অসমৰ ভৌগোলিক স্থিতি আৰু ভূমিকম্প

লেখক- যুতিকা সভাপণ্ডিত

অসম ভাৰতৰ পূব প্ৰান্তত অৱস্থিত এখন ৰাজ্য। ইয়াৰ পূবত পাটকাই, দক্ষিণত নগা, কাৰ্বি, খাছীয়া, গাৰোপাহাৰ আৰু উত্তৰত অৰুণাচল প্ৰদেশৰ পাহাৰ, ভূটান পাহাৰ মিলি পূব হিমালয় পৰ্বত আৰু ইয়াৰ লগতে সংলগ্ন সৰু সৰু পাহাৰ মিলি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাটো ঘেৰি ৰাখিছে। পশ্চিমফালে জাতিলাউৰ ডিঙিৰ দৰে এক সমভূমি অঞ্চলহে মুকলি হৈ আছে আৰু ব্ৰহ্মপুত্ৰ নদীখন সেইফালেই সাগৰৰ ফালে ধাৱমান হৈছে। বতাহ, বৰষুণ আৰু নদীৰ পানীয়ে দক্ষিণ আৰু পূবৰ পৰ্বতৰাশিৰ ক্ষয়ত উৎপন্ন হোৱা শিল জাতীয় মাটি উটুৱাই আনি ব্ৰহ্মপুএৰ দক্ষিণ পাৰৰ ভূভাগ স্থাপন কৰিছে। এই পৰ্বতমালা তাহানিৰ আগ্নেয়যুগৰে সৃষ্টি। শিলৰ চেহেৰা স্বাস্থ্য আৰু চৰিত্ৰই এই কথাকেই সূচায়।

সেই আগ্নেয়যুগৰ বহু কালৰ পিছত উত্তৰ ফালৰ পূব হিমালয় পৰ্বতৰ শাৰীটো সৃষ্টি হৈ ঠিয় দিলে। তেতিয়াৰ চেঁচাঁ পৃথিৱীখনত সৃষ্টি হোৱা পৰ্বতটোৰ শিলবোৰ যথেষ্ট কোমল, চনকা, খামোচহীন বিধৰ আছিল। ভূতত্ত্ববিদসকলৰ মতে দক্ষিণফালৰ পৰা ভাৰতীয় প্লেটখনে (ভূতত্ত্বীয় প্লেট) উত্তৰ ফালে থকা বিশাল এছিয়ান প্লেটখনক প্ৰবল শক্তিৰে নিৰন্তৰভাৱে ঠেলি আছে যদিও ইয়াক লৰচৰ কৰিব পৰা নাই। ফলত ভাৰতীয় প্লেটখন বেকা হৈ দুয়োখন প্লেটৰ সংযোগ বিন্দুত হিমালয় পৰ্বতৰ পাদদেশৰ পূবৰ পৰা পশ্চিমলৈ দীঘলীয়া অঞ্চলটো ভাগি ছিগি চেপেটা লাগি হিমালয় পৰ্বতৰ তলেদি ভিতৰলৈ সোমাই গৈ আছে। ফলত হিমালয় পৰ্বতটো ওখ হৈ গৈ থকাৰ ইওঁ এক কাৰণ হ’ব পাৰে। এই দুখন প্লেটৰ উপৰি দক্ষিণ পূবৰ পৰা বাৰ্মিজ প্লেটখনো ঠেলি ধৰাত এই দক্ষিণ পূব তিব্বত, উত্তৰ পূব ভাৰত, উত্তৰ পশ্চিম ব্ৰহ্মদেশৰ তিনিকোণীয়া অঞ্চলটো সঘন ভূতাত্বিক পৰিৱৰ্তন আৰু ভূমিকম্পৰ সন্মুখীন হৈ আহিছে। ইয়াৰ ফলত লখিমপুৰ, ধেমাজি জিলাৰ নদীসমূহৰ সঘন গতি পৰিৱৰ্তন হৈছে। এনেবোৰ লক্ষণলৈ চায়েই বহ্ম্পুত্ৰৰ উত্তৰ অঞ্চলত সঘনাই সৰু সুৰা ভূমিকম্প অনুভূত হয় আৰু পঞ্চাশ চনৰ বৰভূঁইকঁপৰ সমপৰ্য্যায়ৰ বা ততোধিক ভূমিকম্পৰ সম্ভাৱনা নথকা নহয়। ভূপৃষ্ঠৰ এই কম্পনে হিমালয় পৰ্বতৰ দক্ষিণ ঢালটো আৰু লখিমপুৰ, ধেমাজি অঞ্চলৰ ভূপৃষ্ঠৰ ওপৰত ক্ষয়কাৰী প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সেয়েহে হিমালয় পৰ্বতৰ সমগ্ৰ দক্ষিণ পাৰৰ পাদদেশ অঞ্চল পৃথিৱীৰ ভিতৰতে অতি বেছি ভূমিকম্প প্ৰৱণ অঞ্চল হিচাপে চিহ্নিত হৈ আহিছে। এই ভূমিকম্পসমূহৰ সৰু বা ডাঙৰ জোঁকাৰণি, উত্তৰ পূৱ মৌচুমী বায়ু আৰু তাৰ ফলত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত হিমালয় পৰ্বতৰ দক্ষিণ ফালটোৰ অৱস্থা ক্ৰমে দুখলগা হৈ আহিছে।

ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্য্যোগক বাধা দিব নোৱাৰি যদিও জনপ্ৰাণ ৰক্ষা আৰু অধিক ক্ষয় ক্ষতিৰ পৰা ৰক্ষা পোৱাৰ সাৱধানতাৰ উপায় নিশ্চয় অবলম্বন কৰিব পাৰি। কিয়নো বিজ্ঞানে আজিও ভূমিকম্পৰ সঠিক পূৰ্বানুমান কৰিব পৰা নাই।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!