সুবাস

লেখক- দিপাংক বৰা

লৰালৰিকৈ গাটো ধুই আহি পাকঘৰত সোমাই মানে শাহুৱেকে আগৰে পৰা ৰন্ধা বঢ়াত লাগি থকা দেখি লাজ লাগিছিল নিজৰাৰ। মুঢ়া এটাত বহি লৈ গেছৰ সৰু ষ্টোভতোত মটৰমাহৰ সৈতে সৰু আলু ভাজি থকা শাহুৱেকে নিজৰাক দেখি হাঁহি এটা মাৰি কৈছিলমই দাইল সিজায়েই থৈছাঁ, তই পাঁচেফাৰণ দি তেল মৰাৰ লগতে চাউলেকইটা ধুই কুকাৰত বহাই দিলেই হল। ৰাতিৰ মাংস খিনিও অথনিয়েই ফ্ৰীজৰ পৰা পৰা উলিয়াই থৈছিলি যেতিয়া গৰম নকৰিলেও হব। এনেয়ো সি ঠাণ্ডা মাংস খাই ভাল পায়। 

নিজৰাই দাইলত তেল মাৰিবলৈ কেৰাহীটো বহাই দি তিনিজনৰ জোখত চাউল লৈ ধুই মেলি কুকাৰত বহাই দিলে। সিফালে পুতেক বাথৰুমৰ পৰা ওলাই অহা গম পায় শাহুৱেকে লাহেকৈ কৈছিলঅলপ সোনকাল কৰিবি,  সি অফিচলৈ ওলাই ডাইিনং টেবুলত বঢ়া ভাত নেদেখিলে ফোঁফোঁৱাই গুছি যাবগৈ চাবি! নে সন্ধি কৰিলি ৰাতি? 

পিছৰ কথাষাৰৰ সুৰটোৰ লগতে শাহুৱেকে চকু টিপিওৱা দেখি নিজৰাই লাজ পাই কৈছিল – ‘নাই হোৱা একো সন্ধি চন্ধি। যি হে জেদী সেইগৰাকী, মইতো কালি আপোনাৰ সন্মুখতে দুবাৰৈক নিজেই মাতিছিলোঁ, তেওঁহে মতা নাই। আপোনাৰহে পুতেক, আপুনি ভালকৈয়ে জানে চাগৈ তেওঁৰ স্বভাৱ। 

ঐ ছোৱালী, এতিয়া সি অকল মোৰ পুতেকেই নহয়, তোৰো পৈয়েৰ। নিজৰ মানুহটো নিজেই চম্ভালিবি; এই বুঢ়ীক মাজত সুমুৱাই লটি ঘটি নকৰিবি। গিৰিয়েৰে তিনিদিন নমতাকৈ আছে; তই গৌৰীপুৰীয়া ঘৈণীয়েকেজনীয়ে কি দাল কৰি আছ? এমাহ হৈছেহে বিয়া হোৱা!” 

শাহুৱেকৰ মৰমসনা ভৎসৰ্নাত নিজৰা লাজত ৰঙা পৰিছিল। দাইলৰ উতল আহিছিল ভালকৈ।  ভাতো হৈছিল। দুটা হুছেইল মৰাৰ পাছত নিজৰাই গেছৰ দুইটা বাৰ্ণাৰ অফ কৰি ভাতৰ কুকাৰটোৰ হেণ্ডেলদালৰ লকটো খুলি থলে। ভিতৰৰ গৰম ভাপবোৰ লাহে লাহে ওলাই গলে ঢাকোনখন নিজে নিজেই খোল খাই যাব। 

সেইদিনা অভিজিতৰ লগত লগা খকাখুন্দাৰ পাছত মাতবোল নকৰাকৈ থকা নিজৰাৰ মনত জগা অভিমানবোৰেও বাষ্পীভূত হৈ উৰি যাবলৈ সুযোগ বিচাৰি আছে। সুৰুঙা পালেই হল। 

মা, ভাত হলনে?” শোৱনী কোঠাৰ পৰা পুতেকে চিঞৰা শুনিঅঁ, হৈছে। পাকঘৰৰ টেবলতে বাঢ়িছোঁ বুলি শাহুৱেকে সৰু টেবুলখন অজৰাই নিজৰাক কলে– “অকলে খাব যেতিয়া তাক ইয়াতে ভাত আৰু তোৰ ফালৰ পৰা যি দিয় দিবি মই বাৰু ওচৰে পাজৰে নাথাকোঁ। 

ষাঠি বছৰ বয়সতো ৰাংঢালী হৈ থকা শাহুৱেকৰ কথাত লাজত ৰঙা চিঙা পৰি নিজৰাই সিঁয়াৰি দিছিল। কি যে আচৰিত শাহুৱেকজনী! কথাই প্ৰতি লগৰ ছোৱালীৰ নিচিনাকৈ জোকাই থাকে। সৰুতেই মাকক হেৰুওৱা নিজৰাই কেতিয়াও ভবা নাছিলবিয়াৰ পাছত তাই ইমান মৰমিয়াল মানুহ এগৰাকী শাহুৱেক হিচাপে পাব বুলি। 

কি যে কথাবোৰ কৈ থাকে নহয় আপুনি! সিদিনা লগৰ এজনীক আপোনাৰ কথা কওঁতে বিশ্বাসেই নকৰিলে, শাহুৱেক এনেকুৱা কেতিয়াও হব নোৱাৰে বুলি। 

তেন্তে নকবি মোৰ কথা কাকো। আৰু শুনতই আজি সংসাৰৰ যিটো ৰূপ দেখিছ, মই ত্ৰিশপয়ত্ৰিশ বছৰ আগতেই সেইবিলাক দেখিছিলোঁ। পাছত বুজিবি গিৰিয়েক ঘৈণীয়েকৰ মাজৰ এই ঠেঁহপেচ, খেটমেটবোৰ একেবাৰে সাধাৰণ কথা আৰু এইবিলাকে বহু সময়ত সম্পৰ্কবোৰ আৰু গভীৰহে কৰে। কিন্তু কথাবোৰ বেছি আগবাঢ়িবলৈ নিদিবি। সংসাৰখন নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত ঘৈণীয়েকজনীৰ দায়িত্ব বেছি। গিৰিয়েকবোৰে নিজকে বৰমতা চেলাই ঘৈণীয়েকহঁতৰ মূৰত একো নাই বুলি ভাবে যদিও ঘৈণীয়েকজনী নহলে সিহঁতে দুদিনো সংসাৰ চলাব নোৱাৰে। গতিকে সংসাৰৰ চকৰিটোত তেল পানী দি ভালকৈ চলাই নিয়াটোত মাইকী মানুহৰ দায়িত্ব বেছি। তিৰিৰ হাতত যতনো বহুত। মাথোঁ কোন সময়ত কি ব্যৱহাৰ কৰিব লাগে সেইটো জানিব লাগে। তোৰ বয়সত ময়ো জনা নাছিলোঁ। যেতিয়ালৈ জানিলোঁবুজিলোঁ তেতিয়ালৈ নিজৰ মানুহটোৱেই নোহোৱা হল।  জিতৰ জন্মৰ এবছৰ পাছতে দুদিনৰ জ্বৰত পৃথিৱীৰ মায়া এৰি গুছি গলগৈ। তইতো বিয়া হৈ আহি শহুৰৰ ঘৰৰ মানুহ বুলি মোকেহে পাইছ। মই বিয়া হৈ অহাৰ পাছত এইখন ঘৰত মানুহে গিজগিজাই আছিল। সিফালে আকৌ মাৰ ঘৰত মাদেউতা আৰু মোৰ বাহিৰে আন কোনো নাছিল। এইফালে আকৌ শাহুশহুৰ, ননদ, দেৱৰৰ উপৰিও জিতৰ বৰদেউতাকৰ পৰিয়ালটোও আছিল। জিতৰ জন্মৰ পাছতহে তেওঁলোকে নগাঁৱত ঘৰ সাজি ইয়াৰ পৰা উঠি গৈছিল। শোৱা সময়কণ বাদে নিজৰ মানুহটোক দৈবাৎহে অকলশৰে লগ পাইছিলোঁ। মানুহটো নোহোৱা হোৱাৰ পাছতহে খেয়াল হৈছিলযিকণ সময় পাইছিলোঁ, সেইখিনি সময়ৰো বেছিভাগ খংৰাগ, মানঅভিমান কৰি কটাওঁতেই গল।  বাকীখিনি সময় অৰ্থহীন ভাবে অবাবত নষ্ট কৰিলোঁ। এতিয়া কান্দি মৰিলেও গলি যোৱা সময়বোৰ দুনাই ঘূৰাই নাপাওঁ। গতিকে আজে বাজে কথাত লাগি ভাল সময়বোৰ বেয়া কৰি নেপেলাবি আই। 

কথা কৈ কৈ শাহুৱেকে সেমেকা চকুহাল আচলেৰে মচি লৈছিল। নিজৰাৰো চকুহাল সেমেকি উঠিছিল। 

দেদে, তই জিতলৈ ভাত বাঢ়। তহঁতৰ বিয়াৰ নামত বহুদিন ফুলনিখনত চকু দিব পৰা নাই, অলপ খুচৰি দিওঁগৈ। 

বাহিৰলৈ যোৱাৰ আগতে পুতেককো চিঞৰি কৈছিল – “জিত তই ভাত খাহি। মই ফুলনিত লাগোঁগৈ। তোৰ শহুৰে দি পঠোৱা গোলাপদালৰ পাতবোৰ কিবা মৰহি যোৱা হেন হৈছে। সাৰ পানী দিলেহে ঠন ধৰি উঠি ফুল পাত ওলাব। কালি ৰমেনে নাৰ্ছাৰীৰ পৰা কিবা ভিটামিন জাতীয় ঔষধ এটা দি থৈ গৈছিল। গুৰিটো খুচৰি তাকে অলপ চটিয়াই দিওঁগৈ। গছগছনিয়েও আদৰ বিচাৰে বোপাই”, শাহুৱেকৰ বাকী কথাখিনি নুশুনিলে নিজৰাই। হয়তো মানুহজনী ফুলনি পাইছিলগৈ। 

জিত অৰ্থাৎ নিজৰাৰ গিৰিয়েক অভিজিতে মাকৰ কথা শুনি কি বুজিছিল নাজানিলে যদিও শাহুৱেকৰ দ্বাৰ্থ্যবোধক কথাবোৰৰ অৰ্থ নিজৰাই ঠিকেই বুজি পাইছিল। 

সঁচাকৈ অদ্ভুত মানুহজনী। ইমান মৰমিয়াল, ইমান ধেমেলীয়া। পিন্ধাউৰা, ফুৰাচকা একোতে হকা বাধা নকৰে, শাহুৱেক নহয় যেন নলে গলে লগা বান্ধৱীহে। আগতেই বিয়া হোৱা লগৰ কেইজনীমানৰ স্বামীগৃহত পিন্ধাউৰাৰ ক্ষেত্ৰত হোৱা অসুবিধাজনক অভিজ্ঞতাবোৰৰ কথা মিছা যেন লাগে নিজৰাৰ। 

প্ৰায় এমাহ হল তাইৰ অভিজিতৰ সৈতে বিয়া হোৱা। অভিজিতে বিয়াৰ বাবে এমাহ ছুটি লৈছিল। আগদিনা ছুটিৰ ম্যাদ শেষ হল। বিয়াৰ পাছৰে পৰা গোটেই মাহটো নিমন্ত্ৰণ ৰক্ষা কৰি দৰা কইনাৰ মুখ দেখুৱাই ইঘৰ সিঘৰ কৰি থাকোঁতেই গল। শাহুৱেকৰ হাই প্ৰেছাৰ থকাত দূৰলৈ নগৈ মধু চন্দ্ৰিকাৰ নামত এবাৰ কাজিৰঙাত আৰু এপাকত গুৱাহাটীত দুৰাতিকৈ কটাই আহিছিলগৈ। সেইকেইদিনো অৱশ্যে মিটিৰ কুটুমৰ ঘৰত চাহ ভাত খোৱা পৰ্ব চলি আছিল। কাজিৰঙালৈ যাওঁতে নিজৰাৰ বোকাখাতত থকা পেহীয়েকৰ ঘৰ, গুৱাহাটীত অভিজিতৰ বৰদেউতাকৰ জীয়েকৰ ঘৰৰ নিমন্ত্ৰণ নেওচিব পৰা নাছিল। গুৱাহাটীৰ পৰা চিলঙলৈ যোৱাৰ কথা আছিল যদিও মাকৰ গা বেয়া হোৱাত আধা বাটৰ পৰাই উভতিব লগীয়া হল। এইকেদিনতে শাহুৱেকে বোৱাৰীয়েকক এনেদৰে আপোন কৰি ললে যে নিজৰায়ো মানুজনীক অকলশৰে এৰি যাবলৈ বেয়া পোৱা হল। লগ ধৰিলেওনতুন দৰা কইনাৰ লগত ঘূৰি ফুৰিবলৈ নিলাজ পাইছ মোকবুলি যিখনহে বলকে। 

দাইল, ভাজি আৰু আগৰাতিৰ মাংসখিনি বাঢ়ি ভাতৰ কুকাৰটো চালে নিজৰাই। ঢাকনখন খোল খুৱাই নাই। জোৰ কৈ খুলি দিলেও ভাতবোৰ পনীয়া হৈ থাকে। থাকক, সেইজন আহি টেবুলত বহাৰ পিছত খুলিব কুকাৰটো। পানীবোৰ ভাপ হৈ কোনোবা সুৰুঙাইদি উৰি যাবলৈ অলপ সময় লাগিবই। লাগক। 

যোৱা তিনিদিনৰ পৰা কিবা এটা কথাত লাগি অভিজিত আৰু নিজৰাৰ মাজত মাতবোল বন্ধ হৈ আছে। শাহুৱেকৰ কথা মতে অভিমান বাদ দি নিজৰাই আগে ভাগে মাতিছিল যদিও সিপক্ষৰ অভিমান ভঙাই নাই এতিয়ালৈকে। 

একেৰাহে কেইবাদিনো ধৰি নতুন কইনা চাবলৈ কোনোবা কুনুবি আহি আছিল নাইবা কইনা ফুৰোৱা পৰ্ব চলি আছিল। সেইদিনাও ৰাতিপুৱাৰ পৰা আলহী আহি আছিল। দিনটো আলহী সুধি আমনি লগা শাহুৱেকে বোৱাৰীয়েকৰ মনৰ কথা গম পায় সন্ধিয়া নিজৰাক অভিজিতৰ লগত এপাক ফুৰি চাকি আহিবলৈ কোৱাত দুয়োটা ওলাই গৈছিল। নিজৰাৰো গিৰিয়েকৰ লগত একান্ত ভাবে কিছু সময় কটাবলৈ মন গৈছিল। 

অভিজিতৰ লগত তাইৰ বিয়া হৈছিল ঘৰৰ পচন্দ মতে। অৱশ্যে নিজৰাৰো তাক ভাল লাগিছিল। বিয়াৰ আগতে আন কাৰো লগত তেনেকৈ প্ৰেমৰ সম্পৰ্ক ঘটা নাছিল বাবেই তাই হয়তো অভিজিতৰ মাজতে নিজৰ কল্পনাৰ প্ৰেমিকজনক বিচাৰি নিজকে সঁপি দিব খুজিছিল। 

ওলাই গৈ চহৰখনৰ উপকণ্ঠেৰে বৈ যোৱা নদীখনৰ পাৰে পাৰে গাড়ীৰেই এপাক ঘূৰাইছিল অভিজিতে। ধীৰ স্থিৰ গতিত বৈ থকা নৈখনৰ শান্ত সমাহিত ৰূপত বিমুগ্ধ হৈ পৰিছিল নিজৰা। অভিজিতৰ সান্নিধ্যত কিছুসময় নিবিড় ভাবে কটাই তাৰ দুবাহুৰ মাজত নিজকে হেৰুৱাব খুজিছিল তাই। কিন্তু অভিজিতে মহৰ কামোৰ খাই খাই সৰুৰে পৰা দেখি অহা নদীখনৰ পাৰত সন্ধিয়াটো কটোৱাতকৈ ছুটি শেষ হলে আৰু যাবলৈ সময় নহব বুলি পেহীয়েকৰ ঘৰৰৰ পৰাই এপাক আহোঁগৈ বুলি কোৱাত আপোন পাহৰা হৈ থকা নিজৰাই উষ্মাৰেমোক ঘৰত নমাই থৈ তুমিয়েই পেহীয়েৰাৰ ঘৰলৈ যোৱাবুলি কোৱা কথাষাৰত ৰোমাণ্টিক হব খোজা সন্ধিয়াটোৰ মাদকতা নিমিষতে আন্ধাৰত লুকাল। 

তাৰ পাছতআমাৰ ঘৰৰ মানুহতোমালোকৰ ঘৰৰ মানুহজাতীয় তুলনামূলক বিশ্লেষণৰে তৰ্কাতৰ্কি আৰু পৰিশেষত সংসাৰৰ নিৰানব্বৈ শতাংশ পতিপত্নীৰ দৰে সিহঁতৰ মাজতো মাতবোল বন্ধ হল। প্ৰথম ৰাতি নিজৰায়ো নিজৰ স্থিতিত অটল হৈ থাকি একেটা কোঠাতে থকা সৰু বিছনাখনত বেলেগ শুইছিল। শাহুৱেকে একো গম পোৱা নাছিল। 

দ্বিতীয় ৰাতি সিপক্ষই আৰু এখোজ আগবাঢ়ি নিজৰ গাৰুটো লৈ আলহী কোঠাত শুবলৈ প্ৰস্থান কৰাত পৰিস্থিতি ভাল হওক চাৰি আৰু বেয়ালৈ ঢাল খালে। শাহুৱেকে পুতেক বোৱাৰীয়েক হালকে ভাগে ভাগে জৰাফুঁকা কৰিও সুফল নোপোৱাত নিতিদিন তিনিৰাতি ঘৰখনত এক অভিনৱ পৰিৱেশ। 

প্ৰেছাৰ কুকাৰটোৰ ভিতৰত জমা হৈ থকা অন্তিম ভাপখিনি কোনোবা সুৰুঙাইদি নিৰ্গত হৈ থকাত চিঁচিঁ কৈ মৃদু শব্দ এটাৰ সৃষ্টি হৈ আছিল। যিকোনো মুহূৰ্ততে ঢাকনখন আপোনাআপুনি খোল খাই পৰিব। কথাবোৰ ভাবি আপোন ভাবত মগ্ন হৈ থাকোঁতে কেতিয়া আহি অভিজিতে পাছফালৰ পৰা সাৱতি ধৰিছিল নিজৰাই গমেই পোৱা নাছিল। একেসময়তে কুকাৰটোৰ ঢাকোনখনো খুটুককৈ শব্দ এটা কৰি খোল খাই পৰিছিল। 

গল্পৰ নায়ক নায়িকা হালৰো অভিমানবোৰ কোনোবা সুৰুঙাইদি উৰা মৰাত দুয়োৰে দেহ মন এক হৈ পৰিব খুজিছিল। লাজত ৰঙা পৰা নিজৰাই অভিজিতৰ বুকুত মুখ লুকুৱাই কৈছিল– “চাওঁ, এৰি দিয়া। মায়ে আহি দেখা পালে কি বুলি ভাবিব। 

এৰি দিয়াৰ সলনি অভিজিতে তাইক আৰু কাষলৈ টানি বুকুৰ মাজত সুমুৱাই কৈছিল-“নেদেখে। মায়ে এতিয়া শহুৰৰ ঘৰৰ পৰা অনা গোলাপ দালত ভিটামিন দি আছে। 

আৰু, তুমি কি কৰিছা!” 

আৰু, মই শহুৰৰ ঘৰৰ পৰা অনা ৰঙা গোলাপ ফুলৰ সুবাস লৈ আছোঁ”- কপালৰ ফোটটোৰ পৰা বিয়পি পৰা সেন্দূৰেৰে ৰঙচুৱা হৈ পৰা নিজৰাৰ কোমল নাকটো আলফুলে মোহাৰি অভিজিতে লাহেকৈ কৈছিল। 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments