চীনৰ কৃত্ৰিম সূৰ্য

লেখক- জিতেন্দ্ৰ জিতু শইকীয়া

নতুন খবৰ – চীনে এটা সূৰ্য বনাইছে, যি আমাৰ সূৰ্যটোতকৈ বেছি শক্তিশালী। খবৰটো ওলোৱাৰ লগে লগে বহুতৰে বিভিন্ন প্ৰশ্ন – এই কৰ্মই আমাৰ প্ৰকৃতিৰ ধ্বংসৰ কাৰণ হ’ব নেকি..! চীনে কৰিবলৈ ওলাইছে কি..! প্ৰকৃতিৰ বিৰুদ্ধাচৰণ কিয়..!

আচলতে বহুতে ভবাৰ দৰে চীনৰ এই নতুন সূৰ্য আমাৰ আকাশৰ সকলোৰে পৰিচিত সূৰ্যটোৰ দৰে আকাশত উদয় হৈ মাৰ যোৱাৰ দৰে হুবহু এটা সূৰ্য নহয়। দৰাচলতে শক্তি আহৰণৰ বাবে শেহতীয়াভাৱে প্ৰয়োগ চলা ই এবিধ গৱেষণাগাৰৰ গৱেষণা হে। এই বিষয়ে ভালদৰে জানিবলৈ আমি সূৰ্যতনো ইমানবোৰ শক্তি ক’ৰ পৰা উৎপন্ন হয়, তাক জানি ল’ব লাগিব।

আমাৰ শক্তিৰ উৎস – সূৰ্য
সূৰ্যৰ পৃষ্ঠ ভাগৰ উষ্ণতা প্ৰায় 5500 °C। গৰম দিনৰ 37°Cত আমি তৎ হেৰুৱাওঁ। 100°C ত পানী উতলে। 1538°C ত লো গলিবলৈ ধৰে। ভাবি চাওঁক এতিয়া 5500°C উষ্ণতা কিমান হ’ব পাৰে! এইয়া সূৰ্যৰ উপৰি ভাগৰ হে উষ্ণতা। ভিতৰত আৰু বহুত বেছি। এতিয়া উষ্ণতা ৰূপী এই শক্তি অহৰহ সূৰ্যই কৰে কেনেকৈ!

সূৰ্যৰ জন্ম হৈছিল আজিৰ পৰা প্ৰায় 4.5 হাজাৰ কোটি বছৰৰ আগতে। আজিৰ পৰা আৰু 5 হাজাৰ কোটি মান বছৰ এই সূৰ্য এনেদৰেই জীয়াই থাকিব। সূৰ্যত অতি কম পৰিসৰত বহুত বেছি হাড্ৰজেন পৰমাণু অত্যধিক চাপত থাকিবলগীয়া হৈছে। ফলস্বৰূপে এই হাইড্ৰজেন পৰমাণুবোৰৰ মাজত অহৰহ ৰাসায়নিক সংযোজন ঘটিছে। অৰ্থাৎ দুটা হাইড্ৰ’জেন পৰমাণ লগ হৈ এটা ডিউটেৰিয়াম, এটা ডিউটেৰিয়াম আৰু এটা হাইড্ৰজেন লগ হৈ এটা হিলিয়াম3 আৰু দুটা হিলিয়াম3 লগ হৈ এটা হিলিয়াম4 আৰু দুটা হাইড্ৰজেন সৃষ্টি হৈছে। শেষত সৃষ্টি হোৱা এই হাইড্ৰজেন পৰমাণু দুটা আকৌ লগ হৈ পুনৰ ডিউটেৰিয়াম উৎপন্ন কৰিছে। এই দৰে এডাল চেইনৰ দৰে এটাৰ পিছত এটা বিক্ৰিয়া ঘটিছে আৰু এই প্ৰতিটো বিক্ৰিয়াত এক বৃহৎ পৰিমাণৰ শক্তি উৎপন্ন হৈছে। এই শক্তি হৈছে পাৰমাণৱিক শক্তি। এই পাৰমাণৱিক শক্তিৰ দ্বাৰাই সূৰ্য এক অন্তহীন (?), বিশাল শক্তিভাণ্ডাৰলৈ পৰিৱৰ্তন হৈছে।

এতিয়া আমাৰ মনলৈ অহা প্ৰশ্ন হ’ল পাৰমাণৱিক শক্তিও মানুহে ব্যৱহাৰ কৰিব জনা হৈছে; তেন্তে সূৰ্যৰ দৰে এক নতুন শক্তিৰ বিষয়ে কিয় প্ৰয়োগ চলোৱা হৈছে?

আচলতে আমি এতিয়ালৈকে ব্যৱহাৰ কৰি অহা পাৰমাণৱিক শক্তি উৎপন্ন কৰা পদ্ধতিৰ লগত সূৰ্যত ঘটি থকা প্ৰক্ৰিয়াটো একে নহয়। বৰঞ্চ সম্পূৰ্ণ ওলোটা। আমি পৰমাণু বোৰৰ কেন্দ্ৰৰ ভংগনৰ দ্বাৰাহে শক্তি উৎপন্ন কৰোঁ। কিন্তু সূৰ্যত আকৌ ওপৰত উল্লেখ কৰাৰ দৰে পৰামাণুৰ কেন্দ্ৰৰ সংযোজনৰ দ্বাৰাহে শক্তি উৎপন্ন হয়।

মানুহে বৰ্তমান ব্যৱহাৰ কৰি থকা পদ্ধতিৰে (নিউক্লিয়াৰ ফিজন) শক্তি উৎপন্ন কৰা প্ৰক্ৰিয়াটো অতি সংবেদনশীল। ইয়াত দূৰ্ঘটনা ঘটাৰ সম্ভাৱনা অতি বেছি। বিভিন্ন ধৰণৰ পাৰমাণৱিক দুৰ্ঘটনা ইতিমধ্যে আমি বহুবাৰ শুনি আহিছোঁ। পাৰমাণৱিক বোমা বিস্ফোৰণৰ ফলতে হওক বা পৰমাণু ৰিয়েক্টৰত ঘটা দুৰ্ঘটনাৰ ফলতে হোৱা ৰেডিয়েশ্বনৰ মাৰাত্মক ক্ষতিৰ বিষয়ে আমি জ্ঞাত। এই দুৰ্বলতাৰ উপৰি বৰ্তমানৰ পদ্ধতিৰে উৎপন্ন কৰা শক্তি, সূৰ্যত ঘটা প্ৰক্ৰিয়াৰে উৎপন্ন হোৱা শক্তিতকৈ বহুত কম হয়। এইবোৰ কাৰণতে বৰ্তমান সূৰ্যৰ দৰে শক্তি উৎপন্ন কৰিবলৈ বিচাৰি থকা হৈছে।

চীনৰ প্ৰজেক্ট EAST – (Experimental Advanced Superconducting Tokamak)
চীনৰ Hefei চহৰত এই গৱেষণাৰ দ্বাৰা সূৰ্যৰ দৰে হুবহু পৰিঘটনাৰ (নিউক্লিয়াৰ ফিউজন) দ্বাৰা শক্তি উৎপন্ন কৰিবলৈ চেষ্টা চলাই থকা হৈছে। চীনত চলি আছে যদিও এই গৱেষণা আন্তৰ্জাতিক গৱেষণা ITER ৰ (International Thermonuclear Experimental Reactor) এটা অংশহে। এই ITER ৰ লগত কমেও 35খন মান বিভিন্ন দেশ জড়িত হৈ আছে। 1985 চনৰ পৰাই এই প্ৰকল্প আৰম্ভ হৈছিল। দক্ষিণ কোৰিয়া, ৰুচ, জাপান, আমেৰিকাৰ লগতে ভাৰতো এই গৱেষণাত জড়িত হৈ আছে। ফ্ৰান্সত আৰম্ভ হোৱা এই গৱেষণাৰ ৰিয়েক্টৰটো 2035 মানত সম্পূৰ্ণ হৈ উঠিব আৰু ইয়েই হ’ব বিশ্বৰ এনেধৰণৰ সৰ্ববৃহৎ ৰিয়েক্টৰ।

সাম্প্ৰতিক চৰ্চাৰ কাৰণ
চেইন ৰিয়েকশ্বনৰ দ্বাৰা অহৰহ শক্তি উৎপন্ন হৈ থকা সূৰ্যৰ যি প্ৰক্ৰিয়া (নিউক্লিয়াৰ ফিউজন), এনে প্ৰক্ৰিয়াৰে অহৰহ নিয়ন্ত্ৰিতভাৱে শক্তি উৎপন্ন কৰিব পৰাতো অতি জটিল প্ৰক্ৰিয়া। ইয়াক আৰম্ভ কৰি নিয়ন্ত্ৰণ কৰাতো এক প্ৰত্যাহ্বান। কিন্তু কেনেবাকৈ সফল হ’ব পাৰিলে মানৱ জাতিৰ ভৱিষ্যৎ সম্পূৰ্ণৰূপে সলনি হৈ পৰিব। পৃথিৱীবাসী শক্তিৰ নাটনিৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈ পৰিব।

এই উদ্দেশ্যে 2006 ৰ পৰাই Hefei চহৰত গৱেষণা চলি আছে। কিন্তু এইবাৰ এই গৱেষণা কেন্দ্ৰত 120 মিলিয়ন °C উষ্ণতা ৰূপী শক্তি 101 ছেকেণ্ডৰ বাবে নিয়ন্ত্ৰণত ৰাখি উৎপন্ন কৰিব পৰা হৈছে। এই ফলাফলে বিশ্ববাসীলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে, যদিওবা এতিয়াও এই গৱেষণা প্ৰাৰম্ভিক পৰ্য্যায়তে আছে। অন্ততঃ অহা 30 বছৰৰ ভিতৰত ই মানুহৰ ব্যৱহাৰলৈ আহিব পৰাকৈ সাজু হৈ উঠিব পাৰে বুলি বৈজ্ঞানিকসকলে জানিবলৈ দিছে।
2020 চনত দক্ষিণ কোৰিয়া-ও একেধৰণৰ পৰীক্ষাৰ দ্বাৰা 100 মিলিয়ন °C 20 ছেকেণ্ডৰ বাবে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল।

উল্লেখনীয় যে নিউক্লীয়াৰ ফিউজন প্ৰক্ৰিয়াৰে উৎপন্ন কৰা শক্তি অতি নিৰাপদ আৰু ইয়াৰ দ্বাৰা নিউক্লিয়াৰ ফিজনত উৎপন্ন হোৱাতকৈ বেছি পৰিমাণৰ শক্তি উৎপন্ন হয়। গতিকে এই গৱেষণাই অতি বেছি তাৎপৰ্য বহন কৰিছে।

শক্তিয়েই মানৱ সভ্যতাৰ উন্নতিৰ মাপকাঠী। গতিকে এনে এক গৱেষণাৰ সফলতাই মানৱ সভ্যতাক বহুদূৰ আগুৱাই নিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!