নাটলাং

লেখক- সঞ্জনা বৰুৱা

তেতিয়া মই নতুন কইনা। বিয়া হোৱা বেছিদিন হোৱাই নাই। মিজোৰামত সপ্তাহত দুদিন বন্ধ থাকে। শনিবাৰ আৰু দেওবাৰ। শনিবাৰে ৰাতিপুৱা ৬টা মান বজাত উঠি মানুহজনক ঘৰৰ ভিতৰত ক’তো নেদেখি ভাবিলো নিশ্চয় ওচৰ চুবুৰীয়া কাৰোবাৰ গা অসুখ, চাবলৈ গৈছে। নহলে খোজ কাঢ়িবলৈ গৈছে। ৮টা বজালৈ উভতি নহা দেখি চিন্তিত হ’লো। “ক’লৈ গল? ফোনটোও ঘৰতে আছে” মোৰ ঘৰুৱা মিজো সহায়কাৰী গৰাকীয়ে মোৰ উদিগ্নতা অনুমান কৰিব পাৰি আধা ইংৰাজী আধা মিজো মিহলি কৰি ক’লে, “dont worry. Pu Hnatlang” Pu মানে মহাশয়। তেতিয়া মোৰ মিজো ভাষাৰ জ্ঞান সিমানেই। নাটলাং কি? খাই নে পিন্ধে? একো বুজা নাই। মই যে একোকে বুজা নাই ধৰিব পাৰি তাই আকৌ ক’লে “Pu cleaning”. “অ’ আই কি কয় এইজনীয়ে। দাড়ি কাটিবলৈ গল নেকি? নাই দাড়ি মোছ কটা কামফেৰা তো ঘৰতে কৰে।” তাই মোক আমাৰ ঘৰৰ পূব ফালৰ বাৰাণ্ডাখনলৈ লৈ গ’ল কিবা দেখুৱাবলৈ। তললৈ যোৱা ৰাস্তাটো দেখুৱালে। দেখিলো কেইগৰকীমান পুৰুষ-মহিলাই আমাৰ ঘৰৰ সন্মুখেৰে যোৱা ৰাস্তা, ড্ৰেইন আদি চাফা কৰি আছে। মোৰ মানুহজনে ৰাস্তাৰ কাষৰ মানুহ এঘৰৰ ৱালখনৰ শেলুৱৈ চাফা কৰি আছে। আৰু এজন মানুহক চিনি পালো। তেখেত এজন MLA, আমাৰ ঘৰৰ ওচৰতে থাকে। তেখেতে ড্ৰেইন চাফা কৰাৰ পিছত ড্ৰেইনৰ কাষত ৰৈ যোৱা জাবৰ-জোঁথৰবোৰ কোৰেৰে আঁতৰাই আছে। মহিলা কেইগৰাকীও সমানে সমানে লাগিছে। এগৰাকীয়ে ৰাস্তাটো সাৰিছে।

তাৰ প্ৰায় তিনিবছৰ মানৰ পিছত মই সুযোগ পালো নাটলাং কৰিবলৈ। আগদিনা মানুহজনে ক’লে, “কালিলৈ নাটলাং আছে। মই যাব নোৱাৰিম। হস্পিতালত পেচেণ্টক সময় দি থৈছো। তুমি যাবা নেকি নাটলাং কৰিবলৈ। ন’হলে ফাটনা দি দিম।” মই যেন এই সুযোগটোলৈ ৰৈহে আছিলো। “নালাগে ফাটনা দিব। মই যাম নাটলাং কৰিবলৈ।” নিজকে মানসিকভাৱে প্ৰস্তুত কৰি ললো, ৰাজহুৱা স্থান চাফা কৰিম। অলপো ঘিণ নকৰাকৈ।
নাটলাং মানে শ্ৰম দান। মিজো সমাজৰ এক অপৰিহাৰ্য অংগ। নাটলাং বিভিন্ন কাৰণত বিভিন্ন সময়ত কৰা হয়। প্ৰায় শনিবাৰে ভিন্ন চুবুৰীত দেখা পোৱা নাটলাং হৈছে চুবুৰিটোৰ বাসিন্দাসকলে চুবুৰিটোৰ ৰাস্তা-ঘাট চুক-কোণ মাৰি চাফা কৰা। যিদিনা নাটলাং কৰা হয় চুবুৰিটোৰ প্ৰত্যেক ঘৰ মানুহৰ একোজন সদস্য নাটলাংত অংশ লোৱাতো বাধ্যতামূলক। যদি কিবা কাৰণত কোনো এঘৰে নাটলাংত অংশ লব নোৱাৰে, তেনেহলে সেই মানুহঘৰে এশ টকা “ফাটনা” হিচাপে দিব লাগে।

প্ৰকৃততে মিজোৰামত ৰাস্তা ঘাট বেছিকৈ লেতেৰা হবলৈ নাপায়। সকলোৱে নিজৰ চুবুৰী মাহেকে পষেকে চাফা কৰেই আৰু নিজেই যেতিয়া চাফা কৰে লেতেৰাও নকৰে। নাটলাং মিজো সমাজত বিভিন্ন কাৰণত কৰে। সংগঠনসমূহৰ প্ৰয়োজন সাপেক্ষে নাটলাং কৰে ধন ৰাশি সংগ্ৰহৰ কাৰণে। এই ধৰক এখন ফুটবল খেলৰ আয়োজন কৰিছে। আয়োজকৰসকলে ফুটবল খেলখনৰ লগত জড়িত ধনৰাশি সংগ্ৰহ কৰিব নাটলাং কৰি। সেইটো হ’ব ধনৰ বিনিময়ত কৰা নাটলাং। সেই আয়োজকসকলে হয়তো কোনোবা এটা চৰকাৰী বা বেচৰকাৰী অফিচ চাফা কৰিব এটা বন্ধ দিনত বিনিময়ত দৈনিক হাজিৰাৰ হিচাপত সেই অফিচৰ পৰা পইচা ল’ব নতুবা কোনোবা এটা নতুনকৈ বনোৱা ঘৰৰ ৰং কৰা আৰু লগতে গোটেই ঘৰটো চাফা কৰাৰ বিনিময়ত ঘৰটোৰ মালিকে সেই আয়োজকৰ গ্ৰুপটোক সাধাৰণ বনুৱাৰ এদিনৰ হাজিৰাৰ হিচাপেৰে গ্ৰুপটোৰ সকলো সদস্য/ সদস্যাক হাজিৰা দিব। মন কৰিব সেই আয়োজকৰ গ্ৰুপটোত যদি কোনোবা ক্ষমতাশালী ব্যক্তি অথবা কোনো ৰাজনৈতিক নেতাও থাকে তেখেতেও সকলোৰে সৈতে নাটলাং কৰিব আৰু সমান হাজিৰা ল’ব।

মিজো সমাজত যুৱক-যুৱতীসকলে বিভিন্ন কাৰণত নাটলাং কৰি পইচা অৰ্জন কৰাও সচৰাচৰ দেখা যায়। মিজোৰামত ইমান বেছি গৰম নপৰে গতিকে কম্বলৰ ব্যৱহাৰ বেছি। গধুৰ কম্বলখন ঘৰত ধুই শুকুৱা এটা কষ্টকৰ কাম। ঠাণ্ডা পৰাৰ আগে আগে অক্টোবৰ মাহ মানত যুৱক-যুৱতীসকলে নিজৰ নিজৰ চুবুৰীৰ পৰা কম্বল সমূহ সংগ্ৰহ কৰে। আৰু সেই চুবুৰীৰ পৰা সংগ্ৰহ কৰা কম্বলখিনি ধুই শুকুৱাই দিয়াৰ বিনিময়ত চুবুৰিৰ লৰা ছোৱালী কেইটাই কম্বল ধুই নাটলাং কৰি পইচা আৰ্জন কৰে।

এনেকুৱা বহুতো উদাহৰণ আছে। কোনোবা আৰ্থিকভাৱে বিপদত পৰা পৰিয়ালৰ কাষত মিজো সমাজে নাটলাং কৰি পইচা ঘটি সেই পৰিয়ালক সহায় কৰাতো অতি সহজলভ্য।
এবাৰ আমাৰ চুবুৰীৰ এঘৰ মানুহৰ ঘৰত cylinder blast হৈ পৰিয়ালটোৰ বহুত ক্ষয় ক্ষ্যতি হৈছিল। মই প্ৰত্যক্ষ কৰিছিলো চুবুৰিটোৰ গান গোৱা ল’ৰা ছোৱালী এহালে ঘটনাটো ঘটাৰ তিনিঘণ্টামানৰ পাছত গীটাৰ লৈ সম্পূৰ্ণ প্ৰফেশ্যানেল ৰূপে soumd system লৈ সুন্দৰ কৈ ৰাস্তাৰ কাষত গান পৰিবেশন কৰিছিল সম্পূৰ্ণ তিনিদিন। এখন ডাঠ কাগজত লিখি থৈছিল ইংৰাজী আৰু মিজোত। ‘আমাৰ গান শুনক আৰু বিনিময়ত এই বিপদত পৰা পৰিয়ালটোক ধনৰাশি দি সহায় কৰক’। ওচৰতে এটা বাকচ ৰাখিছিল পইচা সংগ্ৰহৰ কাৰণে।

আকৌ কোনোবা এটা গ্ৰুপে নাটলাং কৰিব চৰকাৰী বা বেচৰকাৰী অফিচৰ পৰ্দাবোৰ ধুই। আৰু তাৰ বিনিময়ত পোৱা পইচা হয়তো কোনোবা দুৰ্গতজনক সহায় কৰিব নতুবা এখন ফেশ্যন শ্ৱ’পাতিব নতুবা কোনোবা এখন গাঁৱৰ স্কুলৰ বেৰসমূহৰ কাৰণে ৰং কিনিব।

মোৰ চিনাকি ল’ৰাটো আৰু ধুনীয়া ছোৱালীজনী প্ৰায়ে লগ পাও। আমাৰ ঘৰৰ ওচৰৰ বাছ ষ্টেণ্ডটোত একেলগে University ৰ বাছৰ পৰা নামে। দুয়োটা MBA কৰি আছে। এদিন দুয়োটাকে দেখিছিলো মানুহ এঘৰৰ আগত ৰাখি থোৱা ইটা বালি শিল কঢ়িওৱা। মই লৰাটোক সুধিছিলো, নাটলাং কৰিছা নেকি? সি কৈছিল. ‘হয়। christmas আহি আছে, Grace Orphanageৰ কাৰণে নাটলাং কৰি আছোঁ ।’
নাটলাং কৰাৰ বিভিন্ন ধুনীয়া অজুহাত আৰু দায়িত্ববোধ আৰু বিনামূলীয়া কৈ ধন সংগ্ৰহ নকৰাৰ আত্মসন্মান, মিজো সমাজৰ অন্যতম বৈশিষ্ট্য। আজৰি সময়ত আনৰ কাৰণে কৰা শ্ৰম দান। ভাবকচোন, আমিও যদি এনেকৈ নাটলাং কৰিব পাৰো আমাৰ বহুতো সমস্যা সমাধান হ’ল হেঁতেন। নাটলাং কৰি বিহু পতা ল’ৰা কেইটাক মৰমতে অলপ পইচা বেছিকৈ দিলো হেঁতেন চাগৈ।
দলবদ্ধভাৱে সমাজৰ সকলো শ্ৰেণীৰ লোকেই নিজৰ আজৰি সময়ত কৰা শ্ৰমৰ বিনিময়ত ধন সংগ্ৰহ কৰাতো আৰু সেই ধনেৰে দুৰ্গতজনক সহায় কৰা বা এখন ফুটবল খেল পতা নাইবা কোনো এটা কাৰ্য সম্পন্ন কৰা মিজো সমাজখনে বহুতো কথা শিকাই।

নাটলাং কৰি মই জীৱনটো নতুনকৈ চাবলৈ শিকিলো। দলবদ্ধভাৱে নিঃস্বাৰ্থভাৱে আনৰ কাৰণ কাম কৰিবলৈ শিকিলোঁ। সময়ৰ উচিত ব্যৱহাৰ কৰিবলৈ শিকালোঁ। মই প্ৰথমবাৰ নাটলাং কৰিবলৈ যাওঁতে মোক আমাৰ গ্ৰুপটোৰ বয়োজ্যেষ্ঠ মানুহজনে কৈছিল, “যদি তোমাৰ আজৰি সময় আছে তেতিয়াহে নাটলাং কৰিবলৈ আহিবা। নিজৰ কাম এৰি থৈ কেতিয়াও আনৰ কাৰণে কৰা কাম নিঃস্বাৰ্থ নহয়। তাৰমানে তুমি ব্যস্ত বুলি নাটলাং নকৰিবা নেকি? নহয়। তুমি আনৰ কাৰণে তোমাৰ ব্যস্ত জীৱনৰ পৰা অলপ সময় কাঢ়ি থবা। সেইখিনি সময় তোমাৰ নহয় তোমাৰ আশে পাশে থকা মানুহ খিনিৰ কাৰণে।”

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!