মেৰিনা বিচ্চত লগ পোৱা মানুহগৰাকী

লেখক- জোনালী বৰকাকতি

জুলাই মাহৰ তীব্ৰ গৰম। তাতে চেন্নাইৰ বতৰ। অৱশ্যে অসমৰ দৰে তাতো হিউমিডিটি বেছি বাবে অভ্যাস হৈ গৈছে। মাজে মাজে অহা বৰষুণজাকেও দেহাটো শাঁত পেলাই বাৰু।

ছোৱালীজনীক লৈ চেন্নাইত অহা এমাহেই হবৰ হ’লহি। লন টেনিচ খেলি থকা ছোৱালীজনীক আন্না ইউনিভাৰ্চিটিৰ ভিতৰতে থকা টেনিচ ক্লাবটোত কচিং লবলৈ আনিছো। আনিছো মানে অসমতে তাই শিকি থকা ক’চজনে এডভান্সড্ কচিঙৰ বাবে পঠিয়ালে। কেইবাটাও অপচনৰ ভিতৰত আমি চেন্নাইলৈ অহাটোৱে ঠিক কৰিছিলোঁ। আগতে এবাৰ ইয়াত টুৰ্নামেণ্ট খেলিবলৈ অহা ছোৱালীজনী আৰু মোৰো প্ৰথম দৰ্শনতে ঠাইখিনি ভাল লাগিছিল। খেলুৱৈবিলাকো যথেষ্ট পৰিশ্ৰমী। তাৰে আলমত আজি প্ৰায় এমাহ ধৰি মাক-জীয়েক দুয়োজনী চেন্নাইবাসী হৈ আছোঁ।

ৰাতিপুৱা আঠ বজাৰ পৰা একমান বজালৈ কচিং হয়। আবেলি মন গ’লে খেলিবলৈ যাব পাৰে, নগলেও একো নাই। মোৰ ছোৱালীৰ সেই পাঁচ ঘণ্টাত পাই যায় গৈ। আবেলি খেলিবলৈ যোৱাৰ টেম্পু নাথাকে আৰু। মোৰো জোৰ দিয়াৰ মন নাযায়।
গতিকে আমি থকা হোটেলখনত আহি দুঘণ্টামান জিৰণি লৈ ইফালে সিফালে ওলাই আহো। আচলতে আমি থকা ঠাইৰ পৰা মেৰিনা বিচ্চ আধাঘণ্টাৰ ৰাস্তা। ছোৱালীজনীৰো সাগৰ বৰ প্ৰিয়। গতিকে বেছিভাগ আবেলি আমি বিচ্চত কটাওঁ। মই বালিতে বহি বাদাম খাওঁ আৰু তাই মিছা মাছ ভজা খায়। তেতিয়াই মই মানুহগৰাকীক দেখিছিলোঁ। বেঞ্চ এখনত বহি লেপটপটোত কাম কৰি থকা, কাষত এগৰাকী বয়স্ক মহিলা। ধুনীয়াকৈ শাৰী পিন্ধি থকা মহিলা গৰাকীয়ে সদায় এক দৃষ্টিৰে সাগৰৰ ঢৌবোৰৰ উঠা নমা চাই থাকে। দুদিনমানৰ পাছত লেপটপত কাম কৰি থকা মহিলাগৰাকীৰ চকুৱে চকুৱে পৰিছিল মোৰ। ধুনীয়া হাঁহি এটা মাৰি আকৌ নিজৰ কামত ধৰিলে। কাষৰ মহিলাগৰাকীৰ চকু দূৰ সীমনাত। তাৰ পাছত প্ৰায় চকু পৰিলেই তেওঁ হাঁহি এটা মাৰে, ময়ো হাঁহো। এদিন মই মবাইল চাই বহি থাকোঁতেই তেওঁ মোক ক’লে: she is calling you.
অহ্ মই শুনাই নাছিলোঁ …. ছোৱালীজনীয়ে দুৰৰ পৰা চিঞৰি আছিল: মাম্মা মই অলপ সেইফালে যাওঁ। ময়ো চিঞৰি ক’লো: বেছি দূৰলৈ নাযাবি।
তেওঁৰ ফালে ধন্যবাদসূচক চাৱনি এটা দিলোঁ। তেওঁ সুধিলে: daughter?
মই মূৰ জোকাৰি সঁহাৰি জনালো: ইয়েছ।
তাৰ পাছত আমি যেতিয়াই বিচ্চলৈ যাওঁ তেওঁলোক বহা বেঞ্চখনৰ কাষতে বহো।
মোৰ টুটা-ফুটা ইংৰাজী আৰু তেওঁৰ টুটা-ফুটা হিন্দী!
তথাপিও ধুনীয়াকৈ দুয়োজনীয়ে কথা পাতোঁ। তেওঁ এখন কলেজৰ অধ্যাপিকা। লগত সেইয়া তেওঁৰ মাক। সাত বছৰ হল মাক এলঝেইমাৰত ভুগি আছে। কাকো চিনি নাপায়। পিতৃ ঢুকাল চাৰি বছৰৰ আগতে। আগতে দেউতাকে চাইছিল মাকক। এতিয়া জীয়েকে চাইছে।
মই সুধিছিলোঁ: বিয়া?
বিয়া হৈছিল কিন্তু এতিয়া ডিভৰ্চৰ কেচ চলি আছে।
পিতৃ-মাতৃৰ একমাত্ৰ সন্তান আছিল তেওঁ। মাক এলঝেইমাৰত আক্ৰান্ত হোৱাৰ পাছত দেউতাকে চাই আছিল মাকক। কিন্তু দেউতাক ঢুকুৱাৰ পাছত চোৱা-চিতা কৰাৰ মানুহ নোহোৱা হ’ল।
২৪/৭ দুগৰাকী নাৰ্ছ আছে।
কিন্তু আপোনজনৰ নিচিনা হব জানো-তেওঁ মোক সুধিলে? আগবেলা কলেজলৈ গ’লে তাহাঁতৰ হাততে মাকক এৰি থৈ যায়। কিন্তু মাকে বৰ আমনি কৰে। কিন্তু বিচ্চলৈ আহিলে একদম চুপ হৈ বহি থাকে, সেয়ে তেওঁ সদায় মাকক উলিয়াই আনে। মাকক চাবলৈ ঘৰলৈ গুচি অহাৰ বাবে গিৰিয়েকৰ ফালৰ পৰা এবছৰৰ পাছতে ডিভৰ্চ ফাইল কৰিছিল।
কেচ চলি আছে। এইবছৰ শেষ হব চাগৈ।
এদিনত নহয়, আবেলি আবেলি বহোঁতে কথা পতাৰ পৰা তেওঁৰ কথাবিলাক গম পাইছিলোঁ। মই আমাৰ বিষয়েও কৈছিলোঁ তেওঁক।
লাহে লাহে আমি ঘূৰি অহাৰ সময় হ’ল।
এসপ্তাহৰ পাছত আমাৰ ফ্লাইটৰ টিকেট। সেইকেইদিন আবেলি অলপ ঘূৰি মেলি বজাৰ-সমাৰ কৰাত লাগিলোঁ। চেন্নাইলৈ আহি চাউথ ইণ্ডিয়ান শাৰী নিকিনিম নে? তাৰ লগত ছোৱালীজনীয়ে দেউতাকলৈ ধুতিও লৈছে। তাৰ কটন চুৰিডাৰ মোৰ প্ৰিয়, সেয়াও লৈছোঁ। ৰূপৰ বৰ ধুনীয়া গহনা পাই, সেয়াও চাইছোঁ। গতিকে কেইবাদিনো বিচ্চলৈ যোৱাই নাই। আমি ঘূৰি অহাৰ আগদিনা ছোৱালীজনীয়ে ক’লে: বলা আজি বিচ্চলৈ যাওঁ। আকৌ বা কেতিয়া আহোঁ।
মোৰো মন গৈছিল লেপটপত কাম কৰি থকা মানুহগৰাকীক লগ পাবলৈ। (তেওঁৰ নাম সোধাই নহ’ল আৰু মোৰ নামো তেওঁ নুসুধিলে)
সেইদিনা তেওঁ অকলে বহি আছিল। আজি হাতত লেপটপো নাই। তেওঁ মাকৰ দৰে একমনে সাগৰৰ ঢৌখিনি চাই আছিল। মই মাতোতে তেওঁ অলপ সময় শূন্য দৃষ্টিৰে মোলৈ চালে।
:She left me!
আস!
তেওঁৰ হাতখন জোৰকৈ ধৰিলোঁ মই।
সাত দিনৰ আগতে শুবলৈ গৈ মাক সাৰেই নাপালে।
আজিহে তেওঁ বিচ্চলৈ আহিছে।
: ঠিকেই আছে, শান্তি পালে মাকে কিন্তু তেওঁক একেবাৰে অকলশৰীয়া কৰি থৈ গল। ইমান বছৰে চিনি নাপালেও, একো কথা নকলেও মা মায়েই নহয় জানো?
জলমলাই থকা চকুকেইটাৰে মোৰ ফালে চালে।
এই যে আপুনি আপোনাৰ ছোৱালীজনীক এনেদৰে মৰম কৰে, কেয়াৰ লয়, তাই সব কথাতে আপোনাক মাতি থাকে দেখি থাকিলে মই মোৰ আগৰ ভাল হৈ থকা মাজনীক বৰ মিছ কৰোঁ জানে।
মোৰ দুয়োখন হাত ধৰি তেওঁ উচুপিবলৈ ধৰিলে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments