আহোম ৰাজত্বকালৰ দুই কু-প্ৰশাসক ডেবেৰা আৰু লালুকসোলা

লেখক- ধীৰেন শইকীয়া

ছশ বছৰীয়া আহোম ৰাজত্বকালত বিশেষভাৱে দগৰাকী কুপ্ৰশাসকে সমাজ জীৱন কলুষিত কৰিছিল। তেওঁলোক আছিল ডেবেৰা বৰবৰুৱা আৰু লালুকসোলা বৰফুকন। উল্লেখযোগ্য যে এই কুপ্ৰশাসক আটাইকেইজনকে আহোমৰ এচাম সাহসী ষড়যন্ত্ৰকাৰীয়ে নিষ্ঠুৰভাৱে হত্যা কৰি চিৰদিনলৈ জীৱন বন্তি নুমুৱাই দিছিল। আজিৰ এই প্ৰবন্ধত তেওঁলোকৰ বিষয়ে কিছু কথা আলোচনা কৰিব বিচাৰিছো।

ডেবেৰা বৰবৰুৱা :
১৬৭৩ খ্ৰীষ্টাব্দৰ পৰা প্ৰায় এবছৰ তেওঁ আছিল আহোম ৰাজসভাৰ বৰবৰুৱা পদবীত। দোলাভাৰী লুখুৰীৰ পুতেক আছিল ডেবেৰা বৰবৰুৱা। প্ৰথমে তেওঁ বৰশইকীয়া হৈ পিছলৈ বৰবৰুৱা হিচাপে নিযুক্ত হয়। উদয়াদিত্য সিংহ স্বৰ্গদেউৰ সময়তেই(১৬৭০-১৬৭৩খ্ৰীঃ) গড়গাঁৱত এখন বৈষ্ণৱ সন্মিলন পাতিছিল। ইয়াতেই স্বৰ্গদেউ উদয়াদিত্য সিংহই কৈছিল— প্ৰতিখন সত্ৰতে জমা হোৱা অতিৰিক্ত ধন সোণ আৰু খাদ্য সম্ভাৰ এতিয়াৰ পৰা ৰাজভঁৰালত জমা দিব লাগিব। বৃন্দাবনৰ পৰা অহা সন্ন্যাসী পৰমানন্দৰ দিহা মানিব লাগিব সকলোৱে। আনহাতে, বৈষ্ণৱ সন্মিলনলৈ অহা চেঁচামুখ, কাটনীপৰীয়া, গজলা, বুধবৰীয়া, মোৱামৰীয়া আদি মহন্তসকলে আপত্তি কৰি এয়া অন্যায় সিদ্ধান্ত হ’ব বুলি জনালে। তেতিয়াই স্বৰ্গদেউৰ আদেশ অমান্য কৰাৰ দোষত লোৱা লগাই বাৰজন মহন্তক হাতীশালত এদিনৰ বাবে বন্দী কৰাই থয়। পৰমানন্দ গোসাঁই আছিল বৃন্দাবনৰ পৰা অহা চতুৰ সন্ন্যাসী, উদয়াদিত্য সিংহই তেওঁৰ কথা আখৰে আখৰে মানিছিল আৰু আন সত্ৰৰ মহন্তসকলক তেওঁৰ ওচৰত শৰণ ল’বলৈও কৈছিল। আনকি পৰমানন্দৰ দিহা মানিবলৈকো উপদেশ দিছিল৷ এই কথাৰ পৰাই স্বৰ্গদেউ আৰু অসমৰ সত্ৰবোৰৰ মহন্তসকলৰ মাজত খিয়লাখিয়লি ভাবৰ সৃষ্টি হৈছিল। এনে জটিল সময়ত ডেবেৰাই হাতীশালত বন্দী কৰি থোৱা বাৰজন মহন্তৰ আৱেগক মূলধন হিচাপে লৈ বিদ্ৰোহৰ সূচনা কৰি উদয়াদিত্য সিংহৰ ভাতৃ চুক্লেনফাৰ সহায়ত উদয়াদিত্য সিংহক হত্যা কৰি চুক্লেনফাক স্বৰ্গদেউ পাতে, চুক্লেনফাই স্বৰ্গদেউ হৈ নাম লয় ৰামধ্বজ সিংহ। তেতিয়াই চুক্লেনফা বা ৰামধ্বজ সিংহই ডেবেৰাক বৰবৰুৱা পাতে। ইফালে ৰামধ্বজ সিংহই পৰমানন্দ মহন্তকো হত্যা কৰে। আনহাতে বৰবৰুৱা হোৱাৰ পাছত ডেবেৰাৰ অত্যাচাৰ অধিক বাঢ়ি যায়৷ ৰামধ্বজ সিংহই তেতিয়া ডেবেৰা হত্যাৰ বাবে টংচু সন্দিকৈক কৈছিল যদিও চতুৰ ডেবেৰাই টংচু সন্দিকৈকহে হত্যা কৰিছিল। আনকি ডেবেৰাই শেষলৈ চুক্লেনফা বা ৰামধ্বজ সিংহকো(যিয়ে ডেবেৰাক বৰবৰুৱা পাতিছিল)খৰমজু বেজৰ হতুৱাই বিহখুৱাই হত্যা কৰে।

উদয়াদিত্য সিংহ, ৰামধ্বজ সিংহ, চুহুং, গোবৰ ৰজা আদি স্বৰ্গদেউৰ ৰাজত্বকালত ডেবেৰা বৰ অত্যাচাৰী হৈ উঠিছিল। আনকি পিছলৈ চুহুং নামৰ কোঁৱৰ এজনক স্বৰ্গদেউ পাতি ৰাজক্ষমতা ডেবেৰাই নিজৰ হাততে ৰাখিছিল। পিছে চুহুঙে শেষত এই কথা টলকিব পাৰি ডেবেৰাক হত্যা কৰিবলৈ সুবিধা বিচাৰি আছিল, পিছে ডেবেৰাই এই কথা আগতীয়াকৈ জানি স্বৰ্গদেউ চুহুঙক বৰকুঁৱৰী সহিতে হত্যা কৰিছিল। চুহুঙক হত্যাৰ পিছত ডেবেৰা বৰবৰুৱাই তুংখুঙীয়া ফৈদৰ গোবৰ নামৰ(গদাপানি বা গদাধৰ সিংহৰ পিতৃ) এজনক স্বৰ্গদেউ পাতিছিল, ইফালে গোবৰ ৰজাকো সিংহাসনৰ পৰা আঁতৰাই ডেবেৰাই চুজিনফা বা শূৰ সিংহক ৰজা পাতিছিল। আহোম ডা-ডাঙৰীয়াসকলো ডেবেৰাৰ অত্যাচাৰত বাৰুকৈয়ে অতিষ্ঠ হৈছিল। মন গলেই ভয় আৰু সন্ত্ৰাস সৃষ্টি কৰিবলৈ ডেবেৰাই সাধাৰণ বিষয়াৰ পৰা স্বৰ্গদেউলৈকে হত্যা কৰবলৈ কুণ্ঠাবোধ নকৰিছিল। সেয়েহে ডেবেৰাকেই অসমত গুপ্তহত্যাৰ পাতনি মেলা প্ৰথম গৰাকী ৰাজ বিষয়া বুলি নিঃসন্দেহে ক’ব পাৰি।

অত্যাচাৰী ডেবেৰাই সুন্দৰ গোহাঁই, ভিতৰুৱাল ফুকনকে ধৰি অন্যান্য চৈধ্যজন ৰাজকোঁৱৰক হত্যা কৰোৱাইছিল বুলিও তথ্য পোৱা যায়। তদুপৰি ভগাৰজা জয়ধ্বজ সিংহৰ তামোলী কুঁৱৰী পাহিক বলেৰে আনি নিজৰ বৰকুৱৰীও পাতিছিল। ষড়যন্ত্ৰ, চক্ৰান্ত, আভুৱা ভৰা কথাৰে ডেবেৰাৰ মগজু বৰ খৰকৈ চলিছিল। ইফালে বাটৰ কাঁইট বুলি লালুকসোলা বৰফুকনকো ডেবেৰাই হত্যাৰ এক অভিসন্ধি ৰচনা কৰিছিল। শেষৰ ফালে নামতহে চুহুঙ স্বৰ্গদেউ আহোম স্বৰ্গদেউৰ আসনত আছিল, বাকী সকলো কাম তথা সিদ্ধান্ত মতৰ বলেৰে ডেবেৰায়ে কৰিছিল।

পিছে কাৰো দিন সমানে নাযায়, ডেবেৰা বৰবৰুৱাৰো বেয়া দিন আহিছিল ভাবিব নোৱাৰাকৈ। ডেবেৰাৰ অতপালিবোৰ দেখি আতন বুঢ়াগোহাঁই প্ৰতিশোধপৰায়ণ হৈ উঠিছিল। সেয়ে গুৱাহাটীত থকা বৰফুকন, ৰাজখোৱাক লৈ বুঢ়াগোহাঁই ডাঙৰীয়া গড়গাঁৱলৈ আহিছিল ডেবেৰাক কিবা এটা কৰিবলৈ। কিয়নো ডেবেৰাই ধৰ্মগুৰুৰ আশ্ৰয় লৈ আহোম সিংহাসন দখল কৰিবলৈ মন মেলাৰ বাবে এদিন ৰাতি শুই থকা অৱস্থাতে ডেবেৰাৰ হাত ভৰি বান্ধি নাওশাললৈকে লৈ গৈছিল আৰু পিছত তেওঁৰ অতীতৰ অপকৰ্মবোৰৰ বিচাৰ হৈছিল, বিচাৰক আছিল লালুকসোলা বৰফুকন। বিচাৰত ডেবেৰাক মৃত্যুদণ্ড দিবৰ আদেশ দিয়া হৈছিল। পিছত দুটা চাউদাঙক কোৰেৰে ডেবেৰাক কুৰি পেলাবলৈ নিৰ্দেশ দিয়াত সেয়ে হ’ল। এনেকেয়ে অত্যাচাৰী শাসকজনৰ জীৱন বন্তি নুমাই দিয়া হৈছিল।

লালুকসোলা বৰফুকন :
লালুকসোলা বৰফুকন চুডৈফা বা তেজ সিংহৰ ৰাজত্বকালত নামনি অসমৰ শাসনকৰ্তা আছিল। (পদবীত থকা সময় ১৬৭২–১৬৮০) তেওঁ আছিল লাচিত বৰফুকনৰ কনিষ্ঠ ভ্ৰাতৃ। লাচিত বৰফুকনৰ মৃত্যুৰ পিছত স্বৰ্গদেৱ উদয়াদিত্য সিংহই লালুকসোলাক বৰফুকন হিচাপে নিযুক্তি দিছিল বুলি জনা যায়।

#মোগলৰ সহায় বিচাৰি হ’লেও আহোম সিংহাসনত বহাৰ মন আছিল লালুকসোলাৰ#
১৬৭৭ চনৰ ছেপ্টেম্বৰ মাহত মোগল সম্ৰাট ঔৰংজেৱৰ পুত্ৰ আজমতাৰাই গুৱাহাটীকে ধৰি নামনি অসম মোগলৰ হাতত এৰি দিবলৈ হুংকাৰ দি আছিল আৰু এই কথাৰে লালুকসোলা বৰফুকনলৈ আজমতাৰাই কটকীও পঠাইছিল। ইফালে গড়গাঁৱত থকা আতন বুঢ়াগোহাঁইৰ বিপক্ষে নিজৰ শক্তি বঢ়াবৰ বাবে লালুকসোলাই মোগলৰ সহায় বিচাৰিবলৈ ষড়যন্ত্ৰ আৰম্ভ কৰিছিল। তেওঁ মোগল ৰাজ্যত থিতাপি লৈ থকা মোমায়েক বাদুলী ফুকনলৈ কটকী পঠিয়ায় মোগলৰ লগ লগাৰ এক ষড়যন্ত্ৰ ৰচে। এখন চিঠিত তেওঁ আজামতাৰালৈ লিখে যে যদিহে লালুকসোলা বৰফুকনক অসমৰ স্বৰ্গদেউ হিচাপে ঘোষণা কৰে তেন্তে তেওঁ সহজতে গুৱাহাটীৰ গড় মোগলক এৰি দিবলৈ ইচ্ছুক। আজমতাৰাই এই প্ৰস্তাৱত সহজতে মান্তি হয় আৰু গুৱাহাটী মোগলক গতাই দিলে অতিৰিক্ত চাৰি লাখ টকা দিবলৈকো ৰাজী হয় বুলি প্ৰকাশ কৰে। সেইমতে ১৬৭৭ খ্ৰীষ্টাব্দৰ ২৬ ফেব্ৰুৱাৰীত মোগলৰ হৈ মনচুৰ খা আৰু বাদুলী ফুকনে গুৱাহাটীৰ দুৰ্গ চমজি লয় আৰু লালুকসোলা বৰফুকনে কলিয়াবৰলৈ উজাই আহে। আতন বুঢ়াগোহাঁয়ে লালুকসোলাৰ আহোম সিংহাসনক বিশ্বাসঘাটকতা কৰি আজামতাৰাৰ লগত হাত মিলোৱা কথাত ক্ৰোধান্বিত হৈ কলিয়াবৰলৈ আগুৱাই আহে, পিছে চতুৰ লালুকসোলাই আতন বুঢ়াগোহাঁইক নগাঁৱৰ কলিয়াবৰতে সলিল বৰগোহাঁইৰ চাউদাঙৰ হতুৱাই হত্যা কৰে। এই কথা জানি স্বৰ্গদেউ চুডৈফা বা তেজ সিংহই এজনক হঠাৎ ফুকন পাতি লালুকসোলাক ধৰিবলৈ পঠায়, পিছে চতুৰ লালুকসোলাই তেওঁকো গড়গাঁৱলৈ খেদি লৈ যায় আৰু যুদ্ধত লালুকসোলাহে জয়লাভ কৰে। এই সুযোগতে লালুকসোলাই গড়গাঁৱত স্বৰ্গদেউ চুডৈফা বা তেজ সিংহকো হত্যা কৰি আতন বুঢ়াগোহাঁই আৰু স্বৰ্গদেউ চুডৈফা ফৈদৰ সকলোকে বন্দীশালত থলে। পিছলৈ ১৬৭৯খ্ৰীঃ ত চুলিকফা নামৰ চৈধ্যবছৰীয়া কোৱৰ এজনক সিংহাসনত বহুৱাই নিজৰ পাঁচ বছৰীয়া জীয়েককো তেওঁলৈ বিয়া দি আহোম সিংহাসন নিজে চাতুৰালিৰে হস্তগত কৰি ললে। নিজৰ পথ নিষ্কণ্টক কৰিবলৈ অত্যন্ত অত্যাচাৰী লালুকসোলা বৰফুকনে স্বৰ্গদেউ হোৱাৰ পৰা বঞ্চিত কৰিবলৈ এইবাৰ বলেৰে চাউদাঙৰ হতুৱাই কাৰোবাৰ চকু কাঢ়ি, কাৰোবাৰ আঁঠুৰ ঘিলা কাঢ়ি— বিভিন্ন পন্থাৰে অংগক্ষত কৰি বহু আহোম যুৱকক স্বৰ্গদেউ হোৱাৰ পৰা বঞ্চিত কৰিছিল। কিয়নো সেই সময়ত অংগক্ষত লোক স্বৰ্গদেউ হোৱাৰ বাবে অনুপযুক্ত বিবেচনা কৰা হৈছিল। লালুকসোলাৰ এইবোৰ নিৰ্মম অত্যাচাৰত অতিষ্ঠ হৈ ভবিষ্যতে স্বৰ্গদেউ হ’ব পৰাৰ সকলো যোগ্যতা থকা গোবৰ ৰজাৰ পুত্ৰ গদাপানিক নগা পাহাৰলৈ পলাই যাবলৈ উপদেশ দিছিল পত্নী জয়মতীয়ে। তেওঁৰ কথা মতেই দুই সন্তানৰ পিতৃ গদাপানি নগাপাহাৰলৈ গৈ প্ৰায় ডেৰ বছৰমান তাত আছিল। ইফালে স্বৰ্গদেউ হোৱাৰ সম্ভাৱনা থকা গোবৰ ৰজাৰ পুত্ৰ গদাপানি ক’লৈ গৈছিল তাৰ তথ্য উলিয়াব নোৱাৰি লালুকসোলাৰ নিৰ্দেশত গদাপানিৰ পত্নী জয়মতীক জেৰেঙা পথাৰলৈ নি অকথ্য অত্যচাৰ কৰি হত্যা কৰিছিল লালুকসোলাৰ চাউদাঙে। পিছে, অত্যাচাৰীৰো সদায় জয় হৈ নাথাকে, সিহঁতৰো বেলি পাতত বহাৰ সময় আহে, লালুকসোলা বৰফুকনৰো সেয়ে হ’ল শেষলৈ। ১৬৮০ চনৰ (১৬০২ শক) ২৪ নৱেম্বৰত বুঢ়াগোহাঁ‌ই আৰু অন্যান্য বিষয়াৰ সহযোগত ভোটাই ডেকা, মাধৱ তামূলী আৰু আঘোণা কছাৰীয়ে ৰাতি শুই থাকোঁতে পৰিকল্পিতভাৱে অত্যাচাৰী লালুকসোলা বৰফুকনক হত্যা কৰে। তথ্যমতে, সেই নিশাই তেওঁ‌ৰ তিনিজন পুত্ৰৰো প্ৰাণনাশ কৰাৰ লগতে ভায়েক মৰঙী বৰবৰুৱাক হাতীশালত বন্দী কৰি থোৱা হয়।

সহায়ক গ্ৰন্থপঞ্জী-
ক)আপোন দেশৰ কথাঃঅসম জাতীয় বিদ্যালয় ন্যাস
খ)আহোম স্বৰ্গদেউসকলঃ ৰেখামণি বড়া(শব্দ প্ৰকাশ)
গ)ৰাজকাৰেঙত ফেঁটীগোমঃ ড° জয়ন্তী গগৈ(ষ্টুডেণ্টচ ষ্ট’ৰ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments