মূৰচুৰ গৰম হবৰ উপক্ৰম হল। আৰু এচাট দিম বুলি মুখখন মেলোঁতেই পেহাদেৱে মাত লগালে

বোপাই অ’, বিনাকষ্টে খাবলৈ পোৱাজনে গম নাপায়, জুহালৰ ধোৱাই কিমান চকু পোৰে। তোৰ ভাললৈহে মই চিন্তা কৰিছিলোঁ। কাইলৈ তই বিয়া পাতিবি, ৰাছোৱালীও হব। সিহঁতক যদি পিছত কোনোবাই সোধে দেউতাৰাই কি কৰে বুলি, কি উত্তৰ দিব?” 

মোৰ হাঁহি উঠি গল। এইটো প্ৰশ্নৰ উত্তৰ মোৰ হাতত মজুত আছে। বিশেষ চিন্তা নকৰাকৈয়ে তপৰাই উত্তৰ দিলোঁ

 হিতাধিকাৰী

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!