ক’ৰনা মহামাৰীৰ সময়ত কি কি খাদ্য খাব?

লেখক- প্ৰণীতা দাস

“কৰনা” –  এই শব্দটোৱে আমাক যোৱা বছৰৰ পৰা আতংকিত কৰি তুলিছে। কৰোনা ভাইৰাছ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ দেহত এণ্টিবডি শক্তিশালী কৰিব লাগিব। ইয়াৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ হলে আমি খোৱা বস্তুৰ ওপৰত বিশেষ ভাবে গুৰুত্ব দিব লাগিব, সদায় সুষম আহাৰ খাব লাগিব। 

আমাৰ শৰীৰক নিতৌ প্ৰয়োজন হোৱা আটাইবোৰ উপাদান একেবিধ আহাৰত পোৱা নাযায়, আমাৰ শৰীৰক প্ৰয়োজন হোৱা শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন আৰু খনিজ দ্ৰব্য যিবোৰ আহাৰত প্ৰয়োজনীয় পৰিমাণে থাকে সেয়ে সুষম আহাৰ। সুষম আহাৰ বুলিলে বহুত দামী আহাৰক নুবুজায়, আমাৰ থলুৱা খাদ্য সমূহ, আমাৰ চাৰিওফালে পোৱা ফলমুলবোৰ, বিভিন্ন সেউজীয়া শাকপাচলি, মচলা জাতীয় খাদ্য, টেঙা, তিতা, খাৰ, আদিতে প্ৰচুৰ পৰিমাণে শৰীৰত এণ্টিবডি বঢ়াব পৰা উপাদান সমূহ থাকে 

এই সময়ত প্ৰচুৰ পৰিমাণে পানী খাব লাগে, খাদ্য তালিকাত প্ৰচুৰ পৰিমাণে সেউজীয়া শাক পাচলি, টেঙা, নেমু, মধুশালেঙ, টেঙেচি, আমলখি, বিলাহী, গাজৰ, শিলিখা, অমৰা, মধুৰী আম, সুমথিৰা, কলপচলা, কলফুল, আদি অন্তৰ্ভুক্ত কৰিব লাগে। এইবোৰ খাদ্যই আপোনাক সুৰক্ষিত ৰখাত সহায়ক হব। 

প্ৰচুৰ পৰিমাণে উচ্চ প্ৰটিন যুক্ত খাদ্য গাখীৰ, দৈ, কনী, মাছ, মাংস, দাইল, মটৰ, মাকৈ, বুট, ৰাজমাহ, চয়াবিন, কাঠফুলা আদি খাব লাগে, জন্তুৰ মাংস বেছি খোৱাটো ভাল নহয়, কাৰণ জন্তুৰ মাংসত সংপৃক্ত স্নেহ থাকে, চৰাইৰ মাংস স্বাস্থ্যৰ বাবে উপকাৰী। মাজে সময়ে লোকেল মাংসৰ চুপ চুৰুহা খাব লাগে। 

বিভিন্ন মচলা জাতীয় খাদ্য লঙ, ইলাচি, ডালচেনি আজৱাইন, পিয়াঁজ, আদা, কেঁচা হালধি, নহৰু, তুলসী আদিৰে কাঢ়া বনাই খাব লাগে। 

(মই কাঢ়াৰ ৰেচিপি এটা ফটো সহকাৰে দিছোঁ, এইদৰে মাজে সময়ে খাব )

এই সময়ত বিভিন্ন ফষ্টফুড, পেকেটত থকা খাদ্য, চিপচ, কল্ড ড্ৰিংক আদি খাব নালাগে, আমাৰ চাৰিওফালে থকা ফলমুলবোৰৰ জুচ, চৰবত বনাই খাব লাগে, চেনি, নিমখ, ময়দাৰ খাদ্য কমকৈ খাব লাগে, তাৰ সলনি গুৰ, ঘেহুৰ আটা, মৌ আদি খাব লাগে। 

খোৱা বস্তু সদায় পৰিষ্কাৰ কৈ ঘৰতে বনাই খাব লাগে, সদায় সজীব আৰু নতুনকৈ ৰন্ধা খাদ্য হে গ্ৰহণ কৰিব, ফ্ৰীজত থোৱা খাদ্য ক্ষতিকাৰক। 

লগতে বিনা কাৰণত ঘৰৰ পৰা বাহিৰলৈ নোলাব, সদায় মাস্ক পিন্ধিব, ছেনিটাইজাৰ ব্যৱহাৰ কৰিব, আৰু সামাজিক দূৰত্ব বজাই ৰাখিব। 

কাঢ়াৰ উপকৰণ: 

হালধি, আদা, লঙ, ইলাচি, দালচেনি, তুলসীৰ পাত কালজিৰা, আজৱাইন, এইখিনি পৰিমাণে লব, তাৰ পিছত আদা, হালধি, তুলসীৰ পাত খুন্দি লৈ দুকাপ পানীত আটাইবোৰ বস্তু মিহলাই উতলাই আধা কৰিব, তাৰ পিছত মৌ মিহলাই খাব দিব। 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!